গুণাৰাম খনিকৰ ডাঙৰীয়াৰ সাক্ষাৎকাৰ

(ঘৰুৱা আৰু সহজলভ্য বনৌষধিৰে মানৱ সমাজৰ ৰোগ নিৰাময়ত ব্ৰতী ভেষজ ৰত্ন ড° গুণাৰাম খনিকৰ অসমীয়া সমাজৰ বাবে এটি চিনাকী নাম। ভেষজ চিকিৎসাৰ নিৰলস সাধনাত ব্ৰতী খনিকৰ ডাঙৰীয়াৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা বিতোপন গগৈয়ে। সাক্ষাৎকাৰ সহযোগী বৰ্ণালী হাজৰিকা।)

নমস্কাৰ খনিকৰ ডাঙৰীয়া। আমি সাহিত্য ডট অৰ্গ নামৰ অনলাইন আলোচনীখনৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। সাহিত্য ডট অৰ্গৰ এই সংখ্যাৰ মূল বিষয় “স্বাস্থ্য আৰু চিকিৎসা”। গতিকে আজি আমি আপোনাৰ জীৱনৰ লগতে ‘স্বাস্থ্য আৰু চিকিৎসা’ বিষয়ক দুআষাৰমান কথা পাতিম।

বাণীবদ্ধ বাৰ্তালাপ
প্ৰথম অংশ


দ্বিতীয় অংশ

সাহিত্য ডট অৰ্গ: বনৌষধিৰে ৰোগ নিৰাময়ৰ কথা আপুনি প্ৰথম কেতিয়া ভাবিছিল আৰু কিয় ভাবিছিল? এইক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা প্ৰেৰণা পাইছিল নেকি?

গুণাৰাম খনিকৰ: তেতিয়া মই ক্লাচ ফাইভত পঢ়ি আছিলোঁ, পুখুৰীত লাহনীৰে সিঁচোতে ভৰিত কাটিলে। তেজ ওলালে। তেতিয়া আমাৰ আয়ে মানে মায়ে কচুৰ আঠা লগাই দিলে আৰু তেতিয়া তেজ ওলোৱা বন্ধ হৈ গ’ল। তেতিয়া মইয় নাজানিছিলো যে কচুৰ আঠাত আয়ডিন আছে, কিন্তু তেতিয়াই মইব ভাবিছিলো যে কচুৰ আঠাটোৱেই যদি তেজ ওলোৱা বন্ধ কৰিব পাৰে অন্য গছ¬-গছনিতো ঔষধি গুণাগুণ থাকিব পাৰে আৰু তেতিয়াৰ পৰাই মোৰ মনটো বনৌষধৰ প্ৰতি আগ্ৰহী হৈ উঠিল। আমাৰ মা-দেউতাই পঢ়াশুনা নাজনিলেও বহুতো বনদৰবৰ কথা জানিছিল। তেওঁলোকৰ পৰাই প্ৰথম ঔষধি গছৰ গুণাগুণ আয়ত্ব কৰিছিলো। বনদৰবৰ বিষয়টোক বৰ গুৰুত্ব সহকাৰে লৈ ১৯৭০ চনৰ পৰাই ‘অসমবাণী’ত লিখি আছো, ৰেডিঅ’, বিভিন্ন বাতৰিকাকত, আলোচনী আদিত লিখামেলা কৰি আছো, দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠান আদিত ভাগ লৈছো। মা-দেউতাৰ পৰাই প্ৰথম অনুপ্ৰেৰণা পাইছো বুলি ক’ব পাৰি।

সাহিত্য ডট অৰ্গ: বনৌষধ প্ৰস্তুত প্ৰণালীৰ বিষয়ে আমাক অকণমান আভাষ দিব নেকি?

গুণাৰাম খনিকৰ: বনৌষধি কেইবাধৰণেও প্ৰস্তুত কৰিব পাৰি। সতেজ বস্তুও ব্যৱহাৰ কৰিব পাৰোঁ; যেনে ধৰক, দুপৰটেঙাৰ পাত। দুপৰীয়া ছিঙি আনিলোঁ, ধুলোঁ, খুন্দিলোঁ, ৰস উলিয়ালোঁ। এই পাত কেতিয়াবা চোবায়ো খাবলৈ দিয়া হয়। কিডনী ষ্ট’ন ওলাই যায়, পাষাণভেদক বুলি কোৱা হয় দুপৰ টেঙাক কাৰণ শিল ভাঙি উলিয়াই দিব পাৰে। তদুপৰি পেচাবৰ যিকোনো অসুখ যেনে পেচাব বন্ধ হোৱা, জ্বলাপোৰা কৰা, টোপটোপকৈ পৰা, হালধীয়া হোৱা, পেচাবত তেজ যোৱা আদি সকলো বেমাৰ দুপৰ টেঙাই দূৰ কৰিব পাৰে। এইটো দৰব আমি লগে লগে প্ৰস্তুত কৰি দিওঁ। কিছুমান দৰব যেনে অৰ্জ্জুন গছৰ ছাল – আনি, সৰুসৰুকৈ কাটি, শুকুৱাই, ঢেকী বা মেছিনত পাউদাৰ কৰি, পেকেটত সংৰক্ষণ কৰি থওঁ। কিছুমান কেঁচাকৈ আৰু কিছুমান শুকুৱাই বা ৰস উলিয়াই সংৰক্ষণ কৰা হয়। কিছুমান আকৌ মৌৰ লগত মিহলাই সংৰক্ষণ কৰা হয়। যেনে ধৰক ফেট বা চৰ্ব্বী কমাবৰ বাবে বিদেশত পনীয়া ৰসটো দিবলৈ অসুবিধা হয় বাবে পাউদাৰ হিচাবে প্ৰস্তুত কৰা হয়। কেতিয়াবা আকৌ উতলাব লগা হয়। এইকেইটা পদ্ধতিতে আমি বনৌষধি প্ৰস্তুত কৰোঁ।

বনৌষধ গ্ৰহণ কৰাৰ এক নিৰ্দিষ্ট পৰিমাণ আছে। কিছুমান বস্তু যেনে, গাজৰ আদি প্ৰয়োজনতকৈ দুই এটা বেছি খালেও সিমান বেছি অপকাৰ নহয়। কিন্তু কিছুমান ঔষধ আকৌ পৰিমাণতকৈ অলপ কম-বেছি হ’লেও তাৰ ফলাফল বিপৰীত বা বৰ অপকাৰী হয়। উদাহৰণস্বৰূপে, চাইনাছাইটিছৰ বাবে আমাৰ এটা বনদৰব আছে, যিটো মই এতিয়া পেটেণ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ। মোৰো ছাইনাচাইটিছ আছিল স্কুল আৰু কলেজৰ দিনত। মাংস বাঢ়ি বাহিৰ হৈ গৈছিল ধৰিব পৰাকৈ। মানুহে মোৰ লেকচাৰ বুজি নাপাইছিল। মোৰ অপাৰেচন কৰাৰ ইচ্ছা নাছিল, কাৰণ ইয়াত আকৌ বাঢ়ি অহাৰ সম্ভাবনা থাকি যায়। এতিয়া এই ৰোগ আমাৰ নিজৰ দৰবত ভাল হৈছে। মধ্যপ্ৰদেশৰ এগৰাকী বিখ্যাত গায়িকা আহিছিল মোৰ দৰব ল’বলৈ, তেওঁৰো নাকৰ ভিতৰত মাংস বাঢ়ি গৈছিল। মই তেওঁক এটাকৈ পুৰীয়া কাপোৰত বান্ধি গাখীৰত জুবুৰিয়াই এটোপালকৈ নাকত দিবলৈ কৈছিলোঁ, এটোপাল দিলে যদি পানী নোলায় দুটোপাল দিব লাগে। কিন্তু তেখেতে সোনকালে সুস্থ হোৱাৰ আশাৰে নিজাববীয়াকৈ দহ পুৰীয়া দি দিয়াত নাকৰপৰা অহৰহ পানী ওলায় আৰু এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰি নিজেই বিপদৰ সন্মুখীন হয়। তেনে কৰা অনুচিত। নিৰ্দিষ্ট মাত্ৰাতহে দৰব লোৱা উচিত। আমি সদায় খোৱা খাদ্যও পৰিমাণতকৈ অধিক মাত্ৰাত কেতিয়াও খাব নালাগে। নেপ’লিয়ন বোনাপাৰ্টে কৈছিল মানুহ নাখায় নমৰে খাইহে মৰে। আমাৰ ইয়াত এজন ব্যক্তিয়ে পথাৰৰ পৰা আহিয়েই এটা পকাকঠাল খাই দিয়াত পেচাব-পাইখানা বন্ধহৈ মৃত্যু মুখত পৰাৰো উদাহৰণ আছে।

সাহিত্য ডট অৰ্গ: বনৌষধিৰ বিষয়ে লিখা আপোনাৰ ৰচনাৰাজীৰ বিষয়ে আমাক জনাওকচোন !

গুণাৰাম খনিকৰ: ১৯৭০চনৰ পৰাই মই অসমবাণীত লিখি আছোঁ। তদুপৰি জনমভূমি কাকত, ডিব্ৰুগড় আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ, বাতৰিকাকত যেনে নিয়মীয়াবাৰ্ত্তাত প্ৰতি মঙ্গলবাৰে, জি এন আৰ চি স্বাস্থ্য, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন আৰু দুখনমান আলোচনীত বনদৰব বিষয়ৰ লেখাসমূহ নিয়মীয়াকৈ প্ৰকাশ হৈ আছে। কিতাপৰ হিচাবত ইংৰাজী আৰু অসমীয়াত মিলি ৬৫খন কিতাপ এতিয়ালৈকে প্ৰকাশ হৈছে। বিভিন্ন স্মৃতিগ্ৰন্থ আদিতো বনৌষধিক আজি কালি বিশেষ গুৰুত্ব দি আমাৰ লেখা প্ৰকাশ কৰা দেখা গৈছে। ‘সহজলভ্য বনদৰব’খন অসমৰ সকলোতকৈ অধিক বিক্ৰি হোৱা গ্ৰন্থ হিচাবে সমীক্ষাত প্ৰকাশ পাইছে। কিতাপখন ইমান জনপ্ৰিয় হোৱাৰ মূলতেই হ’ল কিতাপখনত বেমাৰটো কি কাৰণে হয়, বেমাৰটো চিনি পোৱাৰ লক্ষণ, কি কি ঔষধ খাব লাগিব, কি খাদ্য খাব লাগে কি নালাগে ইত্যাদি পথ্য আৰু অপথ্যৰ ওপৰিও একেটা বছৰতে বিভিন্ন ঋতুত কি কি ঔষধি গছ গছনি পোৱা যায় আৰু একেটা ৰোগৰ প্ৰতিকাৰৰ বাবে অতি কমেও পাঁচ/ছটাকৈ বিকল্প দৰব দিয়া হৈছে বাবে ৰাইজে নিজেও নিজৰ চিকিত্সাৰ কৰিব পৰা হৈছে।

সাহিত্য ডট অৰ্গ: আপুনি ব্যৱসায়ভিত্তিত ঔষধ প্ৰস্তুত কৰিছে নে?

গুণাৰাম খনিকৰ : আমি আচলতে ব্যৱসায়ভিত্তিত ঔষধ প্ৰস্তুত কৰা নাছিলোঁ। যোৱা ৪৫ বছৰ ধৰি মই এইটো কামেই কৰি আহিছোঁ। স্কুলত পঢ়া দিনৰে পৰা কলেজৰ দিনবোৰতো আনকি ইয়াৰ বাবে মই সংসাৰো নকৰিলোঁ, আমি দৰব শিকাওঁ। ভাৰতৰ বিভিন্ন ঠাইত আমি প্ৰশিক্ষণ দিছোঁ বা আন্তৰ্জাতিক সন্মিলনবোৰতো ভাষণ, প্ৰশিক্ষণ দিছোঁ। কিন্তু মহানগৰবাসীয়ে ক’লে আমাক শিকাই লাভ নাই, আমি গছ চিনিও নাপাওঁ আৰু ইয়াত পাবলৈয়ো নাই, সময়ো নাই। আপুনি দৰব তৈয়াৰ কৰক, আমি কিনি ল’ম। প্ৰয়োজনীয়তা আৰু চাহিদালৈ লক্ষ্য ৰাখিহে আমি দৰব তৈয়াৰ কৰিবলৈ লৈছোঁ। তাৰফলত আজি বহু নিবনুৱা সংস্থাপিত হৈছে। কাৰণ কোনোবাই গছ ৰুইছে, কোনোবাই সংগ্ৰহ কৰিছে, কোনোবাই খুন্দিছে, কোনোবাই কাটিছে, শুকুৱাইছে, পাউডাৰ কৰিছে, পেকেজিং, লেবেলিং কৰিছে, কোনোবাই মানুহ আনি বিক্ৰি কৰাইছে, তেনেকৈয়ে বহু নিবনুৱা সংস্থাপিত হৈ আছে। সেয়ে এতিয়াহে আমি ব্যৱসায়িক ভিত্তিত কৰিবলৈ লৈছোঁ আৰু আনকো কৰিবলৈ দিছোঁ। চাহ খেতিয়কসকললৈয়ো অনুৰোধ, চাহ বাগানত যিকোনো গছ ৰুই লাভ নাই, আমলখি গছ ৰোৱক! কাৰণ এজোপা আমলখি গছৰপৰা বছেৰেকত কেইবা হাজাৰো টকা পাব পৰা যায়। আমি আমলখি প্ৰথমে ৩০ টকা কেজিত কিনিছিলোঁ। এতিয়া ১০০ টকাত কিনিছোঁ, দামটো এতিয়া বঢ়াই দিছোঁ, কাৰণ পইচা পালেহে মানুহে খেতি কৰিব, তেওঁলোকৰো লাভ হওঁক আৰু আমাৰো লোকচান নহওঁক, বাহিৰৰ পৰা কিয় কিনো যদি ঘৰতেই উত্পাদন হয়। খেতিয়কসকলক যথেষ্ট উত্সাহিত দেখা গৈছে।

সাহিত্য ডট অৰ্গ: তিতা আৰু মিঠা বনৌষধিৰ গুণাগুণৰ বিষয়ে অলপ ক’ব নেকি ?

গুণাৰাম খনিকৰ: তিতা বস্তু সদায় খাব নালাগে। ‘আঠে তিতা পষেকে পিঠা, মাহেকে যি খাই কড়াই তাক যমেও ডৰাই’ যমেও তাক ভয় কৰে। সদায় তিতা খালে নাৰ্ভবিলাক দুৰ্ব্বল হৈ যাব পাৰে, ডেকা ল’ৰাৰ যৌন শক্তি হ্ৰাস পাব পাৰে। কিন্তু আঠ দিনৰ মূৰত তিতা খাবলৈ কোৱা হৈছে, নিম তিতা, শুকোতা, তিতা-ভেকুৰী আদি সকলো তিতাই আঠদিন বিৰতিৰ পিছত খোৱাটো ভাল। তেতিয়া তেজো পৰিস্কাৰ হ’ব, লিভাৰো ঠিকে থাকিব। ডাইবেটছ নিয়ন্ত্ৰিত হ’ব, মেলেৰিয়া ৰোগ প্ৰতিৰোধ হ’ব আৰু ছালৰ ৰোগো নাইকিয়া হ’ব। মিঠা যদিও ভাল, মিঠা বেছি খোৱা ভাল নহয়। ডাইবেটিছ ৰোগীৰ বাবে মিঠা অপকাৰী, ডিচেণ্ট্ৰি, ডায়েৰিয়াতো বেছি মিঠা বেয়া। চেনীত থকা চুক্ৰজ আমাৰ শৰীৰৰ বাবে কিছু পৰিমাণে উপকাৰী, কিন্তু চেনীতকৈ গুৰ খোৱাটোহে ভাল। এক কিলো গুৰ এজন মানুহে খাব পাৰে কিন্তু এককিলো চেনি খালে অপকাৰ হোৱাটো নিশ্চিত। গুৰে তেজ বৃদ্ধি কৰে, তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়ায়। গুৰ যিমানেই পুৰণি হয় সিমানেই ভাল। বিশ বছৰৰ পুৰণি গুৰে শৰীৰৰ সকলো বিষ নাইকিয়া কৰিব পাৰে।

সাহিত্য ডট অৰ্গ: বনৌষধি প্ৰস্তুত কৰাৰ সময়ত হোৱা আপোনাৰ অভিজ্ঞতা দুটামান আমাক কওকচোন !

গুণাৰাম খনিকৰ: হয়,এনেকুৱা অভিজ্ঞতা মোৰ যথেষ্ট আছে। এইমছ (AIIMS)ত ভাল কৰিব নোৱাৰা ৰোগী আমাৰ দৰব খাই ভাল হৈছে। ৬ মাহ বাচি থাকিব বুলি কোৱা ৰোগী আমাৰ দৰব লৈ ১২/১৩ বছৰ বাচি আছে। তেনে এগৰাকী হ’ল বন্দনা বৰুৱা। কেন্সাৰৰ বাবে তেজ বন্ধ নোহোৱা ৰোগীয়েও আমাৰ দৰব খাই তেজ ৰৈ যোৱাৰ ওপৰিও অন্তত ভাত খাব পৰা হৈছে। তেওঁলোকে মোক কয়, আপুনিয়েই ভগবান। নলবাৰীৰ এজন সাংবাদিক; তেওঁৰ পেটৰ গণ্ডগোল আছিল, তেওঁৰ আচলতে এইডছৰ লক্ষণ দেখা গৈছিল আৰু পিছলৈ কেন্সাৰ ধৰা পৰিছিল। তেখেত আমাৰ বনদৰব খাই ভাল হৈছিল আৰু তেওঁ মোক ভগবানৰ দৰে ভাবিছিল। এনে আৰু বহু উদাহৰণ আছে মোক দেৱদূত আখ্যা দিয়া। মোৰ কিন্তু সেইবোৰ ভাল নালাগে। আমাৰ দৰব খাই কষ্টত চটফটাই থকা ৰোগী এজনে শান্তি পাইছে, আৰোগ্যৰ পথলৈ আহিছে, তেওঁলোকৰ পৰিয়ালৰ মানুহৰ মুখত হাঁহি ফুটিছে আমাৰ কাৰণে সেয়াই অতি আনন্দৰ কথা। গুৱাহাটীৰ এজন সাংবাদিকৰ পিতৃৰ গোটেই শৰীৰত ঘাঁ হৈ বহুদিনৰপৰা শয্যাশায়ী হৈ আছিল, মোৰ পৰা তেওঁলোকে গেছৰ দৰব বিছাৰিছিল, আলচাৰ হৈ কেন্সাৰলৈ আগবাঢ়িছে হেনো বেমাৰটো। কিন্তু ১৫/২০ দিনৰ দৰব খোৱাৰ পিছত তেওঁৰ গেছৰ লগতে শৰীৰৰ ঘাঁও শুকাই যোৱাত নজনাকৈয়ে এটা নতুন দৰবৰ আৱিষ্কাৰ হৈছিল। এনেধৰণৰ আৰু বহু অভিজ্ঞতা আছে। ত্ৰিপুৰাত এবাৰ আয়ুৰ্বেদিক, হোমিঅ’ আৰু এলোপেথিক চিকিত্সকসকলৰ এটা ট্ৰেইনিং আছিল, ট্ৰেইনিং শেষ হোৱাৰ পিছত ফ্লাইটৰ সময় হৈ যোৱা সত্ত্বেও তেওঁলোকে শাৰীপাতি এজন এজনকৈ ভৰি চুই সেৱা কৰিহে মোক আহিবলৈ এৰি দিছিল। আনএবাৰ বিজ্ঞান সমিতিৰ ষ্টল এখনত মোক চাবলৈ ঠেলা হেঁচা হোৱাত স্বেচ্ছাসেৱক নিযোগ কৰিবলগীয়া অৱস্থা হৈছিলগৈ। তাত ড° কুলেন্দু পাঠক ছাৰো উপস্থিত আছিল। মোক মাত্ৰ এবাৰ চাব আৰু কোনো প্ৰশ্ন সুধি ব্যতিব্যস্ত নকৰে বুলিও তেওঁলোকে ছাৰৰপৰা মোক চোৱাৰ অনুমতি বিচাৰিছিল। কাৰণ বনদৰবৰ ব্যৱহাৰ কৰি তেওঁলোক অতিশয় লাভান্বিত হৈছিল হেনো! আমাৰ ওচৰলৈ ৰোগীসকলে সাধাৰণতে ভাৰতৰ বহু আগশাৰীৰ চিকিত্সা লয়ত লাখ লাখ টকা খৰচ কৰি চিকিত্সা কৰোৱাৰ পিছত সুফল নাপায় হতাশ হৈহে আহে আৰু ইয়াত সামান্য খৰছৰ বিপৰীতে সুফল পাই অতিশয় আনন্দিত হৈ পৰে।

সকলোতকৈ আনন্দ পাইছোঁ, ভাৰতৰ বাহিৰত বা ভিতৰত যিমানেই এৱাৰ্ড নাপাওঁ কিয়, এইবাৰ ‘২০১৩ চনৰ অসমীয়া আটাইতকৈ প্ৰভাৱশালী ব্যক্তি’ পুৰস্কাৰৰ বাবে! এই পুৰস্কাৰৰ বাচনিৰ কথা দুদিনলৈ ম‍ই ক’ব‌ই নোৱাৰোঁ। এছ.এম.এছ কৰিবও ম‍ই নাজানো, কাকো এই বিষয়ে অনুৰোধো কৰা নাছিলোঁ, কিন্তু বহু ডাঙৰ ডাঙৰ গণ্য মান্য ব্যক্তি থকাৰ পিছতো বিপুল ভোটৰ ব্যৱধানত মোক শীৰ্ষস্থানলৈ বাচনি কৰাই ইয়াকে প্ৰতিপন্ন কৰে যে সৰ্বসাধাৰণ ৰাইজে বনৌষধিক স্বীকৃতি দিছে – য’ত এটাসময়ত বাতৰি কাকত আলোচনীত মোৰ নাম তলত সৰুকৈ ব্ৰেকেটৰ ভিতৰত ‘খনিকৰ’হে লিখিছিল। সুখী হৈছোঁ এইটো কাৰণে যে ‘ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেচনে’ এই চিকিত্‍সা পদ্ধতিক অনুমতি প্ৰদান কৰিছে। ভাৰত চৰকাৰে ‘আয়ুষ’ বুলি এটা বিভাগ খুলিছে। ‘State Medicinal Plant Board’ গঠন কৰিছে। এতিয়া কোটি কোটি টকা ইয়াৰ পিছত খৰছো কৰিছে। বৰ্ত্তমান আমি পাঠ্যপুথিত বনৌষধিক অন্তৰ্ভূক্ত কৰিবলৈ চেষ্টা কৰি আছোঁ। স্বাস্থ্যই হৈছে মূলধন। এটা কথা আছে ‘Health is not everything But everything is Nothing Without Health’ স্বাস্থ্য অবিহনে সকলো মিছা। তেনেহ’লে শিশুসকলে কিয় জানিব নালাগে কি খাব লাগে, কিয় খাব লাগে, কেতিয়া খাব লাগে আৰু কিমান খাব লাগে। এইবোৰ কথা সৰু ল’ৰা-ছোৱালীয়েও জানিব লাগিব। আমাৰ দেশত চিকিৎসালয় বাঢ়িছে, চিকি‍ত্সক বাঢ়িছে, চিকি‍ত্‍সা পদ্ধতি বাঢ়িছে, দৰব বাঢ়িছে কিন্তু বেমাৰতো কমা নাই! কিয় কমা নাই? কাৰণ আমাৰ স্বাস্থ্য শিক্ষা নাই। স্বাস্থ্য শিক্ষা নাথাকিলে মেডিকেল কলেজ, ডাক্টৰ বঢ়াই গৈ থাকিলেও একো লাভ নাই আমেৰিকাৰ এজন চিকিত্‍সা বিজ্ঞানীয়ে কৈছে – পৃথিবীত সেইখন চৰকাৰেই সৰ্বশ্ৰেষ্ঠ চৰকাৰ যিখন চৰকাৰে সাহসেৰে ক’ব পাৰে যে অহা দহ বছৰত আমাৰ হস্পিটেলবোৰ বন্ধ হৈ যাব!! কাৰণ বেমাৰ নাথাকিলে হস্পিটেললৈ কোনো নায়ায়। গতিকে বেমাৰ নহ’বৰ বাবে কি কি কৰিব লাগিব সেইটোহে আচল কথা। হস্পিটেল থাকিব কেৱল আকস্মিক দূৰ্ঘটনাৰ কাৰণে কিন্তু বেমাৰৰ কাৰণে কোনো হস্পিটেল নাথাকিব, তেতিয়া মানুহে নিজৰ খাদ্যৰ ওপৰত গুৰুত্ব দিবই। নিজেই সচেতন হ’ব নিজৰ স্বাস্থ্যৰ বিষয়ে। গতিকে সেইখন চৰকাৰহে উত্তম চৰকাৰ বুলি কৈছে। কিন্তু আমাৰ ইয়াত হস্পিটেলৰ সংখ্যা বঢাই গৈ থকাই বেমাৰক নিমন্ত্ৰণ কৰাটোহে সূচাইছে। স্বাস্থ্য জ্ঞান শিশুকালৰ পৰাই আৰম্ভ হোৱা উচিত। প্ৰায় সকলো বেমাৰৰ আৰম্ভণি হয় খাদ্যৰ পৰাই।
আনৰ বস্তু চুৰি কৰিবলৈ মনযোৱা বা ঘোচখোৱা বেমাৰটো ক্লেপ্ট’মেনিয়া (kleptomania), আনে যি কৰে কৰি থাকক ময়েই সকলো—এইধৰণৰ অহংকাৰী বেমাৰটো মেগালোমেনিয়া (Megalomania) আৰু সকলোকে সন্দেহ কৰা বেমাৰটো চিজ’ফ্ৰেনিয়া (Schizophrenia)। এই আটাইকেইটা বেমাৰ ভাল কৰিব পৰা একমাত্ৰ উপায়টো হৈছে খাদ্য। ভাগৱতৰ মতে ‘অন্নতে ভৱতি ভূতানি’। গীতাত কৈছে ‘আহাৰ শুদ্ধৌ সত্বঃ শুদ্ধি, সত্বঃ শুদ্ধৌ ধ্ৰুবাই স্মৃতি’। আহাৰ শুদ্ধ হ’লেহে মন শুদ্ধ হ’ব, মন শুদ্ধ হ’লে চিন্তা শুদ্ধ, চিন্তা শুদ্ধ হ’লে কৰ্ম শুদ্ধ, কৰ্ম শুদ্ধ হ’লে ফল শুদ্ধ হ’ব! তাৰ মানে গোটেই কথাখিনিৰ গুৰুত্ব খাদ্যৰ ওপৰতেই নিৰ্ভৰ কৰে। বেমাৰ হ’লে চিকিত্সা কৰাতকৈ বেমাৰ নোহোৱাকৈ কেনেকৈ থাকিব পাৰি তাৰবাবেহে যত্নপৰ হোৱা উচিত। সকলো বেমাৰৰ প্ৰতিৰোধৰ ব্যৱস্থা প্ৰকৃতিয়ে দিছে। শাৰিৰীক পৰিশ্ৰমৰ অভাবো আন এটা চিন্তনীয় বিষয়। আমাৰ স্কুল ঘৰৰপৰা ৪ কি.মি. আতঁৰত আছিল। খোজকাঢ়ি অহা-যোৱা কৰিছিলোঁ, আকৌ পথাৰলৈ হালবাব যাবই লাগিব, হাল নাবালেও তাতে থিয় হৈ থাকিবই লাগিব দেউতাৰ কাঢ়া নিৰ্দ্দেশত। কলেজলৈ চাইকেল চলাই যাওঁ, তাৰপৰা আহি ৫ কি.মি. দূৰৈৰ কবিগুৰিত পানী দিব যাব লাগে। শাৰিৰীক পৰিশ্ৰম খেলা-ধূলা কমি গৈ আজিকালিৰ প্ৰজন্মই টিভি, কম্পিউটাৰ, ম’বাইলত ব্যস্ত হৈ পৰিছে, তাৰফলত ডায়বেটিছৰ দৰে ভয়াবহ বেমাৰসমূহ সাধাৰণ কথা হৈ পৰিছে আৰু ইয়াৰ ভূক্তভোগীও হ’ব আমাৰ কৰ্ম বিমুখ নতুন প্ৰজন্ম। মই এতিয়াও চাইকেল লৈয়ে চলা-ফুৰা কৰোঁ যিটো আজিৰ প্ৰজন্মই লজ্জাৰ কথা বুলি গণ্য কৰে। আমাৰ কৰ্ম সংস্কৃতিটো বঢ়াব লাগিব। আজিকালি খাদ্যবোৰ ভেজাল হ’ল। ভেজাল খাদ্য‌ই স্বাস্থ্য হানি কৰিছে।

সাহিত্য ডট অৰ্গ: এলপেথিক দৰবৰ সৈতে একে সময়তে বনৌষধ গ্ৰহণ কৰিব পাৰিনে? কিবা পাৰ্শ্ব-প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাবনা থাকে নেকি?

গুণাৰাম খনিকৰ: আমাৰ দৰবসমূহ খাদ্যবস্তুৰ পৰাই তৈয়াৰ কৰা হয়। আমি কেৱল কি অনুপাতত খাব লাগিব তাৰ ওপৰতহে লক্ষ্য ৰখা উচিত। যেনে এপেণ্ডিকচৰ বাবে গাজৰ দুটাকৈ তিনিবাৰ খাব পাৰি। আমলখি সদায় খাব পাৰি। ইয়াক ধাত্ৰিফল বুলিও কোৱা হয়, সাধাৰণ পানীলগাৰ পৰা কেন্সাৰলৈকে প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে, এইডছ বেমাৰৰ ঘাঁ শুকুৱাই দিব পাৰে, গতিকে কেতিয়া, কিমান আৰু কেনেকৈ আমি সদায় খাই থকা খাদ্যসমূহ খাব লাগে তাক জানিলেই হ’ল। আমলখি যেতিয়া পায়খানা টান হয়, আলচাৰ হয়, পায়খানাৰ নলীৰ ঘা শুকুৱাবলৈ মৌৰ লগত খাব লাগিব, গেছ হ’লে পানীৰ লগতে খাব পাৰে। এই নিয়মবোৰ আমি কৈ দিওঁ। এল’পেথিকৰ লগত খালেও চাইড এফেক্ট একো নাই খালী ২০ মিনিটমানৰ গেপ এটা ৰাখিব লাগে।

সাহিত্য ডট অৰ্গ: থলুৱা অসমীয়া বনদৰৱৰ ওপৰত কোনোধৰণৰ আধুনিক গৱেষণা হৈছে নেকি? এই বিষয়ৰ সম্ভাৱনীয়তা কেনে বুলি ভাৱে?

গুণাৰাম খনিকৰ: কিছুমানটো হৈ আছে আৰু কিছুমান হোৱা নাই। আমাৰ বস্তু আন কোনোবাই নি গৱেষণা কৰি আমাকেই বিক্ৰি কৰিছে। “তোমাৰ বাৰীৰ বাঁহগাজ, তাৰে কৰিলোঁ খৰিছা, খৰিছা সলাই ধান দোন ল’লোঁ কথাটো মন কৰিছা?”— ধৰণৰ হৈছে কথাটো। আমাৰ ইয়াত যেনে ধৰণৰ গৱেষণা হ’ব লাগিছিল, বহু বস্তু তেনেধৰণৰ নোহোৱাৰ বাবে পেটেণ্ট কৰিছে অন্য দেশে। যেনেকৈ বাচমতি চাউল, নিম, আন দেশে পেটেণ্ট কৰিব বিচাৰিছিল। আমাৰ দেশৰ গোলনেমুৰ দৰে সুগন্ধি নেমু আন ক’তো নাই! গোল নেমু ১০/২০ বছৰ পুৰণি হ’লেহে ডিচেন্ট্ৰিত বেছি কামত আহে, সংৰক্ষণৰ নামত কেৱল নিমখত দি থলেই হয়। কুঁজি থেকেৰা, বৰ থেকেৰা অন্য দেশতকৈ উন্নত। চৰ্ব্বীৰ সমস্যা, ক্ৰনিক ডিচেন্ট্ৰিৰ সমস্যাৰ বাবে কুঁজি বা বৰ থেকেৰাই বৰ ভাল কাম কৰে। সেয়ে এই থলুৱা বন দৰবৰ ওপৰত গৱেষণা হোৱা উচিত আৰু পেটেণ্ট নকৰিলে এইবোৰ আন দেশে পেটেণ্ট কৰি পেলাব পাৰে। তেতিয়া আমি তেওঁলোকৰপৰা কিনিহে ল’ব লাগিব। অৱশ্যে আমৰ দেশত পেটেণ্ট কৰটো এটা বৰ দীঘলীয়া প্ৰক্ৰিয়া। তথাপিও থলুৱা দৰববোৰৰ ওপৰত ভালকৈ গৱেষণা হোৱাটো উচিত বুলি ভাবিছোঁ। এতিয়া আমি এনেবিলাক ঔষধৰ ওপৰত গুৰুত্ব দিছোঁ যিবিলাক বেমাৰ এলোপেথিক দৰবে ঠিক কৰিব নোৱাৰে বা যিবিলাক বেমাৰ অস্ত্ৰোপচাৰ অবিহনে ঠিক নহয়। তেনেবিলাক বেমাৰ আমি সাধাৰণ খাদ্যৰ দ্বাৰা কোনোধৰণৰ অস্ত্ৰোপচাৰ নোহোৱাকৈ ভাল কৰিবলৈ সমৰ্থ হৈছো। কিডনী ষ্টন, গলব্লাডাৰ ষ্টন, ছাইনাচাইটিচ, পেপটিক আলচাৰ, টনছিলাইটিচ, পাইলচ পাঁচবাৰ ভাৰতৰ বিভিন্ন ঠাইত অপাৰেচন কৰি ভাল নোপোৱা ৰোগীকো আমি ভাল কৰিবলৈ সমৰ্থ হৈছোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ এখন ঔষধি গছৰ উদ্যান আছে। তাত বৰ্তমান কিমান গছ আছে?

গুণাৰাম খনিকৰ: হয় আছে। চৰকাৰক মাটি বিচাৰিছোঁ যদিও আমাক এতিয়াও মাটি দিয়া নাই। সেয়ে কম মাটিতে কেনেকৈ বেছি গছ ৰুব পাৰোঁ – আমি কেৱল ৰাইজক চিনাকী কৰাই দিয়াৰ উদ্দ্যেশেৰে ১০০০ টাবত গছবোৰ ৰুইছোঁ, মাটিতো ৰুইছোঁ কিছুমান আৰু ভেটি উঠাই ৰুইছোঁ কিছুমান গছ। সৰহীয়াকৈ মাটি পালে এখন বৃহত ঔষধি উদ্যান সাজিব পাৰিম। টেঙানিত ইতিমধ্যে ১২০ বিঘা মাটিত আৰম্ভ কৰা হৈছে। এজনে ২৫ বিঘা মাটি দান দিছে। এতিয়া প্ৰায় ১০০০ বিধ বনৌষধি আমাৰ উদ্যানত আছে।

সাহিত্য ডট অৰ্গ: আপোনাৰ সংগ্ৰহত থকা গছসমূহৰ নামৰ তালিকা কৰি থোৱা আছে নেকি?

গুণাৰাম খনিকৰ: কিছুমান গছৰ অসমীয়া নাম, ইংৰাজী নাম, বৈজ্ঞানিক নাম, ফেমিলি, ব্যৱহাৰ আদি অসমীয়া আৰু ইংৰাজীত দিয়া আছে, কিন্তু সকলোখিনি দিয়াটো সম্ভবো নহয়। কাৰণ কিছুমান গছ বাৰিষা মৰি যায়, খৰালি ওলায়, আকৌ কিছুমান গছ খৰালি মৰি গৈ বাৰিষা ওলায়। তাতে নামবোৰ তালিকা কৰি থৈ দিলে বিচাৰি নাপাব সেয়ে যেতিয়া যি ঋতুত আহে, তেনেধৰণে দেখুৱাই দিয়া হয়। যেনে ধৰক গাঠিয়নটো মৰি গ’ল, আকৌ এতিয়া বাৰিষা ওলাব।

সাহিত্য ডট অৰ্গ: কোনো ইচ্ছুক ব্যক্তিয়ে পুলি সংগ্ৰহ কৰিব পৰাৰ ব্যৱস্থা আছে নেকি ?

গুণাৰাম খনিকৰ: নাৰ্ছাৰী আছে, তদুপৰি কোনো ব্যক্তিয়ে ৫০০ বা ১০০০ বা সৰহীয়াকৈ বিচাৰিলে আগতীয়াকৈ লিখিতভাৱে দিব লাগিব আগধনসহ।

সাহিত্য ডট অৰ্গ: আপোনাৰ কৰ্মৰাজিৰ (বনৌষধি আৰু গ্ৰন্থপ্ৰণয়ন) বাবে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা আপুনি কেনেধৰণৰ সমাদৰ আৰু সন্মান লাভ কৰিছে? আপোনাৰ গবেষণাৰ বিষয়ত অসম বা ভাৰতৰ বাহিৰত কোনো আলোচনাত ভাগ লৈছে নেকি?

গুণাৰাম খনিকৰ: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পোৱা হৈছে। ৰাষ্ট্ৰীয় ‘গৌৰৱ’ এৱাৰ্ড পোৱা হৈছে দিল্লীৰপৰা। ‘ইণ্টাৰনেচনেল গ’ল্ডষ্টাৰ এৱাৰ্ড’ থাইলেণ্ডৰপৰা। ‘ইণ্টাৰনেচনেল এচিয়া গ’ল্ডষ্টাৰ এৱাৰ্ড’ কাঠমাণ্ডু নেপালৰপৰা। ‘ভেষজ ৰত্ন’ বা ‘বনৌষধি ভাস্কৰ’, ‘বনৌষধি সম্ৰাট’ আদি নানান সন্মান পোৱা হৈছে। ভাৰতৰ ছশতকৈ অধিক অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান যাঁচিছে। চীন, আমেৰিকা, ইংলেণ্ড, নেপাল, থাইলেণ্ড আদি বহুদেশলৈ নিমন্ত্ৰিত হৈছোঁ। থাইলেণ্ডত ইণ্টাৰনেচনেল মিটত মই লিখিতভাৱে আবেদন জনাইছিলোঁ যে সকলোৰে এটা সংগঠন লাগে সমূহীয়াভাবে কাম কৰিবলৈ। আমাৰ বনৌষধিৰ দিশত তেনে কোনো আন্তঃৰাষ্ট্ৰীয় সংগঠন নাই য’ত থলুৱা দৰবৰ বিষয়ে একেলগে মিলি কাম কৰিব পাৰি। প্ৰতিখন দেশৰে থলুৱা বনদৰব থাকে, এই দৰবসমূহ কি কি আৰু কেনেকৈ প্ৰস্তুত কৰে ইত্যাদিৰ বিষয়ে আলোচনা, তাৰ থলুৱা ঔষধি গছগছনিবোৰৰ ফ’টো আৰু বিৱৰণসহ কিতাপ আদি থাকিব লাগে বুলিও পৰামৰ্শ দিছিলোঁ। এইটো কিমান দূৰ আগবাঢ়িছে নাজানো; কিন্তু এখন কমিটি গঠন কৰাৰো পৰামৰ্শ দিছিলোঁ।

সাহিত্য ডট অৰ্গ: বৰ্তমান আপুনি কিবা নতুন গ্ৰন্থ প্ৰণয়ন কৰি আছে নেকি? নাইবা নতুন কিবা গবেষণাৰ লগত জড়িত হৈ আছে নেকি?

গুণাৰাম খনিকৰ: নতুন কাম তেনেকৈ কৰি থকা হৈছে। কীটাণুনাশক দৰবৰ সম্পৰ্কত হাৰ্বেল কি কি আছে তাৰ ওপৰত হ’ব। আমাৰ বনৌষধি অভিধান এখন আছে যদিও আৰু এখন তাতোকৈ বেলেগ এখন ডাঙৰকৈ কৰিবলৈ দায়িত্ব দিছে। শিশুৰ মাকৰ গৰ্ভত থকাৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, বৃদ্ধসকলোৰে বেমাৰ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি, কেনেধৰণে যতন ল’ব লাগে, আৰোগ্য কেনেকৈ কৰিব পাৰি, তাৰ প্ৰামাণিক যিবোৰ ঔষধ আছে, সেই সম্পৰ্কীয় গছ-গছনিৰ ফটো আৰু বিৱৰণসহ আন এখন পুথিৰ পৰিকল্পনা কৰা হৈছে। বৃহৎ কলেবৰৰ এইপুথিখনৰ বজাৰ মূল্য প্ৰায় ৭০০/৮০০ টকা মান হ’ব পাৰে।

সাহিত্য ডট অৰ্গ: আপোনাৰ একেবাৰে শেহতীয়া গৱেষণা, নতুন কিবা দৰব?

গুণাৰাম খনিকৰ: নতুন এটা দৰব আমি উলিয়াইছোঁ। ছালখন সাংঘাটিক খজুৱতি হৈ ক’লা ক’লা হৈ উঠি যায় ‘ছৰিয়াছিচ’ এই নামৰ ছালৰ বেমাৰবিধ এলোপেথিকে ভাল কৰিব পৰা নোৱাৰে বুলি প্ৰমাণ হৈছে। আমাৰ দৰবত এই ৰোগী সম্পূৰ্ণ আৰোগ্য হৈছে। পৃথিবীৰ দহখন দেশে আমাৰ পৰা ডায়বেটিছৰ দৰব নিয়ে। বহু বছৰৰ পুৰণি বহুমূত্ৰ ৰোগ ইনছুলিন নিৰ্ভৰশীল হ’লেও ভাল কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি দাবী কৰিছোঁ। পেনক্ৰিয়াচৰ বিটাচেলবোৰ আমাৰ দৰবে সক্ৰিয় কৰি দিয়ে যিটো দৰব এতিয়ালৈকে আবিষ্কাৰ হোৱা নাই। আমি অভেৰিয়ান কেন্সাৰ ভাল কৰিছোঁ। যোৱা বছৰত দক্ষিণ ভাৰতত ডেংগু হোৱাৰ সময়ত আমাৰ পৰাই বহু দৰব নিলে। ব্লাড কেন্সাৰত প্লেটলেটটো কমি যায়, বাৰে বাৰে তেজ দিবলগীয়া হয়, এই প্লেটলেটটো বৃদ্ধি কৰিব পৰা গছ আমাৰ ইয়াত আছে। লিভাৰত পানী জমা হ’লে, ব্ৰেইনত পানী জমা হ’লে, কিডনীত পানী জমা হ’লে, পানীটো য’ত মাহেকত এবাৰ উলিয়াব লাগে, আমাৰ দৰব খোৱাৰ পিছত তিনি চাৰিমাহৰ মূৰত উলিয়ালেও হৈছে। তাৰপিছত নুলিয়ালেও হৈছে আৰু ভাল হৈ গৈছে। সাধাৰণ এজোপা বনজাতীয় উদ্ভিদৰপৰা আমি এই দৰব তৈয়াৰ কৰিছোঁ। আমি এইটো চাইছোঁ যে কোনকেইটা ৰোগ এল’পেথিকে বিনা অস্ত্ৰোপচাৰত ভাল কৰিব নোৱাৰে। এল’পেথিকত ডায়েবেটিছ, ব্লাডপ্ৰেছাৰৰ দৰব জীয়াই থকালৈকে খায় থাকিবলগীয়া হয়। ফলত দৰবৰ ছাইড এফেক্ট হৈ কিডনী বিকল হৈ পৰে। আমি তেনেবিলাক ৰোগৰ দৰব উলিয়াবৰ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমি কৃতকাৰ্য্যতা লাভ কৰিছোঁ। চাইনাচাইটিছ বিনা অস্ত্ৰোপচাৰত ভাল হয়। কিডনী ষ্ট’ন, টনচিলাইটিছ, পেপটিক আলচাৰ, মেলিনা, ছৰিয়াছিছ আদি এলোপেথিকে ভাল কৰিব নোৱাৰা ৰোগসমূহ সাধাৰণ খাদ্য বস্তুৰ পৰা অতি কম খৰচতে তৈয়াৰ কৰিৰ পাৰি। আমি দৰবটো শিকাই দিওঁ আৰু যদি নাপায় আমি তৈয়াৰ কৰি দিওঁ।

সাহিত্য ডট অৰ্গ: জাপানীজ এনকেফেলাইটিছৰ ওপৰত কিবা ক’ব নেকি?

গুণাৰাম খনিকৰ: জাপানীজ এনকেফেলাইটিছৰ ঔষধ আচলতে কালমেঘ আৰু চিৰতা। শুকোতা যদি সপ্তাহত এদিনো খায় তেওঁৰ বেমাৰেই নহ’ব। আৰু চিৰতা আৰু কালমেঘ যদি নিয়মীয়াকৈ সপ্তাহত এবাৰকৈ খায় থাকে আৰু তেওঁক যদি কেনেবাকৈ জোকে খায়, জোকটো নিজে সৰি পৰিব। দেহৰ ছালত মহে একো ক্ষতি কৰিব নোৱাৰে। গুলঞ্চ বা অমৰলতা বা টিন’ষ্ফৰা ক’ৰদিফ’লিয়া, সেইটো সাংঘাটিক তিতা, মহানিমৰ পাত, চিৰতা, যদি আঠদিনৰ মূৰে মূৰে ঘৰে ঘৰে, মেলেৰিয়া হ’ব পৰা সময়ত খায় থাকে তেন্তে ৰোগটো প্ৰতিৰোধ হ’ব। চিত্ৰনলা তেল যদি নাৰিকল তেলৰ লগত সানি লয়, তেতিয়া মহে খাব নোৱাৰে। মহৰ কণী আৰু পলু নিধন কৰাটো প্ৰথম কথা। আজি বিজ্ঞান ইমান উচ্চ শিখৰত উপনীত হৈছে যে চন্দ্ৰতো মাটি কিনিবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত সাধাৰণ মহকেইটাৰ লগত যুঁজিব নোৱাৰাটো অতি লজ্জাৰ কথা। আমাৰ অসমত এনে বনৌষধি আছে যে মেলেৰিয়াত মানুহ মৰিবই নালাগিছিল। আচলতে সচেতনতা না‍ই, চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব দিব লাগিছিল। আমি মেলেৰিয়াৰ দৰব তৈয়াৰ কৰিছোঁ, এনকেফেলাইটিছৰ বাবে শুকোতা খায় থাকিব লাগে, আমাৰ ল’ৰা-ছোৱালীয়ে শুকোতা চিনিয়ে নাপায়। আচলতে সেইবিলাকৰ প্ৰচাৰ, প্ৰসাৰ, অধ্যয়ন, গৱেষণাৰ ওপৰত গুৰুত্ব দিব লাগে। চৰকাৰে আমাক আচলতে উপযাঁচি মাটি দিব লাগিছিল। যি অন্য ঠাইত দিছে আমাক, ত্ৰিপুৰাত মাটি দিছে, হিমাচল প্ৰদেশ, অৰুণচল, মেঘালয়ত আমি কৰিছোঁ, আমাৰ চৰকাৰে গুৰুত্ব্ই দিয়া নাই; কিন্তু বাংলাদেশীক মাটি দিছে। উত্তৰ-পূৰ্বাঞ্চলক বনৌষধিৰ ভঁড়াল বুলি কোৱা হয় কিন্তু আমাৰ চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। বনৌষধি উদ্যোগৰ যোগেদি নিবনুৱা সমস্যাও সমাধান কৰিব পৰা যাব। আমাৰ ইয়াৰপৰা আমেৰিকাই এছাৰি নিছে, সৰু সৰু কৈ কাটিছে আৰু কৈছে যে দাঁত বিষ হ’লে গৰম কৰিব আৰু দাঁতত লগাই কামুৰি থাকিব। এজোপা বাঁহত লাখ টকা পাব পাৰে অকল এছাৰি বেচি। সেইটো আমাৰ সচেতনতা নাই। কোনো উদ্যোগ নাই, চৰকাৰৰ এটা বিভাগ আছে হৰটিকালচাৰ, চৰকাৰে পইছাবোৰ দিছে, কিন্তু পইছাবোৰ ভাল কামত ব্যৱহাৰ হৈছে নে নাই সেইটো বিচাৰ নাই। যাৰ বনৌষধিৰ জ্ঞানেই নাই তেনে মানুহে পইছাবোৰ খৰছ কৰি আছে। বনৌষধি গছ ৰুলে এক পৰিবেশ সংৰক্ষিত হ’ল, তদুপৰি গছবোৰ সংৰক্ষিত হ’ল, তাৰপৰা ঔষধ প্ৰস্তুত হ’ব, অৰ্থনৈতিকভাবে স্বাৱলম্বী হ’ব, একপ্ৰকাৰে নিবনুৱা সমস্যা সমাধান হ’ব, আচলতে সেই বিষয়ত গুৰুত্ব দিব লাগিছিল। গাঁৱৰ ৰাইজক এই বিষয়ে সচেতন কৰিব লাগিব। মেলেৰিয়া দিৱস পালন কৰে জুন মাহত, কিন্তু আমাৰ দেশত বাৰিষা এপ্ৰিলতেই আহে, তেনেহ’লে বৰষুণ গ’লে জাপি লৈ লাভ কি? বাৰিষাৰ আগতেই ৰাইজক সচেতন কৰিব লাগিব মেলেৰিয়াৰ বাবে। মেলেৰিয়া মহৰ কণী ধ্বংস কৰিবৰ কাৰণে গৰৈ, চেঙেলি, ভেচেলী আৰু দৰিকণা মাছ আছে। তদুপৰি আমাৰ ইয়াত নাৰ্জী ফুলৰ খেতি খুব হয়। এই ফুলৰ পাত আৰু গুটি যদি খুন্দি ছটিয়াই দিয়ে পুখুৰীত, খাল-ডোঙাত তাৰ কণী আৰু পলুবোৰ নাশ হৈ যায়। নিম, চিৰতাৰ জাগ দিয়া হয় আমাৰ গাঁওবোৰত। তাৰপৰা আন দেশবোৰত দিয়া ধোঁৱাৰ দৰে ক্ষতি নহয়।

সাহিত্য ডট অৰ্গ: আপোনাৰ ভবিষ্যৎ পৰিকল্পনাৰ বিষয়ে কওঁকচোন!

গুণাৰাম খনিকৰ: এখন অতি বৃহৎ বনৌষধি বাগিছা কৰাৰ ইচ্ছা আছে। স্কুল, কলেজবিলাকত বাগান কৰিবলৈ লৈছোঁ। ইতিমধ্যে কেইবাখনো কলেজত বনৌষধি বাগান কৰিছোঁ; যেনে, দেৱৰাজ ৰয় কলেজত, কমাৰ্চ কলেজত, ফৰকাটিং কলেজত, কমাৰগাঁও কলেজত কৰিছোঁ আৰু চৰকাৰক পৰামৰ্শ দিছোঁ যে পঞ্চায়তৰ যোগেদি প্ৰায়বিলাক স্কুল কলেজত যিমান মাটি আছে সেইবিলাকত বনৌষধি বাগিছা কৰিব লাগে। স্কুলে স্কুলে এই বিষয়ৰ প্ৰশিক্ষণ দিব লাগে। আমাৰ হাৰ্বেল মিউজিয়াম যিটো আছে তাক আৰু অলপ ডাঙৰ কৰিব খুজিছোঁ। ‘ড° গুণাৰাম খনিকৰ হাৰ্বেল ইনষ্টিটিউট’ এটা কৰিব বিচাৰিছোঁ। প্ৰশিক্ষণ এদিনৰ, এসপ্তাহৰ আৰু তিনিমহীয়া কোৰ্চৰ বাবে হ’ব। আৰু এটা কাম কৰিব বিচাৰিছোঁ; ভাৰতবৰ্ষত যিজনে প্ৰকৃততে ভাল সামাজিক কাম কৰিছে, তেনে লোকক তিনিবছৰৰ মূৰে মূৰে `Dr Gunarama Khanikar National Social Workar Award’ নামে পুৰস্কাৰ এটা দিয়া হ’ব। তদুপৰি প্ৰত্যেক জিলাতে একোখন ঔষধি বাগিছা হ’ব লাগে। তাৰপৰা স্কুল কলেজৰ ল’ৰা-ছোৱালীৰ বহু সময় আৰু পইছা ৰাহি হ’ব। আমাৰ ‘মোবাইল হাৰ্বেল হস্পিটেল’ আছে, যিখন ভাৰতৰ ভিতৰতে প্ৰথম, তাৰ যোগেদি স্বাস্থ্য সচেতনতা অভিযান এটা চলাইছোঁ। স্বাস্থ্য সম্পৰ্কীয় সকলো সভা সমিতিতে আমি যোগদান কৰোঁ।

সাহিত্য ডট অৰ্গ: সাক্ষাৎকাৰৰ মাধ্যমেৰে ৰাইজলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব খোজে নেকি?

গুণাৰাম খনিকৰ: অসমৰ ৰাইজক আমি এইটোৱেই জনাব বিছাৰিছোঁ যে স্বাস্থ্য সুৰক্ষিত কৰিবই লাগিব। ব্যক্তিগত স্বাস্থ্যৰ সমষ্টিয়েই হৈছে জনস্বাস্থ্য। জনস্বাস্থ্য অবিহনে পৃথিবীৰ কোনো এখন দেশে সাহিত্য, শিক্ষা, সংস্কৃতি, কৃষ্টি বা আধ্যাত্মিক দিশেই হওঁক বা অৰ্থনৈতিক দিশেই হওঁক কোনো এটা দিশতে কেতিয়াও আগবাঢ়িব নোৱাৰে। সেয়ে জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি ধ্যান দিব লাগে। ৰাইজ খাদ্যৰ প্ৰতি সচেতন হ’ব লাগে। তদুপৰি কৰ্ম সংস্কৃতিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। কৰ্ম সংস্কৃতিৰ যোগেদি আমি বহুতো বেমাৰৰ প্ৰতিৰোধ কৰিব পাৰোঁ। কাম নকৰাৰ কাৰণে বহুত বেমাৰ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে যে বনৌষধি গছ-গছনিবিলাক সংৰক্ষণ, সংবৰ্ধন, পৰিচয়, খেতি আৰু উদ্যোগ এইবিলাক গঢ়ি তুলিব লাগে। চৰকাৰে আৰু ৰাইজে এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে। চিনাক্তকৰণটো ডাঙৰ কথা। স্কুল কলেজবোৰত বনৌষধি গছ-গছনি ৰোপণ কৰাৰ আৰু চিনাক্তকৰণৰ ব্যৱস্থা কৰিব লাগে। পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিব লাগে। তদুপৰি বনৌষধিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি তিনিমহীয়া কোৰ্চৰ আঁচনি এটা লৈছোঁ। আয়ুৰ্বেদিক কলেজতটো সকলোৱে পঢ়িব নোৱাৰে। শিক্ষাগত অৰ্হতাৰ কথা আছে। কিন্তু আমাৰ ইয়াত আখৰ চিনি নোপোৱাজনেও প্ৰশিক্ষণ ল’ব পাৰিব। তেওঁ যদি গছ চিনি পায় আৰু ঔষধটো কেনেকৈ খাব লাগে, কেনেকৈ তৈয়াৰ কৰিব লাগে শিকাই দিওঁ তাৰপৰা বহুতো মানুহ উপকৃত হ’ব পাৰিব। সকলোৱে প্ৰশিক্ষণ ল’ব পৰাকৈ এটা ইনষ্টিটিউট সাজিব খুজিছোঁ আৰু অসমৰ মানুহে যদি সঁহাৰি জনায় আমি খুব সোনকালে আৰম্ভ কৰিম। দগাঁও চক, তাতে য’ত আমাৰ বনৌষধি বাগিছা আছে তাতে আমি সৰুকৈ প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছোঁ। অসমৰ সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ যে সকলোৱে আমাক যাতে দিহা-পৰামৰ্শ দিয়ে, একেবাৰে পঢ়িব নজনা মানুহজনকো যাতে এটা ঔষধ শিকায় দিব পাৰোঁ। পৰিবেশ সংৰক্ষণৰ কাৰণেই হওঁক বা অৰ্থনৈতিক লাভালাভৰ কাৰণেই হওঁক বৃক্ষৰোপণটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। ‘মৎস্য পুৰাণ’ত আছে দহটা পুখুৰী খান্দিলে এটা সৰোবৰ খন্দাৰ সমান পূণ্য হয়, দহটা সৰোবৰ খান্দিলে এজন ধাৰ্মিক পুত্ৰ জন্ম দিয়াৰ সমান পূণ্য হয়। শংকৰদেৱ, যীশু খ্ৰীষ্ট দৰে দহজন ধাৰ্মিক পুত্ৰ জন্ম দিবলৈ যিমান পূণ্যৰ দৰকাৰ হয়, এজোপা গছ ৰুলে সিমান পূণ্য হয়। ‘মৎস্য পুৰাণ’ত এই কথা হাজাৰ হাজাৰ বছৰৰ আগেয়ে লেখি থৈ গৈছে। প্ৰত্যেক ঘৰ মানুহে দহজোপা গছ মাটি অনুপাতে নিজৰ বাৰীত ৰোপণ কৰাৰ নিয়ম কৰিব লাগে। তাৰ পৰা অন্ততঃ বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ নিবাৰিত হ’ব। আমি আশা কৰোঁ, গছ গছনি সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ, প্ৰসাৰ, অধ্যয়ন, গবেষণাৰ ওপৰত গুৰুত্ব দিয়ক আৰু প্ৰত্যেকৰে একোখনকৈ বাগিছা থাকক। বনৌষধিটো বহু বিজ্ঞানীয়ে অৱহেলা কৰে যদিও মনে মনে তেওঁবিলাকে আমাৰ দৰবেই খায়। ৰাজহুৱাভাবে ক’বলৈ হ’লে অবৈজ্ঞানিক বুলি কয়। কেৱল ডাঙৰ ডিগ্ৰি থাকিলেই বিজ্ঞানী নহয়; ‘ক’ বুলিব নজনাজনেও নিজৰ অভিজ্ঞতা

Subscribe
Notify of
6 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Faruque Aziz
7 years ago

গুণাৰাম খনিকৰ দেৱৰ দূৰভাষ নম্বৰটো লাগিছিল। ত্ৰিপুৰাৰ এজন বন্ধুৱে কৰ্কট ৰোগত আক্ৰান্ত এজন ৰোগীৰ সম্বন্ধে কথা পাতিব বিচাৰিছিল।

dr.g.k.deori
7 years ago

This interview with Dr gunaram Khanikar brings out many important things which needs to be given attention .Particularly regarding simple home remedies and prevention of diseases.There is lot of scope to develop medicinal plants and products in Assam and North East.A lot of nurseries for flowers and decorative plants have come up.The unique climate of north east will be very beneficial for this to be promoted as an industry.

shajahan
5 years ago

Number লাগিছিল

Anonymous
5 years ago

মোৰ ভাইতি বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত। গুণাৰাম খনিকৰ ঠিকনা , ফোন নম্বৰ বা যোগাযোগৰ কিবা সুবিধা পাম নেকি।

ভুলু
4 years ago

অসমৰ সমগ্ৰ বন দৰৱ আৰু পাকঘৰতে পোৱা দৰৱ সমূহৰ প্ৰয়োগবিধি ৰ লগতে পৰিচায়ক বৰ্ণনাৰ লগতে ফটো সংলগ্ন কৰি প্ৰচাৰ কৰিলে বহুত মানুহ ভিন্ন ধৰণে উপকৃত হ’ৱ । দৰৱ সমূহ সংৰক্ষণ কৰাতো সহায়ক হ’ৱ । আপোনালোকৰ জৰিয়তে এনেকুৱা লিখনী সোনকালে পঢ়িবলৈ পাম বুলি আশা কৰিলো ।

পিংকু নাথ
2 years ago

তেষেত অসমৰ আপুৰুগীয়া সম্পদ আছিল, তেষেতৰ আমাৰ মাজত শাৰিৰীক অনুপস্থিতি বৰ অসহনীয়, তেষেতৰ অপূৰ্ণ কৰ্মৰাজিক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰি আছো | আপোনালোকে এই বিষয়ে যোগাযোগ কৰিব পাৰিব এই -8638196682 নম্বৰত | মঙলদৈ , অসম.|