গদাপাণি ডালিমীক বিচাৰি নগাপাহাৰলৈ- হিমাশ্ৰী দাস

২০১৬ চনৰ এপ্ৰিল মাহৰ নেৰানেপেৰা বৰষুণৰ মাজেৰে বান্ধৱী দুগৰাকীৰ সৈতে যাত্ৰা কৰিছিলোঁ শিৱসাগৰ-সোণাৰী হৈ নাগালেণ্ডৰ ম’ন জিলালৈ৷ ম’ন টাউন হৈ সেইদিনা আমি ভাৰত-ম্যানমাৰ সীমান্তৰ লুংৱা গাঁৱলৈ যাত্ৰা কৰিছিলোঁ নগা ককাইৰ গাড়ীৰে৷ ৰাতিটো তাতে থাকি পিছদিনা উভতি আহি আকৌ ম’ন টাউনৰ পৰা বৰ্ষাসিক্ত বতৰৰ মাজে মাজে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ এইবাৰ লক্ষ্যস্থান ম’ন জিলাৰ ৱাকছিং৷ পাহাৰীয়া এই গাঁও খনতে হেনো গদাপানী লুকাই আছিল ল’ৰা ৰজাৰ পৰা পলাই৷ যাত্ৰাপথতে বতৰৰ লগে লগে আমাৰ চুমো খনো বেয়া হোৱাত সহযাত্ৰী নগা মহিলা এগৰাকীয়ে আমাৰ অৱস্থা দেখি ক’লে– “কপালটো বিছি বেয়া আছে ওঁ”৷ চুমোখন ঠিক হোৱাত আকৌ যাত্ৰা আৰম্ভ হৈছিল লুংলুঙীয়া, অকোৱা পকোৱা আৰু ঠিয় সেই নগাপাহাৰৰ মেৰামতি নহোৱা পথেৰে৷ বৰষুণৰ মাজেৰে আমি ভয়ে ভয়ে ৱাকছিং পাওঁতে সন্ধিয়া নামিছিল৷ নিস্বাৰ্থ আৰু অকৃত্ৰিম মৰমেৰে আমাক আতিথ্য আগবঢ়াইছল সহজ-সৰল চৌবা উপু আৰু উপিৰ (ককা-আইতা কন্যাক ভাষাত) পৰিয়ালে৷ মনলৈ আহিছিল সীমাৰ কজিয়াবোৰ কোনে লগায়? তেওঁলোকৰ লগত বেছিভাগ কথা বতৰা নাগামিজতে হৈছিল৷
পিছদিনা পুৱা আমি ৱাকছিং গাঁৱৰ আং(ৰজা)ক ল’গ কৰিছিলোঁ৷ আগৰ সেই আভিজাত্য বিচাৰি পাবলৈ নাই যদিও আংজন সমাজৰ সন্মানীয় ব্যক্তি৷ তেওঁ আমাক কৈছিল প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰি অহা গদাপানীৰ কথা৷ থুলমূলকৈ তেওঁ কোৱা কথাখিনি হ’ল: “এইখন গাঁৱতে(ৱাকছিং) আহোম ৰজা গদাপানী পলাই আহি প্ৰথমে লুকাই আছিল আৰু সেইদিনাৰ পৰা সাত দিন সাত ৰাতি হেনো ধাৰাষাৰ বৰষুণ হৈছিল আৰু আং জনে গদাপানীৰ বাবে এনে হোৱা ভাৱি তেওঁক আন এখন গাওঁ টানহাইলৈ পঠিয়াই দিয়ে, য’ত ৱাতলোং ৰাণীৰ জীয়ৰী( অসমীয়া নাম ডালিমী) ৰাজকুমাৰীৰ লগত গদাপানীৰ সম্পৰ্ক স্থাপন হয়৷”
আমি দেখিছিলোঁ ৱাকছিঙত থকা এটা মুৰুং (ডেকাচাঙৰ দৰে) ত এফালে গদাপানী আৰু আনটো ফালে সেইসময়ৰ আংজনৰ প্ৰতিমূৰ্তি কাঠত কাটি থোৱা আছে৷ পিছদিনা আমাৰ উভতনি যাত্ৰাৰ সময়ত টানহাই গাওঁখনৰ পথৰ কাষত গাড়ী ৰখাই পকী স্মাৰকটোৰ ফটো উঠাই লৈ আহিছিলোঁ, য’ত লিখা আছে গদাপানী- ডালিমী তথা আহোম-নগাৰ সেই বন্ধুত্বৰ গাথাঁ৷ উপুৰ ল’ৰাজনে আমাক আগবঢ়াব আহি বাৰে বাৰে কৈছিল “আৰু আহিবি বৈনী”, ককাইক বিদায় জনাই আমি উভিতিছিলোঁ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments