জীৱনৰ সংজ্ঞা – হোমেন বৰগোহাঞি, প্ৰসিদ্ধ কথাশিল্পী

এবাৰ পেৰিছৰ এখন বাতৰিকাকতে পাঠকসকলক উদ্দেশ্য কৰি এটা প্ৰশ্ন সুধিছিল – “আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে পৃথিৱীখন শেষ হ’ব বুলি জানিলে আপুনি কি কৰিব? ”এখন কিতাপত এই প্ৰশ্নটো পঢ়াৰ পিছত মই নিজকে প্ৰশ্ন কৰিলোঁ – “আৰু মাত্ৰ এসপ্তাহ বা দহ দিনৰ ভিতৰতে পৃথিৱীখন মহাশূন্যত বিলীন হৈ যাব বুলি নিশ্চিতভাৱে জানিলে তুমি নিজে কি কৰিবা? ”
মোৰ মনৰ পৰা ওপৰা-উপৰিকৈ কেইবাটাও উত্তৰ ওলাই আহিল৷ এটা উত্তৰেও মোক সন্তুষ্ট কৰিব নোৱাৰিলে৷ কিছুসময় চিন্তা কৰাৰ পিছত মই উপলব্ধি কৰিলোঁ যে মানুহক এনেবোৰ কাল্পনিক প্ৰশ্ন কৰাৰ একমাত্ৰ উদ্দেশ্য হ’ল তেওঁক আত্ম-পৰীক্ষাৰ সুযোগ দিয়া৷ এই সুযোগ গ্ৰহণ কৰি মই নিজকে পৰীক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ৷ স্কুল-কলেজৰ পৰীক্ষাত বহিবলৈ যেনেকৈ দীঘলীয়া প্ৰস্তুতি লাগে, ঠিক তেনেকৈ আত্ম-পৰীক্ষাৰ কাৰণেও দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন হয়৷
মোৰ কথা ইমানতে এৰি মই আকৌ পেৰিছৰ বাতৰিকাকতখনৰ প্ৰশ্নটোলৈ ঘূৰি যাব খোজোঁ৷ বাতৰিকাকতখনে শ শ পাঠকৰ পৰা প্ৰশ্নটোৰ উত্তৰ পাইছিল৷ আটাইতকৈ চিন্তনীয় আৰু স্মৰণীয় উত্তৰটো দিছিল মাৰ্ছেল প্ৰূষ্টে৷ আধুনিক কালৰ অতি বিখ্যাত আৰু প্ৰভাৱশালী লেখকসকলৰ ভিতৰত এজন হ’ল ফৰাচী ঔপন্যাসিক মাৰ্ছেল প্ৰূষ্ট৷ তেওঁৰ A la Recherche du Temps Perdu (In search of lost Time) আধুনিক বিশ্ব সাহিত্যৰ এক মহৎ কীৰ্তিস্তমভ বুলি পৰিগণিত হৈছে৷
বাতৰিকাকতখনৰ প্ৰশ্নটোৰ উত্তৰত মাৰ্ছেল প্ৰূষ্টে লিখিছিল –“মই ভাবোঁ যে আৰু মাত্ৰ কেইদিনমানৰ ভিতৰত যিকোনো এদিন আমি সকলো মানুহ মৰিম বুলি নিশ্চিতভাৱে জানিলে জীৱনটো হঠাৎ আমাৰ চকুত অতি বিস্ময়কৰ হৈ উঠিব৷ মৃত্যু আহিবলৈ দেৰি আছে বুলি জানিলে জীৱনৰ এই ৰূপটো আমাৰ চকুত নপৰে৷ আমাৰ আলস্যই তাক আমাৰ পৰা অদৃশ্য কৰি ৰাখে৷ ভাবিবলৈ চেষ্টা কৰকচোন – আমি কৰিবলগীয়া কিমান কামক, আমি গভীৰভাৱে অনুভৱ কৰিবলগীয়া কিমান প্ৰেমক, আমি পঢ়িবলগীয়া কিমান কিতাপক জীৱন নামৰ এই বস্তুটোৱে আমাৰ পৰা গোপন কৰি ৰাখে? ”

জীৱনে আমাৰ পৰা গোপন কৰি ৰাখে আমাৰ কৰ্মক, আমাৰ প্ৰেমক, আমাৰ কিতাপক? এই গোটেইবোৰ বস্তু জীৱনৰেই অংগীভূত নহয়? কৰ্মই জীৱন৷ প্ৰেম মানৱ হৃদয়ৰ মহত্বম অভিজ্ঞতা৷ কিতাপৰ উৎসই হ’ল জীৱন৷ কিন্তুু প্ৰূষ্টৰ কথাৰ পৰা এনেহে ধাৰণা হয় – যেন জীৱনৰ লগত এইবোৰ বস্তুৰ কোনো সম্পৰ্ক নাই৷ বৰং এইবোৰ বস্তু আৰু আমাৰ মাজত জীৱন হৈ পৰিছে এক দুৰ্লংঘ্য প্ৰাচীৰ!
কিন্তুু প্ৰূষ্টৰ কথা যদি আমি অলপ গভীৰভাৱে চিন্তা কৰি চাওঁ, তেতিয়াহ’লে এই কথা উপলব্ধি কৰিবলৈ আমাৰ বেছি সময় নালাগিব যে যিটো বস্তুক আমি সকলো সময়তে জীৱন বুলি ভুল কৰি থাকোঁ বা জীৱনটো যাপন কৰিছোঁ বুলি আত্মপ্ৰসাদ লাভ কৰি থাকোঁ, সেইটো কেতিয়াও প্ৰকৃত জীৱন নহয়৷ আনহাতে, সিয়েই যদি জীৱন হয়, তেন্তে সি কেতিয়াও জীয়াই থকাৰ যোগ্য নহয়৷
স্থুলতম অৰ্থত আমি জীৱন বুলি ক’লে ঘাইকৈ তিনিটা বস্তু বুজি পাওঁ: আহাৰ, মৈথুন আৰু নিদ্ৰা৷ আদিম মানুহে কেঁচা মাংস খাইছিল; বহু যুগৰ সাধনাৰ দ্বাৰা মানুহে আহাৰ সুস্বাদু কৰাৰ কামটোক পৰিণত কৰিছে এটা জটিল শিল্প-কৰ্মত৷ কিন্তুু মূলত: আহাৰ আহাৰেই; সি কেঁচা মাংসই হওক বা ছেভেন ষ্টাৰ হোটেলত পৰিৱেশন কৰা ছেভেন-ক’ৰ্ছ ডিনাৰেই হওক৷ এজন ৰসিকে কোৱাৰ দৰে – কেলিবানে (নৰ-খাদক) নৰমাংস খাবলৈ কাটা-চামুচ ব্যৱহাৰ কৰিলেও সি কেলিবান হৈয়েই থাকে৷ মানুহৰ জীৱনৰ এক বিপুল পৰিমাণৰ সময় অতিবাহিত হয় কেৱল আহাৰ সংগ্ৰহ, প্ৰস্তুত আৰু ভক্ষণ কৰাৰ কামত৷ মানুহ যিমানেই বেছিকৈ তথাকথিত “সভ্য” হৈছে, সিমানেই বেছিকৈ মানুহ মতলীয়া হৈছে বিচিত্ৰ সুস্বাদু আহাৰৰ নিচাত৷ বেছি দূৰলৈ নগৈ কেৱল আপোনাৰ নিজৰ চহৰখনৰ চৌদিশে এবাৰ চকু ফুৰাই চাওকচোন; চুবুৰিয়ে চুবুৰিয়ে কাঠফুলাৰ দৰে গজি উঠা হোটেল-ৰেস্তোৰাঁবোৰত খাদ্যলোভীৰ ভিৰত বিৰ-দি বাট নোপোৱা অৱস্থা; একে সময়তে কিতাপৰ দোকান আৰু পুথিভঁড়ালবোৰলৈ নামি আহিছে মৰিশালিৰ নিস্তব্ধতা৷ মানুহ যে ক্ৰমাৎ বেছিকৈ “সভ্য” হ’ব ধৰিছে সেই বিষয়েতো সন্দেহৰ কোনো অৱকাশেই নাই!
বাকী থাকিল মৈথুন আৰু নিদ্ৰা৷ নিদ্ৰাৰ বিষয়ে বেছি কথা কোৱাৰ দৰকাৰ নাই; মানুহে জীৱনৰ এক-তৃতীয়াংশ সময় নিদ্ৰিত হৈয়েই থাকিব লগা হয়, আৰু জীৱন-ৰক্ষাৰ কাৰণে সি অপৰিহাৰ্য৷ কিন্তুু মৈথুন? মৈথুন এটা জৈৱিক আৰু আৱেগিক প্ৰয়োজন৷ আহাৰৰ নিচিনাকৈ মৈথুনো মানুহৰ এটা মৌলিক প্ৰয়োজন৷ কিন্তুু আধুনিক মানুহে মৈথুনক পৰিণত কৰিছে এটা obsession –ত৷ চিনেমাত ছেক্স, বিজ্ঞাপনত ছেক্স, টিভিত ছেক্স, ইণ্টাৰনেটত ছেক্স, সাজ-পোছাকত ছেক্স, …..মানুহৰ জীৱনৰ পৰা কবিতাই মেলানি মাগিছে; তাৰ ঠাই দখল কৰিছে হিংসাই, নাৰী মাংস-লোলুপতাই, বল্গাহীন যৌনতাই৷ অৰ্থাৎ মানুহ আগতকৈ বেছি সভ্য হৈছে৷
কিন্তুু কেৱল আহাৰ, মৈথুন আৰু নিদ্ৰাই যদি জীৱন হয়, তেন্তে ইতৰ প্ৰাণীৰ লগত মানুহৰ পাৰ্থক্য থাকিল কি? যিকেইটা মৌলিক প্ৰয়োজন আৰু সহজাত প্ৰবৃত্তিয়ে মানুহক ইতৰ প্ৰাণীৰ পৰা অভিন্ন কৰি ৰাখিছে সেইকেইটা হ’ল – আহাৰ, মৈথুন আৰু নিদ্ৰা৷ যিকেইটা বস্তুৱে মানুহক ইতৰ প্ৰাণীৰ পৰা পৃথক কৰিছে সেইকেইটা হ’ল—চেতনা, কল্পনা আৰু শৰীৰৰ সীমা অতিক্ৰম কৰিব খোজা একপ্ৰকাৰৰ আধ্যাত্মিক তাড়না৷ কিন্তুু বেছিভাগ মানুহেই—শতকৰা নিৰান্নবৈজন মানুহেই—নিজৰ চেতনাক উদ্দীপিত আৰু প্ৰসাৰিত কৰাৰ কোনো প্ৰয়োজন অনুভৱ নকৰে৷ তেওঁলোকৰ জীৱনত কল্পনাৰ বিশেষ একো ভূমিকা নাই৷ গোটেই জীৱন তেওঁলোকে ইচ্ছা-বন্দী হৈ থাকে শাৰীৰিকতাৰ ক্ষুদ্ৰ কাৰাগাৰত৷ আহাৰ, মৈথুন আৰু নিদ্ৰাৰ কাৰণে খৰচ কৰা সময়খিনি বাদ দি যিখিনি সময় অৱশিষ্ট থাকে, সেইখিনিৰো বেছিভাগ খৰচ কৰা হয় আলস্যৰ নিচাত, পৰ-চৰ্চাত, সস্তীয়া আমোদ-প্ৰমোদত, ধন আৰু ক্ষমতাৰ মৰীচিকা খেদি, একমাত্ৰ নিজৰ বাহিৰে আন সকলোকে সমালোচনা কৰি, কুৎসা ৰটনা কৰি, আনক নিন্দা আৰু ঈৰ্ষা কৰি(‘জীৱনেৰ পণ্য চেয়েছে ডুবিয়ে দিতে নিন্দাৰ তলায় পঙ্কেৰ মধ্যে’-ৰবীন্দ্ৰনাথ)৷ দৰিদ্ৰ সকলৰ জীৱনৰ বেছিভাগ সময় অতিবাহিত হয় কেৱল নিজক আৰু নিজৰ পৰিয়ালক জীয়াই ৰখাৰ প্ৰাণান্তকৰ প্ৰয়াসত৷ এজন ইংৰাজ লেখিকাই কোৱাৰ দৰে –This living kills me৷ ৰবীন্দ্ৰনাথৰ ভাষাত –‘শুধু দিন যাপনেৰ, শুধু প্ৰাণ ধাৰণেৰ গ্লানি৷ ’

ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত নিৰ্বিশেষে বেছিভাগ মানুহৰ কাৰণে এইটোৱেই হ’ল জীৱন৷ কিন্তুু প্ৰকৃত অৰ্থত ইয়াকো জীৱন বুলি ক’ব পাৰিনে? একেবোৰ তুচ্ছতা, স্থুলতা কামনা-বাসনা আৰু অভিজ্ঞতাৰ অন্তহীন পুনৰাবৃত্তি ঘটাই থাকিবলৈকে মানুহ কিয় অমৰ হ’ব লাগে? কিয় দেখিব লাগে অমৰত্বৰ স্বপ্ন? প্ৰায় দুহেজাৰ বছৰ আগতে গ্ৰীক কবি মিনাণ্ডাৰে (খ্ৰী: পূ: ৩৮১-২৯১) লিখা এটা কবিতাত শুনা গৈছিল মানুহৰ এই কৰুণ হাহাকাৰ: ‘পাৰ্মেনো, মই কেৱল সেইজন মানুহকেই আটাইতকৈ সুখী বুলি কওঁ—যিজন মানুহে নিতৌ মানুহৰ চকুত পৰা সূৰ্য, মেঘ, সমুদ্ৰ, তৰা আৰু অগ্নিক এবাৰ ভালকৈ দেখাৰ পিছত তেওঁ য’ৰ পৰা আহিছিল ত’লৈকে লৰালৰিকৈ ঘূৰি যাব পাৰে৷ তুমি দুবছৰ-তিনিবছৰ জীয়াই থাকা বা এশ বছৰেই জীয়াই থাকা – একেবোৰ বস্তুকেই সদায় দেখি থাকিবা; ইয়াতকৈ বেছি ভাল বা ধুনীয়া বস্তু তুমি কেতিয়াও দেখিবলৈ নাপাবা৷ ’
মাৰ্ছেল প্ৰূষ্টে তেতিয়া কৈছিল যে আমাৰ কৰিবলগীয়া কামবোৰক, অনুভৱ কৰিবলগীয়া প্ৰেমবোৰক আৰু পঢ়িবলগীয়া কিতাপবোৰক জীৱনে আমাৰ পৰা লুকুৱাই ৰাখে, তেওঁ বুজাব খুজিছিল কেৱল দিন-যাপনৰ আৰু কেৱল প্ৰাণ-ধাৰণৰ গ্লানিৰে ভৰা আহাৰ-মৈথুন সৰ্বস্ব জীৱনৰ কথা৷ অৰ্থাৎ আমি কেৱল জীয়াই থকাৰ আৰু সময় কটোৱাৰ যিটো যান্ত্ৰিকভাৱে পুনৰাবৃত্ত প্ৰক্ৰিয়াক জীৱন বুলি কওঁ, সেইটো কেতিয়াও প্ৰকৃত জীৱন হ’ব নোৱাৰে৷ কেৱল সিয়েই যদি জীৱন হয়, তেন্তে ইতৰ প্ৰাণীৰ লগত মানুহৰ বিশেষ একো পাৰ্থক্য নাথাকিব৷ জীৱনৰ যিটো উন্নত আৰু পৰিশীলিত ৰূপ মানুহৰ কাম্য হোৱা উচিত, সি নিশ্চয় অভ্যাসৰ ধূলিয়ে ধূসৰ কৰি ৰখা জীৱনতকৈ অনেক গুণে বেছি সুন্দৰ আৰু অৰ্থময় আৰু ৰহস্যময়৷
টলষ্টয়েও তেওঁৰ ‘আইভান ইলিৎসৰ মৃত্যু’ নামৰ বিখ্যাত গল্পটোত একেটা কথাকে কৈছে নিজৰ ভাষাৰে৷ বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ’ল এই যে ছল বেল’ৱে সাহিত্যৰ ন’বেল পুৰস্কাৰ গ্ৰহণ কৰি দিয়া তেওঁৰ বক্তৃতাত (১৯৭৬) একেটা প্ৰসংগত প্ৰায় একেটা উশাহতে টলষ্টয় আৰু মাৰ্ছেল প্ৰূষ্ট দুয়োজনৰ নাম লৈছে৷ টলষ্টয়েও কৈছে যে যিটো বস্তুক আমি জীৱন বুলি ভুল কৰোঁ সি কেতিয়াও প্ৰকৃত জীৱন নহয়৷ এই false life বা নকল জীৱনে জীৱন আৰু মৃত্যুৰ প্ৰকৃত অৰ্থক আমাৰ পৰা গোপন কৰি ৰাখে৷ আমি প্ৰায় গোটেই জীৱন ধৰি যিবোৰ তুচ্ছতাত লেটি লৈ থাকোঁ তাৰ ওপৰলৈ উঠি অন্য এক জীৱনৰ অভিজ্ঞতা পাবলৈ চেষ্টা নকৰালৈকে প্ৰকৃততে আমি বঞ্চিত হৈ থাকিম জীৱনৰ আটাইতকৈ মূল্যবান উপহাৰবোৰৰ পৰা৷

(প্ৰসিদ্ধ কথাশিল্পী, অসমৰ সাংবাদিকতাৰ জগতখনৰ অন্যতম পথস্ৰষ্টা হোমেন বৰগোহাঞি চাৰৰ সন্মতিসাপেক্ষে উপৰোক্ত লেখাটি ইউনিক’ডলৈ ৰূপান্তৰ কৰা হ’ল৷
— সম্পাদক, সাহিত্য ডট অৰ্গ)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

এনে লিখনিয়ে জীৱনটোক নতুনকৈ ভাবিবলৈ শিকায়।