সম্পাদকীয় (ৰূপাংকৰ চৌধুৰী)

দৃশ্য ১:

স্থান: গোপাল বড়ো হাইস্কুল খেল পথাৰ

সময়: নিশা ১০ বাজি ৩০ মিনিট,

: আব্বে কি ড্ৰামা চালোঁ ৰে আজি! তামাম ফাইটিং।

: ও। আৰু যে নাচি নাচি দৰ্শকৰ মাজলৈ সোমাই আহে! মজা হৈছে।

: এইখন নাটকে এইবাৰ ফালি দিব। ‘চুপাৰহিট’।

: ও চন।

৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

দৃশ্য ২:

স্থান: গোপাল বড়ো হাইস্কুল খেল পথাৰ

সময়: নিশা ১০ বাজি ৩০ মিনিট,

: টকাখিনি পানীত পেলালোঁ।

: হয় হে। নাটকৰ নামত যেন চিত্ৰহাৰ হে চালোঁ।

: মৌলিকতা বোলা বস্তু নাই। কাহিনীৰ নামত চাউথৰ চিনেমা দুই-তিনিখন মিলাই মা-মছলা ভৰাই দিয়া যেন লাগিল।

: কাণত ধৰিছোঁ অহাবাৰৰ পৰা এই ‘জাবৰ’ নাটকবোৰ চাই সময় নষ্ট কৰাতকৈ ধাবাত গৈ ভালকৈ খাই আহিম।

৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

একেই স্থান। একেখন নাটক। কাৰোবাৰ বাবে ‘চুপাৰ হিট’ আন কাৰোবাৰ বাবে ‘জাবৰ’। বাস্তৱ এয়াই। এইখিনিতে কথাটো আহি যাব- ভ্ৰাম্যমান থিয়েটাৰ কোন দিশে? আমাৰ মাজৰে কিছুমানে ‘জাবৰ’ বুলি সমালোচনা কৰা গণমাধ্যমটোৰ কোনোবাখন নাটক আন কিছুমানৰ বাবে ‘চুপাৰ হিট’। দোধোৰ-মোধোৰ অৱস্থা। কাক এৰি কাক ধৰিব? কাৰ কথা মনত ৰাখি নাটক ৰচনা কৰিব? কাৰ কথা মনত ৰাখি দৃশ্য-সজ্জা কৰিব? কোন-কোন শিল্পীৰ লগত চুক্তিবদ্ধ হ’ব? ব্যৱসায়ৰ কথা আছে। নিবনুৱাক সংস্থাপিত কৰাৰ কথা আছে। সৃষ্টিৰ স্বাৰ্থত কাৰো পেটত গামোচা বান্ধিব নোৱাৰি। আজি ‘জাবৰ’ বুলি কৈ কাইলৈৰ পৰা নাটক নাচাওঁ বুলি কোৱাখিনিৰ সংখ্যা তেনেই তাকৰ। ‘চুপাৰ হিট’ বুলি কৈ প্ৰশংসা কৰা খিনিয়েহে ভ্ৰাম্যমানৰ ব্যৱসায় চলাই নিব। যি হয় দেখা যাব। এনেকৈয়েই চলি আছে, চলি থাকক।

হয়। এনেকৈয়েই চলি আছে ভ্ৰাম্যমান থিয়েটাৰ। আমাৰ মৰমৰ ভ্ৰাম্যমান। লগতে হেৰুৱাই আছে প্ৰত্যেক বছৰে সংখ্যাত তাকৰ কিন্তু সঁচা অৰ্থত নাট বলিয়া এচামক। হেৰুৱাই আছে সচেতন দৰ্শক যিয়ে হয়টো পেটত গামোচা বান্ধিব লগাকৈ দুৰ্বল কৰি পেলালে হয় এই মাধ্যমটোক! লগে লগে সৃষ্টি কৰি গৈছে এচাম দৰ্শক (?) যিসকলে হয়তো বছৰে লাখ-লাখ টকাৰে ‘গ্লেমাৰ-শিল্পী’ কিনিব পৰাকৈ ধনী কৰি গৈছে ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠীক! এয়াই জানো উদ্দেশ্য আছিল নাট প্ৰচাৰক এক পেছাদাৰী মাত্ৰা দিবলৈ সাহস কৰা অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাৰ? এয়াই জানো আছিল উদ্দেশ্য ভ্ৰাম্যমানৰ পিতামহ অচ্যুত লহকৰৰ যিয়ে ব্ৰজনাথ শৰ্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈ মাধ্যমটোক আৰু এখোপ ওপৰলৈ লৈ গৈ এক ব্যতিক্ৰমী চিন্তাৰ ফলত জন্ম দিছিল – ‘ভ্ৰাম্যমান থিয়েটাৰ’?

নহয়। মুঠেই নহয়। সেয়া হোৱা হ’লে সৌ সিদিনালৈ মানে আজিৰ পৰা প্ৰায় ১০-১৫ বছৰ আগলৈ দেখি থকা পৰিৱেশৰ হঠাৎ পৰিবৰ্তন নহ’ল হয়। আমিও মানি লওঁ পৰিবৰ্তন অৱশ্যম্ভাৱী। কিন্তু সেই পৰিবৰ্তনে আদৰি আনক সুস্থ সামাজিক বাৰ্তা। ভ্ৰাম্যমানৰ পৰিবৰ্তন জন্মৰ পিছৰে পৰা হৈছিল। ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰ দেৱ। তেখেতেই বিভিন্ন সময়ত পৰীক্ষা-নিৰীক্ষা কৰিছিল ভ্ৰাম্যমানৰ বিভিন্ন দিশ সাঙুৰি। কিন্তু সেয়া কৰিছিল দৰ্শকক সুস্থ মনোৰঞ্জন দিয়াৰ মুখ্য উদ্দেশ্যৰ পৰা আঁতৰি নোযোৱাকৈ। সেয়া কৰিছিল মাধ্যমটোক আৰু অধিক মৌলিকতা প্ৰদান কৰাৰ স্বাৰ্থত। পিছৰ সময়খিনিত বহুকেইজন নাট্যকাৰে পৰীক্ষামূলক পৰিবৰ্তন কৰিছিল- চিনাকি কৰাই দিছিল আমাৰ গাঁৱে-ভূঞে, চহৰে-নগৰে বিভিন্ন শ্ৰেণীৰ দৰ্শকৰ লগত বিশ্ব-সাহিত্যৰ বহুতো কালজয়ী সৃষ্টিক (জুলিয়াছ ছিজাৰ, মেকবেথ, হেমলেট, অথেলো, কিংলিয়েৰ আদি)। দৰ্শকৰ কাষলৈ লৈ যাবলৈ সাহস কৰিছিল আমাৰ ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ কিছুমান অমৰ সৃষ্টিক (মহাভাৰত,ৰামায়ণ আদি)। গুৰুজী আদ্য শৰ্মাৰ মাৰ্গদৰ্শনত কলা-নিৰ্দেশনাৰ দিশতো পৰিবৰ্তনৰ ধাৰা অটুট ৰাখি আমাৰ সমুখত জীৱন্তে তুলি ধৰিবলৈ সাহসী পদক্ষেপ হাতত লৈছিল আমাৰ অতিকে মৰমৰ আৰু চিনাকি সৃষ্টি ( অসীমত যাৰ হেৰাল সীমা, অনুৰাধাৰ দেশ, আদি)। দৰ্শকৰ বিপুল সঁহাৰি তেতিয়াও পাইছিল- গেলাৰীৰ পৰা প্ৰথম শাৰীৰ দৰ্শকলৈ সকলোৱে হৃদয়ৰ মাজত স্থান দিছিল এই সৃষ্টি সমূহক। নাট্যকাৰ সকল সফল হৈছিল নিজৰ মৌলিক নাট সমূহৰ লগতে এচাম সচেতন দৰ্শক সৃষ্টি কৰাত। সফল হৈছিল সমাজৰ মাজত এক সজাগতাৰ সৃষ্টি কৰিবলৈ। দৈনন্দিন জীৱনত দেখি থকা কথা সমূহকেই বেলেগ ধৰণে চাবলৈ আৰু ভাবিবলৈ বাধ্য কৰাইছিল সেই সকল নাট্যকাৰে।

মিডিয়া আৰু নাটক। দুয়োটাই আটাইতকৈ শক্তিশালী গণমাধ্যম যাৰ দ্বাৰা আমি সমাজৰ চিন্তাধাৰাক পৰিচালিত কৰিব পাৰোঁ। এই মাধ্যম দুয়োটাৰে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আমি কি কি যে কৰিব নোৱাৰিম! এক কৰ্মঠ,জ্ঞানী, পাকৈত নৱ প্ৰজন্মৰ সৃষ্টিৰ স্বাৰ্থত এই দুয়োটা মাধ্যমৰে উচিত ব্যৱহাৰ আমাৰ সকলোৰে কাম্য। উদ্দাত্ত ভাষণ দি ৰাজপথ কঁপাই বা হকে-বিহকে বন্ধ-সংস্কৃতিৰ দ্বাৰা জাতিটোক আৰ্থ-সামাজিকভাবে অধোগামী কৰা সেই সকলো মুধাফুটা ব্যক্তি আৰু সংগঠনৰ মূৰত ৰাম-টাঙোন দিবৰ বাবে ইয়াতকৈ আৰু উচিত ব্যৱস্থা কি থাকিব পাৰে?

বহুতো প্ৰযোজক গোষ্ঠীয়ে সততে দিয়া অভিযোগ- ‘দৰ্শকে যেনেকুৱা নাট বিচাৰে আমি তেনেকুৱাই নাট ৰচনা কৰিবলৈ নাট্যকাৰক অনুৰোধ কৰিবলৈ বাধ্য। আমাৰ ব্যৱসায়ৰ কথা আছে। প্ৰায় ১০০-১২০জন ব্যক্তি বিভিন্ন প্ৰকাৰে জড়িত হৈ থাকে একোখন থিয়েটাৰৰ লগত। দৰ্শক নাহিলে আমাৰ থিয়েটাৰ নচলিব। শিল্পীক মাননি কেনেকৈ দিম?’ ঘপককৈ চাবলৈ গলে কথাখিনি একেআষাৰে পেলাই দিব নোৱাৰি। কিন্তু সেয়াই শেষ সত্য নহয়। দৰ্শক সৃষ্টি কৰিব লাগিব তেওঁলোকে। আজিৰ ‘চমক’ দিয়া নাটবোৰ চোৱা দৰ্শকো তেওঁলোকেই সৃষ্টি কৰিছিল যিদৰে। এক জৰীপ কৰক সকলোৱে মিলি- সমগ্ৰ অসমৰ নাট প্ৰচলিত অঞ্চল সমূহত। ভুৱা-প্ৰচাৰ বন্ধ কৰক। আহ্বায়ক কমিটিৰ কথাত ভোল গৈ নাটকৰ নামত কিছুমান মৌলিকতা হীন ‘মাৰ্কামাৰা’ কাহিনীৰ দ্বাৰা ভ্ৰাম্যমানৰ অমৰ সৃষ্টি সমূহক তল পেলোৱাৰ বৃথা চেষ্টাৰ পৰা নিজকে মুক্ত কৰক প্ৰযোজক সকলে। এতিয়া যদি ইয়াৰ উত্তৰত তেওঁলোকে কয় যে নাট্যকাৰৰ অভাৱ তেন্তে সেয়া মানি ল’বলৈ আমি টান পাম। এতিয়াও অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বহুতো অপেচাদাৰী নাট্যগোষ্ঠীৰ বহুতো মৌলিক সৃষ্টি চলিয়েই আছে নিৰলস ভাবে। সেইসকলক ভ্ৰাম্যমানৰ লগত জড়িত কৰক। নাট ৰচনাৰ দ্বাৰা অৰ্থ উপাৰ্জনৰ লগতে নাট্য-সাহিত্যৰ ভাণ্ডাৰ চহকী কৰিবলৈ উৎসাহিত কৰিব লাগিব প্ৰযোজক সকলে নাট্যকাৰ সকলক। উদীয়মান নাট্যকাৰক বিচাৰি উলিয়াব লাগিব। একেদিনাই এয়া সম্ভৱ নহয়। কিন্তু সস্তীয়া জনপ্ৰিয়তাৰ পৰা নিজকে মুক্ত কৰিবলৈ এক প্ৰচেষ্টা হাতত ল’ব লাগিব।

প্ৰচেষ্টা আমি সকলোৱে ল’ব লাগিব ভ্ৰাম্যমানৰ লগতে যাত্ৰাপাৰ্টি, পুতলা নাচ, ঢুলীয়া পাৰ্টি, ওজাপালিৰ দৰে আমাৰ সমাজ ব্যৱস্থাৰ লগত জড়িত আন আন গণমাধ্যম সমূহক সক্ৰিয় কৰি তুলিবলৈ। ন-ন ৰূপত সেই সমূহৰ নিজস্বতা হেৰাই নোযোৱাকৈ নৱ-প্ৰজন্মৰ মন গহনত সুমুৱাই দিব লাগিব। সকলো কথাতেই চৰকাৰক কাবৌ কৰি থকাতকৈ আমাৰ নিজৰ বলত যিমান পাৰোঁ এই সমূহ গণ-মাধ্যমক জীয়াই ৰাখিব লাগিব। উৎসাহিত কৰিব লাগিব সেই সমূহ শিল্পীক যিসকলৰ পৰিয়াল চলি আছে এইবোৰ কলা-মাধ্যমৰ দ্বাৰা। ঘৰুৱা আৰু সামাজিক অনুষ্ঠানত তেওঁলোকক নিমন্ত্ৰণ জনাই উচিত মাননি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আমি। ‘শিল্পী সাহায্য ন্যাস’ জাতীয় প্ৰচেষ্টা চৰকাৰৰ প্ৰত্যক্ষ সহযোগত গঠন কৰা অত্যন্তই প্ৰয়োজন যাতে সকলোকে মনোৰঞ্জন দি ফুৰা শিল্পীসকলৰ বিপদৰ সময়ত আলৈ-আথানি নহয়।

শেৱালি ফুলা শাৰদীয় বতৰত সাহিত্য ডট অৰ্গৰ এইবাৰৰ মুখ্য বিষয় – ভ্ৰাম্যমান থিয়েটাৰ। অসমীয়াৰ বুকুৰ আপোন, সমগ্ৰ বিশ্বতেই যাৰ এক সুকীয়া পৰিচয় আছে। এই মাহতেই ভ্ৰাম্যমান থিয়েটাৰে স্বৰ্ণ-জয়ন্তীত ভৰি দিলে। আমাৰ সকলোৰে কাম্য ভ্ৰাম্যমান থিয়েটাৰৰ জয়যাত্ৰা বাধাহীন ভাৱে বৰ্তি থাকক। পৰিস্থিতিত বাধ্য হৈ কৰা ভুল সমূহ শুধৰাই আগুৱাই যাওক ভ্ৰাম্যমান। দৰ্শকৰ লগত প্ৰত্যক্ষভাৱে জড়িত মনোৰঞ্জনধৰ্মী এই গণমাধ্যমটো নিজৰ লক্ষ্যৰ পৰা বিচলিত নহওক। পুৰণি গুণ-গৰিমাৰ পৰা শিকক আৰু পুৰণি ভুলৰ পৰাও শিকক। জুয়ে পোৰা সোণৰ দৰেই জিলিকি উঠক।

এইবাৰৰ সংখ্যাটোৰ মুখ্য বিষয়ৰ লগত সংগতি ৰাখি ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰদেৱকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ মনৰ কথাৰে সাক্ষাৎকাৰ শিতানটো সজাই তোলা হৈছে। তেওঁলোকৰ লগতে বিশিষ্ট সাহিত্যিক, নাট্যকাৰ ড° বসন্ত কুমাৰ ভট্টাচাৰ্য দেৱে মুখ্য বিষয়ৰ লগত মিল থকা তেখেতৰ পুৰণি প্ৰবন্ধ এটি প্ৰকাশৰ বাবে অনুমতি দিছে। এই আপাহতে তেওঁলোক আটাইকে আন্তৰিক ধন্যবাদ যাচিলোঁ। অচ্যুত লহকৰদেৱৰ সাক্ষাৎগ্ৰহণকাৰী মাননীয় অনন্ত মোহন শৰ্মা দেৱে সাক্ষাৎকাৰটো প্ৰকাশৰ বাবে অনুমতি দিয়া বাবে তেখেতক ধন্যবাদ যাচিলোঁ।

সংখ্যাটো সজাই-পৰাই ৰাইজৰ সমুখত নিবেদন কৰাৰ এই প্ৰচেষ্টাত সহায়ৰ হাত আগবঢ়োৱা আটাইকে আন্তৰিক ধন্যবাদ। আগন্তুক শাৰদীয় উৎসৱৰ হিয়াভৰা ওলগ জনালোঁ আপোনালোক সকলোকে।

 

ইতি,

ৰূপাংকৰ চৌধুৰী

২৭ আহিন, ১৯৩৭ শকাব্দ

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

শক্তিশালী বিষয়বস্তু,সুন্দৰ সংখ্যা৷ চিন্তাকৰ্ষক সম্পাদকীয়৷ সম্পাদকলৈ অভিনন্দন৷

Anonymous
5 years ago

Comment text..সময়োপযোগী লিখনি ৷