সম্পাদকীয় (ভগৎ লাল দত্ত)

সম্পদৰ বিতৰণ আৰু জনমূৰি বিকাশৰ ভেল্কিবাজি


বিশ্বৰ সৰহভাগ সম্পদ আৰু ক্ষমতা  তেনেই কম সংখ্যক মানুহৰ হাততে কুক্ষিগত হৈ থকা বুলি সততেই আক্ষেপ/বাদ-বিবাদ/প্ৰতিবাদৰ ঢৌ উঠি থাকে। (২০১০ চনৰ হিচাপত) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধনীৰ ক্ৰমানুসাৰে প্ৰথমৰ ১ শতাংশ লোকৰ হাতত দেশৰ মুঠ ব্যক্তিগত সম্পদৰ ৩৫.৪ শতাংশ আৰু পৰৱৰ্তী ১৯ শতাংশ লোকৰ হাতত ৫৩.৫ শতাংশ সম্পদৰ মালিকীস্বত্ব থূপ খাই আছে। বাকী থকা ৮০ শতাংশ লোকৰ হাতত মুঠ সম্পদৰ ১১ শতাংশহে বাকী ৰ’লগৈ। কেৱল আমেৰিকাতে নহয়, বিশ্বৰ অধিকাংশ দেশতে দৃশ্য একেই। উদাহৰণ স্বৰূপে, ভাৰতবৰ্ষৰ মুঠত ঘৰুৱা উৎপাদনৰ সিংহভাগো কেইশমান বণিকৰ হাতৰ মুঠিত। দেশৰ ৰাজনৈতিক অৰ্থনৈতিক নীতি নিয়ন্ত্ৰণৰ বাঘজৰীডালো আওপকীয়াকৈ এওঁলোকৰে হাতত বুলি অভিযোগ উত্থাপিত হয়। সময়ৰ প্ৰশ্ন আহি পৰে, “এশ বেপাৰীৰ বেপাৰ আৰু চুপাৰ প্ৰফিটৰ যোগেদি এই দেশৰ উন্নতি হ’ব নে বাকী এশ বিশ কোটিৰ উন্নতিৰে দেশ চুপাৰ পাৱাৰ হ’ব?”
অসমীয়া ভাষাত আটাইতকৈ বেছি ব্যৱহৃত হোৱা শব্দটো হৈছে “আৰু”। ইয়াৰ পিছতে আছে “এই” আৰু “কৰি”। দুই লাখতকৈও অধিক অসমীয়া বাক্যৰ  (প্ৰায় ২৬ লাখ শব্দৰ) ওপৰত তেজপুৰ বিশ্ববিদ্যালয়ত চলোৱা এটা অধ্যয়নত এই শব্দ তিনিটাৰ ব্যৱহাৰৰ সংখ্যা আছিল ক্ৰমে ৪৬,৫৭৭, ২২,৮০৯ আৰু ১৫,৯১৬ বাৰ। ইংৰাজী ভাষাত বহুল ব্যৱহৃত শব্দৰ ক্ৰমত প্ৰথম তিনিটা হৈছে the, of, আৰু and।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ দ্বাৰা সংকলিত ১০ লাখতকৈও বেছি  শব্দৰ আধুনিক আমেৰিকান ইংৰাজী ভাষাৰ পাঠ্য কোষত ইহঁতৰ ব্যৱহাৰৰ সংখ্যা ক্ৰমে ৬৯,৯৭১, ৩৬,৪১১ আৰু ২৮,৮৫২। সাহিত্য.অৰ্গৰ জুলাই-২০১৩ সংখ্যালৈকে প্ৰকাশিত মুঠ চৌবিশটা সংখ্যাৰ সম্পাদকীয় বোৰৰ ছাব্বিশ হাজাৰতকৈও বেছি শব্দৰ মাজত আটাইতকৈ বেছি ব্যৱহৃত শব্দবোৰৰো প্ৰথম কেইটা হৈছে “আৰু” (৩০৬ বাৰ), “এই” (১৮৫ বাৰ), “আমাৰ” (১৪৯ বাৰ), “কৰি” (১৪৬ বাৰ)।
শব্দ গণনাৰ সংখ্যাৰ অথাই সাগৰত কাৰোবাক মেলি দিয়াৰ ইয়াত কোনো উদ্দেশ্য নাই। কিন্তু সংখ্যাবোৰলৈ অলপ মনোযোগ দি চালে এটা সামঞ্জস্য দেখিবলৈ পোৱা যায়। ভাষা, পৰিস্থিতি নিৰ্বিশেষে ব্যৱহাৰৰ হাৰৰ হিচাপত শব্দবোৰ ক্ৰমানুসাৰে সজালে এটা পাৰিসাংখ্যিক চানেকিয়ে ধৰা দিয়ে। পাৰিসাংখ্যিকভাৱে, আটাইতকৈ বহুলভাৱে ব্যৱহৃতটোৰ ব্যৱহাৰ দ্বিতীয় স্থানৰটোৰ দুগুণ, তৃতীয় ক্ৰমৰটোৰ তিনিগুণ, ইত্যাদি। অইন কথাত, ব্যৱহাৰৰ হাৰ ক্ৰমাংকৰ ব্যস্তানুপাতিক। এই চানেকিটোক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ভাষাতত্ববিদ জৰ্জ জিফ্‌ (George Kingsley Zipf)-ৰ নামেৰে জিফৰ সূত্ৰ বোলা হয়।
সমগোত্ৰীয় পৰিঘটনা ভৌগোলিক-ৰাজনৈতিক সীমাৰেখা নিৰ্বিশেষে বিশ্বৰ বিভিন্ন দেশৰ নগৰাঞ্চলৰ জনসংখ্যা ভিত্তিক ক্ৰমৰ ক্ষেত্ৰটো দেখা যায়। জনসংখ্যাৰ হিচাপত দেশ এখনৰ আটাইতকৈ ডাঙৰ অঞ্চলটোৰ জনসংখ্যা, দ্বিতীয় স্থানৰটোৰ দুগুন, তৃতীয় স্থানৰ তিনিগুণ। ভাষাত শব্দৰ ব্যৱহাৰৰ হাৰৰ ক্ৰম আৰু জনসংখ্যাৰ ভিত্তিক নগৰাঞ্চলৰ ক্ৰমৰ দৰে পৰস্পৰৰ মাজত কোনো সংযোগ নথকা পৰিঘটনাবোৰে এনেধৰণৰ একে চানেকি কিয় দেখুৱায়? আমি নাজানো। কিন্তু এটা কথা জানো যে, ভাষাত শব্দৰ ব্যৱহাৰ নাইবা নগৰাঞ্চলত জনবসতি কোনো পূৰ্বপৰিকল্পিত আঁচনি/নিয়ম অনুসৰণ কৰি সংগঠিত হোৱা নাই। এইয়া প্ৰণালীটোৱে স্ব-বিৱৰ্তনৰ মাজেৰে লাভ কৰা এক ধৰ্মহে। এই পৰিঘটনা কেৱল ভাষা, জনসংখ্যা আদিতে সীমিত নহয়। স্বয়ং-সংগঠিত হোৱা বহুবোৰ প্ৰণালীতে এই পৰিঘটনা লক্ষ্য কৰা হৈছে।
মানৱ সমাজত ক্ষমতা আৰু সম্পদৰ বিতৰণ প্ৰণালীও এনে পৰিঘটনাৰ বাজ নহয়। অধ্যয়নক্ষেত্ৰ সাপেক্ষে এই পৰিঘটনাটোক ৮০/২০ সূত্ৰ, পাৰেটোৰ সূত্ৰ (Pareto’s principle), ঘাতাংক সূত্ৰৰ বিতৰণ (power law distribution), দীঘল নেজীয়া বিতৰণ (long tail distribution), বেনফোৰ্ডৰ সূত্ৰ (Benford’s law) বুলিও জনা যায়। এই পৰিঘটনাৰ আটাইতকৈ হোজা বাখ্যা এয়ে যে, কোনো পৰিঘটনাৰ ৮০% ফলাফল, ২০% কাৰকৰ পৰাই আহে। ভাষা এটাত ৮০ শতাংশ ব্যৱহৃত হয় ভাষাটোৰ কুৰি শতাংশ শব্দ। কোনো ব্যৱসায়ৰ ৮০ শতাংশ উপাৰ্জন ২০ শতাংশ গ্ৰাহকৰ পৰা আহে।  ইন্টাৰনেটৰ ৮০ শতাংশ তথ্যৰ যাতায়ত ২০ শতাংশ জালস্থানলৈহে যায়। মুঠ নিৰ্মাণ হোৱা চিনেমাৰ ২০ শতাংশই চলচিত্ৰ উদ্যোগে উপাৰ্জন কৰা মুঠ ধনৰ ৮০ শতাংশ উপাৰ্জন কৰে। ইটালীয় অৰ্থনীতিবিদ ৱিলফ্ৰেডো পাৰেটো (Vilfredo Pareto)ৱে অধ্যয়ন কৰি পোৱা মতে, ১৯০৬ চনত ইটালীৰ ৮০ শতাংশ ভূমিৰ মালিকীস্বত্ব মুঠ জনসংখ্যাৰ ২০ শতাংশ লোকৰ হাতত আছিল। পাৰেটোৱে তেওঁৰ বাগিছাতো ২০ শতাংশ মটৰ মাহৰ চিৰাৰ পৰাই মুঠ উৎপাদিত মটৰ মাহৰ ৮০ শতাংশ উৎপাদিত হোৱাটো পৰ্যবেক্ষণ কৰিছিল। প্ৰথমতেই উল্লেখ কৰা (২০১০ চনত) আমেৰিকাৰ ২০ শতাংশ লোকৰ হাতত দেশৰ মুঠ সম্পদৰ ৮৯ শতাংশৰ অধিকাৰ থকাটো নাইবা ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ সিংহভাগ আৰু নীতি-নিৰ্ধাৰণৰ বাঘজৰী কেৱল এমুঠিমান লোকৰ হাতত থকাটো এই সূত্ৰৰ অচিলাত মুঠেও অস্বাভাৱিক নহয়। সম্পদ আৰু ক্ষমতাৰ বিতৰণ ‘প্ৰাকৃতিক ভাৱেই পক্ষপাতদুষ্ট’।
ঘাতাংক-সূত্ৰ নাইবা দীঘল নেজীয়া বিতৰণৰ নিয়ম অনুসৰি কোনো এটা প্ৰণালীৰ চূড়ান্ত পৰিঘটকবোৰে (সম্পদশালী ব্যক্তি, বৃহত্তম ৱেবছাইট, সৰ্বাধিক ব্যৱহৃত শব্দ) সেই প্ৰণালীৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰে, অইনবোৰৰ প্ৰভূত্বৰ মাত্ৰা অতি কম অন্তৰালতে সোঁ-সোঁৱাই কন্দৰিত হয়। বিশ্বৰ প্ৰথম দহজন সম্পদশালী ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ, তাৰ পিছৰ দহজনতকৈ কেইবাগুণে বেছি, দ্বিতীয় দহজনৰ মুঠ সম্পত্তি তৃতীয় দহজনতকৈ কেইবাগুণে বেছি, তৃতীয় দহজনৰো চতুৰ্থ দহজনৰ তুলনাত…..আৰু শেহৰ সকলৰ বাবে একেলগে দীঘলীয়া শাৰীপাতি মজিয়াত বহাৰ বাদে একো বাকীয়েই নাথাকেগৈ। ভাষাত শব্দৰ ব্যৱহাৰ নাইবা ৱেবছাইটৰ ক্ষেত্ৰতো পৰিস্থিতিটো একেই।
দৈনন্দিন জীৱনত আমি কি দেখোঁ? ধৰক, ভাৰতীয় মানুহৰ গড় উচ্চতা প্ৰায় ১৬৫ ছেন্টিমিটাৰ। বাটে-ঘাটে ঘপককৈ যিকোনো মানুহ এজনক ধৰি তেওঁৰ উচ্চতা জুখিলে, বেছি সংখ্যক লোকৰে উচ্চতা গড়মানৰ ওচৰে পাজৰে ওলাব। গড় মানতকৈ অতি বেছি বা অতি কম উচ্চতাৰ লোক পোৱাৰ সংখ্যা গড়মানৰ ওচৰ-পাজৰৰ উচ্চতাৰ লোকৰ সংখ্যাৰ তুলনাত (নাইবা তেনে ব্যক্তি পোৱাৰ সম্ভাৱনা) নিচেই তাকৰ। এটা অঞ্চলৰ লোক সকলৰ উচ্চতাৰ মাপবোৰ উচ্চতা বনাম সেই উচ্চতাৰ লোকৰ সংখ্যাৰ বাৰংবাৰতা লেখ হিচাপে আঁকিলে এটা ঘণ্টাকাৰ আকৃতি পোৱা যায় (পৰিসংখ্যা বিজ্ঞানত  গাউছীয় বিতৰণ বোলে)। এই ঘন্টাটোৰ শীৰ্ষ হৈছে নিৰীক্ষণটোৰ গড়মানত আৰু গড়মানৰ পৰা যিমানে আঁতৰি যোৱা যায়, তেনে নিৰীক্ষ (অতি বেছি বা অতি কম উচ্চতাৰ ব্যক্তি) পোৱাৰ সম্ভাৱনা কমি যোৱা  সূচায় (ঘন্টাৰ শীৰ্ষৰ পৰা আঁতৰলৈ বক্ৰীয়ভাৱে বৃত্তাকাৰ পৰিসীমাৰ সমতললৈ নামি যায়)। কেৱল মানুহৰ উচ্চতাৰ ক্ষেত্ৰতে নহয়, ৰাজপথত চলাচল কৰা গাড়ীৰ দ্ৰুতি, কাৰ্যালয়লৈ যোৱা মানুহৰ কামলৈ ওলোৱাৰ সময়, মানুহে দিনটোত খোৱাবোৱা কৰাৰ পৰিমাণ, একে পৰিবেশৰ একেজাতৰ সমবয়সীয়া নিগনিৰ ভৰ, একেজাতৰ সমবয়সী গছৰ উচ্চতা, …. অনেকবোৰ নিৰীক্ষণেই একোটা গড়মান আৰু গড়মান সাপেক্ষে বিস্তাৰ (ধৰক, গাউছীয় বিতৰণ ঘণ্টাটোৰ বেধ)ৰ উল্লেখেৰে একোটা বিতৰণ বিধিৰে বাখ্যা কৰিব পাৰি।
সম্পদ আৰু ক্ষমতাৰ দীঘল নেজীয়া বিতৰণে দৈনন্দিন জীৱনত দেখি থকা গড়মান সাপেক্ষ বিতৰণ বিধি মানি নচলে। এই বিতৰণ কোনো গড়মান সাপেক্ষে (ঘন্টাৰ শীৰ্ষৰ দৰে) থূপ খাই দুয়োদিশে সমানে বিস্তাৰিত নহয়। একেদৰে, সাধাৰণতে হৈ থকা শ শ সৰুসুৰা ভূমিকম্পৰ (বিশ্বাস কৰক বা নকৰক গোটেই পৃথিৱীত দৈনিক কেইবাশও ভূমিকম্প হয়, বেছিভাগেই অৱশ্যে সাগৰত) সমূহীয়া প্ৰভাৱতকৈ  এটা অতি উচ্চ প্ৰাৱল্যৰ (চুনামী সৃষ্টি কৰিব পৰা) ভূমিকম্পৰ প্ৰভাৱ বহুগুণে বেছি। সৌৰপৃষ্ঠৰ পৰা উদ্গীৰিত একোটা বৃহৎ সৌৰপ্ৰভা, দৈনিক হৈ থকা অগণন সৰু সৰু সৌৰপ্ৰভাতকৈ বেছি প্ৰভাৱ বিস্তাৰী। একেই কথা, চন্দ্ৰ কলংকৰ আকাৰৰ পৰা, বিজ্ঞান সাহিত্যৰ প্ৰসংগপঞ্জীত উদ্ধৃতিৰ সংখ্যাৰ পৰা নগৰ-চহৰৰ জনসংখ্যালৈকে।
দীঘল নেজীয়া বিতৰণ বিধিৰ প্ৰণালীবোৰত ‘গড়মান’ৰ ধাৰণাটো চূড়ান্ত অবান্তৰ, কাৰণ এইটোৱে একো নুসূচাই। গাণিতিকভাৱে এনে প্ৰণালীৰ গড়মান সু-সংজ্ঞাবদ্ধই নহয় (অপসাৰী)। তথাপি জনমূৰি ‘গড়’ সম্পদ নাইবা দেশৰ জনমূৰি ‘গড়’ আয় দেশৰ প্ৰগতিৰ সূচক বোলা ধাপ্পাবাজ ধাৰণাটো চলিয়েই আছে। সম্পদ বা আয়ৰ তথাকথিত গড় মানে দেশৰ জনসাধাৰণ কোন কিমান সম্পদশালী নাইবা সম্বলহীন সেইটো সূচাব নোৱাৰাততো নোৱাৰেই, সামগ্ৰিক অৱস্থাটোৰ বিষয়েও আচলতে কোনো ছবি দাঙি নধৰে। চকুত ধূলি দিয়াৰ বাহিৰে।
দেশৰ প্ৰগতিৰ সূচক হিচাপে ব্যৱহৃত ৰাশি এটাৰ বিষয়ে কিছু তথ্যৰ আলোচনাৰে, স্বাধীনভাৱে নকৈ কিছু কথা চিন্তা কৰাৰ খোৰাক লৈ, দেশৰ ৬৭তম স্বাধীনতা দিৱসৰ দিনা জনগণৰ আজি আৰু কাইলৈৰ বাবে তেওঁলোকৰ “আজি”বোৰক বিসৰ্জন দিয়া সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

20 thoughts on “সম্পাদকীয় (ভগৎ লাল দত্ত)

  • August 15, 2013 at 10:14 pm
    Permalink

    সাহিত্য ডট অৰ্গত এতিয়ালৈকে পঢ়া শ্ৰেষ্ঠ সম্পাদকীয় । অলপ অচৰ সাল-সলনি কৰি লেখাটো কোনোবা আগশাৰীৰ আলোচনীত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে ।

    Reply
  • August 16, 2013 at 8:16 am
    Permalink

    দীঘল নেজীয়া বিতৰণ বিধিৰ পৰা আৰম্ভ কৰি সকলোতকৈ বহুল ব্যৱহৃত অসমীয়া শব্দৰ পৰা ভাৰতৰ স্বাধীনতা দিৱসলৈকে – এয়া আছিল এক ‘এক্সক্লুছিভ’ সম্পাদকীয় বাৰ্তা। কি পৰিস্থিতিত পৰি আপুনি এই সম্পাদকীয় লিখিব লগা হ’ল সেয়া নকল’ৱেই যেনিবা ।

    Reply
  • August 16, 2013 at 5:19 pm
    Permalink

    তথ্যগধুৰ সম্পাদকীয়। বহু নজনা কথা জানিলো। সম্পাদক ডাঙৰীয়ালৈ অশেষ ধন্যবাদ।

    Reply
  • August 16, 2013 at 5:19 pm
    Permalink

    ব্যতিক্রমি সুন্দৰ সম্পাদকীয় ভাল লাগিল……keep it up Bhagat Lal daa

    Reply
  • August 16, 2013 at 5:32 pm
    Permalink

    পৰিসংখ্যা বিজ্ঞানৰ ভিত্তিত সাধাৰণ পঢ়ুৱৈৰ বাবে লেখা এনে লিখনি প্ৰথম পঢ়িলো৷ প্ৰথমতে একো তলা-নলা পোৱা নাছিলো কিনো ক’ব বিচৰা হৈছে৷ সাধাৰণ ৰাইজে সহজে হজম কৰিবলৈ অলপ অসুবিধা হব পাৰে৷
    অতি উন্নত মানৰ লেখা৷

    Reply
  • August 16, 2013 at 6:00 pm
    Permalink

    জনতাক শিক্ষিত কৰে এনে ধৰণৰ লেখাসমূহেই। উক্ত তথ্যবোৰ আৰু সেইবোৰৰ উপযুক্ত বিশ্লেষণ প্ৰণালী– যিবোৰে প্ৰকৃত বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে সেইবোৰৰ সম্পৰ্কে ৰাজনৈতিক নেতা তথা বিশ্লেষকসকলে স্ব-স্বাৰ্থৰ খাটিৰত প্ৰকাশ নকৰি জনসাধাৰণক আভুৱা ভাঁৰিব পৰা বক্তব্য আগবঢ়াই থাকে। বহু সময়ত এনেধৰণৰ বিশ্লেষণ সহজবোধ্য নোহোৱাটোকে আহিলা হিচাপে লৈ, লেখকে কোৱাৰ দৰে তেওঁলোকে “ধাপ্পাবাজ ধাৰণাবোৰ” প্ৰচাৰ চলাই থাকিবলৈ সক্ষম হয়। সেয়েহে এইধৰণৰ সকলোশ্ৰেণীৰ পাঠকক উদ্দেশ্যি লেখা প্ৰবন্ধবোৰৰ জড়িয়তে বিষয়-বস্তুবোৰৰ সম্পৰ্কে ৰাইজক সজাগ কৰা সহজসাধ্য হয়। এটা সুন্দৰ প্ৰবন্ধ উপহাৰ দিয়া বাবে এই সংখ্যাৰ সম্পাদক ভগৎ লাল দত্ত ডাঙৰীয়াক ধন্যবাদ জনালোঁ।

    Reply
  • August 16, 2013 at 6:15 pm
    Permalink

    A magnificent write-up. Thanks so much Bhagat Da, for giving us such a superb pool of thoughts which is so rare these days. What touched me is the line “সম্পদ আৰু ক্ষমতাৰ বিতৰণ ‘প্ৰাকৃতিক ভাৱেই পক্ষপাতদুষ্ট’।”
    Sincerely,
    Partha

    Reply
  • August 16, 2013 at 6:48 pm
    Permalink

    ভাল পালো ককাইদেউ ৷ মোৰ মতে পৰিসংখ্যাৰ কাৰাজিয়ে সমস্যাক নতুন দিশলৈ লৈ যোৱাৰ প্ৰৱণতা অতি ভয়ংকৰ ৷নতুন চিন্তাৰে আগবঢ়োৱা লেখাটোৱে মোক চিন্তাৰ অন্য পথ দেখুৱাইছে ৷ ভাল অধ্যয়নৰ জড়িয়তে সমাজখনক নতুন পথ দেখুৱাৰ দ্বায়িত্ব আমাৰ ৷আপোনাৰ কলমৰ পৰা এনে লিখনিৰ আশা কৰিলো ৷

    Reply
  • August 16, 2013 at 8:15 pm
    Permalink

    ভাল লাগিল

    Reply
  • August 16, 2013 at 11:42 pm
    Permalink

    পঢ়ি ভাল লগায় নহয় , বিশ্লেষণ প্ৰণালীত অভিভূত হ’লো । এনে ধৰণৰ লিখনি পাই থাকিলে আপোনাৰ লিখনি
    পাই থাকিবলৈ আপোনাক মাজে মাজে আমনি কৰি থাকিলে বেয়া পাব নেকি? আশা কৰিছো আমাক এনেধৰণৰ
    তথ্যপূৰ্ণ লিখনিৰে সোৱাদ দি থাকিব ।

    Reply
  • August 17, 2013 at 12:52 am
    Permalink

    প্ৰশংসনীয় সম্পাদকীয়..পঢ়ি বহুত ভাল লাগিল।.ধন্যবাদ ভগৎ দা।

    Reply
  • August 17, 2013 at 7:16 pm
    Permalink

    তত্ত্বগত ধাৰণাসমুহ আৰু বাস্তৱ পৰিস্থিতিৰ মাজত সম্পৰ্ক অতি মনোগ্ৰাহী হৈছে আপোনাৰ সম্পাদকীয়টোত।

    Reply
  • August 18, 2013 at 2:53 pm
    Permalink

    Was never good with numbers…sorry but cudnt finish it. Numbers scare me…

    Reply
  • August 19, 2013 at 11:57 am
    Permalink

    এটি অতি উচ্চমানৰ সম্পাদকীয়। প্ৰথমাৱস্থাত অলপ দুৰ্বোধ্য যেন লাগিলেও সকলোৱে লেখাটো পঢ়া উচিত। তথ্যগধুৰ আৰু ব্যতিক্ৰমী সম্পাদকীয়টোৰ বাবে ভগৎ লাল দত্তলৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ।

    Reply
  • August 19, 2013 at 12:03 pm
    Permalink

    কেতিয়াও ক’তো আলোচনা নোহোৱা বহু কথাকেই সম্পাদকীয়টোৰ মাজেৰে কম কথাত উল্লেখ কৰিছে৷ কথাখিনিয়ে পাঠকক নতুন চিন্তাৰ বাট কাটি দিছে৷ ভৱিষ্যতলৈ সম্পাদকৰ পৰা এনে লেখা আশা কৰিলোঁ৷

    Reply
  • August 19, 2013 at 5:16 pm
    Permalink

    “‘গড়’ সম্পদ নাইবা দেশৰ জনমূৰি ‘গড়’ আয় দেশৰ প্ৰগতিৰ সূচক বোলা ধাপ্পাবাজ ধাৰণাটো চলিয়েই আছে। সম্পদ বা আয়ৰ তথাকথিত গড় মানে দেশৰ জনসাধাৰণ কোন কিমান সম্পদশালী নাইবা সম্বলহীন সেইটো সূচাব নোৱাৰাতটো নোৱাৰেই, সামগ্ৰিক অৱস্থাটোৰ বিষয়েও আচলতে কোনো ছবি দাঙি নধৰে। চকুত ধূলি দিয়াৰ বাহিৰে।” পৰিসাংখ্যিক পদাৰ্থবিজ্ঞান লগাই দিলেacivation energyপাবলৈ বহুত দূৰ ৷ আমি আকৌ স্ফটিকীয় অধ্যয়নত (crystallography) এইবোৰক বেকগ্ৰাওণ্ড বুলি বিয়োগহে কৰো ৷ ২২ টকা, ২৭টকা, ৩২ টকা এইবিলাক বেকগ্ৰাওণ্ডহে ৷ ভাল এসেকা দিছে দেই ৷

    Reply
  • August 20, 2013 at 4:17 pm
    Permalink

    এক কথাত সুন্দৰ বিশ্লেষণ৷ চৰকাৰী তথ্যৰ চমকৰ স্বৰূপ উদঙাই দিয়াৰ এই ঈৰ্ষণীয় কৌশলৰ আঁৰত থকা সম্পাদকৰ গভীৰ অধ্যয়নে মুগ্ধ কৰিছে৷ এই বিষয়টিক কেন্দ্ৰ কৰি অধিক বিস্তৃত আলোচনা আশা কৰিলোঁ৷

    Reply
  • August 21, 2013 at 12:17 am
    Permalink

    চিন্তাসমৃদ্ধ সম্পাদকীয়। পঢ়ি বহুত ভাল লাগিল। আনক পঢ়িবলৈ দিলো।

    Reply
  • August 22, 2013 at 3:08 pm
    Permalink

    লেখাটো পঢ়ি মুগ্ধ হ’লো, যিকোনো অনলাইন আলোচনীৰ এতিয়ালৈকে ম‍ই পঢ়া সকলোতকৈ সুন্দৰ সম্পাদকীয়|

    Reply
  • September 19, 2013 at 2:16 pm
    Permalink

    মোৰ কিছু খোকোজা থাকিল।কাৰণ ইয়াত অৰ্থনীতিৰ পুজিবাদী ধাৰণাটো দেখুওৱা হৈছে।আপুনি কৈছে যে–উল্লেখ কৰা (২০১০ চনত) আমেৰিকাৰ ২০ শতাংশ লোকৰ হাতত দেশৰ মুঠ সম্পদৰ ৮৯ শতাংশৰ অধিকাৰ থকাটো নাইবা ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ সিংহভাগ আৰু নীতি-নিৰ্ধাৰণৰ বাঘজৰী কেৱল এমুঠিমান লোকৰ হাতত থকাটো এই সূত্ৰৰ অচিলাত মুঠেও অস্বাভাৱিক নহয়। সম্পদ আৰু ক্ষমতাৰ বিতৰণ ‘প্ৰাকৃতিক ভাৱেই পক্ষপাতদুষ্ট’।….এয়া একপক্ষীয় বিশ্লেষন যেন লাগিল।সমাজবাদী অৰ্থনীতিয়ে এই সংজ্ঞা নিশ্চয় দাঙি নধৰে।ৰাষ্ট্ৰৰ নিয়ন্ত্ৰনত প্ৰত্যক্ষ উত্পাদন অৰ্থাত্ উত্পাদনৰ আহিলা বা উপায়বোৰ প্ৰত্যক্ষভাবে ৰাষ্ট্ৰৰ মালিকানাধীন হলে সেই উত্পাদনৰ ফল গৰিষ্ঠসংখ্যকৰ হাতলৈ যায়।তেতিয়া দেশৰ মুঠ সম্পদৰ সৰহভাগ এমুঠি লোকৰ হাতলৈ যোৱা প্ৰশ্ন নাহে। আদিম সাম্যবাদী সমাজতো উত্পাদনৰ ফল সমূদায় মানব গোটটোৱেই সমানে ভোগ কৰিছিল।সমূহিয়া উত্পাদন সমূহিয়া ভোগ।কিন্তু পুজিবাদী ব্যৱস্থাত উত্পাদনৰ সমূহ উপায় মুষ্টিমেয় ব্যক্তিৰ মালিকাধীন।ফলত সম্পদ আৰু ক্ষমতা পক্ষপাতদুষ্ট।অপুজিবাদী বিকাশ সম্পৰ্কত মাও ছে তুঙে ও তেনেকৈ কৈছিল।কিতাপবোৰ মোৰ হাতত নাই।ইয়াতকৈ বহুল বাখ্যা কৰিবলৈ মই অপাৰগ।এটা কথা ঠিক অপুজিবাদী বিকাশৰ সমাজবাদী ধাৰাই কিন্তু বিতৰনৰ সূত্ৰ অন্যভাবে দিয়ে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!