উত্তৰণ যাদুঘৰত সভ্যতা-সংস্কৃতিৰ চানেকি- সংগ্ৰাহক দুৰ্লভ বড়াৰ মনৰ কথাৰে (ভাস্কৰজ্যোতি দাস আৰু জামালুদ্দিন আহমেদ)

উত্তৰণ যাদুঘৰত সভ্যতা-সংস্কৃতিৰ চানেকি- সংগ্ৰাহক দুৰ্লভ বড়াৰ মনৰ কথাৰে

 

সাক্ষাৎগ্ৰহণ:  ভাস্কৰজ্যোতি দাস আৰু জামালুদ্দিন আহমেদ

 

 

দুৰ্লভ বড়া। দেখাত এজন সাধাৰণ মানুহ, কিন্তু এইজন মানুহে নিজৰ ব্যতিক্ৰমী চিন্তাৰে তথা মূলধন ৰূপে নিজৰ অভিযন্তাৰ চাকৰিৰ দৰমহাৰ টকাকেইটাৰে পাৰ্থিৱ তথা গতানুগতিক লাহবিলাহৰ বিপৰীতে হেৰাই যাবলৈ ধৰা সমল উদ্ধাৰ, সংৰক্ষণ আৰু গৱেষণাত নিজকে উৎসৰ্গা কৰি ২০০৩ চনৰ শিৱসাগৰৰ জয়সাগৰ এলেকাৰ বৰদুৱাৰমুখত নিজা মাটিতে গঢ়ি তুলিলে এক সপোনৰ অনুষ্ঠান। নাম উত্তৰণ যাদুঘৰ। এই যাদুঘৰত সংগৃহীত হৈ থকা সমলসমুহৰ বাবে কৰা কষ্টৰ লগতে অনুষ্ঠানটো নিজ হাতেৰেই সাজি উলিয়ালে তেখেতে। বিলুপ্তপ্ৰায় ঐতিহাসিক সমল, ভাস্কৰ্য্য, চিত্ৰ, পৌৰাণিক মুদ্ৰা, ৰজাদিনীয়া টেমাজড়ি, উত্তৰ-পুৱৰ লোক-শিল্প ইত্যাদিসমূহক ধৰি মুঠ সাত হাজাৰৰো অধিক সমলেৰে এই যাদুঘৰটো সমৃদ্ধ হৈ আছে।

 

এইজন ব্যতিক্ৰমী ব্যক্তিৰ মনৰ বতৰা এই সংখ্যাৰ সাহিত্যৰ পাঠকসমাজলৈ আগবঢ়োৱা হ’ল-

সাহিত্য ডট্‌ অৰ্গ: উত্তৰণ যাদুঘৰৰ প্ৰতিষ্ঠাতা হিচাপে আপোনাৰ ব্যক্তিগত জীৱনত ইয়াৰ প্ৰাসংগিকতা কি? ইয়াৰ জন্মৰ আঁৰৰ কাহিনীৰ বিষয়ে আমাক জনাবনে?

দুৰ্লভ বড়া:- পাৰ হৈ অহা সফলতা বিফলতাবোৰৰ পৰা মৃত্যু পৰ্য্যন্ত কৰি যাবলগীয়া খিনি কেতিয়াবা নিজৰ বাবে প্ৰাসঙ্গিক হৈ পৰে। উত্তৰণ যাদুঘৰ যদি সফল সৃষ্টি বুলি ভাবোঁ তেন্তে সফল মুহূৰ্তবোৰৰ পৰা অন্য এক সফলতাৰ দিশলৈ আগবাঢ়ি যাবলৈ সফলতাৰে পাৰ হৈ অহা সময়সাপেক্ষ পদক্ষেপবোৰ মোৰ বাবে প্ৰাসঙ্গিক। পৃথিৱীত অজস্ৰ লোকে সমাজলৈ অৱদান আগবঢ়াই গৈছে আৰু ভৱিষ্যতেও এই পৰিক্ৰমা অব্যাহত থাকিব। সি চিৰন্তন সত্য। য’ত বৌদ্ধিক চেতনাৰ প্ৰয়োজন আছে। আজন্মভাবে বহুলোকৰ মনৰ মাজত সৃষ্টিৰ হাবিয়াস নিহিত হৈ থাকে। হয়তো মোৰ মনৰ মাজতো তেনে এটা ভাৱে আজন্মভাৱে ঠাই পাইছিল। বাস্তৱ পৰিস্থিতি আৰু পৰিৱেশত পৰিৱৰ্তন সাধনৰ বেলিকা মানুহৰ মাজলৈ কিবা এটা বিষয় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাদুঘৰ বিষয়টোকে বাচি ল’লোঁ আৰু আজি মোৰ ভাৱনাৰ সাকাৰ ৰূপ দি সেৱা আগবঢ়োৱৰ চেষ্টা অব্যাহত ৰাখিছোঁ।

 

সাহিত্য ডট্‌ অৰ্গ:- বহুজনেই কয়- উত্তৰণ যাদুঘৰ আৰু দুৰ্লভ বৰা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। এইক্ষেত্ৰত আপোনাৰ মতামত।

দুৰ্লভ বড়া:- হয়। দুৰ্লভ বড়াই এটা ব্যক্তিগত যাদুঘৰ নিৰ্মানৰ পদক্ষেপ লয়। দৰ্শনাৰ্থীৰ বাবে ২০০৮ চনত এটা পৰ্যায়ত ৰাজহুৱাভাৱে দুৱাৰ মুকলি হয়। দুৰ্লভ বড়া আৰু উত্তৰণ দুয়োটা এতিয়া একাকাৰ। যাদুঘৰ চোৱাৰ পাচত মোক মানুহে চাবলৈ বিচাৰে। তাৰ পৰাই এটা মুদ্ৰাৰ দুয়োটা পিঠি সংলগ্ন হৈ আছে।

সাহিত্য ডট্‌ অৰ্গ: এটা যাদুঘৰে ইতিহাসৰ সমলসমুহ কঢ়িয়ায়। এইসমুহে উঠি অহা প্ৰজন্ম এটাৰ হাতত এৰি অহা সময়বোৰৰ খটিয়ান তুলি ধৰে। এই মহান কামটো হাতত লোৱাৰ পুৰ্বে আপোনাক কোনো ব্যক্তি বিশেষে কিবা ধৰণেৰে সহায় কৰিছিলনে?

দুৰ্লভ বড়া:- যাদুঘৰ বিষয়টো স্বতঃস্ফুৰ্তভাৱে মোৰ মনলৈ অহা বিষয়। যাদুঘৰে সময়ৰ বুকুত হেৰাই যোৱা সমাজ জীৱনৰ সমলসমূহ ধৰি ৰাখে। সেই পাৰ হৈ যোৱা অতীতেই আজিৰ সমাজ জীৱনৰ মৌলিক ভেটি। য’ত ভাষা, সাহিত্য, কৃষি, চিন্তা ইত্যাদি প্ৰতিটো দিশৰ গতি ধাৱমান হৈ আছে। তাৰ পৰাই মানুহে উন্নতিৰ জখলাত আগুৱাই যাবলৈ সক্ষম হৈছে। য’ত অতীত হেৰাই যায় তাত বৰ্তমানৰ বুকুৱেদি ভৱিষ্যতৰ ব্যক্তিও সমাজ জীৱনত অৰ্থহীন। মোৰ জন্মই জানো অতীত নহয়? এনেধৰণৰ কথাবোৰে মোৰ মনত ক্ৰিয়া কৰি আছে। অতীতক ধৰি ৰখা মানে মোৰ জন্মক ধৰি ৰখা। আৰু অনেক কথা যিবোৰে মোক নিজা-ববীয়াকৈ কিবা এটা কৰিবলৈ আত্ম নিৰ্দেশনা যাঁচিলে।

সাহিত্য ডট্‌ অৰ্গ: যাদুঘৰৰ সমল সংগ্ৰহ কৰাটো এটা জটিল প্ৰক্ৰিয়া। এইসমূহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আপুনি অসুবিধাৰ সমুখীনো হৈছিলনে?

দুৰ্লভ বড়া:- যাদুঘৰৰ সমল সংগ্ৰহ এটা জটিল প্ৰক্ৰিয়া। সেই কথা মই বুজি পাইছোঁ যে  এক অনুসন্ধান অধ্যয়নৰ যোগেদিহে সমলসমুহ বুটলিব পাৰি। যাদুঘৰত আহোম যুগৰে বস্তু আছে এনে নহয়। ইয়াত অতীতৰ সমাজ জীৱনৰ বহু বস্তু সংৰক্ষিত হৈ আছে। ক্ৰম বিৱৰ্তন সমাজ এখন সকলো দিশৰ সংমিশ্ৰণৰ আধাৰত গঢ় লৈ উঠে। সেইবাবে যাদুঘৰৰ সংৰক্ষিত সমলবোৰ নিৰ্দ্দিষ্ট সময়ৰ সীমাবদ্ধতাৰ আবেষ্টনীত ধৰি ৰখা নাই।

সাহিত্য ডট্‌ অৰ্গ: সময়ে বহুক্ষেত্ৰত পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়ায়। এনে বহু উদাহৰণ পৃথিবীত আছে য’ত নেকি একো একোটা অনুস্থানৰ সঠিক কাৰ্য্যব্যৱস্থা নোহোৱাৰ বাবে এটা সময়ত ই কালৰ বুকুত বিলীন হৈ যায়। উত্তৰণ যাদুঘৰৰ ক্ষেত্ৰত আপোনাৰ মতামত। কিবা বিশেষ কাৰ্য্যপন্থা আপুনি চিন্তা কৰিছে নেকি?

দুৰ্লভ বড়া:- পৰিৱৰ্তন এটা স্বাভাৱিক প্ৰক্ৰিয়া। পুৰণাক পৰিহাৰ কৰি নতুনক আঁকোৱালি লোৱাৰ মাদকতা থাকে। পৰিৱৰ্তনে সৃষ্টি আৰু ধ্বংস দুয়োটাই কঢ়িয়াই আনে। সময়ে তাক আহ্বান জনায়। তথাপি সভ্যসমাজে পৰিৱৰ্তনৰ শুদ্ধৰূপটোহে কামনা কৰে। আনহাতে সভ্যতাৰ জখলাত নতুনক আদৰি লোৱা মানে সমানে সমানে সমাজ জীৱনৰ অতীতক ধৰি ৰখাটো সভ্যতাৰ উন্নতমানৰ অৱস্থা। উত্তৰণ যাদুঘৰে সময়ৰ সকলো কাল ধৰি ৰখাৰ চেষ্টা কৰে। য’ত অতীত বৰ্তমান ভৱিষ্যতৰ বাস্তৱ সমন্বয়ৰ ক্ষেত্ৰ।

সাহিত্য ডট্‌ অৰ্গ: – উত্তৰণ যাদুঘৰৰ ক্ষেত্ৰত আপুনি চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা লাভ কৰিছে নেকি?

দুৰ্লভ বড়া:- চিন্তা, সৃষ্টি চৰকাৰী ব্যৱস্থাপনাৰ ভিতৰত থাকে বুলি ভাব নহয়। প্ৰকৃতি আৰু সমাজ জীৱনত হ’ব পৰা প্ৰয়োজনখিনিৰ বাবে চিন্তা কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা ভেদি মানুহ বহু দুৰলৈ আগুৱাই মহাকাশত বিচৰণ কৰিব পাৰে। মনৰ স্বাধীনতাক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। নিজ চিন্তা, শ্ৰম, সময়, অৰ্থৰ যোগেদি যি পৰ্যায়ত উপনীত হৈছোঁ তাত মই স্বাধীন আৰু একক প্ৰচেষ্টাৰে এক নিদৰ্শন বুলি ভাবো। অৱশ্যে আজিৰ ব্যৱস্থাৰ মাজত এৰাব নোৱাৰা বিষয়টোৰ বাবে চৰকাৰে সহায় আগবঢ়াই যাব পাৰিলে ৰাজনৈতিক ব্যৱস্থা বহন কৰাসকলৰ চিন্তাৰ দক্ষতাৰ প্ৰকাশ ঘটে। তাকে হোৱা নাই যেতিয়া মোৰনো ক’বলৈ কি আছে। শিৱসাগৰ জিলাৰ তদানীন্তন উপায়ুক্ত কে.কে.দ্বিবেদী ডাঙৰীয়াই তেখেতৰ নিজৰ কোষৰ পৰা আগবঢ়োৱা ৫০,০০০/-(পঞ্চাশ হেজাৰ) টকাৰে তেখেতৰ মানসিক মূল্য বিচাৰি পাওঁ। তেখেত মোৰ বাবে আদৰণীয় আৰু নমস্য ব্যক্তি। তেনে ধৰণৰ অনুভৱী  মানুহ আজি কোনো ৰাজনৈতিক বিষয়বাবধাৰী সকলৰ মাজত এতিয়ালৈকে মোৰ দৃষ্টিত ধৰা পৰা নাই। প্ৰগতিমুখী সভ্যতাৰ বাট বুলিবলৈ মানুহৰ অভাৱ ঘটিছে। সেয়ে সমাজ উত্তৰণৰ দিশটো তেওঁলোকৰ বাবে গৌণ।

সাহিত্য ডট্‌ অৰ্গ:– এটা যাদুঘৰৰ সম্পদসমূহ বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা নহ’লে এই সম্পদসমুহ সময়ৰ বুকুত দীৰ্ঘদিনৰ বাবে ৰাখি থোৱাটো সম্ভৱ নহয়। উত্তৰণ যাদুঘৰৰ ক্ষেত্ৰটো এই কথাৰো নিশ্চয় প্ৰাসংগিকতা আছে। আপোনাৰ মতামত? লগতে আপুনি সংগ্ৰহ কৰা কেইবা শ ৰজাদিনীয়া পুখুৰীৰ পানীৰ বটলমূহৰ বিষয়ে দুআষাৰ ক’বনেকি?

দুৰ্লভ বড়া:– যাদুঘৰৰ সমল সংৰক্ষণৰ বিষয়টো গুৰুত্বপূৰ্ণ। প্ৰকৃততে সমলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু প্ৰাকৃতিক দুটা উপায় আছে বুলি মই ভাবোঁ। বৈজ্ঞানিক পদ্ধতিবোৰ সফলতা বিফলতাৰ ক্ষেত্ৰত প্ৰমাণ কৰিবলৈ সময় লাগিব। কিন্তু পুৰণা এলান্ধুকলীয়া বস্তুবোৰ যে প্ৰাকৃতিক নিয়মৰ মাজেদিয়েই বৰ্তি আছে সেই কথাও ভাবি চাব লাগিব। বৈজ্ঞানিক পদ্ধতি আহৰণৰ ক্ষেত্ৰত কোনোবাই শুভেচ্ছামূলক সহায় আগবঢ়াব পাৰে। তাৰ বাবে আহ্বান জনালোঁ। আহোম যুগৰ দৌল, দেৱালয়, পুখুৰী, গড়, পথাৰ আটাইবোৰ এটা যুগৰ সাক্ষী যিসমুহৰ ইতিহাস অধ্যয়ণ আৰু গৱেষণা কৰাৰ থল আছে। বহু সময়ত পুখুৰীৰ পানী বটলবোৰে মানুহৰ মনত নিজৰ ঠাইডোখৰৰ প্ৰতি ভবাই তোলে। পানীৰ পাত্ৰবোৰে দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰা বুলি উল্লেখ কৰিছে। প্ৰকৃততে ময়ো ভাবোঁ। কিন্তু ইয়াতো এটা কথা আছে। কোনোবা এটা বিশেষ দিনৰ বিশেষ মুহুৰ্তত পুখুৰীৰ পানী সংগ্ৰহ আৰম্ভ হয়। সময়ে তাক কৰিবলৈ বাধ্য কৰালে। পৰৱৰ্তী সময়ত সিও এটা বিষয় হৈ ৰ’ল। মানুহে পেলাই দিয়া মদৰ বটলত পানীবোৰ ৰখা হৈছে। কোনোবা মদখোৱা মানুহৰ বাবে হাজাৰটা পুখুৰীৰ পানী অৰ্থহীন, কিন্তু অনুভৱী মানুহৰ বাবে মদৰ জালতকৈ চিন্তাৰ জালে বহুদূৰলৈ লৈ যাব পাৰে। বটলবোৰত পানী ৰখাৰ ডাঙৰ উদ্দেশ্য আছে। মানুহে অনুভৱ কৰক পেলনীয়া অৰ্থহীন বিষয় এটাৰ মূল্যও যে থাকিব পাৰে।

সাহিত্য ডট্‌ অৰ্গ:– উত্তৰণ যাদুঘৰত সংৰক্ষিত হোৱা সমলসমুহৰ সংগ্ৰহৰ ক্ষেত্ৰত ভৌগোলিক পৰিসৰ অথবা আন কিবা সীমাবদ্ধতা আছে নেকি?

দুৰ্লভ বড়া:– যাদুঘৰত সংৰক্ষিত সম্পদসমুহ নিৰ্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰত ৰখা নাই। স্থানীয়ভাৱে পাবলৈ সক্ষম হোৱা বাবে স্থানীয় বিষয়বোৰ বেছি যেন লাগিলেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ও সাঙুৰি লোৱা হৈছে। ইয়াৰ অনেক নমুনা দাঙি ধৰিবপৰা সক্ষমতাখিনি উত্তৰণ যাদুঘৰে পাইছে।

সাহিত্য ডট্‌ অৰ্গ:- বৰ্তমান সময়ত এটা যাদুঘৰৰ প্ৰাসংগিকতা কিমান বুলি আপুনি ভাবে?

দুৰ্লভ বড়া:– মোৰ অভিজ্ঞতাৰ পৰা দৃঢ়তাৰে ক’ব বিচাৰো যে আজিৰ সময়ত যাদুঘৰৰ প্ৰাসঙ্গিকতা সঁচা আৰু অনুভৱী মানুহৰ বাবে অত্যন্ত বেছি। সি প্ৰমাণিত হৈছে। ব্যক্তিগতভাৱে যাদুঘৰ এটা অত্যন্ত জটিল বিষয়। যাদুঘৰৰ যোগেদি হেৰাই যোৱা সামাজিক, প্ৰাকৃতিক তথা বৌদ্ধিক সমলসমূহ ধৰি ৰাখি সৰ্বত্ৰে বিষয়টো আগুৱাই নিয়াৰ প্ৰচেষ্টা অন্য সকলেও লওক। মই তাকেই বিচাৰোঁ। ই যাতে মোৰ মাজতে সীমাৱদ্ধ নাথাকে তাৰ প্ৰতি সমাজ সচেতকসকলে পদক্ষেপক লওক।

সাহিত্য ডট অৰ্গ: আপোনাৰ পৰা আজি আমি ভালেমান কথা জানিলোঁ আৰু উপকৃতও হ’লোঁ। আপোনাৰ ব্যস্ত জীৱনৰ অকণমান সময় আমাৰ লগত অতিবাহিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ যাচিলোঁ। আপোনাৰ সুস্থ-সবল, নিৰোগী দীৰ্ঘ জীৱনৰ কামনা কৰিলোঁ লগতে উত্তৰণ যাদুঘৰৰ অধিক সফলতা  কামনা কৰিলোঁ। ধন্যবাদ।

দুৰ্লভ বড়া :- ধন্যবাদ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments