ফাকুৱা (-দীপাঙ্ক বৰা)

চৰকাৰী বন্ধ আগদিনাহে আছিল যদিও পিছদিনাও ফাকুৱা বুলি পোন্ধৰজনীয়া অফিচটোত কৰ্মচাৰীৰ উপস্থিতি একেবাৰে সেৰেঙা । যিকেইজন আহিছে সেইকেইজনৰো গালে মুখে ৰঙ । দুই এজনৰ মুখত মদিৰাৰো সুবাস । অফিচটোত পূৰবীকে ধৰি চাৰিজনী মহিলা কৰ্মচাৰী আছে যদিও দুজনী অহা নাই । নতুনকৈ জইন কৰা আৰিফা আৰু পূৰবীহে আহিছে । ৰঙীন হৈ থকা পুৰুষ কেইজনে পূৰবী আৰু আৰিফাক ৰঙ সানিম সানিম বুলি ভয় খুৱাই আছে যদিও কঠোৰ বুলি পৰিচিত অফিচটোৰ মুৰব্বী শইকীয়া চাৰ অফিচতে থকাত বৰকৈ সাহো কৰা নাই । তাতে পূৰবী হিন্দু বিধবা আৰু আৰিফা মুছলমান । দুয়োজনীৰে স্বধৰ্ম অনুসৰি শৰীৰত ৰঙ সনা নিষেধ । অৱশ্যে আৰিফা ইমান গোড়াও নহয় যে কোনোবাই ফাকুৱা অকণমান সানি দিলে জাত গ’ল বুলি ভাবিব । সিহঁতৰ ঘৰত ভায়েক কেইটাই ৰাতিপুৱাৰ পৰা ফাকু খেলিয়েই আছে । দীপাৱলীতো চাকি জ্বলাই সিহঁতে । তথাপিতো আৰিফাই পুৰুষ সহকৰ্মীকেইজনৰ ওচৰত গহীন ভাব এটা দি আছে । মুছলমান বুলি ফাঁকু নসনাকৈ থাকে যদি বাচি যাব তাই । পূৰবীয়েও সামাজিক ৰীতি মতে বিধবা হিচাপে ৰঙ সনা নিষেধ । আনকালে এইবিলাক নিয়ম দেখিব নোৱাৰে যদিও তাইও সেইদিনা কিন্তু সহকৰ্মী অলকহঁতক কৈ আছে …নাপায় দেই মোক ৰঙ নিদিবা.. ফাকুৱা ঘঁহা দেখিলে শাহুৱে ঘৰত দিব মছলা ভাই …। মুখেদি সিহঁতক তেনেকৈ কৈ থাকোতে ৰাতিপুৱা অফিচলৈ ওলাই আহোঁতে শাহুৱেকে পূৰবীৰ পাচ বছৰীয়া জীয়েকৰ লগত ফাকু খেলি থকা কথাতো মনত পৰি হাহিঁয়েই উঠিছিল । এতিয়ালৈ ছাগৈ নাতিনী আৰু আইতায়েক মিলি ওচৰৰ চিন্তুহঁতৰ লগত ফাকু খেলি কিম্ভূত কিমাকাৰ ৰূপ লৈ আছে । সোনকালে ঘুৰি গ’লে পূৰবীকো যে সিহঁতে নেৰে সেইটো খাটাং । কিন্তু তাই সৰুৰে পৰা এই ফাকুৱাৰ কাৰবাৰতো একেবাৰে বেয়া পাই ।ভয় কৰে । বিয়াৰ আগতে ফাকুৱাৰ দিনা তাই নিজৰ কোঠাৰ পৰা নোলাইছিলেই । হোষ্টেলত থাকোতে এবাৰ দিনতো বাথৰুমতে সোমাই আছিল ভয়তে ।

fakuwa
বাৰটামান বজালৈকে ঠিকেই আছিল । আৰিফাৰ হাঁহিলে ডিম্পোল পৰা গাল দুখন আৰু পূৰবীৰ কৰুণ চকুহালৰে সৈতে কমনীয় মুখখন পৰিষ্কাৰেই হৈ আছিল । হঠাৎ কিবা এটা ফাইল বিচাৰি সিহঁতৰ ৰুমটোলৈ অহা কঠোৰ বিষয়াজনে আৰিফাক দেখি অলকক ক’লে… কি হে আপোনালোকে নিজে ৰঙ সানি মতলীয়া হৈ আছে আৰু এইদুজনী দেখোন একেবাৰে এইমাত্ৰ বিউটি পাৰ্লাৰৰ পৰা ওলাই অহা যেন হৈ আছে …। অলকে সাহ পাই ৰঙৰ টোপোলাটো আনি …চাৰ আপুনিয়েই আৰম্ভ কৰি দিয়ক…ইহঁতে অথনিৰ পৰা আমাক ‘নাপায় নাপায়’ বুলি কৈ আছে ।
কিহৰ নাপায়… বুলি ৰঙ এমুঠি লৈ আৰিফাৰ গালে মুখে ৰঙ সানি দিয়াত তাই শইকীয়াৰ গাত সানিবলৈ একো নাপায় বেগৰ পৰা লিপষ্টিকদালকে উলিয়াই মুখত ঘঁহি দিলে । পূৰবীৰ কলৈ যাওঁ গোপাল, কলৈ যাওঁ কৃপাল যেন লাগিল । অলপদেৰি আগলৈকে তাইক সংগ দি থকা আৰিফাইও এতিয়া সিটো পাৰ্টিত যোগ দিলে । গোটেইবোৰ মিলি অসুৰৰ নিচিনাকৈ অট্টহাস্য কৰি তাইৰ ফালে আগবাঢ়ি অহাত ভয়ত তাইৰ চকুপানী ওলাই গ’ল । বৰবাবু শৰ্মাদাই তাইৰ শাহুৱেকে বেয়া পাব বুলি বাকীবোৰক বাধা দিবলৈ ক্ষীণ চেষ্টা এটা কৰিছিল । কিন্তু শইকীয়া চাৰে ওলোটাই ভেকাহি মাৰি ক’লে… ক’ৰ শাহুৱেকে বেয়া পাব । মই অফিচলৈ আহোঁতে এখেতৰ শাহুৱেকক ঘৰৰ সন্মুখত সৰু ল’ৰা ছোৱালী এমখাৰ লগত ফাকু খেলি থকা দেখি আহিছো । এখেত ফাকুৱাৰ ভয়ত দিনটো বাথৰুমত সোমাই থকা মানুহ । আজি এখেতৰ ভয়তো ভাঙিব লাগিব ।
অলপ পিছত চকুপানীৰ সৈতে বৈ অহা ফাকুৱাৰ ৰঙ বোৰ ৰুমালেৰে মোহাৰি পূৰবীয়ে আৰিফাক ক’লে….তোক মই দিম ৰ মছলা কোনোবাদিনা ।
আৰিফাই খিলখিলাই হাহিঁ তাইৰ কাণত ফুচফুচাই ক’লে…আজি বিশ্বামিত্ৰৰ তপস্যাই ভাঙিল নে আপোনাৰ ভয়েই ভাগিল …নাজানো আৰু দেই…. । তাৰ পিছত চিঞৰি ক’লে…ঐ অলকদা …চাৰে ফাকুৱা ঘঁহিলে….এতিয়া মিঠাই খুৱাবলৈ কওক গৈ….নহ’লে অবলা নাৰী নিৰ্যাতন কৰিছে বুলি কেচ দি দিম বুলি ক’ব ।

:::দীপাঙ্ক বৰা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments