ছিন্নমূল (-মানসী গোস্বামী)

ততাতৈয়াকৈ গা-পা ধূই আজৰি হোৱা আকাশীৰ হাতত চাহকাপ তুলি দি মাকে গোঁসাইঘৰৰ পিনে খোজ দিলে । এইখিনি মাকৰ নিজা সময়; বেছ কিছুসময় তেওঁ থাপনাৰ আগত ব্যস্ত হৈ থাকে এইপৰত । লাহে লাহে থাপনাৰ আগৰ ফুল-তুলসীবোৰ পৰিস্কাৰ কৰে ; সভক্তিৰে ঘোষা গাই গাই ধূনাৰ মলাটো লৈ গোটেই ঘৰটোতে এপাক মাৰে আৰু পুনৰ ধূনাৰ মলাটো গোঁসাই থাপনাৰ আগত থৈ মূৰটো দোঁৱাই ওলাই আহে ! ভগৱান বিশ্বাসী নহ’লেও, সন্ধিয়াপৰত মাকৰ এই ব্যস্ততাখিনি আকাশীয়ে উপভোগ কৰে; একান্ত মনে শুনে মাকৰ সুললিত মাতেৰে নিগৰা সেই বেদনাগধূৰ প্ৰাৰ্থনা !

chinnamul
আজি পিছে তাই মাকৰ প্ৰাৰ্থনালৈ নৰ’ল । জৰুৰী কাম এটা আছে । সেয়ে তাই চাহকাপ লৈয়ে নিজৰ পঢ়াকোঠালৈ খোজ দিলে । ইমন, মানে তাইৰ ভাগিনীজনীলৈ মেইল এটা কৰিব লাগে । এইসময়ত ইমনক অনলাইন পোৱাৰ সম্ভাৱনা নাই। নিজৰ পঢ়া-খেলা লৈ সপ্তাহৰ ছয়োটা দিন ব্যস্ত হৈ থকা ইমনে ৰবিবাৰেহে ‘ফেচবুক’ত বহুসময় কথা হয় মাহীয়েক আকাশীৰ সতে।অইনদিনা মাথোঁ ফোনত কেৱল ভাল-বেয়াৰ খবৰ লৈয়ে সামৰে। আকাশীৰ বায়েক তৰালিহঁত দিল্লীত থাকে; ভিনিয়েকৰ কৰ্মসূত্ৰে। সৰুৰে পৰা অসমৰ বাহিৰতে ডাঙৰ হোৱা ভাগিনীয়েক ইমনৰ পঢ়া-শুনাও তাতেই; সেয়ে আকাশীৰ চিন্তা হয় তাই নিজৰ শিপা চিনি নোপোৱা, মাতৃভাষা নজনা ছোৱালী এজনী হয়গৈ বুলি । কাণ-সমনীয়া বায়েকক সততে তাই সেই কথাষাৰেই মনত পেলাই দিয়ে ; ইমনৰ স’তে যাতে তেওঁলোক দুয়ো অসমীয়াতে কথা পাতে; তাইক অসমৰ কলা-সাহিত্য-ভাষা-সংস্কৃতিৰ বয়সৰ জোখাৰে জ্ঞান দি যায়।
আজিৰ মেইলটো কৰাটো জৰুৰী; কাৰণ ভাগিনীয়েকে অসমীয়া শিকিব পৰাকৈ সুবিধা এটাৰ কথা আকাশীয়ে জানিব পাৰিছে । কম্পিউটাৰ, চ’চিয়েল মিডিয়া আদিৰ সতে অধিক অভ্যস্ত ভাগিনীয়েকৰ দৰে কিশোৰ-কিশোৰীয়ে ইণ্টাৰনেটতে অসমীয়া লিখা আৰু পঢ়িব পৰাকৈ কিছুমান সুবিধা হৈছে।এখন মহাবিদ্যালয়ৰ প্ৰৱক্তা হিচাপে কৰ্মৰতা আকাশীহঁতৰ বয়সৰে এচাম ন ন যুৱক-যুৱতী লাগি আছে এই প্ৰচেষ্টাত । সাহিত্য ডট্ অৰ্গ, শব্দ ডট অৰ্গ, ৱিকিপেডিয়া, ৱিকিউৎসৰ দৰে ৱেবচাইট, জাহ্নৱী, ৰ’দালি, পানিনী কি বৰ্ড আদিৰে ইণ্টাৰনেটত অসমীয়াত লিখা, অসমীয়া শব্দ শিকা, অসমীয়া কলা-সাহিত্য-সংস্কৃতি-বুৰঞ্জীৰ চৰ্চা আৰম্ভ হৈছে । এই সুবিধাবোৰৰ কথা মাত্ৰ কিছুদিনৰ আগেয়েহে আকাশীয়ে জানিব পাৰিছিল। কিছুদিন সকলোখিনি চালি-জাৰি চোৱাৰ পাছত এইসকলোবোৰৰ বিষয়ে ভাগিনীয়েকক বহলকৈ আজিয়ে জনাই থ’ব বুলি ভাৱিছে আকাশীয়ে। উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ইমনে এতিয়াৰ পৰা ইণ্টাৰনেটতে সকলো চৰ্চা কৰিব পাৰিব অন্ততঃ!
অতি উৎসাহেৰে কম্পিউটাৰত ইণ্টাৰনেটতো সংযোগ কৰি দি আকাশীয়ে মেইলটো খুলিলে। প্ৰথমেই মেইল লিখাৰ আগেয়ে আহি থকা মেইলখিনি চাই লওঁ বুলি ভাঁৱোতেই চকুত পৰিল ইমনৰে মেইল এটা; আগদিনা পঠোৱা। কালি নিজৰ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ ব্যস্ততাৰ বাবে ইমনৰ সতে কথা ন’হল আকাশীৰ। সেয়ে ছাগে অভিমান কৰি লিখিছে তাই । ‘উস! কি যে হ’ব, এই ছোৱালীজনীৰ’ বুলি মনে মনে কৈ আকাশীয়ে মেইলটো খুলি ল’লে আৰু চকু ফুৰাই গ’ল —- “মাহী, প্লিজ ! ন’ ম’ৰ এচামিজ বুকচ্ এণ্ড এচামিজ টিচিং ! আই এম ফেড আপ অৱ অল দিজ ! আই ডণ্ট ৱান্ট টু লাৰ্ণ ইয়’ৰ লেংগুৱেজ । আই ডণ্ট ৱাণ্ট টু স্পীক দেট অলচ’ !! ইটচ্ চাচ্ছ এ ব’ৰিং ৱান! হ’প, ইউ ৱণ্ট মাইণ্ড!!——-” মেইলৰ পিছৰ ফালে কি আছিল, পঢ়া নহ’ল আকাশীৰ! লাহেকৈ “ব্ৰাউজাৰ”টো বন্ধ কৰি, কম্পিউটাৰ বন্ধ কৰাৰ নিৰ্দেশটো দি তাই কোঠাৰ পৰা ওলাই আহিল । প্ৰাৰ্থনা সামৰি বাৰান্দালৈ ওলাই অহা মাকৰ হাতত গোঁসাইঘৰৰ ধূনাৰ মলাৰ ছিঙা ঠেৰুটো – ‘চা-চোন চা, মাজনী; সিদিনাহে আনিছিলোঁ মলাটো; ঠেৰুডাল কেনেকৈ ছিঙি থাকিল আজি!কামেই নোহোৱা হ’ল আৰু সেইটোৰ !!”
আকাশীয়ে একো নামাতিলে ; সৱবোৰ ছিন্নমূল হৈ পৰিছে তাৰমানে !!
(এই গল্পটোৰ মূল জুমুঠিটোৰ ৰচনা কাল – ২০০৫/০৬ চন; তেতিয়া আজিৰ দৰে আন্ত:জালত অসমীয়া চৰ্চা হোৱা নাছিল ; গতিকে সময়ৰ সতে মিলাই পটভূমিৰ সালসলনি ঘটোৱা হৈছে । আমাক ইউনিকোডত অসমীয়া লিখিবলৈ শিকোৱা ‘অসমীয়া কথা বতৰা’ গোটৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক কৃতজ্ঞতাৰে গল্পটো আগবঢ়ালোঁ ।)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
bhaskar
5 years ago

পঢ়ি ভাল লাগিল