নামপদৰ বচন (ষষ্ঠ অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ ষষ্ঠ অধ্যায়

৬. নামপদৰ বচন

৬.০১ ‘বচন’ সংস্কৃত তৎসম শব্দ। ইয়াৰ সাধাৰণ অৰ্থ ‘কথা’ বা উক্তি। কিন্তু ব্যাকৰণত বা ভাষাৰ আলোচনাত ই নামপদৰ সংখ্যা বুজায়, যাক ইংৰাজীত number বোলা হয়। সংস্কৃতত নামপদৰ সংখ্যাৰ ধাৰণা দিয়া বচন তিনিটা একবচন, দ্বিবচন আৰু বহুবচন। একবচনে এটাৰ, দ্বিবচনে দুটাৰ আৰু বহুবচনে দুটাতকৈ অধিক সংখ্যাৰ ধাৰণা দিয়ে। সংস্কৃতত কাৰকৰ অৰ্থ প্ৰকাশ কৰা সুপ্‌ বিভক্তিবোৰেই বচনৰো বিভক্তি। কৰ্তাকাৰকৰপৰা অধিকৰণলৈ, এই সতোটা কাৰকৰ প্ৰতিটোৰে তিনিটা বচন অনুযায়ী সুপ্‌ বিভক্তি হৈছে একৈশটা আৰু এই একৈশটাই বচনোৰ বিভক্তি। এই বিভক্তিবোৰ নলগাকৈ সংস্কৃতত কোনো শব্দই পদৰূপে বাক্যত ব্যৱহৃত হ’ব নোৱাৰে। উদাহৰণস্বৰূপে, নৰ আৰু তদ্‌ বাক্যত ব্যৱহাৰ হ’ব লাগিলে এনেদৰে বিভক্তি যুক্ত হ’ব লাগিব:

একবচন দ্বিবচন বহুবচন
নৰ:, স: নৰৌ, তৌ নৰা:, তে

সংস্কৃতৰ পিছৰ স্তৰ প্ৰাকৃতত দ্বিবচন লোপ পাই একবচন আৰু বহবচন থাকিল আৰু সংস্কৃতৰ একবচন সুপ্‌ বিভক্তিবোৰেই কিছু পৰিৱৰ্তিত ৰূপত প্ৰাকৃতত একবচন-বহুবচন বুজাবলৈ ব্যৱহৃত হ’ল। আনহাতে প্ৰাকৃতত দ্বিবচন লোপ পালে যদিও দুটাৰ ধাৰণা দিয়া দ্বে, দ্বো, বেনি আদি শব্দ বিশেষ্যৰ আগত বা পাছত ব্যৱহাৰ হৈ সদায় বহুবচনৰ দৰে ৰূপ হোৱা হ’ল। যেনে, দ্বো মোৰা।

৬.০২ সংস্কৃতৰপৰা উদ্ভুত প্ৰায়বোৰ নব্য ভাৰতীয় আৰ্য ভাষাত নাম পদৰ বচন দুটা: একবচন আৰু বহুবচন। এইবোৰ ভাষাত আৰু এনে কিছুমান পদ আছে, যিবোৰ ব্যক্তি, প্ৰাণী বা বস্তুৰ সংখ্যা বা পৰিমাণৰ কোনো স্পষ্ট ধাৰণা নিদিয়ে। সেইবোৰ বচনহীন বা বচন নিৰপেক্ষ ৰূপ ।* এই দৃষ্টিভঙ্গীৰে অসমীয়া ভাষাতো বচনৰ তিনিটা ৰূপ: একবচন, বহুবচন আৰু বচনহীন বা বচন নিৰপেক্ষ ৰূপ।

(ক) একবচন কেৱল এটা প্ৰাণী বা বস্তুৰ ধাৰণা দিয়ে। যেনে,

দশৰথ অযোধ্যাৰ ৰজা আছিল।

মই আজি অফিচলৈ নাযাওঁ।

তুমি সোনকালে আহিবা।

কঠালটো পকিছে।

এই বাক্যকেইটাত ব্যৱহৃত দশৰথ, মই, তুমি, কঠালটো আৰু কিতাপখন পদে কেৱল একোজন বা এজন এজন ব্যক্তি অথবা এটা এটা নিৰ্দিষ্ট বস্তুক বুজাইছে। গতিকে এই পদবোৰ একবচনৰ। বিশেষ সংজ্ঞাবাচক বিশেষ্যবোৰ সদায় একবচনৰ।

(খ) বহুবচনে একাধিক অৰ্থাৎ এটাতকৈ অধিক প্ৰাণী বা বস্তুৰ সংখ্যা বা পৰিমাণৰ ধাৰণা দিয়ে। যেনে,

মাহঁত দিল্লীলৈ গৈছে।

আমি এতিয়া নপঢ়োঁ।

তোমালোক কালিলৈ আহিবা।

আমবোৰ তেনেই কেঁচা।

কিতাপবোৰ ভালকৈ ৰাখিবা।

এই বাক্যকেইটাত মাহঁত পদে মা-দেউতা-দাহঁতক, আমি পদে মোৰ আৰু মোৰ ভাই-ভনীক, তোমালোক পদে তোমাৰ আৰু তোমাৰ লগৰীয়াবোৰক, আমবোৰ পদে এটাতকৈ বেছি আম আৰু কিতাপবোৰ পদে একাধিক কিতাপ বুজাইছে। গতিকে এই পদবোৰ বহুবচনৰ।

(গ) কোনো ব্যক্তি, প্ৰণী বা বস্তুৰ সংখ্যা বা পৰিমাণৰ স্পষ্ট ধাৰণা দিব নোৱাৰা ৰূপ বা পদবোৰেই বচনহীন বা বচন নিৰপেক্ষ ৰূপ। যেনে- মানুহ, গৰু, গছ, ঘৰ আদি শব্দ বাক্যত এনে ৰূপতে ব্যৱহাৰ হ’লে ইহঁতে নিজৰ সংখ্যাৰ ধাৰণা স্পষ্টকৈ দিব নোৱাৰে। সেয়েহে পদৰ ভূমিকা গুৰুত্বপূৰ্ণ।

ওপৰৰ আলোচনাৰপৰা দেখা যায় যে অসমীয়াত বাচনবাচক সৰ্গবোৰৰ এক স্বকীয় বৈশিষ্ট্য আছে। নামপদবোৰ একবচনত বা বহুবচনত কাৰক অনুযায়ী ৰূপ কৰিব লাগিলে প্ৰথমে বচনবাচক সৰ্গ আৰু তাৰ পিছতহে কাৰকৰ বিভক্তি লগ লাগে। যেনে, মানুহ-জন-ক, মানুহ-বোৰ-ৰ। গতিকে অসমীয়াত বচনবাচক সৰ্গ আৰু কাৰকৰ বিভক্তি সম্পূৰ্ণ পৃথক ৰূপতাত্ত্বিক উপাদান। এইবোৰৰ প্ৰয়োগ এনেদৰে দেখুৱাব পাৰি:

নামপদ+ বচনবাচক/নিৰ্ষিষ্টতাবাচক সৰ্গ+কাৰক বিভক্তি।

৬.০৩ সংস্কৃতৰ দৰে অসমীয়াতো সকলো নামপদৰে অৰ্থাৎ বিশেষ্য, সৰ্বনাম, সংখ্যাবাচক আৰু বিশেষণৰ বচন পোৱা যায়। মাত্ৰ এইবোৰৰ প্ৰয়োগ পৃথক। বিশেষ্যবোৰ আৰু কিছুমান সৰ্বনাম একবচন, বহুবচন আৰু বচন নিৰপেক্ষ — এই তিনিওটা ৰূপতে পোৱা যায়। যেনে,

একবচন বহুবচন বচন নিৰপেক্ষ
বিশেষ্য: মানুহজন মানুহবোৰ মানুহ
কিতাপখন কিতাপবোৰ কিতাপ
সৰ্বনাম: যিটো যিবোৰ যি
কোনটো কোনবোৰ কোন

ব্যক্তিবাচক আৰু নিৰ্দেশবোধক সৰ্বনামবোৰ কেৱল একবচন আৰু বহুবচন আৰু আত্মবাচক সৰ্বনাম সদায় একবচনত পোৱা যায়। যেনে,

একবচন বহুবচন
ব্যক্তিবাচক মই, তই, তুমি আমি, তহঁত, তোমালোক
সৰ্বনাম: সি, তাই, তেওঁ সিহঁত, তাইহঁত, তেওঁলোক
নিৰ্দেশবোধক এওঁ, এখেত, তেখেত এওঁলোক, এখেত/তেখেতসকল
সৰ্বনাম সেইটো, সৌটো, সেইবোৰ
এইটো সৌবোৰ, এইবোৰ
আত্মবাচক: নিজ, স্বয়ং ————–

আত্মবাচক সৰ্বনাম ‘নিজ’ টো দ্বিৰুক্তি কৰি বহুবচনলৈ ৰূপান্তৰ কৰা হয়। যেনে, নিজ নিজ বা নিজে নিজে। অনিৰ্দিষ্টবাচক (Indefinite) কেউ, কোনো, একো সৰ্বনাম সদায় একবচন বাচক।

বিশেষণ আৰু সংখ্যাবাচক শব্দবোৰ কেৱল একবচন আৰু বহুবচনত পোৱা যায়। সংখ্যাবাচক শব্দৰ একবচনৰ ৰূপ কেৱল ‘এক ; বাকীবোৰ সদায় বহুবচনৰ। যেনে,

একবচন বহুবচন
বিশেষণ ভালটো ভালবোৰ
ক’লাটো ক’লাবোৰ
সংখ্যাবাচক এটা (এক+টা) দুটা, তিনিটা আদি ।

বিশেষণ শব্দত বচনৰ সৰ্গ লগ লাগিলে সি বিশেষ্যৰ দৰে হয় আৰু তেতিয়া কাৰকৰ বিভক্তি সেই বিশেষ্যৰ পিছত যোগ হয়। কিন্তু বিশেষ্যৰ আগত বিশেষণ হৈ বহিলে সেই বিশেষণৰ পাছত কোনো বচনবাচক সৰ্গ যোগ নহয়। যেনে, পকা বগৰীটো দিয়া, পকা বগৰীবোৰ দিয়া।

প্ৰাণী বা বস্তুৰ সংখ্যা বা পৰিমাণৰ ধাৰণা দিয়া সংখ্যাবাচক শব্দৰ বাক্যত অকলে ব্যৱহাৰ হ’ব নোৱাৰে। ইবোৰৰ পাছত টা, জন, খন আদি নিৰ্দিষ্টবাচক প্ৰত্যয় যোগ হোৱাৰ পাছতহে সেইবোৰ নামপদৰ আগত বা পাছত ব্যৱহৃত হ’ব পাৰে। যেনে – এজন মানুহ, কিতাপ ছখন আদি।

অসমীয়াত প্ৰাকৃতৰ দৰে দ্বিবচন নাই। কিন্তু দুটা বস্তুক একেলগে বুজাবলৈ অসমীয়া ভাষাটো কেইটামান ৰূপ আছে। সেইবোৰ হৈছে: যোৰ/যুৰি, হাল, যুগল আৰু দ্বয়। অসমীয়া ভাষাত চাৰিটা বস্তুৰ একোটা গোট বুজাবলৈ তিনিটা ৰূপ আছে: গণ্ডা, অঁৰা আৰু হালি। যুগল আৰু দ্বয়ৰ বাহিৰে দুটা আৰু চাৰিটা বস্তুৰ গোট বুজোৱা ৰূপবোৰৰ আগত এক আৰু দুইৰ পৰা আন সংখ্যাবাচক শব্দ যোগ কৰি সেইবোৰ একবচন আৰু বহবচনলৈ ৰূপান্তৰ কৰিব পাৰি। যেনে, এহাল গৰু, দুঅঁৰা তামোল আদি। ইয়াৰ পৰা বুজিব পাৰি যে এইবোৰ বিশুদ্ধ বচনবাচক সৰ্গ নহয়; প্ৰাণী বা বস্তুৰ দুটীয়া আৰু চাৰিটীয়া গোট বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গহে।(অষ্টম অধ্যায়, ৮.০৭.২, ৮.০৭.৩ চাওক)।

৬.০৪ সংস্কৃতত বচনবাচক আৰু কাৰকবাচক সুপ্‌ বিভক্তিবোৰ ব্যাকৰণত (grammatical)। ইবোৰে নামপদৰ বচনৰ লগত ক্ৰিয়াপদৰ বচনৰ সঙ্গতি সাধে। উদাহৰণস্বৰূপে, ‘নৰ’ আৰু তদ্‌ শব্দ দুটা বাক্যত ব্যৱহাৰ কৰিলে সেই শব্দটোৰ যি বচন হয়, ক্ৰিয়াপদটোৱেও সেই বচনৰ পুৰুষবাচক তিঙ্‌ বিভক্তি লয়। যেনে –

একবচন দ্বিবচন বহুবচন
‘নৰ’ শব্দ: নৰ: গচ্ছতি নৰৌ গচ্ছত: নৰা: গচ্ছন্তি
তদ্‌ শব্দ: স: গচ্ছতি তৌ গচ্ছত: তে গচ্ছন্তি

এইদৰে দেখা যায় যে সংস্কৃতত কেৱল ক্ৰিয়াপদটোৱেই নিৰ্দেশ কৰে সি একবচন, দ্বিবচন নে বহুবচনৰ ক্ৰিয়াপদ।অৰ্থাৎ নামপদ ব্যৱহাৰ নকৰাকৈ যদি ‘গচ্ছন্তি’ বুলি কোৱা হয়, তেন্তে বুজিব লাগিব যে সি তৃতীয় পুৰুষৰ বহুবচনৰ ক্ৰিয়া পদ। কিয়নো ‘গম্‌’ ধাতুত তৃতীয় পুৰুষৰ বহুবচনৰ তিঙ্‌ বিভক্তি ‘অন্তি’ লগ লাগিছে। সেইদৰে সংস্কৃতত বিশেষ্যৰ যি বচন হয়, বিশেষণৰো সেই বচন হয়। যেনে – সুন্দৰ : বালক: । ইয়াত বালক একবচনৰ ৰূপ হোৱাৰ কাৰণে সুন্দৰ বিশেষণতো এক বচনৰ স্‌ (সু) বিভক্তি লগ লাগিছে। ইংৰাজীতো নামপদৰ বচনৰ লগত ক্ৰিয়াপদৰ সঙ্গতি থাকে। নামপদটো তৃতীয় পুৰুষৰ একবচনৰ হ’লে ক্ৰিয়াপদটোত ‘s’ যোগ হয় আৰু বহুবচনৰ হ’লে ক্ৰিয়া পদটোত কোনো সৰ্গ যোগ নহয়। যেনে, He reads, they read।

সংস্কৃত বা ইংৰাজীৰ দৰে অসমীয়াত নামপদৰ বচনৰ লগত ক্ৰিয়াপদৰ কোনো সঙ্গতি সাধিত নহয়। কাৰণ অসমীয়াত ধাতুবোৰ পুৰুষ অনুযায়ীহে ৰূপ হয়, বচন অনুযায়ী নহয়। সেয়েহে ক্ৰিয়াপদটোৱে নামপদৰ বচনৰ কোনো ধাৰণা নিদিয়ে। যেনে,

একবচন বহুবচন
মই পঢ়োঁ আমি পঢ়োঁ
তুমি পঢ়া তোমালোকে পঢ়া
সি পঢ়ে সিহঁতে পঢ়ে

ইয়াত পঢ়োঁ, পঢ়া আৰু পঢ়ে ক্ৰিয়াপদৰপৰা সিহঁতৰ কৰ্তটো একবচনৰ নে বহুবচনৰ ধৰিব নোৱাৰি। কিন্তু কেতিয়াবা বিশেষ পৰিৱেশত কিছু জোৰ বুজাবলৈ প্ৰথম আৰু দ্বিতীয় পুৰুষৰ অনুজ্ঞাৰ ক্ৰিয়াপদৰ পাছত নামপদৰ বচন অনুযায়ী বহুবচনাত্মক হঁক বা হঁত যোগ হয়। যেনে,

প্ৰথম পুৰুষ: ব’লা, আমি যাওঁহঁক।

২য় পুৰুষ : তহঁতে নেখাৱহঁত কিয় ? (তুচ্চাৰ্থ)

এতিয়া তোমালোক যোৱাহঁক (মান্যাৰ্থ)

মন কৰিবলগীয়া যে এনেবোৰ বাক্যত খাওঁ আৰু যোৱা ক্ৰিয়াপদত হঁক আৰু নেখাৱ ক্ৰিয়াপদত হঁত অপৰিহাৰ্য নহয়। কিয়নো বাক্য তিনিটাৰপৰা হঁক আৰু হঁত আঁতৰাই দিলেও অৰ্থাৎ ব’লা, আমি যাওঁ, তোমালোক যোৱা, তহঁতে নেখাৱ কিয় কৰিলেও বাক্য তিনিটাৰ অৰ্থ বুজাত একো অসুবিধা নহয় অথবা বাক্য তিনিটাৰ গাঠনিক দিশতো কোনো বিসঙ্গতি নহয়। ইয়াৰপৰা বুজা যায়, উক্ত ক্ৰিয়াপদকেইটাত হঁক আৰু হঁত প্ৰয়োগ বক্তাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বহুবচনৰ অৰ্থ প্ৰকাশ কৰিবলৈ বাক্য তিনিটাত কৰ্তা হিচাপে ব্যৱহৃত ক্ৰমে আমি শব্দ , তোমালোক আৰু তহঁত শব্দত ব্যৱহৃত –লোক আৰু –হঁত অপৰিহাৰ্য।সেইদৰে মানুহটো যায় আৰু তহঁত ব্যৱহৃত মানুহবোৰ যায় বাক্যত মানুহ শব্দৰপৰা টো আৰু বোৰ আঁতৰাই দিলে বাক্য বিন্যাসগত কোনো খেলিমেলি নহয়; কিন্তু একবচনৰ আৰু বহুবচনৰ অৰ্থ প্ৰকাশ কৰিবলৈ মানুহ শব্দত টো আৰু বোৰ অপৰিহাৰ্য। গতিকে অৰ্থগত (Semantically) দিশৰপৰা বাচবাচক সৰ্গবোৰ ব্যাকৰণগত ।

বচনবাচক সৰ্গবোৰ বিভক্তিমূলকহে (inflsctional), শব্দসাধনমূলক।

নহয়।কিয়নো এইবোৰ সৰ্গই ফুল শব্দত অনি লগাই ফুলনি কৰাৰ দৰে নতুন অৰ্থবাচক শব্দ গঠন নকৰে; এই সৰ্দবোৰে শব্দৰ শ্ৰেণী পৰিৱৰ্তনো (class change) নকৰে। মাত্ৰ ওপৰত দেখুওৱাৰ দৰে নামপদটোৰ বচনৰহে ৰূপান্তৰ কৰে। গতিকে বচনবাচক সৰ্গবোৰত বিভক্তিমূলক সৰ্গ বুলিহে ধৰা উচিত।

৬.০৫ একবচনৰ অৰ্থ প্ৰকাশ কৰাৰ উপায়: অসমীয়া ভাষাত একবচনৰ অৰ্থ প্ৰকাশ কৰিবলৈ নিৰ্দিষ্টবাচক সৰ্গ (Enclitic definitives বা Classifiers) কিছুমানকে নাম পদৰ পাছত ব্যৱহাৰ কৰি একবচনৰ অৰ্থ প্ৰকাশ কৰা হয়। যেনে—মানুহজন, গছজোপা, বঠাপাট, নদীখন আদি। এই শব্দকেইটাত ব্যৱহৃত জন, জোপা, পাট, আৰু খন সৰ্গই নামপদকেইটাৰ আকৃতি-প্ৰকৃতি বুজোৱাৰ লগতে মানুহ, ব’ঠা আৰু নদীৰ সংখ্যা যে এক, সেয়া নিৰ্দিষ্ট কৰি দিছে। এইদৰে বিভিন্ন উপায়েৰে অসমীয়া ভাষাত একবচনৰ অৰ্থ প্ৰকাশ কৰিব পাৰি। সেইবোৰ হৈছে:

৬.০৫.১. কোনো সৰ্গ যোগ নকৰাকৈ কেৱল বিশেষ সংজ্ঞাবাচক বিশেষ্য (Proper noun) আৰু ঘাইকৈ কেইটামান ব্যক্তিবাচক আৰু নিৰ্দেশবোধক সৰ্বনাম (Peronal pronoun) অকলে ব্যৱহাৰ কৰি একবচন বুজোৱা হয়। যেনে—

নবীন দিল্লীলৈ গৈছে।

ৰীতাই বৰ ভাল লেখে।

মই পঢ়িছোঁ।

তুমি পঢ়িছা।

সি/তাই/এখেত ঘৰতে আছে।

উল্লিখিত বাক্যকেইটাত ব্যৱহৃত বৰ হাতৰ শব্দকেইটাই কেৱল এজনৰ অৰ্থহে প্ৰকাশ কৰিছে।

৬.০৫.২. কেতিয়াবা বিশেষ সংজ্ঞাবাচক বিশেষ্যৰ পাছতো নিৰ্দিষ্টকৈ বুজাবলৈ টো, জনী, খন আদি যোগ কৰি একবচন বুজোৱা হয়। যেনে—

আকাশটো বৰ ভাল ল’ৰা।

অনুৰাধাজনী এতিয়াও নাহিল।

গুৱাহাটিখন বৰ লেতেৰা হৈছে।

৬.০৫.৩. এক সংখ্যা শব্দৰ এ-ৰ লগত বিশেষ বিশেষ নামপদৰ ব্যৱহাৰেও একবচন বুজায়। এ-যুক্ত নামপদবোৰ অনিৰ্দিষ্টাবাচক। যেনে—এনিশা, এদিন, এগিলাচ, এমাহ আদি।

৬.০৫.৪. এক সংখ্যা শব্দৰ এ-ৰ লগত জন, খন, ডাল, পাট আদি নিৰ্দিষ্টবাচক সৰ্গ যোগ কৰি নামপদৰ আগত বা পাছত ব্যৱহাৰ কৰিলেও একবচনৰ অৰ্থ প্ৰকাশ পায়। যেনে—এজন মানুহ, গছ এডাল, এখন নদী আদি। ‘এক’ সংখ্যাৰ নিৰ্দিষ্টবাচক সৰ্গ লগ লাগিলেও ইবোৰে নামপদৰ অনিৰ্দিষ্টতাহে প্ৰকাশ কৰে।

৬.০৫.৫. বচন নিৰপেক্ষ ৰূপৰ পাছত নিৰ্দিষ্টতাবাচক সৰ্গ যোগ কৰি বচন নিৰপেক্ষ ৰূপটোক একবচনলৈ ৰূপান্তৰ কৰা হয়। যেনে—ল’ৰাজন, হাতীটো, শৰপাট, যাঠিপাট আদি।

৬.০৫.৬. প্ৰতি বা প্ৰত্যেক শব্দৰ পাছত নিৰ্দিষ্টবাচক সৰ্গ যোগ কৰি নামপদৰ আগত বা পাছত ব্যৱহাৰ কৰিলেও একবচনৰ অৰ্থ প্ৰকাশ পায়। যেনে – প্ৰতিজন বা প্ৰত্যেকজন ছাত্ৰ, ছাত্ৰ প্ৰতিজনেই ভাল, প্ৰতিখন কিতাপ আদি।

৬.০৫.০৭. কেতিয়াবা নিৰ্দিষ্টবাচক সৰ্গবোৰ –এ কাৰান্ত কৰি তাৰপাছত প্ৰতি শব্দ ব্যৱহাৰ কৰিও একবচন বুজোৱা হয়। যেনে—জনে প্ৰতি, খনে প্ৰতি, ডালে প্ৰতি আদি।

৬.০৫.৮. বিশেষ পৰিৱেশত জনমূৰি, গাইমূৰি বা গাই পতি শব্দ প্ৰয়োগ কৰিও একবচনৰ অৰ্থ প্ৰকাশ কৰা হয়। যেনে – জনমূৰি আয় কিমান ? পনিয়ল গাইপতি কেইটাকৈ ভাগত পৰিল ?

৬. ০৬ বহুবচনৰ অৰ্থ প্ৰকাশ কৰাৰ উপায়: অসমীয়া ভাষাত বহুবচন বুজাবলৈ তিনিটা বিশুদ্ধ বহুবচনাত্মক প্ৰত্যয় আছে: -বোৰ, -বিলাক আৰু –হঁত । –বোৰ, -বিলাক সদায় বচন নিৰপেক্ষ ৰূপৰ পিছত আৰু –হঁত বচন নিৰপেক্ষ ৰূপৰ লগতে সদায় ব্যক্তিবাচক সৰ্বনাম সি, তাই, ওচৰ নিৰ্দেশক সৰ্বনাম ই, এই আৰু বিশেষ সংজ্ঞাবাচক আৰু সম্বন্ধবাচক বিশেষ্যৰ পিছত যোগ হৈ সেই নামপদবোৰৰ বহুবচন বুজায়। এক বচনৰ অৰ্থ প্ৰকাশ কৰা নিৰ্দিষ্টতাবাচক সৰ্গৰ দৰে এই বহুবচনাত্মক প্ৰত্যয়কেইটা নামপদৰ আগলৈ আহি ব্যৱহাৰ হ’ব নোৱাৰে। সিহঁতৰ স্থান সদায় নামপদৰ পিছত। তৃতীয় পুৰুষৰ মান্যাৰ্থবাচক তেওঁ আৰু দ্বিতীয় পুৰুষৰ মান্যাৰ্থ আৰু অধিক মান্যাৰ্থৰ সৰ্বনামৰ তীৰ্যৰ ৰূপ তোমা-(<তুমি) আৰু আপোনা- (<আপুনি)ৰ লগত যোগ হোৱা আন এটা বহুবচনাত্মক প্ৰত্যয় হৈছে- লোক। যেনে — তেওঁলোক, তোমালোক, আপোনালোক। কিন্তু মানুহ অৰ্থত এই –লোকটো বাক্যৰ আগলৈ আহিও এনেদৰে হ’ব পাৰে: লোকে লোকাৰণ্য হৈ আছে। ইয়াৰ বাহিৰেও অসমীয়াত আৰু বিভিন্ন প্ৰকাৰে বহুবচনৰ অৰ্থ প্ৰকাশ কৰা হয়। বহুবচনৰ অৰ্থ প্ৰকাশ কৰা এই প্ৰক্ৰিয়াক এনেদৰে ভগাব পাৰি:

(ক) বহুবচনাত্মক সৰ্গ বা প্ৰতয়য়-যোগ

(খ) সমষ্টিবাচক বা সমূহবাচক শব্দ-যোগ

(গ) নিত্য বহুবচনাত্মক শব্দ-প্ৰয়োগ

(ঘ) কেৱল বচন-নিৰপেক্ষ ৰূপৰ প্ৰয়োগ

(ঙ) বহুত্ববাচক শব্দৰ পিছত নিৰ্দিষ্টবাচক সৰ্গ-যোগ

(চ) সংখ্যাবাচক শব্দৰ পিছত নিৰ্দিষ্টতাবাচক সৰ্গ-যোগ

(ছ) বিভিন্ন পদৰ পুনৰুক্তি কৰি

৬.০৬.১ বহুবচনাত্মক প্ৰত্যয়:

পূৰ্বে উল্লেখ কৰা হৈছে যে অসমীয়াত বিশুদ্ধ বহুবচনাত্মক প্ৰত্যয় তিনিটা: -বোৰ, -বিলাক আৰু –হঁত৷ প্ৰথম দুটা লিঙ্গ নিবিৰ্শেষে মূৰ্ত (concrete) আৰু অমূৰ্ত (abstract), প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক সকলো শব্দৰ পাছত যোগ হয়। –বোৰ/-বিলাক

যোগ হোৱা শব্দবোৰ সাধাৰণতে বচন নিৰপেক্ষ। বিশেষ্য, সৰ্বনাম, বিশেষণ আৰু কৃদন্ত বিশেষ্যৰ পিছত যোগ হৈ এই প্ৰত্যয় দুটাই নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰে। প্ৰত্যয় দুটা তুচ্চাৰ্থক বা সাধাৰণ ভাব প্ৰকাশক। কিন্তু তেওঁ, ই আৰু সি সৰ্বনামৰ পিছত ব্যৱহাৰ হ’লে –বিলাক প্ৰত্যয়ে মান্যাৰ্থ প্ৰকাশ কৰে। –বোৰ আৰু –বিলাক প্ৰত্যয়ৰ প্ৰয়োগ:

-বোৰ: মানুবোৰ, ছাত্ৰবোৰ, আই-বোপাইবোৰ, বনুৱাবোৰ, গৰুবোৰ, চৰাইবোৰ, পৰুৱাবোৰ, ঘৰবোৰ, কিতাপবোৰ, ভাববোৰ, চৰিত্ৰবোৰ, কোনবোৰ, যিবোৰ, ইবোৰ, সিবোৰ, তিতাবোৰ, কেঁহাবোৰ, অহাবোৰ, যোৱাবোৰ ইত্যাদি।

-বিলাক: উল্লিখিত একেবোৰ শব্দতে একেধৰণে –বিলাক যোগ হয়। যেনে, মানুহবিলাক, চৰাইবিলাক, ঘৰবিলাক, ভাব-চিন্তাবিলাক, কোনবিলাক, তিতাবোলাক, অহাবিলাক ইত্যাদি।

মান্যাৰ্থত –বিলাকৰ ব্যৱহাৰ: কেতিয়াবা বিশেষ পৰিৱেশ-পৰিস্থিতিত তেওঁ, ই আৰু সি সৰ্বনামৰ পিছত এই সৰ্গ যোগ হৈ মান্যাৰ্থ প্ৰকাশ কৰে। যেনে,

তেওঁবিলাক গ’লগৈ।

ইবিলাকক ভিতৰলৈ নিয়ক।

সিবিলাক নাযায়নেকি ?

কেতিয়াবা সমূহবাচক শবলদৰ পাছতো –বোৰ আৰু –বিলাক যোগ হৈ বহুবচনৰ অৰ্থ প্ৰকাশ কৰে। যেনে —

সৈ্ন্যৰ দলবিলাক

চৰাইৰ জাকবোৰ

গৰুৰ পালবোৰ আদি ।

কেতিয়াবা প্ৰথম পুৰুষ ব্যক্তিবাচক সৰ্বনামৰ বহুবচনৰ ৰূপ ‘আমি’ৰ পিছত বিশেষ পৰিৱেশত কিছুমান লোকক গুৰুত্ব দি নিৰ্দিষ্ট বুজাবলৈ –বোৰ, -বিলাক যোগ দিয়া হয়। যেনে আমিবোৰ, আমিবিলাক অসমীয়া ব্যাকৰণ প্ৰবেশত (পৃ. ২২১) ড° গোলোক চন্দ্ৰ গোস্বামীদেৱে এনে প্ৰয়োগ ভুল বুলি যদিও কথিত ৰূপত আৰু বৰ্তমান সময়ৰ সৃষ্টিশীল অসমীয়া সাহিত্যত এনে ৰূপৰ প্ৰয়োগ মন কৰিবলগীয়া। যেনে,

“আমিবোৰ বাৰু লঘোনে থাকিলো, ল-ছালীকিটাক নো কেনেকৈ লঘোনে ৰাখোঁ !” (অৰূপা পটঙ্গীয়া কলিতা: ‘ফেলানী’, ২০০৪, পৃ.২৪০)

-হঁত: ই সদায় প্ৰাণীবাচক মানুহ বুজোৱা শব্দৰ পাছত কেতিয়াবা তুচ্চাৰ্থ বা সামান্য অৰ্থত আৰু কেতিয়াবা ‘আত্মীয়তা বা আদৰ’ অৰ্থত ব্যৱহৃত হয়। ইয়াৰ প্ৰয়োগ সীমিত। বচন নিৰপেক্ষ ঘাধাৰণ বিশেষ্য, সম্বন্ধবাচক বিশেষ্য আৰু দ্বিতীয় আৰু তৃতীয় পুৰুষৰ ব্যক্তিবাচক কেইটামান সৰ্বনামৰ পিছত তুচ্চাৰ্থ –হঁত সৰ্গৰ প্ৰয়োগ দেখা যায়। যেনে—

(ক) সাধাৰণ বিষেষ্য আৰু সম্বন্ধবাচক বিশেষ্যৰ পাছত: ল’ৰাহঁত, ছোৱালীহঁত, বোপাহঁত, আইটিহঁত, মইনাহঁত, মাহীহঁত, মাহীয়েৰহঁত, মাহীয়েৰাহঁত, মাহীয়েকহঁত।

(খ) কেইটামান ব্যক্তিবাচক সৰ্বনামৰ পিছত: তহঁত, ইহঁত, সিহঁত, এইহঁত আৰু তাইহঁত।

কেতিয়াবা সমূহীয়াকৈ গালি পাৰিবলৈ হ’লে জীভ-জন্তুবাচক শব্দৰ পিছত –হঁত প্ৰয়োগ কৰা হয়। যেনে, গুৰুহঁত, গাধহঁত, কুকুৰহঁত আদি।

কেতিয়াবা বহুবচন বুজাবলৈ ক্ৰিয়াপদৰ পাছতো –হঁত ব্যৱহাৰ কৰা হয়।যেনে— এতিয়া নেযাৱহঁত কিয় ? খাহঁত।

কেতিয়াবা এক বুজোৱা একো –ৰ লগত –টা, -খন, -জন, -জনী আৰু -গৰাকী যোগ দি তাৰপাছত –হঁত যোগ দিয়া দিয়া হয়। কিন্তু তেতিয়া ই বহুবচন নুবুজাই একোটা গোট বা সমূহৰ আন্তৰ্গত এটা এটা কথা বা এজন এজন ব্যক্তিৰ প্ৰত্যেককে বুজায়।

যেনে—

একোটাহঁত একোখনহঁত

একোজনহঁত, একোগৰাকীহঁত

একোজনীহঁত

বহুবচনৰ সৰ্গৰ দৰে ব্যৱহাৰ হোৱা আন দুটা ৰূপ হ’ল: -লোক আৰু –খন । –লোক সৰ্গ দ্বিতীয় আৰু তৃতীয় পুৰুষৰ সৰ্বনামৰ পাছত মান্যাৰ্থত ব্যৱহৃত হয়। যেনে –

তোমালোক, আপোনালোক, এওঁলোক, তেওঁলোক ।

কেতিয়াবা বিশেষ পৰিৱেশত নিৰ্দিষ্ট আৰু নম্ৰতাভাৱ প্ৰকাশ কৰিবলৈ প্ৰথম পুৰুষৰ ব্যক্তিবাচক সৰ্বনামৰ বহুবচনৰ তীৰ্যক ৰূপ আমা-ৰ পাছত লোক ব্যৱহাৰ কৰা হয়। যেনে,

-আপোনালোকৰ খোৱা হ’লনে ?

-হয়, আমালোকৰ খোৱা হ’ল, এওঁলোকহে আছে।

এনে পৰিৱেশত আমালোকৰ ব্যৱহাৰ ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে ক’বৰ দৰে ভুল নহয়।

-খন এটা বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গ। কিন্তু ঘাইকৈ তুচ্চাৰ্থত মানুহ বুজোৱা শব্দৰ পাছত যোগ হৈ ই বহুবচন বুজায়। যেনে—

ল’ৰাখন, ছোৱালীখন, এইখনে (ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত)

জীৱ-জন্তু বুজোৱা শব্দৰ পাছত –খন যোগ হ’লে ই বহুবচনৰ লগতে গালি অৰ্থ প্ৰকাশ কৰে। যেনে— এই গৰুখনে কি কৰিছে ইয়াত ?

মন কৰিবলগীয়া যে –লোক আৰু –খন মৌলিক শব্দৰ দৰে বাক্যৰ আদিতো ব্যৱহাৰ হ’ব পাৰে। সেয়েহে ইয়াক বিশুদ্ধ বহুবচনাত্মক সৰ্গ হিচাপে ধৰা নহয়।

৬.০৬.২ সমষ্টিবাচক বা সমূহবাচক শব্দ-যোগত বহুবচন: অসমীয়া ভাষাত বহুত্ববাচক ভালেমান সমষ্টি বা সমূহবাচক শব্দ আছে। এই শব্দবোৰ প্ৰাণীবাচক-অপ্ৰাণীবাচক বিশেষ বিশেষ নামপদৰ পাছত ব্যৱহাৰ হয়। দেৱতা বা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এনে সমূহবাচক শব্দই সাধাৰণতে মান্যাৰ্থ বুজায়। উদাহৰণ –

সকল: মহিলাসকল, ছাত্ৰীসকল, ভকতসকল, এখেতসকল, যিসকল, ইসকল, সিসকল, সমজুৱাসকল।

সমাজ: সুধী-সমাজ, ছাত্ৰসমাজ

বৃন্দ: অতিথিবৃন্দ, সুধীবৃন্দ, সদস্যবৃন্দ আদি।

গণ: দেৱ-দৈত্যগণ, অপ্সৰা-গন্ধৰ্বগণ আদি।

পুঞ্জ, ৰাশি, ৰাজি: থূপ খাই থকা বুজাবলৈ অপ্ৰাণীবাচক শব্দৰ পিছত যোগ হয়৷ যেনে,

দ্বীপপুঞ্জ, গ্ৰহপুঞ্জ, নক্ষত্ৰৰাশি, গ্ৰন্থৰাজি আদি।

মালা: অপ্ৰাণীবাচক শব্দৰ পাছত যোগ হয়। যেনে, পৰ্বতমালা, গিৰিমালা।

গুচ্ছ: অপ্ৰাণীবাচক শব্দৰ পাছত যোগ হয়। যেনে, গল্পগুচ্ছ, নিবন্ধ গুচ্ছ।

মখা, জাক: প্ৰাণীবাচক শব্দৰ পিছত তুচ্চাৰ্থত ব্যৱহাৰ হয়। যেনে—

ল’ৰামখা, গৰুজাক, ম’হজাক আদি।

জন্তু বাচক শব্দৰ পিছত মখা যোগ হ’লে গালি বুজায়। যেনে—গৰুমখাই কি কৰিছে ?

সোপা: অপ্ৰাণীবাচক শব্দৰ পিছত হীন অৰ্থত যোগ হয়। যেনে —

ভাতসোপা, কাপোৰসোপা, মাছসোপা আদি।

ইয়াৰ বাহিৰেও কুল (প্ৰাণীবাচক), চয় (অপ্ৰাণীবাচক), মণ্ডলী (প্ৰাণী-অপ্ৰাণীবাচক), সমূহ, আৰবী মহল (প্ৰাণীবাচক) আদি শব্দ নামপদৰ পাছত যোগ হৈ উল্লিখিত সমূহবাচক শব্দসমূহে নিৰ্দিষ্ট অৰ্থও প্ৰকাশ কৰে।

৬.০৬.৩ নিত্য বহুবচনাত্মক শব্দ: অসমীয়া ভাষাত থকা ৰাইজ শব্দ নিত্য বহুবচনাত্মক। ই অকলে বহুত মানুহৰ অত্থ প্ৰকাশ কৰে। এনেধৰণৰ আন এটা শব্দ হৈ প্ৰজা ৷ কেতিয়াবা নিৰ্দিষ্টকৈ বুজাবলৈ ৰাইজৰ পিছত সকল লগাই ৰাইজসকল আৰু প্ৰজাৰ পিছত বৃন্দ লগাই প্ৰজাবৃন্দ কৰা হয়।

৬.০৬.৪ বচন নিৰপেক্ষ ৰূপৰ প্ৰয়োগত বহুবচনৰ অৰ্থ প্ৰকাশ: (universality) আৰু কেতিয়াবা সাধাৰণ ভাব প্ৰকাশ বচন নিৰপেক্ষ ৰূপ কিছুমানে বহুবচনৰ সৰ্গ নোলোৱাকৈ বহুবচনৰ অৰ্থ প্ৰকাশ কৰে। যেনে,

মানুহ

গৰুৱে ঘাঁহ খায়।

চৰায়ে কণী পাৰে।

গায়ে গাখীৰ দিয়ে।

এই বাক্যকেইটাত ব্যৱহৃত বচন নিৰপেক্ষ ৰূপ মানুহ, গৰু, চৰাই আৰু গাই শব্দত বহুবচনৰ প্ৰত্যয় যোগ হোৱা নাই যদিও ইহঁতে সকলো দিয়া, এই চিৰন্তন ভাব প্ৰকাশ কৰিছে। সেইদৰে ল’ৰাই খেলিছে, মানুহে মাছ মাৰিছে আদি বাক্যতো বহুত ল’ৰাই খেলা আৰু বহুত মানুহে মাছ মৰা…. এই সাধাৰণ ভাব প্ৰকাশ পাইছে।

৬.০৬.৫ বহুত্ববাচক বিশেষণৰ প্ৰয়োগত বহুবচনৰ অৰ্থ প্ৰকাশ: অসমীয়াত সংখ্যা বা পৰিমাণ বুজোৱা ভালেমান বহুত্ববাচক বিশেষণ আছে। সেইবোৰ অনেক, অসংখ্য, অগণন, অজস্ৰ, একাধিক,কিছুমান, ঢেৰ, আৰু বহুত। এই বিশেষণসমূহে বচন নিৰপেক্ষ বিশেষ্যৰ আগত বা পাছত ব্যৱহাৰ হৈ সেই বিশেষ্যবোৰৰ বহুত্বৰ ধাৰণা দিয়ে। যেনে,

অনেক মানুহ, ছাত্ৰ-ছাত্ৰী বহুত

অজস্ৰ বা অসংখ্য লোক,

ঢেৰ মাছ

অগনন দৰ্শক, ল’ৰা কিছুমান আদি।

৬.০৬.৬ সংখ্যাবচক শব্দৰ পাছত নিৰ্দিষ্টবাচক সৰ্গৰ যোগত বহুবচনৰ অৰ্থ প্ৰকাশ: দুইৰপৰা বিভিন্ন সংখ্যাবাচক শব্দৰ পিছত নিৰ্দিষ্টৰাবাচক প্ৰত্যয় যোগ দি নামপদৰ আগত বা পাছত ব্যৱহাৰ কৰি নামপদৰ বহু বচনৰ অৰ্থ প্ৰকাশ কৰিব পাৰি। যেনে –

দুজন মানুহ

কিতাপ ছখন

বাঁহ পাঁচডাল

দহচটা কাঠ আদি।

৬.০৬.৭ বিভিন্ন পদৰ পুনৰুক্তিৰদ্বাৰা বহুবচনৰ অৰ্থ প্ৰকাশ: সাধাৰণতে বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়া-বিশেষণ পদ পুনৰুক্তি বা দ্বিৰুক্তি কৰি বহুবচনৰ অৰ্থ প্ৰকাশ কৰিব পাৰি। যেনে,

বিশেষ্য: বিশেষ্য পদৰ পুনৰুক্তি হ’লে শব্দটো –এ বিভক্তি যুক্ত হঋ পৰে। যেনে,

ঘৰে ঘৰে, গছে গছে

বনে বনে, বাটে বাটে

পথাৰে পথাৰে আদি।

বিশেষণ: উদাহৰণ,

পকা পকা, বৰ বৰ

ৰঙা ৰঙা, ধুনীয়া ধুনীয়া

ডাঙৰ ডাঙৰ, সৰু সৰু আদি।

সৰ্বনাম: ব্যক্তিবাচক সৰ্বনামৰ বাহিৰে আনবোৰ সৰ্বনাম পদৰহে পুনৰুক্তি হয়।

যেনে, যি যি, যাক যাক, কি কি, কোন কোন, কাক কাক, নিজ নিজ, নিজে নিজে আদি।

ক্ৰিয়া বিশেষণ: উদাহৰণ, ঘনে ঘনে, বাৰে বাৰে আদি।

কেতিয়াবা নামপদটোৰ পিছত –এই সৰ্গ যোগ কৰি পিছত মূল নামপদটো পুনৰুক্তি কৰি বহুবচন বুজোৱা হয়। যেনে,

মাছেই মাছ, ধানেই ধান

মানুহেই মানুহ ইত্যাদি।

এইদৰে বিভিন্ন প্ৰকাৰে অসমীয়াত নামপদৰ বহুবচন কৰিব পাৰি।


* এই ৰূপটোলৈ পোনপ্ৰথমে আঙুলিয়াই দিয়ে ভাষাচাৰ্য ড৹ গোলোকচন্দ্ৰ গোস্বামীদেৱে। তেখেতৰ ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ আৰু ‘অসমীয়া ব্যাকৰণ প্ৰবেশ’ত ইয়াৰ বহল আলোচনা আছে ।

১. গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণ প্ৰবেশ, পৃ. ২০৭

২. গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণ মৌলিক বিচাৰ, পৃ.৯৫; তেখেতে কেৱল বাক্যবিন্যাখৰ দিশৰপৰা চাইহে ব্যাকৰণগত নহয় বুলিছে।

৩. প্ৰাগুক্ত গ্ৰন্থ, পৃ. ৯০; তেখেতে কিয় শব্দসাধনমূলক বুলি কৈছে বুজা নগ’ল।

৪. গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণ প্ৰবেশ, পৃ. ২১৭

৫. প্ৰাগুক্ত গ্ৰন্থ পৃ. ২২১

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments