‘হাউচৱাইফ’ বনাম অৰ্থনীতি (অনুপমা বৰগোহাঁই)

‘হাউচৱাইফ’ বনাম অৰ্থনীতি

অনুপমা বৰগোহাঁই

 

কিছু দিনৰ পৰাৰ এটা কথা প্রবল ভাবে অনুভব কৰিছো যে চাকৰি বা অৰ্থোপাৰ্জন নকৰি ঘৰত ‘বহি’ থকা অৰ্থাৎ কেৱল ঘৰ পৰিয়াল নিয়াৰিকৈ চলোৱাত সহায় কৰা মহিলাক সমাজে (পুৰুষ /মহিলা দুয়ো বৰ্ণয়েই ) হেয় চকুৰে চায়। ‘হাউচৱাইফ’- ক ‘হোম মেকাৰ’ বুলি যি নতুন নামেৰেই অভিকৰন নকৰক কিয়-মনত তেওঁলোকৰ প্রতি থকা ধাৰনা কিন্তু অলপো উচ্চ নহয়। সকলোৰে প্রশ্ন- ‘কি কৰা দিনটো ঘৰতে বহি?’- ‘কেনেকৈ যে কটোৱা দিনবোৰ ঘৰতে একেবোৰ কাম কৰি??’ –টি.ভি. চিৰিয়েল কেইখন, কিটি পাৰ্টি, কাপোৰ, গহনা, বেংক বেলেন্‌চ, গৃহস্থৰ দৰমহা আদিৰ বাহিৰে ‘হাউচৱাইফ’-এ বেলেগ কিবা চিন্তা কৰিব পাৰে জানো!!  অৱশ্যে লৰা-ছোৱালীৰ নম্বৰৰ প্রতিযোগীতাৰ দৌৰত আনৰ কেইটাতকৈ নিজৰ কেইটাই কিমান আগবাঢ়িব পাৰে তাকো ‘হাউচৱাইফ’বোৰেই চায় হেনো ! সাহিত্য.অৰ্গৰ বাবে “নাৰী তুমি অৰ্ধ আকাশ” এই বিষয়ে লিখিব লওঁতে মনলৈ এইটো ভাবেই আহিল যে মই সমাজে ‘তুচ্ছ’ বুলি ভবা এগৰাকী ‘হাউচৱাইফ’ৰ সমাজৰ প্রতি আগবঢ়োৱা পৰোক্ষ অবদানৰ কথা লিখিম।

 

 

১৯৮০ দশকৰ কথা-

‘নিৰ্জুমনি’-নামটোৰ দৰেই নিৰ্জু স্বভাবৰ এজনী ছোৱালী।পঢ়া শুনাত সাধাৰন। শ্রেণীৰ তথাকথিত মেধাসম্পন্ন ছোৱালী কেইজনীৰ মনত নিৰ্জুৰ কোনো স্হান নাই। তথাপিও নিৰ্জুমনিৰ কাৰো প্রতি আক্ষেপ নাই।মেধাগুণসম্পন্ন ছোৱালী কেইজনীৰ মেধাগুনক তাই অপাৰ শ্রদ্ধা কৰে !দিন বাগৰিল—বেছিভাগেই নিজৰ নিজৰ ভাগ্য আৰু প্রতিভাৰ যোৰত উচ্চশিক্ষা লৈ আত্মপ্রতিষ্ঠা কৰিবলৈ নামি পৰিল। নিৰ্জুমনিয়ে সাধাৰন ভাবে স্নাতক ডিগ্রী লৈ সাধাৰন অথচ  মেধাবী কলেজ শিক্ষক এজনৰ লগত বিয়া হৈ গল। উচ্চশিক্ষা, কেৰিয়াৰ আদিৰ যুদ্ধত ব্যস্ত্ থকা তাইৰ লগৰীয়াহঁতে তাইক পাহৰি গল..

২০১০ শতিকা-ফেচবুক তথা চচিয়েল জালপঞ্জীৰ দিন—

এজনী দেশ-বিদেশৰ নানা ঠাই ঘুৰি ফুৰা আধুনিকা স্মাৰ্ট মহিলাৰ পৰা ৮০ দশকত একেখন স্কুলত পঢ়া সকলো মহিলালৈ বন্ধুতৰ অনুৰোধ আহিল –সকলোৱে মহিলা গৰাকীৰ বন্ধুত্ব গ্রহন কৰিলে-কোনেও তেওঁৰ প্রফাইল খুলি নাচালে….

এসময়ত নিৰ্জুমনিৰ লগৰীয়াবোৰৰ মাজত চৰ্চা হল- কোন আছিল বাৰু এই নিৰ্জুমনি…!! লাহে লাহে সকলোৰে মনত পৰিব ল’লে—পিছৰ বেঞ্চত সকলোৰে অলক্ষিতে বহি থকা ভিতৰুৱা ঠাই এখনৰ পৰা খুৰাকৰ ঘৰত থাকি পঢ়িবলৈ অহা নিৰ্জুমনি  ইমান ধনী, আধুনিক কেনেকৈ হল ?? কেনেকৈ তাই প্রিয়ংকা গান্ধীৰ লগত একেলগে একেখন হোটেলৰ চুইমিং পুলত  ফট’ উঠিব পালে-পৃথিবীৰ সৰ্বোচ্চ  হোটেলখনত নিৰ্জুমণি !! -তাইচোন আমি আকাশ চুবলৈ কৰা প্রতিযোগিতাত যোগ নিদিয়াকৈয়ে আকাশত বহি আছে !!আকাশ চুবলৈ কৰা প্রতিযোগিতাত তথা নিৰ্জুমনিয়ে শ্রদ্ধা কৰা মেধাৰ শাৰীত ময়ো এজনী আছিলো—দৈবসূত্রে বৰ্তমান একে ঠাইৰ নিবাসী হোৱাত ফোনযোগে কথা বতৰা তথা অহায়োৱা চলিল। নিৰ্জুমনিৰ পতি মোৰ পতিৰো চিনাকী তথা  একে কোম্পানীত এটা সময়ত কামো কৰিছিল। জীৱনত প্রচন্ড কিবা এটা কৰাৰ হাবিয়াস আছিল তেওঁৰ। দুখীয়া ঘৰৰ লৰা । শাক বেচি, গাহৰি কাটি/ বেচি পঢ়া শুনাৰ খৰচ উলিয়াইছিল ।মেট্রিকত ৩য় বিভাগত উত্তীৰ্ণ হৈ কোনো ভাল কলেজত পঢ়িবলৈ নাপাইছিল-তথাপিও নিৰাশ নহৈ গাৱৰে নৈশ কলেজ এখনত নাম লগালে-হায়াৰ চেকেণ্ডেৰী পৰীক্ষা পাচ কৰাৰ পিছত ডিব্রুগড় টাউনত উচ্চশিক্ষা লবলৈ আহি প্রদীপ অৰ্থাৎ নিৰ্জুমনিৰ পতিৰ জীৱনৰ প্রতি দৃষ্টিভংগীয়েই বেলেগ হৈ গল।টাউনলৈ পঢ়িবলৈ ওলাই আহোতেই পিতৃয়ে কৈছিল-‘জীৱনত যদি একো কৰিব নোৱাৰ –ডিঙিত চিপজৰি লগাই ল’বি –তথাপি হাৰ মানি গুচি নাহিবি’। পিতৃৰ এই কথাষাৰৰ পৰাই প্রদীপে জীৱনটোক প্রত্যাহবান হিচাবে ল’লে- গান  ,কবিতা, তৰ্ক, দেহশ্রী প্রতিযোগিতা- পঢ়াশুনা একোতেই পিছ পৰি নাথাকিল সি-সকলোতে বিশেষ স্হান দখল কৰি গ’ল—বিশ্ববিদ্যালয়ৰ শ্রেষ্ঠ স্নাতকোত্তৰ হৈ কলেজ এখনৰ শিক্ষক হৈয়ে নিৰ্জুমনিৰ লগত বিবাহপাশত আবদ্ধ হল। প্রদীপৰ জীৱনৰ গতি সলনি কৰি সকলোতে আগবাঢ়ি যাবলৈ প্রেৰণা যোগোৱা, পিতৃৰ কঠোৰ বাণীক ধনাত্মক ভাবে লৈ আগবাঢ়ি যাবলৈ প্রেৰণা দিয়াৰ মূলত আছিল তথাকঠিত কম মেধাসম্পন্ন সকলোৰে অবহেলিত এই ‘নিৰ্জুমনি’ !! কিন্তু বিয়া হৈ যোৱাৰ পিছতো নিৰ্জুমনি স্হবিৰ নহল, তাই তাইৰ এসময়ৰ প্রেমিক তথা বৰ্তমানৰ পতি প্রদীপক প্রেৰণা যোগালে সদায় ওপৰলৈ যাবলৈ-অভাবেৰে ডাঙৰ দীঘল হোৱা সিহঁতৰ জীৱনবোৰ আৰু অঙহি-বঙহিবোৰক উদ্ধাৰ কৰিব পৰাকৈ অৰ্থশালী হ’বৰ সাহস যোগালে। প্রদীপে কলেজ শিক্ষকৰ চাকৰি এৰি ডাঙৰ তেল কোম্পানী এটাত যোগদান কৰিলে-নিৰ্জুমনিৰ আগ্রহতে। কিন্তু তাতো নিৰ্জুমনি ক্ষান্ত নহল। তাই প্রদীপক প্রেৰণা যোগালে ওপৰলৈ আৰু ওপৰলৈ যাবলৈ…।

এটা সময় আহিল -। নিৰ্জুমনিৰ টান নৰিয়া। হস্পিতেলৰ বিচনাত।সিহঁতৰ ৫বছৰীয়া অকনমাণিজনীয়ে মাক-দেউতাকৰ বাহিৰে কাৰো লগত থাকিব নোখোজে-! তেনে সময়তে প্রদীপে এটা বৃহৎ আন্তৰ্জাতিক কোম্পানীত চাকৰিৰ সাক্ষাকাৰৰ বাবে আহ্বান পালে-! যাব লাগে নিৰ্জুমনিক এৰি দিল্লীলৈ সাক্ষাকাৰৰ বাবে—প্রদীপে সেই চাকৰিৰ আশাই বাদ দিলে।নিৰ্জুমনিয়ে গম পাই প্রদীপক তেনে নকৰিবলৈ বাৰংবাৰ হাক দিলে-‘সুযোগ আৰু সুবিধা এবাৰেই আহে।তুমি মোৰ কথা চিন্তা নকৰিবা।যোৱা সাক্ষাকাৰ দি আহা আৰু তুমি চাকৰি পাবাই । মোৰ  তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে”।নিৰ্জুৰ নেৰানেপেৰা  অনুৰোধ, আত্মবিশ্বাস আৰু সাহসত তাইক হস্পিতেলৰ বিচনাত অজলা মাক দেউতাকৰ তত্বাবধানত এৰি প্রদীপ দিল্লীলৈ গল আৰু সাক্ষাকাৰত উত্তীৰ্ণও হ’ল। চাকৰি দক্ষিণ আফিকাত ।দৰমহা মাহে কাটি কুটি ১৪ লাখ টকা।কিন্তু পৰিয়াল লৈ যাব পৰাৰ পৰিবেশ নাই। প্রদীপ কিছু নিৰাশ হৈ উভতি আহিল।ইতিমধ্যে হস্পিতেলৰ পৰা ঘৰ আহি পোৱা নিৰ্জুমনিৰ আনন্দৰ পাৰ ভাগি পৰিল। প্রদীপক কলে- ‘মই ছোৱালীজনী লৈ দিল্লীত থাকিম।তুমিতো দুমাহৰ মূৰেমূৰে আহিয়েই থাকিবা-,গতিকে মই দিল্লীত থাকিলে তোমাৰ যাতায়তৰ সুবিধা হব আৰু ছোৱালীজনীয়েও পঢ়াৰ বেছি সুবিধা পাব’। প্রথমে  আঁকৰী নিৰ্জুমনিক অকলে দিল্লীৰ দৰে ঠাইত এৰি থৈ  ইমান দূৰ বিদেশত চাকৰি কৰিবলৈ যোৱাৰ কথা প্রদীপে সপোনতো ভাবিব পৰা নাছিল। কিন্তু নিৰ্জুমনিৰ সাহসত প্রদীপ বিদেশত চাকৰি কৰিবলৈ গ’ল। তাতো নিজক ভালদৰে প্রতিষ্ঠা কৰিলে আৰু এতিয়া নিৰ্জুমনিৰ লগতে নিজৰ তথা নিৰ্জুমনিৰ গাৱৰ পৰিয়ালৰ মানুহকো সুখত ৰাখিব পাৰিছে !- বহু দুখীয়া লৰা ছোৱালীক পঢ়া শুনাত সহায় কৰিছে।প্রদীপৰ এই উত্তৰণত সকলোৱে প্রদীপৰ মেধা আৰু নিৰ্জুমনিৰ ভাগ্যক প্রশংসা কৰে কিন্তু কোনেও নিৰ্জুমনিৰ কষ্ট, ত্যাগ আৰু প্রেৰণাৰ শলাগ নলয় !! দেৱালীৰ আনন্দৰ মাজত প্রদীপ আৰু নিৰ্জুমনিৰ সফলতাৰ কাহিনী শুনি থাকোতে প্রদীপক মই কৈছিলো “Behind every successful man there is a woman”-এই কথাষাৰ আপুনি স্বীকাৰ কৰিবই লাগিব..। তেতিয়া প্রদীপে পুৰুষৰ অহংভাৱেৰে ক’লে, ‘ ওঁহো, এইটো মোৰ ক্ষেত্রত অৰ্ধসত্য- মোৰ দৰে ল’ৰা এটাই ইমানবোৰ ভাল ভাল ছোৱালীৰ বিয়াৰ প্রস্তাৱ নাকচ কৰি নিৰ্জুমনিৰ দৰে ছোৱালী এজনীকে যে বিয়া পাতিলো এয়াটো মোৰেই কৃতিত্ব’ !! হায় নাৰী-হায় নিৰ্জুমনি ! সেয়ে হয়তো আমি আজিও কওঁ-নাৰী তুমি অৰ্ধ আকাশ- লক্ষ্য হওঁক পূৰ্ণতাৰ  !!

 

উপসংহাৰ:

ভাৰতৰ সৰ্বমুঠ ঘৰুৱা উৎপাদন (GDP) কম হোৱাৰ মুখ্য কাৰণ হৈছে অৰ্থনৈতিক কামকাজত মহিলাৰ কম য়োগদান। UN Womanৰ সহকাৰী চেক্ৰেটেৰি জেনেৰেল লক্ষ্মী পুৰীয়ে কৈছিল যে আমি যদি মহিলাসকলক বেচি সুবিধা দিও ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ (growth) হাৰ ২০১১চনত ৪.২%বেছি হলহেতেন যিটোৱে বৰ্তমান উন্নতিৰ (growth) হাৰ  ৭.৫% কৰিলেহেতেন। এজনী মহিলাক সুবিধা দিয়া মানে এখন সমাজক সুবিধা দিয়া। এজনী সুস্থ সৱল মহিলাই এটি সূস্থ সৱল  সন্তান  জন্ম দি আৰু  সুস্থভাৱে পৰিয়াল চলাই নি পৰোক্ষভাবে দেশৰ অৰ্থনীতিত সহায় কৰে।

অন্য এটা সমীক্ষাত দেখা গৈছে যে মহিলাই পুৰুষতকৈ বেছি সময় কাম কৰে। পৰিয়াল আৰু সমাজৰ মুখ্যতম কাম কৰে কিন্তু তেওঁলোক বেতনৰহিত আৰু তেওঁলোকৰ কামক কাম বুলি গণ্য কৰা নহয় (unpaid & invisible worker)! এজনী সাধাৰণ ভাৰতীয় নাৰীয়ে দৈনিক গড়ে ২.১ ঘণ্টা ৰন্ধা বঢ়াত,১.১ঘন্টা চাফ চফাই কামত আৰু দিনটোৰ বেছিভাগ সময় সন্তানৰ লালন পালনত খৰচ কৰে।পুৰুষৰ ক্ষেত্রত এনে unpaid & invisible work তেনেই কম!! (০.৩২ঘন্টা প্রতি সপ্তাহত)! ঘৰুৱা কাম কৰা মহিলাৰ এই কামক সন্মান দিলে, হেয় চকুৰে নাচালে কিছুমান নাৰীয়ে কেৱল ‘হাউচৱাইফ’ টেগ টো গুচাবৰ বাবেই ল’ৰা ছোৱালী ,ঘৰ পৰিয়ালক পিঠি দি হ’লেও চাকৰি কৰিবলৈ দৌৰি নগৈ সেই সময়খিনি নিজৰ ঘৰ বা ল’ৰা -ছোৱালীক দিলে সমাজত তেওঁলোকে বৰ্তমানে দিয়া যোগদানতকৈ বেছি লাভ হব। অৱশ্যে মই এইক্ষেত্রত এনেসকল মহিলাৰ কথাহে কৈছো যাৰ পৰিয়ালৰ বাবে আৰু এজন অৰ্থোপাৰ্জনকাৰীৰ প্রয়োজন নাই-যি কেৱল ‘টাইম পাচ’ কৰিবৰ বাবে ল’ৰা ছোৱালীক বনকৰা মহিলা বা অন্য ব্যক্তিৰ হাতত এৰি দি নিজৰ বিলাসৰ চাহিদা পূৰণ কৰিবৰ বাবে উৎকোচ দি হ’লেও চাকৰি কৰিছে তেওঁলোকৰ কথাহে কৈছো । সুনিতা উইলিয়ামচ,  কিৰন বেদী আদিৰ দৰে নাৰী ঘৰত সোমাই পৰিয়াল চাই থাকিলে দেশখন আৰু স্থবিৰ হৈ যাব ।মোৰ লিখনিৰ উদ্দেশ্য সেই সকল সাধাৰণ হৈও অসাধাৰণ নাৰীক লৈ যি সুনিতা উইলিয়ামচ, কিৰন বেদীৰ দৰে সন্তানক জন্ম দি গঢ়ি তুলি আমাৰ  সমাজক উন্নত কৰিছে। গতিকে হাউচৱাইফসকলোকো সমাজে উচ্চ চকুৰে চাব লাগে আৰু হাউচৱাইফসকলেও  নিজৰ কামক শ্রদ্ধা কৰি পৰিয়ালৰ উন্নতিত অৰিহণা যোগাই সমাজ তথা দেশৰ উন্নতিত পৰোক্ষভাবে যোগদান কৰিব লাগে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments