সম্পাদকীয় — (অঞ্জল বৰা)

সাহিত্যEditoral2

চতুৰ্থ বৰ্ষ, দ্বিতীয় সংখ্যা

ছেপ্টেম্বৰ : ২০১৪

বেজবৰুৱাক যুগমীয়া কৰাৰ এয়াই প্ৰকৃত সময়

Editorial

আধুনিক ভাৰতীয় সাহিত্যত নতুন চিন্তা আৰু আধুনিকতাৰ যি উন্মেষ ঘটিছিল তাৰ মূলতে আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলন৷ ঊনবিংশ শতাব্দীৰ পূৰ্বাৰ্ধত ইউৰোপ বা ইংলেণ্ডত হোৱা নৱন্যাস আন্দোলন আৰু শেষাৰ্ধত বঙ্গদেশত হোৱা পুনৰ জাগৰণে (Renaissance) সমগ্ৰ ভাৰতবৰ্ষতে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ সৃষ্টি কৰিছিল৷ ৰাজা ৰামমোহন ৰায় (১৭৭২-১৮৩৩), ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (১৮২০-১৮৯১), দেৱেন্দ্ৰনাথ ঠাকুৰ (১৮১৭-১৯০৫) আদিৰ সামাজিক আৰু ধৰ্মীয় চেতনাই মানুহক আকৃষ্ট কৰিছিল৷ লাহে লাহে কৌটিকলীয়া সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে মানুহ সচেতন আৰু সজাগ হৈ পৰিছিল৷ সেই সময়তে কলিকতাৰ জোৰাসাঁকো প্ৰকৃত অৰ্থতে পাশ্চাত্যৰ চিন্তা আৰু প্ৰাচ্যৰ ৰক্ষণশীলতাৰ মাজত সাঁকো হৈ পৰিছিল৷ ৰাজা ৰামমোহন ৰায়ে পোন প্ৰথমবাৰৰ বাবে সেই সাঁকো পাৰ কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰাচ্য-পাশ্চাত্যৰ মিলনেৰে এখন আধুনিক সংস্কাৰমুখী সমাজৰ জন্ম দিয়াত সফল হৈছিল৷ এনে সন্ধিক্ষণতে সমাজৰ কিছু সংখ্যক লোকে সেই আধুনিক সংস্কাৰমুখী সমাজখন প্ৰতিষ্ঠা কৰাত হাত উজান দিছিল আৰু নিজৰ সমগ্ৰ চিন্তা-চেতনা আৰু আদৰ্শত তাক প্ৰতিফলিত কৰিছিল৷ এনে এজন ব্যক্তিয়েই আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮)৷ যাৰ প্ৰতিভাৰ বিষয়ে ক’বলৈ গৈ ভাষাবিদ সুনীতি কুমাৰ চেটাৰ্জীয়ে কৈছিল “Lakshminath Bezbarua was thus an illustrious son of India, and a member of the galaxy of the great men and women who raised high the name of India during the last century” (Lakshminath Bezbarua the Sahityarathi of Assam, pg-6).

বেজবৰুৱাৰ সাহিত্যৰ দুটা উল্লেখনীয় দিশ হ’ল তেওঁৰ জাতীয়তাবাদ আৰু ভাষা৷ বেজবৰুৱাৰ সকলো সৃষ্টিশীল সাহিত্য আৰু কৰ্মৰাজিৰ মাজতে এই দুয়োটা দিশ সুস্পষ্ট ৰূপত প্ৰতিফলিত হৈ উঠিছে৷ জাতি এটাৰ জীৱনী শক্তিৰ মূলতে হৈছে ইয়াৰ ভাষা৷ মাতৃভাষাৰ অবিহনে কোনো জাতিয়েই আত্মপ্ৰতিষ্ঠাৰে জীয়াই থাকিব নোৱাৰে৷ বেজবৰুৱাই এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ “স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা” এই মহান সংকল্পৰে তেওঁ অসমীয়া ভাষাৰ সপক্ষে সততে যুঁজ দিছিল৷ সেয়ে তেওঁ উল্লেখ কৰিছিল যে- “শক্তিৰ চৰ্চা মানে স্বাধীনতা৷ স্বাধীনতাৰ আনন্দই অসমক অসমা অৰ্থাৎ অনুপমা কৰি তুলিবলৈ হ’লে অসমীয়া জাতিক এটা আদৰ্শ জাতি ৰূপে গঢ়িবলৈ হ’লে; প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব৷” আনহাতে মাতৃভূমি আৰু মাতৃভাষা আছিল বেজবৰুৱাৰ জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ মূল ভেটি৷ বেজবৰুৱাৰ জাতীয়তাবাদ আৰু দেশপ্ৰেম কোনো অন্ধ অনুকৰণ নাছিল৷ হিংসা, অত্যাচাৰ, দমন-পীড়নৰ মাজেদি চলে-বলে-কৌশলে জাতি এটাক বিদেশী শাসকৰ পৰা মুক্ত কৰাটোৱেই তেওঁৰ দৃষ্টিত প্ৰকৃত জাতীয়তাবাদ বা দেশপ্ৰেম নাছিল৷ অসমীয়া জাতিক এটা আদৰ্শ জাতি হিচাপে গঢ়িবলৈ হ’লে প্ৰথমতে যে তাৰ ভাষা-সাহিত্যৰ উন্নতিৰ প্ৰয়োজন সেই কথা বেজবৰুৱাই হৃদয়তাৰে অনুভৱ কৰিছিল৷ দুখৰ কথা যে আজি বিভিন্ন জাতি-জনজাতিৰ আত্মপৰিচয়ৰ সন্ধানে বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয়টো বৰ্তমান সোলোক-ঢোলোক কৰি তুলিছে৷ মাতৃভূমিৰ কথা ভাবিবলৈ যোৱাৰ আগতে আজি খিলঞ্জীয়া, ভূমিপুত্ৰৰ অনৰ্থক চিন্তা-চৰ্চ্চাই মানুহৰ মনবোৰ সংকীৰ্ণ কৰি তুলিছে৷ কিন্তু বেজবৰুৱাই অসমীয়া জাতি আৰু ভাষাৰ ক্ষেত্ৰত কেতিয়াও সংকীৰ্ণতাৰ পৰিচয় দিয়া নাছিল৷ যেনেতেনে প্ৰকাৰেৰে নিজৰ জন্মভূমিক আৰু জাতিক জাত্যাভিমান আৰু জাতি স্বাতন্ত্ৰ্যৰে ডাঙৰ কৰি দেখুওৱাটোৱেই তেওঁ কেতিয়াও গ্ৰহণ কৰা নাছিল৷ এক উদাৰনৈতিক মানৱতাৰ আদৰ্শৰে বেজবৰুৱাই অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল৷

মিছনেৰীসকলে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ যি বীজ ৰোপণ কৰিছিল তাক অধিক প্ৰাণৱন্ত আৰু জীৱন্ত কৰি তুলিছিল বেজবৰুৱাৰ সাগৰ-সদৃশ বিভিন্ন সাহিত্যই৷ নিভাঁজ অসমীয়া শব্দ আৰু উপমা অলংকাৰৰ প্ৰয়োগেৰে তেওঁ সিৰাই সিৰাই প্ৰবাহিত হৈ থকা জাতীয়তাবাদক সাহিত্যৰ ধাৰাৰে প্ৰবাহিত কৰিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত এই জাতীয়তাবাদ, দেশপ্ৰেম যেন লাহে লাহে সংকুচিত হৈ আহিবলৈ ধৰিছে৷ ব্যক্তিগত চিন্তা, সৰু সৰু জাতি-জনজাতিৰ স্বায়ত্বশাসনৰ আন্দোলন, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বিভাজন আদিয়ে বৃহত্ত্বৰ অসমৰ ভৌগোলিক অৱয়বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷ আজি বহুতো লেখকৰ সাহিত্যৰ মাজত জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ চিত্ৰ প্ৰতিফলিত হৈ উঠিছে ঠিকেই, কিন্তু দেশপ্ৰেমৰ ঐকান্তিক নিষ্ঠাৰ অভাৱে অসমীয়া জাতি আৰু ভাষাৰ প্ৰতি লাহে লাহে যেন অস্তিত্বৰ সংকট কঢ়িয়াই আনিছে৷ এই কথা অকল আজিৰ সময়ৰ এক অপ্ৰিয় সত্য নহয়, যিজন বেজবৰুৱাই প্ৰতি মুহূৰ্ততে মনৰ মাজত জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ অভিব্যক্তি কঢ়িয়াই লৈ ফুৰিছিল তেওঁ নিজেও কলিকতাত পঢ়িবলৈ যোৱা ডেকা ছাত্ৰসকলৰ স্বদেশপ্ৰেমৰ তুলনাৰে দুখ কৰি কৈছিল যে “এইফেৰা দুখ নকৰি নোৱাৰি যে, সেই মুঠি ডেকা ছাতৰৰ পিছত তেওঁলোকতকৈও বেছি নাইবা তেনেকুৱাও উত্সাহ লৈ মাতৃভাষাৰ হকে খাটোঁতা ছাতৰ নোলাল আৰু ওলোৱা নাই৷”

আজি চাৰিওফালে বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপন কৰা দেখা গৈছে৷ নিশ্চয় ই এক শুভ লক্ষণ৷ কিন্তু ইতিহাসৰ পৰ্যালোচনা কৰিলে মনত সন্দেহ উপজে আমি প্ৰকৃতাৰ্থতে বেজবৰুৱাক যুগমীয়া কৰিবৰ মনেৰে এনে অনুষ্ঠানবিলাক আয়োজন কৰিছোঁনে? বেজবৰুৱাৰ জন্ম চন পূৰ্বতে প্ৰমাদবশতঃ ১৮৬৮ বুলি ভবা হৈছিল বাবে ১৯৬৮ চনৰ ৫ অক্টোবৰত অসম সাহিত্য সভাৰ উদ্যোগত অসম চৰকাৰ আৰু অসমৰ সাহিত্য-সাংস্কৃতিক সংস্থাসমূহৰ সহযোগত সমগ্ৰ অসমত বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী পালন কৰা হৈছিল৷ স্মাৰক ডাক টিকট প্ৰকাশ কৰা হৈছিল৷ বিভিন্ন আলোচনা-সভাৰ আয়োজন কৰা হৈছিল৷ তাৰ পৰা আজি আমি প্ৰায় ৫০ বছৰ আগুৱাই আহিলোঁ (বেজবৰুৱাৰ জন্ম ১৮৬৪ বুলি ধৰি, শতবাৰ্ষিকী পালনৰ চন ১৯৬৪ বুলি ধৰিলে)৷ প্ৰকৃততে চাবলৈ গ’লে বেজবৰুৱাৰ মৃত্যুৰ পৰা (২৬ মাৰ্চ, ১৯৩৮) আমি প্ৰায় ৭৫ বছৰ আগুৱাই আহিলোঁ৷ কিন্তু আজি ডেৰশ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপনৰ সময়ত অনুভৱ কৰিছোঁ প্ৰকৃততে যোৱা ৭৫ বছৰে আমি বেজবৰুৱাৰ বাবে কি কৰিলোঁ৷ ১৮৮৯ চনৰ ‘জোনাকী’ আলোচনীৰ জন্মৰ সময়ৰ পৰা ১৯৩৮ চনৰ বেজবৰুৱাৰ মৃত্যুৰ সময়লৈকে প্ৰায় পঞ্চাশ বছৰীয়া অসমীয়া ভাষা-সাহিত্যৰ ঐতিহাসিক যুগটো আছিল ‘বেজবৰুৱা যুগ’৷ অৰ্থাৎ যিজন বেজবৰুৱাই নিজ দেশ-মাটিৰ পৰা আঁতৰি থাকিও বিভিন্ন সংঘাত, বাধা-বিঘিনিৰ মাজেৰেও পঞ্চাশ বছৰীয়া অসমীয়া সাহিত্যৰ এটা নিজা যুগৰ সৃষ্টি কৰিব পাৰিছিল সেইজন বেজবৰুৱাৰ বাবে প্ৰকৃততে যোৱা ৭৫ বছৰে আমি অসমত স্থায়ী কিবা এটা কৰিলোঁনে? কৰিব পাৰিলোঁনে? আনকি আমি অসমীয়া ভাষাক আত্মসন্মানেৰে জীয়াই থাকিবলৈ সাহস আৰু শক্তি প্ৰদান কৰা বেজবৰুৱাক ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰ্যায়লৈকে লৈ যাব নোৱাৰিলোঁ৷ স্কুল-কলেজকে ধৰি সকলো ৰাজহুৱা ক্ষেত্ৰতে বেজবৰুৱা উপেক্ষিত হৈ থাকিল বুলিব পাৰি৷ আজিলৈকে বেজবৰুৱাৰ সমগ্ৰ সাহিত্যক অধ্যয়ন কৰিব পৰাকৈ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমো প্ৰস্তুত কৰা নহ’ল৷ তথ্য-প্ৰযুক্তিৰেও বেজবৰুৱাৰ সমগ্ৰ সাহিত্যক ‘ডিজিটেল আৰ্কাইভ’ কৰাৰ কথাও বিশ্ববিদ্যালয় কেইখনকে ধৰি কোনো এটা জাতীয় অনুষ্ঠানে নাভাবিলে৷ শেহতীয়াভাৱে যোৱা জুন মাহত এনাজৰী ডট্ কমে ‘সাহিত্যৰথী ডট্ কম (www.sahityarathi.com)’  নামৰ এটা ৱেবচাইট সৃষ্টি কৰি বেজবৰুৱাৰ সমগ্ৰ সাহিত্য ইউনিক’ড পদ্ধতিৰে সংৰক্ষণ কৰাৰ কাম আৰম্ভ কৰিছে৷ কিন্তু দুখৰ কথা বিশ্ববিদ্যালয় কেইখনৰ অসমীয়া বিভাগকে ধৰি কোনো জাতীয় সংগঠনৰ কোনো সঁহাৰি নাই৷ অৰ্থাৎ বাস্তৱ দৃষ্টিভঙ্গীৰে চাবলৈ গ’লে বেজবৰুৱাক লৈ অসমত যি চৰ্চা হ’ব লাগিছিল, নতুন প্ৰজন্মই তেওঁৰ বিশাল সাহিত্যৰ মাজত থকা আদৰ্শসমূহ অনুধাৱন কৰিব পৰাকৈ যি এটা পৰিৱেশ গঢ়ি তুলিব লাগিছিল তেনে একো দেখা নগ’ল৷ চৰকাৰৰ ফালৰ পৰাও বা অসমৰ জাতীয় সংগঠনসমূহৰ ফালৰ পৰাও কোনো স্থায়ী অনুষ্ঠান বা গৱেষণা-কেন্দ্ৰৰ জন্ম নহ’ল৷

ইয়াৰ পিছতো অসমীয়া ভাষা-সাহিত্যৰ বাবে ইতিবাচক দিশ এইটোৱেই যে আমি বেজবৰুৱাৰ দৰে এজন ব্যক্তিক লাভ কৰিলোঁ৷ যি ব্যক্তিগত জীৱনৰ অনেক সংঘাতৰ পিছতো অসমীয়া ভাষাৰ উদ্ধাৰ আৰু আত্মপ্ৰতিষ্ঠাৰ বাবে সদায় অতন্দ্ৰ প্ৰহৰীৰ দ’ৰে কাম কৰিছিল৷ যাৰ ঋণ আমি কোনো কালেই পৰিশোধ কৰিব নোৱাৰোঁ৷ মাথো আত্মবিস্মৃতিৰ গৰ্ভৰ পৰা অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ তেওঁৰ আদৰ্শ আৰু চিন্তাচৰ্চাক যুগ-যুগান্তৰলৈ প্ৰেৰণাৰ উৎস হিচাপে লোৱাৰ আশ্বাস দিব পাৰোঁ৷  বেজবৰুৱাই কলমেৰে যিয়েই সৃষ্টি কৰিছিল তাতেই তেওঁৰ জীৱনৰ আদৰ্শ ফুটি উঠিছে৷ কিন্তু দুখৰ কথা যে আজিও তেওঁৰ সমগ্ৰ সাহিত্য ৰাজিৰ প্ৰকৃত মূল্যায়ন নহ’ল আৰু বাস্তৱ সমাজখনে তেওঁৰ আদৰ্শক উপলব্ধি কৰিব নোৱাৰিলে৷ সাহিত্যক তেওঁ সমাজ-সংস্কাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলেও নিজে নিগাজীকৈ অসমত বাস কৰিব নোৱাৰাৰ বাবেই তেওঁৰ সংগ্ৰামে বাস্তৱ ৰূপ লাভ কৰিব পৰা নাছিল৷ তেওঁৰ প্ৰতিটো লেখাৰ মাজত এটা আদৰ্শ জাতি, এখন আদৰ্শ সমাজ প্ৰতিষ্ঠাৰ উপাদান আছে, প্ৰতিজন অসমীয়াৰ বাবে জীৱন উপভোগ কৰিব পৰা ইতিবাচক সঁহাৰি আছে, তথাপি বাস্তৱ সংগ্ৰামৰ পৰা তেওঁ আঁতৰি থাকিব লগা হোৱাৰ বাবেই যেন আজিও ডেৰশ বছৰৰ পিছতো সি গ্ৰন্থাৱলীৰ মাজতে বন্দী হৈ ৰ’ল৷ বেজবৰুৱাই সংকীৰ্ণতাৰ উৰ্ধত জাতীয়তাবাদী চিন্তাৰে অসমীয়া সমাজক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে যি সপোন দেখিছিল, সেই সপোন আজিও এটা আপুৰুগীয়া সপোন হৈয়ে আছে৷ সেই সপোনক বাস্তৱ ৰূপ দিবলৈ হ’লে আমি বেজবৰুৱাক গ্ৰন্থাৱলীৰ মাজৰ পৰা নকৈ উলিয়াই আনিব লাগিব৷ তেওঁৰ সমগ্ৰ সাহিত্যক ‘সৰ্ব্বসাধাৰণৰ হাতে ঢুকি পোৱা’ স্তৰলৈ নি পাঠ্যপুথিৰ মাধ্যমেৰে সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে অধ্যয়ন কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব৷ লগতে সকলো চৰকাৰী কাৰ্যালয়, ৰাজহুৱা প্ৰতিষ্ঠান আদিতো অসমীয়া ভাষা বাধ্যতামূলক কৰিব লাগিব৷ তেওঁৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীত এইটোৱেই হ’ব লাগিব আমাৰ প্ৰধান আৰু একমাত্ৰ কৰ্তব্য৷

 আলোচনীখনৰ সম্পাদনাৰ বিষয়ে:

‘সাহিত্য’ সম্পাদনাৰ ভাৰ আমাৰ হাতত পৰাতেই আমি চতুৰ্থ বৰ্ষৰ দ্বিতীয় সংখ্যাটি ‘বেজবৰুৱা শ্ৰদ্ধাৰ্ঘ্য’ৰূপে সজোৱাৰ পৰিকল্পনা কৰিছিলোঁ৷ কিন্তু কামটো হাতত লৈ অনুভৱ কৰিলোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে এজন বিশাল ব্যক্তিত্বসম্পন্ন ব্যক্তিৰ জীৱন আৰু কৰ্মৰাজিক সামৰি এখন পূৰ্ণাঙ্গ আলোচনী প্ৰকাশ কৰি উলিওৱা কেতিয়াও সম্ভৱ নহয়৷ সেয়ে ‘সাহিত্য’ৰ এই সংখ্যাটোত এক বিনম্ৰ প্ৰয়াসহে কৰা হৈছে মাত্ৰ৷ এই প্ৰয়াসৰ দ্বাৰা অলপ হ’লেও যদি আমি ইণ্টাৰনেটৰ পৃথিৱীত বাস কৰা নতুন প্ৰজন্মৰ মনত বেজবৰুৱাৰ প্ৰতিভাৰ বীজ অংকুৰিত কৰিব পাৰোঁ, তেতিয়াও আমি নিজকে ধন্য মানিম৷ আলোচনী এখন প্ৰকাশৰ মূল আহিলা হ’ল লেখকসকলৰ বিভিন্ন লেখাসমূহ৷ যদিও পৰিকল্পনা অনুসৰি ভাবি থকা বহুকেইজন লেখকৰ পৰা তেওঁলোকৰ ব্যক্তিগত ব্যস্ততা আৰু অসুবিধাৰ বাবে লেখা সময়ত লাভ নকৰিলোঁ, তথাপিও বেজবৰুৱা বিষয়ক প্ৰবন্ধসমূহৰ কাৰণে যিসকল বিশিষ্ট লেখকে কেৱল মাত্ৰ এটা ফোনতেই লিখিম বুলি কৈ সময়ত আমাক লেখাসমূহ দি সহায় কৰিলে সেইসকললৈ প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ দ্বিতীয়তে ‘অসমীয়াত কথা-বতৰা’ গোটৰ যিসকল সদস্যই ভিন্নস্বাদৰ লেখাৰে আমাৰ আলোচনীখনৰ প্ৰতিটো শিতান ভৰাই তুলিলে তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ এটা কথা উল্লেখ নকৰিলে ভুল হ’ব যে এইবাৰ আমি আশা কৰাতকৈও ‘অসমীয়াত কথা-বতৰা’ গোটৰ  বিভিন্ন সদস্যৰ পৰা অনেক ভিন্নস্বাদৰ লেখা লাভ কৰিছিলোঁ৷ কিন্তু সীমিত সময় আৰু বিশেষ সংখ্যাৰ কথা আগত ৰাখি আমি অনেক ভাল লেখাকো ‘সাহিত্য’ আলোচনীত প্ৰকাশ কৰিব নোৱাৰিলোঁ৷ তাৰ বাবে লেখকসকলৰ ওচৰত ক্ষমাপাৰ্থী৷ সাহিত্য ডট্ অৰ্গৰ অন্যতম শিতান ‘সাক্ষাৎকাৰ’ৰ বাবে এইবাৰ আমি ড হীৰেন গোহাঁই চাৰৰ লগত যোগাযোগ কৰিছিলোঁ৷ তেখেতৰ সন্মতি মৰ্মেই আমি নিৰ্দিষ্ট সময়ত বেজবৰুৱা বিষয়ক কেইটামান প্ৰশ্ন দিছিলোঁ৷ কিন্তু আমাক কথা দিও শাৰীৰিক অসুস্থতাৰ বাবে শেষ সময়ত আমাক বিমুখ কৰাত এইবাৰৰ সাক্ষাৎকাৰ উকা ৰাখিব লগা হ’ল৷ তাৰ বাবেও আমি পাঠকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। ‘বেজবৰুৱা বিশেষ’ সংখ্যাৰ লগত সংগতি ৰাখি আমাৰ অনুৰোধত ‘অকব’ৰ সদস্য ৰিতুপৰ্ণ বৰাই বেজবৰুৱাৰ বিশেষ স্কেচ এখন (সম্পাদকীয় পৃষ্ঠাত থকা) তৈয়াৰ কৰি দিয়াৰ বাবে তেওঁলৈ বিশেষভাৱে ধন্যবাদ থাকিল৷ শেষত অকব’ গোটৰ যিকেইজন সদস্যই সহায় কৰি ‘সাহিত্য’ৰ প্ৰকাশ সম্ভৱ কৰিলে তেওঁলোকলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ আলোচনী এখন সৰ্বাঙ্গসুন্দৰ কৰিবলৈ চেষ্টা কৰাৰ পিছতো অনিচ্ছাকৃতভাৱে থাকি যোৱা ভুল-ভ্ৰান্তিৰ বাবে কৰযোৰে ক্ষমা মাগিছোঁ৷

ধন্যবাদেৰে –

অঞ্জল বৰা

১৫ ছেপ্টেম্বৰ ২০১৪

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক