দুটা যুগৰ দুজন গল্পকাৰৰ অন্তৰ্দ্বন্দ্বৰ দুখন নিখুঁত চিত্ৰ (অঞ্জল বৰা)

অসমীয়া গল্প-সাহিত্যৰ জন্ম হয় প্ৰাকস্বাধীনতা কালতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮)ৰ হাতত। জোনাকী (১৮৮৯)ৰ পাততেই বেজবৰুৱাই গল্প-সাহিত্যৰ পাতনি মেলিছিল। ইয়াৰ পিছ্ত জোনাকী আলোচনী আৰু বেজবৰুৱাকে আদৰ্শ হিচাপে লৈ অনেক আলোচনী আৰু গল্পকাৰৰ জন্ম হ’ল। জোনাকী, বিজুলী, বাঁহী, ঊষা, আলোচনী, চেতনা, আৱাহন, জয়ন্তী, ৰামধেনু, প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি অনেক আলোচনীৰ জৰিয়তে পৰৱৰ্তী সময়ত অনেক গল্পকাৰে নিজৰ সৃজনী প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যতো পৰিৱৰ্তনে দেখা দিছিল। জোনাকী যুগৰ লেখকসকলে বিংশ শতাব্দীৰ তৃতীয় দশকৰ শেষলৈকে তেওঁলোকৰ সাহিত্য সৃষ্টি চলাই গৈছিল যদিও শেষলৈ দুই-এজন এই সংসাৰৰ পৰা আঁতৰি যোৱাত এটা যুগৰো অৱসান ঘটে। দ্বিতীয় মহাযুদ্ধৰ আৰম্ভ, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অন্যান্য কিছুমান আনুষংগিক প্ৰভাৱে অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো বিৰাত প্ৰভাৱ বিস্তাৰ কৰিছিল। ফলত পুৰণি বহু আলোচনীৰ ধাৰা বন্ধ হৈ পৰিছিল আৰু এচাম লেখকৰ কলমো চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিছিল। যুদ্ধৰ অন্তত দুই-এখন নতুন আলোচনীৰ জন্ম হোৱাৰ লগতে এচাম নতুন লেখকৰো জন্ম দিছিল। কিন্তু এই পৰিৱৰ্তনে অসমীয়া সাহিত্যলৈ এটা নতুন ভাৱ আৰু চিন্তাৰ আমদানি কৰিছিল।

প্ৰাক-স্বাধীনতা কালৰ ৰোমাণ্টিক সাহিত্যৰ যি ভাব-লেশ আছিল সেয়া স্বৰাজোত্তৰ কালত অনেক পৰিৱৰ্তন হ’ল। স্বাধীনতাই আনি দিয়া সামাজিক পৰিৱৰ্তনসমূহে সাহিত্যত ঠাই অধিকাৰ কৰিলে। জোনাকীৰ পিছতে আৱাহন কাকতেও অসমীয়া গল্প-সাহিত্যলৈ নতুনত্বৰ ঢল বোৱাই আনিছিল যদিও মহাযুদ্ধৰ পাৰিপাৰ্শ্বিক কাৰণে সাহিত্য সৃষ্টিটো প্ৰভাৱ পেলালে। স্বাধীনতাৰ পিছতে প্ৰথমে পছোৱা আৰু পিছ্ত ৰামধেনু আলোনীয়ে অসমীয়া গল্প-সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। জোনাকীৰ দৰেই ৰামধেনু (১৯৫২) আলোচনীয়ে অসমীয়া সাহিত্যত এক নতুন বিপ্লৱৰ সৃষ্টি কৰিলে আৰু বহুকেইজন ন-লেখকে অসমীয়া সাহিত্যক এক বলিষ্ঠ ৰূপ প্ৰদান কৰিলে।

প্ৰাকস্বাধীনতাৰ কালত (১৮৮৯-১৯৪০) অসমীয়া সাহিত্যত ৰোমাণ্টিকতাৰ প্ৰভাৱ বিদ্যমান। সেই সময়ত মানুহৰ জীৱন প্ৰণালী আছিল সহজ-সৰল আৰু মানুহে সততে ভৱিষ্যতৰ জটিল পৃথিৱীখনৰ প্ৰতি কোনো ধাৰণা কৰিব পৰা নাছিল। সেয়ে সেই সময়ৰ প্ৰায় সংখ্যক সাহিত্যিকৰ ৰচনাতে সেই সৰলতা প্ৰকাশিত হৈ উঠিছিল। ৰোমাণ্টিক যুগৰ গল্পকাৰ হিচাপে বেজবৰুৱাৰ গল্পসমূহতো সেই সমাজখনৰ চিত্ৰ পৰিস্ফুট হৈ উঠিলেও তেওঁ সততে সমসাময়িক সমাজখনক সংস্কাৰ কৰিবলৈ যত্ন কৰিছিল। কাৰণ তেওঁৰ মনটো কেতিয়াও সীমাৰ মাজত বন্দী নাছিল। তেওঁৰ চকুত সততে মানুহৰ মনৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটা ফালেই ধৰা দিছিল আৰু তাক সুক্ষ্মভাৱে বিশ্লেষণ কৰি গল্পসমূহত প্ৰয়োগ কৰিছিল। মনস্তত্ত্বৰ ফালৰ পৰাও বেজবৰুৱাৰ বহুকেইটা গল্প বিশ্লেষণ কৰিব পাৰি। যিবোৰত সাধাৰণতে বাস্তৱিক সমাজ ব্যৱস্থাই জুৰুলা কৰা নাৰী-পুৰুষৰ আভ্যন্তৰীণ সংঘাতৰ এক জীৱন্ত চিত্ৰ প্ৰতিফলিত হৈ উঠিছে।

যুদ্ধোত্তৰ যুগৰ আগশাৰীৰ গল্পকাৰসকলে ভিতৰত হোমেন বৰগোহাঞি অন্যতম। মহাযুদ্ধৰ পিছ্ত অসমৰ সমাজ জীৱনত যি অভাৱনীয় পৰিৱৰ্তনে দেখা দিলে সেই পৰিৱৰ্তনসমূহে এই সময়ৰ গল্পকাৰসকলৰ গল্প প্ৰতিফলিত হৈ উঠিছিল। এই সময়ৰ লেখকসকলৰ ৰচনাত সৰল বৰ্ণনাতকৈ জটিল বিশ্লেষণ, বহিঃঘটনাতকৈ মানসীক বা আভ্যন্তৰীণ সংঘাত, সৰল ভাষাশৈলীতকৈ ব্যঞ্জনাপূৰ্ণ বৰ্ণাঢ্য ৰচনাশৈলী বিশেষভাৱে লক্ষ্য কৰা যায়। মানুহে দ্ৰুত সামাজিক পৰিৱৰ্তন আৰু সমস্যাৰ মেৰপাকত পৰি জটিল হৈ উঠা জীৱন প্ৰণালী আৰু ব্যক্তি মনৰ কামনা-বাসনা, হা-হুতাশ, আশা-নিৰাশা, সুখ-দুখৰ দোদুল্যমান অৱস্থাক এই সময়ৰ গল্পকাৰসকলৰ গল্পত বিচাৰি পোৱা যায়। বৰগোহাঞিৰ গল্পসমূহৰ মাজত প্ৰায়ে সমাজত সততে চকুত নপৰা কোনো অন্ধগলিত সংঘটিত ঘটনাৰ জীৱন্ত প্ৰতিচ্ছবি ফুটি উঠে। তেওঁৰ প্ৰতিটো চৰিত্ৰই অসাধাৰণ। কেতিয়াবা সেই চৰিত্ৰ হয় তেওঁ নিজে বা কেতিয়াবা সেই চৰিত্ৰ হৈ উঠে তেওঁৰেই চিনাকি কোনোবা ইস্মাইল। আনহাতে ফ্ৰয়েদৰ মনঃসমীক্ষণ ৰীতি ব্যাপক প্ৰভাৱ বৰগোহাঞিৰ গল্পত লক্ষ্য কৰা দেখা যায়।

বেজবৰুৱাৰ ‘মোৰ সৈতে মনাইৰ দ্বন্দ্ব’ আৰু বৰগোহাঞিৰ ‘ভয়’ দুয়োটা গল্পতে গল্পকাৰ দুজনে মানুহৰ মনৰ অন্তৰ্দ্বন্দ্বকেই প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে। দুয়োটা গল্পই মানুহৰ মনৰ দুটা বিপৰীতধৰ্মী অৱস্থাৰ বহিৰ্প্ৰকাশ। প্ৰত্যেক মানুহৰ মনৰ মাজত সাধাৰণতে সচেতন (Conscious) আৰু অচেতন (Unconscious) দুটা মন থাকে। বাস্তৱ অৱস্থাত যিবোৰ বস্তু লাভ কৰিব নোৱাৰি সেইবোৰ কথাই সততে মানুহৰ নিঃসংগ অৱস্থাত মনৰ মাজত জুমুৰি দি ধৰে। পাব বিচৰা আৰু পাব নোৱাৰাৰ দৰে মনৰ মাজত শুদ্ধ-অশুদ্ধৰ অন্তৰ্দ্বন্দ্বই মানুহক জুৰুলা কৰে। এনে এটা ভিন্ন মনকে দুইটা গল্পতে দুজন আলহীৰ ৰূপত গল্পকাৰে অংকন কৰি তাক সাৱলীলভাৱে উপস্থাপন কৰিছে। গল্প দুয়োটা আৰম্ভ হৈছে দুয়োজন গল্পকাৰ অকলশৰে নিজান পৰিৱেশত বহি থকাৰ সময়ত আৰু সেই সময়তে সোমাই আহিছে দুজন অচিনাকী ব্যক্তি। অৰ্থাৎ দুটা ভিন্ন মন।

বেজবৰুৱাৰ ‘মোৰ সৈতে মনাইৰ দ্বন্দ্ব’ৰ কাহিনী অনুসৰি গল্পকাৰৰ সন্মুখত এজন অচিনাকি ব্যক্তি আহি গল্পকাৰক কমপক্ষেও চাৰি-পাঁচ লাখ ৰূপ বিচাৰিছে। ইয়াৰ লগতে থাকিবলৈ ডাঙৰ টোলৰ সৈতে ভাল পকীঘৰ এটা। ঘৰটোৰ সন্মুখত ফুলেৰে শুৱনি বাগিচা এখন, বাগিচাৰ ভিতৰত বগা শিলৰ খটখটীৰ ডাঙৰ-সৰু মাছেৰে ভৰি থকা পুখুৰী এটা, পিচফালে অলপ দূৰত নানাবিধ ফুলৰ বাগিচা এখন, দেখিবলৈ সুন্দৰ গাড়ী খনচেৰেক, ঘোঁৰাশালৰ একুৰিমান তেজী ঘোঁৰা, গোহালিত এগোহালি খীৰতী গাই। কিন্তু ইয়াৰ পিচতে ক্ষন্তেক বিৰতিৰ মূৰত আলহীজনৰ কথাৰ লাচত পৰি গল্পকাৰে এজনী দীপলিপ কন্যাৰ প্ৰসংগটো উলিয়াই দিলে তেতিয়াই গল্পকাৰ আৰু আলহীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। যেতিয়া আলহীজনে ৰজাৰ জীয়াৰীৰ নিচিনা বঢ়িয়া আৰু অপেচৰাৰ নিচিনা ধুনীয়া ছোৱালী এজনী এইবোৰৰ সৈতে লাগিবই বুলি দৃঢ়ভাৱে ক’বলৈ ধৰিলে তেতিয়া গল্পকাৰে “জৰুৰ জৰুৰ, অলবৎ অলবৎ” বুলি পেংলাই কৰাত আলহীজনে তেতিয়া অভিযোগ কৰি কয় যে- “আপুনি পাহৰিলে নেকি ক’তবাৰ ক’ত দিন তেনে ছোৱালীৰ ফালে আকুল প্ৰাণেৰে হেঁপাহৰ চকুৰে লোভ টুকি টুকি চাবলৈ আপুনি মোক উচটাই দিছিল? সেইবোৰ কথা আজি পাহৰিলে বৰ দুখৰ কথা হ’ব। …আপুনি মোক গছত তুলি তাৰ গুৰিডাল কাটিবলৈ যোৱাটো যে অধৰ্মৰ কথা হ’ব সেইটো আপোনাৰ মনত খেলোৱা নাইনে?” ইয়াৰ পিচতো আলহীয়ে গল্পকাৰৰ পেটৰ সকলো কথা জানো বুলি কৈ গল্পকাৰৰ গাত এটা এটাকৈ অভিযোগ আৰোপ কৰাত গল্পকাৰ আৰু আলহীৰ মাজত এখন খণ্ডযুদ্ধৰ সৃষ্টি হয়। গল্পকাৰক বৃদ্ধকালত আলহীজনে ছোৱালীলৈ লোভ টুকি টুকি চোৱাৰ দৰে অভিযোগ দিয়াত গল্পকাৰে খঙত আলহীক মাৰিবলৈ ধৰি “তই কোন?” বুলি প্ৰশ্ন কৰাত আলহীয়ে নিজৰ পৰিচয় দি কৈছে যে- “আপুনি মোক মাৰিব নোৱাৰে। যিমান মন যায় সিমান চেপিবহে পাৰিব। আপুনি মোক যিমান চেপিব সিমান মই চেপা খাই সৰু হৈ চেপেটা হৈ যাম, চেপিবলৈ এৰি দিলেই আকৌ ৰবৰ এটাৰ নিচিনাকৈ আগৰ দৰে হ’ম। আপুনি মোক মাৰিবলৈ চেষ্টা কৰা বৃথা। মই আপোনাৰ সৈতে একেলগেহে মৰিম, আপোনাৰ মৃত্যুৰ এক মূৰ্হুত্বৰ আগেয়েও নহয়। মই কোন যদি আপুনি জানিব খুজিছে, তেন্তে কওঁ শুনক- মই আপোনাৰ মানস পুত্ৰ। মোকে বোলে মন।”

গল্পটোৰ শেষত গল্পকাৰৰ ওচৰলৈ অহা আলহীজন যে প্ৰকৃততে গল্পকাৰৰ অৱচেতন মনটোহে সেই কথা স্পষ্ট হৈ পৰাৰ পিচতহে গল্পকাৰৰ লগত লগা খণ্ডযুদ্ধখনৰ আচল তাৎপৰ্য প্ৰকাশ পায়। গল্পটোৰ শেষৰ পৰা পুনৰ আগলৈ উধাই গ’লে বিশ্লেষণ কৰিব পাৰি যে, গল্পকাৰে আলহীৰূপী মনটোক প্ৰথম অৱস্থাতে ‘মই চিনি পোৱা নাই’ বা ‘পাহৰিলোঁ’ বুলি কৈ তেওঁ কৰা অলীক কল্পনা আৰু মনৰ আকাংক্ষাবোৰৰ ওপৰত এখন ডাঠ প্ৰলেপ পেলাবলৈ যত্ন কৰিছে। নিৰ্জন পৰিৱেশত একান্তমনে ‘চেলেউ’ (চিগাৰেট) হুপি থকা গল্পকাৰৰ মনত এটা এটাকৈ অপূৰ্ণ আশাবোৰ জীপাল হৈ উঠিছে। কিন্তু যেতিয়া নিজৰ বৃদ্ধ অৱস্থাতো বা এজন ভদ্ৰলোক হৈ (গল্পকাৰৰ নিজৰ ভাষাত ‘আপুনি ভদ্ৰলোক, ধাৰ্মিক, সত্যবাদী বুলি আপোনাৰ সুখ্যাতি আছে’) মনৰ মাজলৈ এজনী দীপলিপ ৰাজকন্যাৰে সৈতে ঘৰ-সংসাৰ, টকা-পইচা ভোগ কৰাৰ চিন্তা আহিছে তেতিয়াই তেওঁৰ সচেতন মনৰ সৈতে দ্বন্দ্ব আৰম্ভ হৈছে। মনৰ মাজতে উদ্ভৱ হোৱা অসংযত কল্পনাবোৰৰ বাবে নিজৰ ওচৰতে লজ্জিত হৈ অন্তৰ্দ্বন্দ্বত ভুগিছে। সেয়ে আলহীৰ ভাষাৰে তেওঁ প্ৰকাশ কৰিছে “অকল সেইটোলৈ মোক উচটোৱাহে নালাগে, কত কামলৈ তেনেকুৱা কত বিধৰ কামলৈ আপুনি মোক সততে উচতাই পঠিয়াই আগবঢ়াই দি আঁতৰত থিয় হৈ ৰং চাইছিল তাৰ সীমা-সংখ্যা নাই।” অৰ্থাত প্ৰত্যেক মানুহৰ ভিতৰত ভাল আৰু বেয়া দুটা মন থাকে। বেয়া মনটোৱে সততে মানুহক দুৰ্বলতাৰ সুবিধা লৈ বেয়া কামৰ প্ৰতি আকৰ্ষিত কৰি থাকে আৰু শেষত সুষ্ঠ অৱস্থাত নিজৰ দুৰ্বলতাৰ বাবে কৰা যিকোনো কামৰ ক্ষেত্ৰতে অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হয়। আনহাতে গল্পটোৰ মাজেৰে এটা কথা স্পষ্ট হৈ পৰিছে যে, মানুহ যিমানেই ধাৰ্মিক নহওক, সত্যবাদী নহওক মানুহৰ অৱচেতন মনৰ মাজত চিৰন্তন কামনা-বাসনা, সুখ-প্ৰাচুৰ্য, আশা-আকাংক্ষাই ঠাই অধিকাৰ কৰি থাকে। মাথোঁ সামাজিক ব্যৱস্থাই সেই আশা-আকাংক্ষাক অৱদমন কৰি ৰাখে মাত্ৰ। আনহাতে এই অৱদমন বা সংযমতাৰ ওপৰতেই এখন সুস্থ সমাজ বৰ্তি থাকে।

হোমেন বৰগোহাঞিৰ ‘ভয়’ গল্পটোৰ মাজত বেজবৰুৱাই প্ৰকাশ কৰা এই অতৃপ্ত আশা-আকাংক্ষাৰ ছবিখন নাই যদিও ইয়াতো গল্পকাৰৰ দুটা ভিন্ন মনৰেই অন্তৰ্দ্বন্দ্ব সৃষ্টি হৈছে। ‘ভয়’ গল্পটো আৰম্ভ হৈছে গল্পকাৰ একান্তমনে সূৰ্যাস্তৰৰ ফালে মুখ কৰি বহি থকাৰ সময়ত। গল্পকাৰৰ কাহিনী অনুসৰি সেই সময়তে তেওঁৰ ওচৰলৈ এজন অচিনাকি আলহী আহে আৰু যি নিজকে ‘অমল বৰুৱা’ বুলি চিনাকি দিয়ে। গল্পকাৰে এই কথা ভাবি নিশ্চিত হৈছে যে সেই ব্যক্তিজন এজন বলিয়া, কাৰণ গল্পকাৰৰ নিজৰেই নাম অমল বৰুৱা। সেয়েহে তেওঁ আগন্তুকক বহিবলৈ নকৈ কিছু ৰূঢ়ভাৱে বিদায় দিছে। কিন্তু তাৰ পিচতো সেই ব্যক্তিজন ওলাই নোযোৱাত গল্পকাৰৰ নিজৰ মনৰ মাজতেই এক সন্দেহৰ সৃষ্টি হৈছে। তথাপি গল্পকাৰে তেওঁৰ ভুল হৈছে বুলি উনুকিয়াই দিয়াত ব্যক্তিজনে নিজৰ সপক্ষত বিভিন্ন যুক্তি প্ৰদৰ্শন কৰিছে। যুক্তিসমূহ গল্পকাৰৰ লগত অমিল হ’লেও তেওঁৰ যুক্তি খণ্ডন কৰিব নোৱাৰি শেষত চিৎপট কৰিছে। চিৎপটত সেই অচিনাকি ব্যক্তিজনেই জয়ী হৈ গল্পকাৰৰ নিজস্ব সত্তাটোক সেই আলহীজনে গিলি পেলাব ধৰাত গল্পকাৰৰ মনত এক অজান ভয়ৰ সৃষ্টি হৈছে। কিন্তু শেষত আলহীজনে কৈছে- “ভয় নকৰিব। এই ভয় প্ৰত্যেক মানুহৰ সহোদৰ। প্ৰত্যেক মানুহেই নিজকে এনেকৈ ভয় কৰে।” অৰ্থাত গল্পটোৰ শেষত এই কথাৰ ভেদ ভাগিছে যে প্ৰকৃততে গল্পকাৰৰ ওচৰলৈ অহা আলহীজন গল্পকাৰৰেই অৱচেতন মনৰ আন এটা সত্তা আৰু আলহীজনৰ লগত হোৱা বিপৰীতমুখি যুক্তিতৰ্কসমূহ প্ৰকৃততে নিজৰ মনৰ লগতেই হোৱা এক আত্মসংঘাত।
একেদৰে গল্পটোৰ শেষৰ পৰা পুনৰ আগলৈ উধাই গৈ আলহীজনৰ ঠাইত গল্পকাৰৰ আন এটা সত্তাক স্থাপন কৰি চালে দেখা যায় যে আমাৰ প্ৰত্যেক মানুহৰ মনৰ মাজত এনেধৰণৰ একোখন ধৰ্মযুদ্ধৰ অবিৰাম সৃষ্টি হ’ব ধৰিছে। প্ৰত্যেক মানুহৰ মনৰ মাজত এক আদিম কামনা-বাসনাৰে ভৰি থকা পশু-প্ৰবৃত্তি থাকে। সভ্যতা আৰু সংস্কাৰে মানুহক সভ্য কৰি তুলিলেও মানুহে নিজৰ মনৰ সেই আদিম পশু-প্ৰবৃত্তিটোক আওকাণ কৰিব নোৱাৰে। গল্পটোৰ মাজত গল্পকাৰে আলহীজনক তেওঁ ভুল কৰিছে বুলি কোৱাত তেওঁ কয় যে, গল্পকাৰে নিজেই এদিন বাতৰি কাকতত ‘নিৰুদ্দেশ’ শিতানত এখন বিজ্ঞাপন দিছিল যে “আজি কিছুদিনৰ আগতে অমল বৰুৱা নামৰ এজন মানুহ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। এটা সপোন বিচাৰি তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিচত তেওঁ ঘৰলৈ ঘুৰি অহা নাছিল। কোনোব সদাশয় লোকে তেওঁৰ সন্ধান দিব পাৰিলে বা তেওঁক ঘৰলৈ আনি দিব পাৰিলে নিম্ন স্বাক্ষৰকাৰী তেওঁৰ প্ৰতি চিৰকাল কৃতজ্ঞ হৈ থাকিব।” কিন্তু গল্পকাৰে হেৰুৱা অমল বৰুৱাৰ কোনো বিৱৰণ দিয়া নাছিল যদিও আলহীজনে নিজেই জানি-শুনি গুচি অহা বুলি কৈছে। প্ৰকৃততে এই গোটেই কথাটোৰ মাজত গল্পকাৰৰ মনৰ এক দ্বিধাভাব প্ৰকাশ পাইছে। তেওঁ নিৰ্জন ঠাইত বহি থাকি অনুশোচনা কৰিছে যেন তেওঁ নিজৰ ওচৰতেই আলহী হৈ পৰিছে। প্ৰকৃততে তেওঁ যি ভাৱে, যি চিন্তা কৰে সেয়া যেন কাৰ্যক্ষেত্ৰত কৰিব পৰা নাই। সেই বাবে গল্পকাৰে আলহীজনক বিজ্ঞাপনখন কেতিয়া দিছিলোঁ বুলি প্ৰশ্ন কৰাত কৈছে যে, “সময়টো মোৰ কাৰণে এটা অতি দুৰ্বোধ্য আৰু আহুকলীয়া বস্তু।…নৈৰ পাৰত বহি থকা মানুহে ক’ব পাৰে যে নৈখন উজনিৰ পৰা ভাটিলৈ বৈ গৈছে। কিন্তু সাগৰৰ পাৰত বহি থকা মানুহ এজনে জানো সাগৰৰ উজনি-ভাটি চিনি পায়?” অৰ্থাত আমি গল্পকাৰৰ নিজৰ মনৰ মাজতে এটা ঠেক আৰু এটা বহল মনৰ কথা অনুধাৱন কৰিব পাৰোঁ। প্ৰত্যেক মানুহেই পাৰ্থিৱ মায়া-মোহৰ মাজৰ বন্দী হৈ থাকি নিজৰ ঘৰ-সংসাৰ, পুত্ৰ-পৰিয়ালৰ মাজতে আৱদ্ধ হৈ থাকে। ফলত তেওঁ বাহিৰৰ বহল পৃথিৱীখনৰ কথা জানিব নোৱাৰে। কিন্তু পাৰ্থিৱ মায়া-মোহৰ পৰা আঁতৰি আহিলেই মনবোৰ বহল হৈ সমস্ত পৃথিৱীখনতেই নিজক হেৰুৱাই পেলায়। তৰ্কৰ গতিত গল্পকাৰে অধৈৰ্য হৈ নিজৰ নামো অমল বৰুৱা বুলি কোৱাত আলহীজনে সাৱলীলভাৱে কৈছে- “তেন্তে ময়েই আপুনি-অথবা-আপুনিয়েই মই।” শেষত কোনো মীমাংসা নোহোৱাত গল্পকাৰে নিজৰ পত্নীক ভিতৰৰ পৰা আনি তেওঁৰ শৰীৰটো বৰ্ণনা কৰিবলৈ কয়। গল্পকাৰৰ এই কথাটোত আলহীজনে শান্তভাৱে “সেইগৰাকী মোৰো তিৰোতা” বুলি কোৱাৰ পিছত গল্পকাৰ আৰু আলহীজনৰ বৰ্ণনাত যি পাৰ্থক্য সৃষ্টি হৈছে তাতেই প্ৰকৃততে মানুহৰ মনৰ দুটা ভিন্ন সত্তাৰ প্ৰকৃত ছবিখন ফুটি উঠিছে। নাৰীগৰাকীৰ শৰীৰটো বৰ্ণনা কৰি আলহীজনে অৰ্থাত গল্পকাৰৰ এটা মনে কৈছে “তেওঁৰ বুকুত আছে দুটা জোনাকৰ লাডু আৰু দুটোপাল গোটমৰা তেজ। তেওঁৰ উৰুত আছে দুটা সূৰ্যাস্ত। তেওঁ যেতিয়া বিচনাত বাগৰ সলায়, তেতিয়া ৰক্তৰ সমুদ্ৰত প্ৰকাণ্ড জোৱাৰ উঠে।” আনহাতে গল্পকাৰৰ ভাষাত “তেওঁৰ বুকুত আছে দুটা ঘনীভূত মৌ-জোলৰ লাডু, তাৰ ওপৰত দুটা সৰু মৌ-মাখি। তেওঁৰ উৰুত আছে মেঘ-মেদুৰ আকাশৰ ছাঁ পৰা দুখন সেউজীয়া শস্যক্ষেত্ৰ। তেওঁ যেতিয়া বিছনাত বাগৰ সলায়, তেতিয়া আদিম অৰণ্যানী ধমুহাত আন্দোলিত হয়।” দুয়োটা যুক্তিৰ মাজতে মানুহৰ দুটা মনৰ পাৰ্থক্য পৰিলক্ষিত হৈছে। প্ৰথমটো যুক্তিত প্ৰকাশ পাইছে নাৰীৰ প্ৰতি এক সহৃদয়তা, নাৰীৰ দুখ আৰু কষ্টক বুজিব পৰা এটা মন। আনহাতে দ্বিতীয়টো যুক্তিত প্ৰকাশ পাইছে মানুহৰ যৌন ক্ষুধা বা কামনা-বাসনাৰ পৰিতৃপ্তি। ভোগ-বিলাসৰ এক সহজাত আত্মিক আনন্দ। য’ত নাৰী হৈ পৰিছে এক পণ্য সামগ্ৰী। সেয়েহে আলহীজনে গল্পকাৰৰ যুক্তিক খণ্ডন কৰি কৈছে “সীমাৰ মাজত বন্দী হৈ থাকিলেই তেনেকুৱাই দেখি।”

গল্পটোৰ শেষলৈ গল্পকাৰ আৰু আলহী যে একেটা মনৰে দুটা বিপৰীত সত্তা সেই কথা স্পষ্ট হৈ পৰিছে। সেয়ে আলহীজনে কৈছে “আপুনি কিয় ধৰি লৈছে যে এটা মূৰ্হুত্বত আপুনি কেৱল এটা কথাহে ভাবিব পাৰে বা ভাবে?…আচলতে একেজন মানুহেই এই দুয়োটা কথাকে ভাবিছিল। মূলতঃ এনেধৰণ এক অন্তৰ্দ্বন্দ্বৰেই সৃষ্টি হৈছে ‘ভয়’ গল্পটোত। ইয়াত দেখুওৱা ভয় হৈছে নিজৰ সেই দুৰ্বলতাসমূহ প্ৰকাশ পোৱাৰ ভয়। যিবোৰ দুৰ্বলতাক লুকুৱাই ৰাখি মানুহে নিজকে সভ্য-সংস্কৃতিবান হিচাপে গঢ়ি তুলিবলৈ অহৰহ চেষ্টা কৰে।

গল্প হৈছে মানুহৰ মনৰ বহিৰ্প্ৰকাশ। গল্পকাৰে নিজৰ মনৰ জৰিয়তে সমসাময়িক সমাজখনৰ লগতে মানৱ মনৰ ভাব-অনুভূতি গল্পৰ মাজত প্ৰকাশ কৰে। ৰোমাণ্টিক যুগ আৰু যুদ্ধোত্তৰ যুগৰ গল্পৰ মাজত বহুতো পাৰ্থক্য থাকিলেও মানুহৰ মনৰ গুপুত আশা-আকাংক্ষা, কামনা-বাসনাই মানুহক সততে প্ৰভাৱিত কৰি নিজৰ মনৰ মাজতে কিদৰে অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰে তাকেই দুইটা গল্পত প্ৰকাশ পাইছে। প্ৰাকস্বাধীনতা কালৰ মানুহৰ সামান্য অপৰাধ আৰু মনৰ স্বপ্ন কল্পনাই মনৰ মাজত যি অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰিছিল সেই অন্তৰ্দ্বন্দ্ব স্বাধীনোত্তৰ কালত এক ভয়লৈ পৰিৱৰ্তন হ’বলৈ ধৰিলে আৰু মানুহ নিজৰ ওচৰতেই এক অপৰিচিত সত্তাত পৰিণত হ’ল। দুয়োটা গল্পতে কাহিনীৰ গতি বিন্যাসত গল্পকাৰৰ সৃজনী প্ৰতিভাৰ চিন প্ৰকাশ পাইছে। দুয়োজন গল্পকাৰেই মানুহৰ মনৰ অন্তৰ্দ্বন্দ্বৰ এখন নিখুঁত চিত্ৰ অংকন কৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক