সম্পাদকীয় (-প্ৰতিম প্ৰতাপ বৰুৱা)

“তাই তাৰ ডিঙিত ধৰে
খাজে খোপে খাই পৰে”
সাঁথৰটোৰ উত্তৰটো কি বাৰু ?
আমাৰ অসমৰ কোনোবা গাঁৱৰ ছোৱালী-বোৱাৰীয়ে নৈ-পুখুৰীৰ পৰা কাষত পিতলৰ ভৰা কলহটো লৈ নিজৰ মাজতে কথা পাতি পাতি ঘৰলৈ আহি আছে। দেখিবলৈকে শুৱনি হৈছে। সেইযে পিতলৰ কলহটো, তাৰ আদৰ আজি আমাৰ অসমীয়া সমাজত কিমান আছে? আৰু কাঁহৰ বানকাঁহীখন? বানবাটিটো? পিতলৰ ধুনীয়া শৰাইখন? মুগাৰ সাজযোৰ? এৰী চাদৰখন ? সৰ্থেবাৰীৰ কাঁহ-পিতলৰ উদ্যোগৰ বিষয়ে কিমান অসমীয়া মানুহে জানে? আৰু হাজো, বানিয়াকুচী আৰু হালধিবাৰীৰ পিতলৰ উদ্যোগৰ বিষয়ে?

ঘৰত কেঁচুৱাৰ মুখত প্ৰথম ভাত দিয়াৰ দিনা আনৰ ঘৰৰ পৰা কাঁহৰ কাঁহী-বাতি এযোৰ এদিনৰ বাবে বিচাৰি অনা মানুহো আছে। বানকাঁহী দেখি নোপোৱা মানুহৰ সংখ্যা তাকৰ নহয়।
কাঁহ-পিতলৰ পাত্ৰ আৰু বাচন-বৰ্ত্তনখিনি আমি অসমীয়াৰ জাতীয় গৌৰৱ, জাতীয় সন্মান। সোণৰ পাত্ৰৰ দৰে জিলিকি থকা সেই বস্তুখিনিৰ তুলনা নাই। কিন্তু কেঁচামালৰ অভাৱ, গ্ৰাহকৰ অভাৱ আদি নানা সমস্যাৰে জৰ্জৰিত অসমৰ কাঁহ-পিতলৰ উদ্যোগৰ অৱস্থা আজি মৃত্যুমুখী হৈ পৰিছে। কিন্তু প্ৰকৃততে কেঁচামালৰ অভাৱ আছে জানো? আচলতে কেঁচামাল গোটাই বিক্ৰী কৰাসকলৰ ম’ন’পলি আছে কাৰণে তেওঁলোকে নিজৰ ইচ্ছামতে দাম নিৰ্ধাৰণ কৰে আৰু কেঁচামালখিনি নিৰ্দ্দিষ্ট কিছু মানুহকহে (মহাজনসকল) দিয়ে। এই মহাজনসকলে সমস্ত কাঁহ-পিতলৰ উদ্যোগটো নিয়ন্ত্ৰণ কৰে। শিল্পীসকলে (কাৰিকৰসকলক মই শিল্পী বুলি অভিহিত কৰিছোঁ) মহাজনসকলক চেৰাই পোনে পোনে গৈ গুৱাহাটীত কেঁচামাল কিনিবগৈ নোৱাৰে। ফলত শিল্পীসকলে এতিয়াও দিন হাজিৰা হিচাপত মহাজনসকলৰ ইচ্ছাত কাম কৰি আছে। এই কাঁহ-পিতলৰ পাত্ৰ তৈয়াৰ কৰা কলাটো শিল্পীসকলৰ মাজৰ বংশানুক্ৰমে হস্তান্তৰিত হৈ আহিছে। কিন্তু এজন কাঁহ-পিতলৰ শিল্পীৰ আজি যিটো আৰ্থিক/সামাজিক অৱস্থা, তেওঁৰ পিছৰ পুৰুষে এই বিদ্যাটোলৈ আগ্ৰহ নেদেখুৱালে অতি সোনকালে সমস্ত উদ্যোগটোৱেই শেষ হৈ যোৱাৰ ভয় আছে।
চৰকাৰে কিবা কৰিব বুলি আশা পালি বাট চাই থকাৰ দিন উকলিল। আমাৰ নতুন পুৰুষে এতিয়া হাতে কামে ওলাই আহিবৰ হ’ল | মাত্ৰ কাঁহ-পিতলৰ উদ্যোগ বুলিয়ে নহয়, মাটিৰ পাত্ৰ সজা উদ্যোগ, বয়ন উদ্যোগ, বাঁহ-বেতৰ উদ্যোগ সকলোতে আমাৰ ডেকা-ডেকেৰীসকল সোমাই পৰিব লাগে। অসমৰ ঠায়ে ঠায়ে প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিব লাগিব, কৰ্মশালাৰ আয়োজন কৰি নতুন চামক এই থলুৱা উদ্যোগসমূহৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। অসমৰ থলুৱা শিল্পক আমি বিশ্বৰ বজাৰলৈ লৈ যাবলৈ অঙ্গীকাৰবদ্ধ হব লাগিব। থলুৱা শিল্পখিনি আৰু এই শিল্পখিনি সৃষ্টি কৰা শিল্পীসকলক সন্মানেৰে জীয়াই ৰাখিবলৈ আৰু আগবাঢ়ি যাবলৈ আমি নতুন নতুন বজাৰৰ সন্ধান কৰিব লাগিব। উপভোক্তা সকলক কম খৰচতে অতি উন্নত মানদণ্ডৰ সামগ্ৰী আৰামতে পোৱাৰ ব্যৱস্থা কৰিব পাৰিব লাগিব। সাহস আৰু সততাৰে ভৌগোলিক সীমা অতিক্ৰম কৰি অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত (ই-কমাৰ্চ আদি) পোনে পোনে গ্ৰাহকৰ ওচৰ চাপিব লাগিব।
বছৰত মাত্ৰ এবাৰ হোৱা ভাৰতৰ কোনোবা এঠাইৰ কোনোবা মেলাত মাত্ৰ ১৫ দিনৰ বাবে গৈ (ভাষাৰ সমস্যাৰ সৈতে যুঁজি) আমি নিজৰ থলুৱা শিল্পক সামগ্ৰিক ভাবে ভাৰতবৰ্ষত চিনাকি কৰাই দিব নোৱাৰোঁ।
আমাৰ থলুৱা শিল্পৰ সৃষ্টিখিনি বিশ্বত আনৰ সৈতে সমানে ফেৰ মাৰিব পৰা হব লাগিব। তাৰ বাবে কিছুমান পুৰণা ৰক্ষণশীল ধাৰণা আঁতৰাব লাগিব। কাৰণ উত্কৃষ্টতাৰ ক্ষেত্ৰত বা সৌন্দৰ্য্যৰ ক্ষেত্ৰত আমাৰ থলুৱা শিল্পজাত সামগ্ৰীখিনিৰ তুলনা নাই।
(প্ৰতিম প্ৰতাপ বৰুৱা)
সম্পাদক

Subscribe
Notify of
7 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰক্তিম
8 years ago

অতি গুৰুত্বপূৰ্ণ বিষয় বাি ল’লে সম্পাদকে। অতি সুন্দৰকৈ কথািনি প্রকাশ কৰিলে সম্পাদকীয়ত। বৰ ভাল পালো। সম্পাদক প্রতিম প্রতাপ বৰুৱা দেবলৈ অভিনন্দন।

দিগন্ত যাদৱ শর্মা
8 years ago

বাঃ ইমান বঢ়িয়া । ইয়াতকৈ আৰু সম্পাদকীয় বেছি অসমীয়া হ’বই নোৱাৰে । মাজত থৈ দিয়া বটাটোৱে আকৌ সোণত সুৱাগা চৰাইছে ।

মিণ্টু বৰগোঁহাই
8 years ago

সময়োপযোগী বিষয়বস্তুৰ ওপৰত লেখা সম্পাদকীয়টোৱে মন চুই গ’ল । ঘৰত কাঁহৰ বানবাতি, বানকাঁহী পিতলৰ ঘটি, লোটা সকলো আছে কিন্তু এই বস্তুবোৰ তৈয়াৰ কৰা শিল্পটোৰ যে এনে দুৰৱস্থা সেয়া নাজানিছিলোঁ । চৰকাৰে কিবা এটা কৰিব বুলি বাট নাচাই সকলো আগবাঢ়ি আহিলে নিশ্চয় আমাৰ এই শিল্পটোৱে বিশ্বদৰবাৰত স্থান লবলৈ সক্ষম হব ।

Dr. Bhupendra Kumar Saikia
8 years ago

আমাৰ জাতীয় সম্পদ সমূহ আৰু নিজস্ব পৰাম্পৰা সমূহৰ প্ৰতি আমাৰ আদৰ দিনক দিনে কমি যাব ধৰিছে৷ আমি বাহিৰৰ সভ্যতা, সংস্কৃতিক আকোঁৱালি লওঁতে নিজৰ গৌৰবোজ্বল পৰম্পৰাক পিঠি দিবলৈধৰিছোঁ৷সম্পাদকীয়টো আমাৰ জাতিলৈ এটি সকিয়নি ৷

Anamika Baruah
8 years ago

সুন্ধৰ সম্পাদকীয়| এটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে| আনৰ মুখলৈ নাচাই নিজে হাতে কামে লাগিবৰ হ’ল|

Anamika Baruah
8 years ago

সুন্দৰ সম্পাদকীয়| এটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে| আনৰ মুখলৈ নাচাই নিজে হাতে কামে লাগিবৰ হ’ল|

Hirak Jyoti Saikia
8 years ago

অতিকে সুন্দৰ ।