একুঁকি অণুগল্প

ভাগ্য
-নীলাক্ষি দেৱী ডেকা

মানুহগৰাকীয়ে একমাত্ৰ পুতেকৰ বন্ধোৱা ছবিখনৰ আগত জ্বলি থকা চাকিগছৰ শলিতাদাল অলপ আগবঢ়াই দিলে৷ এতিয়াৰ পৰা তেওঁ গাঁৱৰ ঘৰটোত অকলে থাকিব নালাগে কেতিয়াও, বোৱাৰীয়েক আৰু অকণমানি নাতিনীজনীও থাকিব লগত৷

******

প্ৰাপ্তি
-নীলাক্ষী দেৱী ডেকা

ঘৰখনৰ নৱতম আৰু তৃতীয়জন সদস্য মুগাবৰণীয়া কুকুৰ পোৱালিটোৱে সৰু সৰু খেলনা আৰু কোমল তোচক, গাৰুৰে সজোৱা বেতৰ দোলনাখনত আনন্দতে কুঁ কুঁৱাবলৈ ধৰিলে৷ বহুবছৰৰ আগতেই যতনাই থোৱা বিছনাখন আজি প্ৰথম ব্যৱহাৰ হ’ল৷

******

দগা
-উত্পল জোনাক হাজৰিকা

’পঢ়া-শুনা, চাকৰি সকলো থকাৰ পাছতো ছোৱালীজনীক আপুনি অপচন্দ কিয় কৰে? ’ সাধকজনে মানুহগৰাকীলৈ তীক্ষ্ণ দৃষ্টিৰে চালে, ’আপোনাৰ ল’ৰাই তাইক মন্দিৰত বিয়াও কৰিছে তথাপি আপুনি সিহঁতক বেলেগ হোৱাটো বিচাৰে? ’ অলপো অপ্ৰস্তুত নহৈ মানুহগৰাকীয়ে তেওঁৰ লগত অহা ছোৱালীজনীলৈ আঙুলিয়ালে, ’এইক বোৱাৰী কৰিম বুলি মই তাইৰ প্ৰয়াত মাক-দেউতাকক কথা দিছিলো৷

******
দোলক
-উত্পল জোনাক হাজৰিকা

“যাওকগৈ৷ অহা মাহত মই গৈ আছো৷ “ তাই তেওঁক বাহুবন্ধনৰ পৰা মুক্ত কৰি দিলে৷ নাইট চুপাৰখনৰ বেক লাইটকেইটা নেদেখা হোৱালৈ তাই ড্ৰাইভিং চিটতে বহি ৰ’ল৷ অলপ আগলৈকে তেওঁ বহি থকা ছিটটোতে পৰি থকা ফোনটো তাই অন্যমনস্কভাৱেই ৰিচিভ কৰিলে৷ “মামা, মোলৈ চকলেট আৰু চিপচ্ লৈ আহিবা৷ পাপাই আজিও পাহৰিলে৷ “ তাই চকলেট আৰু চিপচ্ ল’বলৈ গাড়ীৰ পৰা নামি গ’ল৷

*******

টোকোৰা চৰাইৰ বাহ
-উত্পল জোনাক হাজৰিকা

’মই তোৰ দাদাৰক ভালপাওঁ৷ সিয়ো চাগে মোক ভাল পায়৷ ’ লুকঢাক নকৰাকৈ কোৱা কথাকেইটা পাৰমিচন নে ইনফৰমেচন তাই ধৰিব নোৱাৰিলে৷ আটাইতকৈ ক্ল’জ বুলি সকলোৱে জনা বান্ধৱীজনীক তাই ঢকা এটা মাৰি ক’লে, ’সেই বুলি মই হ’লে তোক বৌ বুলি নামাতো৷ কৈ দিছো৷ ’

******

মুক্তি

-পাৰ্শ্বজ্যোতি নেওগ

“ঐ ল’ৰা হ’ল…! “
এটা শিহৰণ তাইৰ শৰীৰৰ মাজেৰে বৈ গ’ল৷ মুখত এচেৰেঙা ৰ’দ যেন হাঁহি এটা বিয়পি পৰিল৷ ল’ৰাকণৰ মুখখন চাঁও বুলি মূৰটো দাঙিব খুজিছিল…কিন্তু নোৱাৰিলে৷ অসহ্য বিষ এটাই হেঁচা মাৰি ধৰিল তাইক৷ তাই মাজতে চিৎকাৰ মাৰি উঠিল৷ উশাহবোৰ ঘন হৈ উঠিল৷ ডাক্টৰ, নাৰ্ছৰ তৎপৰতা বৃদ্ধি পালে৷ কিন্তু সকলো অথলে গ’ল৷
তাই নিথৰ হৈ পৰিল৷ কিন্তু তাইৰ মুখৰ সন্তুষ্টিৰ হাঁহিটো থাকি গ’ল৷ পাঁচজনীকৈ ছোৱালী জনম দি পোৱা লাঞ্চনা-গঞ্জনাৰ ওৰ পৰিল৷ গিৰিয়েক, শাহুৱেক আৰু নন্দেকৰ দাবী, ধমকি আৰু ভাবুকিৰো ওৰ পৰিল৷ তাইৰ মুক্তি হ’ল৷

*******

পচন্দ
-কঙ্কণা মহন্ত

“এয়া লোৱা তোমাৰ পচন্দৰ পালক পনীৰ, তোমাৰ পচন্দৰ বাটাৰ চিকেন আৰু তোমাৰ পচন্দৰ সৰু মাছ পাতত দিয়া আৰু কঁঠালৰ মুচিৰ ভাজি“ .. “আৰু তোমাৰ পচন্দৰ কি বস্তু মা? “…ছোৱালী, ল’ৰা আৰু মানুহজনৰ সন্মুখত সকলোৰে পচন্দৰ খোৱা বস্তু যতনাই থকা মানুহজনীক জীয়েকে সোধোঁতে উত্তৰ দিবলৈ গৈ হাঁহি এটা মাৰি ৰৈ গ’ল! !

******

সময়
-কঙ্কণা মহন্ত

“হেৰা শুনিছানে, ইয়াক অলপ শাসন কৰিবা বুজিছা..লাই দি দি তাক নষ্ট কৰিলা৷ কালি তাক ছোৱালী এজনীক বাইকৰ পিছফালে লৈ ঘূৰি ফুৰা দেখিছো “…দহ বছৰ প্ৰেম কৰি বিয়া কৰোৱা মানুহজনৰ কথা শুনি মানুহজনীৰ মুখত প্ৰশ্নবোধক চিন এটা ওলমি ৰ’ল..! !

******

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!