সম্পাদকীয় – ঊষামণি কাকতি

“গাঁওখনৰ আটাইতকৈ ওখ ঠাইডোখৰত মন্দিৰটো৷ কিন্তু এতিয়া আনকি তাৰ বিগ্ৰহটোও এডিঙি পানীত বুৰ গৈ আছে৷ চাৰিওপিনে কেৱল পানী।” মাৰাঠী সাহিত্যিক শিৱশংকৰ পিল্লাইৰ ‘বান’ নামৰ গল্পটোৰ অনুদূতি এই কিয়দংশ এতিয়া যেন কেৱল মহাৰাষ্ট্ৰৰ প্ৰতিচ্ছবি নহয় , ই যেন দেশ, কাল, জাতি, প্ৰাণীভেদৰ সীমা অতিক্ৰমি প্ৰাকৃতিক দুৰ্যোগৰ ভয়াবহতাৰ ছবি৷ যদিও প্ৰাকৃতিক দুৰ্যোগ বুলিলে কেৱল বানপানীকে নুবুজায়, তথাপি নদীকেন্দ্ৰিক ৰাজ্যৰূপে আমাৰ অসমক সততে জুৰুলা কৰা বানপানীকে সকলোৱে অসমৰ প্ৰধান প্ৰাকৃতিক দুৰ্যোগ বুলি ক’বলৈ বিচাৰে৷

প্ৰকৃততে প্ৰাকৃতিক দুৰ্যোগ বুলিলে পৃথিৱীৰ অভ্যন্তৰ বা উপৰিভাগত হঠাৎ হোৱা পৰিঘটনাৰ ফলত সৃষ্টি হোৱা কিছুমান অৱস্থাক বুজা যায়৷ যি অৱস্থাৰ বাবে মানৱ সমাজ-সভ্যতাৰ বিস্তৰ ক্ষয়-ক্ষতি হৈ আহিছে৷

অসমৰ পটভূমিত বানপানী আৰু ভূমিকম্পই প্ৰধান প্ৰাকৃতিক দুৰ্যোগ৷ পৃথিৱীৰ সবাতোকৈ বেছি ভূমিকম্পপ্ৰধান অঞ্চলকেইটাৰ ভিতৰত ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল অন্যতম৷ বানপানীতকৈ ভূমিকম্পৰ ক্ষয়-ক্ষতি তথা ভয়াবহতা অধিক৷ ভূমিকম্পৰ আগজাননী দিয়াৰ কোনো সুব্যৱস্থাও নাই৷ লগতে ই একে সময়তে এক বৃহৎ অঞ্চলত জোকাৰণি অনুভূত কৰিব পাৰে৷ অসমত বছৰি দুই এটা কম কম্পন অনুভূত হৈ থকা ভূমিকম্পৰ বিষয়ে পোৱা যায়৷ ১৮৯৭ আৰু ১৯৫০ চনৰ ভূমিকম্প দুটা অসমত এতিয়ালৈকে হোৱা বৃহৎ প্ৰাৱল্যৰ ভূমিকম্প৷ ৰিখটাৰ স্কেলৰ মতে ৮.৭ ৰ প্ৰাৱল্যৰ ভূমিকম্প বুলি তথ্য পোৱা যায়৷ এতিয়ালৈকে অসমত বিস্তৰ ক্ষয়-ক্ষতি হোৱা ভূমিকম্পৰূপে এই দুটা ভূমিকম্পই বিবেচিত হৈ আহিছে৷ বিজ্ঞজনৰ মতে ’৫০ চনৰ ভূমিকম্পই ব্ৰহ্মপুত্ৰৰ গভীৰতা হ্ৰাস কৰি অসমত বছৰি বানপানী বঢ়াৰ কাৰণ হৈ পৰিল৷ অসম চৰকাৰেও ব্ৰক্ষ্মপুত্ৰ খননৰ প্ৰকল্প লৈছিল যদিও সেয়াও ফলপ্ৰসূ হৈ উঠা নাই৷

ভূমিস্খলন, ধুমুহা আদিও অসমৰ পটভূমিত উল্লেখনীয় প্ৰাকৃতিক দুৰ্যোগ বুলি বিবেচিত হৈ আহিছে যদিও এইবিলাকৰ প্ৰভাৱত সীমিত অঞ্চলৰ ক্ষয়-ক্ষতি হোৱাৰ তথ্য পোৱা যায়৷

প্ৰাকৃতিক দুৰ্যোগৰ উপৰি মানৱসৃষ্ট দুৰ্যোগ যেনে: বোমা বিস্ফোৰণ, যান-বাহনৰ দুৰ্ঘটনা, ঔদ্যোগিক দুৰ্যোগৰ ভিতৰত অগ্নিকাণ্ড, বিষাক্ত গেছ নিৰ্গমন আদিবোৰকো দুৰ্যোগৰ শাৰীতে ৰাখিব পাৰি৷

এই আটাইবোৰ দুৰ্যোগৰ ভিতৰত প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা দুৰ্যোগৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি সাধন হয়৷ এনে দুৰ্যোগৰ ওচৰত মানৱ সমাজ অসহায় হৈ পৰে৷ যিকোনো দুৰ্যোগ প্ৰতিৰোধ, প্ৰশমনৰ বাবে কিছুমান কাৰ্য ব্যৱস্থা হাতত লোৱা হয়৷ এই কাৰ্য ব্যৱস্থাটোকে দুৰ্যোগ ব্যৱস্থাপনা বোলা হয়৷ এই ব্যৱস্থাপনাত দুৰ্যোগৰ পূৰ্বে সতৰ্কতাৰ স্তৰ, দুৰ্যোগৰ স্তৰ, উদ্ধাৰ অভিযানৰ স্তৰ, সাহাৰ্য বিতৰণৰ স্তৰ আৰু পুনৰ সংস্থাপনৰ স্তৰ নামে কেইবাটাও স্তৰ অনুসৰি কাৰ্য প্ৰণালী হাতত লোৱা হয়৷ এইবিলাক ব্যৱস্থাপনাৰ বাবে চৰকাৰী বিভাগ স্থাপন কৰি সুসংহত ৰূপত গঢ়ি তোলা হয়৷ এইক্ষেত্ৰত স্বেচ্ছাসেৱী সাধাৰণ জনতায়ো সহায়ৰ হাত উজান দিয়া পৰিলক্ষিত হয়৷ জনসাধাৰণৰ এই সহযোগিতা সমাজৰ বাবে ইতিবাচক কথা৷

বৰ্তমানৰ প্ৰেক্ষাপটত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ইজনে সিজনক সহায়ৰ হাত আগবঢ়াই দায়িত্ব সামৰাৰ পৰা ব্যতিক্ৰমীভাবে কথাবোৰ চিন্তা কৰাৰ সময় সমাগত৷ প্ৰকৃতিক, প্ৰকৃতিৰ জৈৱ-বৈচিত্ৰক নিজাধৰণে অক্ষুণ্ণ ৰাখিও প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতিৰোধৰ কথা ভাবিব নোৱাৰিনে? বিশেষকৈ বানপানীৰ দৰে আগজাননী পোৱা প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিবলৈ মানুহে নতুন চিন্তা-চৰ্চা কৰাৰ সময় সমাগত৷ নৈপৰীয়া হাবিখনৰ গছকেইডাল নোহোৱাৰ পৰাহে গাঁওখন খহনীয়াই উটুৱাই নিয়া হ’ল৷ বিদ্যুৎ শক্তি উৎপাদনৰ বাবে নৈখনত বান্ধ দি সময়ে সময়ে পানী এৰি বানপানীৰো ভয়াবহতা নিজে হাতে বঢ়াই লোৱা হৈছে৷ সেই বান্ধৰ পানীৰ ভৰ সহিব পৰাকৈ মাথাউৰিটো হ’লে আজিও আওপুৰণি প্ৰযুক্তিৰে গঢ়া৷ নৈখনৰ পানী গাঁওমুখী হোৱাত বাধা দিয়া নৈপৰীয়া ডাঠ কাঠনীডৰাও আজি নাই৷

মানৱসমাজে প্ৰকৃতিক প্ৰত্যাহ্বান জনাবলৈ এৰি, ধ্বংস কৰিবলৈ এৰি প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ শিকাৰ সময় সমাগত৷ এই সহাৱস্থানৰ চিন্তাই প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস নকৰিলেও ভয়াৱহ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিব৷ সাহিত্য ডট অৰ্গৰ পঢ়ুৱৈলৈ এই চিন্তাৰ বাটমুকলিৰে আগষ্ট সংখ্যাটো আগবঢ়ালোঁ।

  (ঊষামণি কাকতি )


অষ্টম বৰ্ষ, পঞ্চম সংখ্যা
ভাদ ১৯৪১, আগষ্ট ২০১৯

“সাহিত্য ডট্ অৰ্গ — পঢ়ক আৰু পঢ়ুৱাওক!“

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক