সম্পাদকীয় -(ভাস্কৰজ্যোতি দাস)

নিৰ্ভয়া আৰু পুঁজিবাদী শিক্ষাব্যৱস্থাত মানৱীয় প্ৰমূল্যৰ শিক্ষাদান



 

বিজ্ঞজনৰ মতামত, প্ৰবাদ, পৰিৱৰ্তন আৰু ব্যৱস্থাটোক ভালদৰে ফঁহিয়াই চালে হয়তো প্ৰকৃত শিক্ষাৰ সংজ্ঞাটো মানুহক উৎপাদনমুখী কাৰ্য্যৰ সৈতে জড়িত কৰাই সমান্তৰালভাৱে সামাজিক মূল্যবোধ প্ৰদান কৰি বিকাশৰ উচ্চস্তৰ এটালৈ তুলি নিয়াটোকে সূচাব। অসমৰ সমাজো  ভাৰতীয় সমাজব্যৱস্থাৰ দৰেই  শ্ৰেণীবিভক্ত। সেয়ে ই নিৰপেক্ষ হয় বুলি ধৰি ল’ব নোৱাৰি। আজিৰ শিক্ষা এনে এটা মাধ্যম যাৰ জৰিয়তে সমাজৰ শাসক শ্ৰেণীৰ মূল্যবোধ উঠি অহা ছাত্ৰসমাজে কলিতেই বুটলে। নক’লেও হ’ব যে শিক্ষাৰ প্ৰকৃতি, বিষয়বস্তু, উদ্দেশ্য আৰু লক্ষ্যও এক বিশেষ শ্ৰেণীৰ অনুৰূপভাৱে প্ৰস্তুত কৰা হয়। এইবোৰ বিতৰ্কিত বিষয়। হ’লেও এটা কথাত সহমত হ’ব পাৰি যে এই শিক্ষাব্যৱস্থাবোৰে আমাৰ সমাজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক গাঁথনিৰ প্ৰতিফলন ঘটায়। কিন্তু শেহতীয়াকৈ মানৱীয় প্ৰমূল্যৰ শিক্ষা এই ব্যৱস্থাসমূহৰ পৰা আঁতৰাই দিয়াৰ পাছৰেপৰা সমাজত কেৰোণ লাগিছে। কিয়বোৰ ফঁহিয়াই চোৱাৰ সময় হৈছে।

পুঁজিবাদী শিক্ষা, উন্নয়নশীল দেশ

বিশ্বৰ গৰিষ্ঠসংখ্যক দেশ পুঁজিবাদী। ফ্ৰান্স, ব্ৰিটেইন, জাৰ্মানী, মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান আদি দেশত পুঁজিপতি, ন্যাস বা বহুজাতিক সংস্থাবোৰৰ স্বাৰ্থৰক্ষা হোৱাকৈ পাঠ্যক্ৰম সজোৱা হয়, সংশোধন কৰা হয়। সময়ৰ লগত এইবোৰ সলনি হয়। এই ব্যৱস্থাবোৰক ব্যক্তিবাদ, ভোগবাদ আৰু সাংসদীয় মন্ত্ৰেৰে শোধন কৰা হৈছে যাতে ৰাষ্ট্ৰৰ প্ৰয়োজনত এইবোৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ধাৰ কৰি অনা লোকেই হওক বা নিজৰ লোকেই হওক এই শিক্ষাব্যৱস্থাৰ লোকসমূহ চৰকাৰী কলঘৰৰ মজদুৰৰ দৰে। অৰ্থাত প্ৰয়োজনসাপেক্ষে এওলোকক গঢ়া হয় আৰু ব্যৱহাৰ কৰা হয়।

একবিংশ শতিকাৰ নিতৌ নৈমিত্তিক উদ্ভাৱন তথা ইয়াৰ দ্বাৰা হোৱা ক্ৰমবিকাশে সমগ্ৰ বিশ্বকে ঐশ্চৰ্য্যশালী কৰি তুলিছে আৰু বিভিন্ন ধৰণৰ সা-সুবিধাবোৰ সুলভ হোৱাত মানুহৰ কষ্ট কমি আহিছে৷ অথচ আজিৰ বিশ্বই অহৰহ এক নিৰাপত্তাহীনতা, ভয়, সন্ত্ৰাস আৰু বিচ্ছিন্নতাবোধত ভুগিবলৈ ধৰিছে৷ সমাজত মানুহৰ চৰিত্ৰ, নৈতিক মূল্য আৰু মানৱীয় প্ৰমূল্যৰ গৰাখহনীয়া এতিয়া সততে চকুত পৰা এটা সাধাৰণ ব্যাধি৷ শিক্ষাগুৰু আৰু শিক্ষাৰ্থীৰ মাজত গঢ়ি উঠা যান্ত্ৰিক সম্পৰ্ক, শৃংখলাবদ্ধতাৰ অভাৱ ইত্যদিবোৰ ইয়াৰে উদাহৰণ৷ বিকেন্দ্ৰীকতাই এনে এক ভয়াবহ ৰূপ লৈছে যে মানুহে ত্যাগৰ সলনি ভোগবাদৰ দৰ্শনৰ প্ৰতি অধিক আকৃষ্ট হৈছে৷ ইয়াৰ বাবে জগৰীয়া কোন হ’ব পাৰে? এটা ডাঙৰ প্ৰশ্ন৷

গণতান্ত্ৰিক দেশ, নৈতিক শিক্ষা ইত্যাদি

এইবাৰ আকৌ অসমৰ প্ৰসঙ্গলৈ ঘূৰি আহিছোঁ৷ অসমৰ বৰ্তমানৰ যি সাধাৰণ শিক্ষাব্যৱস্থা সি কেৱল এটা ব্ৰেণ্ডৰ সৃষ্টি  কৰিছে- অৰ্থাৎ ডিগ্ৰীধাৰীৰ সৃষ্টি কৰিছে। এই শিক্ষাব্যৱস্থা বাস্তৱ জীৱনৰ বাবে কাৰ্য্যকৰী নহয় আৰু তেনে শিক্ষাব্যৱস্থাই শিক্ষিত নিবনুৱাৰহে সৃষ্টি কৰিছে৷ এনে নিবনুৱাই নিযুক্তিৰ বাবে কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি বিফল হৈছে আৰু এসময়ত ধনাত্মক চিন্তাসমুহ ত্যাগ কৰি বিপথে পৰিচালিত হৈছে৷ একেদৰে সামাজিক আৰু ৰাজনৈতিক জীৱনৰ নেতাসকলে দেখুওৱা বৈষম্যমূলক আচৰণ, অন্যায়ৰ মনোভাৱ তথা দুৰ্নীতিয়ে আজি এক হৈ থকা অসমীয়া জাতি-জনজাতিক আত্মনিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰিবলৈ বাধ্য কৰিছে৷ আৰু বহু উদাহৰণ আছে যিবোৰ সাঙুৰি লৈ এতিয়াৰ নৱপ্ৰজন্মই নিজকে এক গভীৰ মানসিক আৰু নৈতিক স্খলনৰ দিশে আগুৱাই লৈ গৈছে৷ ইয়াত কিয় বুলি প্ৰশ্ন কৰিলে বিশ্লেষণৰ কথা আহিব৷

ওপৰৰ কথাসমুহৰ পৰা মূলতঃ এটা কথা স্পষ্ট হ’ল যে ক’ৰবাত কিবা এটা কেৰোণ লাগিছে৷ প্ৰাৰম্ভিকভাৱে মানৱীয় প্ৰমূল্যৰ শিক্ষা প্ৰচলিত নোহোৱাটোকে ইয়াৰ কাৰণ বুলি ধৰি লোৱা হ’ল৷ শিক্ষাৰ যোগেদি এজন শিক্ষকে নিজৰ শিক্ষাৰ্থীসকলক মানসিক উৎকৰ্ষতাৰ প্ৰতিটো স্ফুলিংগক জ্ঞানৰ আলোকেৰে প্ৰজ্বলিত কৰে৷ এই প্ৰক্ৰিয়াটো পৃথিবীৰ কোনো ধন সম্পদেৰে ক্ৰয় কৰিব নোৱাৰি৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল যে-এই মানৱীয় মূল্যনো আচলতে কি? অক্সফ’ৰ্ডৰ ইংৰাজী অভিধানে “মূল্য” বোলোতে এনে কিছুমান গুণক বুজাইছে যিবোৰ কোনো এটা বস্তুৰ বা লক্ষ্যৰ বাবে কাম্য, মূল্যবান তথা ব্যৱহাৰিকভাৱে প্ৰয়োজনীয়৷ এই মূল্য এনে কিছুমান গুণ যাৰ প্ৰতি মানুহৰ এক উৎসাহমূলক আকৰ্ষণ থাকে আৰু যিবোৰ বাস্তৱ কাৰ্য্যকাৰিতাৰ বাবে আচৰণৰ ওপৰত নিৰ্ভৰশীল হয়৷ এইবোৰ চিৰবৰণীয়া হয় আৰু এই মূল্যৰ অনুসৰণেৰে জীৱনৰ আচৰণত বা ব্যৱহাৰিক দিশত ফলপ্ৰসুতা আনে৷ থোৰতে কৈ থ’বলৈ হ’লে- যিবোৰ গুণৰ অনুসৰণে মানুহৰ ব্যক্তিত্বৰ পূৰ্ণবিকাশ ঘটায় আৰু ব্যক্তিগত পৰ্যায়ৰ উপৰিও সমাজজীৱন সুস্থ, সুন্দৰ আৰু কল্যাণময় কৰে সেয়াই হ’ল মানৱী মূল্য৷ সেই কাৰণেই ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত নৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল৷ ইয়াৰ বাবে যুক্তিও আছিল৷

প্ৰথমে- মৌলিক প্ৰমূল্যসমুহৰ অৱক্ষয় তথা সমাজত ক্ৰমবৰ্ধমান নৈৰাষ্যবাদী দৃষ্টিভংগীৰ বাবে এক উদ্বেগৰ সৃষ্টি হৈছে৷ গতিকে শিক্ষণীয় বিষয়সমুহৰ মাজত এক পুনৰনবীকৰণৰ প্ৰয়োজন আহিছে যাতে শিক্ষাক সামাজিক আৰু নৈতিক মূল্যবোধৰ জাগৰণৰ বাবে এক শক্তিশালী অস্ত্ৰ বা যন্ত্ৰৰূপে পৰিণত কৰিব পৰা যায়৷

দ্বিতীয়তে- দেশৰ সাংস্কৃতিক বৈচিত্ৰপূৰ্ণ সমাজত শিক্ষা  এনে এক সাৰ্বজনীন সনাতন প্ৰমুল্যবোধৰ পৰিপুৰক হ’ব লাগে যে এনে প্ৰমূল্যই জনসাধাৰণৰ মাজত একতা বা অখণ্ডতাৰ ভাৱ জগাই তুলি ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসক আঁতৰাব পাৰে।

তৃতীয়তে- উক্ত দুটা দিশৰ উপৰিও শিক্ষাৰ এক সুগভীৰ ৰচনাত্মক বা সৃষ্টিমূলক উপাদান থাকে য’ত আমাৰ সাংস্কৃতিক উত্তৰাধিকাৰ বা জাতীয় আদৰ্শ নিহীত হৈ থাকে৷

সময়ৰ লেখেৰে এই নীতিৰ ২৬ বছৰ পাৰ হৈ গ’ল৷ কিন্তু এই কথাবোৰ প্ৰায়োগিক হ’লনে? চিন্তনীয়৷

শঙ্কৰ, মাধৱ, আজান আৰু নিৰ্ভয়া:-

ধৰ্মৰ উৰ্ধত চিন্তা কৰি মহাপুৰুষ দুজনাৰ লগতে আজান পীৰ চাহাবক একো একোটা শান্তিৰ বা সমন্বয়ৰ অনুষ্ঠান বুলি ধৰি লৈছোঁ। বিশ্বব্যাপী থকা এনেধৰণৰ অনুষ্ঠানসমূহে কালৰ লগত খোজ মিলাই মানৱ প্ৰেমৰ বাণী কঢ়িয়াই আহিছে। কিন্তু যোৱা বছৰ ডিচেম্বৰ মাহত দিল্লীত যিটো ঘটনা ঘটিল সেইটো কি আছিল? এটা অতিকে ঘৃণনীয় অপৰাধ য’ত প্ৰকাশ পালে মানবীয় প্ৰমূল্যৰ অৱক্ষয়। ধৰ্ম, শিক্ষা, জ্ঞান, মানুহৰ সংজ্ঞা সকলোবোৰ ইয়াত থানবান হৈছিল। আশ্চৰ্য্যজনকভাৱে এই গোচৰৰ মূল অভিযুক্ত কেইজনৰে এজন ঘটনাৰ সময়ত বয়সৰ হিচাপত আইনৰ দৃষ্টিত নাবালক আছিল । আন দুটা কলেজলৈ যোৱা বয়সৰ ল’ৰা ফাঁচীকাঠত ওলমিব শেহতীয়া আইনী ৰায়মৰ্মে। কথাবোৰে বা আইনে সাময়িকভাৱে কিবা এটা সু-স্বাক্ষৰ বহন কৰিব। কিন্তু তাৰ পাছতো থাকিব আৰু হাজাৰটা কিন্তু বা কিয়।

মুঠ কথা এয়ে হ’ব পাৰে যে সভ্যতাৰ নৱজাগৰণৰ লগে লগে আমি বাহ্যিকভাৱে সভ্য হৈছোঁ ঠিকেই কিন্তু মানসিকভাৱে আমিবোৰ তেনেই দুৰ্বল। ছাত্ৰ্ৰাৱস্থাৰ পৰাই এই দিশত মানৱীয় মূল্যৰ পাঠ নিদিলে বা শিক্ষাৰ্থীয়ে এইসমূহ হৃদয়ংগম নকৰিলে এইবোৰ বাতৰি কাগজৰ খবৰ বা নিউজ চেনেলৰ নিউজ আইটেম হিচাপেহে থাকি যাব।

“Respect for ourselves guides our morals; respect for others guides our manners”

ল’ৰেন্স ষ্টাৰ্ণৰ এইশাৰী কথাৰ সাৰমৰ্ম সকলোৱে নিজগুণে উপলব্ধি কৰক আৰু অনুধাৱন কৰক কাৰণ সকলো পক্ষই কথাবোৰ নতুনকৈ চিন্তা নকৰিলে যে সমাজৰ ধণাত্মক পাৰ্থক্য একো নাহে সেয়া ধুৰুপ।

 


 
 
 
 
(ভাস্কৰজ্যোতি দাস)
সম্পাদক, সাহিত্য ডট্‌ অৰ্গ,
১৫ চেপ্টেম্বৰ’২০১৩ সংখ্যা।
 
 
 
 

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

আপোনাৰ চিন্তাধাৰা সচাকৈয়ে বলিষ্ঠ ৷

7 years ago

সম্পাদকীয়ত এটি সুন্দৰ দিশ উপস্থাপন কৰিলে।লগতে আপোনাৰ সুন্দৰ সম্পাদনা,ভাল লাগিল।

Pranjit Borah
7 years ago

লেখাটো সাম্পত্তিক সময়ৰ লগত খাপ খাই পৰিছে । বত্তমান বস্তবাদী আৰু ভোগবাদী সমাজ ব্যৱস্হাত মানুহৰ মানৱীয় প্ৰমুল্যবোধ বিলাক সময়ৰ সোতত হেৰাই গৈছে, তাৰ ফলস্বৰুপে মানুহৰ নৈতিক, সানাজিক, মানসিক আদি সকলো দিশত চুফিবাদী দশনৰ প্ৰভাৱ সামগ্ৰিকভাৱে সকলো ক্ষেত্ৰতে প্ৰতিফলিত হৈছে।আপুনি কোৱাৰ দৰে আমাৰ শিক্ষা ব্যৱস্হাটোয়ে বস্হবাদী ধাৰাৰ শিক্ষা হে সমাজত প্ৰতিফলিত কৰিছে। কিন্ত বত্তমান সমাজত যুৱ সমাজত যিবিলাক দুৰাৰোগ্য সামাজিক ব্যাধিয়ে লগ লৈছে তাৰ পৰা নিস্তাৰ পাবলৈ আমাৰ শিক্ষা ব্যৱস্হাত নৈতিক শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে।শ্ৰেণীগত ভাৱে যদি চোৱা হয় তেন্তে এনেধৰণৰ থেক গন্দীৰ শিক্ষাই মানুহৰ মাজত বিভাজন, শ্ৰেণী সংগ্ৰাম আদিৰ জন্ম দিছে। সচাকৈ লেখাটো ভাল লাগিল। Keep it up…..dada.

7 years ago

ভাল লাগিল। শিক্ষা ব্যৱস্থাৰ লগত নৈতিকতাৰ সম্পৰ্কৰ বিষয়ে এক খোলোচা আলোচনা।