সম্পাদকীয় – নয়নমণি হালৈ

(১)

যোৱা ডেৰটা দশকত মানুহৰ চিন্তাৰ জগতত এক আমূল পৰিৱৰ্ত্তন সংঘটিত হৈ গৈছে৷ সাহিত্যৰ পণ্ডিতসকলে ১৯৭০ চনৰ পৰৱৰ্ত্তী সময়ৰ পৰা বৰ্তমানলৈ সাহিত্যক ‘সাম্প্ৰতিক যুগ’ হিচাপে অভিহিত কৰিছে যদিও, যোৱা ডেৰটা দশকত সাহিত্যৰ জগতখনত এক বিস্ময়কৰ পৰিৱৰ্ত্তন লক্ষ্য কৰা হৈছে৷ ছাত্ৰ আন্দোলনৰ পৰৱৰ্ত্তী সময়ত যোৱা দেড়টা দশকৰ ‘যান্ত্ৰিক উদ্গীৰণ’ সাম্প্ৰতিক যুগৰ সাহিত্যৰ বাবেও এক উল্লেখযোগ্য পৰিঘটনা৷ ‘চছিয়েল চাইট’ আৰু ‘ছেটেলাইট চেনেল’ মধ্যবিত্ত মানুহৰ মজ্জাত সোমাই পৰিছে আৰু ই হৈ পৰিছে পৰিৱৰ্ত্তন সবাতোকৈ ডাঙৰ অংগ৷ এই পৰিৱৰ্ত্তনে সৃষ্টিশীলতাত কিমান প্ৰভাৱ পেলাব অথবা মহৎ সাহিত্য সৃষ্টিত কিমান অৰিহণা যোগাব সেয়া হৈ পৰিছে সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন৷ এই প্ৰশ্নৰ উত্তৰ বিচৰাৰ সময় সমাগত৷

দেখা গৈছে, তৰল আৰু গভীৰতাবিহীন অনুভূতিক চকচকীয়া কৰি, শব্দৰ যাদু প্ৰয়োগ কৰি আৰু ‘সম্পৰীক্ষা’ৰ আভৰেণেৰে পাঠকক ভেল্কি লগোৱা সাহিত্যিকৰ সংখ্যা সাম্প্ৰতিক যুগত অতি বেছি৷ সেয়া লাগিলে কবিতাই হওঁক, গল্পই হওঁক বা উপন্যাস৷ এই লেখকচাম অতি বুদ্ধিমান ৷ অধ্যয়ণৰ পৰিৱৰ্তে এওঁলোকৰ কলম চলে বুদ্ধিৰ চিঞাঁহিৰে৷ তোষামোদকাৰীয়ে এনে লেখকক জয়মাল্য পিন্ধোৱাৰ পিছত অস্তিত্বৰ সংকটত ভুগিছে সাধনা আৰু সংগ্ৰামৰ পথিকৃৎসকল৷ কিন্তু ভেল্কিবাজিৰে সাহিত্যত স্থায়িত্ব লাভ কৰা জানো সম্ভৱ!

(২)

আজি পুঁজিবাদৰ প্ৰসাৰ আৰু মুক্ত বজাৰ নীতিয়ে মধ্যবিত্তীয় সমাজখন তচ্‌নচ্‌ কৰিবলৈ আগবাঢ়ি আহিছে৷ সম্পৰ্কৰ অৱনতি, প্ৰতিযোগিতাৰ নিগনি দৌৰ, মূল্যবোধৰ স্খলন আৰু চূড়ান্ত আত্মকেন্দ্ৰিকতা আজিৰ পৃথিৱীৰ বৈশিষ্ট হৈ উঠিছে৷ অন্ততঃ যোৱা ডেৰটা দশকৰ সাহিত্য এনে বৈশিষ্টৰে ভাৰাক্ৰান্ত৷ এইখন পৃথিৱীৰ ছবিয়ে সাম্প্ৰতিক সাহিত্যত বহুলভাৱে ধৰা দিছে৷ নতুন সমাজ, নতুন ছবি, স্বাভাৱিকতেই সাহিত্যৰ ক্ষেত্ৰত ন-ন আংগিক, ন-ন ৰূপে আত্মপ্ৰকাশ কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে এচাম সংবেদনশীল পাঠকে অতীতমুখী যাত্ৰা আৰম্ভ কৰিছে৷ তেওঁলোকে সাহিত্যৰ পথাৰত ঘুৰ্মুটিয়াই ফুৰিছে ‘সখা দামোদৰ’ৰ বলধহাল বিচাৰি, ‘হাতী’ৰ বলোৰাম বুঢ়াক বিচাৰি, ‘কাঠনিবাৰী ঘাট’ বিচাৰি৷ ভৱেন্দ্ৰ নাথ শইকীয়াৰ অকৃত্ৰিম চৰিত্ৰ আৰু পটভূমিৰ কথা নকলোৱেই যেনিবা৷ এনে চৰিত্ৰ, এনে পটভূমি সকলোবোৰ নিশ্চিহ্ন হৈ গ’ল নে! পৰিৱৰ্ত্তনৰ বতাহজাক ইমানেই প্ৰবল আছিল নে যে আমাৰ শিপা উভালি আমাক এখন অচিনাকী পৃথিৱীত থেকেচা খুৱাই পেলাই থৈ গ’ল! এই অচিনাকি পৃথিৱীত বহু পাঠক সহজ হ’ব পৰা নাই৷ কাৰণ বহু পাঠকে বিশ্বাস কৰে পৰিৱৰ্তনৰ ধুমুহাৰ মাজতো ক’ৰবাত থিয় হৈ আছে সাহিত্যৰ স্নীগ্ধ শেৱালি এজোপা৷ পথাৰৰ বোকা এতিয়াও শুকাই যোৱা নাই, ‘ৰসেশ্বৰ’ৰ অভাৱত এতিয়াও ছিন্নমূল শ্ৰমিকৰ হাতত তুলি দিব পৰা হোৱা নাই সাহিত্যৰ কোমল কঠিয়া ৷ সেই কোমলতাৰ সন্ধানত বহু পাঠক এতিয়াও ঘুৰ্মুটিয়াই আছে৷ কিন্তু সাহিত্যক ব্যস্ত হৈ আছে মহানগৰীৰ মনস্তাত্বিক বিশ্লেষণত আৰু উটি আছে প্ৰশংসাৰ কৃত্ৰিম বানত৷

(৩)

সাম্প্ৰতিক সময়ৰ সাহিত্যকৰ বাবে দুটা বৃহৎ প্ৰত্যাহ্বান – তোষামোদকাৰীৰ পৰা মুক্ত হোৱা আৰু যন্ত্ৰৰ পৰা মুক্ত হোৱা৷ পুঁজিবাদী সাম্ৰাজ্যৰ যান্ত্ৰিক হাতোৰাত সময় আৰু শক্তি খৰচ কৰিলে সাহিত্য হৈ ৰ’ব কেৱল ‘অৱসৰ বিনোদন’৷ সাহিত্য ‘অৱসৰ বিনোদন’ হৈ পৰিলে তাতকৈ ডাঙৰ অভিশাপ সাহিত্য ক্ষেত্ৰৰ বাবে আন একো হ’ব নোৱাৰে৷ নতুন প্ৰজন্মই অধিক শক্তি সঞ্চয় কৰিব লাগিব এনে প্ৰত্যাহ্বান ওফোৰাই পেলাবৰ বাবে৷ অনুভৱ কৰিব লাগিব, সাহিত্যই কেৱল আনন্দ আৰু জ্ঞানৰ দুৱাৰত টুকুৰিয়ালেই নহব, সাহিত্যই মুকুতিৰ পথ নিৰ্দেশ কৰিব পাৰিব লাগিব৷ চকুপানীৰ কোনো ভাষা নথকাৰ দৰে সাহিত্যৰো কোনো ভাষা নাই৷ সাহিত্যৰ ভাষা এটাই, সেয়া পৃথিৱীৰ প্ৰতিজন মানুহৰ বুকুৰ ভাষা৷ এই ভাষা সাৰ্বজনীন, সত্য আৰু সুন্দৰ৷ সাম্প্ৰতিক অসমীয়া সাহিত্যই কোন পথ লয় সেয়া নিৰ্ভৰ কৰিব, এই ভাষা আমি কিমান আয়ত্ব কৰিছোঁ তাৰ ওপৰত৷ সময়ে বিচাৰিছে অসমীয়া সাহিত্য কেৱল অসমৰ সাহিত্য হৈ নাথাকক, ই হওঁক পৃথিৱীৰ সাহিত্য৷ পৃথিৱীৰ সাহিত্যৰ সোৱাদ দিয়া এজন ‘সৌৰভ চলিহা’ অথবা ‘মামণি ৰয়চম’ক আদৰিবলৈ সাম্প্ৰতিক যুগৰ পাঠক ৰৈ আছে গভীৰ উৎকণ্ঠাৰে৷

ধন্যবাদ।

নয়নমণি হালৈ

১৫ জুলাই,২০১৬

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Prasanta Sarkar
5 years ago

সম্পাদক ডাঙৰীয়া লৈ ধন্যবাদ ।।

গায়ত্ৰী গোস্বামী
2 years ago

পঢ়ি বৰ ভাল লাগিল । অৰ্থবহ সময়োপযোগী