দস্যু কান্তা আৰু পুতলা (অচ্যুত কৃষ্ণ হাজৰিকা)

লাজ লাগে যদিও কওঁ, এইটো ৭০% সঁচা ঘটনা। ৰাইজৰ নামবোৰ সলাই দিয়া বাবে ৩০% “প্লান্টিক!!” (মানে সহজ ভাষাত “পেনাল্টি”)। মোক চেনিৰাম বা মৌ সিং বুলি ভাবিলেও আজি কওঁ আৰু। ক্লাচ নাইনৰ কথা। আজিৰ পৰা ১৩ বছৰৰ আগৰ ঘটনা। ছোৱালী এজনী ভাল লাগিছিল। (হয়, সেইটো সময় পঢ়াৰ সময় আছিল। কিন্তু কি কৰিম। “প্ৰেম কৰা নাযায়, ই হৈ যায়”) ছোৱালীজনীৰ আচল নামটো নকও দিয়ক। ধৰি লওক তাইৰ নাম “দস্যু কান্তা”। কান্তাক বৰ ভাল লাগিছিল। ছুটি চুলি, ডাঙৰ চকুহাল, লিহিৰি আঙুলি… মুঠতে মোৰ নিচিনা ভোমোৰা দুই-তিনিটাক পাগল কৰি দিব পৰা ধৰণৰ। স্কুল ছুটীৰ পিছত তাইৰ লগত চাইকেল ঠেলি ঠেলি অকণমান দূৰ যাব পোৱাটো একপ্ৰকাৰৰ মোৰ “এইম ইন লাইফ” হৈ পৰিছিল। কথাবোৰ কবলৈহে সাহস পোৱা নাছিলোঁ। ওপৰেৰে প্ৰেমিক চৰাই হ’লোঁ কি হ’ল, কাণতলীয়া চৰৰ ভয়ে বুকুত শিপা বঢ়াই লৈছিল। মাজে মাজে অৱশ্যে ৫ টকীয়া “মান্স” চকলেট দি আকাৰে-ইংগিতে বুজাব চেষ্টা কৰিছিলোঁ। পিছে মক্কেলজনীয়ে বুজিয়েই নাপালে।

বাৰু যা হওক, প্ৰেমৰ বাঢ়নী পানীয়ে কলিজাত কবিতাৰ বান অনাৰ লগতে সমাজ অধ্যয়ন, বিজ্ঞান, অংক সকলোবোৰ ধোঁৱাচাঙত উঠাৰ সময়তে ভাল চান্স এটা পাই গ’লোঁ। কান্তাৰ জন্মদিন। মনটো ডাঠ কৰি ল’লোঁ। এইবাৰ হয় গুৱাহাটী নহয় ৰঙামাটি। কিবা এটা হেস্ত-নেস্ত কৰিবই লাগিব। ভাল চাই গিফ্ট এটা দি মনৰ কথাবিলাক কৈ পেলাব লাগিব। পিছে ভবা কথা নহয় সিদ্ধি, বোলে বাটত আছে কণা বিধি। পইচা? ক’ত পাওঁ পইচা? তেতিয়া পকেটত ৫০ টকীয়া এখন থাকিলে নিজকে ডুবাইৰ কোনোবা শ্বেখ যেন লাগিছিল। কিন্তু ভাই মোৰ কান্তাকতো আৰু ৫০ টকীয়া গিফ্ট দিব নোৱাৰো। কি ক’ৰা যায়! মনত হেজাৰ জল্পনা-কল্পনা, চিন্তা-চৰ্চা কৰি ঘৰ পালোগৈ। পঢ়া টেবুলতো চিন্তা সেয়াই কৰি থাকিলোঁ। ক’ত পাওঁ পইচা। হেজাৰটা বুদ্ধি উলিয়ালোঁ দেউতাক ১০০ টকা এটা খোজাৰ। কিন্তু নেচেল। ভাল পতিয়ন নিয়াব পৰা বুদ্ধি এটা নোলাল। হঠাৎ কিবা এটা মনত পৰি মোৰ মন-মগজুৰে চেৰেংকৈ বিজুলী এচাট বিয়পি গ’ল। হয়তো! অথনি মাই টকা ৩০০ থোৱা দেখিছিলোঁ ড্ৰেচিং টেবুলখনৰ ড্ৰয়াৰত। হৈ গ’ল বন্দোবস্ত। য়েচ্!! সাউতকৈ উঠি গৈ ১০০ টকা এটা আনি কিতাপৰ মাজত ভৰাই থ’লোঁ। উস্! প্ৰতিপক্ষৰ সৈন্য বাহিনীৰ মাজত অকলে খাৰা হৈ গোটেইখন তহিলং কৰি বীৰদৰ্পে ঘূৰি অহাৰ পিছত এনেকুৱাই লাগে চাগে’। কি কিনিম কি কিনিম ভাবি ভাবি পঢ়াৰ সময়খিনি খুব সুন্দৰকৈ ব্যৱহাৰ কৰি মায়ে দিয়া ভাত খাই বিচনাত পৰিলোঁ। অতি সোনকালে ভাঁহি গ’লোঁ অনাগত দিনৰ সোণালী মুহূৰ্তৰ সপোনৰ মাজত। আস্! কান্তা!

স্কুলত সেইদিনা সময়বোৰ নেযাই নুপুৱায় লাগিল। কেতিয়া ৩ টা বাজিব, কেতিয়া গিফ্ট কিনিম, কেতিয়া তাইক দিম, কেতিয়া ক’ম মোৰ মনৰ কথা। হামিয়াই হিকটিয়াই কল্পনাৰ ৰাজ্যত উটি-ভাঁহি যেনে-তেনে সময়বোৰ কটালোঁ। টিং-টিং-টিং-টিং। ফাগু দাই ফাইনেল বেল বজোৱাৰ লগে লগে ক্লাচৰ পৰা ওলাই চাইকেল উৰাই দিলোঁ “জ্যোতি গিফ্ট কৰ্ণাৰ”লৈ। বহুত বাচ-বিচাৰ কৰি, বাজেটৰ অংক কৰি অৱশেষত ৯৯ টকীয়া সৰু কিন্তু মৰম লগা পুতলা এটা ল’লোঁ। সৰুকৈ বুকুখনতে লিখা আছিল ‘আই লাভ ইউ”। মজ্জাহ্! পুতলা দেখিয়েই গম পাই যাব মোৰ বুকুত তাইলৈ কিমান মৰম। এতিয়া দিয়াহে কথা। চাইকেল ঘূৰাই দিলোঁ “আমাৰ চাহ” হোটেললৈ। তাতে তাই বোলে লগৰবোৰক জন্মদিন বুলি কিবা খুৱাব। গোপন সূত্ৰৰ পম খেদি খবৰটো সংগ্ৰহ কৰি থৈছিলোঁ। চাইকেলখন ৰখাই সোমাই গ’লোঁ হোটেলৰ ভিতৰলৈ। দেখা পালোঁ তাই বহি আছে নিজৰ গ্ৰুপটোৰ লগত। সীমান্ত, আকাশ, মূৰ্ছনা, নম্ৰতা আৰু মৌচুমী। মই “ইনভাইটেচন” পোৱা নাছিলোঁ যদিও “প্যাৰ কিয়া তো ডৰনা ক্যা” বুলি হৰিধ্বনি দি গ’লোঁ আগবাঢ়ি।

“হাই কান্তা। হেপ্পী বাৰ্থ-ডে। এইটো লোৱা।” বুলি সুন্দৰকৈ পেকিং কৰি অনা উপহাৰটো আগবঢ়াই দিলোঁ।
“থেংক ইউ” বুলি তায়ো উপহাৰটো লৈ টেবুলৰ ওপৰতে চিঙৰাৰ প্লেটখনৰ কাষতে থৈ দিলে। বহি থকা বাকী প্ৰাণীকেইটাৰ ফালে এবাৰ সেমেনা-সেমেনিকৈ চাই চুচুক-চামাককৈ গুচি আহিলোঁ। চাল্লা! কি ফাল্টু বে! গিফ্টটো লৈ এবাৰো বহা বুলি নক’লে। ধুৰ্! সেইজাক থকা কাৰণে কথাটো কবও নাপালোঁ। যাহ্! পুতলাৰ বুকুৰ “আই লাভ ইউ” চাই যদি কিবা বুজি পায় পাব আৰু।

ঘৰ গৈ পাই একোতে মন নবহা হ’ল। যেনেকৈ ভাবিছিলোঁ তেনেকৈ নফলিয়ালে প্লেনটো। সেই খকুৱাকেইটাৰ কাৰণেই চাল্লা য’ত সৱ গণ্ডগোল হ’ল। আৰু তাইনো এনেকুৱা কৰিব লাগেনে মোৰ লগত। চাইকেল ঠেলি ঠেলি খোজকাঢ়ি যাওতে দেখোন বৰ খিল-খিল হাঁহি। গিফ্টটো লৈও এব্বাৰ নক’লে বে বহা বুলি। ইজ্জত নাই নেকি বে অমুকাৰ! এইবোৰকে ভাবি ভাবি সন্ধিয়া পঢ়াৰ সময়খিনি বৰশী বাই বাই কটাই দি ৯:৩০ মান বজাত ভাত খাবলৈ বহিলোঁ। এ মজ্জা! মাই নৰসিংহ আৰু গৰৈ মাছৰ তৰকাৰি ৰান্ধিছে। আল্টি!! ভাত দুগৰাহমান মুখলৈ গৈছেহে, হঠাৎ দেউতাই মূৰ নোতোলাকৈয়ে সুধিলে –

“পুতলাটো কাক দিলি?”

মোৰ যেন খাদ্যনলীডাল হঠাৎ সৰু হৈ গ’ল! ভাতৰ গৰাহটো লাগি ধৰিল মাজবাটত! বুকুখনত একেলগতে দহটামান ঢেকীয়ে ধান বনা যেন শব্দ হ’বলৈ ধৰিলে। কেনেকৈ গম পালে দেউতাই? হাও? মই চকুকেইটাত হাজাৰ প্ৰশ্ন লৈ দেউতাক শুধিলোঁ – “কি পুতলা?”

দেউতাই একো নক’লে। অলপ পিছত সকলোৱে মনে মনে ভাত খাই উঠি গ’ল। ময়ো খুব খৰখেদাকৈ হাত-পাত ধুই বিচনাত পৰিবলৈ সাজু হ’লোঁ। জমদগ্নিৰ চকুৰ জুইত ভষ্ম হোৱাৰ আগতেই বিচনাত নিতাল মাৰি শুই থকাই ভাল। গামোচাখনেৰে হাতখন মচি গাটো ঘূৰাইছিলোঁহে, এনেতে…

সাৰৌপ ! সাৰৌপ!!

পিঠি দেৰদেৰাই গ’ল!!

আকৌ… চাটাপ! চাটাপ!

উদং কলাফুল ফালি তেজ ওলাই অহা যেন লাগিল!

“চোৰ চাল্লা! অসভ্য! পইচা চোৰ কৰ’? মাৰে চিলিণ্ডাৰ আনিবলৈ থোৱা পইচা নি পুতলা কিন?”

ঠাচ্! ঠাচ্! ধাপ্! ধাপ্!

“পঢ়া ৰসাতলে গ’ল। বৰ্বাদ হৈ গৈছ। আজি ১০০ টকা নিছ, কাইলৈ মাৰৰ গহনা নিবি। চাল্লা! বাপেৰ যে দিনটোত সেইফালেৰে পাক মাৰি থাকো গম নাপাৱ? ক’ৰ হোটেলত কি খাৱ, কোন ছোৱালীক কি দিয় বাপেৰে সব গম পাওঁ বুজিছ!”

সাৰৌপ! সাৰৌপ! সাৰৌপ!

“বুজিছনে নাই হো বুজিছনে নাই?”

সাৰৌপ! সাৰৌপ! সাৰৌপ!

সেই সময়ত মোৰ বুকুত কান্তা নামৰ ফুল এপাহ লাহেকৈ মৰহি গৈছিল, মোৰ কাৰ্বন ফ্ৰেমৰ বিতচকুযোৰ পকাত পৰি এখন লেন্স ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ গৈছিল আৰু দেউতাৰ হাতত এডাল ফলাখৰি জৰাসন্ধৰ দৰে দুফাল হৈ গৈছিল!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments