লম্বোদৰ কলিতাৰ সময় (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

‘লম্বোদৰ কলিতাৰ মূৰৰ বিকৃতি ঘটিছে’- লাহে লাহে খবৰটো ওচৰ-চুবুৰীয়াসকলৰ মাজলৈ উৰি গ’ল।
প্ৰথমতে লম্বোদৰ কলিতাৰ বোৱাৰীয়েকেই কথাটো মন কৰিছিল কিছুদিন আগতে। ৰাতিয়েই কলিতাৰ পুতেকক ক’লে কথাটো- ‘মোৰ লাগিছে দেউতাৰ বোধকৰো সেই পাহৰা বেমাৰটো আৰম্ভ হৈছে। বয়স হ’ল নহয়’।
‘এলঝেইমাৰ? কিয় ক’লা?’
‘ও হয় কিজানি। নহ’লে মূৰৰ বিকৃতিও হ’ব পাৰে। পৰহি দুপৰীয়া হঠাতে হাঁহাকাৰ লগাই দিলে, আমাৰ মাজনী সন্ধিয়ালৈ কলেজৰ পৰা কিয় অহা নাই বুলি। তেতিয়া কিজানি এক বজাও নাছিল। ভাতমুঠি খাই বিচনাত পৰিছিল হে’।
‘ভুল হৈছিল চাগে’
‘ময়ো ভুল হোৱা বুলিয়েই সিদিনা একো ভবা নাছিলোঁ। পিছে…আজি ৰাতিপুৱা তিনিমান বজাতে বিচনাৰ পৰা উঠি পদূলিমুখৰ শেৱালিজোপাৰ তলতে ৰৈ আছে। মই দুৱাৰ খোলাৰ শব্দ পাই উঠি গৈ দেউতাক সোধোঁতে ক’লে-আজি দেৰিয়েই হ’ল উঠোঁতে, চাহ একাপ দিয়া।..তেতিয়া জানা নে তিনি বাজিছিল!’
লম্বোদৰ কলিতাৰ পুতেক বিষ্ণুৰ অলপ শংকা জন্মিল মনত। কথাটো বিষ্ণুৱে ঘৰত কাম কৰা নৰহৰিক ক’লে..নৰহৰিয়ে ঘৰৰ ধান বনা মিলৰ কামকৰা সকলক। এনেকৈ সকলোৰে কাৰণে লাহে লাহে কথাটো এক খবৰ হৈ বিয়পি পৰিল।
বহুতে খবৰটো শুনি ইচ-আচ কৰি দুখ কৰিলে। কিছুমানে সহজভাৱেই ল’লে-‘বুঢ়াৰ বয়স আশী পাৰ হ’ল। এই বয়সত এনেকুৱা বেমাৰে লগ দিয়েই’।
*******
‘খুৰা, আপোনাৰ মনত আছে নে কেতিয়া আই এ পৰীক্ষা দিছিল?’
‘স্বাধীনতাৰ সাত বছৰ পাছতেই, চৌৱন চন’।
‘আপোনাৰ ল’ৰা বিষ্ণুৰ মেট্ৰিকৰ কথা মনত আছে`? সি-ময়ে একেলগে মেট্ৰিক দিছিলোঁ।’
‘ভাল মনত পেলালা। সেই যে জুইয়ে পোৰা তিৰাশী..সি তিৰাশীত পাছ কৰিছিল মেট্ৰিক’।
ডাক্তৰে আৰু কিবাকিবি দুটামান সুধি লম্বোদৰ কলিতাৰ গাটো অলপ পৰীক্ষা কৰিলে। কলিতা বাহিৰলৈ ওলোৱাৰ পাছত ডাক্তৰে বিষ্ণুক মাতি চিন্তাৰ একো কাৰণ নাই বুলি ক’লে। ‘এলঝেইমাৰ হোৱা যেন লগা নাই মোৰ। বহু পুৰণি কথাও মনত আছে। কেতিয়াবা বয়স হ’লে এনেকুৱা হয়। আকৌ যদি হয়, মোক খবৰ দিবি।’

লম্বোদৰ কলিতা বাহিৰত বহি আছে। ওচৰতে এহাল দম্পতী বহি আছে। তেওঁলোকৰ দুই-তিনি বছৰীয়া কণমানিটোক ওচৰতে বহা আন এগৰাকী মহিলাক ‘ৰাইমচ্’ মাতি শুনাবলৈ কৈছে। সি আধা ফুটা-নুফুটা মাতেৰে গাইছে-‘হিক’ৰি ডিক’ৰি ড’ক, দা মাউচ ৱেন্ট আপ দা ক্ল’ক…টিক টক্ টিক টক্..’। দেৱালখনত ওলমাই ৰখা চালে চকুৰোৱা ঘড়ীটোৱে দুই বজাৰ সংকেত দিছে। লম্বোদৰ কলিতাই বাওঁহাতখনলৈ চালে। আজি তেওঁ ঘড়ীটো পিন্ধি আহিবলৈ পাহৰিলে। হাতখন খালী খালী লাগিল তেওঁৰ। ঘড়ীটো যে তেওঁৰ বৰ হেঁপাহৰ!

******** গাঁৱখনত ‘ক’ৰ চুক কেইটা জনা মানুহৰ সংখ্যা যেতিয়া আঙুলিৰ মূৰতে গণিব পৰা আছিল, তেতিয়াই গুৱাহাটীত আই এ পাছ কৰি লম্বোদৰ কলিতা গাঁৱলৈ উভতিছিল। বহুতেই কয়-নগৰত থাকিলে কিজানি হাকিম-ডাঙৰ বিষয়া হ’ব পাৰিলেহেঁতেন। ঘৰত টকা-সম্পত্তিৰ অভাৱ নাই। দেউতাক জমিদাৰ, এশ বিঘাৰো অধিক মাটি। গাঁৱলৈ আহি নিজাকৈ খেতি আৰম্ভ কৰিলে। ঘৰতে ধান বনা মিল এটাও কৰিলে। কিছু বছৰ পাছত নিজা উদ্যোগত প্ৰাইমেৰী স্কুল এখনো প্ৰতিষ্ঠা কৰিলে। লম্বোদৰ কলিতাক সন্মান নকৰা মানুহ তেতিয়াৰে পৰা এজনো পাবলৈ নাই। সভা-সমিতি, পূজা-বিহু সকলোতে তেওঁৰ উপদেশ নুশুনাকৈ কোনেও এখোজো আগনাবাঢ়ে।
লম্বোদৰ কলিতাৰ ঘড়ীটো দেউতাকে আই এ পাছ কৰাৰ পাছতেই কিনি দিয়া। বগা ডায়েলৰ ৰূপালী ৰঙৰ ঘড়ী। সেইটোৱেই এতিয়াও পিন্ধি আছে। প্ৰথমতে গাঁৱৰ মানুহে ঘড়ীটোক নেদেখা বস্তু চোৱাৰ দৰে চাইছিল। হয়তো ঘড়ী পিন্ধা মানুহ তেৱেই আছিল গাঁৱত। আগতে ৰাতিপুৱা বেলিটোৱে তামোল গছৰ কাষ পালে গাঁৱৰপৰা টাউনলৈ একমাত্ৰ বাচখন ধৰিবলৈ দৌৰা-দৌৰি কৰা গাঁৱৰ দুই-এজনে নিজৰ ল’-ছোৱালীক কলিতাৰ ঘৰলৈ সঠিক সময় জানিবলৈ পঠোৱা হ’ল। স্কুলৰ চকীদাৰজনেও ‘দেউতা, দহ বাজিলে ঘণ্টাটো মাৰি দিও?’ বুলি কলিতাক সোধে লৰি আহি।
কলিতাইও গা ধুই উঠি যি এবাৰ ঘড়ীটো পিন্ধে, ৰাতি বিচনাত পৰাৰ সময়তহে খোলে। এনেয়ো তেওঁ সময়ৰ কাম সময়ত নহ’লে অশান্তি পায়, কষ্ট হয় তেওঁৰ।

যোৱা কিছুবছৰৰ পৰা তেওঁ ক’ৰবালৈ ওলাই গ’লে হে ঘড়ীটো পিন্ধে। আজিকালি তেওঁক কোনেও সময়ৰ কথা নোসোধে। সকলোৰে হাতে হাতে ঘড়ী। মোবাইলতো সময় চোৱাৰ সুবিধা। তেৱো ঘড়ীটো দুবাৰেই চায়। এবাৰ ৰাতিপুৱা শুই উঠি..আৰু আবেলি ভাত-ঘুমটিৰ পৰা উঠাৰ পাছত। সদায় পুৱা উঠিয়েই ঘড়ীটোৰ চাবিটো পকোৱা তেওঁৰ এটি অভ্যাস। ঘড়ীটোৰ ছেকেণ্ডৰ কাঁটাডাল নাই। এবাৰ পৰি ভাগিছিল বেয়াকৈ। টাউনৰ মেকানিকে ‘এই কোম্পানী কেতিয়াবাই বন্ধ হ’ল, পাৰ্টছ্ পাবলৈ নাই’ বুলি কিবাকৈ মিনিট’ৰ কাঁটা এডাল লগাই দিলে। ‘ছেকেণ্ডমতে সময়ৰ হিচাপনো ক’ত কৰিম এই বয়সত’ বুলি কলিতাই সেইডাল নলগালে। পুতেকে কৈছিল নতুন এটা ল’বলৈ। তেওঁৰ মন নগ’ল।

কেতিয়াবা তেওঁ মন গ’লে মিঠাতেল অকণ গামোচাৰ চুকত লগাই ঘড়ীটো চিকচিকিয়া কৰিবলৈ বৃথা চেষ্টা কৰে। সকলোকে প্ৰতি মুহূৰ্ততে সময়ৰ কথা জনোৱা ঘড়ীটোক সেই সময়েই নিষ্ঠুৰভাৱে আঁচুৰি যোৱা দেখিলে তেওঁৰ হুমুনিয়াহ বাহিৰ হয় কেতিয়াবা।

******** দুপৰীয়া অকণমান দেৰি বিচনাত পৰাৰ পাছতেই চিলমিল টোপনিত লম্বোদৰ কলিতাই সেইদিনা সপোন এটি দেখিছিল। সপোনত তেওঁৰ স্বৰ্গগতা পত্নী।
‘তোমাৰ কাষলৈ যাবলৈ মন গৈছে’- তেওঁ কৈছিল পৰিবাৰক।
‘এতিয়াও বহুত সময় আছে আপোনাৰ আহিবলৈ’
‘কিমান সময়?’- পৰিবাৰে হাঁহিছিল, এক সেমেকা হাঁহি। খপজপকৈ উঠি তেওঁ ঘড়ীটোলৈ চালে। পাঁচ বাজিছে। নাতিনীয়েক মাজনীৰ মাতটো শুনা নাই। বোধকৰো কলেজৰ পৰা উভতি অহাই নাই। হঠাতে তাইক মাতিবলৈ খুউব মন গ’ল তেওঁৰ! তেওঁ গৈ বোৱাৰীয়েকক সুধিলে মাজনীৰ কথা।
এনেকৈয়ে খবৰটো বিয়পি পৰিল।
পুৱা-গধুলি তেওঁ ঘৰৰ মিলটোৰ সন্মুখতে চকী এখন পাৰি বহে। আজিকালি সকলো কাম পুতেক বিষ্ণুই চোৱা-চিতা কৰে।

‘লম্বোদৰ বুঢ়া লাহে লাহে পাগল হ’ল’- বুলি শুনি গাঁৱৰ সৰুবোৰে তেওঁৰ ওচৰ চাপিবলৈ ভয় কৰে আজিকালি। আগতে এশমিটাৰ মান আঁতৰলৈ গৈ বিড়ি হোঁপা নৰহৰিয়ে আজিকালি নাৰিকল জোপাৰ আঁৰলৈয়েই বিড়ি খায়, চাধা মাৰে। বিড়িৰ ধোঁৱা ওচৰত বহি থকা লম্বোদৰ কলিতাৰ ওচৰলৈও উৰি আহে। কলিতাক দেখিলে পদূলিমুখৰ পৰাই তলমূৰ কৰি অহা গাঁৱৰ বহুকেইজনে এতিয়া চাও-নাচাওকৈ তেওঁৰ ফালে চাই মিললৈ সোমাই গৈ বিষ্ণুক বিচাৰে। আগতে কলিতাক দেখিলে চাইকেলৰ পৰা নামি মাত দি যোৱা যুৱককেইজনে এতিয়া আৰু চাইকেলৰ গতি ধীৰ নকৰে।
দূৰৈত মাইকত বিহুগান এটি ৰিণি ৰিণিকৈ ভাঁহি অহা শুনিলে লম্বোদৰ কলিতাই। নৰহৰিৰ মুখত গম পালে গাঁৱৰ যুৱকসকলে হেনো নিশালৈ ফাগুন উৎসৱ পাতিছে। বিষ্ণুৱে চান্দাও দিছে হেনো।

তেওঁ মনে মনে ৰ’ল। তেওঁ জানে যোৱা প্ৰায় এবছৰে তেওঁৰ ঘড়ীটো বন্ধ হৈ আছে। সদায় পাঁচ বাজি থকাই দেখুৱায়। কাৰোবাক কৈ ঘড়ীটো আগৰ দৰে চলি থকা কৰিবলৈ মন যোৱা নাই। আজিকালি তেওঁ সময়ৰ লগত দৌৰিব নালাগে। আনেও তেওঁক এতিয়া সময়ৰ কথা নোসোধে, প্ৰয়োজনো নাই। তেওঁ ভাবে, সময়ৰ গতিও ঘড়ীটোৰ দৰে বন্ধ কৰি থ’ব পৰা হ’লে, স্থিৰ কৰি পেলাব পৰা হ’লে!

আকাশলৈ চালে তেওঁ। এতিয়া অস্তগামী আবেলিৰ বেলি আৰু পুৱাৰ বেলিটোৰ ৰঙৰ প্ৰভেদ বুজিবলৈ অপাৰগ তেওঁ। একেই শেঁতা কমলা ৰঙ!
তথাপিও তেওঁৰ কেতিয়াবা মন যায়, সময়ৰ লগত এভৰি দুভৰিকৈ খোজ পেলাবলৈ। জীৰ্ণ-শীৰ্ণ ভৰি দুখনৰ দুৰ্বল খোজ। সেয়েহে তেওঁ ঘড়ীটো অভ্যাসবশত: মাজে মাজে চায়। আৰু…তেতিয়াই হঠাতে অৱচেতন মনটোৱে কৈ উঠে কেতিয়াবা-‘লম্বোদৰ, ঘড়ীটোৱে কৈছে-পাঁচ বাজিল। বিচনা এৰ…পদুলি মুখলৈ যা। তলসৰা শেৱালি ফুলখিনি কলপাত এখনত আনি গোসাইৰ থাপনাখনৰ কাষতে থ..তোৰ পৰিবাৰ গা ধুই আহি পাবৰে হ’ল..শেৱালি ফুল যে তাইৰ খুউব প্ৰিয়!’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments