অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণদেৱৰ সৈতে সাক্ষাৎকাৰ

শৈশৱৰ সপোনৰ বোকোচাত উঠি নেৰানেপেৰা কষ্ট আৰু অধ্যৱসায়েৰে সেই দিশে অগ্ৰসৰ হৈ নিচেই কম বয়সতে সেই সপোনক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছিল ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া তথা বৰ্তমান অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণদেৱে৷

মেধা আৰু অধ্যৱসায়ৰ এক উৎকৃষ্ট সমন্বয়ৰে সৰ্ব-ভাৰতীয় স্তৰত যোৱা তিনি দশকৰো অধিক কাল নিজকে জিলিকাই ৰখা কুমাৰ সঞ্জয় কৃষ্ণদেৱৰ পৰিচয় বেলেগকৈ তুলি ধৰাৰ প্ৰয়োজন নিশ্চয় নাই৷যোৰহাটৰ উমাচৰণ বনিয়া আৰু পূৰ্ণিমা বনিয়াৰ সুযোগ্য পুত্ৰ কুমাৰ সঞ্জয় কৃষ্ণদেৱে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাবে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰতো ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰূপে যথেষ্ট দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আহিছে৷

বিগত ২০১৯ চনৰ ৩১ ডিচেম্বৰত তেখেতে অসমৰ মুখ্য সচিব হিচাবে দায়িত্ব গ্ৰহণ কৰে৷ বৰ্তমানৰ জটিল পৰিস্থিতিত এগৰাকী সুদক্ষ অসমীয়া প্ৰশাসনিক বিষয়াই ৰাজ্যৰ আমোলাসকলৰ মুৰব্বী পদত অধিষ্ঠিত হোৱাটো সমগ্ৰ অসমৰ কাৰণে নিশ্চয়েই সৌভাগ্যৰ কথা৷

 অসমীয়া মাধ্যমতে শিক্ষাৰ আৰম্ভণি কৰা অসমৰ সন্মানীয় মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে সুপৰিচিত৷ সৰ্ব-ভাৰতীয় স্তৰত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি তেখেতে এইটো প্ৰমাণ কৰিছিল যে মাধ্যম কেতিয়াও বিকাশৰ অন্তৰায় হ’ব নোৱাৰে৷ বৰঞ্চ তেখেতৰ মতে অসমীয়া মাধ্যমত পঢ়াৰ কাৰণেই তেখেতে অসমীয়া পৰম্পৰা, সংস্কৃতি তথা সভ্যতাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিজ জাতিৰ স’তে প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তুলিবলৈ তেখেতৰ সুবিধা হৈছে৷ তেখেতৰ মতে ভাষা এটা ক’ব পৰা আৰু লিখিব পৰাটোহে আচল কথা৷ এই দুটা গুণৰ অধিকাৰী হ’লে মানুহে কি মাধ্যমত পঢ়াশুনা কৰিছে, সেইয়া গৌণ হৈ পৰে৷ 

চৈয়দ আব্দুল মালিক, নিৰোদ চৌধুৰী, সৌৰভ কুমাৰ চলিহা আদিৰ লিখনি পঢ়ি ভাল পোৱা কুমাৰ সঞ্জয় কৃষ্ণৰ সবাতোকৈ প্ৰিয় অসমীয়া গ্ৰন্থ হৈছে “অসীমত যাৰ হেৰাল সীমা৷ ৷ “ কিতাপ পঢ়ি ভাল পোৱা আই এ এছ বিষয়াজনৰ আজৰি সময় নিচেই তাকৰ৷ কিন্তু ব্যস্ততাৰ মাজতেই তেখেতে ফটো তুলি ভাল পায়৷ ইতিমধ্যে যোৱা কেইবা দশকত তোলা ফটোৰে তেখেতৰ এখন কিতাপো প্ৰকাশ হৈছে৷

কৰ্মক্ষেত্ৰত এগৰাকী নিকা বিষয়া হিচাবে পৰিচিত কুমাৰ সঞ্জয় কৃষ্ণই যোৰহাট গৱৰ্ণমেণ্ট বয়জ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, কটন কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু দিল্লীৰ চেইণ্ট ষ্টিফেন্স কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰি শেষত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৮৫ চনত তেখেতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়৷

সাম্প্ৰতিক সময়ত ন’ভেল কৰ’ণা ভাইৰাছৰ ফলত আহি পৰা পৰিস্থিতিৰ সন্দৰ্ভত মুখ্য সচিব হিচাবে ৰাজ্যখনৰ বাবে গ্ৰহণ কৰি অহা পদক্ষেপ তথা ভৱিষ্যতৰ কাৰ্ষপন্থাৰ বিষয়ে জানিবলৈ, মুখ্য সচিবৰ কাৰ্যভাৰ গ্ৰহণৰ সময়ৰ পৰা ৰাজ্যখনত আহি পৰা বিভিন্ন সমস্যাসমূহৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাৱলী আৰু লগতে ব্যক্তিগতভাৱে তেখেতৰ বিষয়ে অৱগত হবলৈ আমি দেখুওৱা আগ্ৰহক সন্মান জনাই ইমান ব্যস্ততাৰ মাজতো তেখেতে কিছু সময় আমাক দিবলৈ সন্মত হয়৷ “সাহিত্য ডট অৰ্গ” ই-আলোচনীৰ বাবে “অসমীয়াত কথা-বতৰা” গোটৰ সদস্য জ্যোতিৰূপম দত্ত আৰু অভিজিত দত্তদেৱে গ্ৰহণ কৰা তেখেতৰ এটি সাক্ষাৎকাৰ সদাশয় পাঠক-পাঠিকালৈ আগবঢ়োৱা হ’ল৷

~~~~~~~~~~~~~

☆সাহিত্য ডট অৰ্গ: ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিত অসমৰ মুখ্য সচিব হিচাবে আপোনাৰ দৃষ্টিভংগী তথা অসম চৰকাৰে গ্ৰহণ কৰা কাৰ্যপন্থাৰ বিষয়ে কিছু কথা জানিব খোজো৷

★কুমাৰ সঞ্জয় কৃষ্ণ: মই কথাখিনি অলপ আগৰ পৰা কব খুজিছো৷ ১৮৯৭ চনতেই Epidemic Diseases Act খন বৃটিছসকলে ভাৰতত প্ৰথম প্ৰৱৰ্তন কৰিছিল৷ কিন্তু তেতিয়াৰ পৰা আজিলৈকে প্ৰায় এশবছৰৰো অধিক সময় এইখন আইনৰ সৰ্বাত্মকভাৱে ব্যৱহাৰ হোৱা নাছিল৷ অৰ্থাৎ এনেধৰণৰ ডাঙৰ পৰিস্থিতি একো হোৱা নাছিল৷ প্ৰায় এশ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ প্ৰশাসন ব্যৱস্থাটোৱে এনে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল৷

এই বিষয়টোত সকলোৱে হঠাতে বহু কাম কৰিবলগা হৈছিল৷ সঠিককৈ কবলৈ হলে যোৱা ২৩ জানুৱাৰীৰ পৰাই আমি বাহিৰৰ পৰা বিমানযোগে অসমলৈ অহা যাত্ৰীসকলক স্ক্ৰীনিং কৰিবলৈ আৰম্ভ কৰিলো৷ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, এই তিনিওটা এয়াৰপৰ্টতে থাৰ্মেল স্ক্ৰীনিং আৰম্ভ হ’ল৷ সেই সময়ত ৰেলেৰেও বহুলোক আহি আছিল৷ দিনে হাজাৰ হাজাৰ মানুহ অসমলৈ আহে৷ এইখিনি মানুহক স্ক্ৰীনিং কৰা এটা ডাঙৰ প্ৰত্যাহ্বান হ’ল৷ এইখিনি সময়তে কোনোবাই যদি ভাইৰাছটো গাত লৈ আহিছে তেতিয়া বৰ ডাঙৰ কথা হ’লহেঁতেন৷ তেতিয়ালৈকে লক ডাউনৰ কথা অহাই নাই৷ আমি সেই মানুহখিনিক বঙাইগাওঁ, কোকৰাঝাৰ আদি সকলোতে স্ক্ৰীনিং কৰিবলৈ আৰম্ভ কৰিলো৷ লাহে লাহে ভাৰতৰ বহু ঠাইতে অৱস্থা বেয়ালৈ যাবলৈ ধৰিলে৷ পৃথিৱীৰ বহু দেশত ভয়লগা পৰিস্থিতি হৈ গ’ল৷ আমেৰিকা, ইৰাণ আৰু ইটালী আদি দেশত ভয়লগা অৱস্থা এটা সৃষ্টি হ’ল৷ সেই সময়ত মই কেইটিমান দিশ অধ্যয়ন কৰি পালো যে বাহিৰৰ পৰা অহা বেছিভাগ মানুহেই এই ভাইৰাছৰ বাহক হিচাপে কাম কৰিছে৷ আগতেও এনে ধৰণৰ ভাইৰাছজনিত সৰু সৰু সংক্ৰমণ চলিলেও এনে অৱস্থা হোৱা নাছিল৷ ইয়াৰ আচল কাৰণটো আছিল যে আগতে ইমান ইণ্টাৰনেচনেল ফ্লাইট নাছিল৷ দুহেজাৰ তিনি নে চাৰি চনত ইৰাণৰ পৰা মাত্ৰ তিনিখনহে ইণ্টাৰনেচনেল ফ্লাইট আছিল৷ আজিৰ দিনত ইৰাণৰ পৰাই ছশ ফ্লাইট! মানে পৃথিৱীৰ সকলো দেশলৈকে ইৰাণৰ পৰাও ফ্লাইট যাব ধৰিছে৷ আন দেশসমূহৰ কথা নকওৱেই৷ সেইকাৰণেই এই সংক্ৰমণটো বৰ সোনকালে বিয়পি যাবলৈ পাৰিলে৷

তাৰ পাছত অসমত লকডাউন হৈ গ’ল৷ এই লকডাউনটো আমাৰ বাবেও এটা নতুন ধৰণৰ অভিজ্ঞতা আছিল৷ এনেকুৱা লকডাউন কেতিয়াও হোৱা নাছিল৷ আমাৰ প্ৰশাসন ব্যৱস্থাৰ সৈতে জড়িত মানুহখিনিৰ বাবে কাৰ্ফিউ বা সান্ধ্য আইনহে পৰিচিত৷ আগতে এটা-দুটা সৰু অঞ্চলত কাৰ্ফিউ হয়৷ সেই পৰিস্থিতি দুই এদিন পাছতেই ঠিক হৈ যায়৷ পিছে এইটো সমগ্ৰ ভাৰততে দীঘলীয়াকৈ কাৰ্ফিউ হোৱাৰ দৰে কথা এটা৷ এইটোও আমাৰ বাবে এটা বৰ ডাঙৰ প্ৰত্যাহ্বান হ’ল৷

তাৰ পাছতে আমি স্বাস্থ্য বিভাগটোত বিশেষভাৱে মনোযোগ দিলো৷ আমি প্ৰথমে চালো যে স্বাস্থ্যবিভাগৰ পৰিকাঠামো কিমান আছে আৰু কি অৱস্থাত আছে? হঠাতে যদি বহু মানুহৰ একেলগে সংক্ৰমিত হৈ যায়, তেতিয়া আমাৰ কাম কি হ’ব? সেই কাৰণেই জিলাবিলাকত আমি Quarantine Centre বোৰ সাজু কৰিবলৈ ধৰিলো৷ এইখিনি কাম আমি ফেব্ৰুৱাৰীৰ শেষৰ পৰাই আৰম্ভ কৰিছিলো৷ গুৱাহাটীৰ আশে পাশে যিমান চিকিৎসালয় বা ডাঙৰ ঠাই আছে সেইবিলাকত Quarantine Centre কৰিব পাৰি নেকি সেইবোৰ চোৱা হ’ল৷ সকলো জিলাৰ সদৰসমূহত আৰু মহকুমাবোৰৰ চিকিৎসালয়বোৰত Quarantine facility সাজু কৰিবলৈ কোৱা হ’ল৷ সেইবোৰ সাজু হোৱাৰ পাছত আৰু এটা কথা আহিল যে সংক্ৰমিত লোকক আচুতীয়াকৈ ৰাখিবলৈ Isolation centre ক’ত হ’ব? সেইকাৰণে আমি স্থানবিশেষে Isolation centre সাজু কৰিলো৷ আজিৰ তাৰিখত (১০ মে’, ২০২০) আমাৰ প্ৰায় দহহেজাৰটা Institutional Quarantine facility আছে৷ ইয়াৰ উপৰিও আজিৰ তাৰিখত প্ৰায় একলাখৰো অধিক মানুহ Home Quarantine ত আছে৷

তাৰ পাছত আন এটা গুৰুত্বপূৰ্ণ কথা আহিল৷  আমি পৰিসংখ্যা চাই দেখিলো যে প্ৰায় ১০% সংক্ৰমিত লোকক ICU বা ভেণ্টিলেটৰৰ দৰকাৰ হয়৷ সেই কাৰণে ৰাজ্য চৰকাৰে ICUৰ বাবে বেচৰকাৰী চিকিৎসালয়বোৰৰ সৈতে আলোচনা কৰি তেওঁলোকৰ কিছুমান ICU আমি ললো৷ মেডিকেল কলেজখিনিৰ যিমান ICU আছিল সেইখিনি সম্পূৰ্ণৰূপে কভিড’১৯ৰ ৰোগীৰ বাবে ৰখা হ’ল৷ সাধাৰণ ৰোগী আহিলে আন চিকিৎসালয়বোৰত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল৷ এই বিষয়ত আমি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বোৰৰ সৈতে চুক্তি কৰি ললো৷

সোণাপুৰৰ ৰাজ্যিক চিকিৎসালয়খন আমি সম্পূৰ্ণৰূপে Isolationৰ বাবে সাজু কৰি ৰাখিলো৷ তাৰ পাছত আমি ভেণ্টিলেটৰৰ হিচাপ ললো৷ তেতিয়া অসমত প্ৰায় দুশমানহে ভেণ্টিলেটৰ আছিল৷ তাৰো কিছুমান বেয়া হৈ আছিল৷ সেই সময়তে ভেণ্টিলেটৰ গোটাবলগীয়া হ’ল৷ আজিৰ তাৰিখত আমাৰ হাতত তিনিশ পঞ্চাশটামান ভেণ্টিলেটৰ আছে৷ কিন্তু আমাৰেই ভাগ্য ভাল যে এতিয়ালৈ আমি ভেণ্টিলেটৰ ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতি হোৱাগৈ নাই৷ 

তাৰ পাছত লকডাউনৰ সময়ৰ পৰাই বহুতকে quarantine ত থোৱা হ’ল৷ কভিড’১৯ৰ পৰীক্ষা আৰম্ভ হ’ল৷ কভিড’১৯ৰ পজিটিভ লোক পালো৷ কিছুমান ৰিলিজো হ’ল৷ কিছুমানক আকৌ ২৮ দিনলৈকে ৰখা হ’ল৷ এই অসুখটোৰ এটা ভয়ংকৰ দিশ হ’ল যে বহুসময়ত কোনো ধৰণৰ লক্ষণ নেদেখাকৈয়ে এই ভাইৰাছবিধ বহুতেই বহন কৰে৷ বাহিৰৰ পৰা কোনেও গম নাপায়৷ এনেকৈয়ে চলি আছে৷

এতিয়া আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বানটো হৈছে যে যিবোৰ অসমৰ মানুহ বাহিৰত আছে সেইসকল এতিয়া ইয়ালৈ আহি আছে৷ কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত অনুমতি দি দিলে৷ এনেকৈ অহা মানুহ কিছুমানৰো পজিটিভ ওলাল৷ সেইখিনিক আমি আইচলেশ্যনলৈ নিব লগা হ’ল৷

তাৰ পাছত লকডাউনৰ সময়তে শাক-পাচলি আদিৰ হোম-ডেলিভাৰী কৰিবলৈ দিয়া হ’ল৷ কিছুমান অঞ্চলৰ পৰা শাক-পাচলি, গাখীৰ আদি নষ্ট হোৱাৰ খবৰো আহিবলৈ ধৰিলে৷ এইটো অৱশ্যে যোগান আৰু চাহিদাৰ কথা৷ উপায়ো নাই৷ হোটেল, ৰেষ্টুৰেণ্ট, মিঠাইৰ দোকানবোৰ বন্ধ হোৱা বাবে চাহিদা কমি গ’ল৷ ইফালে উৎপাদন একেই থাকিল৷ আমি লগে লগে আন অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল-দাইল আদি কিমান মজুত আছে তাৰো হিচাপ লবলৈ ধৰিলো৷ পাইকাৰী বজাৰ, এফ.চি.আই, দোকানবোৰত কিমান বস্তু মজুত আছে তাৰো হিচাপ লোৱা হ’ল৷ ইতিমধ্যে মালবাহী ৰেল চলি আছিল৷ ৰেলত অহা সামগ্ৰীবোৰৰ লোডিং-আনলোডিঙৰ সমস্যাবোৰো সমাধান কৰিবলগীয়া হ’ল৷ বাহিৰৰ পৰা অনা বস্তুবোৰ নমাই ৰেলখন খালী কৰিলেহে ঘূৰি যাব পাৰিব৷  সেইবোৰো কৰা হ’ল৷

আৰু এটা কথা যে এখন দেশ লকডাউন হৈ চলি থাকিব নোৱাৰে৷ অৰ্থনৈতিক কামকাজ আৰম্ভ হবই লাগিব, উদ্যোগ-বাণিজ্য আদি সকলোবিলাক আৰম্ভ কৰিবই লাগিব৷ এইখিনিতে আমি বহু চিন্তাচৰ্চা কৰি চাহবাগিছাসমূহৰ কামকাজ আৰম্ভ কৰিছিলো৷ তাৰ পাছত কাৰখানাবোৰো খুলি দিয়া হ’ল৷ কৰ্মচাৰীসকলৰ বাবেও নীতিনিয়ম বান্ধি কাৰ্য্যালয়বোৰ খুলি দিয়া হ’ল৷

ভৱিষ্যতৰ কথা কবলৈ হলে যেতিয়ালৈকে কভিড-১৯ ভেকচিন নোলায় তেতিয়ালৈকে আমি ক’ভিডৰ সৈতে সহাৱস্থান কৰিব লাগিব৷ আমি সাৱধান হব লাগিব৷ Social Distancing মানি চলিব লাগিব৷ আমি দেখিছো যে লকডাউনৰ নিয়মসমূহ সামান্য শিথিল কৰিলেই বহুতে বজাৰ-সমাৰ আদি সকলোতে বিনাকাৰণতে টিঘিলঘিলাবলৈ ধৰে৷ গতিকে ৰাইজে নিজেই সজাগ হ’ব লাগিব৷ সকলো কথা চৰকাৰে নিৰীক্ষণ কৰি থাকিব নোৱাৰে৷ ৰাইজে নিজেই বুজিব লাগিব৷

☆সাহিত্য ডট অৰ্গ:  বিদ্যালয়সমূহ খোলাৰ বাবে সময়সীমাৰ বিষয়ে কিবা জনাব নেকি?

★কুমাৰ সঞ্জয় কৃষ্ণ: বিদ্যালয়সমূহৰ গৰমৰ বন্ধৰ সময়খিনি আগুৱাই দি সমস্যাটো মোকাবিলা কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ অনলাইন শিক্ষাও চলি আছে৷ বহু এনজিঅও আগবাঢ়ি আহিছে৷ মোৰ বোধেৰে ছাত্ৰছাত্ৰীসকলৰ বেছি লোকচান হব নালাগে৷

☆সাহিত্য ডট অৰ্গ:  অসমত বহু অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ স্মাৰ্টফোনৰ সৈতে সম্পৰ্ক নাই৷ এইবাবে তেনেবোৰ ছাত্ৰছাত্ৰীয়ে অনলাইন বা এনে মাধ্যমেৰে প্ৰদান কৰা শিক্ষা গ্ৰহণ কৰিবলৈ পৰা নাই৷ চৰকাৰৰ ফালৰ পৰা এই ছাত্ৰছাত্ৰীখিনিৰ কথা কিবা ভবা হৈছে নেকি?

★কুমাৰ সঞ্জয় কৃষ্ণ: এতিয়ালৈকে আমি এইক্ষেত্ৰত বিশেষ একো চিন্তা কৰা নাই৷ কিন্তু যদি বৰ্তমানৰ পৰিস্থিতি চলিয়েই থাকে তেতিয়া হয়তো এই বিষয়টোত আমি কিবা এটা কৰিব লাগিব৷

☆সাহিত্য ডট অৰ্গ:  এতিয়া বিভিন্ন ক্ষেত্ৰত বহু কাম অনলাইনত কৰিবলৈ বহুতে আগ্ৰহী হৈছে বা কৰিবলৈ আৰম্ভ কৰিছে৷ চৰকাৰী অফিচৰ কামসমূহো অনলাইনত সমাধান কৰাৰ ক্ষেত্ৰত কিবা চিন্তা চৰ্চা কৰিছে নেকি?

★কুমাৰ সঞ্জয় কৃষ্ণ: কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নিৰ্দেশমতে মতে আমি E-Governance ৰ ক্ষেত্ৰত কাম কৰিবলৈ লাগে৷ Paperless Governance is the ultimate target. মই কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাম কৰা সময়তে দেখিছিলো যে বহু কাম ডিজিটেল মাধ্যমতে হৈ যায়৷ আনকি সেইসময়তে কিছু শতাংশ ফাইলৰ কাম ডিজিটেলভাৱে কৰাৰো নিৰ্দেশ আছিল৷ অসমত এইটো হোৱা নাই৷ তথাপিও আমি বিত্ত বিভাগৰ ক্ষেত্ৰত প্ৰায় আটাইখিনি কামেই ডিজিটেল হিচাপে কৰিবলৈ পাৰিছো৷ আৰু চৰকাৰৰ আচনিবোৰৰ সকলোবোৰ এতিয়া ডিজিটেল৷ কোনো নগদ বা চেক প্ৰদান কৰা নহয়৷ সকলো হিতাধিকাৰীক DBT মানে Direct Benefit Transfer মাধ্যমেৰে সাহায্য আদি প্ৰদান কৰা হয়৷

☆সাহিত্য ডট অৰ্গ: বিভিন্ন চৰকাৰী আচনিৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে হিতাধিকাৰীসকলৰ বহুতেই আচনিৰ ধন বা সেৱা লাভ নকৰে৷ বহুতে কবলৈকো ভয় কৰে বা বহুসময়তে দেখা যায় যে আচনিৰ হিতাধিকাৰীসকলৰ কথা কোনেও গমেই নাপায়৷ কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আচনিৰ তালিকাখন ৱেবছাইটত প্ৰকাশ হোৱাৰ লগে লগে ভুৱা হিতাধিকাৰীসকলক অতি সহজেই ৰাইজেই চিনাক্ত কৰিব পৰা হৈছে৷ একেদৰে অসম চৰকাৰৰ আন আন আচনিসমূহৰ হিতাধিকাৰীসকলৰ তালিকাবোৰো এনেদৰে অনলাইনযোগে প্ৰকাশ কৰিব পৰা নাযায়নে? অৱশ্যেই চৰকাৰীভাৱে গোপনে ৰাখিব লগা তথ্যসমূহৰ প্ৰকাশৰ কথা আমি কোৱা নাই৷

★কুমাৰ সঞ্জয় কৃষ্ণ: এইটো আপোনালোকৰ পৰা অতি গুৰুত্বপূৰ্ণ তথা সুন্দৰ উপদেশ পালো৷ এনেকুৱা ধৰণৰ কাম আমি নিশ্চয় কৰিব লাগিব৷ হিতাধিকাৰীসকলৰ নাম প্ৰকাশ কৰা কথাটোত গুৰুত্ব আছে৷ নিশ্চয় এইবিষয়ে চিন্তা কৰিম৷

☆ সাহিত্য ডট অৰ্গ: চৰকাৰী কৰ্মচাৰীসকলক টেকন’লজীৰ বিষয়ে পাৰদৰ্শী কৰি তোলাটো এতিয়া সময়ৰে আহ্বান৷ এইবিষয়ে আপোনাৰ মতামত কি?

★কুমাৰ সঞ্জয় কৃষ্ণ: তলৰ খাপৰ কৰ্মচাৰীৰ কথা বাদেই আগতে বহু আইএএছ পৰ্য্যায়ৰ বিষয়াকেই কোৱা শুনিছিলো যে এতিয়া এইবোৰ শিকি কি লাভ হ’ব ইত্যাদি৷ কিন্তু এতিয়া কিছু সলনি হৈছে, আমাৰ চাম বা আমাতকৈ জুনিয়ৰসকলে এতিয়া বহু টেকনিকেল কাম নিজেই কৰিবলৈ লৈছে৷ মই মোলৈ অহা ইমেইল আদি নিজেই চাও, নিজেই ৰিপ্লাই কৰো৷ তলৰ কৰ্মচাৰীসকলকো ট্ৰেইনিং আদি দিবলৈ ব্যৱস্থা কৰা হৈছে৷

☆ সাহিত্য ডট অৰ্গ: কভিড-১৯ য়ে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে পৰ্য্যটন, বিনোদন আদিকে ধৰি অসমৰ বহু ব্যৱসায়িক ক্ষেত্ৰ বন্ধ হৈ গৈছে বা লোকচানৰ সন্মুখীন হৈছে৷ তাৰ ফলস্বৰূপে বহু লোকে কৰ্মসংস্থাপন হেৰুৱাইছে৷ ইয়াৰ উপৰিও ৰাজ্যৰ বাহিৰৰ পৰাও বহু লোকে কৰ্মসংস্থাপন হেৰুৱাই ঘূৰি আহিবলৈ লৈছে৷ এই কৰ্মসংস্থাপনহীনতাৰ পৰিস্থিতি কেনেকৈ চম্ভালিব?

★কুমাৰ সঞ্জয় কৃষ্ণ: মোৰ মতে সকলোৱে ঘূৰি আহিব নালাগে৷ ইতিমধ্যে কেৰেলা, কৰ্ণাটক, তামিলনাডু আদি বহু ৰাজ্যত অৰ্থনৈতিক কামকাজ আৰম্ভ হৈ গৈছে৷ দ্বিতীয় কথাটো হ’ল অসমত প্ৰায় সত্তৰ শতাংশ লোক কৃষিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত৷ গতিকে যদিহে আমি এতিয়া নিয়োগ সৃষ্টি কৰিব লাগে তেন্তে কৃষিৰ ক্ষেত্ৰখনতেই কৰিব লাগিব৷ আমি জৰুৰীভাৱে গুৰু উদ্যোগ আদি স্থাপন কৰিব নোৱাৰো৷ এটা উদ্যোগ স্থাপন কৰিবলৈ প্ৰায় তিনি চাৰি বছৰ লাগিব৷ গতিকে হঠাতে বহুসংখ্যক চাকৰি সৃষ্টি কৰাতো সম্ভৱ নহয়৷ গতিকে কোনো কাৰণ নাথাকিলে এতিয়াই কোনো ঘূৰি আহিব নালাগে৷ চিকিৎসাৰ বাবে যোৱা, পৰ্য্যটকসকল বা কিছুমান ছাত্ৰ-ছাত্ৰী ঘূৰি অহা কথা বেলেগ৷  কিন্তু এতিয়াই বাহিৰৰ সকলোৱে কৰ্মক্ষেত্ৰ এৰি আহিব নালাগে৷ উদাহৰণস্বৰূপে মই সিদিনা কেৰেলা ৰাজ্যৰ মুখ্য সচিবৰ সৈতে আলোচনা কৰোঁতে গম পালো যে অসমৰ প্ৰায় ৭৫০০০ মানুহ শ্ৰমিক হিচাপে বিভিন্ন কনষ্ট্ৰাকশ্যন কম্পেনী, উদ্যোগ আদিত কাম কৰি আছে৷ সেইখিনি মানুহ অসমলৈ ঘূৰি আহিলে কি কৰিব? ইয়াতটো তেনে গতিত কনষ্ট্ৰাকশ্যন বা manufacturing আদিৰ কাম নচলে৷ মই সিদিনা কেৰেলাৰ মুখ্য সচিবকো কৈছো যে সেই মানুহখিনিক যাতে জনাই দিয়ে যে অৰ্থনৈতিক কামকাজ আৰম্ভ হৈছে আৰু তেখেতসকল যাতে তাতেই থাকিবলৈ যত্ন কৰে৷ কিন্তু তাৰ পাছতো আমি অসমলৈ ঘূৰি অহা সকলৰ বাবে ৰে’ল আদিৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিছো৷ আমি ইতিমধ্যে চৰকাৰীভাৱেও বহুতকে দুহেজাৰ টকাকৈ একঁকালীনভাৱে দিছো এইবুলিয়েই যে আপোনালোক কিছুদিন থাকক আৰু লাহে লাহে সকলো কল-কাৰখানা খুলিবলৈ ললে আপোনালোকৰ কোনো অসুবিধা নহয়৷

☆ সাহিত্য ডট অৰ্গ:  কৃষকৰ অভিযোগ আছে যে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে পৰ্য্যাপ্ত বজাৰ নাই৷ উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰলৈ নিবলৈ চৰকাৰ ব্যৰ্থ হৈছে নেকি? বিভাগটোক পুনৰ কাৰ্য্যক্ষম কৰাৰ ক্ষেত্ৰত কিবা নতুন পদক্ষেপৰ কথা চিন্তা কৰিছে নেকি?

★কুমাৰ সঞ্জয় কৃষ্ণ: কৃষিক্ষেত্ৰখনৰ ক্ষেত্ৰত কবলৈ গলে বহু কথা আছে৷ মই নিজেই কৃষি বিভাগত আছিলো৷ আজি দুবছৰ আগতে ভাৰত চৰকাৰে ENAM আচনিখন আৰম্ভ কৰিছিল৷ Electronic National Agriculture Marketing. মই নিজেই এই আচনিখনৰ সৈতে জড়িত আছিলো৷ ভাৰতৰ ২২খন ৰাজ্যই তেতিয়াই এইটো প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈছিল৷

এই আচনিখনৰ কথাই কবলৈ ওলাইছো৷ ধৰক বৰ্তমানে এজন খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰীখিনি স্থানীয় বজাৰখনতহে বিক্ৰী কৰিব পাৰে আৰু সেই বজাৰখনৰ পাইকাৰী বিক্ৰেতাসকলে যি দামেই দিব তেওঁ তাকেই লব লাগিব৷ কিন্তু ENAM যোগেৰে তেখেতে উৎপাদিত সামগ্ৰীখিনিৰ বিষয়ে বিতং তথ্য ৱেৱপৰ্টেলৰ মাধ্যমেৰে সমগ্ৰ ভাৰতৰ পাইকাৰী ক্ৰেতাসকলৰ বাবে মুকলি কৰি দিব পাৰে৷ সামগ্ৰীৰ দামো তেখেতেই নিৰ্ধাৰণ কৰিব৷ ধৰক অসমৰ খেতিয়ক এজনে নিজৰ খেতিত উৎপাদিত পঞ্চাশটা ৰঙালাওৰ বিতং বিৱৰণ যেনে ওজন, ৰঙালাওবিধ অৰ্গেনিক নে আন কিবা, কি জাতৰ, দাম আদি তথ্য এই মাধ্যমেৰে সমগ্ৰ ভাৰতৰ ক্ৰেতাসকলৰ বাবে মুকলি কৰি দি দিলে৷ সেই সময়তে ধৰি লওক গুজৰাটৰ ক্ৰেতা এজনে চাই মেলি সেই ৰঙালাওখিনি কিনিবলৈ খুজিলে৷  এনেকৈয়ে অসমৰ কৃষকজনৰ উৎপাদিত বস্তুখিনি দেশৰ যিকোনো ক্ৰেতা এজনে কিনি লব পাৰিব৷ লগে লগে বস্তুখিনি ইয়াৰ পৰা পঠিয়াই দিব পৰা হ’ব৷ কিন্তু আমি সেইটো সুবিধা আগতে লব পৰা নাছিলো৷ আগতে অসমত এই কামটো কৰিব পৰা হোৱা নাছিল৷

পিছে আজি কেইদিনমান আগতে অসমত এইবিষয়ত বাধা হিচাপে থকা APMC Actখন গুচাই নতুন Ordinance  এখন কৰা হ’ল৷ Assam Agriculture Produce & Livestock Marketing (Promotion & Facilitation) Ordinance,2020. এইখনৰ ফলত এতিয়া সমগ্ৰ অসমৰ পাইকাৰী বজাৰবোৰ একেলগ কৰি এখন ডাঙৰ বজাৰৰ দৰে কৰা হ’ব৷ উৎপাদিত সামগ্ৰীৰ দাম সকলোতে একেই হ’ব, এটাই মাচুল হ’ব, একেখনেই কমিটি হ’ব৷ এইখনৰ ফলত এতিয়া এজন উৎপাদকে উৎপাদিত সামগ্ৰী যোৰহাটৰ পৰা গুৱাহাটীলৈ আনিও বিক্ৰি কৰিব পৰা হ’ব৷ এই ক্ষেত্ৰত কোনেও কোনেও বাধা দিব নোৱাৰিব৷ এইখিনিৰ পৰাই ৰাজ্যৰ কৃষিখণ্ডৰ এটা ডাঙৰ সংস্কাৰ আৰম্ভ হ’ব বুলি আমি ভাবিছো৷ ইয়াৰ লগতে কৃষিখণ্ডৰ সৈতে জড়িত বনুৱাসকলৰ কথাও ভবা হৈছে আৰু সেইবিষয়ক কামো কৰা হৈছে৷  এইখিনিতে আমি কৃষিৰ উন্নয়নৰ বাবে আৰু এখোজ দিছো বুলি মই ভাবো৷

☆সাহিত্য ডট অৰ্গ: কৰ’ণাৰ পৰৱৰ্তী পৰ্যায়ৰ সমস্যা সমাধানৰ কাৰণে কৃষি, পশুপালন, খাদ্য সংৰক্ষণ, বজাৰ আৰু যোগানৰ এটা যুটীয়া মডেল তৈয়াৰ কৰাৰ কিবা চিন্তা কৰিছে নেকি?

★কুমাৰ সঞ্জয় কৃষ্ণ: আচলতে কবলৈ গলে লকডাউনে আমাক বহু কথাই শিকালে৷ আচলতে আমাৰ উৎপাদিত সামগ্ৰীখিনি কোনে কেনেকৈ আনি বজাৰত বিক্ৰী কৰিছে আমি আগতে একো গুৰুত্ব দিয়া নাছিলো৷ বস্তু আহিছে, বিক্ৰী হৈছে, আমি পাই আছো, এনেদৰেই চলি গৈছিল৷ এই যে মাজৰ বজাৰখন নোহোৱা হৈ গ’ল, মধ্যভোগীখিনি নোহোৱা হৈ গ’ল, এইখিনি সময়তে আমি দেখা পালো যে বহু ক্ষেত্ৰত সংস্কাৰৰ সুযোগ আছে৷ দ্বিতীয় কথাটো হ’ল যে আমাৰ অসমত উৎপাদিত হোৱা বহু বস্তুৱেই আছে৷ অকল এইটো নহয় যে বাহিৰৰ পৰা অহা বস্তুৰেই আমি চলি আছো৷ পিছলৈ এইটোও দেখা গ’ল যে আমাৰ কিছুমান বস্তু ৰাহি হৈও আছে৷ আমি তেতিয়াই ব্যৱস্থা লৈ ৰাহি হৈ থকা কিছুমান বস্তু ৰাজ্যৰ বাহিৰলৈও পঠিওৱা আৰম্ভ কৰিলো৷ আচলতে কথাটো এনে যে ভাৰত চৰকাৰৰ বহু আচনি আছে৷ কিন্তু আমি সেই আচনিসমূহৰ ঠিকমতে সুযোগ লব পৰা নাই৷

এই প্ৰসংগতে কথা এটা কওঁ৷ ভাৰত চৰকাৰৰ ‘গ্ৰামীণ ভাণ্ডাৰা স্কীম’ বুলি আচনি এখন আছে৷  পিপিপি মডেলত প্ৰত্যেক গাঁৱতে একোটাকৈ গুডাম তৈয়াৰ কৰা হ’ব৷ গাওঁখনত যিখিনি সামগ্ৰী উৎপাদন হয় সেইখিনি সকলোৱে আনি তাতেই ৰাখিব৷ ‘কোল্ড ষ্টোৰেজ’ৰো বহু ডাঙৰ ডাঙৰ আচনি আছে৷ কিন্তু আমি এইবোৰ সুবিধা লব পৰা নাই৷ ‘কোল্ড ষ্টোৰেজ’ৰ ক্ষেত্ৰত মোৰ মনত আছে, যে ২০১১-১২ চন মানত মই ভাৰত চৰকাৰৰ পৰা প্লেনিঙৰ ফাণ্ড আনিছিলো৷ মই সেই সময়ত প্লেনিং ডিপাৰ্টমেণ্ট চাইছিলো৷ ২০১২ ৰ পৰা আজি আঠবছৰ হৈ গ’ল, পিছে আজিলৈকে সেইবোৰ প্ৰজেক্ট শেষেই হোৱা নাই৷ কৰবাত structure টো হৈছে, কিন্তু basic বস্তুখিনি হৈ উঠা নাই৷

এইবোৰ কথাত এতিয়া আমি গুৰুত্ব দিব লাগিব৷ এইখিনি সময় গুৰুত্বপূৰ্ণ৷ আমাৰ উৎপাদিত সামগ্ৰীবোৰ উৎপাদনৰ স্থানৰ পৰা পৰা গুদামলৈ বা কোল্ড ষ্টৰেজলৈ আনি তাৰ পৰা আকৌ বজাৰলৈ অনাৰ এই আটাইখিনি প্ৰক্ৰিয়া ঠিক কৰিব লাগিব৷ এইখিনিতে কওঁ যে এতিয়া আমাৰ বহুতে নিজে কিছুমান কথা অনুভৱ কৰিবলৈ লৈছে৷ এতিয়া এইধৰণৰ কামবোৰ যদি আমি কাৰ্য্যকৰী কৰিব পাৰো তেন্তে বৰ ভাল কথা হ’ব৷ মই ভাবো যে আমি এইখিনি কাম কৰিব পাৰিম৷

☆সাহিত্য ডট অৰ্গ: চৰকাৰীভাৱে বা আন প্ৰতিষ্ঠানৰ পৰাও বহুতকে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ কিন্তু নিজ অঞ্চলৰ লোকসকলেই এই যুৱক-যুৱতীসকল যে বিশেষভাৱে প্ৰশিক্ষিত সেইটো গম নাপায়৷ এই প্ৰশিক্ষিত যুৱক-যুৱতীসকলৰ এখন তালিকা অনলাইনযোগে সকলোৱে পোৱাকৈ প্ৰকাশ কৰিলে সাধাৰণ ৰাইজে নিজৰ সৰু-সুৰা কামৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত থলুৱা যুৱক-যুৱতীসকলকে যোগাযোগ কৰিব পাৰিব৷ এক নিৰ্দিষ্ট অঞ্চলত কিমানজন ইলেকট্ৰিচিয়ান আছে বা কৃষিখণ্ডত ব্যৱহাৰ হোৱা সঁজুলি ভাল কৰিব পৰা ব্যক্তি আছে সেইটো চাই লৈ তেখেতসকলক যোগাযোগ কৰাৰ ব্যৱস্থা এটা থাকিলে ভাল হয়৷ এই বিষয়ে আপোনাৰ মতামত কি?

★ কুমাৰ সঞ্জয় কৃষ্ণ: আপোনালোকে এইটো বৰ দৰকাৰী কথা কৈছে৷ ধৰক মোকেই এজন ইলেক্ট্ৰিচিয়ান লাগে৷ তেখেতক বিচাৰি মই আকৌ তিনিজনমানক ক’ব লাগিব৷ কিন্তু মোৰ ঠাইখনত কোন ইলেক্ট্ৰিচিয়ান আছে মই নাজানো৷ এইটো বৰ ভাল বিষয় কলে৷ আমি এইটো কৰিব লাগিব৷ এই তথ্যসমূহ এতিয়ালৈ সহজে পাব পৰাকৈ ডিজিটেলাইজড কৰা হোৱা নাই৷ মই ভাবো যে অহা ছমাহমানৰ ভিতৰতে এইটো কৰিব লাগিব৷ Skill Development ৰ সৈতে এইটো মিলাই কৰিব লাগিব৷ আপোনালোকক ধন্যবাদ কথাটো কোৱাৰ বাবে৷ আমি এনেকুৱা ধৰণৰ কাম কৰিব পাৰিব লাগিব৷

☆ সাহিত্য ডট অৰ্গ: কভিড’১৯ য়ে সৃষ্টি কৰা পৰিবেশৰ বাবে সমাজৰ সকলো স্তৰৰ বাবে সামাজিক আচৰণবিধি বলবৎ কৰাৰ ক্ষেত্ৰত কি কি কৰিবলৈ লোৱা হৈছে৷

★কুমাৰ সঞ্জয় কৃষ্ণ: মাস্ক নিপিন্ধিলে আমি জৰিমনা বিহিবলৈ লৈছো৷ থুৱালেও জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু কথাটো হ’ল যে পশ্চিমীয়া দেশ এখনৰ লগত আমাৰ সৰ্বসাধাৰণৰ মানসিকতাৰ তুলনা নহয়৷ কাৰণটো হ’ল জনসংখ্যাৰ আধিক্য৷ দ্বিতীয়তে Enforcement ৰ কথাটোও আহি পৰে৷ আৰক্ষীয়ে যদি মাস্ক নিপিন্ধাৰ কাৰণে ৰাইজৰ সৈতে ব্যস্ত হৈ পৰিবলগীয়া লগা হয় তেন্তে আইন শৃংখলা বজাই ৰাখিবলৈ আৰক্ষীয়ে কৰা আন কামবোৰত বহু অসুবিধা আহি পৰিব৷ গতিকে ৰাইজৰ মাজত সজাগতা বৃদ্ধি হোৱাতো ডাঙৰ কথা৷ স্বেচ্ছাসেৱী সংগঠনসমূহো এই বিষয়টোত আগুৱাই আহিব লাগিব৷

☆ সাহিত্য ডট অৰ্গ: আপোনাৰ ব্যক্তিগত জীৱনৰো দুই এটা কথা জানিবলৈ ইচ্ছা আছে৷ আমি জনামতে আপোনাৰ মাৰ ফালৰ ককাদেউতাই আপোনাৰ জীৱনত বিশেষ ভাবে প্ৰভাৱ পেলাইছিল৷ প্ৰশাসনিক সেৱাত কৃতকাৰ্যতা লাভ কৰাৰ ক্ষেত্ৰতো তেওঁ আপোনাক উৎসাহ যোগাইছিল৷ এইবিষয়ে আমাক অলপ জনাবনে?

★কুমাৰ সঞ্জয় কৃষ্ণ: মোৰ ককাদেউতাৰ নাম আছিল উপেন বৰা৷ তেওঁ বৃটিছ আমোলৰ আয়কৰ বিভাগৰ বিষয়া আছিল৷ তেখেতে মই প্ৰশাসনিক সেৱাত যোগদান কৰাটোকেই বিচাৰিছিল৷ ১৯৬০ চনৰ শেষৰফালে মই বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছিলো৷ তেতিয়া প্ৰশাসনিক সেৱাৰ বিষয়া হব লাগে বুলি কোনেও একো নকয়৷ পিছে ককাদেউতাই মোক এই সেৱাৰ বিষয়া হবলৈ সদায়েই অনুপ্ৰাণিত কৰিছিল৷ তেওঁ মোক প্ৰায়েই যোৰহাটৰ ডেপুটি কমিছনাৰৰ বাংলোটো দেখুৱায়৷ তাতে থকা যোৰহাটৰ উপায়ুক্তৰ ০০১ নম্বৰ থকা গাড়ীখনো তেওঁ মোক আঙুলিয়াই দেখুৱায়৷ তেতিয়া মোৰ বয়স আঠ/ন বছৰ৷ ময়ো লাহে লাহে ককাই দেখুৱাই দিয়া পথেৰেই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলো৷ মই কোনোদিনাই চিকিৎসক, অভিযন্তা বা আন কিবা হবলৈ বিচৰা নাছিলোঁ৷ ককাদেউতাই কোৱাৰ দৰেই সৰুৰে পৰা মই প্ৰশাসনিক বিষয়া হবলৈ যত্ন কৰিছিলোঁ৷ মই আনকি এবাৰ মেনেজমেণ্ট পঢ়িবলৈ IIM ৰ বাবে CAT পৰীক্ষা দিও সফল হৈছিলো৷ পিছে ককাদেউতাই মোক মেনেজমেণ্ট পঢ়াতো বিচৰা নাছিল৷ অৱশেষত ককাদেউতাই বিচৰামতেই মই ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিলো৷ মই প্ৰশাসনিক বিষয়া হোৱাৰ সময়তো তেওঁ জীয়াই আছিল৷

☆সাহিত্য ডট অৰ্গ: আপুনি ১৯৮৫ চনত মাত্ৰ ২৪ বছৰ বয়সতে ভাৰতীয় অসামৰিক সেৱালৈ নিৰ্বাচিত হৈছিল৷ তাৰ পিছত আপুনি কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান বা কিবা অভিজ্ঞতাৰ বিষয়ে জনাব নেকি?

★কুমাৰ সঞ্জয় কৃষ্ণ: মই ১৯৮৫ ত আইএএছ পাইছিলো আৰু ১৯৮৭ ত মৰিগাঁও জিলাত SDO হিচাপে যোগদান কৰিছিলো৷ সেইসময়ত অসম গণ পৰিষদৰ চৰকাৰ প্ৰথমবাৰলৈ শাসনলৈ আহিছিল৷ সেইসময়ত পৰিবেশ অৱশ্যে বেয়া নাছিল৷ উগ্ৰপন্থী সমস্যাও নাছিল৷ কিন্তু সেইসময়ত সংযোগ ব্যৱস্থাটো বৰ বেয়া আছিল৷ মই SDO হিচাপে মৰিগাঁও জিলাত দুবছৰ আছিলো৷ সেই দুবছৰত গুৱাহাটীলৈকো টেলিফোন কৰিব নোৱাৰাৰ দৰেই আছিল৷ ঘৰৰ সৈতেও সংযোগ বিচ্ছিন্ন প্ৰায় যেন অৱস্থা৷ কিন্তু সেই অসুবিধাখিনিৰ মাজতো মোৰ এটা সুবিধা হৈছিল যে মই তাত স্বাধীনভাৱে সিদ্ধান্ত লবলৈ পাৰিছিলো৷ সেই পশিছ-চাব্বিছ বছৰ বয়সতে কৰ্মক্ষেত্ৰত স্বাধীনভাৱে সিদ্ধান্ত লোৱাৰ পাৰদৰ্শিতাখিনি মই অতি সোনকালেই আৰ্জিবলৈ সক্ষম হৈছিলো৷ সেই সময়ত দিশপুৰৰ নিৰ্দেশলৈ বাট চোৱাৰ প্ৰয়োজনীয়তা মোৰ নাছিল৷

পিছে আজিৰ যুগত সেয়া কল্পনা কৰিব নোৱাৰি৷ এই সময়তো উপায়ুক্তসকলক বা আন বিষয়াসকলক আমি প্ৰতিদিনেই video conferencing জৰিয়তে বা ম’বাইলেৰেই নিৰ্দেশ দি থাকো৷ এইবোৰে তেখেতসকলৰ ওপৰত বহু চাপ সৃষ্টি কৰে৷ এইটো সঠিক বুলি ময়ো নাভাবো৷ এইবোৰ কৰি আমি বিষয়াসকলক নিজাকৈ অভিজ্ঞতা সঞ্চয় কৰাত বাধা দিয়াৰ দৰেহে হৈছে৷

কিন্তু সেই সময়ত এইবোৰ কথা নাছিল৷ মই লোৱা সিদ্ধান্তসমূহ আনে ৰিভিউ কৰিবলৈ চাৰি-পাঁচদিন সময় লাগি গৈছিল৷ সেইখিনি সময়লৈ সিদ্ধান্তসমূহ ইতিমধ্যে কাৰ্য্যকৰী হৈয়েই গৈছিল৷ যদি সেই সিদ্ধান্তৰ ফলত পৰিস্থিতি ধনাত্মক হয় তেন্তে কোনেও প্ৰশ্ন নকৰিছিল, ভুল হলেহে প্ৰশ্ন উত্থাপন হৈছিল৷ 

কিন্তু সংযোগ ব্যৱস্থাৰ ব্যৱধানৰ বাবে মই সেইখিনি সময়তে বহুখিনি অভিজ্ঞতা আৰ্জিলো৷ মৰিগাঁৱত থাকোঁতেই এবাৰ এটা ৰাজহুৱা সমস্যাৰ বাবে মই এটা সিদ্ধান্ত লব লগা হ’ল৷ তেতিয়া তাৰেই স্থানীয় ৰাজনৈতিক ব্যক্তি এজনে মোক কলে যে আপুনি এইটো নকৰিব৷ তেওঁ নিজৰ স্বাৰ্থৰ বাবে মোক সিদ্ধান্ত লোৱাত বাধা দিছিল৷ মই ৰাইজৰ বাবে তথা সমগ্ৰ চাব-ডিভিজনটোৰ স্বাৰ্থত সেই সিদ্ধান্তটো লৈ কাৰ্যকৰী কৰিবলৈ আগবাঢ়িলো৷ তেওঁ মোৰ বিৰুদ্ধে কামত বাধা দিবলৈ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰিবলৈ চালে৷ তেওঁ ফোনেৰে বহু চেষ্টা কৰিও মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিবলৈ সক্ষম নহল৷ সিদিনা শুক্ৰ নে শনিবাৰ আছিল৷ দুদিন ধৰি ফোনেৰে যোগাযোগ কৰিব নোৱাৰি তেওঁ সোমবাৰে ৰাতিপুৱাই গাড়ী লৈ দিশপুৰলৈকো গ’ল৷ পিছে তেতিয়ালৈ সেই সিদ্ধান্তটো ইতিমধ্যে কাৰ্য্যকৰী হৈ গৈছিল৷

☆ সাহিত্য ডট অৰ্গ: অসমৰ পৰা ৰাষ্ট্

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পৱন ৰাজবংশী
1 year ago

বহুত ভাল লাগিল।