বিশিষ্ট নাট্যকৰ্মী দুলাল ৰয়ৰ মনৰ কথা

বিশিষ্ট নাট্যকৰ্মী দুলাল ৰয়ৰ মনৰ কথা

 Dulal Roy Image

সাক্ষাত্‍গ্ৰহণ – নয়নমণি হালৈ (সহযোগী – অংকুৰ দাস)

(আৰম্ভণিতেই একাষাৰ : সময় দি থোৱা অনুসৰি মই আৰু দাদা অংকুৰ দাস, দুয়ো গৈ বেলতলাত থকা দুলাল ৰয় ডাঙৰীয়াৰ চোতালত উপস্থিত হ’লো। কথা-বতৰাৰ আগতে মই ‘সাহিত্য ডট অৰ্গ’ৰ বিষয়ে তেখেতক থুলমূলকৈ বুজাই ক’লো। তাৰপিছত যেতিয়া এইবাৰৰ সংখ্যাটো ‘ভ্ৰাম্যমান থিয়েটাৰ’ বিশেষ সংখ্যা হিচাপে সজোৱা হ’ব আৰু তেখেতৰ লগতো সেই সম্পৰ্কেই কথা পাতিম বুলি ক’লো, তেখেত হতাশ হ’ল। যিহেতু তেখেত এমেছাৰ নাটকৰ লগত জড়িত আৰু জীৱনত কেতিয়াও ভ্ৰাম্যমান নাট্যদলৰ লগত জড়িত হৈ পোৱা নাই, গতিকে ভ্ৰাম্যমান নাটক সম্পৰ্কে কোনো মন্তব্য নাৰাখো বুলিয়ে ক’লে। কিন্তু নাটকৰ উত্তৰণৰ স্বাৰ্থত, সুস্থ চিন্তাৰ নাটক প্ৰদৰ্শনৰ বাট মুকলি কৰাৰ স্বাৰ্থত আমি কথা পাতিম বুলি কৈ তেখেতক মান্তি কৰালোঁ। ভ্ৰাম্যমানৰ নাটকৰ বৰ্তমানৰ ৰূপক লৈ তেখেত সন্তুষ্ট নহয়। আমি প্ৰায় এঘন্টা সময় নাটক আৰু আনুসংগিক বিভিন্ন কথা পাতিলোঁ। সকলোবোৰ কথা ইয়াত উল্লেখ কৰাটো সম্ভৱ নহয়। এই কথোপকথন তাৰ সম্পাদিত ৰূপ।)

সাহিত্য ডট অৰ্গ: অসমত অপেছাদাৰী নাটকক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট অৰিহণা আছে। সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমানৰ নাটকক লৈ আপুনি সুখী নে?

দুলাল ৰয়: সুখী নহয়। নাটকৰ নামত চলি থকা বৈদ্যুতিক কামবোৰ, কাৰিকৰী চমক, প্ৰযুক্তিৰ বহুল ব্যৱহাৰে ‘প্ৰকৃত নাটক’ৰ বিশাল ক্ষতি সাধন কৰিছে। ভ্ৰাম্যমান থিয়েটাৰবোৰে ‘বেড প্ৰিন্সিপল’ এটা ষ্টাৰ্ট কৰিছে।‘ষ্টাৰ আৰ্টিষ্ট’, ‘ৰেকৰ্ডিং মিউজিক’ এইবোৰে নাটকৰ ক্ষতি কৰিছে। তেওলোকে থিয়েটাৰৰ একো উন্নতি কৰা নাই। তেওলোকে এটা ইণ্ডাষ্ট্ৰি খুলিছে। বোম্বেত চিনেমাৰ যি ইণ্ডাষ্ট্ৰি ইয়াতো সেই একেই ইণ্ডাষ্ট্ৰি। মই সঁচা কথা কোৱা মানুহ। তেওলোকে নাটক প্ৰদৰ্শন কৰা নাই, কোনোবাই নাটকৰ নামত বহুৱালী আৰু কোনোবাই ‘চাৰ্কাচ’হে পাতিছে। ইয়াৰ মাজত যদি কৰবাত ভাল নাটক মঞ্চস্থ হৈছে তেন্তে মই নাজানো।

সাহিত্য ডট অৰ্গ:নাটক সাহিত্যৰে এটা অংগ। বৰ্তমান সময়ত ৪০ টাতকৈও বেছি দলে নাটক মঞ্চস্থ কৰি আছে। গড়ে ৩খনকৈ ধৰিলেও বছৰত ১২০ খন নাটক? ইয়াৰ মাজত সাহিত্য সৃষ্টি হয়নে?

দুলাল ৰয়: এজন মানুহে বছৰত খুব কষ্ট কৰিলেও দহখন নাটক লিখিব নোৱাৰে। আৰু যদি লিখে তেন্তে সেয়া নাটকো হব নোৱাৰে, সাহিত্যও হব নোৱাৰে। ভাল নাটক লিখিবলৈ হলে নাট্যকাৰগৰাকীৰ অধ্যয়নৰ পৰিধি বিশাল হব লাগিব। শংকৰদেৱে এবাৰ দুবাৰ নহয়, তিনিবাৰ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। তেওঁ পৃথিৱীখন দেখিছিল। এবাৰ দেখাতে সন্তুষ্ট নহল, তিনিবাৰ ভ্ৰমণ কৰিলে। তেওঁ এটা মৌ মাখিৰ দৰে ঘুৰি ফুৰি দেখিছিল, বুজিছিল, ৰস আহৰণ কৰিছিল। গতিকে নামঘৰ সৃষ্টি কৰাৰ পৰা, নাটক লিখাৰ পৰা, ঢোলত চাপৰ দিয়াৰ পৰা, সাহিত্য সৃষ্টি কৰালৈ সকলো সম্ভৱ হৈছিল। অসমতে সোমাই থকা হ’লে হয়তো তেওঁ এইবোৰ কৰিব নোৱাৰিলেহেতেন। কিন্তু বৰ্তমানৰ নাট্যকাৰৰ মাজত শ্ৰম বা অধ্যয়ন চকুত নপৰে।

সাহিত্য ডট অৰ্গ: সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমানৰ নাটকত বহুল ভাৱে ব্যৱহাৰ হোৱা এটা বিষয় হৈছে ‘কাৰিকৰী চমক’। ভ্ৰাম্যমানত ‘টাইটানিক’ মঞ্চস্থ হোৱাৰ পিছত ইয়াৰ ব্যৱহাৰ অধিক দেখা পোৱা গৈছে। টেকন’লজীৰ বহুল ব্যৱহাৰ আৰু প্ৰযুক্তিৰ চমকে নাটকৰ উন্নতি কৰা বুলি আপুনি ভাবেনে?

দুলাল ৰয়: ‘টাইটানিক’ৰ পৰাই আৰম্ভ হ’ল নে কেতিয়াৰ পৰা আৰম্ভ হ’ল মই নাজানো।কিন্তু হোৱাই টাইটানিক? টাইটানিক ৱাজ এ প্লে? এতিয়া প্লে মানে কি মানুহক বুজাই ক’ব লাগিব নেকি! হোৱাট ইজ এ ডেফিনেচন অৱ এ প্লে? ক্লাচিকেল প্লে, মডাৰ্ণ প্লে, ট্ৰেডিচনেল প্লে, ফক প্লে, মই ইয়াৰ ডেফিনেচন দিব লাগিব নেকি! টাইটানিক এখন চিনেমা। মঞ্চত কেতিয়াও চিনেমা প্ৰদৰ্শন হব নোৱাৰে। নাটকত ‘গিমিক’ মই সমৰ্থন নকৰো। থিয়েটাৰ যদি ‘মেজিক’ হয়, থিয়েটাৰ যদি ‘গিমিক’ হয়, তেন্তে সেয়া থিয়েটাৰ নহয়। সেইবোৰ মেজিক, নাটক নহয়। তাক থিয়েটাৰ বুলি ভবা সকলে পি চি সৰকাৰৰ তাত যাওক। আৰু এটা কথা, এইবোৰ কথা মই কিয় কব লাগে? অসমীয়া মানুহ অন্ধ নেকি? অসমীয়া মানুহৰ ৰুচিবোধ নাই নেকি?

সাহিত্য ডট অৰ্গ: কিন্তু চাৰ, যোৱাবছৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নাটকখন মঞ্চস্থ কৰা হৈছিল। তাৰ আগত ‘বিষ্ণুপ্ৰসাদ’ মঞ্চস্থ হৈছিল। এইবছৰো এটা নাট্যদলে ‘মিৰি জিয়ৰী’ মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে। মননশীল নাটক ভ্ৰাম্যমানৰ মঞ্চতো মঞ্চস্থ হৈছে। কিন্তু দেখা গৈছে তাত মানুহৰ ভিৰ নাই। মানুহে তেনে নাটক আদৰি লোৱা নাই।

দুলাল ৰয়:দৰ্শক, প্ৰযোজক দুয়োপক্ষৰে কৰণীয় আছে। প্ৰযোজকসকলে কোটি কোটি টকাৰ ব্যৱসায় কৰে। তেওলোকে গুৱাহাটীত কলিকতাৰ ‘বিশ্বৰূপা’ৰ দৰে কিয় এটা ‘হল’ (প্ৰেক্ষাগৃহ) বনাব নোৱাৰে! ভাল নাটক দেখুৱাবলৈ তেওলোকে এনে ব্যৱস্থা নিশ্চয় কৰিব পাৰে। পাচজন বা ছয়জন ‘প্ৰডিউছাৰ’ লগ-লাগি এনে ‘হল’ বনাব পাৰে। তেওলোকে সেয়া নকৰে। দৰ্শকৰো ৰুচিবোধ কম। এতিয়া নহয়, আগৰ পৰাই। যিটো জাতিয়ে শ্ৰীৰামপুৰৰ গেটখনকে পাৰ হৈ পোৱা নাই, সেইটো জাতিৰ আৰু ৰুচিবোধ বুলি কিবা আছে বুলি মই নাভাবো। কথা হ’ল ভাল কামৰ চৰ্চা অহৰহ হব লাগিব, বেছিকৈ হব লাগিব। কিন্তু বৰ্তমান সময়ত এনে চৰ্চা হোৱাৰ পৰিৱেশ দেখা নাই।

সাহিত্য ডট অৰ্গ: তাৰমানে আমি হতাশ হৈয়ে থাকিব লাগিব নেকি?

দুলাল ৰয়: নিশ্চয় লাগিব। তাৰ বাহিৰে আৰু উপায় কি? অন্যথা আন্দোলন কৰিব লাগিব। আজিকালি দেখোন সকলোতে আন্দোলন।‘ভাল নাটক দেখুৱাওঁক’ বুলিও আন্দোলন কৰিলে হ’ল।আপোনালোকে (দৰ্শকে) আন্দোলন নকৰে কিয়?

সাহিত্য ডট অৰ্গ: আপুনি এইক্ষেত্ৰত কি কৰিছে?

দুলাল ৰয়:মই দুয়োফালে কটা যোৱা দা হৈ থাকিব নোখোজো। মোৰ দৃষ্টি এটাই। মই যিমানখিনি পাৰো এমেছাৰ থিয়েটাৰৰ বাবে কাম কৰিছোঁ, কৰি যাম। নোৱাৰা কাম এটাতো কৰিব যাব নোৱাৰো।

সাহিত্য ডট অৰ্গ: কিন্তু এমেছাৰ নাটক অধিক সংখ্যক দৰ্শকৰ মাজলৈ যোৱাৰ উপায় কি? দেখা গৈছে এনে নাটক ডাঙৰ চহৰ বা মফচলীয় চহৰখিনিতে আবদ্ধ হৈ আছে।

দুলাল ৰয়:এমেছাৰ নাটক কেতিয়াও গাঁৱে গাঁৱে, দুৱাৰে দুৱাৰে কৰা বস্তু নহয়। এনে ইতিহাস কোনোবাই দেখুৱাব পাৰিবনে, যে আয়াৰলেণ্ডত কোনোবাই এইটো কৰিছে বা পোলেণ্ডত এইটো কৰিছে? শ্বেক্সপীয়েৰে ‘ৰেগুলাৰ’ থিয়েটাৰ কৰা সুবিধাটো যদি নাপালেহেতেন, বিশ্বত তেওঁৰ নাটকৰ যি চাহিদা বা সমাদৰ, সেয়া লাভ কৰিব নোৱাৰিলেহেতেন। তেও গাঁৱে-ভূঞে নাটক লৈ যোৱা নাছিল। আমাৰ ইয়াত গাঁৱে-ভূঞে গ’লেহে থিয়েটাৰ হ’ব। গাঁৱে-ভূঞে যি দিব লাগে সেয়াতো পাঁচশ বছৰ আগতে শংকৰগুৰুৱে দি থৈ গৈছে। তাত নামঘৰ দিছে, ভাওনা দিছে, নামঘোষা দিছে, কীৰ্তনঘোষা দিছে। ইমানবোৰ সত্ৰ দিছে। তাত তেওঁলোকে যি ‘এন্টাৰটেইনমেন্ট’ পাইছিল, সেই ‘এন্টাৰটেইনমেন্ট’ কোন থিয়েটাৰে দিব হে? বিছনা চাদৰ এখন টানি নাটক কৰি যিটো ফলাফল হব, সেয়াতো শুদ্ধ এমেচাৰ হব নোৱাৰে।

সাহিত্য ডট অৰ্গ: ভ্ৰাম্যমান থিয়েটাৰৰ জগতখনত এতিয়া ‘ধনী প্ৰযোজক’ৰ আগ্ৰাসন দেখা যায়। প্ৰায় এবছৰ আগৰ পৰাই তেওঁলোকে বিভিন্ন মাধ্যমত নাটকৰ বিজ্ঞাপন আৰম্ভ কৰে। টিভিত ট্ৰেইলাৰ দেখুওৱা, গানৰ ভিডিঅ আগতিয়াকৈ মুকলি কৰা.. এইবোৰৰ বাবে তেওলোকে অপৰ্যাপ্ত ধন খৰচ কৰে। কিন্তু যিসকল প্ৰযোজকে এনেদৰে ধন খৰচ কৰিব নোৱাৰে অথচ ‘গুণগত দিশত উন্নত নাটক’ দেখুৱাম বুলি ভাবে, ইয়ে তেওঁলোকৰ অসুবিধা কৰা নাই জানো? এই ক্ষেত্ৰত কিবা নীতি-নিৰ্দেষনা থাকিব লাগে নেকি?

দুলাল ৰয়: থাকিব লাগে। কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আঁৰি দিয়া কামটো কোনে কৰিব? মই জনাত তামোল পাণ, কণীৰ দৰে নাটকতো এতিয়া ছিণ্ডিকেট আৰম্ভ হৈছে। ভ্ৰাম্যমানৰ ক্ষেত্ৰত ইমান সহজ বুলি ভাবিছে নে? কবলৈ গলে আপোনাৰ কোন মূহুৰ্তত কি হয় ঠিক নাই। ভ্ৰাম্যমানক লৈ বুকু ফিন্দোৱা কামটো মই নকৰো। মোক ভগবানে কৈছে, বাপা তই তালৈ নাযাবি, ইয়াতে কিবা কৰিব পাৰ কৰ, নোৱাৰিলে নাই, কিন্তু তই ভ্ৰাম্যমানলৈ নাযাবি। আজি ভ্ৰাম্যমানত অভিনয় কৰি থকা বহুকেইজন ‘ষ্টাৰ’ক মই আঙুলিত ধৰি অভিনয় শিকাইছিলোঁ। তেওঁলোকে উন্নতি কৰিছে সেয়াই সুখৰ কথা। কিন্তু তেওঁলোকৰ কোনোবাজনে নাটকৰ নামত বহুৱালি কৰিলে মোৰ ভাল নালাগে।

সাহিত্য ডট অৰ্গ: হয়তো পেছাৰ খাতিৰত, অৰ্থৰ খাতিৰত কেতিয়াবা মনে নিবিচৰা চৰিত্ৰতো অভিনয় কৰিবলগীয়া হয়।

দুলাল ৰয়: কিন্তু তাৰে বহুকেইজনৰ অৰ্থ উপাৰ্জনৰ পথ আছে নহয়। বহুকেইজনে চৰকাৰী চাকৰিও কৰে।

সাহিত্য ডট অৰ্গ: কিন্তু যাৰ চৰকাৰী চাকৰি নাই, অভিনয়েই একমাত্ৰ পেছা, তেওঁলোকৰ ক্ষেত্ৰত?

দুলাল ৰয়: তেও খাদ্য অখাদ্য বিচাৰ নকৰে। যি আগত পৰে তাকে খাব।

সাহিত্য ডট অৰ্গ: নাটক ভাল পোৱা মানুহ এতিয়াও আছে। আশা কৰিব পাৰোনে যে ভ্ৰাম্যমানৰ নাটকৰ ক্ষেত্ৰ খনলৈও পৰিবৰ্তন আহিব?

দুলাল ৰয়: বৰ্তমান যি চলি আছে, তালৈ চায় মই আশা নকৰো।

সাহিত্য ডট অৰ্গ: ভ্ৰাম্যমান নাটকৰ হোতা ব্ৰজনাথ শৰ্মা বা অচ্যুত লহকৰৰ দৰে ব্যক্তিয়ে উচিত সন্মান পোৱা বুলি আপুনি ভাবেনে?

দুলাল ৰয়: অচ্যুত লহকৰ ভ্ৰাম্যমানৰ থিয়েটাৰৰ হোতা, ঠিক আছে। কিন্তু ব্ৰজনাথ শৰ্মা ভ্ৰাম্যমানৰ হোতা হ’ল কেনেকৈ? অচ্যুত লহকৰ কেতিয়াও এজন অভিনেতা নাছিল। হি ইজ এ টেকনিকেল মেন। তেওৰ উদ্দেশ্য আছিল সম্পূৰ্ণ আছিল ব্যৱসায়িক। আৰু তাত তেওঁ সফল। কিন্তু তেওৰ লগত ব্ৰজনাথ শৰ্মাক তোমালোকে কিয় আনা? ব্ৰজনাথ শৰ্মাৰ যিখিনি অৰিহণা সেয়া অনবদ্য। তেও একেধাৰে এজন ভাল অভিনেতা, নাট পৰিচালক, সংগীত পৰিচালক, নৃত্য পৰিচালক। তেওঁ কেতিয়াবা গৰুগাড়ীত, কেতিয়াবা মটৰ গাড়ীত ছ্যুটকেছ এটাত নাটকৰ বস্তুবোৰ ভৰাই লৈ বিভিন্ন ঠাইত নাটকৰ নামত ঘুৰি ফুৰিছিল। তেও ট্ৰাকত উঠাই চাৰ্কাচ পাৰ্টিৰ দৰে লৈ ফুৰা নাটকৰ মানুহ নাছিল নহয়। তেন্তে কিয় তেওক ভ্ৰাম্যমানৰ হোতা বুলি কোৱা হয়? মইওনাটকৰ মানুহ লৈ দিল্লীত গৈছো, তেজপুৰ গৈছো, কলিকতা গৈছো, ডিগবৈ গৈছো, মাৰ্ঘেৰিটাত গৈছোঁ। মই কি ভ্ৰাম্যমান নেকি? কিন্তু মানুহে নজনাকৈ তেওঁকো পাতি দিলে ভ্ৰাম্যমানৰ হোতা। আপোনালোকে এই কথাবোৰ উপলব্ধি কৰা দৰকাৰ। তেওঁ এমেছাৰ থিয়েটাৰৰ এজন সম্পূৰ্ণ শিল্পী আছিল।

সাহিত্য ডট অৰ্গ: অলপতে ব্ৰজনাথ শৰ্মা নাট সমাৰোহ হৈ গ’ল। তাত এখন নাটক আছিল ‘চাকিৰা আহিব বকুল তলৰ বিহুলৈ’। মই নাটকখন চোৱা নাই। কিন্তু নাটকৰ নামটোৱে দৰ্শকৰ মনত ‘চমক’ সৃষ্টি কৰিব খোজা যেন লাগে। এনেদৰে ক’ব পাৰো নেকি যে এমেছাৰ নাটকতো পৰিবৰ্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে?

 দুলাল ৰয়: সেয়া উচিত হোৱা নাই। ব্ৰজনাথ শৰ্মাৰ নামত অনুষ্ঠিত সমাৰোহ এখনত বিচাৰ বিবেচনা কৰি নাটকক স্থান দিব লাগে।

সাহিত্য ডট অৰ্গ: কিন্তু উক্ত নাটকৰ পৰিচালকজন এগৰাকী এন.এছ.ডিৰ স্নাতক।

দুলাল ৰয়: এন.এচ.ডিৰ স্নাতক হোৱাটো ডাঙৰ কথা নহয়, কিন্তু ডাঙৰ কথা তুমি কি কৰিছা। অসমত তুমি কি কৰিবা। নাটকৰ মাজলৈ চাকিৰা কিয় আহিব লাগে? মই জ্যোতিপ্ৰসাদক লৈ নাটক কৰিছিলো। ৰামনৱমী কৰিছিলো। ভোগজৰা, নীলাম্বৰ আদি নাটক কৰিছিলো। মানুহে চোৱা নাছিল নেকি? মোৰতো কোনোদিন দৰ্শকৰ অভাৱ হোৱা নাই। সোনাৰাম হাইস্কুলৰ ফিল্ডত যেতিয়া ‘জ্যোতিপ্ৰসাদ’ কৰো হাজাৰ হাজাৰ মানুহে চাইছে। চমক সৃষ্টি কৰি মানুহক নাটক চাবলৈ বাধ্য কৰাব নালাগে। ভাল নাটক মানুহে চাবই। আৰু নাচালেই যেনিবা সেইবুলি সকলোবোৰ দেখুৱাম নেকি? এন.এছ.ডিৰ পৰা আহিলা বুলিয়ে এমেচাৰ নামত যি মন যায় তাকেই কৰিবা নেকি? আকৌ আমাৰ মাজত থকা ঠেলাৱালা এজন নাটকৰ চৰিত্ৰ হব নোৱাৰে নেকি? যদি ‘দো বিঘা জমিন’ হব পাৰে, ঠেলাৱালা এজনক লৈ কিয় নাটক হব নোৱাৰে।হাজাৰ হাজাৰ চৰিত্ৰ আমাৰ মাজতে আছে। তেওঁলোকক লৈ নাটক হব নোৱাৰে নেকি? তেওঁলোকক বিচাৰি উলিওৱা। কিহৰ বাবে নাটকৰ মাজত শ্বাকিৰা বা শ্বাহৰুখ খানক আনিব লগা হ’ল। এয়া ঠিক নহয়।

সাহিত্য ডট অৰ্গ: অকল নাটকেই নহয়, এতিয়া সাহিত্যতো সৰু সৰু মানুহ, তেওঁলোকৰ জীৱনৰ ছবি খুব কমেই দেখা পাও। আপোন মাটিৰ লগত সম্পৰ্ক নথকা চৰিত্ৰৰ ভিৰ বেছিকৈ দেখা গৈছে।

 দুলাল ৰয়: মাটিৰ পৰা আঁতৰি অহা কাৰণেই এয়া হৈছে। জীৱনৰ অভিজ্ঞতা এসময়ত যিখিনি পাইছিলো, সেয়া কমি আহিছে। মোৰ যদি মূল্যবোধ নাই, সমাজক মই কি দিম! মোৰ পৰা সমাজে কি পাব! আমাৰ মানুহ কেৰিয়াৰৰ পিছত দৌৰিছে, গ্লেমাৰৰ পিছৰ দৌৰিছে। গতিকে তাৰ প্ৰতিফলন নাটকতো পৰিছে।

সাহিত্য ডট অৰ্গ: সাম্প্ৰতি ভ্ৰাম্যমানৰ নাটকে আপোনাক হতাশ কৰিছে বুলি গম পাইছোঁ। কিন্তু আপুনি নাট্য-জগতৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি। উত্তৰ পূৰ্বাঞ্চলৰ আপুনি প্ৰথম গৰাকী এন.এছ.ডিয়ান।

গতিকে ইতিবাচক পৰিৱৰ্তনৰ কাৰনে আপুনি অসমৰ নাট্যকৰ্মীক কি বাৰ্তা দিব খোজে?

দুলাল ৰয়: বাৰ্তা দিব পৰা মানুহ মই নহয়। এন.এছ.ডিত পঢ়ি অহা বুলিও মই গৌৰৱ নকৰোঁ। মাথোঁ ইয়াকে কওঁ, সততাৰে, শুদ্ধতাৰে, ভাল চিন্তাৰে, নাটক কিয় কৰা হয়, ক’ত কৰা হয় আৰু কেনেদৰে কৰা হয়, কেনেদৰে কৰিলে মানুহক আকৃষ্ট কৰিব পাৰি, ভাল নাটক কিয় কৰিব লাগে, এই সকলোবোৰ অধ্যয়ণ কৰি নাট্যদলবোৰ আগবাঢ়ক। নাটক লাগিলে মহাভাৰতীয় নাটকে হওক, ভাৰতীয় আধুনিক নাটকে হওক অথবা ভাৰতৰ যিকোনো প্ৰান্তৰে হওক বা আমাৰ অসমৰ আধুনিক নাটকৰ গুৰি ধৰোতাসকলৰ নাটকে হওক, আমি সকলোকে সন্মান জনাব লাগিব। আৰু এটা কথা, শংকৰদেৱ, মাধৱদেৱৰ অংকীয়া ভাওনা অথবা পশ্চিমীয়া নাটককো আমি আদৰ সন্মান কৰিব লাগিব, পৰীক্ষা নিৰিক্ষাৰে আগুৱাই যাব লাগিব। গ্ৰীক থিয়েটাৰৰ পৰা আৰম্ভ কৰি চেফোক্লিছ ,তাৰ পৰৱৰ্তী সময়ৰ ইবচেন, বাৰ্ণাড শ্বো, ছেমুৱেল বেকেট আদিৰ নাটক নপঢ়িলে ‘মগজু’ খোলা নাযায়। মগজু যেতিয়া খোল নাখাব, তেতিয়া আমি যিহকে পাও তাকেই কৰি সমাজৰ দায়বদ্ধতা পালন কৰা বুলি ক’লে নহব। নাটক কাৰো পৈতৃক সম্পত্তি নহয়। শ্বেক্সপীয়েৰে কব নোৱাৰে যে এইখন মোৰেই নাটক, গতিকে কেৱল ইংলেণ্ডতে চলক। নাটকত বিশ্বজনীন আবেদন থকা উচিত। তেনে নাটক আমি চাব লাগিব। ভাল বস্তু সমাজত দিবলৈ চেষ্টা কৰিলে ভাল সমাজ এখন আমি পাম। যদি বেয়া বস্তুৰ আমি অহৰহ চৰ্চা কৰি থাকো তেন্তে সিয়ে বেয়া মানসিকতাৰেই আমাৰ সমাজখন আগুৱাই নিব। গতিকে বেয়া মানসিকতাৰে আমাৰ সমাজখন আগুৱাই নিয়াৰ সলনি ভাল বস্তু দিবলৈ, লবলৈ চেষ্টা কৰা উচিত। লাগিলে সেয়া সংখ্যাত কমেই হওক। এটা ভাল বস্তু ধাৰাবাহিক ভাৱে যদি সমাজক দি থকা হয়, তাক এদিন নহয় এদিন গ্ৰহণ কৰিবই। এবাৰতে হতাশ হলে কেনেকৈ হব! বাহিৰত মোক এগৰাকী প্ৰখ্যাত ব্যক্তিয়ে কৈছিল ‘সংস্কৃত নাটক যদি ভাৰতীয় নাটকৰ পিতৃ হয়, তেন্তে অংকীয়া নাটক হ’ল ইয়াৰ প্ৰথম পুত্ৰ’। গতিকে এই গৌৰৱ আমি ভবিষ্যতলৈ বহন কৰি নিব লাগিব। গতিকে ভাল নাটক, শুদ্ধ নাটকৰ চৰ্চা অব্যাহত থাকিবই লাগিব।

সাহিত্য ডট অৰ্গ: সাহিত্য ডট অৰ্গৰ পৰা আপোনাৰ মনৰ কথা আমাৰ লগতে সমগ্ৰ বিশ্বত বিয়পি থকা অসমবাসীক জানিবলৈ দিয়া বাবে আপোনাক আন্তৰিক ধন্যবাদ।

দুলাল ৰয়: ধন্যবাদ।

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

ভাল লাগিল।‌ যদিও বিষয়টো বাছনিৰ ক্ষেত্ৰত কওঁ যে এতিয়া ভ্ৰাম্যমানৰ মান যে নিম্নগামী হৈছে সেয়া সৰল স্বীকাৰ্য।‌মাত্ৰ প্ৰযোজকসকলৰ বাহিৰে এতিয়া একাংশ অভিনেতা অভিনেত্ৰীয়েও এই কথা মানি লোৱা দেখা গৈছে। ৰয় ডাঙৰীয়াৰ পৰা অপেছাদাৰী নাটক সম্পৰ্কেহে আৰু অধিক জনাৰ আগ্ৰহ আছিল।‌ কাৰন তেখেত এইখন জগতৰ মহীৰূহ।‌ তথাপিও এই শুভ প্ৰচেষ্টাৰ শলাগ লৈছোঁ।‌

Sandeep Barman
5 years ago

ভাল লাগিল।‌ যদিও বিষয়টো বাছনিৰ ক্ষেত্ৰত কওঁ যে এতিয়া ভ্ৰাম্যমানৰ মান যে নিম্নগামী হৈছে সেয়া সৰল স্বীকাৰ্য।‌মাত্ৰ প্ৰযোজকসকলৰ বাহিৰে এতিয়া একাংশ অভিনেতা অভিনেত্ৰীয়েও এই কথা মানি লোৱা দেখা গৈছে। ৰয় ডাঙৰীয়াৰ পৰা অপেছাদাৰী নাটক সম্পৰ্কেহে আৰু অধিক জনাৰ আগ্ৰহ আছিল।‌ কাৰন তেখেত এইখন জগতৰ মহীৰূহ।‌ তথাপিও এই শুভ প্ৰচেষ্টাৰ শলাগ লৈছোঁ।‌

Momtaj Sultana
2 years ago

ৰয় ডাঙৰীয়াৰ পৰা অপেছাদাৰী থিয়েটাৰ সম্পৰ্কেহে আৰু অধিক জনাৰ প্ৰয়োজনবোধ কৰিছো।আশা কৰো এই বিষয়ে কিবা আছে যদি জনাব।
শুভ প্ৰচেষ্টাৰ শলাগ লৈছোঁ।‌ভাল লাগিল পঢ়ি ।বহু কথা জানিবলৈ পোৱাৰ হেতুকে ধন্যবাদ জ্ঞাপন কৰিলো ।