বিশিষ্ট গায়ক দ্বীপেন বৰুৱাৰ লগত সাক্ষাৎকাৰ

FB_IMG_1488109161834

 

 

যশস্বী কণ্ঠশিল্পী শ্ৰীদ্বীপেন বৰুৱাদেৱক তেখেতৰ উজান বজাৰৰ বাসগৃহত লগ ধৰি সাহিত্য ডট অৰ্গৰ ফালৰ পৰা দুআষাৰ কথা পতা হৈছিল।তাকেই লিখিত ৰূপত পাঠকলৈ আগবঢ়োৱা হ’ল। কথা বতৰাত অংশ লৈছিল এই সংখ্যাৰ সম্পাদক ডা.কুমাৰ পাৰ্থ প্ৰতিম, মৃদুল শৰ্মা আৰু উৎপলা কৌৰে।


সাহিত্য ডট অৰ্গ: ছাৰ, সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আপোনাক অভিনন্দন জনালোঁ।

দ্বীপেন বৰুৱা:  আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাক সদায় ফুলাম চোলা পিন্ধাই  দেখোঁ, যদিও আজি পিন্ধা নাই, তাৰ কিবা বিশেষ ৰহস্য?

দ্বীপেন বৰুৱা: (হাঁহি মাৰি) মই সৰুৰেপৰাই পিন্ধিছিলোঁ। প্লেইন চাৰ্ট পেন্ট, বিশেষকৈ চাৰ্ট খুব কমেই পিন্ধোঁ। আজি পিন্ধি থকা কাপোৰসাঁজ মই নিজে কিনা নহয়, বেলেগৰ মৰমৰ উপহাৰ হিচাপেই পিন্ধিবলৈ বাধ্য হওঁ। মই নিজে কিনিলে ফুল-চুল কিবা লাগিবই মানে মোক। সেইটো অভ্যাস মোৰ সৰুৰেপৰাই, স্কুলীয়া দিনৰেপৰাই। বেলেগ বিশেষ কথা বুলি একো নাই, মোৰ পচন্দই তেনেকুৱা। মই ক্ৰিকেটৰ লগতেই জড়িত আছিলোঁ প্ৰথম৷ পিছলৈহে গানৰ জগতলৈ আহিলোঁ৷ ক্ৰিকেট খেলোতেই যি বগা ড্ৰেছ পিন্ধিছিলোঁ, তাৰ বাহিৰে প্লেইন কাপোৰ নিপিন্ধিছিলোৱেই প্ৰায়৷

 

সাহিত্য ডট অৰ্গ: আপুনি গুৱাহাটীৰ একেবাৰে মাজ মজিয়াৰ উজানবজাৰত হৈয়ো আপোনাৰ গীতত ইমান ধুনীয়া এটা “গাঁও গাঁও” গোন্ধ এটা…!

 

দ্বীপেন বৰুৱা:  আচলতে আমি অৰিজিনেলি উত্তৰ কামৰূপৰ৷ আমাৰ পিতাৰ ঘৰ৷ আমি দেউতাক পিতা বুলিয়েই মাতোঁ৷ পিতা আৰু মাৰ ঘৰ ওচৰা-ওচৰি৷ মাৰ ঘৰ নন’ৰাত, বাইহাটা চাৰিআলিৰপৰা পাঁচ কিলোমিটাৰমান গ’লেই পায়৷ পিতাৰ ঘৰ বিহদিয়াত৷ আজিকালি অহা যোৱাটো ইমান সঘন নহ’লেও আমাৰ খুৰাৰ নাতি-পুতিকে ধৰি বংশৰ মানুহ এতিয়াও আছে তাত৷ গতিকে পিছলৈ গুৱাহাটীলৈ গুছি আহিলেও আমাৰ মূল ভেটিটোৱেই গাঁৱৰ৷ গাঁৱৰ সুবাস বোধকৰোঁ আমাৰ তেজতে আছে৷ সৰুতে গাঁৱলৈ বৰকৈ গৈছিলোঁ৷ আমাৰ গাঁৱৰ ভাষাটো এতিয়াও মই ক’ব পাৰোঁ৷ গাঁৱত গ’লে তেনেকুৱা ভাষাতে কথা পাতোঁ৷ গতিকেই গাঁৱলীয়া ভাৱটো সোমাই আছে মোৰ ভিতৰত৷

 

সাহিত্য ডট অৰ্গ: আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিল?

 

দ্বীপেন বৰুৱা:  সেইটো অলপ দীঘলীয়া হ’ব ক’বলৈ৷ মই অলপ আগেয়ে কৈছোৱেই, মই সৰুৰেপৰাই ক্ৰিকেট খেলিছিলোঁ৷ প্ৰথমে কলেজিয়েট স্কুলত থাকোতে সপ্তমমানৰপৰা স্কুল টীমৰ হৈ নামনি অসম স্কুল টুৰ্নামেণ্টৰ বাবে খেলিছিলোঁ৷ তাৰ পিছত সৰ্বভাৰতীয় পৰ্য্যায়ৰ কোঁচবিহাৰ ট্ৰফীত অসম টীমৰ হৈ এবাৰ ভাইচ কেপ্টেইন আৰু এবাৰ কেপ্টেইন হিচাপে খেলিছিলোঁ৷ তাৰ পিছত কলেজ পোৱাৰ পিছত ইন্টাৰভাৰ্চিটী খেলিলোঁ, তাৰ পিছত ইণ্টাৰ ডিচট্ৰিক্ট খেলিলোঁ বহু বছৰ গুৱাহাটী দলৰ হৈ৷ তাৰ পিছত ৰঞ্জী ট্ৰফী খেলিলোঁ ইষ্ট জ’ন ৰিপ্ৰেজেণ্ট কৰি মুম্বাইত ৱেষ্ট জ’নৰ সুনীল গাভাস্কাৰ আদিৰ বিপক্ষে৷ তেনেদৰেই ১৯৬৫ চন মানলৈকে খেলি আছিলোঁ৷ তাৰ মাজতেই ১৯৬৮ চন মানত দাদা, মানে ব্ৰজেন দাৰ ‘ডাঃ বেজবৰুৱা’ ছবিখনৰ কাম আৰম্ভ হ’ল৷ সেইখন দাদাৰ দ্বিতীয় ছবি, প্ৰথমখন আছিল ‘ইটো সিটো বহুতো’ ১৯৬৩ চনত৷ ব্ৰজেন দা আচলতে আছিল সংগীতজ্ঞ, সংগীতৰ মানুহ৷ ব্ৰজেন দাতকৈ সৰু নিপ দাই ১৯৫৬ চন মানৰ পৰাই ৮ খনমান ছবিত পৰিচালক হিচাপে কাম কৰিছিল৷ ব্ৰজেন দাই সেইবোৰ ছবিত সংগীত পৰিচালনা কৰিছিল৷ পিছত ‘ডাঃ বেজবৰুৱা’ত ব্ৰজেন দাই ৰমেন দাক (ৰমেন বৰুৱা) স্বাধীনভাৱে দ্বায়িত্বখিনি দিলে মিউজিকৰ কামখিনি কৰিবলৈ৷ চাৰিটা গান আছিল, ৰমেন দাই গানকেইটা ৰেডী কৰিলে৷ চিনেমাখনৰ প্ৰযোজক আছিল ডিব্ৰুহড়ৰ৷ ব্ৰজেন দা ডিব্ৰুগড়লৈ গৈছিল৷ তাৰপৰা উলটি অহাৰ পিছত ৰমেন দাৰ লগত ঘৰতে, মানে ইয়াতে কথা-বতৰা পাতি আছিল, এমাহমান পিছত গানৰ ৰেকৰ্ডিং কৰাৰ কথা৷ মই কোণা এটাত বহি কথাবোৰ শুনি আছিলোঁ৷ ব্ৰজেন দাই ৰমেন দাক সুধিলে, ‘গানবোৰ হ’লনে?’, ৰমেন দাই ক’লে, ‘ৰেডী হৈছে’ ৷ ব্ৰজেন দাই ক’লে, ‘তেনেহ’লে ব’লচোন, সেই কাষৰ ৰুমটোতে গানবোৰ শুনো’ ৷ ময়ো গৈ বেঞ্চখনত বহি গানবোৰ শুনি আছিলোঁ৷ (আমি সাক্ষাৎকাৰ গ্ৰহণ কৰি থকা সময়খিনিৰ কথা উনুকিয়াই) দিনৰ এনেকুৱা সময়েই আছিল৷ এটা গানে মোক ইমানেই আকৃষ্ট কৰিলে যে মই উঠি গৈ দুৱাৰমুখত পৰ্দাখন দাঙি শুনি থাকিলোঁ৷ আৰু এটা কথা এইখিনিতেই কৈ থওঁ, মই সৰুৰেপৰাই ৰেডিঅ’ পগলা৷ ৰেডিঅ’ মানে মোক লাগিবই৷ এতিয়াও আনকি ঘৰত থাকিলে টিভিতকৈ ৰেডিঅ’হে বেছি শুনো৷ পুৰণি গানবোৰ বিশেষকৈ৷ (আমি বহি থকা ড্ৰয়িংৰুমটোৰ বিষয়ে উল্লেখ কৰি) এই ৰুমটোৰ কৰ্ণাৰতে মস্ত ৰেডিঅ’ এটা আছিল, তাতে সদায় পকাই থাকোঁ, ক’ত হিন্দী গান পাওঁ, ৰফী চাহাব, কিশোৰ কুমাৰৰ গান, মুকেশৰ গান, কে এল চাইগল চাহাবৰ গান, আৰু সেইবোৰ নকল কৰি গাবলৈ চেষ্টা কৰোঁ বাথৰুমত৷ লাজো নালাগিছিল, ওচৰ চুবুৰীয়াই শুনে বুলিও ভবা নাছিলোঁ৷ খুব চিঞৰি চিঞৰি গাই থাকোঁ, দাদাহঁতেও চাগে শুনি থাকে, ই দেখোন সৱ ধৰণৰ গীত গাব পাৰে, মাত বিলাকো বেলেগ বেলেগ উলিয়ায়, মিমিক্ৰীও কৰিব পাৰে, তেনেকৈয়ে চাগে ভাবিলে কিবা অলপ৷ সেইদিনা সেই প্ৰথম গানটো যে শুনাই আছিলে ৰমেন দাই, তাৰ সুৰটো মোৰ মনত থাকি গ’ল৷ তাৰ পিছত গ’ল কথা গুছিল, ময়ো দুপৰীয়া ভাত পানী খাই খেলিবলৈ গুছি গ’লোঁ৷ উভটি আহি পঢ়িবলৈ বহাৰ আগতে মই আকৌ এবাৰ সমুখৰ বেঞ্চখনত অলপমান বহাৰ অভ্যাস৷ তেনেতেই ব্ৰজেন দাই মাতিলে, ‘আহচেন, এইফালে আহ৷’ তেতিয়া সেইখিনি সময়ত ৰমেন দা ৰুমটোত নাছিল৷ ‘মোৰ লগত অলপ সময় গা চোন এইটো গান’- ব্ৰজেন দাই ক’লে৷ তেতিয়া মই এনেই ধেমালিতে ক’লোঁ- ‘মোক কেতিয়াবা কোৰাছ-চোৰাছ অলপ গাব দিবিচোন চিনেমাত৷’ আমি ভাই-ককাইকেইজনৰ মাজত তই বুলিয়েই মাতা-বোলা কৰোঁ৷ ব্ৰজেন দাই মূৰটো খজুৱাই খজুৱাই ক’লে- ‘কোৰাছ নালাগে, ভালকৈয়ে গাবি, চ’ল’য়েই গাবি৷ মোৰ তেতিয়া ভয়ো লাগিছিল, ভালো লাগিছিল, মই চিনেমাত গান গাম, বাপৰে বাপ, কেনেকুৱা কথা এইটো! কোৰাছ হ’লে বেলেগ কথা আছিল, লগত গাই দিলোঁহেতেন৷ তাৰ পিছত গ’ল কথা গ’ল, স্বৰলিপিটোতো আছিলেই, ব্ৰজেন দা নিজেই গানৰ মানুহ, গানটো গালোঁ, মোৰ পটকৰেই এবাৰ দুবাৰতে আয়ত্ত হৈ গ’ল গানটো৷ ব্ৰজেন দাই ক’লে,- ‘কালি আৰু ৰমেনে শিকাই দিব৷ আৰু তিনিটা গান আছে, তই শিকিব লাগিব৷’ ৰমেনদাই পিছদিনাখন বাকী তিনিটা গানো মোক শিকাই দিলে৷ প্ৰথম শিকা গানটো আচলতে দ্বৈত কণ্ঠৰ গীত আছিল, গোটেই কেইটা গানতে পুৰুষ কণ্ঠ মোৰ৷ তাৰ সাতদিনমান পিছত, ৰমেন দাক টিকট কৰিবলৈ কৈ গৈছিল চাগে ব্ৰজেন দাই, প্লেনত ৰমেন দাৰ লগত গুছি গ’লোঁ কলিকতালৈ৷ তাৰ আগদিনাখন আকৌ মই ইণ্টাৰ ডিচট্ৰিক্ট চেম্পিয়ন হৈছোঁ, মালিগাঁৱত খেল আছিল সেইদিনা৷ খেল আছিল এন এফ ৰেলৱে দলৰ লগত৷ মই গুৱাহাটী দলৰ হৈ খেলিছিলোঁ৷ সেইটো কাৰণে মনটো ভাল লাগি আছিল, তাতে আকৌ প্লেনত কলিকতা যোৱাৰ কথা, আৰু ভাল লাগিছিল মনটো৷ ভয়ো লাগিছিল, চিনেমাত গান গাম, ষ্টুডিঅ’ কেতিয়াও দেখাই নাছিলোঁ তেতিয়ালৈ৷ গ’লোঁ, এদিন ৰিহাৰ্চেল কৰিলোঁ মিউজিচিয়ানসকলৰ লগত, আজিকালি ৰিহাৰ্চেল তেনেকৈ নহয়েই যেনিবা, ৰিহাৰ্চেল কৰিলোঁ, তাতে লগ পালোঁ মোতকৈ জ্যেষ্ঠ গায়িকা নিৰ্মলা মিশ্ৰক৷ তেখেত বংগৰ প্ৰতিষ্ঠিত গায়িকা তেতিয়া৷ মোৰ ভয়ো লাগিছিল, প্ৰথম গানটোৱেই তেখেতৰ লগত গাম৷ ব্ৰজেন দাই চিনাকি কৰি দিলে,- ‘ই আমাৰ ভাই, তোমাৰ সংগে গাবে৷’ তেখেতেও ক’লে,- ‘ভাল, খুব ভাল, ছোট চেলে৷’ তেনেদৰেই আকৌ ৰিহাৰ্চেল কৰি পিছদিনা ৰেকৰ্ডিং কৰিলোঁ৷ ৰেকৰ্ডিং কৰাৰ আগত মেৰ অলপ ভয়ো লাগিছিল, গানটো গাব পাৰিম নে নোৱাৰিম বা! ইমান জ্যেষ্ঠ গায়িকাৰ লগত মই গাব লাগিব! তেখেততো প্ৰতিষ্ঠিত গায়িকা! কিন্তু কথাটো হৈছে কি, আৰম্ভণিটো ফিমেল ভইচেৰে আছিল, নাৰীকণ্ঠেৰে, সেইকাৰণেই মই বাছি গ’লোঁ৷ মই যদি আৰম্ভ কৰিবলগা হ’লহেঁতেন, মই অলপ নাৰ্ভাছ ফিল কৰিলোঁহেঁতেন৷ কিন্তু তেখেতে যেতিয়া গাই দিলে আৰম্ভণিটো, তাৰ পিছত মোৰ ভয়টো নোহোৱা হৈ গ’ল৷ ময়ো গাই শেষ কৰিব পাৰিলোঁ৷ ৰেকৰ্ডিং হৈ গ’ল, তাৰ পিছত ওলাই অহাৰ পিছত যেতিয়া গানটো শুনালে ৰেকৰ্ডিষ্টে, মই ভাবিলোঁ, ‘গানটো মোক গাবলৈ দি বেলেগৰ মাত সোমোৱাই দিলে দেখোন!’ মাতটো ডাঙৰ, গলগলীয়া শুনিছিলোঁ, নিজৰ মাতটো সেইদিনাৰ আগলৈকে কেতিয়াও শুনা নাছিলোঁ, কেতিয়াও অলপমানো ৰেকৰ্ডিঙো কৰা নাছিলোঁ, মই খেলৰ মানুহহে আছিলোঁ! ৰমেন দাক সুধিলোঁ,- ‘কোনে গাইছে এইটো?’ ৰমেন দাই ক’লে, – ‘তোৰেই ভইচ, তয়েই গাইছ আকৌ৷’ মই আচৰিত হোৱাৰ লগতে মনটো ভাল লাগি গৈছিল তেতিয়া৷ দুদিনমানৰ পিছত গুৱাহাটীলৈ আহি আকৌ খেলা ধূলাত ব্যস্ত হ’লোঁ৷ এইছ এম ভি (হিজ মাষ্টাৰ্ছ ভইছ) য়ে গানৰ ৰেকৰ্ডিঙবোৰ চিনেমাৰ মুক্তিৰ আগতেই আগতীয়াকৈ উলিয়াই দিলে৷ তেওঁলোকে গানবোৰ ইমানেই ভাল পালে, যে আগতীয়াকৈ উলিয়াই দিলে৷ গানবোৰ কমাৰ্চিয়েলী হিট হৈ গ’ল৷ ইয়াৰ আগৰ গানবোৰ কমাৰ্চিয়েলী ইমান হিট হোৱা নাছিল, তিনিবছৰ পাঁচবছৰৰ মূৰত এখন চিনেমা ওলাইছিল, গানবোৰো মানুহে ইমানকৈ শুনিবলৈ পোৱা নাছিল৷ কমাৰ্চিয়েলী হিট হোৱা নাছিল৷ ‘ডাঃ বেজবৰুৱা’ চিনেমাখন ৰিলিজ হোৱাৰ পিছত এনেকুৱা হ’ল, কমাৰ্চিয়েলী ছবিখনো চুপাৰ ডুপাৰ হিট, একপ্ৰকাৰ মাইলষ্টোন, গীতবোৰো কমাৰ্চিয়েলী সাংঘাটিকভাৱে হিট হৈ গ’ল৷  তাৰ পিছত অবিৰাম চিনেমা ওলোৱা হ’ল৷ চিনেমাখন ৰিলিজ হোৱাৰ পিছত ৰাতিৰ ভিতৰতে দ্বীপেন বৰুৱা ওলাই গ’লোঁঁ, গায়ক হৈ৷ সেয়াই আৰম্ভণি আৰু৷ তাৰ পিছৰপৰা মই গাই আছোঁ৷

 

সাহিত্য ডট অৰ্গ: সেইখিনি সময়ত আপোনাৰ বয়স কিমান আছিল?

 

দ্বীপেন বৰুৱা:  (অলপ ভাবি) বয়সটো কিমান হ’ব আৰু! তেতিয়া মই কটনত পঢ়ি আছোঁ৷ ফাৰ্ষ্ট ইয়েৰত৷

 

সাহিত্য ডট অৰ্গ: হায়াৰ চেকেন্দৰী ফাৰ্ষ্ট ইয়েৰ?

 

দ্বীপেন বৰুৱা:  নহয়, তেতিয়া প্ৰি ইউনিভাচিটি ডিগ্ৰী আছিল৷ প্ৰি ইউনিভাৰচিটি ফাৰ্ষ্ট ইয়েৰ, চেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ৷ গতিকে তেতিয়াৰ বয়স ওঠৰ, ঊনৈশ, বিশৰ ভিতৰত, বা তেনেকুৱাই হ’ব চাগে৷ (হাঁহি মাৰি) বয়সটো মই হিচাপেই নকৰোঁ আচলতে৷ বহুতেই সোধে, ধৰক সেইদিনা বঙাইগাঁৱত অনুষ্ঠান কৰিব গৈছোঁ- ‘দ্বীপেন দা, আপুনি একেই আছে মানুহটো, বয়স কিমান?’ মই হাঁহি মাৰি কওঁ,- ‘বয়সটো মই দি থৈছোঁ এজনক ওপৰত৷ তেওঁৱে লিখি থৈ দিব৷’ (শব্দ কৰি হাঁহে)

 

সাহিত্য ডট অৰ্গ: মানে তেতিয়াৰেপৰাই এতিয়ালৈ আপুনি সংগীত জগতত ভৰি ৰখাৰ প্ৰায় চল্লিশ বছৰ হ’ল?

 

দ্বীপেন বৰুৱা:  ‘ডাঃ বেজবৰুৱা’ত মই গান গাইছিলোঁ ১৯৬৮ ত৷ ছবিখন ৰিলিজ হৈছিল ১৯৬৯ ত৷ তেতিয়াৰপৰাই গাই আছোঁ আৰু৷

 

সাহিত্য ডট অৰ্গ: আপোনাৰ সেই আৰম্ভণিৰেপৰাই এতিয়ালৈকে মাতটো প্ৰায় একেই আছে৷

 

দ্বীপেন বৰুৱা:  পৰহি মোৰ বঙাইগাঁৱত প্ৰগ্ৰেম আছিল৷ তাতো প্ৰায়সংখ্যকেই মোক একে কথাই কৈছিল৷ এইটো মই নাজানো আৰু, এইটো ভগৱানৰেই দান৷

 

সাহিত্য ডট অৰ্গ: আপোনাৰ নিজৰ বাবেই পোনপ্ৰথমে অচিনাকি যেন লগা আপোনাৰ কণ্ঠেৰে আপুনি আমাক সকলোকে আপ্লুত কৰি ৰাখিছে এতিয়ালৈকে৷

 

দ্বীপেন বৰুৱা:  (মিচিকিয়াই হাঁহি মাৰি) তেনেদৰেই গানত সোমাই পৰিলোঁ আৰু লাহে লাহে৷ তাৰ পিছৰপৰা এনেকুৱা হ’ল যে, ডাঃ বেজবৰুৱাৰ পিছত অবিৰাম প্ৰযোজক ওলাল চিনেমা কৰিবলৈ৷ আৰু প্ৰায়বোৰেই গান গাবৰ বাবে মোক বিচৰা হ’ল৷ এনেকুৱা হ’লগৈ, যে ৰেকৰ্ডিঙৰ বাবে হয় কলিকতা, নহয় বোম্বে যাব লাগে৷ তেতিয়া গুৱাহাটীত এটাই ষ্টুডিঅ’ আছিল, জ্যোতি চিত্ৰবন৷ টু ট্ৰেকৰ, কিন্তু তাত ৰেকৰ্ডিঙ ইমান ভাল হোৱা নাছিল৷ গতিকেই হয় কলিকতা, নহয় বোম্বে৷ এনেদৰে অহা যোৱা কৰোতে কৰোতে মাহটোৰ মূৰত মই খেলৰ বাবে সময় দিব নোৱাৰা হ’লোঁ৷ গতিকে লাহে লাহে সাতবছৰমান লীগ পৰ্য্যায়ৰ খেলবোৰ খেলিলোঁ যদিও শেষলৈ ক্ৰিকেট বাদ দিবলগা হ’ল৷ সংগীতৰ জগতখনতে সোমাই পৰিলোঁ৷

 

সাহিত্য ডট অৰ্গ: আপুনি জনালে যে ‘ডাঃ বেজবৰুৱা’ ছবিখন মুক্তি পোৱাৰ আগতেই ছবিখনৰ গীতবোৰ উলিয়াই দিয়া হৈছিল৷ গতিকে ছবিখন হিট হোৱাৰ ক্ষেত্ৰত সংগীতৰো এক অৰিহণা আছিল?

 

দ্বীপেন বৰুৱা:  আছিল, নিশ্চিতভাৱে আছিল৷ গানখিনিৰ বাবেও বহুতে চিনেমাখন চাবলৈ গৈছিল৷ গীতবোৰ সকলোৰে মুখে মুখে হৈ পৰিছিল৷ ধৰক ফাংচন কৰিব যাওঁ ক’ৰবালৈ, উভটি আহোতে পিকনিক পাৰ্টি কেইটামান লগ পাইছোঁ, তেওঁলোকে সেই গানবোৰৰ ৰেকৰ্ড বজাই নাচে৷ তেতিয়া টিভি চিভি নাছিলটো, গতিকে তেতিয়া দ্বীপেন বৰুৱা মানুহ কোনজন সেয়া বহুতেই নাজানে, কিন্তু দ্বীপেন বৰুৱা বুলি এজন নতুন গায়ক ওলাইছে, সেইবুলিয়েই জানে৷ তেতিয়া পেপাৰত ইণ্টাৰভিউ দিবলৈও লাজ কৰিছিলোঁ, কোনোবা আহিলেও কওঁ,- ‘এ, ফটো নালাগে দিয়ক, এনেই লিখি দিব৷’

 

সাহিত্য ডট অৰ্গ: আপোনাৰ পুৰণি গীতবোৰ এতিয়াও বহুতেই জনপ্ৰিয়৷

 

দ্বীপেন বৰুৱা:  হয়, এতিয়াও বিহু ফাংচনত গ’লেও মানুহক সেইবোৰ গীতেই লাগে৷ অকল ডাঃ বেজবৰুৱা বুলিয়েই কোৱা নাই, চিনেমাৰ গীতবেৰ লাগে৷ পঞ্চল্লিশখন চিনেমাত মোৰ প্ৰায় চাৰে চাৰিশমান গীত আছে নহয়, সেইবোৰ গীত৷ কিছুমান গীত বহুতে বোধকৰো শুনাই নাই৷ কিছুমান গীত হয়তোবা চিনেমাখন চালে আৰু পাহৰি গ’ল৷ তাৰ মাজতেই বহুত ভাল ভাল গানো আছে৷ কিন্তু যিবোৰ গান গাই থাকিবলগীয়া হয়, সেই একেবোৰ গানেই দৰ্শকে শুনিবলৈ বিচাৰে সাধাৰণতে৷ মই জোৰকৈহে বিহুগীত গাওঁ৷ কওঁ,- ‘শুনকচোন, বিহু ফাংচনত বিহু গীত নাগালে মোৰ ভাল নালাগিব৷’ তেনেকৈ জোৰকৈ চাৰি পাঁচটা গাওঁ আৰু৷ মোৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম হয়৷

 

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাৰ সমসাময়িক যিসকল কণ্ঠশিল্পী আছে, সেইসকলৰ ভিতৰত আপুনিয়েই চাগে আটাইতকৈ বেছি বোলছবিত কণ্ঠদান কৰা কণ্ঠশিল্পী৷ আজিৰ তাৰিখতো আপোনাৰ জনপ্ৰিয়তা আকাশলংঘী৷ ইয়াৰ আঁৰত কিবা যাদু বা ৰহস্য?

 

দ্বীপেন বৰুৱা:  সেইটো আৰু ৰাইজৰ কথা৷ ৰাইজৰ আশীৰ্বাদৰ বাবেই আছোঁ এনেদৰে এতিয়ালৈ৷ ৰাইজে মোক বিচাৰিছে, মোৰ গীত শুনিব খুজিছে, সেয়া মোৰ বাবে আশীৰ্বাদ৷

 

সাহিত্য ডট অৰ্গ: আপুনি ৰঞ্জীও খেলিছিল?

 

দ্বীপেন বৰুৱা:  ৰঞ্জী খেলিছিলোঁ দুবছৰ৷

 

সাহিত্য ডট অৰ্গ: আপুনি বলিং কৰিছিল?

 

দ্বীপেন বৰুৱা:  মই অলৰাউণ্ডাৰ আছিলোঁ৷ বেটিং বলিং দুয়েটাই কৰিছিলোঁ৷ মাদ্ৰাজৰ এজন ক’ছ আহিছিল, এ জি ৰামছি, তেখেতৰ তত্বাৱধানত শিকিছিলোঁ মই ইয়াতে৷ তেখেত মানে ৱিন্টাৰত আহে, চেপ্তেম্বৰত, আহি তিনি চাৰিমাহ থাকে৷ মোক বহুত ভাল পাইছিলে তেখেতে৷ মোৰ মূৰত ধৰি আশীৰ্বাদ কৰি কৈছিল, – ‘তই এদিন ইণ্ডিয়ান টীমত খেলিবি৷’ কিন্তু মোৰ পাকচক্ৰবোৰ বেলেগ হৈ গ’ল৷ ট্ৰেকটো বদলি গ’ল৷ নোৱাৰিলোগৈ৷ হয়তো খেলি থকা হ’লে… কোনোবাই কোনেবাই মোক সোধে,- ‘আপুনি যদি গান নাগালেহেঁতেন, তেতিয়া কি কৰিলেহেঁতেন?’ মই বোলো ক্ৰিকেট খেলিলোঁহেঁতেন এটা সময়লৈকে, চল্লিশ পঞ্চল্লিশ বছৰ বয়সত অৱসৰ ল’লোঁহেঁতেন৷ সকলোৱেই তেনেদৰেই লয়, টেণ্ডুলকাৰ বা গাভাস্কাৰহঁতেও লৈছে৷ বা ফুটবলাৰসকলেও লয়৷ কিন্তু গানটোত মোৰ যদি কণ্ঠটো ঠিকে থাকে, তেন্তে মই আশীবছৰলৈও গাব পাৰোঁ৷ বা বেছিলৈও পাৰিব পাৰোঁ৷ সেইটো নাজানো, সেয়া সময়ে ক’ব৷

 

সাহিত্য ডট অৰ্গ: তাৰমানে খেলৰপৰা গানলৈ আহি আপোনাৰ অলপো অনুশোচনা নাই?

 

দ্বীপেন বৰুৱা:  প্ৰথমতে অলপমান বেয়া লাগিছিল, ইমান খেলিলোঁ তাৰ পিছতে খেলটো এৰি দিবলগা হ’ল৷ কাৰণ ক্ৰিকেট মোৰ প্ৰথম প্ৰেম আছিল৷ কিন্তু যেতিয়া লাহে লাহে গায়ক হিচাপে প্ৰতিষ্ঠা পালোঁ, তেতিয়া মোৰ সেই আফচোচটো নোহোৱা হ’ল লাহে লাহে৷ যদিও অলপ বেয়া লাগে, যেতিয়া ঘৰৰ সমুখতে দেখি থাকো খেল৷ ‘ইচ ৰাম, খেলিব পৰাহ’লে ভাল লাগিলহেঁতেন৷’ এতিয়াও যায়, মন যায়, খেলবোৰ দেখিলে৷ কিন্তু ট্ৰেকটো সলনি হৈ গ’ল৷ তথাপিও গায়ক হিচাপে ৰাইজক বেছিকৈ লগ পোৱা যায়৷ ৰাইজৰ লগত ইনভ’ল্ভমেণ্ট বেছি হয়৷ সেইটো বেছি ভাল লাগে৷

 

সাহিত্য ডট অৰ্গ: ছবি এখনত গান গোৱাৰ সময়ত ধৰি লওক সংগীত পৰিচালক এজনে ধৰি লওক আপোনাক বুজাই বা শিকাই দিলে যে গানটো এনেদৰে গাব লাগে ৷ কেতিয়াবা এনেকুৱা হৈছে নেকি যে তেখেতসকলে শিকোৱাৰ পিছতো আপোনাৰ ভাব হৈছে যে এই গানটো এনেকৈ গালেহে বেছি ভাল লাগিব?

 

দ্বীপেন বৰুৱা:  হৈছে, তেনেকুৱা হৈছে৷ তেনে ক্ষেত্ৰত মই নিজে নাগাওঁ, সুধি লওঁ যে এইটো এনেকুৱা কৰি দিলে বেছি ভাল লাগিব নেকি? ধৰি লওক প্লেইন শিকাই দিছে, মোৰ ভাবটো জনাই মই সুধিলোঁ, -‘এনেদৰে গালে বেছি ভাল লাগিব নেকি?, তেনে ক্ষেত্ৰত বহুত সংগীত পৰিচালকে কয়, – ‘ঠিক আছে, হয়, ভাল লাগিব, বঢ়িয়া লাগিব, তেনেদৰেই গাওকচোন৷’ তাৰোপৰি আমাক বুজাই দিয়া হয়, কি পৰিস্থিতিত গানটো উপস্থাপন কৰিব, পাৰ্কত গাব, নে দুখত গাব নে মদ খাই গাব, নে ফূৰ্তিত গাব নে কিবা ৰোমাঞ্চ কৰি গাব নে, এই গোটেই কথাখিনি বুজাই দিয়ে৷ সেইটো আমি ভাবি লওঁ, আয়ত্ত কৰি লওঁ, আৰু লগতে সুধি লওঁ, কাৰ মুখত থাকিব, কোনে অভিনয় কৰিব মোৰ কণ্ঠৰ লগত? ধৰি লওক, ক’লে যে বিজু ফুকনে কৰিব বা নিপন গোস্বামী বা প্ৰাঞ্জল শইকীয়াই কৰিব, তেওঁলোকক মই ভালদৰে জানোঁ৷ নিপন গোস্বামীয়ে কেনেদৰে খোজ কাঢ়ে, বিজু ফুকনে কেনেদৰে খোজ কাঢ়ে বা কেনেদৰে কথা কয়, সেই বিষয়ে মই ভালদৰেই অৱগত, সেইটো অলপ ভাবি লৈ তেনেদৰে কৰিবলৈ যত্ন কৰোঁ, গতিকে মেটছিঙটো বেছি ভাল হয়৷ আৰু কেতিয়াবা যদি নায়ক ঠিক হোৱা নাই, তেতিয়া আনুমানিক বয়সটো সুধি লওঁ৷ তেতিয়া সেইটো ভাবি লওঁ, যে ইমান বয়সৰ ল’ৰা এজনে কেনেদৰে গাব, তেনেকৈ ভাবি লৈ তেনেদৰে গাওঁ আৰু গানবোৰ৷

 

সাহিত্য ডট অৰ্গ: ভাল অভিনেতা এজনে চৰিত্ৰ এটাৰ মাজত সোমাই যায়৷ আপুনি গায়ক হৈও মানে চৰিত্ৰটোৰ ভিতৰত সোমাই পৰে?

 

দ্বীপেন বৰুৱা:  সেইটো সোমাবই লাগিব৷ প্লে’বেকৰ কথাটো সম্পূৰ্ণ বেলেগ৷ এনেই ৰেডিঅ’, কেছেট বা চিডি এখনৰ বাবে গান এটা গাই দিব পাৰি৷ কিন্তু প্লেবেক কৰিবলৈ সেইখিনি জানিব লাগিব৷ আৰু আপোনাৰ কণ্ঠটোৱেও অভিনয় কৰিব পাৰিব লাগিব৷ চিধা চিধি গালে নহ’ব৷ তাৰোপৰি নায়কজনৰো মিউজিক চেণ্সটো অলপ থাকিব লাগিব৷ গানটো শুনি তেখেতে ভাবিব পাৰিব লাগিব যে এওঁ দ্বীপেনে এনেকৈ গাইছে, ময়ো এইখিনিতে এনেদৰে এক্সপ্ৰেছনটো দি দিওঁ৷ কথাবোৰ তেনেকুৱা ধৰণৰ৷ যেনে ধৰক, শাম্মী কাপুৰৰ গানবোৰ ৰফী চাহাবে গালে একদম শাম্মী কাপুৰে গাই থকা যেন লাগে৷ কথাবোৰ তেনেকুৱাই আচলতে৷

 

সাহিত্য ডট অৰ্গ: আপোনালোকে যিখিনি সময়ত গান গাবলৈ আৰম্ভ কৰিছিল, সেইখিনি সময়ৰ তুলনাত এতিয়াৰ সংগীতজগতৰ অৱস্থাটোৰ পৰিবৰ্তনৰ ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা?

 

দ্বীপেন বৰুৱা:  এতিয়াতো কিছুমান গান শুনিবই নোৱাৰি৷ আজিকালিৰ কিছুমান গান পৰিয়ালৰ মানুহৰ লগত একেলগে শুনিবলৈ অসুবিধা লাগে৷ কিছুমান এনে গানো ওলাইছে, যে শুনাৰ পিছত নিজকে অশুছি হৈ যোৱা যেন ভাৱ হয়৷ কিছুমানহে দেই৷ সকলো নহয়৷ কিছুমানে গানত যিবোৰ শব্দ ব্যৱহাৰ কৰিছে, মন্তব্য দিবলৈ ভাষা বিচাৰি নাপাওঁ৷

 

সাহিত্য ডট অৰ্গ: এটা সময়ত গীতৰ সৃষ্টি কমকৈ হৈছিল৷ কেইবছৰমান আগলৈকে৷ কোৱা হয় যে যেতিয়া সংখ্যাটো জোখতকৈ বাঢ়ি যায়, তাৰ মানদণ্ডও কমি যায়৷

দ্বীপেন বৰুৱা:  আমাৰ অসমীয়া শব্দৰ ভঁৰাল ইমানেই চহকী, ইমানেই শব্দ আছে, সেইবোৰ শব্দ ব্যৱহাৰ কৰিব লাগে৷ আজিকালি আগৰ গীতিকাৰসকল নোহোৱা হৈ গ’ল৷ কেশৱ মহন্ত, তফজ্জুল আলি ছাৰ, নিৰ্মলপ্ৰভা বাইদেউ, নৱকান্ত বৰুৱাদেৱ, তেখেতসকলৰ গীতত অশ্লীলতাৰ কোনো প্ৰভাৱ নাছিল৷ সুন্দৰ সুন্দৰ নিভাঁজ অসমীয়া শব্দ আছিল৷ সেইবোৰ সোমাইও পৰিছিল অন্তৰৰ মাজলৈ৷

 

সাহিত্য ডট অৰ্গ: সেইটোও এটা কাৰণ হ’ব পাৰে নেকি যে আজিৰ যুগত ভাল গীতিকাৰৰ অভাৱ?

দ্বীপেন বৰুৱা:  সেই অভাৱ হৈছে এতিয়া৷ একদম হৈছে৷

 

সাহিত্য ডট অৰ্গ: লগতে সস্তীয়া জনপ্ৰিয়তা?

দ্বীপেন বৰুৱা:  হৈছে৷ আমি কিন্তু সস্তীয়া জনপ্ৰিয়তা বিচৰা নাছিলোঁ৷ জনপ্ৰিয় কেনেকৈ হ’ব? ৰাইজেহে কৰিব জনপ্ৰিয়! যদি ভাল পাইছে মোক, তেন্তে মোক জনপ্ৰিয় ৰাইজে কৰিব৷ মই নিজে জনপ্ৰিয়তা অৰ্জ কৰোঁ বুলি কিবা এটা দি দিলেই নহ’ব৷

 

সাহিত্য ডট অৰ্গ: এতিয়া প্ৰযুক্তিৰ ক্ষেত্ৰখন আগবাঢ়ি গৈছে৷ এটা সময়ত হাৰমনিয়াম, তবলা আদিৰেই গায়ক-গায়িকাসকলে সংগীত পৰিবেশন কৰিছিল৷

দ্বীপেন বৰুৱা:  ময়ো বহু বছৰলৈকে, প্ৰায় ৯২/৯৩ চনলৈকে হাৰমনিয়াম, তবলা লৈয়েই গান গাইছিলোঁ৷ ৯৭ নে ৯৮ চনমানত আমেৰিকাৰপৰা অহাৰ পিছতহে মই ইলেকট্ৰনিক কীব’ৰ্ড আদি লোৱা হৈছোঁ৷

 

সাহিত্য ডট অৰ্গ: আজিকালি ষ্টুডিঅ’ৰ সংখ্যাও বহুত বাঢ়িল, ঘৰে-ঘৰেও বহুত ষ্টুডিঅ’ হ’ল৷ আপোনালোকৰ সেইখিনি সময়ত কেৱল কলিকতা মুম্বাইতহে ৰেকৰ্ডিং হৈছিল৷

দ্বীপেন বৰুৱা: এতিয়া দেধাৰ ষ্টুডিঅ’৷ ঘৰতেই কিছুমানে ষ্টুডিঅ’ খুলিছে৷ তাতেই সকলো কাম কৰিব পাৰি৷

 

সাহিত্য ডট অৰ্গ: সেইবাবেও এনে হৈছে নেকি যে মন গ’লেই কোনোবাই যিকোনো কাম কৰিব পৰা হৈছে?

দ্বীপেন বৰুৱা:  কথাটো নোহোৱা নহয়৷ আজিকালি পইচা আছে বাবেই কিছুমানে দুটামান শব্দ লিখি গান গোৱা হৈছে৷ কিন্তু মনত ৰাখিবলগীয়া কথা এয়ে যে গান গালেই গায়ক হ’ব নোৱাৰি৷ গতিকেই মই অনুভৱ কৰোঁ যে আমাৰ অসমীয়া সংস্কৃতিটো এনেদৰে তললৈহে গৈছে৷ সংস্কৃতি ওপৰলৈ উঠাব লাগিব আমি সকলোৱে৷

 

সাহিত্য ডট অৰ্গ: সাম্প্ৰতিক সময়ৰ যিসকল নবীন গায়ক গায়িকা আছে, প্ৰায় সকলকেই আপুনি হয়তো চিনি পায়…

দ্বীপেন বৰুৱা:  চিনি পোৱা বুলি নহয়, জানো আৰু, টিভিত দেখোঁ, গান শুনিছোঁ৷ কিছুসংখ্যকক ব্যক্তিগতভাৱে লগো পাইছোঁ৷

 

সাহিত্য ডট অৰ্গ: নবীনসকলৰ মাজত আপোনাৰ দৃষ্টিত পৰা কোনোবা আছেনে বাৰু?

দ্বীপেন বৰুৱা:  প্ৰতিভা বহুতৰেই আছে৷ জুবিন পাপনক বাদ দিও নতুনচামৰ মাজতেই ভাল ভাল কণ্ঠৰ বহুত টেলেণ্টেড ল’ৰা ছোৱালী দেখিছোঁ৷ তেওঁলোক কিন্তু শব্দ গাঠনিয়েই হওক বা বেলেগ ক্ষেত্ৰতো এতিয়া বিতৰ্কৰ সৃষ্টি কৰি থকা সকলৰ দৰে তললৈ যোৱা নাই৷ একদম নতুনকৈ ওলোৱা কিছুমানৰহে তললৈ যোৱাৰ মানসিকতা দেখিবলৈ পাইছোঁ৷ যি টি শব্দ ব্যৱহাৰ কৰি ঘৰত মাক, দেউতাক, ল’ৰা, ছোৱালী একেলগে বহি শুনিব নোৱাৰা পৰিবেশ এটাৰ সৃষ্টি কৰিছে৷

 

সাহিত্য ডট অৰ্গ: এতিয়াৰ কিছুমান গান, যিবোৰ আমাৰ সৰ্বসাধাৰণ ৰাইজেই অশ্লীলতাৰ শাৰীত ধৰিছে, তেনে গান কিছুমানো কিন্তু ছ’ছিয়েল মিডিয়া, ইউটিউব আদিত আপলোড কৰাৰ পিছত খুব কম সময়ৰ ভিতৰতে অভূতপূৰ্ব সঁহাৰি পোৱা দেখিবলৈ পোৱা যায়৷ সেই গীতৰ লগত জড়িতসকলে সেয়া তেখেতসকলৰ জনপ্ৰিয়তা বুলি দাবী কৰিব বিচাৰে৷ এই ক্ষেত্ৰত আপোনাৰ মতামত?

দ্বীপেন বৰুৱা:  সেইটো মই জনপ্ৰিয়তা বুলি নকওঁ৷ জনপ্ৰিয়তা আচলতে কি? মোকেই বহুতে কয়, জনপ্ৰিয় শিল্পী দ্বীপেন বৰুৱা বুলি, সোধে, আপোনাৰ জনপ্ৰিয়তা এতিয়াও আছে বুলি৷ সেইটোত মই নিজে কেনেকৈ ক’ম? (হাঁহি মাৰি) সেইটো ৰাইজেহে ক’ব, মই জনপ্ৰিয় হয়নে নহয়! যেতিয়ালৈকে মোক বিচাৰি থাকিব, তেতিয়ালৈকে মই গাই থাকিম৷ যেতিয়া নিবিচৰা হ’ব, তেতিয়া বাদ দিম আৰু৷ জনপ্ৰিয়তাৰ মাপকাঠী ইউটিউবৰ ডাউনলোড বা ছ’ছিয়েল মেডিয়াৰ ভিউৱাৰৰ সংখ্যাৰে জুখিব নোৱাৰি৷ তাৰোপৰি নিজকে শিল্পী বা বেলেগ কিবা বুলিও মোৰ ধাৰণাত কোনেও নিজেই ক’ব নালাগে৷ সেই স্বীকৃতি ৰাইজেহে দিব৷ মই নিজে এতিয়ালৈকে শিল্পী হ’ব পৰা নাই৷ মই গায়কেই হৈ আছোঁ৷ মই নিজকে শিল্পী বুলি ভাবিব পৰা হোৱা নাই এতিয়ালৈ৷ তাৰোপৰি নিজৰ গান একোটা মঞ্চ বা ক’ৰবাত নিজেই জনপ্ৰিয় বুলি কোৱা কথাটোও মই সঠিক বুলি নাভাবো৷ সেইদিনা এটা সম্বৰ্ধনা অনুষ্ঠান আছিল৷ মই গাইছিলোঁ নৱকান্ত বৰুৱাৰ এটা গান, ‘মুকুতা’ আৰু এটা ‘অভিযান’ বোলছবিৰ৷ গানটো গোৱাৰ আগতে মুখৰপৰা পটকৰে ওলাই গ’ল, মই এতিয়া এটা জনপ্ৰিয় গান গাম৷ তাৰ পিছতেই মই অৱশ্যে ক’লোঁ, যে মই নিজেই নিজৰ গান জনপ্ৰিয় বুলি ক’বলৈ বেয়া পাওঁ৷ এইবাবেই ক’লোঁ, যে য’লৈকৈ গৈছোঁ, সেই মঞ্চতেই এই গান দুটা গাব লগাত পৰিছোঁ৷ সেয়েই জনপ্ৰিয় বুলি ক’লোঁ আৰু৷ সেইবুলি ৰাইজক বুজাই দিলোঁ আৰু৷

 

সাহিত্য ডট অৰ্গ: সংগীতৰ ফিউজনে অসমীয়া সংগীত জগতখনতো পোখা মেলিছে৷ সংগীতৰ এই ফিউজনে অসমীয়া সংগীতৰ উন্নতি সাধন কৰিছে, নে বিপদাপন্ন কৰিছে? আপোনাৰ মতামত?

দ্বীপেন বৰুৱা:  সেইটো ঠিক উন্নতি বুলিও নকওঁ, বা বিপদাপন্ন বুলিওঁ নকওঁ, কিন্তু অসমীয়া সংগীতত ব্যক্তিগতভাৱে মই ফিউজনৰ আৱশ্যকতা নাই বুলিয়েই ভাবোঁ৷ অৱশ্যে যুগৰ পৰিবৰ্তনৰ লগে লগে সকলো বস্তুৱৰেই পৰিবৰ্তন হয়, সেইকাৰণেই চাগে পৰিবৰ্তনৰ বাবেই বহুতে ফিউজনৰ বিষয়ে চিন্তা চৰ্চা কৰিছে বা কাম আগ বঢ়াইছে, কিন্তু ফিউজন কৰিলে মোৰ হিচাবত বহুদিন নিটিকিব, মানে এভাৰলাষ্টিং নহ’ব৷ সদায় নাথাকিব৷ মোৰ নিজৰ ব্যক্তিগত অনুভৱটোহে কৈছোঁ দেই৷

 

সাহিত্য ডট অৰ্গ: আপুনি নিজৰ কিছুমান গান আকৌ নতুনকৈ গাইছে, এলবাম হিচাপে…

দ্বীপেন বৰুৱা:  মই গাইছিলোঁ, পাঁচটা ভলিউম কৰিছিলোঁ চল্লিশটামান গানৰ৷ ৰাইজে আদৰিও লৈছিলে৷ সদ্যহতে কৰা নাই অৱশ্যে৷

 

সাহিত্য ডট অৰ্গ: সেই গীতবোৰৰ কথা এটা কওঁ, আমি আগতে ৰেডিঅ’ত শুনিছিলোঁ সেইবোৰ গান৷ কিন্তু নতুনকৈ গোৱা গানবোৰত আপোনাৰ মাতটো একে আছে যদিও ‘ফিমেল ভইচ’টো আগৰ নিচিনা হোৱা নাই৷ তাৰ বিষয়ে অলপ ক’ব নেকি?

দ্বীপেন বৰুৱা:  আচলতে পিছত ৰেকৰ্ড বা ৰিমেক কৰোঁতে সেই গানবোৰ মই গুৱাহাটীতে ৰেকৰ্ড কৰিছিলোঁ৷ সেই গানবোৰ আগতে মোৰ লগত বেলেগ কোনোবাই গাইছিল, ধৰক বংগৰ নিৰ্মলা মিশ্ৰ, আৰতি মূখাৰ্জী, বনশ্ৰী সেনগুপ্ত, ছ’ৰী, বনশ্ৰী সেনগুপ্ত ইত্যাদিয়ে৷ কিন্তু ৰিমেক গানবোৰত তেখেতসকলে গোৱা নাছিল৷ ইয়াৰে ছোৱালীয়ে গাইছিল৷ গতিকে ‘ফিমেল ভইচ’টো বেলেগ হৈছে, মোৰটো একে আছে৷ এইখিনিতে বেলেগ এটা কথা কওঁ, আচলতে বেয়া পাইছোঁ মই যে এফ এম ৰেডিঅ’ত কোনোবাই মোৰ গানবোৰৰ মিউজিক হুবহু একে ৰাখি নিজ কণ্ঠত গাইছে৷ গতিকে মাতটো বেলেগ হৈ গৈছে৷ কিন্তু ৰাইজে মই গোৱা বুলিয়েই ভাবিছে৷ বহুতে বহু ঠাইত মঞ্চৰপৰা নামি অহাৰ পিছত সুধিছেও, – ‘দ্বীপেন দা, আপুনি এই ডেৰঘণ্টা দুঘণ্টা প্ৰ’গ্ৰাম কৰিলে, আপোনাৰ মাতটো দেখোন আগৰ দৰেই আছে৷ কিন্তু এফ এমত আপোনাৰ মাতটো ইমান বেলেগ শুনি!’ মই আকৌ ক’বলগীয়াত পৰোঁ, বোলো সেয়া মই গোৱা নহয়, কোনোবাই মিউজিক হুবহু ৰাখি নিজে গাইছে৷ গতিকে এনে কৰি পৰোক্ষভাৱে মোৰ ইমেজ নষ্ট কৰি পেলাইছে৷ কোনে গাইছে, মই কাৰো নামো নাজানো৷ কাৰণ বিবিধ ভাৰতীতহে গায়কৰ নাম কয়, এফ এমত নাম নকয়৷ গতিকেই কোনে গাইছে মই গম নাপাওঁ৷ গৈ সুধিলে গম পাম অৱশ্যে, কিন্তু সময়ো নহয়৷ সেই গানবোৰ শুনি মানুহে ভাবে যে দ্বীপেন বৰুৱাৰ মাতটো বেলেগ হৈ গ’ল আজিকালি৷ কিন্তু কিমানৰ ভুল ভাঙিম? কেইজনমানৰহে ভাঙিব পাৰিম! সেইকাৰণে দুখ লাগে সেইবিলাক কথাত৷

 

সাহিত্য ডট অৰ্গ: আমাৰ ধাৰণাত আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰিলে ভাল হ’ব৷

দ্বীপেন বৰুৱা:  ময়ো ভাবিছোঁ৷ বহুতেই কৈছে ইতিমধ্যে৷ সময় সুবিধা নিমিলা বাবেই কৰিব পৰা নাই অৱশ্যে৷ মিউজিকটো বদলোৱা হ’লে বা ৰিমিক্স কৰাহেঁতেন সেইটো বেলেগ কথা আছিল৷ কিন্তু হুবহু মিউজিক ৰাখি দিয়াত মোৰ আপত্তি আছে৷

 

সাহিত্য ডট অৰ্গ: আপুনি অন্য ভাষাৰো গান গোৱাৰ কথা ভবিছে নেকি কেতিয়াবা?

দ্বীপেন বৰুৱা: মই গোৱা নাই এতিয়ালৈকে৷ কিন্তু কোনোবাই যদি মাতে, গানত ভাষা লৈ কথা নাই, গাব পাৰিম বুলিয়েই মোৰ বিশ্বাস৷ অৱশ্যে সেই তেতিয়া মোক কলিকতাৰ মিউজিছিয়ান আৰু ৰেকৰ্ডিষ্ট কেইজনমানে মোক তাতে থাকি যোৱাৰ কথা কৈছিল৷ কিন্তু তেতিয়া গায়কৰ মাননি বহু কম আছিল, এতিয়াহে বাঢ়িল৷ ময়েই লওঁ আজিকালি অলপ বেছিকৈ৷ গতিকে তেতিয়া বহু কথা ভাবি তাত থকা নহ’লগৈ৷ (ৰসিকতা কৰি হাঁহি) তাত থাকিবলৈ হ’লে থাকিবলৈ ঘৰ এটা ল’ব লাগিব, ঘৰৰ ভাড়া লাগিব, নিজে খাব লাগিব, পিন্ধিব লাগিব, তেতিয়া অসমীয়া চিনেমাতো গান গালে বহুত কম কম টকা দিয়েটো, এইবোৰকে ভাবি কলিকতা, বোম্বেত থকা নহ’লগৈ৷ নহ’লে মই বোম্বেতে থাকিলোঁহেতেন৷ কাৰণ মই সৰুৰেপৰাই হিন্দী গান শুনি শুনিয়েই গায়ক হ’লোঁ৷ (শব্দ কৰি হাঁহে)

 

সাহিত্য ডট অৰ্গ: আপুনি যিমানবোৰ চিনেমাত গান গালে, তাৰ ভিতৰত কোনখন আপোনাৰ আটাইতকৈ প্ৰিয়?

দ্বীপেন বৰুৱা: ছবি আটাইবিলাকেই প্ৰিয়৷ গানৰ ভিতৰতো সকলোৱেই প্ৰিয় গান, কিন্তু এটা বুলি ক’বলৈ নোৱাৰিম, আটাইতকৈ প্ৰিয় বুলি তিনিটা গানৰ নাম ল’ম৷ এক নম্বৰত ৰাখিম ‘মুকুতা’ বোলছবিৰ নৱকান্ত বৰুৱাদেৱৰ ‘এখন নেদেখা নদীৰ সিপাৰে’ শীৰ্ষক গীতটি৷ দুই নম্বৰত ‘অভিযান’ বোলছবিৰ ‘এইখনি গাওঁ বুকুৰ আপোন’ শীৰ্ষক গীতটি৷ আৰু তিনি নম্বৰ স্থানত ‘ললিতা’ বোলছবিৰ ‘আঁকিলা মোৰ পদূলিত সাত বৰণৰ আল্পনা’ শীৰ্ষক গীতটি৷ বাকীবিলাকো প্ৰিয়, কিন্তু প্ৰথম তিনিটা স্থান এই তিনিটা গানক দিছোঁ৷

 

 

সাহিত্য ডট অৰ্গ : এই তিনিটা বিশেষ ভাৱে নিৰ্বাচন কৰাৰ কাৰণটো কি?

দ্বীপেন বৰুৱা: গোটেই বোৰ গানেই ভাল। কিন্তু গীতৰ কথাবোৰৰ বাবেই ভাল লাগে। ‘এখন নেদেখা নদীৰ’ কথা নৱকান্ত বৰুৱা দেৱৰ। ইমান সুন্দৰ গীতৰ কথা। ‘এইখনি গাওঁ বুকুৰ আপোন’ত গোটেই গাঁও এখনৰ বৰ্ণনা আছে। এইটো ‘অভিযান’ চিনেমাখনৰ গীত। চিনেমাৰ নায়ক নিপন গোস্বামী টাউনত থাকে। নিজৰ ‘অৰিজিনেল’ গাঁওৰ ঘৰত বহুত বছৰৰ পিছত গৈছে। গৈ পথাৰ দেখে। গাঁওৰ পৰিৱেশ দেখি স্ৱতঃস্ফুতঃ ভাৱে ওলাই গৈছে ‘এইখনি গাওঁ বুকুৰ আপোন’। তৃতীয় গানটো ‘চ’লো ৰোমান্টিক’। মই যিমান দূৰ জানোঁ অসমীয়া চিনেমাত এইটো প্ৰথম ‘চ’ল’ ‘ ৰোমান্টিক গীত। ইয়াৰ আগত ৰোমান্টিক ‘ডুয়েট’ বহুত আছিল। কিন্তু বিজু ফুকনৰ ‘লিপচ্’ত এইটো প্ৰথম অসমীয়া ‘চ’ল’ ‘ ৰোমান্টিক আছিল। সুৰ আৰু কথাখিনি খুউব ভাল।

 

সাহিত্য ডট অৰ্গ : অলপ গীতটো গাই শুনাব লাগিব আপুনি।

দ্বীপেন বৰুৱা: ৰাতিপুৱা সাধাৰণতে কন্ঠ বহি থাকে। মই সাধাৰণতে ৰেকৰ্ডিং পৰাপক্ষত ৰাতি কৰোঁ। সন্ধিয়াৰ পিছত ‘ভইচ’টো খুলি থাকে মোৰ। মই আগতেও কলিকতা বা মুম্বাইত ৰেকৰ্ডিং কৰিলে পিছবেলা কৰিবলৈ চেষ্টা কৰোঁ। মুম্বাইত সেই সময়ত ‘ফিল্ম চেন্টাৰ’ আছিল। ৰফি চাহাবহঁতে তাতেই ৰেকৰ্ডিং কৰে। তাত তেওঁলোকে আমি বিচৰা মতে সময়টো দিব নোৱাৰে বাবে কেতিয়াবা দিনত কৰিব লগা হৈছে।

 

সাহিত্য ডট অৰ্গ: আপুনি যেতিয়া ৰেকৰ্ডিংৰ কামত বাহিৰত যায় তাত বেলেগ সংগীতজ্ঞ লগ পাইছে নিশ্চয়। সেই অভিজ্ঞতা কেনেকুৱা?

দ্বীপেন বৰুৱা: পাইছো। মই সলিল চৌধুৰীক লগ পাইছিলোঁ। তেখেতে মোৰ মূৰত হাত দি আশীৰ্বাদ দিলে। তেখেতৰ সহায়ক আছিল কানু ঘোষ। কানু ঘোষ আকৌ আমাৰ অসমৰ জিতুদা-তপনদাৰ (জিতু-তপন) সহায়ক আছিল। কানু ঘোষে আমাক ভাত খাব মাতিছিল। সেই সময়তে সলিল চৌধুৰী সোমাই আহিল। কানু দাই আমাৰ লগত চিনাকি কৰি দিলে। মোৰ তেতিয়া বয়সো কম আৰু বেছি ক্ষীণ আছিলোঁ। কানু ঘোষে মোৰ কথা কৈছে, ভালদৰে গান গোৱা বুলি কৈছে। কন্ঠটো ভাল বুলি কৈছে। তেতিয়া সলিল চৌধুৰীয়ে কয় -‘ইমান সৰু ল’ৰা! কি গান গাব?’ তেতিয়া মই সলিল দাক ক’লো- সলিল দা, আপোনাৰ ‘আনন্দ’ চিনেমাৰ যে সেই গানটো ‘কহী দূৰ যব দিন ধল যায়ে’, মোৰ খুউৱ ভাল লাগে।’ তেতিয়া তেখেতে মোক গাব দিলে। মই গালোঁ। গীতটো শুনি তেখেতে মোক আশীৰ্বাদ দিছে।

তেনেকে আন বহুতক পাইছোঁ। আশা ভোচলে, সুমন কল্যানপুৰ আদি।

 

সাহিত্য ডট অৰ্গ : ডo ভূপেন হাজৰিকা দেৱৰ সান্নিধ্য?

দ্বীপেন বৰুৱা : তেখেতকতো পাইছোৱেই। তেওঁৰ পৰিয়ালৰ লগত আমাৰ ঘৰখনৰ এক ঘনিষ্ঠতা আছিল। ভূপেন দা বাহিৰে বাহিৰে ঘুৰি-ফুৰা মানুহ। বাকী সমৰ হাজৰিকা মোৰ বাল্য বন্ধু। জয়ন্ত হাজৰিকা আমাৰ ৰমেন দাতকৈ সৰু যদিও, মোৰ ওপৰৰ নীৰেণ দা যে, ৰেডিঅ’ত বাতৰি পঢ়িছিল যে নীৰেণ বৰুৱা, তেখেতৰ লগৰ। কিন্তু জয়ন্ত হাজৰিকা আমাৰ ৰমেন দাৰ লগত একেবাৰে বন্ধুৰ নিচিনা ‘তুমি’ বুলি মাতে। আকৌ জয়ন্ত হাজৰিকাৰ ওপৰৰ বলেন দা আমাৰ ৰমেন দাৰ একে লগৰ। তেনেকে গোটেই কেইজন

One thought on “বিশিষ্ট গায়ক দ্বীপেন বৰুৱাৰ লগত সাক্ষাৎকাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!