সম্পাদকীয় – অষ্টম বৰ্ষ, নৱম সংখ্যা, জেঠ ১৯৪২ শক

সময়, আশা-নিৰাশাৰ সন্ধিক্ষণত মানৱ জাতি

সময় গতিশীল। এই গতিশীল সময়ৰ লগে লগে কাল পৰিক্ৰমাৰ খতিয়ানবোৰ জমা হৈ গৈ থাকে পৃথিৱীৰ ইতিহাসৰূপে। সৌৰমণ্ডলৰ নক্ষত্ৰ, জোন-বেলি-তৰাৰ অহা-যোৱাৰ প্ৰক্ৰিয়াই এই গতিশীল সময়ক আগুৱাই লৈ গৈ থাকে। সেয়েহে সময়ৰ ধাৰণা কৰাটো কেতিয়াও সম্ভৱ নহয়।

আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰ আগতে এৰিষ্ট’টলে সময়ৰ বিষয়ে কৈছিল,- “Time is the most unknown of all unknown things”.

দাৰ্শনিক আৰু বিজ্ঞানীসকলে সময়ৰ বাবে দুটা প্ৰধান ধাৰণাৰ সংজ্ঞা দিছে। প্ৰথমটো হ’ল কায়িক সময় যাৰ এক নিৰ্দিষ্ট উদ্দেশ্য থাকে আৰু সেয়া মানুহৰ মনৰ বাহিৰত অৱস্থান কৰে আৰু এই সময়েই স্বাভাৱিক বিশ্বৰ অংশ হ’য়। দ্বিতীয়টো হ’ল মনস্তাত্বিক সময়। এই সময় বিষয়গত হয়। এই সময়ে মনৰ ওপৰত নিৰ্ভৰশীল হোৱা সময়ৰ এক অস্তিত্বৰ অনুভৱ কৰায়।

অতীত হৈছে এক বিশেষ সময়ত ঘটা ঘটনাৰ সমষ্টি। এইয়া কোনো এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সংঘটিত হয় আৰু এই অতীতে বৰ্তমান অথবা ভৱিষ্যতৰ কোনোধৰণৰ পৰিবৰ্তন কৰিব নোৱাৰে।

প্ৰত্যক্ষভাৱে ঘটনা-পৰিঘটনাৰ লগত জড়িত হৈ পৰা সময়ক আৰু পোনপ্ৰথমৰে পৰা যি অতীতৰ সংগ্ৰহ অথবা স্মৰণ নহয়, অথবা ভৱিষ্যতৰো জল্পনা-কল্পনা নহয় সেয়াই বৰ্তমানৰ সময় বুলিব পাৰি। অতীত আৰু ভৱিষ্যতৰ মাজত বৰ্তমানৰ সংজ্ঞাক অন্ততঃ এটা শব্দৰেই পৃথক কৰিব পাৰি। সেইটো হৈছে “এতিয়া”, ইংৰাজীত “now”। এই “এতিয়া” শব্দটোৰ লগত এখিনি বিশেষ সময় জড়িত হৈ থাকে। সেই সময়খিনিয়েই অতীত আৰু ভৱিষ্যতৰ মাজৰ সময়। অৱশ্যে এই ‘এতিয়া’ শব্দটোৰ সময়ছোৱা অথবা স্থিতিকাল শব্দটোৰ সময়ত অৰ্থাৎ বৰ্তমানত জড়িত থকা ঘটনা-পৰিঘটনাৰ সময়ছোৱা কিমান দূৰত্বৰ হ’ব সেইয়া ঘটনা, পৰিবেশ আদিৰ ওপৰত নিৰ্ভৰ কৰে। সেই ঘটনা, সময় সাপেক্ষে সূক্ষ্মাতিসূক্ষ্ম অথবা স্থিতিকালহীনতাৰ এটি মুহূৰ্তৰ পৰা এঘণ্টা, এটা দিন, এযুগ, শতিকা অথবা তাতোকৈয়ো অধিক সময়ৰ বাবে হ’ব পাৰে।

ভৱিষ্যত হৈছে বৰ্তমানৰ মুহূৰ্তৰ পৰা কেতিয়াও শেষ নোহোৱা সময়ৰ খতিয়ান। এইছোৱা এনে এক সময় য’ত কিবা ঘটনা-পৰিঘটনা হ’ব পৰাৰ সম্ভাৱনাৰ কথা বৰ্তমানত ভবা হয় আৰু সাম্ভাৱ্য ঘটনা-পৰিঘটনাৰ ক্ষেত্ৰত কোনো এক অসীম সময়ৰ কথা বিবেচনা কৰা হয়। অথবা কোনো এক সময়সীমাৰ ভিতৰত অৰ্থাৎ সসীম সময়ৰ কথা অনুমান কৰা হয়। বিদ্বৎ সকলৰ মাজৰ বহুজনে ভৱিষ্যতক এক নিৰ্দিষ্ট আৰু পূৰ্বনিৰ্ধাৰিত সময়সীমাৰ অন্তৰ্গত বুলি বিবেচনা কৰে। বহুতে ভৱিষ্যতক সম্পূৰ্ণভাৱে মূলতঃ অজানা এক সময় বুলি ক’ব খোজে। সেয়েহে এনে অজানা সময়ে বিভিন্ন পৰিবেশত বিভিন্ন সুবিধা আৰু একাধিক সুযোগৰ সৃষ্টি কৰিব পাৰে।

এই সময়ক কেন্দ্ৰীভূত কৰিয়েই যুগৰ ধাৰণা কৰা হ’য়। এযুগ এযুগকৈ গৈ থকা সময়েই শতিকা, বহু হাজাৰ শতিকাৰে কোটি কোটি বছৰীয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সূত্ৰৰ ধাৰণা দিবলৈ সক্ষম হৈছে। সময় তথা যুগৰ লগে লগে গৈ আছে স্থায়ী-অস্থায়ী সকলোবোৰ দিশৰে পৰিৱৰ্তনৰ প্ৰক্ৰিয়া।

সময়ৰ সতে আমি দিন-প্ৰতিদিনেই সংলগ্ন হৈ গৈ থাকোঁ। বিভিন্ন পৰিস্থিতিত মানুহে এইদৰে প্ৰায়েই কোৱা শুনা যায়,-“আমাৰ দিনত সময়বোৰ বেলেগ আছিল।” ইংৰাজীত কোৱা হয়,- “Things were different in our time”।

অথবা কোৱা হয়,-“সময় ৰৈ যায়..!” ইংৰাজীত কোৱা হয় “Time stood still”

প্ৰকৃততে সময় জানো ৰ’ব পাৰে?  নহয়, সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। অৱশ্যে এই সময় একে অথবা ৰৈ নথকাৰ কথাটো স্থান, কাল আৰু পাত্ৰ ভেদে বেলেগ বেলেগ হ’ব পাৰে। কোনো ঘটনা বা পৰিঘটনাই সময়ৰ চকৰিক ৰুদ্ধ কৰিব নোৱাৰে।

সেইবুলি বৰ্তমান সময়ছোৱাত মানৱ জাতিয়ে সন্মুখীন হোৱা ন’ভেল কৰ’ণা ভাইৰাছৰ ভয়াবহতাক কোনোপধ্যে নুই কৰিব নোৱাৰি। কাৰণ চিকিৎসাবিজ্ঞান, তথ্য-প্ৰযুক্তি তথা বিজ্ঞানৰ আমূল উন্নতি সাধনৰ পিছতো এই ভাইৰাছক প্ৰতিহত কৰিবলৈ অতি শীঘ্ৰেই তেনে কোনো ঔষধ আদিৰ আৱিষ্কাৰ এতিয়াও সম্ভাৱনাৰ স্তৰতে আছে। গৱেষকসকলৰ মতে এই ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ অতি কমেও এবছৰমান সময়ৰ প্ৰয়োজন আছে।

সমগ্ৰ বিশ্বতে ন’ভেল কৰ’ণা ভাইৰাছৰ ব্যাপকতালৈ চাই তথা বৰ্তমানলৈকে ভাইৰাছবিধক নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হৈ পৰা মানৱ জাতিৰ সন্মুখত সেয়েহে এটা প্ৰশ্নই দেখা দিছে, – বৰ্তমান সময়ত দেখা দিয়া এই মহামাৰীত মানৱ জাতি নিঃশেষ হৈ যাব নেকি?

সম্ভৱ হয় জানোঁ? ইয়াৰ আগতেও এনে বহুত দুঃসময় আছিল। সময়ে সময়ে হোৱা প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ভাইৰাছৰ দ্বাৰা মানৱ জাতিক আক্ৰমণ, নিজকে শক্তিশালী বুলি পৰিচয় দিবলৈ মানুহৰ নিজৰ মাজত তথা পৃথিৱীৰ বিভিন্ন দেশৰ মাজত অঁৰিয়াঅঁৰিৰ ফলত হোৱা যুদ্ধ, মূলতে দুখনকৈ বিশ্বযুদ্ধ আদিৰে পাৰ হৈ অহা সময়েই সাক্ষী যে মানৱ জাতি নিঃশ্চিহ্ন হোৱাটো সহজসাধ্য নহয়। এনে ধৰণৰ মহামাৰী সদৃশ পৰিস্থিতিৰ মুখামুখি হৈ মানৱ সমাজে বহুখিনি হেৰুৱাইছে যদিও সেই সমস্যাৰ পুনৰ মুখামুখি হ’ব পৰাকৈ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিবলৈও সক্ষম হৈ উঠিছে। গতিকে মানৱ জাতি নিঃশ্চিহ্ন হৈ যাব পাৰে বুলি ভৱাটোও যুক্তিসংগত নহয়।

তেনেক্ষেত্ৰত ইয়াৰ বিকল্প কি হোৱা উচিত?  এই বিকল্পৰ সন্ধানতেই বিশ্বজুৰি বৰ্তমান আলোচিত বিষয়টো হৈছে New Normal। অৰ্থাৎ নৱ স্বাভাৱিকতা।  মানে এই মহামাৰীৰ আগলৈকে যিখিনিক স্বাভাৱিক বুলি ধৰা হৈছিল সেইখিনি এতিয়া স্বাভাৱিক নহয়।

কৰ’ণা মহামাৰীৰ পিচত মানুহৰ আচাৰ-ব্যৱহাৰৰ পৰিৱৰ্তনক মূলতে লক্ষ্য ৰাখি এই নৱ স্বাভাৱিকতা বিষয়টোৰ পুনৰ চৰ্চা হ’বলৈ লৈছে। আমেৰিকাৰ কেনছাছ বিশ্ববিদ্যালয়ৰ হেল্থ চিষ্টেমে এই বিষয়টোত আলোকপাত কৰি অনুমান কৰিছে যে এই মহামাৰীৰ পিছত অধিক সংখ্যক মানুহৰ বাবেই তেওঁলোকৰ দিন-প্ৰতিদিনৰ ৰুটিন খনৰ আমূল পৰিৱৰ্তন ঘটিব পাৰে। এইদিশত মানুহে ইজনে সিজনক কৰমৰ্দন কৰা, লগ পালে উৎফুল্লিত হৈ সাৱতি ধৰা আদি ধৰণৰ মুখামুখি সংযোগ বহুপৰিমাণে সীমিত হৈ পৰিব। তাৰোপৰি, সাধাৰণভাৱে ইজনে সিজনৰ পৰা দূৰত্ব ৰখাটো একপ্ৰকাৰৰ সামাজিকভাৱে গ্ৰহণযোগ্য আচাৰ-ব্যৱহাৰ হৈ পৰিব পাৰে।

সেয়েহে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত হোৱা আৰ্থ-সামাজিক পৰিৱৰ্তনে সমাজত বৰ্তি থকা সুস্থিৰতাত বিঘিনি ঘটাবলৈ লোৱাৰ ফলত সমাজে এক নতুন সুস্থিৰতাৰ দিশে অগ্ৰসৰ হ’ব। এই নতুন সুস্থিৰতাকেই “new-normal”, অৰ্থাৎ নৱ স্বাভাৱিকতা বুলি অভিহিত কৰা হৈছে। এইদৰেই মানুহৰ দৈনন্দিন জীৱনক কেন্দ্ৰ কৰি এই নব্য স্বাভাৱিকতাৰ ধাৰণাটোৱে সমাজত গঢ় লৈ উঠিব বুলি ভাবিব  পৰা যায়। অৱশ্যে এই নতুন সমাজ ধাৰণাটোৱে প্ৰচলনৰ ৰূপ পাবলৈ হয়তো আৰু কিছু সময় ল’ব। কিন্তু তেতিয়ালৈ এই মহামাৰীয়ে সমগ্ৰ বিশ্বতেই এক খাম-খেয়ালীযুক্ত পৰিবেশৰো সৃষ্টি কৰাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি।

অৱশ্যে কৰ’ণা আতংকৰ বাবে বিশ্বৰ প্ৰায়বিলাক দেশতে হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত মানুহে নিজ ঘৰত থকাৰ যি প্ৰয়াস যোৱা প্ৰায় তিনিমাহ ধৰি কৰি থকা দেখা হৈছে, তাৰ ফলত সৃষ্টি হোৱা যোগাত্মক দিশখিনিও আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈছে।

বছৰ- দশক ধৰি বিকাশৰ নামত, মানুহৰ প্ৰয়োজনীয়তাৰ নামত প্ৰকৃতিৰ ওপৰত মানুহৰ দ্বাৰা হৈ অহা অত্যাচাৰবোৰত যেন এতিয়া কিছুপৰিমাণে বিৰাম আহি পৰিছে। এইদৰে ধ্বংসৰ গৰাহত গৈ থকা প্ৰকৃতিয়ে যেন এই সময়খিনিতেই নতুনকৈ উশাহ ল’বলৈ সক্ষম হৈছে!

পৰিবেশ বিজ্ঞানীসকলে প্ৰকৃতিৰ এই দিশটোলৈ লক্ষ্য ৰাখি যুক্তি দিবলৈ বিচাৰিছে যে মানৱ সমাজলৈ এই কৰ’ণা মহামাৰী আহি হোৱা লকডাউনৰ পৰিস্থিতি প্ৰকৃতি তথা পৃথিৱীৰ বাবে একপ্ৰকাৰৰ আশীৰ্বাদ স্বৰূপেই হৈ পৰিছে।

মানুহে উদ্যোগিক উন্নয়ন আৰু কেৱল লাভালাভৰ বাবেই অবিৰতভাৱে পৃথিৱীৰ ওপৰত চলাই যোৱা অত্যাচাৰ, সকলোৰে ওপৰত নিজৰ আধিপত্য খটোৱাৰ প্ৰৱণতাৰ বাবেই লক্ষ্য লক্ষ্য সময়েৰে গঢ় লৈ উঠা পৃথিৱী তথা পৃথিৱীৰ সম্পদৰাশিক এফালৰ পৰা ধ্বংস কৰি গৈ আছে। জীৱাস্মৰ পৰা পোৱা ইন্ধন ক্ৰমে প্ৰাকৃতিক গেছৰ ভাণ্ডাৰসমূহ, নদী, গ্লেচিয়াৰসমূহ—এই সকলোবোৰৰ অধিকাংশই বিগত এশ পঞ্চাছ বছৰ মানৰ ভিতৰত মানুহে ধ্বংস কৰি পেলাইছে।

এতিয়া লকডাউনৰ ফলত প্ৰকৃতিৰ লগতে এই সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী যোগাত্মক প্ৰভাৱ দেখা পোৱা গৈছে। 

এই সময়ছোৱাত লাহে লাহে নদীবোৰৰ পানী চাফা হৈ পৰিছে, মাছবোৰ আহিবলৈ লৈছে আৰু জীৱ-জন্তুবোৰে সন্ত্ৰাসিত হৈ থাকিবলগীয়া হোৱা নাই। গছ-বিৰিখত চৰাই-চিৰিকটিয়ে আপোন মনে উৰি ফুৰিবলৈ এক আশংকাহীন পৰিবেশ পাইছে।  মানুহৰ বাবেই এই পৃথিৱীৰ পৰা একেবাৰে নিঃশেষ হৈ যাবলৈ লোৱা জীৱ-জন্তুবোৰেও সকাহৰ উশাহ ল’বলৈ সক্ষম হৈছে। এনেদৰেই লকডাউনৰ জৰিয়তে হয়তো পৃথিৱী মাতৃয়ে নিজৰ হেৰুওৱা স্থলসম্পদক আমাৰ পৰা ওভোতাই লৈছে।

সেয়েহে এতিয়াৰে পৰা আমি মনত ৰখা উচিত যে এই পৃথিৱীত মানৱৰ স’তে বাস কৰা আন সকলো সহবাসী ক্ৰমে জীৱ-জন্তু, পক্ষীকুল, প্ৰাকৃতিক সম্পদ, ধনী-দুখীয়া আৰু সৌভাগ্যশালী তথা দুৰ্ভাগ্যশালী এই সকলোৱেই সংকটৰ সন্মুখীন একেদৰেই হ’বলগীয়া হয়।

এই ভাইৰাছ আৰু তেনে বহু প্ৰত্যাহ্বান ভৱিষ্যতেও হয়তো আহিব আৰু যাব, কিন্তু বৰ্তমানৰ সময়ৰ পৰিপ্ৰেক্ষিতত পৃথিৱী মাতৃয়ে আমাৰ ওপৰত জাপি দিয়া এই শিকনিক পাহৰি যোৱা উচিত নহ’ব। আগ্ৰাসী মানসিকতা, দুৰ্নীতি আৰু ব্যাপক ধ্বংসযজ্ঞ কৰি অহা আমাৰ এই ধুনীয়া গ্ৰহটোৰ বিকাশৰ পথত আগবাঢ়ি যোৱাত সহায় কৰাৰ এয়া এক সোণালী সুযোগ মানৱ জাতিৰ সন্মুখত আহি পৰিছে। এতিয়া এই সুযোগ গ্ৰহণ কৰাটো মানৱজাতিৰ নিজা পছন্দৰ কথা।

এনেক্ষেত্ৰতেই জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজন হোৱা আশাৰ সঞ্চাৰৰ কথা আহি পৰে। এইদৰে ভৱিষ্যতৰ ভাল সময়ৰ অপেক্ষাত বৰ্তমান নিৰন্তৰভাৱে নিজৰ কাম, দায়িত্ব আদি কৰি যোৱাই হয়তো সৰ্বোত্তম আশাবাদ। জীৱনৰ আটাইতকৈ কঠিন ক্ষণতো ভৱিষ্যতৰ সুদিনৰ বাবে আশা কৰিব পাৰিলেহে মানুহে জীৱন জীয়াবলৈ শক্তি পায়। এনে সময়তেই হিটলাৰৰ নাজী শিবিৰত নিৰ্মম অত্যাচাৰৰ সন্মুখীন হোৱা দুৰ্ভগীয়া ইহুদীসকলৰ কাহিনীবোৰ মনলৈ আহে। শিবিৰত হত্যা যজ্ঞ প্ৰতিদিনৰ ঘটনা আছিল যদিও ঘৰ, পৰিয়াল, ধন-টকা-পইচা সকলো হেৰুৱাই তেওঁলোকৰ বহুতেই আত্মহত্যাও কৰিছিল। কিন্তু তাৰ মাজৰে কিছুমানে জীয়াই থাকিবলৈ অন্তিম মুহূৰ্তলৈকে আশা এৰি দিয়া নাছিল। হাজাৰ বিপদৰ মাজতো, পদে পদে নাজী সৈন্যৰ বন্দুকৰ গুলীৰ মুখামুখি হৈও তেওঁলোকে এটা নতুন দিনৰ আশাতেই জীয়াই আছিল। এইদৰে শিবিৰৰ নিৰ্মম কঠিনতাৰ মাজতো জীয়াই থকাৰ আশা কৰা এহাল দম্পত্তিৰ কাহিনী এটাই সঁচাকৈয়ে অনুপ্ৰাণিত কৰে।

এটি পুত্ৰ সন্তানেৰে পোলেণ্ডৰ মানুহহাল খুবেই সুখী আছিল। প্ৰেমবিবাহ হোৱা মানুহজনে সন্ধিয়া কামৰ পৰা উভতি আহোঁতে পত্নীৰ বাবে সদায়েই এটি ফুলৰ থোপা আনিছিল। আনকি দেওবাৰৰ ছুটিৰ দিনটোতো মানুহজনে এথোপা ফুল আনি মৰমী পত্নীক দিছিল।

নাজী সৈন্য-সামন্তই পুত্ৰসহ মানুহহালক ধৰি পোলেণ্ডৰ Auschwitz নাজী শিবিৰলৈ লৈ গ‘ল। তাত দম্পত্তি বা পৰিয়াল বুলি কথা নাই, নাৰী-পুৰুষক বেলেগে বেলেগে ৰখা হয়। পত্নীগৰাকীক মহিলাৰ শাৰীলৈ যাবলৈ কোৱা হ‘ল। সাত-আঠ বছৰীয়া ল‘ৰাটিক দেউতাকৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰাত দেউতাকে নাজী সৈন্যৰ ভৰিয়ে-হাতে পৰি অনুনয় বিনয় কৰিলে যে ল‘ৰাটিক তেওঁলোকে কেতিয়াও নিজৰ পৰা আঁতৰত ৰাখি পোৱা নাই। নাজীৰ কমাণ্ডাৰে লগে লগে ল‘ৰাটিক গুলিয়াই হত্যা কৰে। কিছু দূৰৈত ৰৈ থকা মাকজনীয়ে চিঞৰি ঢলি পৰে। মানুহজন বহুসময় নিৰ্বাক হৈ ৰয়। কিন্তু পিচত মুমূৰ্ষ, নিৰ্বাক হৈ পৰা পত্নীক দেখি তেওঁ সিদ্ধান্ত লয় যে তেওঁ পত্নীক জীয়াই ৰাখিব।

নাজী শিবিৰত তেনে কোনো ফুল ছিঙি বিলাস কৰাৰ অধিকাৰ বন্দীসকলৰ নাই। সেয়ে তেওঁ পুৱাতেই কেম্পৰ বিভিন্ন কামৰ বাবে শাৰীপাতি ওলাই গৈ থকা পথটোতে পোৱা দুবৰি বন-পাতকে তুলি লৈ ফুলৰ থোপাৰ দৰে বনাই লোহাৰ ৰেলিঙৰ সিফালেদি মহিলাসকলৰ শাৰীটোত গৈ থকা পত্নীয়ে দেখা পোৱাকৈ ৰেলিঙত ওলোমাই থয়। ইমান বিভৎস অত্যাচাৰৰ পিচতো তেওঁ সেই কামটো শিবিৰত থকাৰ শেষ দিনটোলৈকে কৰিছিল। কেতিয়াবা বন-পাত নাপালে জাবৰৰ দ‘মত শুকান দুবৰিৰ বনকে বিচাৰি আনি ফুলৰ থোপাৰ দৰে নহ‘লেও কেইডালমান হ‘লেও গোটাকৈ বান্ধি ৰেলিঙত লগাই থৈছিল। পত্নীয়ে  প্ৰতিদিন সেই পাত-বন-দুবৰিৰ থোপা দেখিছিল আৰু বুজিছিল যে তেওঁৰ স্বামী জীয়াই আছে। তেৱোঁ লাহে লাহে স্বামীয়ে এনেকৈ দিয়া বনৰ থোপাটো লৈ গৈছিল। কেতিয়াবা সুবিধা মিলিলে তেনে সময়তে দুয়ো দুয়োলৈ চাইছিল। বাকহীনতাৰে পিষ্ট হৈও দুয়ো দুয়োৰে বাবে সকাহ অনুভৱ কৰিছিল যে তেওঁলোক তেতিয়ালৈকে জীয়াই আছে। মিত্ৰজোঁটৰ সৈন্যই নাজীক হৰুৱাই Auschwitz শিবিৰত গৈ নাজীৰ অত্যাচাৰত বিৱশ হোৱা সকলোকে উদ্ধাৰ কৰাৰ সময়লৈকে সেই পতি-পত্নীহালে তেনেকৈয়ে জীয়াই থাকিবলৈ ইজনে সিজনক আশাৰ সঞ্চাৰ কৰিছিল।  

নাজী শিবিৰৰ বৰ্বৰতাৰ লোমহৰ্ষক কাহিনীবোৰৰ বিপৰীতে এই কাহিনী আশাবাদৰ এক সৰ্বোত্তম উৎস হৈ ৰৈছে। সেয়েহে বৰ্তমানৰ পৰিস্থিতিত ভয়ত বিতত নহৈ আমাৰ কৰণীয়খিনি কৰি যোৱাৰ প্ৰয়োজন আছে। বিপন্ন সময়ৰ স’তে যুঁজিবলৈ বিভিন্ন দেশ তথা বিশ্বতে প্ৰযোজ্য কৰা প্ৰয়াসবোৰত সহযোগ কৰি আগবাঢ়ি যোৱাৰ সময় এয়া। নিজৰ আগ্ৰাসী স্বভাৱ পৰিত্যাগ কৰি মানৱ জাতিয়ে এনেদৰেই পৃথিৱীৰ স’তে সহাৱস্থানৰ প্ৰক্ৰিয়াক আদৰি লোৱাৰ সময় আহি পৰিছে।

শেহান্তৰত শ্ৰীমদ্ভাগৱত গীতাৰ এটি বাণীৰ উল্লেখ কৰিব বিচাৰিছোঁ। যুদ্ধভূমিত মহাবীৰ অৰ্জুনক নিজৰ আত্মীয়ৰ বিৰুদ্ধে অস্ত্ৰ ধৰাৰ যুক্তি দিয়াৰ চলেৰে সখা শ্ৰীকৃষ্ণই দিয়া এই বাণীসমূহ হাজাৰ বছৰ পাৰ হৈ যোৱা স্বত্বেও বৰ্তমানৰ পৰিস্থিতিৰ ক্ষেত্ৰতো মানৱ সমাজৰ বাবে অনুকৰণীয় হৈ উঠিব পাৰে।

“মোক্ষপ্ৰাপ্তিৰ দোকমোকালিৰ
এই দিনটোলৈ চোৱা,
কাৰণ এয়াই জীৱন,
এয়াই জীৱনৰ জীৱন
জীৱনৰ এই যাত্ৰাতেই সকলোবোৰ সত্য লুকাই আছে
আৰু তোমাৰ বাস্তৱিকতাৰ অস্তিত্বও এই জীৱনতেই আছে।
বিকাশৰ আশীৰ্বাদত
কাৰ্যৰ গৌৰৱেৰে
সৌন্দৰ্যৰ জাকজমকতাৰে
যোৱাকালিটো কিন্তু এটা সপোনহে আছিল
আৰু কাইলৈটো কেৱল এক দৃষ্টিহে
কিন্তু আজিৰ দিনটো জী চোৱা
প্ৰতিটো কালিয়েই সুখী হোৱাৰ একোটা সপোন আছিল
আৰু প্ৰতিটো কাইলৈয়ে আশাৰ দৃষ্টি
সেয়েহে, আজিৰ দিনটোক ভালকৈ চোৱা
মোক্ষপ্ৰাপ্তিৰ দোকমোকালিটো কিমান যে উজ্বলতাৰে ভৰা।”

গীতিকা শইকীয়া,
সম্পাদক, সাহিত্য ডট অৰ্গ
অষ্টম বৰ্ষ, নৱম সংখ্যা, জেঠ-১৯৪২ শকাব্দ, (মে’ ২০২০)

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Sanjeev P Mazoomdar
11 months ago

এখন বাতৰি কাকত বা আলোচনীৰ সম্পাদকীয় শিতান টৌৱে, সম্পাদকৰ নিজস্ব দৃষ্টিকোণৰ লগতে সাম্প্ৰতিক ঘটনাক্ৰমৰ মাজত সামঞ্জস্য বজাই ৰাখি, এক বিশেষ সামূহিক বাৰ্তাক দাপোনৰ দৰে প্ৰতিফলিত কৰে।
সম্পাদকীয় তথ্যসমৃদ্ধ হোৱাৰ লগতে, সাম্প্ৰতিক ঘটনাক্ৰমৰ ওপৰত কৰা আলোকপাতৰ জৰিয়তে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। আলোচনীখনৰ সংকলন অত্যন্ত উন্নত মানৰ হৈছে। কৰ’নাকালৰ এই মহা সংকটৰ সময়ত, ইমান ধুনীয়া এখন আলোচনী উপহাৰ দিয়া বাবে, গীতিকা শ‌ইকীয়ালৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।

পদ্মজা
11 months ago

বৰ ভাল লাগিল সম্পাদকীয়।হৃদয় চুই যোৱা, আশাব্যঞ্জক..

ga
10 months ago

খুব ভাল লাগিল ৷ বহু কথা জানিলো সম্পদকীয়টো পঢ়ি ৷
ধন্যবাদ ৷

Gautam Das
10 months ago

খুব ভাল লাগিল ৷ বহু কথা জানিলো সম্পদকীয়টো পঢ়ি ৷
ধন্যবাদ ৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক