এইবেলি শৰতত কহুৱা হৈ হাঁহিব মোৰ আই (- মানস প্রতিম দত্ত )

 

 

সূর্যৰ জোলোঙাৰে মৃত শিল এটাৰ বোকোচাত উঠি
তই আহিবি
আইতাৰ সাধুকথাৰ জোলোঙাটোত
অলপ বসন্ত ঢালিবি
বানৰ উশাহত জীৱন সলোৱা মোৰ গাঁওখন পাৰ হৈ
মোৰ কাষলৈ এপাহ খৰিকাজাঁই হৈ নামিবি
কওঁ বুলিয়েই এনেকৈ জানো ক’ব পাৰি
চকুলোৰ কোলাত সপোন আওৰোৱা
মোৰ আইৰ কথা।

eibeli xaratot kohuwa hoi _manash pratim
আইৰ কথা মানেই
মোৰ কথা
মোৰ গাঁও, মোৰ দেশৰ কথা।
তই হয়তো সকলো জান
বিষাদৰ পাতত গঢ়া
জুই আৰু ভোকৰ জন্মগাঁথা
আইৰ নিচুকনিত উমলিব নোখোজা
মোৰ চকুলোৰ মৌন উশাহ।
যোৱাবেলিৰেপৰা কাজিৰঙা বাইদেউৰ ভীষণ দুখ
শোকৰ তৰাপাতত উমলাই জামলাই ডাঙৰ-দীঘল কৰিব খোজে
ভাগিন ‘গঁড় কেইটাক’।
মাজে মাজে বাইদেৱে উচুপে
কিজানিবা কোনোবা নৰপিশাচৰ বুলেটৰ দাগত
উদং হৈ পৰে দুখুনী বাইৰ কোলা।
মই বাইক বুজাওঁ
বায়ে নুবুজে
আইক বুজাওঁ
আইয়ে নুবুজে
তথাপিও মাজনিশাৰ কুঁৱলীৰ সপোন ভাঙি
ৰিক্ত মনটোৱে বাৰে বাৰে কৈ যায় –
এইবেলি শৰতত কহুৱা হৈ হাঁহিব
মোৰ আই
মোৰ পিতাই
মোৰ বাই
মোৰ ভাই।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments