হিচাপ+-x%+-%+ (- বি. জে. ৰঞ্জন)

কৃষ্ণকান্ত মহন্তৰ হিচাপৰ বহীটোৰ এখিলা পাত উকা, একো লিখা নাই। অথচ নিতৌ মানুহজনৰ হিচাপ, খা-খৰচ আদি লিখাটো এটা এৰাব নোৱাৰা পুৰণা অভ্যাস। লিখিব যে পাহৰিছে সেইটোও নহয়, কিন্তু লিখিব লৈ মানুহজন অস্থিৰ হৈ পৰিছে, কলম ৰৈ গৈছে, শেষত নিস্ফল হৈ কলমৰ সাঁফৰটো খপক্ কৈ জপাই আফাল মাৰি মেজত পেলাই দিছে।

hisap

যোৱা কালি অফিচৰ পৰা ওলাই মহন্ত বাহিৰে বাহিৰে বজাৰলৈ গৈছিল। শাক-পাচলি লোৱাৰ পিছত তেওঁ ভাবিলে অকণমান পনিৰ লোৱা যাওঁক। চাহ-মিঠাইৰ দোকানত সোমাল। ৰাতিপুৱাই ভাত খাই কাৰ্যালয়লৈ আহে, গতিকে সন্ধিয়ালৈ অলপ ভোক লাগি আহে। হোটেলৰ চকীত বহাৰ পিছতে ল’ৰা এজনে টেবুলত পানী এগিলাচ দি গ’ল। তাৰ পিছতে এজনে প্লেটত চিংৰা আৰু ৰসগোল্লা আনি সমুখৰ টেবুলত ৰাখিবলৈ উদ্যত হ’ল। মহন্তই তালৈ চোৱাত সি ক’লে-“খাওঁক চাৰ, একদম গৰম আছে, ভাল পাব।”
তেওঁ আপত্তি নকৰিলে।
খোৱা হোৱাত উঠি আহি তেওঁ পনিৰ এশ গ্ৰাম জুখিব দিলে। মনতে পইচা হিচাপ কৰি দেখিলে পঞ্চাশ টকা হয়। পঞ্চাশ টকীয়া এখন তেওঁ কাউন্টাৰলৈ আগবঢ়াই দি পনিৰখিনি দিয়ালৈ অপেক্ষা কৰি ৰ’ল। ক্ষন্তেক পিছতে পনিৰ ওজন কৰি টোপোলাটো ল’ৰাজনে মালিকলৈ হস্তান্তৰিত কৰি কলে-“পঞ্চাশ।”
মালিকে টোপোলাটো মহন্তলৈ বুলি আগবঢ়াই ড্ৰয়াৰটো খুলি পঞ্চাশ টকা এখন দলি মাৰি দিলে। টোপোলাটো লৈ মহন্তই নোটখন কামিজৰ জেপত ভৰালে। লগে লগে তেওঁ চিন্তা কৰিলে দোকানীৰ হিচাপ ভুল হৈছে। মালিকলৈ চাই দেখিলে মালিক আন গ্ৰাহকৰ সৈতে ব্যস্ত হৈ পৰিছে। তেওঁৰ ভৰি দুখন কঁপা যেন ভাব হ’ল। অনুভৱ কৰিলে চিন্তা শক্তি যেন তেওঁৰ লোপ পাই গৈছে।

হোটেলৰ পৰা ওলাই ৰাষ্টাত খোজ দিয়াৰ পিছতো তেওঁৰ কাণ দুখন দাং খাই থাকিল-এই যেন হোটেলখনৰ পৰা দৌৰি কোনোবা ওলাই আহিব, তেওঁৰ ওচৰ চাপি কবহি-“মালিকে ভুলতে আপোনাক পঞ্চাশ টকা দিছে, আপুনি হিচাপ কৰা নাছিল নেকি?”- তেনেকে ক’লেতো ভালেই, টান মাত মাতিয়ো দিব পাৰে- “জানি বুজিওঁ কেলেই পইচাখিনি লৈ আহিল, কি অভদ্ৰ মানুহ বাৰু আপুনি?”

বৰষুণে অনা চেঁচা বতৰতো মহন্তৰ কপালেৰে ঘাম ওলাল। তেওঁ ভবাৰ দৰে পিছৰ পৰা কোনেও নামাতিলে। অলপ দূৰ আহি মহন্তই পঞ্চাশ টকীয়াখন জেপৰ পৰা উলিয়ালে। নোটখনৰ স্পৰ্শটো অইন নোটতকৈ বেলেগ যেন লাগিল। তেওঁ ভাবিলে, মালিকে কিজানি এতিয়া মানে ৰাষ্টালৈ ওলাই আহিছে, দূৰৰ পৰা তেওঁৰ ৰেহ-ৰূপ চাইছে, চাই মনে মনে ভাবিছে-বেটা, দেখাত বেছ ভদ্ৰলোক।
টকাটো ঘুৰাই দি আহিবলৈ তেওঁৰ মন গ’ল কিন্তু লগে লগে কিবা এটা লাজে তেওঁৰ বাট আগচি ধৰিলেহি। কেলেই বাৰু তেওঁৰ দৰে মানুহজনে ধৰি ল’লে যে টকাটো দোকানীয়ে দিয়া বাবেই লোৱাত ভুল নাই হোৱা বুলি ভাবিবলৈ।
তেওঁ ঘুৰো-নুঘুৰোকৈ হোটেলখনলৈ চাই পঠিয়ালে। নাই-তাত কোনো নাই। কিমান টকাৰ লেনদেন হয় হোটেলত, মালিকৰ আৰু কাম নাই নে, তেওঁৰ পঞ্চাশ টকাটো মিলাই থাকিব।
মহন্তই নিজক নিজে কলে-হোটেলৱালাহঁতে যে তাজা বুলি টেঙা মিঠাই বিক্ৰী কৰে কেতিয়াবা, ঘুৰাই দিয়াতো কেতিয়াওঁ নহয়, গালি পাৰি পাৰি তাকেই খোৱা যায়, ঠিকেই আছে, যি হৈছে ভালেই হৈছে।
তেওঁৰ মনটো অলপ মুকলি লাগিল।

ঘৰত পোৱাৰ পিছতো কথাটো তেওঁৰ মনত পৰি থাকিল। ৰাতি ভাত হোৱাত ঘৈণীয়েকে মাতিলে-“ইহঁতে খালে, আহক, আমিওঁ খাওঁ।”
খোৱা টেবুলত ঘৈণীয়েকে সুধিলে-“পনিৰ ক’ৰ পৰা আনিছিল?”
মহন্তই বুজিলে পনিৰখিনি টেঙা ওলাল, ঠিকেই, অন্যায়ৰ ফল এনেকুৱাই হয়।
মহন্তৰ চকুত জগা প্ৰশ্নলৈ লক্ষ্য কৰি ঘৈণীয়েকে কলে-“নহয় নহয়, পনিৰখিনি বৰ ভাল। ইহঁতে খুউব ভাল পাইছে, আৰু বিচাৰিছিল, দিলোঁ, এয়া এইখিনিহে ৰৈছেগৈ।”
মহন্তই এটুকুৰা মুখত ললে। সঁচাকৈ পনিৰখিনি ভাল। তেওঁৰ মনটো আকৌ বেয়া লাগিল, চোবাবলৈ পাহৰি গ’ল। জোলখিনি কাঁহীৰ কাষত ঢালি লৈ বাটিটো থেলি দিলে-“এইখিনি খোৱা, বেছি খালে আজি কালি মোৰ পেট বেয়া হয়।”
-“বেছিনো ক’ত?”
-“মই আকৌ দোকানতে খালো, মানে টেষ্ট কৰিবলৈ দিছিল, এই মষ্ট এটুকুৰা।” -মহন্তই হাতেৰে জোখ এটা দেখাই দিলে।

ৰাতি শোৱাৰ আগতে হিচাপৰ বহীটো সন্মুখত লৈ মহন্ত বহুপৰ ৰৈ থাকিল। তেওঁ চিন্তা কৰিলে, পঞ্চাশ টকা ৰাহি হ’ল, তাৰ বিনিময়ত যদি হেজাৰ টকা ওলাই যায়? ওপৰতো এজনে হিচাপ-নিকাচ কৰিয়ে আছে, তেওঁৰতো ভুল নহয়। আকৌ ভাবিলে-এইবোৰ পাপ-পুণ্য অৰ্থহীন, সমাজৰ দুই নম্বৰীবোৰেহে দেখোন দোপতদোপে উন্নতি কৰিছে, এইসব মিছা কথা। কিন্তু এতিয়া বহীত লিখোঁ কি? পঞ্চাশ টকা এখন ৰাষ্টাত পাই যোৱা বুলি লিখোঁ নেকি?
এটা সময়ত তেওঁ বিচনালৈ গ’ল। হিচাপ লিখা আৰু নহ’লগৈ।
বিচনাত ৰাতি বহু দেৰীলৈ কথাটো তেওঁৰ মনলৈ আহি থাকিল।

পিচদিনা অফিচ চুটিৰ পিছত তেওঁ পোনে পোনে ঘৰলৈ আহিল। আহিয়ে ক’লে-“বজাৰৰ পৰা অলপ আহোঁগৈ।”
ঘৈণীয়েকে তেওঁলৈ চাই ক’লে-“বজাৰ আছেই, আজি আকৌ কি আনিব যায়, বজাৰ একো নালাগে কিন্তু।”
পত্নীৰ দৃষ্টি এৰাই তেওঁ কামিজটো এনেয়ে দুবাৰ মান হাতেৰে জোকাৰিলে। আগবাঢ়ি গৈ তেওঁ কৈ গ’ল-“যোৱা কালি পনিৰ কম হৈছিল নহয়, আজিওঁ অলপ আনোঁগৈ দিয়া।”

হোটেলত বহি তেওঁ চিঙৰা, ৰসগোল্লা আনিব দিলে। চিঙৰা নাই।
-“চিঙৰা নাই? কথা নাই, পাঁচ টকাৰ যি হয় গোল্লাৰ লগত তাকে লৈ আনা।”
তেওঁ ওপৰৰ জেপৰ এশ টকাখনলৈ কেৰাহিকৈ চালে।
খোৱা হোৱাৰ পিছত উঠি গৈ পনিৰ এশ গ্ৰাম পেক কৰিব দি তেওঁ এশ টকাখন আগুৱাই দিলে।
পনিৰখিনি ঠোঙাত দি মালিকে পঞ্চাশ টকা এখন ঘূৰাই দিলে। তেওঁ ওলাই আহিব লওঁতে মালিকে মাত দিলে-“দাদা, পইচা পাব, এইয়া।”
মহন্তই লৰালৰিকৈ ব্যস্ত হৈ কলে-“নাই-নাই নাপাওঁ, মই পঞ্চাশ টকা হে দিছিলো।”
মালিকে কলে-“আপোনাৰ ভুল হৈছে, আপুনি মোক এশ টকা এখন দিছিল, পইছাটো লৈ লওঁক।”
পিছৰ পৰা এজনে মাত দিলে-“তেখেতৰ কিমান হৈছে?”
মালিকে কলে-“পঞ্চাশ টকা হৈছে, এশ দিছিল, পঞ্চাশ ঘূৰাই পাব।”
মানুহজনে কলে-“চাওঁ এশ টকাখন দিয়কচোন, বিল মই দি আছো।”

মানুহজনে এশ টকাখন মহন্তৰ জেপত ভৰাই দি কলে-“চিনি পাইছে চাৰ? যোৱা বছৰ মোৰ ল’ৰাৰ স্কোলাৰস্বিপৰ কামটো কৰি দিছিল যে। আপোনাক বহু চেষ্টা কৰিও একো দিব নোৱাৰিলো তেতিয়া। আজি চাহৰ পইচাকে দিলো, বেয়া নাপাব চাৰ।”
মানুহজনৰ চকুৱে মুখে ফুটি উঠা সৰলতাখিনি দেখি না কবলৈ মহন্তৰ সত নগ’ল। শুকান সুৰত তেওঁ কলে-“অ’, হয় নেকি? মোৰ কিন্তু মনত নাই দেই।”
মানুহজনে নমস্কাৰ জনাই চকুযুৰি জপাই দিলে-“আপোনাৰ দৰে মানুহ আজিকালি পাবলৈ নাই চাৰ।”

হাতত পনিৰৰ টোপোলাটো লৈ মহন্ত হোটেলৰ পৰা ওলাই আহিল। মানুহজনে চাৰ বুলি কৈ তেওঁক সন্মান দেখুৱালে, কিন্তু এই ‘চাৰ’ৰ আগত যে এ-কাৰ এডাল লাগিবলৈ বেছি পৰ নালাগে কথাটো তেওঁ বাৰু জানেনে। মনটো তেওঁৰ গধুৰ হৈ পৰিল। প্ৰায়শ্চিত্ত কৰিব খুজিও তেওঁ সুযোগ নাপালে। কথাতে যে কয়-অনুশোচনাই একমাত্ৰ প্ৰায়শ্চিত্ত, তাকে ভাবি ভাবি তেওঁ আগবাঢ়িল।
বজাৰৰ তিনি আলিটো পাৰ হ’ব লওঁতেই তেওঁৰ চকু পৰিল- মগনীয়া এজনীয়ে হাত মেলি মানুহৰ পৰা ভিক্ষা মাগি আছে। মহন্ত মগনীয়াজনীৰ ওচৰলৈ গ’ল। জেপৰ পৰা এশ টকাটো উলিয়াই তাইক দি দিলে। তাই আথেবাথে নোটখন লৈ দুই হাতেৰে মেলি সেইখনলৈ চাই ৰ’ল।

ঘৰ পাই মহন্তই ঘৈণীয়েকক ক’লে-“এয়া আনিছো লোৱা, ভালকৈ ৰান্ধিবা।”
তেওঁ বাথৰুমলৈ আগবাঢ়িল, মনে মনে ভাবিলে-আজিও পনিৰ বেলেগৰ পইচাৰে খাম। ওপৰৱালাই যি হিচাপ লিখে লিখি থাকক, কিন্তু নিজে হিচাপৰ পাতত নিসংকোচে যে সংখ্যাবোৰ আউল নলগাকৈ পাতি যাব পাৰিম, আৰুনো বেলেগ কি দৰকাৰ।
ক্ষন্তেক পিছতে বাথৰুমৰ পৰা গানৰ কলি এটা বাহিৰলৈ ভাহি আহিল।

ছোৱালীজনীয়ে ককায়েকলৈ চাই হাঁহি মাৰি কলে-“দেউতাই গান গালে যে কি হাঁহি উঠে, আধুনিক গীতো লোকগীতৰ দৰে গায়।”
সিওঁ হাঁহি ক’লে-“আধুনিক গীতত ফিউজন কৰি দেউতাই লোকগীত কৰিছে আকৌ।”
মহন্তনীৰ মুখখনেও হাঁহিব খুজিলে। কালিৰ পৰা মানুহজনৰ কিবা এটা হৈছিল, কি যে ভাবি আছিল মানুহজনে-এতিয়াহে মুডটো ফৰকাল হৈছে। ভাবি ভাবি তেওঁ পাকঘৰলৈ চাহ কৰিবলৈ গ’ল। তেওঁৰ মুখতো গানৰ কলি এটা সৰুকৈ গুণগুণাই উঠিল-নিজে শুনা নুশুনাকৈ০০০০০।।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!