গোঁহাইকুঁৱৰী পুখুৰী- প্ৰতিম প্ৰতাপ বৰুৱা

– “বোলো এনেকে আগফাল পিছফালখননো কেলেই কৰি আছে৷ আহিব নহয় সখীয়েক৷ জলপানটোকে খাই লওক নহলে৷”

খুড়ীদেৱে ঘৰটো চিজিল কৰি আছিল৷ এই নাতিটোৰ পৰা উপায় নাই নহয়৷ মহা খটাসুৰ৷ এটা বস্তুও ঠিক ঠাইত নাথাকে৷ এবাৰ ঠিক কৰি থৈ যাবা, অলপ পিছতে গোটেইখন দলিয়াই খটিয়াই লাং লাং থাং থাং কৰি থৈ যায়হি৷ একো কবও নোৱাৰি নহয় নাতিপোৱালিটোক৷ আইতা বুলি যেনেকেহে গবা মাৰি ধৰিবহি, তোমাক কৈছো খঙটো একেবাৰে পলায় বাসুদেৱায়, পাছ নাচায়৷ দেখিবলৈও গোটেইটো যেন সাক্ষাত শ্যামকানুহে৷ চকুৰ আগত নাতিটোৰ নাচোন-বাগোন, হিয়াৰ মাজত নাতিটোলৈ থকা চপচপীয়া মৰমখিনি লৈ ৰংমনে খুড়ীদেৱে কাম কৰি আছে৷ তাৰ মাজতে ভৱানন্দ গোঁহাই দদাইদেৱে খুড়ীদেউৰ আগেদি অহা-যোৱা কৰি বাৰে বাৰে অগা-দেৱাখন কৰি আছেহি৷ জলপানো খোৱা নাই৷ পূৰ্ণকান্ত গগৈ সখিয়েকলৈ বাট চাইছে৷ সখিয়েক আহিলেহে দুয়ো একেলগে খাব বোলে৷ খাই উঠি দুয়ো ওলাই যাব গাঁও ফুৰিবলৈ৷ ইমান দিনৰ মূৰত লগ লাগিছে, দুয়োৰে দুয়োলৈ বৰ মৰম দেহি৷
পূৰ্ণকান্ত গগৈ আৰু ভৱানন্দ গোঁহাই৷ দুয়ো সখিয়েক৷ সেই তাহানি হাতত ফলি লওঁতেই সখি পাতিছিল৷ পিছে অলপ ডাঙৰ হৈ দুয়ো এৰাএৰি হ’ল নহয়৷ এজন থাকি গ’ল, ইজনে ঘৰে-ঘৰোৱাহে পূবলৈ উঠি গ’ল৷ ছমাহ বছৰেকে লগ পায় কেতিয়াবা৷ সেই লগ পাওঁতেই কোনোবা এবাৰ ইজনে সিজনক গগৈদেউ আৰু গোঁহাইদেউ বুলিবলৈ ল’লে৷ এতিয়া পিছে দুয়ো আজৰি দেই৷ দুয়ো বয়সৰ দায়িত্ব পালন কৰিলে৷ নাতি-নতিয়ান দেখিলে৷ উঠি যোৱাজনো ঘূৰি আহিল৷ নাহি পাৰেনে? এইহেনখন সমাজ, এইখিনি মানুহ, এইহেন নামঘৰ, সৌখন দিখৌ৷ এইবোৰ এৰি আঁতৰত কেনেকৈ থাকিবা হে?
গগৈদেউ আহি পালেহি৷ জলপান সাজু হৈয়েই আছিল৷ গোঁহাইদেৱে গগৈদেৱে একেলগে বহি জলপানখিনি খাই ললে৷ কথা আৰম্ভ হলেই নহয়৷ হৰিকথাৰ পৰা কলথোকা বাদুলিয়ে খালেলৈকে কত যে কথা, কত যে বিষয়৷ পুৰণা কথা ওলায়, নতুন কথাও ওলায়৷ খুড়ীদেৱেও মাজে মাজে ভাগ লয়৷ খাই উঠি দুয়ো সেয়া ওলালেই নহয়৷ ফাগুনমহীয়া বতৰ৷ কমোৱা তুলা উৰা বতৰ৷
নামঘৰটো পাৰ হৈয়ে দুয়ো সোঁফালে বাট ললে৷
– আজি পুখুৰীপাৰলৈ যাম দেই৷ পাৰিলে মৈদামকেইটাও চাবগে লাগিব৷ যাব পৰা যাবনে বাৰু গোঁহাইদেউ?
– যাওঁ বুলিলে তোমাকে মোকে কোনে ৰখায়? ময়ো এইফালে বহুতদিন অহাই নাই বুলিব লাগে৷ পিছে মৈদামকেইটাহে হাবিয়ে ঢাক খালে৷ ইহঁতক কৈ অলপ মোকলাব লাগিব৷ এইবোৰ আমাৰ সম্পদ বুজিছা গগৈদেউ৷
ইহঁত মানে সমাজৰ ডেকাহঁত৷ কথাতে কয় নহয়, বোলে পাঁচো আঙুলিয়ে খায়, বুঢ়াই হেঁচুকিলেহে যায়৷ সেইমতে গোঁহাইদেউসকলে ডেকাহঁতক হেঁচুকে – বোলো হেৰৌ লৰাহঁত, নামঘৰকন ডাঙৰ কৰিব লাগে নহয়, কাষতে সেয়া মাটি পৰিয়ে আছে৷ পাৰিলে বিলখনো এছোৱা পোত৷ লৰাহঁতে সেইমতে কাম কৰিলে৷ বিলখন আধা পুতি পেলালে, তাহানিৰ তোমাৰ সেই কেঁচা নামঘৰকন পকাকে সাজি এইহেন ৰূপ দিলে৷ কম কথানে? এইবোৰ অলপ কামনে? এইবাৰ মৈদামকেইটা মোকলাবলৈ অলপ হেঁচুকিব লাগিল৷ হৈ যাব৷ হ’বই লাগিব৷
এইখন শিৱসাগৰৰ মাজমজিয়াৰ গোঁহাই গাঁও৷ এলাপেচা গাঁও নহয় দেই৷ সেই তাহানিয়ে পতা ৰজাদিনীয়া গাঁও৷ এসময়ত এইবোৰ ঠাই অটব্য হাবি আছিল৷ দিনতে বাঘ ওলাইছিল৷ দিখৌ নদীখন এইফালেদিহে বৈছিল৷ বৰ ভুইকঁপত গতি সলাইহে আজিৰ বাটেৰে বৈছে৷ দিখৌৰ সেই এৰাসূতিটো সময়ত এখন বিল হ’ল৷ মাটিবোৰ খুব সাৰুৱা৷ নৈপৰীয়া মাটিখিনিযে কবই নালাগে৷ গোঁজটো মাৰি দিলেই হ’ল, বাকী একো কৰিবই নালাগে৷ পিছে এতিয়া খেতি পথাৰবোৰ আগৰ দৰে হৈ থকা নাই৷ মাটিৰ তলত তেল ওলাইছিলে৷ গোটেই শিৱসাগৰখনেই বোলে তেলত ওপঙি থকাদি আছে৷ কমিচনৰ অফিচ বহিল৷ মাটিৰ তলৰ তেল উলিওৱা ৰিগবোৰ বহিল৷ অকল অফিচেই নে কিবা৷ অলপ আঁতৰৰ নাজিৰাত বহিল কমিচনৰ ইষ্টাৰ্ণ ৰিজিঅ’নেল বিজিনেছ চেণ্টাৰ৷ সমানে সমানে মানুহো বাঢ়িল৷ গাড়ী-মটৰো বাঢ়িল৷ পথাৰবোৰো নোহোৱা হ’ল৷ সেই তেতিয়া যিবোৰ মানুহৰ মাটি কমিচনে লৈছিল সেই মানুহবোৰে টকাও পালে, কমিচনত চাকৰিও পালে৷ আৰম্ভণিতে বোলে কমিচনে মানুহক মাতি নিয়াদি নি চাকৰি দিছিল৷ আজিকালিহে সৰু চাকৰি এটা পাবলৈও টান হ’ল৷ সেইবোৰ বহুত কথা৷ মুঠতে আজিৰ শিৱসাগৰখনত তাহানিৰ সেই শিৱসাগৰৰ চিনচাব নাই৷
পিছে আমাৰ গোঁহাইকুঁৱৰী পুখুৰীটো হ’লে আছে দেই৷ লৰাহঁতে তাতে এতিয়া ছুইমিং পুল সাজিলে৷
গগৈদেউ আৰু গোঁহাইদেউ গৈ গৈ পুখুৰীপাৰ পাওঁতে এঘণ্টামান লাগিল নহয়৷ নালাগিবনে? বাটত সিটিয়ে সোধে – বোলো দুই সখিয়েকে কেনি পোনালে বা? সিটিয়ে সোধে – নিচাদেউ ভালনে৷ কোনফালে যায়? সকলোৰে লগতে দুআষাৰ কথা নপতাকে কেনেকৈনো পাৰ হ’বা?
গোঁহাইকুঁৱৰী পুখুৰীৰ পাৰত বহি দুয়ো অবাক হ’ল৷ পথাৰখন দেখোন নায়েই৷ চাৰিওফালে ঘৰ৷ মানুহেৰে গিজগিজাই আছে৷ এসময়ত ইয়াত বহিলেই মৈদামকেইটা দেখি আছিল৷ এতিয়া নেদেখি দেখোন৷
– অ’ গোঁহাইদেউ, এটা কথা নহয়৷ আমি এইটো পুখুৰী, সৌকেইটা মৈদাম ইমানদিনে দেখি আহিছো৷ পিছে কোনজনা ৰজাদেৱে কোনজনা আইকুঁৱৰীৰ নামত এই পুখুৰী খনাইছিল, নামটো গোঁহাইকুঁৱৰী কেনেকৈ পৰিল, সেইবোৰ কথাহে হলে খাটাংকৈ একো নাজানিলো৷
– এৰা৷ আৰু সৌ মৈদামকেইটানো কাৰ কাৰ, কোনে কেতিয়া সজাইছিল সেয়াও আমি নাজানো৷ আনকি আমাৰ গাওঁখনৰ নামটোনো গোঁহাই গাঁও কেনেকৈ হ’ল, সেইজনা গোঁহাই ডাঙৰীয়ানো কোনজনা আছিল সেয়াও মানুহে নাজানে৷ খবৰ খাতি কৰিবলৈও আজিকালি মানুহ নোহোৱা হ’ল৷ আনকি আমাৰ সম্পূৰ্ণ বংশাৱলীখননো কাৰ ওচৰত আছে নাজানো৷
– এইবোৰ খবৰ লওঁতা কোনো নাইনে? দেহি ঐ, মৈদামকেইটা ইমান আলৈ আথানি হৈ পৰি আছে৷ অলপ খবৰ-খাতি লোৱা যাওকনেকি? নে কি কোৱা গোঁহাইদেউ?
– নহয়নো কি৷ আমিয়ে ধৰো নহলে৷ পুথি-পাজি অলপ ঘাটিব লাগিব৷ দুজনমানৰ ওচৰলৈকো যাব লাগিব৷
– লৰাহঁতকো লগত লৈ লওঁ৷ আগভাগ সিহঁতকে দিওঁ৷ এইবোৰ সিহঁতৰে সম্পদ, সিহঁতে আঁটি-গুৰি উলিয়াওক৷ আমি লগত থাকিমেই৷
– ঠিকেই৷ কব জানিলে লৰাহঁতে দায়িত্ব লৈ কাম কৰিবই৷ লগতে জনা-বুজা বুৰঞ্জীবিদ দুজনমানকো ইয়ালৈ মাতিব লাগিব৷ কথাবোৰ উলিয়াব লাগে৷ এইবোৰ ৰজাদিনীয়া সম্পদ, আলৈ আথানি হ’বলৈ দিব নোৱাৰি৷ এনেকে থাকিলে থাকিলে এদিন গৈ থৈ নোহোৱাই হ’বগে দেখোন৷
– ঠিক কথা হে গোঁহাইদেউ৷ লোকৰ মুখ বাগৰি অহা কথা, – মৈদামকেইটা হেনো কোনোবা এজনা মন্ত্ৰী ডাঙৰীয়া আৰু কেইজনমান ৰজাঘৰীয়াৰ৷ পিছে কোনটো কাৰ, নামৰূপীয়াৰে নে চাৰিঙীয়াৰে নে, খাচ তিনিজনা গোঁহাইৰে কোনোবা এজনাৰ সেইকথা হলে নাজানো৷ পিছে এইবোৰ মুখ বাগৰা কথাহে৷
এসময়ত গোঁহাইদেউ আৰু গগৈদেউ দুয়ো পুখুৰীপাৰৰ পৰা উলটিল৷ ওৰে বাটটো তেওঁলোকৰ কথাৰ সাৰাংশ আছিল – আমাৰ সন্মুখত এয়া অসম বুৰঞ্জীৰ এক অধ্যায় পৰি আছে৷ এই অধ্যায়টো মুকলি কৰিব লাগিব৷ সম্পদবোৰ লোপ পাবলৈ দিব নোৱাৰি৷ কথাষাৰ সকলোকে কব লাগিব৷ বিশেষকৈ আমাৰ লৰাহঁতক এইবোৰ সম্পদৰ আঁটি-গুৰি উলিয়াই, সিবোৰক ৰক্ষা কৰাৰ লগতে সজাই-পৰাই তোলাৰ দায়িত্ব দিব লাগিব৷ আমাৰ লৰাহঁতে এই কাম কৰিব৷ কৰিবই৷
–**–
(নোট – শিৱসাগৰৰ পুৰনা আমোলাপট্টি পাৰ হৈয়ে সোঁফালৰ বাটটোৱেদি গ’লেই সেয়া গোঁহাই গাঁও৷ সেই গোঁহাই গাঁৱতে এই আহল বহল, ৰজাদিনীয়া গোঁহাইকুঁৱৰী পুখুৰীটো আছে৷ অলপ দূৰত কেইটামান মৈদাম আছে৷ মই জনাত এই পুখুৰীটো আৰু মৈদামকেইটা সম্পৰ্কে সম্পূৰ্ণ তথ্য এতিয়ালৈকে নাই৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক