সম্পাদকীয় – মীনাক্ষী বৰুৱা

আধুনিক জীৱনৰ মহাশত্ৰু মানসিক চাপ-

এতিয়া ডিজিটেল পৃথিৱীৰ যুগ৷ ডিজিটেল সেৱাই বহুক্ষেত্ৰত পৃথিৱীৰ মানুহৰ শাৰীৰিক কষ্ট কমাই আজৰি সময়ৰ সুপ্ৰয়োগ কৰাৰ বাট মুকলি কৰি দিছে৷ আধুনিক যান্ত্ৰিক সভ্যতাৰ বিকাশৰ লগে লগে সকলো মানুহ যন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য হৈছে৷ যন্ত্ৰই মানুহৰ দৈনন্দিন জীৱনপ্ৰণালী সুচল হৈ পৰাত সহায় কৰিছে৷ ডাঙৰ ডাঙৰ শ্বপিং মলকে আদি কৰি সৰু সৰু দোকানে-বজাৰে, ঘৰে-অফিচে সকলোতে এতিয়া কম্পিউটাৰৰ সুলভ প্ৰয়োগ৷ কিন্তু এই সঁজুলি সমূহ হঠাতে বিকল হৈ পৰা বা সুদক্ষ পৰিচালনাৰ অভাৱত উপভোক্তাই প্ৰায়ে জ্বালা-যন্ত্ৰণা খাব লগা হয়৷ ডাঙৰ ডাঙৰ চহৰবোৰৰ কথা সুকীয়া৷ সৰু সৰু ঠাইবোৰত এই সুবিধাবোৰে মানুহৰ জীৱনলৈ আকাংক্ষিত সুখ কঢ়িয়াই আনিবলৈ সক্ষম হৈছেনে? সাধাৰণ বস্তু এটা কিনিবলৈ গৈ, টকা কেইটামান বেংকত থ’বলৈ গৈ আপুনি অপ্ৰত্যাশিতভাৱে ঘণ্টাৰ পিছত ঘণ্টা দীঘলীয়া শাৰীত থিয় হৈ পাৰ কৰিব লগা হয় আপোনাৰ জীৱনৰ বহু মূল্যবান সময়৷ এনেবোৰ কথাই সাধাৰণ মানুহৰ দৈনন্দিন জীৱন অভাৱনীয় উদ্বিগ্নতাৰে ভৰাই তুলিছে৷ ফলত দৈনিক জীৱনত সন্মুখীন হোৱা সমস্যাসমূহৰ ৰূপ এতিয়া আগৰদৰে নহয়৷ বিশেষকৈ মোবাইল সেৱাৰ দুৰাৱস্থা আৰু বিদ্যুৎ যোগানৰ অচলাৱস্থাই মানুহক পদে পদে বিপদত পেলায়৷ প্ৰয়োজনৰ সময়ত আপুনি নেটৱৰ্ক নাপাব পাৰে, দৰকাৰী সময়ত ইমূৰৰ নম্বৰটো চুইচ্ অফ হৈ থাকিব পাৰে অথবা সঁহাৰি নজনাব পাৰে ইত্যাদি কথাই মানুহৰ জীৱনলৈ কিছুমান নতুন সমস্যাৰ আমদানি কৰিলে৷ তেনেকৈ বেছিভাগ গাঁৱতে বিজুলী সংযোগ থাকিও নথকাৰ দৰে৷ গৰমৰ দিনত ফেন নুঘূৰে, টেঙ্কত পানী নুঠে, ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নোৱাৰে, অফিচ বা হস্পিতালৰ প্ৰয়োজনীয় যন্ত্ৰ-পাতি অচল হৈ পৰে আদি ভিন্ন সমস্যাৰে জৰ্জড়িত আধুনিক মানুহৰ জীৱন৷

অনলাইন ব্যৱস্থা সমূহো সকলো ঠাইৰ লোকৰ বাবে এতিয়াও সুবিধাজনক হৈ উঠা নাই৷ যদিও মানুহৰ জীৱনপ্ৰণালীত ইণ্টাৰনেটৰ ব্যৱহাৰ এতিয়া এৰাব নোৱাৰা বিষয় হৈ পৰিল, তথাপিও এই সেৱা কিছুমান বিশেষ অঞ্চলতে সীমাবদ্ধ হৈ আছে৷ নেটৱৰ্কৰ সমস্যা, চাৰ্ভাৰ ডাউন আদি সমস্যাই প্ৰায়ে মানুহক জোলোকা-জোলোকে পানী খুৱায়৷ এই সুবিধাবোৰ জনসাধাৰণৰ বাবে সুলভ হৈ উঠিবলৈ আৰু কিমানদিন অপেক্ষা কৰিব লাগিব সেই কথা সময়েহে ক’ব৷

হাতে হাতে মোবাইল ফোন সুলভ হৈ উঠাৰ পিছত গৰিষ্ঠ সংখ্যক মানুহ সামাজিক মাধ্যমসমূহৰ সৈতেও জড়িত হৈ পৰিছে৷ এই মাধ্যমসমূহৰপৰা শিকিব লগা বহু কথা থাকে৷ অথচ বাস্তৱত দেখা যায় পুৱাৰপৰা দুপৰ নিশালৈকে মানুহ ব্যস্ত হৈ থাকে কিছুমান তুচ্ছ, অদৰকাৰী আৰু বিৰক্তিকৰ বিষয়ৰ সৈতে৷ মোবাইলত প্ৰয়োজনীয় বাৰ্তাতকৈ অপ্ৰয়োজনীয় কথাৰ প্ৰচলন অধিক৷ অদৰকাৰী বাৰ্তাৰ ভিৰত হেৰাই যায় প্ৰয়োজনীয় তথ্য অথবা বাৰ্তা৷ আজৰি সময়ৰ এনে কু-প্ৰয়োগৰ ফলত মানুহৰ নৈতিক আৰু বৌদ্ধিক বিকাশ স্থবিৰ হৈ পৰিছে৷ বিৰামহীন উদ্বিগ্নতাই বৰ্তমানৰ মানুহক অস্থিৰ কৰি তুলিছে, সকলো কথাতে মানুহ অসহিষ্ণু হৈ পৰিছে৷ মানসিক চাপ আৰু উদ্বিগ্নতাৰ এইবোৰ অদৰকাৰী কাৰক নহয়নে?

মানসিক চাপ অথবা ষ্ট্ৰেছ বৰ্তমান সময়ৰ এক ভয়ংকৰ অভিশাপ হিচাপে চিহ্নিত হৈছে৷ অতিমাত্ৰা উত্তেজক কথাই মানুহৰ মনলৈ এসময়ত অৱসাদ কঢ়িয়াই আনে৷ আজৰিপৰৰ নিঃসংগতা বা নীৰৱতা এতিয়া শিশুসকলেও উপভোগ কৰিব নোৱাৰে৷ আমাৰ স্নায়ুতন্ত্ৰসমূহৰ সকাহৰ বাবে যে আমি সময়ে সময়ে জীৱনটোক কিছু জিৰণি দিয়াৰ প্ৰয়োজন সেইকথা ভাবিবলৈ আমাৰ কাৰো সময় নাই৷ হকে-বিহকে ইলেকট্ৰনিক মাধ্যমসমূহৰ সৈতে ব্যস্ত হৈ থকাৰ ফলত মানুহ এতিয়া কথাই প্ৰতি খিংখিঙিয়া হৈ উঠিছে৷ ওঁঠৰ সৰল হাঁহি লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ ৰসৰাজে কোন কাহানিবাই কৈ গৈছিল, ’অসমীয়া মানুহে হাঁহিব নাজানে৷ “ কিন্তু এতিয়া, কেৱল অসমীয়াই নহয়, পৃথিৱীৰ প্ৰায় সংখ্যক মানুহৰে ওঁঠৰ হাঁহি লাহে লাহে ম্লান হৈ আহিছে৷

এইবোৰ সমস্যাৰ উপৰিও মানসিক চাপত অৰিহণা যোগোৱা আন কিছুমান বিশেষ উল্লেখনীয় বিষয় হৈছে নগৰে-চহৰে বাঢ়ি অহা শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, জলভূমি বিষাক্তকৰণ, প্ৰকৃতিৰ ধ্বংস-যজ্ঞ আদি৷ প্ৰকৃতি ধ্বংসৰ কু-ফল পৃথিৱীৰ মানুহে ইতিমধ্যে পাবলৈ আৰম্ভ কৰিছেই৷ বায়ু প্ৰদূষণৰ ফলত দিল্লীৰ অধিক সংখ্যক কণ কণ শিশু হাপানী ৰোগত আক্ৰান্ত হোৱাৰ খবৰ কাকতত প্ৰকাশ হৈছে৷ বিয়া, পূজা আদিৰ নামত আজিকালি উচ্চস্বৰে দিনে-নিশাই বিজতৰীয়া গীত কিছুমান নবজালেই নহয়! প্ৰতিবাদৰ পথ ৰুদ্ধ৷ অপমানিত হোৱাৰ ভয়৷ এইবোৰ কথাত মানুহৰ সামাজিক দায়বদ্ধতাৰ অভাৱ স্পষ্টকৈ পৰিলক্ষিত হয়৷ নিকটৱৰ্তী কাৰ ঘৰত কেচুৱা জন্মিছে, কাৰ ঘৰত অসুখীয়া লোকে টোপনিৰ বাবে হাহাকাৰ কৰি আছে, কাৰ ঘৰত পৰীক্ষাৰ্থী আছে, এইবোৰ কথা চাবলৈ কাৰো প্ৰয়োজন নাই৷ মানুহৰ প্ৰতি থাকিব লগা ন্যূনতম সন্মান আৰু বিশ্বাসৰ অভাৱে মানুহক দিনে দিনে হৃদয়হীন আৰু স্বাৰ্থপৰ কৰি তুলিছে৷ ব্যক্তিগত স্বাধীনতা আৰু সামাজিক স্বাধীনতাৰ নামত কৰা এই উৎপাতবোৰে নিজৰ লগতে সমাজখনৰ বিকাশতো বাধাৰ সৃষ্টি কৰে৷ বিয়া এখন খাবলৈ গৈ আপুনি বহুদিনৰ মূৰত লগ পোৱা মানুহ এজনৰ সৈতে দুআষাৰ কথা পাতিব নোৱাৰে৷ কাৰো মাত কোনেও নুশুনাকৈ কাণৰ কাষত বাজি থাকিব হিন্দী অথবা অসমীয়া ভাষাৰ কিছুমান নাভূত-নাশ্ৰুত গান৷ কৃত্ৰিম আনন্দৰ পৰিবেশ সৃষ্টি কৰিবলৈ গৈ বাধা দিয়া হয় প্ৰকৃত আনন্দৰ স্বতঃস্ফূৰ্ত প্ৰকাশত৷

সমাজত চলি থকা এনেবোৰ কথাৰ বাবেই দিনে দিনে মানুহৰ প্ৰতি মানুহৰ খং-ক্ষোভ বৃদ্ধি হ’বলৈ ধৰিছে৷ ইয়াৰোপৰি বানপানীৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, ভেজাল খাদ্য-সামগ্ৰী, আৱৰ্জনা নিষ্কাশনৰ সমস্যা আদি এশ এবুৰি সমস্যাৰ কথা নকলোৱেইবা৷ প্ৰতি বছৰে বানপানীৰ ফলত দেশত শ শ লোকৰ মৃত্যু হয়৷ এনে মহাপ্ৰলয়ত গৃহহাৰা হোৱা সংকট পীড়িত মানুহৰ দুৰ্দশাৰ ছবিয়ে, ক্ৰমাত বাঢ়ি অহা ধৰ্ষণ-হত্যাৰ খবৰে আজিৰ মানুহক অহৰহ বিষাদগ্ৰস্ত আৰু শংকিত কৰি ৰাখে৷

অৱশ্যে এই কথাও সত্য যে, মানসিক চাপ বা ষ্ট্ৰেছ আধুনিক জীৱনত হঠাতে উদ্ভৱ হোৱা চিৰনতুন সমস্যা নহয়৷ ই অনাদিকালৰেপৰা চলি অহা এক নীৰৱিছিন্ন প্ৰক্ৰিয়া৷ চিন্তনীয় এই বাবেই, সময়ৰ লগে লগে ই দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰিছে৷ হানছ্ ছেলি নামৰ এজন ডাক্তৰে বহু বছৰৰ আগতেই স্বীকাৰ কৰি গৈছে, “I can not, and should not be cured of my stress but merely taught to enjoy it.“ হয়, কিছু কিছু ক্ষেত্ৰত ষ্ট্ৰেছ নহ’লেও জীৱন নচলে৷ সীমিত পৰিমাণৰ ক্লান্তি, ভাগৰ, বিৰক্তি বা আমনিও মানুহৰ বাবে প্ৰয়োজনীয়৷ অৰ্থাৎ মানুহৰ জীৱনত এটা পৰ্য্যায়লৈকে সাধাৰণ মানসিক চাপ থকা উচিত৷ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে কিছু পৰিমাণে মানসিক চাপ নল’লে ফলাফল ভাল কৰিব নোৱাৰে৷ চিন্তা আৰু উদ্বেগৰ ফলতেই পৃথিৱীত বহু অসাধ্য সাধন হৈ আছে৷ জীৱনৰ সফলতা আৰু সাৰ্থকতাৰ বাবে পৰিমিত মানসিক চাপৰ খুবেই প্ৰয়োজন৷ সমস্যা তেতিয়াহে আৰম্ভ হয়, যেতিয়া ক্ষতিকাৰক দুশ্চিন্তাৰ বোজা মগজুত অবিৰামভাৱে বহন কৰিব লগা হয়৷

যিবোৰ কথাই অযথা আমাৰ দুশ্চিন্তা বঢ়ায়, সেইবোৰৰ পৰা আঁতৰি আহি আমি জীৱনটো কিছু পৰিমাণে চাপমুক্ত কৰি ৰাখিব নোৱাৰোঁনে? উত্তেজনা, উদ্বিগ্নতা, দুশ্চিন্তাৰ পৰা মুক্ত হোৱাৰ উপায় নিশ্চয় আছে৷ কিন্তু মোৰ বোধেৰে প্ৰধান উপায় হৈছে দিনটোত কিছুসময় মৌনতা বা নিঃসংগতাৰ মাজত কটোৱা৷ ইয়াৰ বাবে আমি ধ্যান কৰিব পাৰোঁ অথবা নিৰলে প্ৰাৰ্থনা গৃহত কিছুসময় বহিব পাৰোঁ৷ প্ৰাৰ্থনা মানে ভগৱানক বিচৰা নহয়, প্ৰাৰ্থনা মানে নিজৰ মাজত নিজকে বিচৰা৷জন অৰণ্যৰ এই কোলাহলৰ মাজত প্ৰত্যেক মানুহকে এতিয়া নীৰৱতাৰ খুবেই প্ৰয়োজন৷ আহকচোন তেনে এক চাপমুক্ত জীৱনৰ বাবে আজিৰপৰাই আমি অনুশীলন আৰম্ভ কৰোঁ৷

শেষত, সকলোলৈকে পৱিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ৷


 
 
 

 সম্পাদক, সাহিত্য ডট্ অৰ্গ
সপ্তম বৰ্ষ, পঞ্চম সংখ্যা (ভাদ)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dhaneswar konwar
2 years ago

পঢ়ি ভাল লাগিছে‌‌‌‌‍,,,,,,,

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক