অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহ ড° গোলক চন্দ্ৰ গোস্বামীদেৱৰ স’তে এটি সন্ধ্যাঃ জয়ন্ত আকাশ বৰ্মন

with G.C.Goswami

আহিনৰ পুৱা এটাত তেখেতক লগ পাইছিলোঁ, তেখেতৰ বাসভৱনত। মোক কাষত বহুৱাই লৈছিল। নাম সুধিছিল, মই যথাসম্ভৱ নম্ৰতাৰে কৈছিলোঁ, জয়ন্ত আকাশ বৰ্মন। তেখেত কথাৰ মাজতে ক্ষন্তেক ৰৈ দিছিল, এক মুহূৰ্ত কিবা এটা ভাবিছিল আৰু মোক কৈছিল, জয়ন্ত আকাশ বৰ্মন,  “ঋদ্ধ সিক্ত শূন্য”- প্ৰান্তিক, হয়নে? এইবাৰ মই আচৰিত হৈ গৈছিলোঁ। মেজৰ পৰা আগষ্ট মাহৰ প্ৰান্তিকখন আনি তেখেতে মোক মোৰ প্ৰকাশিত ‘ঋদ্ধ সিক্ত শূন্য’ কবিতাটো দেখাইছিল আৰু কৈছিল- লিখিবা, তোমাৰ ভাল হ’ব।

মই আচৰিত হৈছিলোঁ, মোৰ কবিতাটো প্ৰকাশ হৈছিল ২০১২ চনৰ আগষ্ট মাহত আৰু সিদিনা আছিল সেইটো বছৰৰ নবেম্ববৰ মাহ। তেখেতৰ স্মৃতি শক্তি আৰু তৰুণ প্ৰজন্মৰ প্ৰতি আশীৰ্বাদ পুষ্ট আন্তৰিকতাই মোক মুক কৰি পেলাইছিল। তেতিয়া তেখেতৰ বয়স নব্বৈৰ ওচৰা-ওচৰি …

শান্ত-সৌম্য প্ৰাজ্ঞ, ঋষিতুল্য নিৰহংকাৰী বিৰল ব্যক্তিত্বৰে তেখেত ড° গোলক চন্দ্ৰ গোস্বামী। অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহ, নীৰৱ সাধক, ব্যাকৰণবিদ, ধ্বনি, উচ্চাৰণগত ভাষাতত্বৰ প্ৰাজ্ঞ গৱেষক।

 

যোৱা ২৩ জানুৱাৰী, ২০১৭ তাৰিখে ‘সাহিত্য ডট অৰ্গ’ৰ বাবে সাক্ষাৎকাৰ এটা বিচাৰি পুনঃ তেখেতৰ ওচৰলৈ গৈছিলোঁ। তেখেতৰ সহধৰ্মিনী শ্ৰীযুতা মামনি গোস্বামীয়ে মোক তলৰ পৰা প্ৰথম মহলালৈ আগবঢ়াই লৈ গৈছিল। প্ৰথমেই আমি লগ হৈ ভোগালী বিহুৰ জলপান খালোঁ, বাইদেৱে যতনাই দিলে। চাৰ উঠি আহি মোৰ ওচৰ পালে, মই থিয় হ’ব খোজোতেই কান্ধত ধৰি তেখেতে মোক বহুৱাই দিলে- বহা, বহা ডেকা ল’ৰা।

তেখেত আহি মোৰ ওচৰত বহিল। শাৰীৰিক অসুস্থতা হেতু তেখেতে নিয়ম মাফিক সাক্ষাৎকাৰ দিব নোৱাৰে। কিন্তু আমি কথা পাতিলোঁ, বহু সময়। আমি কথা পাতিলোঁ বৰ্তমান অসমৰ সাংস্কৃতিক পৰিবেশৰ কথা। চাৰৰ প্ৰতিটো কথাতেই লুকাই থকা আশাবাদে মোকো উৎসাহী কৰি তুলিছিল সিদিনা।

 

চাৰে কৈছিল – তোমালোক আগবাঢ়ি আহিছা। মোৰ ভাল লাগিছে। তোমালোকেই আগবঢ়াই নিব লাগিব আমাৰ অসমক।

কথাৰ মাজতেই মই অসমীয়া ইউনিক’ড আৰু ইয়াৰ যাত্ৰা বিষয়ে উলিয়ালোঁ।

চাৰে ক’লে- অসমীয়া ভাষাৰ স্বতন্ত্ৰতা ৰক্ষাৰ কাৰণে অসমীয়া ইউনিক’ড ‘ফ’ৰ্মেলি’ গ্ৰাহ্য হোৱাটো বহুত প্ৰয়োজন। ক্ষন্তেক ৰৈ গ’ল তেখেত। আগৰ বাক্যটোত জোৰ সানি তেখেতে পুনৰ ক’লে- অকল স্বতন্ত্ৰতাই নহয়, ই অসমীয়া ভাষাৰ মৰ্যদাৰ বিষয়। মই বহুত মিটিং ইত্যাদিত এই সম্পৰ্কে কৈছোঁ। বনজিৎ, সত্যকামহঁ‌ত বহুদিন আহিছে। আমি কথাও পাতিছোঁ।  কাম আগবাঢ়িব লাগে। ই আমাৰ মৰ্যদাৰ কথা।

 

আমি আকৌ কথা পাতিলোঁ। বেছি সময় কথা পাতিলে চাৰে কষ্ট পায়। কিন্তু যিখিনি কথা কয়, স্পষ্ট কয়। সুন্দৰ, শুৱলা, গম্ভীৰ।

চাৰ কিছুপৰ জিৰণি ল’লে। মই বাইদেউৰ লগতেই কথা পাতিলোঁ।

কথা প্ৰসংগত চাৰে ক’লে- মাজতে ইউনিক’ড সম্পৰ্কে আলোচনা কৰিবলৈ হীৰেণ গোহাঁয়ো আহিছিল। কিন্তু কামটো আধৰুৱা হৈ থাকিল। এক মুহূৰ্তৰ কাৰণে তেখেত ৰ’ল। মূৰৰ টুপীটো ঠিক কৰি ল’লে। মোক ক’লে- আমি আৰু নাই বুলিয়েই ধৰা। গলোঁ বুলিয়েই ধৰা … আমি নীৰৱ হৈ যোৱা দেখি তেখেতে শিশুসুলভ সৰলতাৰে ঢেক্‌ঢেকাই হাঁহি উঠিল। ক’লে, তোমালোকে এটা কাম কৰা। এই বেলেগে-বেলেগে কাম কৰি থকাতকৈ তোমালোক একগোট হোৱা। অসমীয়া ইউনিক’ড আমেৰিকাৰ আন্তঃৰাষ্টীয় ক’নচৰটিয়ামত সম্পূৰ্ণৰূপে গ্ৰাহ্য হ’লেহে কামৰ কাম হ’ব। অকলে অকলে তোমালোকৰ মাজত কো-অৰ্ডিনেশ্যন নোহোৱাকৈ কাম কৰি থাকিলে এইটো সম্ভৱ হোৱা কঠিন হ’ব। তোমালোক দেখা-দেখি হোৱা। লেখা-লেখি নহয়। দেখা-দেখি, লেখা-লেখি নহয়। কথাটো কৈ কথাৰ ছন্দত চাৰে আকৌ এবাৰ হাঁহি দিলে। এতিয়াও অসমীয়া ইউনিক’ডৰ স্বতন্ত্ৰতা বিশ্ব কনচৰ্টিয়ামত গ্ৰাহ্য হোৱা নাই। সেই ‘ৱ’ আৰু ‘ৰ’ । চাৰ ৰৈ গ’ল। আকৌ ক’লে, “অসমীয়া ভাষা এটা স্বতন্ত্ৰ ভাষা”।

 

এই কামটোত চৰকাৰৰ সহযোগিতা অনিবাৰ্য। এই কামবোৰ চৰকাৰী পৰ্যায়তহে হয়। আৰু চৰকাৰত তেনেকুৱা আগ্ৰহী মানুহ নাই। থাকিলেও এতিয়ালৈ দেখা পোৱা যোৱা নাই। তোমালোক একগোট হৈ অনতিপলমে চৰকাৰৰ লগত কথা পাতা। ৰিপ্ৰেজেণ্টেছন দিয়া। প্ৰথম দিল্লীৰ অফিচলৈ। তাৰ পিছত আমেৰিকাৰ সংস্থাটোলৈ। সমন্বিত প্ৰচেষ্টা হ’লে ই সফল হ’বই। মোৰ লগতো অসমীয়া ইউনিক’ডৰ যাত্ৰা বিষয়ক বহুত ফাইল আছে। তোমালোক আগবাঢ়ি আহা। মই আছোঁ!

 

শাৰীৰিক অসুস্থতাৰ হেতু চাৰে কথাবোৰ সু-সংবদ্ধতাৰে কোৱাত অলপ অসুবিধা পায়। আৰু মোৰো চাৰক কথা সুধিবলৈ ভাল নালাগে। সাক্ষাৎকাৰ এটাৰ নামত তেখেতক কষ্ট দিবলৈও সত নাযায়। তেখেত বৰ্তমান ৯৪ বছৰীয়া মনিষী। নুসুধিলেও তেখেতে মোক বহু কথাই ক’লে। দহমিনিটৰ বাবে তেখেতক লগ কৰিবলৈ গৈছিলোঁ, দুঘণ্টা কেতিয়াযে পাৰ হৈ গ’ল গমেই নাপালোঁ।

 

চাৰৰ লগত মই ফ’টো উঠিলোঁ, চাৰে মোৰ ম’বাইলটো লৈ ফ’টোখন চালে- একেই শিশুসুলভ সৰল হাঁহি। ক’লে-ক’ৰবাত উঠিলে মোক দেখুৱাবা।

 

ইয়াত নিলিখা আৰু বহুত কথা পাতি পাতি চাৰৰ ঘৰত ৰাতি হৈ গ’ল। শীত অলপ নামিছিল। নাতিদূৰত থকা জি. এন. বি. ৰোডৰ চিটিবাছবোৰ সেৰেঙা হৈ আহিছিল। চাৰক প্ৰণাম জনাই মই বিদায় লৈ নামি আহিছিলোঁ ! চাৰে চাই আছিল।

 

বুলেটৰ কিক মাৰি মই উভটিলোঁ। গোটেই ৰাষ্টা মই ইয়াকেই ভাবি আহিলোঁ‌ – কিছুমান মানুহৰ সান্নিধ্যই বাস্তৱ পৃথিৱীৰ বেয়াখিনি পাহৰাই পেলায়। এইগৰাকী মহীৰূহৰ সান্নিধ্য সঁ‌চাকৈয়েই সুবাসিত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments