ফচং : দাংকাং ,বাংকাং আৰু ফচং আৰু বগলীৰ বিয়া (- মাধুৰীমা ঘৰফলীয়া)

fosong jpg

দাংকাং ,বাংকাং আৰু ফচং

– মাধুৰীমা ঘৰফলীয়া

ভাল হ’ব খুজিও পৰিস্থিতিৰ অত্যাচাৰত ভাল বোন্দা হ’ব নোৱাৰা ফচঙে নিজৰ গাৰ ঘাবোৰ শুকুৱাৰ পাছতেই ঘৰৰ সদস্যসকলৰ জীৱনত লটিঘটি লগাবলৈ আৰম্ভ কৰি দিলে । কেতিয়াবা যদি কাপোৰ-কানি লৈ আৰামত শুই থকা টুকলুৰ কাণত টেঁটুফালি চিঞৰ মাৰি তাক ভয় খুৱাই আকৌ কেতিয়াবা ক’লী নতুবা পখৰাক সুবিধা বুজি ঠাচ ঠাচ কৰে চৰ শোধায় । মুঠতে ফচং আকৌ অত্যাচাৰী হৈ পৰিল । কুকুৰাপোৱালী আৰু হাঁহপোৱালীবোৰেও এতিয়া ফচঙৰ পৰা দূৰত্ব ৰাখি ঘুৰি ফুৰে । ক’ব নোৱাৰি নহয় কেতিয়া তাৰ জঁক্ উঠিব আৰু কাৰোবাক টেপা মাৰি ধৰিব । তাতে সি এতিয়া ৰজাৰ বিশেষ দূতো হয় ,গতিকে উৎপাতবোৰ অলপ বেছিহে চৰা হ’ল । ঘৰৰ নিগনি এন্দুৰ কেইটাৰ দশা আৰু বেয়া । টুকলুৱে প্ৰতিদিনে পাঁচ-ছজনী নিগনিৰ হিয়া ভগা কান্দোন শুনিবলৈ পাই । সিহঁতৰ দুখ দেখি কেতিয়াবা কেতিয়াবা টুকলুৰ ইমান খঙ উঠে যে তাৰ জোঙা নখ কেইটাই আঁচোৰ মাৰি মাৰি ফচঙৰ পেটু উলিয়াই দিবলৈ মন যায় । কিন্তু ফচঙৰ একেটা গেঙনিয়েই তাৰ সেই খঙ পানী কৰি পেলায় ।

উৎপাতবোৰ চলি আছিল । তেনেতে এদিন গৃহমন্ত্ৰী জহামালে ফচঙক লৰালৰিকৈ নিজৰ কাৰ্যালয়লৈ মাতি পঠিয়ালে । আদেশ মতেই কাম । ফচং গৈ তেওঁৰ কাৰ্যালয় পালেগৈ । জহামালে ফচঙৰ আপাদমস্তক লক্ষ্য কৰি প্ৰশংসাৰ সুৰত ক’লে

– ফচং ৰাইজৰ মুখত শুনিছোঁ তই বোলে সকলোৰে পোৱালীবোৰৰ সৈতে বৰ মিলিজুলি থাক ! পোৱালীবোৰে হেনো তোক খুব ভাল পাই ! তই হেনো এসোপা পোৱালীক সদায় সদায় আবেলি সাধু শুনাই ওমলাই থাক !

নিজৰ প্ৰশংসা শুনি কাৰনো ভাল নালাগে ! আৰু ফচঙৰটো কথা নাই, সি গপতে ফুলি উঠিল । ডিঙিটো বিশেষভাৱে পাক এটা মাৰি গহীন হৈ সি উত্তৰ দিলে ।

-দেউ…দূত হোৱাৰ আগতে বিশেষ কাম বন নাছিল যে সেইবাবে পোৱালীবোৰৰ সৈতেই ধেমালি-ধুমুলা কৰি সময় কটাইছিলোঁ । এনেও সৰু সৰু পোৱালীবোৰ মোৰ ভাল লাগে ।

-গম পাইছোঁ । তোৰ এই বিশেষ গুণটো বনৰজাইও শলাগ লৈছে । সেইবাবেই কালি আমি এটা বিশেষ সিদ্ধান্ত ল’লো …

-কি সিদ্ধান্ত দেউ…

ফচং উৎসাহিত হৈ উঠিল । চকুৰ আগত ভাহি উঠিল ৰজাৰ আদেশত জহামালে তালৈ বিৰাট ডাঙৰ মাছ এটা উপহাৰ হিচাপে আগবঢ়াই দিছে  ।

-সিদ্ধান্ত মানে এইটো এটা ডাঙৰ সমস্যাই আছিল । কিন্তু তোৰ কথা ৰজাসভাত সকলোৱে কোৱাৰ পাছত ৰজাদেৱেও ভাবিলে তয়ে এই সমস্যাৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰিবি ।

সমস্যা বুলি কোৱাৰ লগে লগে ফচঙৰ মনটো অলপ দমি গ’ল যদিও সি হতাশ নহ’ল ।

-দেউ এই বনৰাজ্যৰ কিবা সমস্যা সমাধানত যদি মোৰ প্ৰয়োজন হয় বুলি ভাবে সেয়া মোৰ গৌৰৱৰ কথা হ’ব ।

-জানো জানো তইযে সদায় ৰাজ্যৰ হিতৰ কথা চিন্তা কৰ । বাৰু …ঐ কোন আছ …সিহঁতক লৈ আনচোন !

মন্ত্ৰী জহামালে নিজৰ ঘৰৰ ফালে চাই চিঞৰ এটা মাৰিলে । লগে লগে বান্দৰ এটা ওলাই আহিল । তাৰ হাতত দুটা মেকুৰী পোৱালী । ফচং অবাক । তাৰ লগত আচলতে কি ভয়ানক ঘটনা ঘটিবলৈ গৈ আছে সি যেন অলপ অলপ অনুমান কৰিব পাৰিছে ! জহামালে পোৱালীকেইটাক হাতোৰাৰে মোহাৰি মোহাৰি ক’লে

-ফচং এইটো দাংকাং আৰু এইটো বাংকাং । পৰহি দিনা ৰাতি কোনোবা মানুহে ইহঁতক ৰাস্তাত মেলি থৈ গ’ল । গাখীৰ খাই থকা পোৱালী কেইটা এনেকৈ নিষ্ঠুৰ ভাৱে মাকৰ বুকুৰ পৰা কাঢ়ি ৰাস্তাত মেলি থৈ যোৱা আমাৰ চিপাহী এটাই দেখিলে । সি পোৱালীকেইটা ৰজাৰ কাষলৈ লৈ গ’ল । তাতে আলোচনা চলিল ইহঁতক কি কৰা যায় । যিহেতু অকলশৰীয়াকৈ মেলি দিবলৈ ইহঁত দুটা ইমান ডাঙৰ হোৱা নাই সেইবাবেই সিদ্ধান্ত লোৱা হ’ল যে ইহঁতৰ মাকৰ ঠিকনা নোপোৱালৈকে কোনোবা এজনক ইহঁতৰ দায়িত্ব দিয়া হওক । সকলোৱে তোৰ নাম ল’লে । তোতকৈ উপযুক্ত কোনো হ’বই নোৱাৰে বোলে ।

-কিন্তু দেউ…

-কিন্তু বুলি এতিয়া কোনো কথা নাই ফচং, এতিয়াৰে পৰা দুমাহ ইহঁত তোৰ কাষতে থাকিব । সেইসময়খিনিত যদি ইহঁতৰ মাকৰ ঠিকনা পোৱা যায় তেতিয়া লৈ যাম । আৰু যদি নাপাওঁ তেতিয়া ইহঁতে যি বিচাৰে তাকে কৰিব লাগিব । আৰু শুন ইহঁতক কেৱল তোৰ লগত থাকিবলৈ দিয়াই নহয়, তই ইহঁতক কেনেকৈ চিকাৰ ধৰিব লাগিব তাকো শিকাব লাগিব ।

জহামালৰ কথা শুনি ফচঙৰ মুখ শুকাই গ’ল । সি পোৱালী কেইটালৈ চালে । দুয়োটাই পিলিকা-পিলিককৈ তালৈকে চাই আছিল । জহামালে ‘দাংকাং ,বাংকাং এইয়া তহঁতৰ দেউতা যা’ বুলি ক’বলৈ পালেহে দুয়োটাই ল’ৰ মাৰি আহি ফচঙৰ মুৰে-পিঠিয়ে বগাই মা মা বুলি মিউ-মিউৱাবলৈ লাগিল । পোৱালী কেইটাই ফচঙক মা বুলি মতা শুনি দেখি গৃহমন্ত্ৰী জহামাল হাঁহি হাঁহি আসনৰ পৰা বাগৰি পৰিল । আৰু ফচং…অনাকাংক্ষিত ভাৱে দুটা পোৱালীৰ মাক হৈ দুখেৰে ফচং ঘৰলৈ উভতিল ।

 

দাংকাং ,বাংকাঙৰ সৈতে প্ৰথম দুটামান দিন ফচঙৰ ঠিকেই পাৰ হ’ল । সি নিগনি ধৰে আৰু সিহঁতি বহি বহি খাই । ওচৰ চুবুৰীয়া হিচাপে বগীবুঢ়ীহঁতেও সিহঁতৰ খবৰ লয় ।  মা মা বুলি কৈ ফচঙৰ পাছে পাছে ঘুৰি ফুৰা পোৱালীকেইটাক দেখি সকলো মৰমতে পমি গ’ল । মা বুলি মতাৰ বাবে ফচঙে সিহঁতক কেইবা ঢকা দিছিল যদিও সিহঁতি আকৌ সেইবুলিয়েই মাতেহি । উপায়হীন হৈ ফচঙে সেইটো মানি ল’লেগৈ । কিন্তু আকৌ এটা নতুন বিপদে দেখা দিলে । জহামালৰ কথামতেই ফচঙে দাংকাং আৰু বাংকাংক চিকাৰ ধৰা প্ৰশিক্ষণ দিবলৈ ল’লে । অৱশ্যে কেৱল জহামালৰ কথামতেই নহয়, নিজে কষ্ট কৰিব আৰু সিহঁতি বহি বহি খাব তাকে দেখি খঙত ফচঙে সিহঁত দুটাক নিগনি ধৰিবলৈ যাওঁতে লগত লৈ যাবলৈ ধৰিলে । পিছে হিতে বিপৰীতেহে গ’ল । নিগনি ধৰিবলৈ ফচঙে চকু-কাণ সজাগ কৰি ৰৈ থাকে ইফালে হামিয়াই-হিকটিয়াই দাংকাং-বাংকাং বহি থাকে । আৰু যেতিয়াই নিগনি দেখে দুয়োটাই মা সেইটো ধৰ বুলি যেনেকৈহে চিঞৰে নিগনি পলাই পতং দিয়ে । আকৌ কেতিয়াবা ফচঙে বতা নিগনি এটা ধৰি আনি দিবহি ‘হো ল অলপ শিক’ বুলি কিন্তু দুয়োটাই খেলিবলৈ ধৰোঁতে নিগনি গৈ গাঁতত সোমাইগৈ । দাংকাং,বাংকাংৰ এনে অঘাইতং কাণ্ডৰ বাবে দুদিনমান ফচঙে নিৰামিষ আহাৰ খাব লগা হ’ল । তথাপিও ৰজাৰ আদেশ বুলি ফচঙে সহ্য কৰি আছিল । কিন্তু সেইদিনা নোৱাৰিলে আৰু ! নোৱাৰিবৰে কথা ,যিমান হ’লেও সি এটা বোন্দা । দাংকাং ,বাংকাংকে তাক মা বুলি মতাৰ বাবে নিজৰ সমাজৰ বোন্দাবোৰৰ পৰা সি বহুতবাৰ ইতিকিং ভৰা কথা শুনিবলৈ পাইছে । তাতে সিদিনা ঘৰত যিটোহে ঘটনা ঘটিল ফচঙৰ লাজত মৰি যাওঁ যেন লাগিল । সেইদিনা আবেলি সিহঁত গোটেইবোৰ চোতালতে জিৰাই আছিল । তেনেতে গিৰিহঁতনিয়ে ঘৰলৈ অহা চুবুৰীয়া এগৰাকীক কোৱা শুনিলে-বুজিছা লোকৰ মাইকী জন্তুবোৰে কেতিয়াবা আনৰ পোৱালী ঘৰলৈ চপাই আনে পিছে আমাৰ ঘৰত আক সুকীয়া । আমাৰ বোন্দাটোৱেহে পোৱালী দুটা চপাই লৈছে । বৰ মৰম লগা পাই । সেইবাবেই ঘৰত থাকিবলৈ দিছোঁ । বোন্দাটোৱেও মাকৰ দৰে পোৱালী কেইটা লৈ ফুৰিছে ।

গিৰিহতনীয়ে কথাষাৰ কৈ আঁতৰি যোৱাৰ পাছতে বগীবুঢ়ীহঁতে পেট বিষাই যোৱাকৈ হাঁহিলে । ফচঙে বৰ লাজ পালে । সেইদিনাই সি ঠিক কৰিলে আৰু সহ্য কৰিব নোৱাৰি আৰু ইহঁতৰ কিবা এটা দিহা লগাবই লাগিব !

পিছদিনা দুপৰীয়া দাংকাং বাংকাংক লগত লৈ ফচং পথাৰৰ ফালে ওলাল । বাটত দাংকাংকে কেইবাবাৰো সুধিলে মা আমি কলৈ গৈ আছোঁ । ফচঙে ব’লচোন বাৰু বুলি কৈ লৈ গৈ থাকিল । এঘণ্টামান বাট যোৱাৰ পাছত শিলিখা গছ এডালৰ তলতে তিনিওটা বহি পৰিল । ভাগৰত দাংকাং,বাংকাংৰ অৱস্থা কাঢ়িল । ফচঙে সিহঁতৰ অৱস্থা দেখি সুবিধা বুজি ক’লে-তহঁতৰ ভাগৰ লাগিছে হ’বলা । বাৰু তহঁতে আৰু খোজ কাঢ়িব নালাগে । ইয়াতে অলপ জিৰাই ল । মই নিজেই যাওঁ…সাউৎকৰে আহিম দেই ।

ভাগৰুৱা দাংকাং বাংকাঙে ফচঙৰ কথা শুনি আনন্দমনেৰে সন্মতি জনাই নেজৰ মাজত মুখ লুকুৱাই শুবলৈ ল’লে । ফচঙেও দীঘল দীঘল জাপ কেইটামান মাৰি সেইঠাইৰ পৰা আঁতৰি আহিল ।

ঘৰ পায়েই ফচঙে ডাঙৰ চাই নিগনি এটা ধৰিলেগৈ । বহুদিনৰ মুৰত লাহ-বিলাহ কৰি নিগনিটো খাবলৈ লৈও ফচং থমকি ৰ’ল । দাংকাং ,বাংকাঙে বাৰু এতিয়া কি কৰিছে ?  সি আহিব বুলি মুৰ দাঙি দাঙি চাই আছে নে ? নে কোনোবা বোন্দা মেকুৰী নাইবা কুকুৰে সিহঁতক নিগনি মৰাদি মাৰি আছে !! দাংকাং ,বাংকাঙৰ মৰণকাতৰ চিঞৰ এটাই ফচঙৰ আত্মাত খুন্দা মাৰিবলৈ ধৰিলে । ফচঙে যিমান পাৰে মনটো সেইবোৰৰ পৰা আঁতৰ কৰি নিগনিটো খাবলৈ চেষ্টা কৰিছে । কিন্তু সি পৰা নাই !

-ফচং আজি আবেলি গৃহমন্ত্ৰীদেউৰ দূত এজন দাংকাং ,বাংকাংক চাবলৈ আহিব বোলে । সিহঁতৰ গা-পাবোৰ চফা কৰি থ’বি । নহ’লে ৰজাৰ ৰোষ কেনেকুৱা বুজিছই নহয় ।

কাষেদি পাৰ হৈ যোৱা পখৰাই কোৱা কথাষাৰ শুনি খাবলৈ লোৱা নিগনিটোৰ ঠেং এটা ফচঙৰ ডিঙিত লাগি ধৰা যেন লাগিল । এটা পল সি কিবা এটা ভাবিলে, তাৰ পাছত নিগনিটো মুখত লৈয়েই পথাৰৰ ফালে দৌৰিবলৈ ধৰিলে । শিলিখাজোপাৰ কাষ পাই দাংকাং বাংকাঙক নিৰাপদে শুই থকা দেখিহে তাৰ উশাহ ঘুৰি আহিল ।

-মা বহুত দেৰি কৰিলিচোন !

বাংকাঙে সৰলভাৱে ফচঙক সুধিলে । তাৰ কথা শুনি কিয়জানো ফচঙৰ মনটো কিবা এটা দুখে উকমুকাই উঠিল । মুখৰ পৰা নিগনিটো উলিয়াই সিহঁতক খাবলৈ দিলে । দুয়োটাৰে ভোক লাগিছিল চাগৈ নিগনিটো তৎক্ষণাত্ খাই শেষ কৰি পেলালে । সি দুয়োটাৰ মুখৰ আগত থিয় হৈ ঘোষণা কৰিলে

-আজিৰ পৰা তহঁতৰ আচল প্ৰশিক্ষণ আৰম্ভ হ’ব । মই তহঁতক শিকাম এটা পৈণত বোন্দা হ’বলৈ কি কি গুণ লাগে ।

 

ইয়াৰ পাছৰ দিনকেইটা ফচঙৰ খুব খৰকৈ পাৰ হৈ যোৱা যেন লাগিল । দুমাহ শেষ হ’ল,অৱশেষত নিৰ্দিষ্ট দিনটো পালেহি । ফচঙে পুৱাৰে পৰা দাংকাং,বাংকাঙক চিকাৰ কৰিবৰ সময়ত ল’ব লগা সাৱধানতাবোৰ সোঁৱৰাই আছে । দাংকাং,বাংকাঙৰ মন বেয়া । যিমান হ’লেও মাকক এৰি যাবলৈ সিহঁতৰ অকণো মন নাই । আনহাতে ফচঙৰ মনটো ভাল লাগিছে অন্তত কোনো বিঘিনি নঘটাকৈ ৰজাৰ আদেশ এটা পালন কৰিব পাৰিলে আৰু আজিৰ পৰা সি আকৌ মুকলি-মূৰীয়া হৈ পৰিব । তাতে পখৰাই খবৰ দিছে ৰজাই হেনো তালৈ ডাঙৰ মাছ এটা দি পঠাব !

আবেলিলৈ গৃহমন্ত্ৰী জহামাল আহিল । লগত অহা বান্দৰ এটাই ৰজাৰ উপহাৰ হিচাপে বৰালি মাছ এটা ফচঙৰ কাষত ৰাখিলে । জহামালে দাংকাং,বাংকাংক একাষে মাতি নি মনে মনে কিবা এটা পাতিলে । ফচঙে সেইবোৰ গুৰুত্বই দিয়া নাই । তাৰ চকু মাথোন বৰালি মাছটোৰ ওপৰত । ইতিমধ্যে বাৰিষাৰ নৈৰ সোঁতৰ দৰে হৰহৰাই জিভাৰ পানী ব’বলৈ ধৰিলেই । কেতিয়াকৈ সকলো যাব আৰু কেতিয়া সি মাছটো বহি বহি খাবলৈ পাব তাকে ভাবিছে ।

-ফচং…

দাংকাং,বাংকাংৰ লগত কথা পাতি আহি গৃহমন্ত্ৰী জহামালে ফচঙৰ ফালে চাই গহীনাই মাত লগালে । ফচঙে লগে লগে মুখখন চেলেকি জহামাললৈ চালে ।

-ফচং ডাঙৰ এটা কথা হ’ল জা’ন , বহুত চেষ্টা কৰিও দাংকাং ,বাংকাঙৰ মাকৰ খবৰ উলিয়াব নোৱাৰিলোঁ । বনৰজাই সেইবাবেই আদেশ দি পঠাইছে দাংকাং,বাংকাঙে এতিয়া য’ত থাকি ভাল পাই আৰু য’ত সিহঁতে নিৰাপদ অনুভৱ কৰে তাতে ডাঙৰ নোহোৱালৈকে সিহঁতক থাকক । এতিয়া দাংকাং ,বাংকাঙক মই তাকে সুধিছিলোঁ বোলো সিহঁতে ক’ত থাকিবলৈ ইচ্ছা কৰে…

ফচঙৰ জিভাৰ পানীবোৰ লগা-লগ শুকাই গ’ল । কোনোমতে সেপঢুকি সুধিলে

-ক’ত থাকিবলৈ ইচ্ছা কৰিছে দেউ… ?

-সিহঁতি তোক এৰি যাবলৈ টান পাইছে অ’। এই দুমাহ তই বোলে সিহঁতক যিমান মৰম কৰিলি সিমান মৰম হেনো সিহঁতি নিজৰ মাকৰ পৰাও পোৱা নাই । সিহঁতৰ বাবে তয়েই এতিয়া সিহঁতৰ পৃথিৱী । তোৰ মাজত এনে মৰমৰ দেখি মোৰো বৰ ভাল লাগিছে । বনৰজাইও খুব ভাল পাব । গতিকে এতিয়াৰ পৰা দাংকাং,বাংকাং তোৰ লগতেই থাকিব । কিন্তু চাবি আক ইহঁতৰ ওপৰত আমাৰ দৃষ্টি সদায় থাকিব । তই যদি মৰমৰ সলনি কেনেবাকৈ ইহঁতক অত্যাচাৰ কৰিবলৈ চেষ্টা কৰ তেতিয়া কিন্তু বনৰজাই অলপো ক্ষমাৰ দৃষ্টিৰে নাচাব । মই এতিয়া যাওঁ । দাংকাং,বাংকাং তহঁত মাৰৰ লগতে থাকিবি । যা, মাছ খাগৈ । ৰজাই তহঁতলৈ বুলিয়েই দি পঠাইছে ।

কথাষাৰ শুনি দাংকাং,বাংকাং মাছটোৰ ওপৰত জঁপিয়াই পৰিল । ফচঙৰ এনে লাগিল যেন তাৰ শৰীৰৰ প্ৰতিটো অংগই অসাৰ হৈ পৰিছে । সি মাথো থৰ হৈ বৰালি মাছটোৰ ফালে চাই থাকিল । প্ৰথমে মাছটোৰ মঙহখিনি শেষ হৈ গ’ল তাৰ পাছত মূৰটো । ট ট কৈ বৰালিটো কাঁইটখিনি জিলিকি উঠিল । সেইখিনিও যেতিয়া নাইকিয়া হ’বলৈ ধৰিলে ফচঙে বিৰাট দুখেৰে চিঞৰি উঠিল

মিয়াউউউউউউউউউউউউউউউউউউউউউউউউউ

তাৰ মাতৰ অৰ্থ বুজিব নোৱাৰি দাংকাং বাংকঙেও তাৰ গাত জঁপিয়াই জঁপিয়াই চিঞৰিবলৈ ধৰিলে

মাওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওও

মাওওওওওওওওওওওওওওওওওওওওওওওওওওওও

 

 

###################################################

বগলীৰ বিয়া 

 

বগীবুঢ়ীহঁতৰ অঞ্চলটোত আজি উখল-মাখল পৰিৱেশ । নহ’বইবা কিয় ,আজি যে লাহৰীৰ বৰ জীয়েকৰ বিয়া ! এসপ্তাহৰ আগতেই বাঁহনি চুকৰ বুঢ়া ফেঁচুটোৱে মঙল চাই দিনবাৰ ঠিক কৰি দিছিল আৰু তেতিয়াৰে পৰাই লাহৰীৰ লগতে ওচৰ-চুবুৰীয়া হিচাপে বগীবুঢ়ীহঁতৰো গা সাতখন-আঠখন হৈ আছে । দিনকণা ফেঁচাৰ দুইজনী ঘৈণীয়েকে পুৱাৰে উৰুলি দি পৰিবেশটো উতলা কৰি তুলিছে । চুবুৰীৰ পাৰকেইজনীয়ে যিমান পাৰে ৰুণ দি দি বিয়া নাম গাইছে । চাটৰিহঁতৰ মাজত আকৌ কোনে কেনেকৈ সাজি-কাচি যাব তাৰে কুচকাৱাজ চলি আছে । চাটৰিয়ে তিনিদিনমানৰ আগৰে পৰা গোবৰ খুচৰিবলৈ এৰি দিছিল যাতে নখবোৰ ধুনীয়া হৈ থাকে । বগীবুঢ়ীৰ বোৱাৰীয়েক দুজনীয়ে আকৌ পুৱাৰে পৰা সাতবাৰমান গা ধুলে । জেতুকীক তাহানিতে গিৰিহঁতে ভঙা জেওৰা মাজৰে মূৰ সোমোৱাই শাক পাচলি খোৱাৰ বাবে ডিঙিত সৰু মাৰি এচটাৰ সৈতে ওলোমাই দিয়া ডোলদালত তাই আজি ফুল কিছুমান লগাই নিজেই ডিঙি ওলোমাই লৈছে । পোৱালীবোৰৰ মাজত চৰ্চা চলিছে কোনে কিমান খাব ! মুঠতে এক হুলস্থূলীয়া পৰিৱেশ । কিন্তু এনেহেন গৰম পৰিৱেশতো এটা পৰিয়াল ঠাণ্ডা হৈ আছে ! ফচঙৰ পৰিয়াল ! সেইটো পৰিয়ালত বিয়াৰ বাবে কোনো যা-যোগাৰেই চলা নাই ।
ফচঙৰ ঘৰ ।
ফচঙৰ কাষত ৰৈ দাংকাং বাংকাঙে কাতৰ দৃষ্টিৰে তালৈ চাই আছে । ফচঙে ডবিয়াই উঠিল
-যাব নোৱাৰ বুলিছোঁ নহয় ! হেৰৌ গছত নলগাকেইটা,মাতিলে যুঁজলৈও যায় আৰু নামাতিলে ভোজলৈও নাযায় বুলি নাজান নেকি ! আৰু তাই ক’লী, ঢেপেচিয়ে জীয়েকৰ বিয়ালৈ আমাক নামাতি বাহাদুৰি দেখাবলৈ আহিছে …তাইক মই…
দাংকাং ,বাংকাঙে কাণকেইখন সোপা মাৰি ধৰিলে । এসপ্তাহৰ আগৰে পৰা বকি থকা একেখিনি কথাকে যে বাপেকে এতিয়া বকিব ! সেইখিনি শুনি শুনি সিহঁতৰ কাণ ঘোলা হৈ গৈছে । আৰু শুনিব নুখুজে । কি দৰকাৰ পৰিছিল সিহঁতৰ বাপেকক আকৌ মনত পেলাই দিবলৈ । এখন বিয়া নাখালেই যেনিবা,সিহঁতৰ পেটটো সৰু হৈ নাযায় নহয় । আৰু এই লাহৰী পেহীজনী…তাইও কমতি নহয় । গোটেই অঞ্চলৰ জীৱ-জন্তুক বিয়া খাবলৈ মাতিছে , কেৱল সিহঁত তিনিটাক মতা নাই ।
-এই কথাই কথা নহয় বুজিছ ! তাইৰ বুধিৰ মতে কাম কৰিবলৈ গৈ মই এবছৰ কঠোৰ শাস্তি খাই থৈছোঁ । তথাপি ঘৰৰে বুলি তাইৰ ওপৰত প্ৰতিশোধ নল’লো । আৰু এতিয়া তায়েই মোক সমাজত এঘৰীয়া কৰাদি কৰিছে ! মই হেনো হিংসাকুৰীয়া, দগাবাজ । মই বোলে অমংগলীয়া । এনে অপমান ! এইক মই…
বকি বকি ফচং বাঁহনিৰ ফালে ওলাই গ’ল । দাংকাং,বাংকাঙে মাথো বাপেকলৈ চাই থাকিল ! কি বা কৰিব এতিয়া ! বাপেকৰ মূৰত যিবোৰহে কূটবুধিয়ে টিঘিলঘিলাই থাকে !! পিছে যিমান যি হ’লেও বিয়াখন খাবলৈ যে নাপাব সেয়া খাটাং হৈ পৰাত দুয়োটাই দুখেৰে বহা ঠাইতে কোঁচ-মোচ খাই শুই পৰিল ।
এঘণ্টামান পাৰ হ’ল । দাংকাং,বাংকাঙে সপোনত লাহৰীৰ জীয়েকৰ বিয়াৰ ভোজ খাবলৈ বহিছিল হে ফচঙৰ উত্তেজিত চিঞঁৰত দুয়োটাৰে টোপনি ভাঙি গ’ল । টোপনিৰ আৱেশেৰে দুয়োটাই বাপেকলৈ চালে,
-বঢ়িয়া খবৰ এটা আনিছোঁ বুজিছ । এই লাহৰীক এইবাৰ নেৰিছোঁ !
-আস ! মা ,পুৱাৰে পৰা কিনো একেখিনি সংলাপকে মাতি আছ ।
দাংকাঙে বিৰক্তিৰে মুখ কোঁচাই বাপেকক মিহিকৈ গালি এটা দিলে । আনকালে এনেকৈ গালি দিলে ফচঙে লগা-লগ বাঘ-ঢকা শোধাই দিয়ে, আজি কিন্তু গুৰুত্বই নিদিলে । বৰঞ্চ আগতকৈ উত্তেজিত স্বৰৰে ক’লে
-সংলাপ নহয় বুজিছ ,একদম গৰম খবৰ !লাহৰীৰ জীয়েকৰ বিয়া কাৰ লগত হ’ব জান ?
বাংকাঙে হামি এটা মাৰি নুসুধিলে বেয়া দেখি বাবে সুধিলে
-কাৰ লগত ?
-বগলী এটাৰ লগত !
-বগলীৰ লগত !!
কোনোবাই যেন দাংকাং,বাংকাঙৰ গাত মৰচেঁচা পানী এবাল্টিহে ঢালি দিলে ,তেনেকৈয়ে দুইটা চক খাই উঠিল । সিহঁতৰ অৱস্থা দেখি ফচঙে দাড়ি কেইডালৰ তলতে মিচিকিয়াই হাঁহি এটা মাৰিলে ।
-অ’ বগলী এটাৰ লগত । মই যে তহঁতক ইয়াতে এৰি অথনি ক’লৈ গৈছিলোঁ বুলি ভাবিছিলি ?
-ক’লৈ ?
-মই লাহৰীক ঢকা এটা দিওঁ বুলি সিহঁতৰ ঘৰৰ ফালে গৈছিলোঁ । কিন্তু মোৰে ভাগ্য ভাল চাগৈ বাঁহনিৰ শিঙৰিজোপাৰ তল পাওঁতেই লাহৰিৰ মাত শুনিলোঁ । শিঙৰিজোপাতে লাহৰি বহি আছিল । জিলী এজনীৰ লগত কথা পাতি আছিল । জিলীজনীক বিয়াৰ ভোজ খোৱাৰ সময়ত সকলোকে মাতি দিবলৈ অনুৰোধ কৰিছিল । জিলীজনীয়েই লাহৰীক ভা‌ৱী-জোঁৱায়েকৰ কথা সোধোঁতে ক’লে- নৈ পাৰৰ বগলীয়েই বোলে হ’বলগীয়া জোঁৱায়েক ! তাৰ পাছত আৰু মোক কোনে পাই । মই লৰালৰিকৈ গুচি আহিলোঁ । কাউৰী এজনীৰ বিয়া বগলীৰ এটাৰ সৈতে ! এনে নোহোৱা নোপোজা কথা হ’ব পাৰে নে ? বগলীবোৰৰ কথা বাদ দে বাৰু, ডেকা কাউৰীবোৰে যেতিয়া এই কথাটো গম পাব সেইখন বিয়া হৈ থাকিব নে ?
ফচঙৰ উজ্জ্বল হৈ পৰা মুখখনলৈ চাই দাংকাং,বাংকাং ভেবা লাগিল । এনেই বাপেকক ৰাইজে হিংসাকুৰীয়া বুলি নকয় নহয় । প্ৰমাণ এইয়া সমুখতে ! ক’ৰ পৰা যে কি কথাবোৰ খান্দি উলিয়াই !
-পিছে মা ,তই ভুলকৈ শুনা নাইতো ? লাহৰীপেহীয়ে সঁচাকৈয়ে জীয়েকৰ বিয়া বগলীৰ লগত হ’ব বুলি কৈছিল নে ?
বাংকাংৰ সন্দেহভৰা প্ৰশ্নটো শুনি ফচঙ গৰগৰাই উঠিল ।
-নিগনিৰ খোজত মৰাটো,মোৰ কাণকেইখন বেয়া বুলি ভাবিছ নেকি ! এবাৰ নহয় দুবাৰ লাহৰীয়ে জিলীক কৈছিল । তহঁতৰ দৰে মই আৰু জিলীয়েও প্ৰথমবাৰ বিশ্বাস কৰা নাছিলোঁ । পাছৰবাৰ লাহৰীয়ে কৈছিল-বগলী আক’ নৈ পাৰৰ যে …তাৰ লগতেই হ’ব । তেতিয়া জিলীয়েও অ’ অ’ বগলী বুলি মূৰ দুপিয়াইছিল !
এইবাৰ দাংকাং ,বাংকাঙৰ বিশ্বাস হ’ল ।
-তেতিয়া হ’লে এতিয়া কি কৰিম মা ?
-এইটোহে আচল প্ৰশ্ন ! শুন তহঁতৰ চিনাকী ডেকা কাউৰীবোৰক কথাটো জনাই দেগৈ যা । কথাটো কওঁতে অলপ ৰহণ লগাই ক’বি বুজিছ । ক’বি লাহৰীৰ ইমান সাহস! কস্মিনকালেও নোহোৱা কাম এটা কৰিবলৈ ওলাইছে ! জীয়েকক বিয়া দিবলৈ কাউৰী ডেকাৰ কিবা অভাৱ আছিল নে ? নে বগলী বগা বুলি আৰু সিহঁত ক’লা বুলি উপেক্ষা কৰিছে..
ফচঙে এবকলামান শিকনি দি দাংকা,বাংকাংক বিয়াত জুই লগাবলৈ পঠাই দিলে । তাৰ পাছত ঘৰৰ ইফালে সিফালে চাই থাউকতে নিগনি এটা ধৰি পুখুৰীৰ পাৰৰ আমজোপাৰ কাষলৈ গ’ল । মাধৱীলতা আৰু ৰঘুমলা গছ এসোপাই আমজোপাত ধুনীয়া দোলনা এখনৰ সৃষ্টি কৰি দিছে । ফচঙে প্ৰথমে নিগনিটো খাই ল’লে । তাৰ পাছত উগাৰ এটা মাৰি জাপমাৰি দোলনাখনত উঠি আৰামত শুই দিলে । টোপনিত কেনেবাকৈ লুটি খাই পৰে বুলি আগেই সাৱধানতা হিচাপে ঠেং দুটা লতাৰ মাজত মেৰিয়াই ল’লে । তাৰপাছত সুখত চকু দুটা মুদি দিলে । অদূৰৰ পৰা তেতিয়া এগাল কাউৰী চিঞঁৰ বাখৰ ভাঁহি আহিছিল ।
-মা,মা উঠ উঠ !!
ফচঙৰ টোপনি আহিছিল হে , বাংকাঙৰ মাতত কোনোমতে চকু এটা মেলি তললৈ চালে । তলত বাংকাং আৰু দাংকাং ফোঁপাই ফোঁপাই ৰৈ আছিল । ফচঙে প্ৰথমে টোপনিতে মুখৰে বৈ অহা লেলাউটিখিনি মোহাৰি ল’লে, তাৰপাছত লেতেৰা দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰি সুধিলে
-লাহৰীয়ে কেনেকৈ কান্দিছে ? মোক বিয়ালৈ নমতাৰ পোতক বাৰুকৈয়ে পালে তাই ! কাউৰীবোৰে তাইৰ পাখি ছিঙি শেষ কৰিলে নে ? তাই চাগৈ এতিয়া বিনাই আছে ন ?
-মা ,লাহৰীয়ে বিনাই থকা নাই । খঙত তোক আৰু আমাক বিচাৰি ফুৰিছে ।
-আহকচোন তাই এইফালে …একেপাত চৰেই ত্ৰিভুৱন দেখুৱাই দিম । মই ক’ত আছোঁ কৈ আহিব লাগিছিল !
ফচঙে হাতোৰাখন চেলেকি চেলেকি উত্তৰ দিলে ।
-তই ক’ত আছ কৈ অহা হ’লেতো বিপদেই আছিল ! এতিয়াও ঠিক নাই , বিচাৰি পাবও পাৰে । পালে খাটাং, ত্ৰিভুৱন দেখিম । তোৰ কি দৰকাৰ পৰিছিল লোকৰ বিয়াত জেং পুতিবলৈ ! দেখা নাই আমাৰ অৱস্থা ,কোনোমতে পলাই আহিছোঁ বুলিহে !
বাংকাঙৰ বিননি শুনি ফচং অবাক ! আকৌ ক’ত কেণা লাগিল । সিটো ঠিকেই বাতৰি দিছিল ! নে কাউৰীবোৰে বগলীৰ সৈতে বিয়াত বহাত কোনো আপত্তি দেখোৱা নাই ! আচৰিত !!
ফচঙৰ মনোভাৱ বুজিব পাৰিয়ে দাংকাঙে মাত লগালে
-মা,তই কোৱা মতেই আমি কাউৰীবোৰক বগলীৰ কথাকৈ উত্তেজিত কৰি তুলিছিলোঁ । সিহঁতে আমাক লগত লৈয়ে লাহৰীৰ ঘৰলৈ গ’ল । লাহৰীয়ে কথাটো শুনি আমি কথাটো ক’ৰ পৰা গম পালোঁ সেয়া প্ৰথমে সুধিলে । আমি তোৰ কথা কোৱাত তাই জ্বলি পকি উঠিল । তাৰপাছতহে তাই ক’লে…
-কি ক’লে ? তাইৰ জীয়েকৰ বিয়া বগলীৰ সৈতে নহয় নেকি ?
-হয় ! তাইৰ জীয়েকৰ বিয়া বগলীৰ সৈতে হয় । কিন্তু বগলী নামৰ কাউৰীটোৰ সৈতেহে ।
-কি ? কাউৰীৰো নাম বগলী থাকে !!
ফচঙৰ মুখ মেল খাই গ’ল ।
-অ’ নৈ পাৰৰ বগলী এহালে সেই অনাথ কাউৰী পোৱালিটোক তুলি-তালি ডাঙৰ দীঘল কৰিছিল । সেইবাবে তাক সকলোৱে বগলী বুলি মাতে । জিলীহঁতে তাক ভালকৈয়ে চিনি পাই । তইহে চিনি নাপায় এই লটিঘটিখন লগালি ।
দাংকাঙৰ বৰ্ণনা শেষ হয় মানে খঙত থকা এসোপা কাউৰী মাত সিহঁতৰ কাষ চাপি আহিল ।
-মা ,পলা পলা । সেইসোপাই বৰ বেয়াকৈ খোঁটে ।
দাংকাং,বাংকাঙে ভিৰাই ঘৰৰ ফালে লৰ দিলে । এইফালে ফচঙে ভয়ত খপজপ কৰি ঠেঙৰ পৰা লতাবোৰ এৰাবলৈ চেষ্টা কৰোঁতে বেছিকৈহে জোঁট-পোট খাই পৰিল । ইতিমধ্যে লাহৰীৰ সহিতে অঞ্চলটোৰ ডেকা কাউৰীবোৰে ফচঙক ঘেৰি ধৰিলে । ফচঙে ভয়ে ভয়ে লাহৰীলৈ চাই কিবা এটা ক’বলৈ লওঁতেই কোনোবা এটাই চিঞঁৰি উঠিল
আক্ৰমণ !!
ফচঙৰ শৰীৰটো কাউৰীৰে ঢাক খাই পৰিল । কাউৰীৰ চিঞঁৰ-বাখৰ আৰু পাখিৰ শব্দ ফালি মৰণকাতৰ চিঞঁৰ এটা দূৰলৈকে বিয়পি পৰিল ।
দাংকাং,বাংকাং ঐ …মাৰক বচা ঐ …দাং..কাং…বাং..কাং…
মোৱাওওওওওওওওওওওওওওওওওওওওওওওও

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
5 years ago

Pohi bahut bhal lagil. Enehen lagil gen kunuba aaita ajoniye natiyekor aagot holholiyakoi hadhukotha ata koi goise. Hosakoiye aapunar bhakha hoili aaru sitrone hadhutik ak onya matra prodan korise. Aapunar hadhu likhar hoili olop beleg dhoronor lagil. Aagoloiu aapunar pora likha pohibo pam buli aakha thakil.

Regards
Budhin Mili
Ahmedabad

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক