অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱাদে‌ৱৰ স’তে এটি সাক্ষাৎকাৰ

অনলাইন আলোচনী সাহিত্য ডট্ অৰ্গৰ জুলাই’২০১৪ সংখ্যাৰ মূল বিষয় আছিল,- “কৃষি আৰু কৃষি আনুষংগিক বিষয় যেনে পশুপালন বিদ্যা, মৎস্য পালন বিদ্যা, গাৰ্হস্থবিজ্ঞান আদিৰ প্ৰাসংগিকতা” ৷ মূল বিষয়ৰ লগত সংগতি ৰাখি সাহিত্য ডট্ অৰ্গৰ সাক্ষাৎকাৰ শিতানৰ অতিথি ৰূপে অসমত আধুনিক কৃষিবিজ্ঞানৰ বাটকটীয়া তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড০ কমল মল্ল বুজৰবৰুৱাদেৱৰ লগত যোগাযোগ কৰি যোৱা ৮ জুলাই তাৰিখে উপাচাৰ্যৰ কাৰ্যালয়ত পুৱা ১১ বজাত সাক্ষাৎকাৰটি বাণীবদ্ধ কৰা হয়৷ এই গভীৰ তথ্যসমৃদ্ধ সাক্ষাৎকাৰটোৱে সমাজৰ প্ৰত্যেক স্তৰৰ মানুহৰ মনত চিন্তাৰ খোৰাক দিব ৷

————————————————————————————-
বাণীবদ্ধ বাৰ্তালাপ
প্ৰথম অংশ


দ্বিতীয় অংশ


তৃতীয় অংশ

————————————————————————————-

নমস্কাৰ, ডo কমল মল্ল বুজৰবৰুৱা ছাৰ ! পোন প্ৰথমে সাহিত্য ডট্ অৰ্গ তথা ফে’চবুকৰ অসমীয়াত কথা-বতৰা গোটৰ সমূহ সদস্যৰ হৈ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ; লগতে সাহিত্য ডট্ অৰ্গৰ লগত সাক্ষাৎকাৰ দিবৰ বাবে আপোনাৰ কিছু বহুমূলীয়া সময় দিয়াৰ বাবে অশেষ ধন্যবাদ৷

১) সাহিত্য ডট্ অৰ্গ : ছাৰ আপুনি, ১৯৭৭ বৰ্ষৰ কৃষি গৱেষণা সেৱা (Agricultural Research Service)ৰ বিজ্ঞানীৰূপে নিযুক্ত হোৱাৰ পাছত মেঘালয়ৰ বৰাপানীস্থিত ICAR ৰিচাৰ্ছ কম্প্লেক্সৰ সঞ্চালক, তাৰ পাছত নতুন দিল্লীস্থ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ উপ মুখ্য-নিৰ্দেশক (পশুধন বিজ্ঞান) ৰূপে কাৰ্যনি‌ৱাহ কৰে৷ সেই সময়ত আমি আশা কৰিছিলো আপোনাক ICAR ৰ প্ৰথমজন অসমীয়া মহানিৰ্দেশকৰূপে। কিন্তু কিবা কাৰণত সেয়া হৈ নুঠিল আৰু আমাৰ সৌভাগ্যক্ৰমে অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যৰূপে নেতৃত্ব দিলে৷ ছাৰ, আপোনাৰ শৈশৱ-কৈশোৰ, মা-দেউতা আৰু শিক্ষা-জীৱন সম্পৰ্কে আমাক জনাওকচোন ?

ড০ কমল মল্ল বুজৰবৰুৱাঃ মোৰ পৰিয়ালটো নলবাৰী জিলাৰ চাংকুছিৰ মল্ল বুজৰবৰুৱা পৰিয়ালৰূপে জনাজাত৷ মোৰ জন্ম তাতেই৷ মই নলবাৰী গৰ্ডন হায়াৰ চেকণ্ডাৰী স্কুলত পঢ়িছিলো ৷ তাৰ পৰাই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উৰ্ত্তীণ হৈছিলো৷ সেই সময়ৰ স্কুলৰ পৰিবেশ বেলেগ আছিল৷ শিক্ষা বেলেগ আছিল৷ ভাল এটা পৰিবেশ আছিল৷ বাহিৰা বস্তুবোৰ নাছিল৷ গতিকে পঢ়া-শুনাত মনোযোগ বেছি দিয়া হৈছিল৷ পঢ়া-শুনাৰ লগতে খেলা-ধূলাও কৰিছিলো৷ শৈশৱটো সদায় সকলোৰে বাবে ভাল ৷ তাক কোনেও ঘুৰাই নাপায়৷ তাৰ পাছত গুৱাহাটীলৈ আহি অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান বিভাগত নামভৰ্ত্তি কৰোঁ৷ তাত ভালকৈয়ে পঢ়িলো৷ ছাত্ৰ সমাজৰ কাম-কাজতো সক্ৰিয়তাৰে অংশ লৈছিলো ৷ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলো, উপ সভাপতিও আছিলো৷ সেই সময়ত অসম ছাত্ৰ সন্থাৰ লগতো জড়িত আছিলো৷ সেইবোৰ কামত লাগি থাকিও ডিষ্টিংশ্যন সহ স্নাতক শিক্ষা সাং কৰিছিলো৷ স্নাতকোত্তৰৰ ফলাফলো যথেষ্ট ভাল হৈছিল৷ তাৰ পাছত ভাৰতীয় কৃষি সেৱা ( Agricultural Research Service)ৰ পৰীক্ষাত বহিলো ৷ আমাৰ সময়ত এনে ধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাৰ বিষয়ে গম পোৱা নগৈছিল ৷ ১৯৭৬ চনত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি এই পৰীক্ষাৰ বিষয়ে অৱগত হৈ প্ৰ-পত্ৰ সংগ্ৰহ কৰিলো৷ তেতিয়া নিজৰ বিষয় ভিত্তিক প্ৰশ্নকাকত দুখনৰ লগতে এখন সাধাৰণ জ্ঞানৰ প্ৰশ্নকাকত আৰু এখন ইংৰাজীৰ প্ৰশ্নকাকত থাকে৷ মই দেখিলো, যিটো বিষয়ত স্নাতকোত্তৰ শিক্ষা লৈছিলো সেই বিষয়টোৱেই নাই ৷ মই আন এটা সম্পৰ্ক থকা বিষয় বাছনি কৰি পৰীক্ষা দি উৰ্ত্তীণ হৈ দিল্লীত সাক্ষাত্কাৰ দিলো ৷ তাৰ পাছত বিজ্ঞানী (S1) হৈ ICAR ৰ বৰাপানী কম্প্লেক্সত যোগদান কৰো ৷ এইটো এটা শস্যভিত্তিক গৱেষণা প্ৰতিষ্ঠান৷ পশুপালনৰ চাৰিটা কম্পনেন্ট আছিল৷ তাত থাকি গৱেষণাৰ কামত ভালকৈ মনোনিবেশ কৰিলো ৷ কৃষিৰ সম্পৰ্কেও ভালেমান জ্ঞান আহৰণ কৰিলো৷ ইয়াৰ লগতে বহু কেইখন গৱেষণা পত্ৰ, বুলেটিন, কিতাপ প্ৰস্তুত কৰিলো ৷ কামৰ স্বীকৃতি স্বৰূপে বঁটা-পুৰষ্কাৰ আদিও লাভ কৰিলো৷ পৰৱৰ্তী সময়ত জ্যেষ্ঠ বিজ্ঞানী, মুখ্য বিজ্ঞানী আদি হৈ নাগালেণ্ডৰ আই. চি. এ. আৰ. কম্প্লেক্সত যুটীয়া সঞ্চালক ; সঞ্চালক, ৰাষ্ট্ৰীয় মিথুন অনুসন্ধান সংস্থান, নাগালেণ্ড; বিশেষ কাৰ্যবাহী বিষয়া, ৰাষ্ট্ৰীয় বৰাহ অনুসন্ধান সংস্থান, গুৱাহাটী; সঞ্চালক, উত্তৰ-পূৱ পাৰ্বত্য অঞ্চলৰ আই. চি. এ. আৰ. ৰিচাৰ্ছ কম্প্লেক্স, বৰাপানী, মেঘালয়; উপ মহা নিৰ্দেশক (পশুধন বিজ্ঞান),ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ, নতুন দিল্লী হিছাপে কাৰ্যনিৰ্বাহ কৰো৷ মই অসম কৃষি বিশ্ববিদ্যালয়লৈ কেতিয়াও আহিম বুলি ভৱা নাছিলো ৷ বাহিৰত অসমৰ কামৰ পৰিবেশৰ বিষয়ে এটা ঋণাত্মক ধাৰণা আছিল ৷ প্ৰায়ভাগ মানুহে কৈছিল যে, মই কৃষি বিজ্ঞানৰ বাবে যিখিনি বৰঙণি তাত আগবঢ়াইছিলো, তেনেধৰণৰ কাম ইয়ালৈ আহিলে কৰিব নোৱাৰিম৷ এই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে বাছনি হোৱাৰ ৯ মাহ পাচতহে মই আহিছিলো৷ মই এজন সম্পূৰ্ণ ভাল মানুহ হ’বলৈ প্ৰয়োজনীয় কামত সদায় গুৰুত্ব দি আহিছোঁ৷ গৱেষণাৰ ক্ষেত্ৰতো আমাৰ কামক “ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ”এ আজিও স্বীকৃতি দিছে৷ মোৰ সহকৰ্মী সকল ভাৰতৰ বিভিন্ন ঠাইৰ আৰু কিছু সংখ্যক ভাৰতৰ বাহিৰৰো ৷ সকলোৰে লগত মিলিজুলি আমি কৰা গৱেষণাৰ ফলাফল সমূহৰ যথেষ্ট গুৰুত্ব আছে৷
এয়াই মোৰ এতিয়ালৈকে জীৱনযাত্ৰা ৷

২) সাহিত্য ডট্ অৰ্গ : আজি আপুনি পশুচিকিৎসা বিজ্ঞানৰ মাধ্যমেৰে আগবাঢ়ি অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এজন সফল কৃষি বিজ্ঞানী ৰূপে সুপ্ৰতিষ্ঠিত হৈ পৰিছে৷ এইখিনিতে আমাৰ মনত উদয় হোৱা এটা প্ৰশ্ন হ’ল,- আপুনি ইচ্ছাকৃত নে ঘটনাক্ৰমে পশুচিকিৎসা বিজ্ঞানৰ এই শাখালৈ আকৰ্ষিত হৈছিল?

ড০ কমল মল্ল বুজৰবৰুৱাঃ সঁচাকৈ ক’লে ঠিক ইচ্ছাকৃতভাৱে মই অহা নাছিলো৷ মই মেডিকেলত পঢ়িছিলো৷ গোটেইখিনি হৈ গৈছিল ৷ শাৰিৰীক পৰীক্ষাৰ কিছুমান কথাত মই অসন্তুষ্ট হৈ এৰি গুছি আহো৷ তাৰ পাছত পশু চিকিৎসা বিজ্ঞান পঢ়িবলৈ আহোঁ৷ তেতিয়া মোৰ খুড়া আছিল সঞ্চালক হিছাপে ৷ সেইসময়ত উচ্চশিক্ষাৰ বাবে বেলেগ বিকল্পও নাছিল৷ মোৰ আজি ইয়ালৈ আহি কোনো আক্ষেপ নাই ৷ পশু চিকিৎসা বিজ্ঞানো এক মাধ্যম হ’ব পাৰে নিজকে প্ৰতিষ্ঠা কৰাৰ৷ পশু চিকিৎসা বিজ্ঞানৰ ভৱিষ্যত আছে আৰু ইয়াৰ দ্বাৰাও যে সমাজত সুপ্ৰতিষ্ঠিত হ’ব পাৰি, ইয়াৰ মই এক উদাহৰণ৷ জীৱনত আগবাঢ়ি যাবলৈ এটা কথা খুব গুৰুত্বপূৰ্ণ; সেইটো হ’ল প্ৰতিটো স্তৰতে নিজৰ মূল্য সংযোজন কৰি যাব লাগিব৷ তথ্য, জ্ঞান, প্ৰজ্ঞা, আচাৰ-ব্যৱহাৰ, মানৱীয়তা আদি বিভিন্ন ভাল ভাল গুণৰ সংযোজন কৰা উচিত৷ আমি আনক উপদেশ দিয়াতকৈ নিজেই প্ৰত্যেক মাহত একোটাকৈ যদি এনে মান‌ৱীয় প্ৰমূল্য নিজৰ ব্যক্তিত্বত সংযোজিত কৰোঁ তেন্তে বছৰত বাৰটা ভাল গুণ গোট খাব৷ অৰ্থাৎ এবছৰৰ আগৰ মানুহজন আজি বাৰটা নতুন ভাল গুণেৰে অন্য এজন মানুহলৈ পৰিৱৰ্তিত হ’ব ৷ এনেকৈ কেইবা বছৰৰ পাছত এশটা ভাল গুণ সমৃদ্ধ শ্ৰেষ্ঠ ব্যক্তি এজন হৈ উঠিব ৷

৩) সাহিত্য ডট্ অৰ্গ : বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, তেখেতে সপ্তাহত সম্পন্ন কৰা ভাল বেয়া কামৰ এক খতিয়ান নিজাকৈ প্ৰস্তুত কৰিছিল আৰু নিজে কৰা বেয়া কামৰ বাবে নিজকে শাস্তি দিছিল৷ আপোনাৰ জীৱন সম্পৰ্কে এই ভাল গুণৰ সংযোজনৰ যি আদৰ্শ ই খুব আদৰণীয় ৷ আশাকৰোঁ আমাৰ সাহিত্যৰ পঢ়ুৱৈ সকলে ইয়াৰ যোগেদি এটা ভাল বাৰ্তা লাভ কৰিব৷ আপোনাৰ কৰ্মজীৱনত গৱেষক হিচাপে ৰূপায়িত কৰা কাম সমূহ হ’ল,- ছটা বিস্তৃত সমন্বিত কৃষি ব্যৱস্থাপনাৰ মডেল উদ্ভাৱন, এটা বৰাহ সঁচ, পাহাৰীয়া অঞ্চলৰ বাবে গাহৰী গড়ালৰ মডেল, গাহৰী আৰু মিথুনৰ কৃত্ৰিম প্ৰজনন সম্পৰ্কে গণজাগৰণ; মাংস, নোমাল ছাল আৰু ঊণৰ বাবে সৰ্বপ্ৰথম শহা আমদানি ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতিত খাপ খোৱা ৬ টা ধানৰ সঁচ, ৩টা বিলাহীৰ সঁচ আৰু ১টা হালধীৰ সঁচ উদ্ভাৱন কৰিছে৷ ইয়াৰোপৰি এই অঞ্চলত প্ৰাণী আৰু উদ্ভিদ উভয়ৰে আনৱিক পৰ্যায়ৰ গৱেষণাত শক্তিশালী অৰিহণা যোগোৱাৰ লগতে ৰাষ্ট্ৰীয় জিন বেংককে ধৰি অন্যান্য গৱেষণা প্ৰতিষ্ঠানত ধানৰ জাৰ্ম’প্লাজম সংগ্ৰহ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভুমিকা লয়৷ আনহাতে প্ৰশাসক হিচাপে সঞ্চালক, উত্তৰ-পূব পাৰ্বত্য অঞ্চলৰ আই. চি. এ. আৰ. ৰিচাৰ্ছ কম্প্লেক্স, বৰাপানী, মেঘালয়; উপ মুখ্য নিৰ্দেশক (পশুধন বিজ্ঞান),ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ, নতুন দিল্লী আৰু বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ গৱেষক আৰু প্ৰশাসক এই দুই ব্যক্তিত্বৰ মাজত কোনজনৰ পৰিচয়েৰে চিনাকী দি বেছি ভাল পায়৷

ড০ কমল মল্ল বুজৰবৰুৱাঃ এয়া সময় সময়ৰ কথা৷ এটা সময়ত আছিলো বিজ্ঞানী গৱেষক(Researcher), তেতিয়া অকল গৱেষণাই কৰিছিলো ৷ পাছৰ পৰ্যায়ত, বিজ্ঞান পৰিচালনা (Science Management)ৰ কাম কৰিছো৷ আজি যুগটোৱেই হ’ল পৰিচালনাৰ৷ আপুনি যদি পৰিচালনাৰ গুণ আয়ত্ব কৰে তেন্তে বহু মানুহক আকৰ্ষিত কৰিব পাৰে ৷ আমাৰ বহু অভিজ্ঞতা হৈছে যাৰ দ্বাৰা নতুন ধাৰণা আগবঢ়াব পাৰো ৷ কিন্তু যিখিনি কাম মোৰ দ্বাৰা সময়ৰ অভাৱত অসম্ভৱ, তেনে পৰিস্থিতিত, মই এটা দল তৈয়াৰ কৰি তেওঁলোকক কামটোৰ সম্পৰ্কে বুজাই দি, ক’ত কোনে প্ৰশিক্ষণ ল’ব বা টকা-পইচা ক’ৰ পৰা কেনেকৈ আনিব পাৰি সেইখিনি পৰিচালনাৰ দায়িত্ব মই ল’লেই ভাল কাম এটা কাৰ্যত পৰিণত কৰিব পাৰি৷ বিজ্ঞান পৰিচালক (Science Manager)ৰ কাম একো কঠিন নহয়৷ বৰঞ্চ ই মুক্ত আৰু স্বচ্ছ৷
মই ICAR ত থাকোতে মোৰ এজন সহকৰ্মী IAS বিষয়া আছিল৷ তেওঁ ICAR প্ৰশিক্ষণ প্ৰতিষ্ঠানত কৰ্মৰত আছিল ৷ সেইসময়ত তেওঁ সম্পূৰ্ণৰূপে প্ৰশাসনৰ কামত নিয়োজিত হৈ আছিল৷ এদিন আমি একেলগে যাত্ৰা কৰি থাকোতে মই সুধিলো,-“মেডাম, প্ৰশাসনৰ সফলতা আৰু বিফলতাৰ আঁৰৰ গোপন ৰহস্য কি? ” ৷ তেওঁ যিখিনি ক’লে, মই সিমান সন্তুষ্ট নহ’লো৷ পাছত মোৰ অভিমত জানিব বিচাৰিলে৷ মই ক’লো,-” প্ৰশাসকৰ সফলতা আৰু বিফলতাৰ মাজৰ দুৰত্ব মাথো এফুট ৷ এয়া মাত্ৰ মস্তিষ্ক আৰু হৃদয়ৰ মাজৰ দূৰত্বহে ” ৷ কোনো সিদ্ধান্ত লওতে, মস্তিষ্ক আৰু হৃদয়ৰ সহযোগত নীতি তথা মানৱীয়তাৰ দৃষ্টিকোণেৰে বিবেচনা কৰিলেহে ভাল প্রশাসক হৈ উঠিব পাৰে৷ মোৰ ক্ষেত্ৰত সকলো সমান৷ কেতিয়াও পক্ষপাতিত্ব নকৰাকৈ সিদ্ধান্ত লওঁ, তথাপি যদি কাৰোবাৰ ব্যক্তিগত ক্ষতি হয় তেতিয়া কথাটো সুকীয়া৷ ধৰক এটা উদাহৰণ দিছো,- আমাৰ কিছুমান মানুহে আৱাস ত্যাগ কৰিব লগাৰ নিৰ্দিষ্ট সময়ৰ পাছতো বহু দিন থাকে ৷ ফলত বহুত টকা আদায় দিব লগা পৰিস্থিতি আহে পৰে ৷ তেতিয়া মই ভাৱো এই টকাৰ পৰাটো বিশ্ববিদ্যালয় ধনী হৈ নাযায়, গতিকে ৫০%লৈকে মাফ কৰি দিব পৰা যায় নেকি? তেতিয়া বিশ্ববিদ্যালয়েও কিছু পালে আৰু মানুহজনৰো কিছু ৰাহি হ’ল৷

প্ৰশাসক হ’বলৈ এখন বহল হৃদয়ৰ প্ৰয়োজন, য’ত সকলোকে স্থান দিব পাৰি৷ অৱশ্যে ই এইটো নুবুজায় যে সকলোকে হৃদয়ৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পৰা যায়, কিয়নো কিছুমান মানুহ এনেয়েই বেয়া তেওঁলোকক হাজাৰ ভাল কৰিব বিচাৰিলেও একো ফল নধৰে৷ গতিকে প্ৰয়োজনত কঠোৰ হ’ব লগাও হয় ৷ নহ’লে সমাজে প্ৰশাসন দুৰ্বল বুলি ভাৱিব ৷ গতিকে সদায় ভাল হৈ থাকিলেও নহ’ ব৷
৪) সাহিত্য ডট্ অৰ্গ : আমি জানো যে আপুনি নতুনকৈ ছটা ধানৰ সঁচ, তিনিটা বিলাহীৰ সঁচ, এটা হালধীৰ সঁচ আন ঠাইৰ পৰা আনি উত্তৰ-পূৰ্বাঞ্চলত পৰিচিত কৰিছিল৷ লগতে এটা গাহৰীৰ সঁচো উদ্ভাৱন কৰিছে৷ এই নতুন সঁচ বিলাকৰ বিশেষত্ব সম্পৰ্কে অলপ কওকচোন৷

ড০ কমল মল্ল বুজৰবৰুৱাঃ এইটো ভুল হৈছে যদি ক’ৰবাত পাইছে৷ এইবোৰ বাহিৰৰ পৰা অনা সঁচ নহয়৷ আমি যেতিয়া ICAR ৰিছাৰ্চ কম্প্লেক্সত কাম কৰি আছিলো তেতিয়া নিজেই এই জাতবোৰ উদ্ভাৱন কৰিছিলো৷ এইসমূহৰ বৈশিষ্ট হ’ল,- কিছুমান জাত পাহাৰৰ শীত সহনশীল, কিছুমান ঝুম অঞ্চলৰ বাবে উপযোগী, কিছুমান অধিক উৎপাদনক্ষম আদি৷ গাহৰীৰ সঁচ আমি নিজেই উদ্ভাৱন কৰা, তেতিয়া মই এশ শতাংশই গৱেষক আছিলো আৰু অকল গৱেষণাই কৰিছিলো৷ হালধীৰ ক্ষেত্ৰত মেঘা-টাৰ্মাৰিক নামৰ এবিধ উন্নত জাত মেঘালয়ৰ থলুৱা জাত লাকাডাঙৰ পৰা উদ্ভাৱন কৰিছিলো ৷ পাহাৰীয়া অঞ্চলৰ বাবে উলিওৱা এই জাত এতিয়া অসমতো জনপ্ৰিয়৷ এই হালধীত “কুৰকুমিন”ৰ পৰিমান প্ৰায় ৭.৮ ৰ পৰা ৮ শতাংশ , য’ত নেকি সাধাৰণ হালধীত মাত্ৰ ৪-৪.৫ শতাংশহে উপলব্ধ৷ হালধীৰ ৰপ্তানি এই “কুৰকুমিন”ৰ ওপৰতে নিৰ্ভৰশীল৷ বিলাহীৰ ক্ষেত্ৰটো ২০০৪-০৫ বৰ্ষত হেক্টৰে প্ৰতি প্ৰায় ৬২ টন উৎপাদন লাভ কৰিব পৰা সঁচ উদ্ভাৱন কৰিছিলো৷
৫) সাহিত্য ডট্ অৰ্গ : সম্প্ৰতি জনস্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি বা ফলমূলৰ খেতিৰ প্ৰতি কৃষকসকল আকৰ্ষিত হোৱা দেখা গৈছে৷ ইয়াৰ দ্বাৰা একাংশ কৃষক আৰু মধ্যভোগীয়ে লাভ অৰ্জন কৰিছে যদিও সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিছে৷ ইয়াৰ বিকল্প হিচাপে আমি জৈৱিক পদ্ধতিৰ কৃষিলৈ আঙুলিয়াব পাৰোঁ যদিও তাৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মূল্য ইমান বেছি হয়গৈ যে সকলোৱে ইয়াক বলে নোৱাৰে৷ অসমত জৈৱিক কৃষিৰ সম্ভাৱনা সম্পৰ্কে আপুনি কি কয়?
ড০ কমল মল্ল বুজৰবৰুৱাঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলখন জৈৱিক কৃষিৰ বাবে উপযোগী৷ আমি কৃত্ৰিম ৰাসায়নিক পদাৰ্থ খুব কম ব্যৱহাৰ কৰো৷ সেয়ে কোৱা হয় উত্তৰ-পূৰ্বাঞ্চল খন Organic by default কিন্তু এতিয়া আমি ইয়াক Organic by process কৰিব লাগিব৷ জৈৱিক প্ৰামাণিকৰণৰ বাবে কিছুমান সংস্থা আছে, তেওঁলোকে উৎপাদনৰ বিভিন্ন ধৰণ-কৰণ সমূহ পৰ্যালোচনা কৰি জৈৱিক প্ৰমাণপত্ৰ প্ৰদান কৰে৷ বিভিন্ন শস্যৰ বাবে এই জৈৱিক প্ৰামাণিকৰণৰ ধৰণ-কৰণ সমূহ ভিন্ন ভিন্ন৷
খৰছৰ ক্ষেত্ৰত, জৈৱিক কৃষিৰ বাবে প্ৰয়োজনীয় জৈৱিক সাৰ (যেনে কেঁচুসাৰ) বা জৈৱিক কীটনাশক সমূহ অন্যান্য কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ দৰে পৰ্যাপ্ত মাত্ৰাত উপলব্ধ নহয়৷ এতিয়া আমি PPP মানে পাব্লিক-প্ৰাইভেট অংশীদাৰিত্বত অধিক মাত্ৰাত জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰস্তুতিৰ কথা চিন্তা কৰিছোঁ৷ এনে কৰিলে জৈৱিক কৃষিজাত সামগ্ৰীৰ দাম কমি আহিব৷ ইফালে জৈৱিক কৃষিভুমিৰ পৰা অধিক ফছল পাবলৈ তিনিবছৰ মান অপেক্ষা কৰিব লগা হয়৷ সেয়েহে একেবাৰতে সকলো কৃষিভুমিতে জৈৱিক খেতি কৰাৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী পৰিকল্পনাৰে ২৫ শতাংশ কৈ কৃষি ভুমি জৈৱিক কৃষিৰ বাবে ব্যৱহাৰ কৰি গৈ থাকি এসময়ত ১০০ শতাংশ কৃষিভুমি জৈৱিক খেতিৰ আঁওতালৈ আনিবলৈ সক্ষম হ’ব পৰা যাব৷
জৈৱিক কৃষিজাত সামগ্ৰীৰ মূল্য, ৰাসায়নিকজাত সামগ্ৰীতকৈ বিশ্বৰ বজাৰতে প্ৰায় ২০ শতাংশ অধিক৷ জৈৱিক খাদ্যৰ ক্ষেত্ৰত খাদ্য তালিকাৰ প্ৰত্যেকটো সামগ্ৰীয়েই জৈৱিক হ’ব লাগিব ৷ চাউলখিনি জৈৱিক আৰু ডাইলখিনি অজৈৱিক হলেও নহব৷ চাউল, ডাইল, ফল-মুল সকলোবোৰ জৈৱিক হ’ব লাগিব৷ জৈৱিক কৃষিৰ বাবে যিবোৰ সামগ্ৰীৰ যোগান ধৰা হয় ইয়াৰ সঠিক প্ৰামাণিকৰণৰ ব্যৱস্থা কৰা প্ৰয়োজন৷ মানে জৈৱিক কৃষিৰ বাবে উপযুক্ত আৰু বিশুদ্ধ জৈৱিক সাৰ আৰু কীটনাশকহে ব্যৱহাৰ কৰা প্ৰয়োজন ৷

৬) সাহিত্য ডট্ অৰ্গ : অসমৰ অধিকাংশ কৃষকেই বছৰেকত মাত্ৰ এবাৰ খেতি কৰে৷ কৃষকক বছৰেকত দুই-তিনিবাৰকৈ খেতি কৰিবলৈ উৎসাহ যোগোৱাৰ ক্ষেত্ৰত আমাৰ কৃষি বিশ্ববিদ্যালয়ে কিবা ভূমিকা গ্ৰহণ কৰিছেনে?
ড০ কমল মল্ল বুজৰবৰুৱাঃ এইক্ষেত্ৰত কৃষি বিভাগেও পদক্ষেপ লৈছে ৷ আপোনালোকে জানে যে, “মিছন ডাৱল ক্ৰপিং” নামৰ চৰকাৰী আঁচনি মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা শুভাৰম্ভ কৰিছে৷ ইয়াৰ দ্বাৰা কৃষকক একাধিক খেতিৰ বাবে উৎসাহ জনোৱা হৈছে৷ কৃষক সকলে একাধিক শস্য নকৰাৰ কাৰণসমূহ চালে দেখা যায়,- (১) ৰবি বতৰত পানীৰ নাটনি হয়, (২) মেলি দিয়া গৰু-গায়ে খেতি নষ্ট কৰে। এই দুটাই মুখ্য কাৰণ৷ তথাপি ধুবুৰীৰ ফালে দেখা যায় পানীৰ ব্যৱস্থা তথা জেওৰা আদি দি বছৰত তিনিটালৈকে খেতি কৰে কিন্তু উজনি অসমত দেখিব গৰু-মহৰ অবাধ বিচৰণ৷ এতিয়া শালি বতৰত ঠিকেই থাকে যদিও ধান কটাৰ পাছত পুনৰ গৰু-ছাগলী এৰি নিদিবৰ বাবে মানুহৰ মাজত এটা গণ-সচেতনতাৰ আৱশ্যক৷ এতিয়া গৰু ঘৰত বান্ধি ৰাখিলে, গো-খাদ্যৰ বাবে ঘাঁহ খেতিৰ যিটো পৰম্পৰা অসমত নাই সেইটো আৰম্ভ কৰিব লাগিব৷

অসম চৰকাৰ আৰু আমি মিলি জলসিঞ্চনৰ ক্ষেত্ৰত ১২,০০০ কোটি টকাৰ এক প্ৰকল্পৰ কাম হাতত লৈছোঁ৷ এতিয়া চাওক ব্যৱসায়ী এজনে দোকান এখন বছৰটোৰ প্ৰায় ৩২০ দিন মান খোলা ৰাখে, কৃষক এজনৰ বাবে খেতি পথাৰখন দোকানৰ নিচিনা যদিও তেখেতসকলে ছমাহলৈ খেতি নকৰি এনেয়ে পেলাই থৈ দিয়ে৷ ছমাহলৈ তলা মাৰি দিয়া দোকানখনৰ উপাৰ্জনেৰে বছৰলৈ খাব পৰা নাযায় ৷ কৃষকৰ দোকানখন খোলা ৰখা মানে এবছৰত একাধিক শস্যৰ খেতি কৰা বিষয়টো আহি পৰে৷ মাটিৰ গৰাকী মানে ভৱিষ্যতৰ অৰ্থনীতিৰ গৰাকী, বহুতে মাটি বিক্ৰী কৰি চাকৰি বিচাৰে, কিন্তু পাহৰি যায় চাকৰিত এদিন অৱসৰ আছে ৷
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলখন জৈৱ সম্পদেৰে ভৰপূৰ ৷ জৈৱ বৈচিত্ৰ্যত চহকী অসমে ইয়াক জৈৱ অৰ্থনীতিলৈ ৰূপান্তৰ কৰিব পাৰে৷ আজিকালি বেক্টেৰিয়া বিক্ৰী কৰিও টকা ঘটিব পাৰি ৷ বেক্টেৰিয়া বিক্ৰী মানে বেক্টেৰিয়াত থকা জিন ৷ আমি এতিয়া বেক্টেৰিয়াত থকা উত্তাপ সহনশীল জিন বিচাৰি আছো , যদি এইটো পোৱা যায় সমগ্ৰ বিশ্ববাসীৰ বাবে বহুত কামত আহিব৷ আমি আন এটা বস্তু পৰীক্ষা কৰি আছো, সেইটো হ’ল,- ভুমিজ বেক্টেৰিয়াৰ পৰা অম্ল প্ৰতিৰোধী জিন সংশ্লেষণ কৰিব পাৰি নেকি? এইটোত সফল হ’লে বহুত ডাঙৰ কাম এটা হ’ব৷ জৈৱ সম্পদক জৈৱ অৰ্থনীতিলৈ ৰূপান্তৰ কৰিব পাৰিলেই সম্পূৰ্ণ কৃষিনিৰ্ভৰ অৰ্থনীতি হৈ পৰিব৷

৭) সাহিত্য ডট্ অৰ্গ : অসমত জলাশয়, নৈ-বিল, জান-জুৰি আদিৰ অভাৱ নাই৷ তথাপিও অসমলৈ নিতৌ মাছ আহে অন্ধ্ৰ প্ৰদেশৰ পৰা৷ কুকুৰাৰ কণীৰ ক্ষেত্ৰতো একেই কথা৷ এইক্ষেত্ৰত স্বাৱলম্বী হ’বলৈ আজিকোপতি কৃষি বিশ্ববিদ্যালয়ে কিবা কাৰ্যব্যৱস্থা হাতত লৈছেনে?

ড০ কমল মল্ল বুজৰবৰুৱাঃ এতিয়া চাওক আজিৰ পৰা দহবছৰৰ আগতে অসমত মাছৰ যি অভাৱ আছিল এতিয়া নাই ৷ তেতিয়া অকল ব্যক্তিগত ভাৱে নগাওঁ আৰু বৰপেটাৰ বাদে আন ঠাইত মাছৰ পোনা সুলভ নাছিল৷ এতিয়া মাছৰ পোনা সহজলভ্য হোৱাৰ ফলত মাছৰ উৎপাদন বাঢ়িছে৷ আন এটা কথা হ’ল, আমি মাছক খাদ্য নিদিওঁ । অকল পানী খাই বৃদ্ধি হ’বলৈ এৰি দিওঁ ৷ আমি এতিয়া বিশ্ববিদ্যালয়ৰ ফালৰ পৰা “সুষমা” নামৰ এবিধ মৎস্যখাদ্য উদ্ভাৱন কৰি উলিয়াইছো৷ এইদৰে কৰিলে মাছৰ উৎপাদিকা শক্তি বাঢ়ি যাব৷ এতিয়া অসমত প্ৰতি হেক্টৰ জলকালিত প্ৰায় ১৫০০-২০০০ কেজি মৎস্য উৎপাদন হয়৷ কিন্তু পঞ্জাৱৰ নিচিনা পানী নোহোৱা অঞ্চলত ৬০০০ কেজি মৎস্য উৎপাদন হয়৷ অন্ধ্ৰপ্ৰদেশতো একেই৷ এতিয়া আমি অসমৰ ২০০০ কেজিৰ পৰিৱৰ্তে ৪০০০ কেজিলৈ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা হাতত লৈছো৷ এজন কৃষকে আমাক সুধিছিল যে, জুন মাহৰ সলনি আগতীয়াকৈ মাৰ্চ মাহত মাছৰ পোনা সুলভ কৰিব পাৰি নেকি? তেতিয়া আমাৰ মনত খেলালে গ্ৰীণহাউচৰ ভিতৰত শীতকালি পোনা উৎপাদন কৰিব পাৰিলে মাছ বাঢ়িবলৈ কমেও তিনিমাহ বেছি সময় পাব। ফলত অধিত ওজনৰ মাছ কম সময়তে পোৱা যাব৷ আমি এইদৰে কৰি সফলো হ’লো৷ মুঠতে আধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে মৎস্য উৎপাদনত অসমৰ এক উজ্জ্বল ভবিষ্যত আছে৷
ইফালে কণীৰ ক্ষেত্ৰত, কুকুৰাই ডিম উৎপন্ন কৰিবলৈ খাদ্যৰ প্ৰয়োজন আৰু এই কুকুৰা খাদ্যৰ বহুল অংশ হ’ল মাকৈ ৷ অসমত মাকৈৰ খেতি খুব কমকৈ কাৰ্বি আংলং আৰু গোঁসাইগাঁৱত কৰা হয়৷ এতিয়া আমি AICRP প্ৰকল্পৰ যোগেৰে ICARক জনাইছো আৰু ৰাজ্যৰ কৃষি বিভাগেও মাকৈৰ খেতি অধিক মাত্ৰাত কৰি কুকুৰাজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিব লাগে৷ মাকৈৰ পৰা ৰুটি তৈয়াৰ কৰিব পাৰি, পশু খাদ্যৰূপেও ব্যৱহাৰ কৰিব পাৰি, বায়’ডিজেল উৎপাদন কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি৷ আমেৰিকাই এতিয়া মাকৈ উৎপাদন কৰে ইথানল প্ৰস্তুত কৰিবৰ নিমিত্তে৷ মই আমাৰ বুঢ়ালিকচনৰ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰকো কৈ আহিছো কুঁহিয়াৰৰ পৰা ইথানল প্ৰস্তুতিৰ কথা ৷ এতিয়াও মানুহে ভাৱি আছে কুঁহিয়াৰ অকল খাবলৈ কৰিব লাগে, কিন্তু কুঁহিয়াৰৰ পৰা ইথানল প্ৰস্তুত কৰি বায়’ডিজেল ৰূপে ব্যৱহাৰৰ সময় সমাগত৷
আকৌ গৰুৰ ক্ষেত্ৰত, আমাৰ গৰুৱে কম গাখীৰ দিয়ে, ই আমাৰ বাবে আশীৰ্বাদহে ৷ আমি সাধাৰণতে গৰুবোৰ ৰাতিপুৱা গাখীৰ খীৰাই আকৌ এৰি দিওঁ, সিহঁতৰ খাদ্যৰ ওপৰত মনোযোগ নিদিওঁ ৷ গো-খাদ্যৰ ওপৰত মনোনিৱেশ কৰিলে দুগ্ধ উৎপাদন বাঢ়ি যাব৷ ইয়াৰোপৰি গৰুৰ কৃত্ৰিম প্ৰজননৰ আৱশ্যক, যাৰ বাবে চিমেন বা গো-শুক্ৰৰ প্ৰয়োজন৷ অসমত এতিয়া ২.৫ লাখমান চিমেন উৎপাদন কৰা হয়, য’তনেকি প্ৰয়োজন ১০ লাখমানৰ৷ এইদৰে প্ৰয়োজনমতে গো-খাদ্য আৰু চিমেন উৎপাদন কৰিব পাৰিলে পশুধনৰ উন্নতি হ’ব৷ এইখিনি কাম বিশ্ববিদ্যালয়ৰ আঁওতাত নপৰে যদিও আমি “ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ” অধীনত প্ৰকল্পৰ বাবে লিখিছো৷ আমাক প্ৰয়োজনীয় ধনৰাশি দিলে আমি উন্নত মানৰ চিমেন সহজলভ্য কৰিব পাৰিম৷ পলিচিভিত্তিক পৰিকল্পনা হাতত ল’লেই সিদ্ধি লাভ কৰিব পাৰি৷

৮) সাহিত্য ডট্ অৰ্গ : অসমৰ মানুহৰ নিত্য প্ৰয়োজনীয় আলু-পিয়াজৰ পৰা আৰম্ভ কৰি মচুৰ মাহ, আটা, মিঠাতেল আদিকে ধৰি অধিকাংশ সামগ্ৰীয়েই আহে বাহিৰৰ পৰা৷ এইবিলাক অসমৰ জলবায়ুৰ উপযোগীকৈ নতুন সঁচ সৃষ্টি কৰি থলুৱাভাৱে উৎপাদন কৰিব পৰাটো সম্ভৱনে?

ড০ কমল মল্ল বুজৰবৰুৱাঃ মই কিছুদিন আগতে এই বিষয়ে কথা পাতিছিলো৷ আমাক লগা ডাইল, তেল আদি বহিঃৰাজ্যৰ পৰা আমদানি নকৰাকৈ অসমতেই উৎপাদন কৰিব নোৱাৰি নেকি? এতিয়া বুটমাহৰ ক্ষেত্ৰতে চাওক, দৈনিক ইয়াক কামাখ্যা মন্দিৰ, সত্ৰ, নামঘৰ আদিত যিমান ব্যৱহাৰ হয়, বাহিৰৰ কোনো ৰাজ্যত সিমান নহয়৷ গতিকে কৃষকক বুটমাহ কৰিবলৈ উৎসাহিত কৰিব লাগে৷ আনফালে, আলুৰ ক্ষেত্ৰত, যোৱা বছৰ আমাৰ যথেষ্ট উৎপাদন হৈছিল। ফলত অৰুণাচললৈ পঠাব পৰা অৱস্থা আহিছিল৷ অসমৰ নিৰ্দিষ্ট কিছুমান অঞ্চলত বেলেগ বেলেগ একোটা বিশেষ খেতিৰ বাবে নিৰ্বাচন কৰিব লাগে৷ উজনি অসমত ধৰক কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা, নামনি অসমক ৰাজ্যৰ কৃষি বিভাগৰ দ্বাৰা, মধ্য অসমক আন এটা বিভাগৰ দ্বাৰা পৰিচালনা কৰিবলৈ দি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিলে কৃষি উৎপাদন যথেষ্ট বাঢ়ি যাব৷ আলু খেতিৰ বাবে ভাল গুণগত বীজ সময়মতে পোৱা নাযায়, সেয়ে পূৰ্বৰে পৰা সঠিক ব্যৱস্থাৰ যোগেদি আলুৰ বীজ সহজলভ্য কৰিব পৰা যায়৷ আমি Ad hoc Approach ৰ পৰা Perspective Planning লৈ যাব পাৰিলেই কৃষিক্ষেত্ৰৰ উন্নতি হ’ব৷

৯)সাহিত্য ডট্ অৰ্গ : আপোনাৰ কৰ্মৰ স্বীকৃতি স্বৰূপে “ফখৰুদ্দিন আলি আহমেদ বঁটা” , “চিকিম ৰত্ন”, পশুপালন বিশাৰদ (Distinguished veterinarian) বঁটা, Lifetime Achievement Award to a Serving Employee আদি পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আপোনাৰ নেতৃত্বত দায়িত্ব পালন কৰা দলে “বসন্ত ৰাও নায়ক বঁটা”, “ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ শ্ৰেষ্ঠ বাৰ্ষিক প্ৰতিবেদন” বঁটা লাভ কৰাৰ লগতে আন দুটা “ফখৰুদ্দিন আলি আহমেদ বঁটা” লাভ কৰিবলৈ সক্ষম হয়৷ আপোনাৰ মেধা তথা বিচক্ষণতাৰ ফলত নিম্নোক্ত গৰিমা মণ্ডিত সংস্থাসমূহৰ ফেল’ৰূপে স্বীকৃতিপ্ৰাপ্ত হয়,-
Fellow of National Academy of Agricultural Sciences (FNAAS)
Fellow of National Academy of Veterinary Science (FNAVS)
এই পুৰষ্কাৰ সমূহ গ্ৰহণ কৰি আপোনাৰ কেনে অনুভৱ হয় ?

ড০ কমল মল্ল বুজৰবৰুৱাঃ প্ৰত্যেক বঁটা বা স্বীকৃতিৰ পাছত মোৰ দায়বদ্ধতা অনেক গুণে বাঢ়ি যায়৷ এটা বিশেষ স্থানলৈ বা পদবী লাভ কৰাটো সিমান টান কাম নহয়৷ কিন্তু তাত বহি থকা আৰু নিয়াৰিকৈ চলাই থকাটোহে কঠিন কাম৷ সেয়েহে বঁটা-বাহনে অতিৰিক্ত শ্ৰমৰ দাবী কৰে ৷ মই আগতেই কোৱাৰ দৰে বঁটা বা পুৰষ্কাৰ লাভৰ পাছত মই নিজকে কওঁ যে এতিয়া মোৰ দায়িত্ব আৰু বাঢ়িল৷ এইদৰেই মই নিজৰ মূল্য সংযোজন কৰোঁ৷ ইয়েই হৈছে চালিকা শক্তি৷

১০) সাহিত্য ডট্ অৰ্গ : আপোনাৰ ভাষণ সমূহ বিভিন্ন পৰিসংখ্যাযুক্ত হোৱাৰ লগতে তথ্যসমৃদ্ধ আৰু সাৱলীল ৷ আপুনি আপোনাৰ বক্তৃতা সমূহৰ বাবে পূৰ্ব-প্ৰস্তুতি কৰে নেকি?
ড০ কমল মল্ল বুজৰবৰুৱাঃ এই প্ৰশ্নটো মোক বহুতেই কৰিছে৷ বহুতেই ভাৱে পৰিসংখ্যাৰ তথ্যবোৰ মুখস্থ কৰিব লাগে৷ কিন্তু এইটো সম্পূৰ্ণৰূপে ভুল৷ মুখস্থ ৰাখিলে আপোনাৰ খেলিমেলি লাগিব৷ মই কথাটো বিশ্লেষণ কৰো আৰু তাৰ পাছত মনত ৰাখো ৷ ধৰক মই ইয়াৰ পৰা গুৱাহাটীলৈ যাম আৰু এক নিৰ্দিষ্ট সময়ত পাব লাগে৷ মই জানো ইয়াৰ পৰা গুৱাহাটীৰ দুৰত্ব ৩৫০ কিলোমিটাৰ, গাড়ীখন যদি ঘন্টাত ১০০ কিলোমিটাৰ বেগত যায়, ৰাস্তাত চাহ খাবলৈ ১৫ মিনিট ৰৈ তাৰ পাছত কিমান সময়ত গুৱাহাটী পাম, সেয়াটো মুখস্থ ৰাখিব নালাগে৷ তেনেকৈ খাদ্য উৎপাদনৰ কথাই ধৰক ৷ মই এইটো চাওঁ আমি বৰ্তমান ক’ত আছো, স্বাধীনতাৰ সময়ত ক’ত আছিলো, আৰু কেইবছৰমানৰ পাছত ক’ত পাব লাগিব ৷ এতিয়া কণীৰ কথাই ধৰক ১৯৫১ চনত ১.৮ বিলিয়ন উৎপাদন হৈছিল৷ কিন্তু আজি আমি পালোহি ৫৮ বিলিয়ন৷ দুইটাক যেতিয়া তুলনা কৰো দেখা পাও ৩০ গুণ বাঢ়িল৷ লগতে ২০৩০ চনৰ ভিতৰত আমাক লাগিব প্ৰায় ৯০ বিলিয়ন কনী ৷ এতিয়া এই ৫৮ ৰ পৰা ৯০ বিলিয়নলৈ বৃদ্ধি কৰিবলৈ কি পৰিকল্পনা হাতত ল’ব লাগিব ? , এই কথাখিনি অনুধাৱন কৰিলেই সংখ্যা কেইটা মনত ৰখা উজু হৈ পৰিব৷
১১) সাহিত্য ডট্ অৰ্গ : এইবাৰ অলপ ব্যক্তিগত প্ৰশ্ন এটা সুধিব খুজিছোঁ৷ আপোনাৰ হবি কি বাৰু?

ড০ কমল মল্ল বুজৰবৰুৱাঃ মোৰ হবি বুলি তেনেকুৱা এটা বস্তু নাই ৷ মই বহুত কেইটা বস্তু ভাল পাওঁ ৷ মই গাড়ী চলাই ভাল পাওঁ৷ খেলিও ভাল পাওঁ৷ ডেকা ল’ৰা-ছোৱালীৰ লগত কথা পাতিও ভাল পাওঁ৷ বয়সস্থ সকলৰ লগত কথা পাতিও ভাল পাওঁ৷ পঢ়িও ভাল পাওঁ ৷ বিশেষকৈ মই যেতিয়া যাত্ৰা কৰোঁ, তেতিয়া কিতাপ পঢ়োঁ৷ কৃষি বিষয়ক বা পশুচিকিৎসা বিজ্ঞানৰ কিতাপ নহয়৷ কাৰণ নিজে উধাবৰ বাবে মানৱীয় প্ৰমূল্য, কম্পিউটাৰ চায়েঞ্চ বা অৰ্থনীতি সকলোবোৰ বিষয় জনা দৰকাৰ৷ উৰণ যাত্ৰাৰ সময়তো মই কিতাপ পঢ়োঁ৷ বিভিন্ন ব্যক্তিৰ লগত কথা পাতি তেওঁৰ চিন্তাধাৰাৰ বিষয়ে অৱগত হওঁ ৷

১২) সাহিত্য ডট্ অৰ্গ : আপোনাৰ সমগ্ৰ কাৰ্যকালত এনে কিবা কথা আছেনেকি, যিক্ষেত্ৰত আপুনি সফল নহ’ল বুলি মনত দুখ অনুভৱ কৰে?
ড০ কমল মল্ল বুজৰবৰুৱাঃ তেনেকুৱা নহয়৷ মই গডফাদাৰ নথকা ব্যক্তি৷ মই নিজেই নিজকে গঢ় দিছো ৷ মই কেতিয়াও ভবা নাছিলো সঞ্চালক হ’ম, উপ মহা-নিৰ্দেশক হ’ম বা মহা নিৰ্দেশক হ’ম৷ এয়া মোৰ কামৰ বাবে মই পাইছোঁ৷ মই যেতিয়া বৰাপানীত কাম কৰি আছিলো তেতিয়াই দিল্লীৰ পৰা মোক নিৰীক্ষণ কৰিছিল যে এই মানুহজনক নিব পাৰি নেকি ? মোক চাৰ্চ কমিটিয়ে মাথো মোক অনুমোদন কৰিছিল ICAR ৰ মহা নিৰ্দেশক পদবীৰ বাবে, যি সময়ত মই সেই কমিটিৰ কোনো এজন সদস্যকে চিনি নাপাইছিলো৷ কিন্তু কিবা ৰাজনৈতিক কাৰণত শেষত হৈ নুঠিল৷ সেই তেতিয়ালৈকে মই ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাছিলো৷ কিন্তু মই পাছত উপলব্ধি কৰিছিলো যে, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এজন খুব ভাল সাংসদ নিৰ্বাচিত হোৱা প্ৰয়োজন ৷ অৱশ্যে মোৰ ক্ষেত্ৰত তেতিয়াৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মই কিয় নাপালো, ইয়াকে লৈ কৃষি মন্ত্ৰীক প্ৰশ্ন কৰিছিল ৷ মই দুঃখিত নহয়৷ আচলতে বিধাতাই যি লিখি থৈছে সেয়াই হ’ব৷ তাৰ পাছত মই ইয়ালৈ উপাচাৰ্য হিচাপে আহিলো৷ মই যেতিয়া ২০০৯ চনত অসম কৃষি বিশ্ববিদ্যালয়লৈ আহিছিলো তেতিয়া মই সংকল্পবদ্ধ হৈছিলো কিদৰে এই বিশ্ববিদ্যালয়ক আগুৱাই নিব পাৰি৷ আজি দেশৰ বিভিন্ন ঠাইত এই বিশ্ববিদ্যালয়ক খুব শ্ৰদ্ধাৰ চকুৰে চায় ৷ বিদেশতো আমাৰ বিশ্ববিদ্যালয়ৰ যশস্যা আছে৷ মোৰ ভাগ্যতেই লিখা আছিল ইয়ালৈ আহিবলৈ আৰু মই এজন মহানিৰ্দেশক হোৱাতকৈ বেছি সফল হৈছোঁ বুলি গণ্য কৰো৷ অৱশ্যে কিছুমান বেয়া মানুহক ভাল কৰিব নোৱাৰিলো যাৰ দুঃখ থাকি গ’ল৷ মই কৃষকৰ লগতো কাম কৰিছো ৷ বিশ্ববিদ্যালয়ৰ প্ৰতি কৃষক সকলৰ হেৰাই যোৱা আস্থা ঘুৰাই আনিবলৈ সক্ষম হৈছো৷

১৩) সাহিত্য ডট্ অৰ্গ : আপোনাৰ কৰ্মজীৱনৰ এনে এটা ৰসাল ঘটনা আছে নেকি যাক আমাৰ আলোচনীৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰে?
ড০ কমল মল্ল বুজৰবৰুৱাঃ ৰসাল ঘটনাটো বহুত আছে ৷ তাৰ মাজত, মোৰ এটা মনত পৰিছে৷ তেতিয়া মই বিজ্ঞানী আছিলো ৷ শহাপহুৰ আংগুৰা সঁচটো আনিবলৈ হিমাচল প্ৰদেশলৈ গৈছিলো ৷ আমি গাড়ী এখন ভাড়া কৰিলো৷ কুল্লুঘাটিৰ পৰা দিল্লীলৈ আহি তাৰ পাছত বিমানেৰে আহিম৷ বস্তুবোৰ সামৰি-সুতৰি লও মানে নিশা দহ বাজিল৷ আমি আহি ভুন্টৰ পালোহি৷ তেতিয়া গাড়ীৰ মালিকে ক’লে, ৰাতিখন যাব নালাগে, কিয়নো তেতিয়া পঞ্জাৱত গণ্ডগোল লাগি আছিল৷ পাহাৰৰ ওপৰত থকা গাড়ীমালিকৰ ঘৰলৈ গৈ নিশাটোৰ বাবে আশ্ৰয় লবলৈ আমন্ত্ৰণ জনালে৷ আমি গোটেই কেইজন খোজ কাঢ়ি গৈ থাকোতে মোৰ মনত চিন্তা এটা আহিল, যে ইহঁতেতো মোক মোৰ লগত থকা ত্ৰিশ হাজাৰ টকাৰ বাবে হত্যা কৰি পাহাৰৰ পৰা পেলাই দিলেও জগতৰ কোনেও কেতিয়াও গমেই নাপাব ৷ মই অলপ ৰৈ দিয়াত, গাড়ীৰ মালিকে ভাগৰ লাগিছে নেকি সুধিলে ৷ মই সিহতক ক’লো,-“তোমালোক মানুহ আছা তিনিজন, মই আছো অকলে, ত্ৰিশহাজাৰ টকাৰ কাৰণে মোক মাৰি পেলোৱাৰ পৰিকল্পনা আছে নেকি? যদি আছে এয়া টকা লোৱা আৰু মই উভতো”৷ তেতিয়া গাড়ীমালিকে ক’লে,- ” কি চাহাব আমি ইমান বেয়া মানুহ নহও নহয় ৷” তেওঁৰ তাতে নৈশাহাৰ গ্ৰহণ কৰি পিছদিনা তেওঁৰ বাগিচাৰ আপেল লৈ যাত্ৰা আৰম্ভ কৰিছিলো৷

১৪) সাহিত্য ডট্ অৰ্গ : অনলাইন আলোচনী ‘সাহিত্য’ৰ জৰিয়তে শিক্ষক, বিজ্ঞানী আৰু ছাত্ৰ সকললৈ আপোনাৰ তৰফৰ পৰা কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি?
ড০ কমল মল্ল বুজৰবৰুৱাঃ এটাই বাৰ্তা৷ প্ৰথমে এজন ভাল মানুহ হোৱাৰ প্ৰয়োজন৷ আপোনাৰ নিজৰ কাৰ্যক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক৷ যি প্ৰতিষ্ঠানত কাম কৰিছে তাৰ পৰাই আপুনি অন্নৰ যোগাৰ কৰিছে আৰু নিজৰ পৰিচয় দিব পাৰিছে গতিকে ইয়াৰ বাবে বিশ্বাসযোগ্য হ’ব লাগে৷ এই তিনিটা কাম কৰি গলেই প্ৰত্যেকেই একোটা ভাল জীৱন অতিবাহিত কৰিব পাৰিব৷

১৫) সাহিত্য ডট্ অৰ্গ : ব্যস্ত জীৱনৰ পৰা সাহিত্য ডট্ অৰ্গলৈ সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ৷ আপোনাৰ সুস্বাস্থ্য আৰু মংগলময় জীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷ আশাকৰো আপুনি আৰু এটা কাৰ্যকালৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আসন শুৱনি কৰি অসমৰ কৃষিক্ষেত্ৰ খনক অধিক আগুৱাই নিবলৈ সক্ষম হ’ব, এয়ে আশা ৰাখি আজিলৈ ইমানতে সামৰিলোঁ৷ নমস্কাৰ৷ ধন্যবাদ৷
ড০ কমল মল্ল বুজৰবৰুৱাঃ ধন্যবাদ !

————————————–০০০০০০০০০০০০০——————————–
(সাক্ষাৎকাৰ গ্ৰহনৰ সময়ত মুখ্য সম্পাদকক দে‌ৱজ্যোতি বৰাই সহযোগিতা আগবঢ়ালে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অডিঅ’ ভিজুৱেল বিশেষজ্ঞ মুকুন্দ মাধৱ বৰুৱাই বাণীবদ্ধ কৰি সহায় কৰিলে৷)

Subscribe
Notify of
8 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
7 years ago

সাক্ষাৎকাৰটোৱে সাধাৰণতে চকুত নপৰা বহুত কথালৈ পঢ়ুৱৈৰ চকু নিব বুলি আশা কৰিছোঁ।

Dr. K.K.Sharma
7 years ago

A thought provoking and educative interview. Honourable sir has touched my heart through his leadership, intellectuality and wisdom. Thanks to Xahitya .org for the effort to publsh such interview in the magazine. It is really inspiring

Anonymous
7 years ago

এক আদৰ্শ আমাৰ বাবে

Dhiren Nath
7 years ago

Informative interview. Highlighted the vision of the honorable Vice-chancellor of AAU in the agricultural sector of Assam.

Ramendra N Sarma
6 years ago

The talk of Bujarbaruah sir is highly inspiring and though-provocative. This should be reprinted and circulated for a wider audiuence.

Dr. jeherul hoque
6 years ago

Inspiring interview

6 years ago

Honourable VC sir has rightly pointed out the need for quality planning and project approach. Fund is not a constraint at all. As per ‘N E India vision document -2020’ of GOI too there is inadequate local capacity to plan and implement programs and projects. As a beginning, AAU can initiate a short term executive program ( MDP ) in development project management focusing on Agriculture and allied sectors. I am sure AAU can make such MDPs interesting for officials of line departments both at state and district level.

Dr Utpal Barman
6 years ago

really inspired