সম্পাদকীয়-(মুংচাজ’ বৰ্ণালী আম্ফি মান্তা)

ৰূপোৱালী নিয়ৰ বুকুত সাৱটি আকৌ শীত আহিল৷ লগত আনিলে ইংৰাজী নৱবৰ্ষ৷ কমলাবুলীয়া সৌন্দৰ্যৰে ধৰা ধুনীয়া হোৱাৰ সময় এয়া৷নতুন ঠাইৰ নতুন সৌন্দৰ্যক চকুৰ মুগ্ধতাৰে বুটলাৰ বতৰ এয়া৷
আমি প্ৰত্যেকেই সৌন্দৰ্যপ্ৰেমী৷ ঋষি-মুনি,তপস্বীৰপৰা সাধাৰণ মুনিহলৈকে সকলোৱে পৃথিৱীৰ নানা ৰূপ-সৌন্দৰ্যত নিজা নিজা দৃষ্টিৰে মোহিত হয়৷ অৱশ্যে এইটোও হয় সৌন্দৰ্য কেৱল দৃষ্টিনন্দনৰ বিষয় নহয়৷ ই উপলব্ধিৰো বিষয়৷ সকলো যুগ, সকলো সভ্যতাতে সৌন্দৰ্য বিষয় হিচাপে আলোচনা আৰু চৰ্চা হৈ আহিছে৷ গ্ৰীক সভ্যতাৰ মতে ’ধুনীয়া’আৰু’ভাল’ এই দুটা শব্দ মিলি সৌন্দৰ্য হ’ব পাৰে৷ কিছু সভ্যতাৰ মতে সৌন্দৰ্য আত্মা হ’ব পাৰে, সৌন্দৰ্য সু-চৰিত্ৰ হ’ব পাৰে, সৌন্দৰ্য সত্য হ’ব পাৰে৷ আন আন সভ্যতাৰ মতে সৌন্দৰ্য ঈশ্বৰ-ভক্তিৰ মাজত বিচাৰি পোৱা শান্তিও হ’ব পাৰে৷ সুন্দৰীৰ নাৰীৰ ৰূপৰ মুগ্ধতাৰ দৰে আইতাৰ মুখৰ বলিৰেখাতো আছে নান্দনিক সৌন্দৰ্য৷ নাৰীৰ মমতা,সাহস আৰু ত্যাগতো লুকাই থাকে পৃথিৱীৰ মধুৰতম সৌন্দৰ্য৷ সৌন্দৰ্যৰ বাবেই মোহিনীৰুপী ভগৱান বিষ্ণুক লাভ কৰিবলৈ বলিয়া হৈ সদাশিৱই নিজৰ লজ্জাৰ আৱৰণ পৰ্যন্ত পাহৰি গৈছিল৷ অতীজৰেপৰা মানুহক সৌন্দৰ্যৰ উপাসক হিচাপে জনা যায়৷ গুহা মানৱেও নিজস্ব শৈলীৰে চিকাৰ কৰা মৃত জন্তুৰ হাড়-মূৰ ডিঙিত ওলোমাই,দেহত নানা চিত্ৰ অংকণ কৰি সৌন্দৰ্য চৰ্চা কৰিছিল৷ মানুহ আদিমৰ পৰা সভ্য অৱস্থালৈ আহোতে সময়ৰ লগত খাপ খুৱাই জীৱন-যাপনৰ নিত্য নতুন আহিলাৰ সৈতে পৰিচয় হ’ল৷ সলনি হ’ল বেশভুষা, প্ৰাকৃতিক সা-সামগ্ৰীৰ পৰিৱৰ্তে ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰ হ’ল কিন্তু সলনি নহ’ল সৌন্দৰ্যৰ ধাৰণা৷ ধুনীয়া হ’ব বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি৷ পুৰণি কালত মানুহে বিশেষকৈ নাৰীসকলে নানা প্ৰাকৃতিক দ্ৰৱ্যৰে নিজকে সজাইছিল৷ অফুৰন্ত ৰূপেৰে শতিকাৰ পুৰুষৰ হিয়াত জোৱাৰ তোলা ইজিপ্তৰ শেষৰগৰাকী “ফাৰাও” ক্লিঅ’পেট্ৰা যি নিজৰ ৰূপ-সৌন্দৰ্যক বুদ্ধিমত্তাৰ শক্তিৰে ব্যৱহাৰ কৰি ৰানীৰ পদত অধিষ্ঠিত হৈছিল তেওঁ গাধৰ গাখীৰেৰে স্নান কৰিছিল,ছালকুঁৱৰীৰে মূৰ ধুইছিল আদি৷সেইয়াই হেনো তেওঁৰ অতীৱ সৌন্দৰ্যৰ ৰহস্য আছিল৷ ভাৰতীয় মহিলাইও জবাফুলেৰে মূৰ ধুইছিল,চুলিৰ সুগন্ধিৰ বাবে মূৰ ধুই উঠি ধূপৰ ধোৱাৰে চুলি শুকুৱাইছিল, দেহৰ বৰণ সোণ বৰণীয়া কৰিবলৈ কেঁচা হালধি পিহি গাত লগাইছিল ইত্যাদি৷ প্ৰসংগক্ৰমে উল্লেখ্য যে বিশেষজ্ঞৰ মতে প্ৰকৃতিৰ সা-সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰা আয়ুৰ্বেদ সম্পৰ্কীয় ধাৰাটো উত্তৰ পূবৰ পৰা উত্তৰ ভাৰতলৈকে বিস্তৃত হৈ আছে ভাৰতৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বুকুত বাস কৰা জনজাতীয় সকলৰো সৌন্দৰ্য আৰু সৌন্দৰ্য চৰ্চাৰ দিশত এক স্বকীয় পৰম্পৰা তথা ঐতিহ্য আছে৷ অতীজত তিৱা-কাৰ্বিসকলে কাঁজিলাৰে দাঁত বোলাই,কপালত দীঘলীয়াকৈ উল্কি(দুক) আঁকি বেশভূষা কৰিছিল৷ বড়োসকলে কাণত খেৰা(কেৰু),তালিংনৰা(দুল), নাকত বালি(নাকফুল) আদিৰে সৌন্দৰ্য চৰ্চা কৰিছিল আৰু কৰে৷ চিংফৌ সমাজৰ মহিলাৰ মাজতো উল্কি বা টাটুৰ প্ৰচলন দেখা যায়৷ আঠুৰ গুৰিৰপৰা ভৰিৰ সৰু গাঁঠিলৈকে আঠডাল বগা আৰু ক’লা ৰঙৰ সমান্তৰাল ৰেখাৰে চিংফৌ মহিলাই উল্কি অংকণ কৰে৷ পুৰুষসকলে বাহুত সামান্যভাৱে উল্কি কৰে৷ এই সৌন্দৰ্যই কেতিয়াবা কোনো সভ্যতা-জাতিৰ মাজত বিভীষিকা-সন্ত্ৰাসৰো সৃষ্টি কৰে৷ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ জনজাতি ’আপাটানী’ৰ তিৰোতাসকল দেখাত সুন্দৰ হয়৷ কথিত আছে অৰুণাচলৰে আন এটা জনজাতি ’নিছি’সকলে প্ৰায়ে আপাটানী গাওঁসমূহত অতৰ্কিতে আক্ৰমণ কৰি সা-সম্পত্তি লুট কৰাৰ উপৰি সুন্দৰী জীয়ৰী-বোৱাৰীক ধৰি নি দাসী নাইবা পত্নী হিচাপে ৰাখিছিলগৈ৷ সেই কাৰণে আপাটানী ছোৱালীয়ে নিজৰ কাণ আৰু নাকৰ ফুটা ডাঙৰ কৰি,থুঁতৰি-কপাল আদিত টাটু কৰি নিজকে আপচু কৰি লৈছিল৷ ঠাইভেদে,জাতিভেদে,সংস্কৃতিভেদে সৌন্দৰ্যৰ ৰুপ বেলেগ হ’ব পাৰে কিন্তু পৰিভাষা একেই৷ আন্দামান নিকোবৰৰ দ্বীপপূঞ্জত বসবাস কৰা এটা আদিবাসী ’জাৰৱা’, যি জনগোষ্ঠীয়ে এতিয়াওঁ সভ্যতাৰ পোহৰ পোৱা নাই হয়তো ল’ব জনা নাই নতুবা লোৱা নাই৷তেওঁলোকৰো আছে স্বকীয় শৈলীৰ সৌন্
দৰ্যৰ চৰ্চা, উপাসনা৷জাৰৱা জনগোষ্ঠীৰ লোকসকলে কাপোৰ-কানিক আৱৰ্জনা বুলি ভাৱে৷নাৰী-পুৰুষ উভয়ে উলংগ দেহত বগা বোকা মাটি নাইবা অন্য প্ৰাকৃতিক দ্ৰৱ্যৰে বিচিত্ৰ কিন্তু কলাসুলভভাৱে চিত্ৰ অংকণ কৰি লয়৷কোনো সভ্য জাতিয়ে আগবঢ়োৱা কাপোৰ তেওঁলোকে নিপিন্ধে৷কিন্তু ৰঙা ৰঙ প্ৰিয় জাৰৱাসকলে এই ৰঙৰ কাপোৰ পালে ককালত,ডিঙিত নাইবা মূৰত এডুখৰি মাৰি নিজস্ব শৈলীৰ দৃষ্টিভংগীৰে সৌন্দৰ্য চৰ্চা কৰে৷দূৰ্ভাগ্যবশতঃ বিভিন্ন মহামাৰী,চুবুৰীয়া আদিবাসীৰ আক্ৰমণ আদিৰ ফলত এই আদিবাসী জনগোষ্ঠীটোৰ সংখ্যা এতিয়া মাত্ৰ দুশ পঞ্চাশৰ পৰা দুশ জন৷আশা কৰো মূৰ ডাঙি উঠক এই আদিবাসী,জীয়াই উঠক তেওঁলোকৰ বিচিত্ৰ ৰীতি-নীতি,সংস্কৃতি৷ কৰ্মোদ্যম,খাদ্যাভ্যাস,সুস্বাস্থ্যইও পৰিচয় বহন কৰে এজন ব্যক্তিৰ,এটা জাতিৰ সৌন্দৰ্যক৷সিদিনা এঠাইত পঢ়িলো জাপানৰ পৰা ৬৪০ কিঃমিঃ দক্ষিণে থকা ’অকিনাৱা’ দ্বীপ ৷ যাৰ অধিকাংশ বাসিন্দা এশ অথবা এশোৰ্দ্ধৰ৷অকিনাৱাবাসীয়ে মানি চলে কনফুচিয়ান নীতিৰ ’হাৰা হাচি বু’ প্ৰণালী৷ যি মানুহক ভোক অনুপাতে আশী শতাংশলৈকেহে খাদ্যগ্ৰহণৰ শিক্ষা দিয়ে৷খাদ্যাভ্যাসৰ উপৰিও তেওঁলোকৰ কঠোৰ পৰিশ্ৰম,সমূহীয়া কৰ্মস্পৃহাইও দীৰ্ঘজীৱনৰ ৰহস্য বহন কৰে৷এইয়াওঁটো এখন দেশৰ এটা জাতিৰ নিজা সংস্কৃতিৰ সৌন্দৰ্য ৷ আধুনিকতাৰ ধামখুমীয়াই জীৱনৰ বহু ইতিবাচক দিশ কাঢ়ি নিলেও সৌন্দৰ্যৰ মাপকাঁঠী একেই থাকক ৷ সৰলতাবিহীন জীৱনৰ পৰা আতৰি মানুহ সদায় আকৰ্ষিত হওঁক ধুনীয়া বস্তু,ধুনীয়া ঠাই,সুন্দৰ শৰীৰ তথা সুন্দৰ ব্যক্তিত্বৰ বাবে৷ ব’টক্স,ছিলিকন-ইমপ্লান্ট কেৱল ব্যাহিক ঢাক-ঢোল হৈ ৰওঁক৷আভ্যন্তৰীণ সৌন্দৰ্যৰ চাৰ্জাৰী নহওঁক৷ যান্ত্ৰিকতাৰে নহয়,তেজ-মঙহৰ অনুভূতিৰ সৌন্দৰ্যৰে আগুৱাই যাওঁ আহক বহুমূলীয়া এই মানৱ জীৱনক সঁচা মূল্যাংকন কৰিবলৈ-সৃষ্টিয়ে আচল সৌন্দৰ্য৷
নৱবৰ্ষৰ শুভেচ্ছাৰে-
signature
 
 
 
 
সম্পাদক,সাহিত্য ডট্‌ অৰ্গ,ডিচেম্বৰ-জানুৱাৰী সংখ্যা৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments