গৌতম বুদ্ধ পলায়নবাদী আছিল নেকি? – অনুপমা বৰগোহাঁই

“গৌতম বুদ্ধ পলায়নবাদী” – এয়া এক সততে শুনিবলৈ পোৱা এটা কঠিন বাক্য৷ প্ৰতিজন বুদ্ধ দৰ্শনৰ অনুগামীয়ে এই কথাষাৰ একেমুখে অগ্ৰাহ্য কৰে৷ এই সন্দৰ্ভত তেওঁলোকে নিজা যুক্তিও দাঙি ধৰে৷ তথাপিও বহু জ্ঞানী-গুণী অধ্যয়নশীল ব্যক্তিয়ে গৌতম বুদ্ধক “পলায়নবাদী” বুলি অভিহিত কৰে৷ তেওঁলোকৰ মতে এজন পলায়নবাদী ব্যক্তিৰ দৰ্শনো পলায়নবাদ বা নৈৰাশ্যবাদ হ’ব৷ গতিকে তেওঁলোকে এনে দৰ্শন অনুশীলন কৰাৰ পৰা আঁতৰি থকাই শ্ৰেয় বুলি ভাবে৷ Lord-Buddha

বুদ্ধ দৰ্শনৰ এগৰাকী একান্ত অনুৰাগী আৰু অনুশীলনকাৰী হিচাপে ময়ো “গৌতম বুদ্ধ পলায়নবাদী”- এই কথাষাৰ একেমুখে অস্বীকাৰ কৰিবলৈ বিচাৰিও থমকি ৰৈছিলোঁ৷ মোৰ মনলৈ এটা ভাৱ আহিছিল –মোৰ পতিয়ে যদি এনেদৰে মোক সদ্যজন্মজাত পুত্ৰৰ সহিতে ত্যাগ কৰি সন্ন্যাস ল’বলৈ গুচি গ’লহেঁতেন, মই তেওঁক ক্ষমা কৰিবলৈ পাৰিলোহেঁতেন নে? সমাজে মোৰ পতিক সমৰ্থন কৰিলেহেঁতেন নে? সমাজে হয়তো মোকেই বিনা দোষত জগৰীয়া কৰিলেহেঁতেন! মোৰ পতিৰ জ্ঞানৰ স্পৃহাই মোৰ জীৱনটো উৰুখা কৰি হাজাৰজনৰ জীৱন সেউজ কৰিব – সেই সত্যটো বুকুত সাৱটি মই সুখী হ’বলৈ পাৰিম নে? মোৰ জানো ইমান বহল হৃদয় আছে? যদি জ্ঞান অন্বেষণৰ যাত্ৰাই তেওঁৰ জীৱনৰ মুখ্য উদ্দেশ্য আছিল – তেনে মোক কিয় জীৱনসংগী কৰি আনিছিল? মইতো নিজৰ ক্ষুদ্ৰ সুখ, কামনা বাসনাৰ পৰা মুক্ত হ’ব নোৱৰা এগৰাকী সাধাৰণ ৰমণী! নিজৰ পত্নী আৰু ফুলকুমলীয়া সন্তানক এনেদৰে ৰাতি অকলে মনে মনে এৰি থৈ যোৱা এজন ব্যক্তি কেতিয়াও আদৰ্শনীয় নহয় – হয়, তেওঁ পলায়নবাদী!

গৌতম বুদ্ধ “পলায়নবাদী” – এই সিদ্ধান্তটো লোৱাৰ সময়তে গৌতম বুদ্ধৰে এটা উপদেশ মনত পেলালোঁ-

“কাৰো পৰা শুনা কথা তুমি বিশ্বাস নকৰিবা, বহুদিন ধৰি চলি অহা ঐতিহ্যক তুমি বিশ্বাস নকৰিবা, কোনোবাই প্ৰাচীন লিপিৰে উক্তি আগবঢ়ালেই তুমি সেই কথা মানি নল’বা, তোমাৰ শিষ্য বা তোমাতকৈ বয়োজ্যেষ্ঠ হোৱা বাবেই তুমি তেওঁলোকৰ কথা গ্ৰহণ নকৰিবা৷ সকলো কথা চালি–জাৰি চাই সি যদি তোমাৰ যুক্তিৰ লগত মিলা হয় আৰু সি যদি সকলোৰে উপকাৰত আহে, তেতিয়াহে তুমি তাক গ্ৰহণ কৰিবা আৰু সেইমতে জীৱন কটাবা৷”

 গৌতম বুদ্ধই ৰাতি মনে মনে তেওঁৰ পত্নী যশোধৰাক এৰি থৈ গৈছিল – এই কথাষাৰৰ সত্যতা কিমান? যশোধৰা মোৰ দৰেই এগৰাকী সাধাৰণ মনৰ, ন্যস্তস্বাৰ্থৰ নাৰী আছিল – তাৰেই বা সত্যতা কিমান? মোৰ দৰেই সাধাৰণ মনৰ নাৰী হোৱা হলে যশোধৰাই সিদ্ধাৰ্থ গৌতমক ক্ষমা নকৰিলেহেঁতেন আৰু তেওঁৰ শিষ্যাও নহলহেঁতেন!

ষোল বছৰীয়া এজন সুশ্ৰী যুবক – কোনো বৈষয়িক দুখ নাই, নাই কোনো অভাৱ বা অসুখ! প্ৰবল প্ৰতাপী পিতৃ-মাতৃৰ সমস্ত ধ্যান, আশা আকাংক্ষাৰ কেন্দ্ৰবিন্দু সেই যুবকক এখন সমৃদ্ধিশালী দেশৰ বোজা কঢ়িয়াবৰ বাবে উপযুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰা হৈছিল! কিন্তু সেই যুবক ৰাজকুমাৰ সদায় আনৰ দুখ যন্ত্ৰণাত ভাৰাক্ৰান্ত হৈ থাকিছিল৷ জগতৰ কোনো মায়া মোহ, লাহ বিলাসেৰে ৰাজকুমাৰৰ মনৰ আনন্দ ঘূৰাই আনিব নোৱাৰি ৰজা ৰাণীয়ে শেষ প্ৰচেষ্টা হিচাপে বিবাহৰ দোলেৰে বান্ধি দিয়াৰ সিদ্ধান্ত ল’লে৷ অতিপাত ধুনীয়া, উচ্চমনা আৰু অতি বিনয়ী প্ৰায় সমবয়সীয়া যশোধৰাৰ লগতে সদায় বিষাদৰ মাজত ডুবি থকা ৰাজকুমাৰ গৌতমক বিবাহৰ জৰীৰে বান্ধি দিয়া হ’ল৷ ষোল বছৰীয়া সেই অপৰিপক্ক যুৱক ৰাজকুমাৰ গৌতমে প্ৰতিবাদৰ ভাষাই বিচাৰি নাপালে৷ আনহাতে ৰাজকুমাৰী যশোধৰাই বিবাহৰ পূৰ্বৰ পৰাই ৰাজকুমাৰ গৌতমৰ বিষাদগ্ৰস্ততাৰ বিষয়ে জ্ঞাত আছিল৷ ৰাজকুমাৰ গৌতমৰ মাতৃ মহাৰাণী প্ৰজাপতিয়ে যশোধৰাক ৰাজকুমাৰ গৌতমৰ বিষাদগ্ৰস্ততা দূৰ কৰি সংসাৰৰ মায়া মোহত আবদ্ধ কৰাৰ প্ৰতিশ্ৰুতি লৈহে বোৱাৰী কৰি আনিছিল৷ যশোধৰাই নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল৷ গৌতমে যেতিয়া যশোধৰাৰ আগত জ্ঞান অন্বেষণৰ বাবে সংসাৰৰ মায়া মোহ ত্যাগ কৰি সন্নাসী হোৱাৰ কথা ব্যক্ত কৰিছিল, সেই উচ্চমনৰ বিদুষী ৰাজকুমাৰীয়ে তেওঁৰ পতিক কম্পিত অথচ দৃঢ় স্বৰেৰে কৈছিল: “প্ৰিয়তম, আপোনাৰ সুখেই মোৰ সুখ৷ আপোনাৰ সাধনাৰ প্ৰতিবন্ধক মই নহওঁ – বৰঞ্চ মই আপোনাৰ জ্ঞান আৰু সত্য উন্মোচনৰ অন্বেষণত সদায় সহযোগিতাহে কৰিম৷”

 –“এনমা নদীৰ পাৰত গেৰুৱা বসন পিন্ধি, মুণ্ডন কৰি খালী ভৰিৰে ৰাজকুমাৰ গৌতম অৰণ্য অভিমুখী হ’ল!” – এনে এটা সত্যক স্বীকাৰ কৰি ল’বলৈ ৰাজকুমাৰী যশোধৰা বিবাহৰ পূৰ্বেই মানসিক ভাৱে প্ৰস্তুত হৈ আহিছিল৷ কিন্তু সেইদিনা গৌতমৰ সাৰথি ছন্দকৰ মুখত এই সত্যটো শুনি যশোধৰাৰ মনত হয়তো অলপ দুখ আৰু অভিমান জমা হৈছিল৷ ৰাজকুমাৰ গৌতমে যাবৰ সময়ত তেওঁক কিয় মাত লগাই থৈ নগ’ল! যশোধৰাক ৰাজকুমাৰ গৌতমে কিয় ইমান ক্ষুদ্ৰমনৰ নাৰী বুলি ভাবিলে! এজন মহান ৰজাই সকলো সময়তে নিজৰ দেশৰ প্ৰজাৰ সুখ আৰু শান্তিৰ বাবে সকলো প্ৰকাৰে ত্যাগ স্বীকাৰ কৰিবলৈ সাজু থাকিব লাগে৷ ৰাজকুমাৰী যশোধৰাই এই কথা সৰুৰে পৰাই শুনিছে আৰু বুজিছে৷ তেওঁৰ পতি ৰাজকুমাৰ গৌতমে কেৱল এখন দেশৰ জনগণৰ কাৰণেই নহয়- পৃথিৱীৰ সমস্ত জনগণৰ সুখ, শান্তি আৰু কল্যাণৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিবৰ বাবে সাজু হৈছিল৷ যশোধৰাইতো তেওঁক কেতিয়াও বাধা নিদিলেহেঁতেন৷ কিন্তু কিছু চিন্তা কৰি যশোধৰাই এই কথা বুজি পাইছিল – গৌতমৰ মানসিক সাধনা তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল৷ সদ্য জন্মোজাত পুত্ৰৰ নিৰ্মল মুখ আৰু যশোধৰাৰ আকুল দুনয়নে নিজৰ লক্ষ্যৰ পৰা আঁতৰাই আনিব – এই ভয়ৰ বাবেই হয়তো গৌতমে মনে মনে ৰাজ কাৰেং পৰিত্যাগ কৰিলে!

এৰা যশোধৰা সাধাৰণ নাৰী নাছিল৷ তেওঁ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে, সাংসাৰিক সুখ আনন্দৰ বাবে নিজৰ পতিক বান্ধি ৰাখিবলৈ বিচৰা নাছিল৷ আজিৰ যুগতো এনে বহুতো যশোধৰা আছে৷ এই যে শত্ৰুৰ হাতৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ নিজৰ সদ্য বিদাহিত পত্নী বা ফুলকুমলীয়া সন্তান, অসুখীয়া একমাত্ৰ পিতৃ বা মাতৃক নিজৰ ঘৰত অকলে থৈ সীমান্তলৈ দৌৰ মৰা সৈনিকসকল – তেওঁলোকেও আনক ৰক্ষা কৰিবলৈ নিজৰ পৰিয়াল, সংসাৰ এৰি থৈ নাযায় নে? এনেদৰে দেশৰ আহ্বানত ওলাই যোৱা প্ৰতিজন সৈনিকেই জানে যে নিজৰ মৰমৰ পত্নী, মাতৃ বা সন্তানৰ লগত পুনৰ মিলন সম্ভৱ নহবও পাৰে৷ তথাপিও তেওঁলোকে নিজৰ কৰ্তব্যৰ আহ্বানক জলাঞ্জলি দি নিজৰ নববিবাহিত পত্নী বা সদ্য জন্মজাত সন্তানৰ দোহাই দি ঘৰত সোমাই নাথাকে৷ সেই সকল সৈনিক যিদৰে পলৰীয়া নহয়– সেইদৰে সিদ্ধাৰ্থ গৌতমো পলৰীয়া নহয়৷ ৰাজকুমাৰ গৌতম জীৱন যুদ্ধৰ এনে এক পৰম বীৰ সৈনিক – যি সমস্ত মানৱ জাতিক দুখ, কষ্টৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ সকলো ত্যাগ কৰিছিল!

ছয় বছৰৰ কঠিন সাধনাৰ মুৰত ৰাজকুমাৰ গৌতমৰ সত্যৰ অনুসন্ধানৰ সমাপ্ত হৈছিল৷ সাত বছৰৰ আঁতৰি থকাৰ পিছত তেওঁ নিজৰ পৰিয়ালৰ মাজলৈ পুনৰ ঘূৰি আহি নিজৰ সাধনাৰ ফলাফল আৰু জীৱনৰ লক্ষ্য সকলোকে স্পষ্টকৈ জনাইছিল৷ সেই সময়ত তেওঁ এজন তেইশ, চৌব্বিশ বছৰীয়া পুৰঠ যুৱক হৈছিল৷ ৰাজকুমাৰ গৌতমৰ সাধনা আৰু জ্ঞানে তেওঁক “বুদ্ধ” (বা জ্ঞানী পুৰুষ) ত পৰিণত কৰিছিল৷ কিন্তু গৌতম বুদ্ধই নিজে প্ৰতিজন মানুহৰ মাজত “বুদ্ধ” হোৱাৰ সম্ভাৱনীয়তা দেখা পাইছিল৷ ৰাজকুমাৰ গৌতমৰ দৰেই বহুতো সাংসাৰিক ব্যক্তিয়ে নিৰ্দিষ্ট বিষয়ত গৱেষণা কৰিবৰ বাবে ( জ্ঞানৰ অনুসন্ধান ) ছয় বা সাত বছৰ নিজৰ পৰিয়াল পত্নীৰপৰা আঁতৰৰ কোনোৱা দূৰ বিদেশত থাকিব লগীয়া হয়৷ নিজৰ গৱেষণা সমাপ্ত কৰি সেই সকলে সমাজত কিছু বৰঙণি দিয়াৰ লগতে নিজৰ তথা পৰিয়ালৰ সুখ উন্নতিৰ বাবেই সৰ্বাধিক সময় ন্যস্ত কৰে৷ কিন্তু ৰাজকুমাৰ গৌতমে এনে কৰা নাছিল৷ সকলো ঐশ্বৰ্য, বিলাস, আৰাম ত্যাগ কৰি এক সাত্বিক পথ লৈছিল৷ আৰু সকলোকে দুখ, কষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দিবৰ বাবে দেশে বিদেশে ঘূৰি ফুৰিছিল৷

বুদ্ধই যদিও নিৰ্বাণ বা মুক্তিৰ কথা কৈছিল- কিন্তু এই নিৰ্বাণৰ অৰ্থে ঘৰ সংসাৰ সকলো পৰিহাৰ কৰি সন্ন্যাসী হোৱা বা নিৰাশাবাদ গ্ৰহণ কৰাৰ কথা কোৱা নাছিল৷ নিৰ্বাণৰ ফলত স্বৰ্গলাভ, ভগবানৰ লগত মিলন বা পৰমাত্মাৰ লগত আত্মাৰ মিলন হোৱাৰ দৰে ইতিবাচক সম্ভাৱনা আৰু আশাও দাঙি ধৰা নাছিল৷ যুক্তিসংগতভাবেও এনে আশা মানুহক দিব নোৱাৰি৷ তেওঁ মাত্ৰ চাৰিটা মহৎ কৰ্তব্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ সেই কৰ্তব্যকেইটা হ’ল:

১. সকলো জীৱৰ প্ৰতি মৰম আৰু বন্ধুত্ব

২. কৰুণা

৩. অন্যৰ সুখত সুখী

৪. অন্যৰ দোষৰ প্ৰতি বিশেষ চকু নিদিয়া

 তেখেতে আৰু কৈছিল: “তন্ত্ৰ মন্ত্ৰ, পূজা-পাঠ বা ভগৱান বিশ্বাসেই ধৰ্ম নহয়৷ আচল ধৰ্ম বিচাৰি পোৱা যায় নৈতিকতা, সংযম, ত্যাগ, প্ৰেম, কৰুণা আৰু জীৱ সেৱাত৷”

মানুহৰ দুখৰ কাৰণ সন্দৰ্ভত তেওঁ কৈছিল যে: “ব্যক্তিকেন্দ্ৰিকতা আৰু লোভেই ব্যক্তি জীৱনৰ দুখৰ প্ৰধান কাৰণ৷ জনসাধাৰণৰ মনত সম্যক দৃষ্টি প্ৰতিষ্ঠিত নহলে অহংকাৰ আৰু স্বাৰ্থৰ পৰা উৎপন্ন হোৱা নানা হিংসা, বিবাদ নকমিব আৰু জগতত কেতিয়াও শান্তি প্ৰতিষ্ঠিত নহ’ব৷ যদি প্ৰত্যেক ব্যক্তিয়ে কেৱল নিজৰ ঐশ্বৰ্য আৰু ক্ষমতা বঢ়াবৰ বাবে সংকল্প কৰে, তেনে তাৰ দ্বাৰা নিজে আৰু অন্যান্যসকলো সমানভাবে ক্ষতিগ্ৰস্ত হবলৈ বাধ্য৷ মিছা কথা কোৱা, গালি দিয়া, অযথা চিঞৰ-বাখৰ কৰা ইত্যাদিৰ পৰা সমাজত অশান্তি, কাজিয়া আৰু হিংসাৰ সৃষ্টি হয়৷ সেয়ে যিবোৰ কথাত পৰস্পৰৰ মাজত বন্ধুত্ব উৎপন্ন হয় – সেই ধৰণৰ কথা, মিত ভাষণ তথা সৎ আচৰণ কৰাটো সমীচীন৷ বৌদ্ধদৰ্শনত ইয়াকেই সম্যক বাণী বুলি কৈছে৷”

 সম্যক বাণীৰ লগতে প্ৰতিজন ব্যক্তিক “সম্যক ব্যায়াম” কৰিবলৈও তেখেতে দিহা দিছিল৷ শাৰীৰিক ব্যায়ামৰ লগত কোনো সম্পৰ্ক নাই যদিও এই “সম্যক ব্যায়াম”ৰ উপকাৰিতা শাৰীৰিক ব্যায়ামতকৈ কোনো গুণে কম নহয়৷

 প্ৰকৃততে “সম্যক ব্যায়াম” হ’ল চাৰিটা মানসিক প্ৰযত্ন৷ সেইকেইটা হ’ল:

১. যিবোৰ বেয়া চিন্তা মনলৈ আহিছে সেইবোৰক নাশ কৰা৷

২.যিবোৰ বেয়া চিন্তা মনলৈ অহা নাই, সেইবোৰক মনলৈ আহিবলৈ অৱকাশ নিদিয়া৷

৩. যিবোৰ ভাল চিন্তা মনলৈ আহিছে সেইবোৰক বঢ়াই পৰিপূৰ্ণ কৰাৰ চেষ্টা কৰা৷

৪. যিবোৰ ভাল চিন্তা মনত উৎপন্ন হোৱা নাই সেইবোৰক উৎপন্ন কৰা৷

সিদ্ধাৰ্থ গৌতমে মানৱ জাতিক নিজৰ মাজত থকা অপৰিসীম শক্তিৰ সৈতে চিনাকি কৰি দিবলৈ চেষ্টা কৰিছিল৷ জীৱৰ ৰোগ, জৰা, মৃত্যু, দুখ, সুখ আদি এক এৰাব নোৱাৰা সত্য৷ সেয়ে তেখেতে আমাক এই সত্যক স্বীকাৰ কৰি সিংহৰ দৰে সাহসেৰে যুঁজি যাবলৈ কৈছিল৷ নিজৰ লগতে আনৰো কল্যাণ আৰু সুখৰ বাবে চিন্তা কৰাটোৱেই প্ৰতিজন মানৱৰ জীৱনৰ উদ্দেশ্য হব লাগে৷ মোৰ চুবুৰীয়া বা মোৰ সমাজৰ আন সকল দুখ-যন্ত্ৰণাত ছটফটাই আছে – কিন্তু মোৰ কোনো কষ্ট হোৱা নাই – সেয়ে মই নিজৰ বিষয় ভোগত মত্ত হৈ সুখভোগ কৰি আছো – এনে সুখক তেখেতে অত্যন্ত নীচ ধাৰণা বুলি অভিহিত কৰিছে৷ আনহাতে নিজৰ দেহক কষ্ট দি, নিজৰ সৰ্বস্ব জলাঞ্জলি দি, নিজক অনিষ্ট কৰি নিৰ্বাণ লাভ কৰাৰ বা সুখ অনুভৱ কৰাৰ চেষ্টাও হীন বুলি অভিহিত কৰিছে৷ গৌতম বুদ্ধৰ অনুভৱ বা দৰ্শনত এই দুইটা চৰম পন্থা বৰ্জনীয়৷ সেয়ে তেওঁ আমাক মধ্যম পন্থা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছিল৷

সিদ্ধাৰ্থ গৌতম প্ৰকৃততে এজন মানৱ দৰদী ৰাজকুমাৰ আছিল৷ কেৱল মানৱ জাতিৰ প্ৰতিয়েই নহয়, পৃথিৱীৰ সকলো জীৱৰ প্ৰতি তেখেতে দায়বদ্ধতা আৰু অনুকম্পা প্ৰদৰ্শন কৰিছিল৷ তেখেত সেই সময়ৰ প্ৰথম দাৰ্শনিক যি “ভগবান” নামৰ অদেখা শক্তিৰ অস্বিত্ব অস্বীকাৰ কৰিছিল৷ আমাক বাস্তৱ জীৱনৰ লগত- অন্যাৰ্থত নিজৰ জীৱনৰ লগত, নিজৰ ভিতৰত থকা অসীম অন্তৰ্নিহিত শক্তিৰ লগত পৰিচয় কৰি দিয়া ৰাজকুমাৰ সিদ্ধাৰ্থ গৌতম “পলায়নবাদী” নহয় বৰঞ্চ এজন “বাস্তৱবাদী আৰু যুক্তিবাদী” বিদ্বান ব্যক্তি, এজন প্ৰকৃত বুদ্ধ! এইজনা বুদ্ধৰ দৰ্শন অনুশীলন কৰিলে আমি কেৱল সুখী হোৱাই নহয় এখন সৎ, সুন্দৰ, নিকা সমাজো গঢ়িবলৈ পাৰিম!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ronil Doley
4 years ago

Comment text..বুদ্ধৰ বিষয়ে জনাৰ বহুত হেপাঁহ মনত আছে ,এই ধৰ্মৰ সকলো বানিয়েই জীৱনৰ প্ৰধান সাৰবানিৰ। বুদ্ধৰ অধ্যাত্মিক যাত্ৰাৰ কাহিনি আৰু ত্যাগ বহুত মৰ্মান্তিক । ধন্যবাদ অনুপমা বাইদেউ ।