ড° দিলীপ কুমাৰ বৰুৱাদেৱৰ সৈতে সাহিত্য ডট অৰ্গৰ এক আছুতীয়া সাক্ষাৎকাৰ

° দিলীপ কুমাৰ বৰুৱা এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা অৰ্থনীতিবিদ তাহানিৰ শ্বিলঙত লৰালি দিন কটোৱা বৰুৱাদেৱে শ্বিলঙৰ ছেইণ্ট এন্থনিজ কলেজৰ পৰা ইণ্টাৰমিডিয়েট ডিগ্ৰী অৰ্জন কৰাৰ পাছত কটন কলেজৰপৰা অৰ্থনীতিত স্নাতক ডিগ্ৰীলাভ কৰে পাছত দিল্লী বিশ্ববিদ্যালয়ৰপৰা মাষ্টাৰছ ডিগ্ৰী লৈ ১৯৬৬ চনত কটন কলেজৰ অৰ্থনীতি বিভাগত যোগদান কৰে ২০০০চনত কটন কলেজৰ অধ্যক্ষ হোৱাৰ পাছত ২০০১ চনত হাফলং কলেজৰ অধ্যক্ষ হিচাপে চাকৰিৰপৰা অৱসৰ লয় বৰুৱাদেৱে শিক্ষকতাৰ উপৰি কেইবাবছৰো এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ জইণ্ট ডাইৰেক্টৰ হিচাপেও সুখ্যাতিৰে কাম-কাজ চলাবলৈ সক্ষম হৈছিল বিশিষ্ট অৰ্থনীতিবিদৰূপে খ্যাত বৰুৱাদেৱৰ পৰা সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা এক সাক্ষাৎকাৰ লোৱা হৈছিলতাৰেই লিখিত ৰূপটো সাহিত্য ডট অৰ্গৰ পাঠকৰ বাবে আগবঢ়োৱা হ’ল:

(সাক্ষাৎকাৰ গ্ৰহণ কৰিছে উপাসনা কৃষ্ণাত্ৰেয় শৰ্মাই)

______________

 

প্ৰস্তাৱনা– সৰ্বপ্ৰথমে ইণ্টাৰনেটৰ মাধ্যমেৰে সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ থকা অসমৰ মানুহৰ মাজত জনপ্ৰিয় হোৱা তথা ইউ জি চিৰ দ্বাৰা মান্যতাপ্ৰাপ্ত মাহেকীয়া অসমীয়া ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা আপোনাক শাৰদীয় ওলগ জনালোঁ। আজি আপোনাৰ কিছু মনৰ কথা আমি পাঠকসকলক জনাবলৈ বিচাৰিম। এই সংখ্যাৰ সাহিত্য আলোচনীখনৰ মূল বিষয়টো হ’ল “অসম-আমাৰ সপোনৰ অসম”। বিষয়টোৰ লগত সংগতি ৰাখি আজি আমাৰ আলোচনাৰ বাবে মূলতঃ ঠিক কৰিছোঁ অসমৰ অৰ্থনীতি আৰু তাৰ বিকাশ।

সাহিত্য ডট অৰ্গ: অসম আৰু অসমৰ অৰ্থনীতিৰ কথা যদি স্বাধীনোত্তৰ কালৰ পৰা মনকৰা যায় এটা কথা বৰ দুখ লগাকৈ চকুত পৰে আৰু সেইটো হ’ল স্বাধীনতাৰ সময়ৰ পৰা আজিৰ দিনটোলৈ আমাৰ অৰ্থনীতিয়ে ঊৰ্ধ্ব গতিৰ ঠাইত অধোগতিহে লাভ কৰিলে। স্বাধীনতাৰ সময়ত অসমৰ জনমূৰি আয় ভাৰতবৰ্ষৰ জনমূৰি আয়তকৈ বেছি আছিল। অথচ এতিয়া, মানে স্বাধীনতাৰ ৬৮টা বছৰৰ পাছত আমাৰ অসমৰ জনমূৰি আয় দেশৰ জনমূৰি আয়তকৈ প্ৰায় ৪০% কম। ছাৰ, এনেকুৱা এটা অৱস্থাৰ বাবে জগৰীয়া কোন বা এইবোৰৰ মূল কাৰণবোৰ কি হ’ব পাৰে বুলি আপুনি ক’ব?

° বৰুৱা: প্ৰথমতে মই সাহিত্য ডট অৰ্গলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ৷ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে আমি এটা কথা মন কৰিব লাগিব যে সেই আগৰ অসমখন আছিল অবিভক্ত অসম৷ সেই অসমখন সময়ে সময়ে খণ্ডিত হৈ আহিছে৷ সেই সময়ৰ যি বিনিয়োগ হৈছিল তাৰ সুফল সেই একেই অসমখনেই পোৱা নাই৷ তথাপি ক’ব লাগিব আমি এইক্ষেত্ৰত যথেষ্ট পিছপৰি আছোঁ৷ স্বাধীনতাৰ সময়ত আমাৰ জনমূৰি আয় সৰ্বভাৰতীয় স্তৰতকৈ ৫০ টকা অধিক আছিল, কিন্তু ২০১৫ চনত আমাৰ জনমূৰি আয় সৰ্বভাৰতীয় স্তৰতকৈ ২৮০০০ টকা কম হৈছে৷ গতিকে ব্যৱধান বাঢ়িছে৷ ইয়াৰ বিভিন্ন কাৰণ আছে৷ বৰ্তমান অসমৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬%ৰ আশে-পাশে আছে৷ এটা সৰ্বভাৰতীয় সমীক্ষাৰ মতে আমি যদি ২০২০ চনৰ ভিতৰত সৰ্বভাৰতীয় স্তৰ পাব লাগে তেন্তে আমাৰ উন্নয়নৰ হাৰ হ’ব লাগে ১১.৮ শতাংশ৷ এতিয়া আমাৰ হাতত আছে মাত্ৰ পাঁচটা বছৰ৷ গতিকে আমি চাগে’ সৰ্বভাৰতীয় পৰ্য্যায় নাপামগৈ৷ এই যে ব্যৱধান বাঢ়ি গৈছে, আমি যদি মন কৰোঁ তেন্তে দেখিবলৈ পাম যে এই ব্যৱধান ১৯৯১ চনৰ পিছত বেছিকৈ বাঢ়ি গৈছে৷ এতিয়া প্ৰশ্ন আহে, ইয়াৰ বাবে দায়ী কোন?

সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰক দায়ী বুলি বহুতেই কয়৷ কিন্তু মই ভাবোঁ ইয়াৰ বাবে অসমৰ থলুৱা আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰৰ অসমৰ সদস্যবোৰ বেছি দায়ী৷ মই কাৰো নাম ধৰি ক’ব বিচৰা নাই৷ অসমৰ কিছু জ্বলন্ত সমস্যা আছে৷ উদাহৰণস্বৰূপে অবৈধ অনুপ্ৰবেশকাৰীৰ সমস্যা৷ এয়া এক জ্বলন্ত সমস্যা৷ কিন্তু এনেকুৱা এটা সমস্যালৈ তেওঁলোক একমত নহয়৷ এয়া সকলোৰে সমস্যা৷ সকলোৱে এই ক্ষেত্ৰত একমত হোৱা উচিত, কিন্তু দুৰ্ভাগ্যজনকভাৱে এয়া হোৱা নাই৷ ফলত হৈছে কি? উন্নয়নৰ নামত খৰছ কৰিবপৰা টকাবোৰ খৰছ হৈ আছে এনেকুৱা সমস্যা কিছুমানৰ লগত, আইন শৃংখলাৰ নামত৷ এনেয়ে আমাৰ পুঁজি কম৷ গতিকে ক’বলৈ গ’লে বহুলাংশে আমি নিজে দায়ী৷ আৰু সমস্যা আছে৷ আন্তঃগাঁঠনিৰ সমস্যা এক ডাঙৰ সমস্যা৷ বানপানী, গড়াখহনীয়া আমাৰ ডাঙৰ সমস্যা৷ কিন্তু এই সমস্যাবোৰে যথাযথ গুৰুত্ব পোৱা নাই৷ আইন-শৃংখলাৰ কথাও ক’ব লাগিব নিশ্চয়৷ যদি আমি বাহ্যিক দৃষ্টিৰে চাবলৈ যাওঁ তেন্তে আমি দেখিবলৈ পাম যে, পৰিস্থিতি আগতকৈ উন্নত হৈছে৷ কিন্তু তাৰ মাজত কিছুমান ঘটনা আছে৷ কিছু বছৰ আগৰ পৰা কিছুমান প্ৰতিষ্ঠানে নামমাত্ৰ কৰ্মচাৰী ইয়াতে ৰাখি বাকী বেছিভাগ কৰ্মচাৰী শিলিগুৰিলৈ লৈ গৈ তাৰ পৰা কাম চলাইছে৷ ফলত শিলিগুৰিত উন্নয়নৰ হাৰবাঢ়ি গৈছে৷ ইয়াৰ পৰা মূলধনবোৰ ওলাই তালৈ গুচি গৈছে৷ আমাৰ আইন শৃংখলাবোৰেই ইয়াৰ বাবে বহুলাংশে দায়ী৷ আৰু এটা কথা, আমাৰ আইন-শৃংখলাৰ নীতি নিয়মবোৰ ঠিকেই আছে৷ সমস্যা আহি পৰিছে ইয়াক বলবৎ কৰাত৷ আইন এখন নতুনকৈ প্ৰণয়ন কৰাত বহুত সমস্যা আছে৷ থকাখিনিকেই বলবৎ কৰিলে আমাৰ সমস্যাবোৰ বহুখিনি কমি যাব৷ অসমৰ দৰে ৰাজ্য এখনত আইন শৃংখলাৰ খুবেই দৰকাৰ৷ একেই সমস্যা মূল্যবৃদ্ধিৰ ক্ষেত্ৰত৷ মূল্যবৃদ্ধি বিষয়ত আইন ঠিকেই আছে, ইয়াক বলবৎ কৰোঁতা নাই৷ সোপাঢিলা নীতি কিছুমানেৰে বহুত কিবাকিবি আশা কৰিব নোৱাৰি৷ ফলত ভুগিছে আমাৰ সাধাৰণ ৰাইজে৷ আৰু এটা বিষয় উনুকিয়াব বিচাৰিছোঁ৷ আমাৰ মাজত কৰ্মসংস্কৃতিৰ অভাৱ৷ এইটো বৰ ডাঙৰকথা৷ আমাৰ দা-দৰমহাবোৰ ঠিকেই বাঢ়ি আছে, কিন্তু সেই হিচাপত উৎপাদিকা বাঢ়িছেনে নাই? কৰ্মসংস্কৃতিৰ অভাৱে বহু আহুকালৰ সৃষ্টি কৰে৷ পিছলৈ আওপকীয়াকৈ গৈ ই চৰকাৰ আৰু ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি কৰে৷ এইবোৰ আমি নিজে ঠিক কৰিব পৰা সমস্যা, তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থকা উচিত জানো?

সাহিত্য ডট অৰ্গ: আমাৰ অসমৰ অৰ্থনীতি হ’ল কৃষিভিত্তিক। প্ৰায় ৭০% মানুহ কৃষিখণ্ডৰ লগত জড়িত। মুঠ ৰাজহৰ এক তৃতীয়াংশ কৃষি অৰ্থনীতিৰ পৰা আহে। আমাৰ কৃষি উপযোগী মাটিৰ পৰিমাণ হ’ল মুঠ মাটি কালিৰ প্ৰায় ৫০%। ইমান এটা বৃহৎ অৰ্থনৈতিক ভিত্তি থকাৰ পাছতো আমাৰ খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা তথৈবচ। ইয়াৰ কাৰণ কি আৰু তাৰ প্ৰতিকাৰৰ উপায় কেনেধৰণৰ হ’ব পাৰে বুলি আপুনি ভাবে?

° বৰুৱা: সকলোৱে জনা কথা অসমৰ অৰ্থনীতি কৃষিভিত্তিক৷ কৃষিৰ উন্নয়ন আমাৰ ইয়াত যথেষ্ট কম৷ হেক্টৰে প্ৰতি উৎপাদন সৰ্বভাৰতীয় পৰ্য্যায়ৰ লগত তুলনা কৰিলে এক শোচনীয় অৱস্থা দেখিবলৈ পোৱা যায়৷ ইয়াৰ কাৰণ বহুতো আছে৷ জলসিঞ্চন এটা মুখ্য কাৰণ৷ জলসিঞ্চন ব্যৱস্থাৰ যিমানখিনি উন্নতি হ’ব লাগিছিল, সিমান নহ’ল৷ ফলত একতৰপীয়া খেতিৰ ওপৰত আমাৰ কৃষক নিৰ্ভৰশীল হৈ পৰিল৷ একতৰপীয়া মানে বছৰত এবাৰ খেতি কৰি বাকীখিনি সময়ত মাটিখিনি এনেই পৰি থাকিল৷ যদি আমি গোটেই বছৰজুৰি খেতি কৰিবলৈ পাৰিলোঁহেঁতেন, তেন্তে আমাৰ মাটিৰ উচিত ব্যৱহাৰ হ’লহেতেন৷ কৃষকসকল ব্যস্ত থাকিলহেঁতেন৷ ফলত ঋতুজ নিবনুৱাৰ সৃষ্টি নহ’লহেঁতেন৷ উপাৰ্জনো বাঢ়িলহেঁতেন৷ কিন্তু জলসিঞ্চনৰ বাবে আমি আগুৱাব পৰা নাই৷ ইয়াত আকৌ এটা কথা আছে দেই! য’ত এই সুবিধা আছে আৰু চৰকাৰে বিভিন্ন সা-সুবিধা প্ৰদান কৰিছে, সেইবোৰ ঠাইত আকৌ উৎপাদনৰ পিছত বস্তুৰ দাম এনেদৰে কমি যায় যে কৃষকে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা এটা হয়৷ লাভ বাদেই, নিজৰ খৰছখিনি উলিয়াবলৈ অসুবিধা হৈ পৰে৷ এক সংগঠিত বজাৰৰ বৰ দৰকাৰ৷ কথাবোৰ এনেকুৱা হয় যে কৃষকে উৎপাদন কৰা স্থানত বস্তুৰ দাম নাপায়, অথচ তাৰপৰা বিশ মাইল দূৰত সেইবস্তু ভাল দামত বিক্ৰী হৈ আছে৷ উপযুক্ত পৰিবহণ ব্যৱস্থা, শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থা আদিয়ে এই সমস্যাবোৰ বহু পৰিমাণে কমাব পাৰে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি এইবোৰৰ সুবিধা ল’ব পৰা নাই৷ ইয়াৰ অভাৱত আমি উৎপাদিত সামগ্ৰী পেলাই দিবলগীয়া হৈছে৷ আৰু তদুপৰি আমাৰ মধ্যভোগীসকল আছেই নহয়৷ উৎপাদনকাৰীয়ে পোৱা দাম আৰু আমি কিনা দামৰ মাজত এক বৃহৎ তফাৎ আছে৷ আমি দিয়া দামখিনি উৎপাদনকাৰীয়ে পালে তেওঁলোক বহুত ধনী হৈ গ’লহেঁতেন৷ কিন্তু মধ্যভোগীৰ এই শিকলিডাল ইমান দীঘল যে উৎপাদক বা উপভোক্তা, কোনেও সুফল পোৱা নাই৷ যেতিয়ালৈ এক পোনপটীয়া যোগসূত্ৰ স্থাপন নহ’ব তেতিয়ালৈ এই সমস্যাবোৰ চলিয়েই থাকিব৷ আৰু এটা কথা, ওপৰত উল্লেখ কৰা সুবিধাবোৰ নাপালে মধ্যভোগীসকলক আঁতৰাই পোনপটীয়া যোগসূত্ৰ স্থাপন কৰা সম্ভৱ নহ’ব নেকি! আৰু এটা কথা উনুকিয়াব বিচাৰিছোঁ৷ কৃষিখণ্ডৰ প্ৰতি শিক্ষিতচামৰ অনীহা৷ যি সময়ত অন্য ৰাজ্যত শিক্ষিতসকল এই ক্ষেত্ৰত হাতে কামে লাগি গৈছে, আমাৰ যুৱচাম যেন এতিয়াও আগবাঢ়ি অহা নাই৷ কান্ধত নাঙলখন লৈ ওলাই যাব লাগিব, এই ভাৱটো যেন তেওঁলোকৰ মনত৷ কিন্তু খেতি যে বেলেগ ধৰণেও কৰিব পাৰে সেয়া জানিবলৈ হয়তো তেওঁলোকৰ আগ্ৰহ নাই বা হয়তো তেওঁলোকে সঁচাকৈ এই বিকল্পটোৰ বিষয়ে ভাবি চাবলৈ উৎসাহ পোৱা নাই৷ এইক্ষেত্ৰত আমাৰ কৃষি বিশ্ববিদ্যালয়ৰো যেন ক’ৰবাত কিবা কৰণীয় আছে নেকি! তেনেকুৱা ভাৱ এটা হয় দেখোন৷

সাহিত্য ডট অৰ্গ: ঐতিহাসিকভাৱে অসমত কোনো কালেই এক পুঁজিপতি শ্ৰেণীৰ সৃষ্টি নহ’ল, যাৰ ফলত পুঁজিৰ বিকাশ বা এখন বজাৰৰ সৃষ্টি নহ’ল যাৰ ফল আজিও অসমৰ মানুহে ভুগি আছে। এই কথাখিনিক কিদৰে বিশ্লেষণ কৰিব পৰা যায়?

° বৰুৱা: এইটো বৰ ডাঙৰ প্ৰশ্ন৷ ইয়াৰ মাজত বহুত কথা, বহুতো বাদ আদি সোমাই আছে৷ মই মোৰ বিচাৰ-বুদ্ধিৰে যিখিনি ভাবি পাইছোঁ, তাৰপৰা ক’ব পাৰি যে শোষণ, বঞ্চনা আদিৰ আলমত গঢ়ি উঠা পুঁজিপতি আমাক নালাগে৷ নিজৰ কৰ্ম কুশলতা, কঠোৰ পৰিশ্ৰমৰ ফলত হোৱা পুঁজিপতিৰহে আমাক বৰকৈ দৰকাৰ৷ কিন্তু আমাৰ কিছুমান সমস্যাআছে৷ আমাৰ জনমূৰি আয় সীমিত৷ যিহেতু জনমূৰি আয় সীমিত তেনে অৱস্থাত সঞ্চয়ৰ পৰিমাণো সীমিত৷ গতিকেই মূলধনো সীমিত৷ আমাৰ থলুৱা মূলধন গঠন অতিকৈ নিৰাশাজনক৷ এতিয়া যিহেতু আমাৰ থলুৱা মূলধন সীমিত, তেনে অৱস্থাত আমি বাহিৰৰ মূলধনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ বাহিৰৰপৰা মূলধন আহিব হয়; কিন্তু হয়তো আমি বিচৰা ধৰণে বিনিয়োগ নহ’ব৷ বিভিন্ন কাৰক যেনে পৰিবেশ বিনষ্ট কৰা ইত্যাদিত আমি যিমান গুৰুত্ব দিম, হয়তো বাহিৰৰ প্ৰতিষ্ঠান এটাই ইমানকৈ গুৰুত্ব নিদিব৷ মই ভবা কথাহেদেই! আচলতে এই গোটেই কথাবোৰ এটা পাকচক্ৰত সোমাই আছে৷ ইয়াত উন্নয়নৰ হাৰ নিম্ন, কাৰণ নিম্ন উৎপাদন৷ নিম্ন উৎপাদনৰ কাৰণ নিম্ন আয়৷ ইয়াত চাহিদা কম, সঞ্চয় কম৷ গতিকে

মূলধনো কম৷ এইবোৰ সকলো মিলি উন্নয়নৰ হাৰ একেবাৰে নিম্ন কৰি দিয়ে৷ গোটেইবোৰ ইটো সিটোৰ লগত জড়িত৷

সাহিত্য ডট অৰ্গ: ১৯৯১ চনত আৰম্ভ হোৱা মুক্ত অৰ্থনীতিৰ লগে লগে দেখা গ’ল ভাৰতৰ কেইবাখনো ৰাজ্যই ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি অৰ্থনৈতিকভাৱে যথেষ্ট আগবাঢ়ি গ’ল। অথচ ভৌগোলিক অৱস্থানৰ ফালৰ পৰা অসমৰ অৱস্থানে দিয়া সুযোগ সত্ত্বেও মুক্ত অৰ্থনীতিৰ সুবিধা অসমে ল’ব নোৱাৰিলে। এই সুবিধা ল’ব নোৱৰাৰ মূল কাৰণসমূহ কেনেকুৱা হ’ব পাৰে?

° বৰুৱা: ল’ব নোৱাৰিলে বুলি চূড়ান্ত সিদ্ধান্ত এটা একেবাৰতে ল’ব নোৱাৰি৷ এতিয়ালৈকে বোধহয় আমি সুবিধা তেনেকৈ পোৱাই নাই৷ কথাবোৰ তেনেকৈ ভাবিব পাৰি৷ মূল কথাটো হৈছে আন্তঃগাঁঠনিৰ অভাৱ৷ আন্তঃগাঁঠনিৰ অভাৱ হ’লে বিনিয়োগকাৰী স্বদেশীয়েই হওক বা বিদেশীয়েই হওক আহিবলৈ অলপ টান পাব৷ এতিয়া এজন বিনিয়োগকাৰীক ফৰিদাবাদ আৰু গুৱাহাটী অথবা যোৰহাটৰ মাজত বাচি ল’বলৈ দিলে তেওঁ বিনিয়োগৰ বাবে ফৰিদাবাদেই বাচি ল’ব৷ কাৰণ তাত যিটো আন্তঃগাঁঠনি, সেইটো বহুত উন্নত৷ আমাৰ ইয়াত উৎপাদন ব্যয় বেছি হ’ব৷ কিন্তু ইয়াতে এটা কথা জড়িত হৈ আছে৷ যদি উন্নত অঞ্চলবোৰতেই এনেদৰে বিনিয়োগবোৰ হৈ থাকে তেতিয়াহ’লে যি আঞ্চলিক বৈষম্য বুলি আমি কওঁ, এয়া বৃদ্ধি হৈ গৈ থাকিব৷ এইখিনিতে উনুকিয়াব খোজোঁ, ৰাষ্ট্ৰই আৰ্থিক ব্যৱস্থাটো সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিলে কেতবোৰ সমস্যা আহি পৰে৷ কিন্তু ৰাষ্ট্ৰই যদি নিয়ন্ত্ৰণ সম্পূৰ্ণকৈ এৰি দিয়ে তেতিয়াও সমস্যা আহি পৰে৷ মই ক’ব খোজোঁ যদি দেখা যায় যে আঞ্চলিক বৈষম্য বাঢ়ি গৈছে তেন্তে ৰাষ্ট্ৰৰ হস্তক্ষেপ দৰকাৰ৷ এতিয়া সামাজিক খণ্ডৰ কথা কওঁ৷ এইবোৰ ঠাইত লাভৰ পৰিমাণ কম৷ গতিকে ইয়ালৈ ব্যক্তিগত বিনিয়োগকাৰী পটককৈ বিনিয়োগ কৰিবলৈ নাহিব৷ এইক্ষেত্ৰত অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নতিৰ স্বাৰ্থত চৰকাৰ আগুৱাই আহিব লাগিব৷ আৰু এই যে স্পেচিয়েল ইক’নমিক জ’নবোৰ স্থাপন হৈছে, ভাৰতৰ অন্য বহু ঠাইৰ দৰে অসমে ইয়াৰ সুবিধা ল’ব পৰা নাই৷ ইয়াৰ বাবে কিন্তু একেআষাৰে কাকো দোষাৰোপ কৰাটো সমীচিন নহ’ব৷ আমাৰ ভৌগোলিক পৰিবেশটো আমাৰ বাবে এক সমস্যা৷ ভৌগোলিক বৈচিত্ৰ্যৰ বাবেই হওক বা অন্য কাৰণতেই হওক, এতিয়া লাগ বুলিলেই একেলগে এক হেজাৰ হেক্টৰ মাটি উলিয়াই দিয়াটো ইয়াত বৰ এটা সহজ কাম নহয়৷ এইবোৰ কাৰণতেই এটা সময়ত এনেকুৱা কথা এটাও আলোচনা হৈছিল যে উত্তৰ পূৰ্বাঞ্চলকেই কিয় এটা মণ্ডল হিচাপে ধৰি লোৱা নাযায়৷ কিন্তু পিছলৈ তাৰ ওপৰত বিশেষ আলোচনাও নহ’ল আৰু একো সিদ্ধান্তও লোৱা নহ’ল৷ তদুপৰি গড়াখহনীয়া, ভূমিকম্প এইবোৰো একো একোটা কাৰক৷ গতিকে থুলমূলকৈ ক’লে উন্নয়ন নোহোৱাটো সঁচা, কিন্তু তাৰে নিশ্চয়কৈ কিছুমান কাৰকো আছে৷

সাহিত্য ডট অৰ্গ: ভাৰতবৰ্ষত বৰ্তমান চৰ্চিত অন্যতম বিষয়টো হৈছে “Make in India”। এই ‘মেক ইন ইণ্ডিয়া’ৰ সুযোগ অসমে কেনেধৰণে লোৱা উচিত। কোন কোন ক্ষেত্ৰত আমি জোৰ দিয়া উচিত যাতে এই ধাৰণাটোৰ সম্পূৰ্ণ সুযোগ ল’ব পৰা যায়।

° বৰুৱা: এই যে ভাৰততে নিৰ্মাণ হ’ব লাগে, বৰ্তমান ইয়াৰ লগত প্ৰধানকৈ জড়িত হৈ আছে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰ৷ গতিকে সেইটোৰ পৰা অসমে যদি কিবা সুফল লাভ কৰিব লাগে তেন্তে পোনপটীয়া কথাটো হ’ল এইটো, যে এই দক্ষতা বৃদ্ধিৰ ওপৰত আমি গুৰুত্ব দিব লাগে৷ আমাৰ শিক্ষানুষ্ঠানবোৰৰ পৰা প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰী ওলাই থাকিব আৰু নিবনুৱা হৈ থাকিব, এয়া কোনো কথা নহয়৷ আজিৰ পৰা কিছু বছৰ আগৰ কথা, গুৱাহাটীৰ এটা ব্যক্তিগত টিভি চেনেলে ক’লে যে তেওঁলোকক আঠজন কেমেৰামেন লাগে, থলুৱা৷ কিন্তু তেওঁলোকে পালে মাত্ৰ চাৰিজন৷ অথচ শিক্ষিত নিবনুৱা ভৰি পৰি আছে৷ এই যে কৰবাত এটা অমিল হৈছে, শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ, শিক্ষিতৰ সংখ্যা বাঢ়িছে, কিন্তু নিবনুৱাৰ সংখ্যাও বাঢ়ি গৈছে, ই দক্ষতা বৃদ্ধিৰ লগত জড়িত৷ যদি আমি দক্ষতা বৃদ্ধিত গুৰুত্ব দিব নোৱাৰোঁ তেন্তে এই ‘মেক ইন ইণ্ডিয়া’ৰ সুবিধা আমি কিমানখিনি ল’ব পাৰিম সন্দেহ আছে৷ কিন্তু আমি যদি ইয়াত হাত দিওঁ তেন্তে কোনবোৰ উদ্যোগ লাভান্বিত হ’ব পাৰে? কেতবোৰ উদ্যোগ যেনে: চাহ উদ্যোগ আছেই; পৰ্য্যটন, খাদ্য প্ৰস্তুতকৰণ, বস্ত্ৰ শিল্প, বাঁহ-বেত, উদ্যান শস্য, ফুলৰ খেতি, কাঁহ-পিতল আৰু বহুতো তেনে উদ্যোগ আছে৷ আমি সেইবোৰত অলপ নতুন চিন্তা-চৰ্চা কৰিবৰ হ’ল৷ যুগ যুগ ধৰি সেইবোৰ একেই ধৰণত চলি আছে৷ এতিয়া সেইবোৰ উদ্যোগত দক্ষতা বৃদ্ধিৰ প্ৰয়োজন, নতুনত্বৰ প্ৰয়োজন৷ এইবোৰ ক্ষেত্ৰত আচলতে বিদ্যালয়, মহাবিদ্যালয় আদিক জড়িত কৰাব লাগে৷ কেন্দ্ৰীয় চৰকাৰৰ এনে কিছুমান সুবিধা আছে৷ সেইবোৰ আমি ল’ব লাগে, নহ’লে বেলেগ কোনোবাই সুবিধাবোৰ লৈ ল’ব৷ গতিকে মোৰ বোধেৰে এইটো এটা গুৰুত্বপূৰ্ণ কথা৷

সাহিত্য ডট অৰ্গ: দেখা গৈছে যে বৰ্তমান প্ৰধানমন্ত্ৰীয়ে ভাৰতত বিনিয়োগৰ বাবে উন্নত ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে৷ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰা অসম তথা উত্তৰ পূৱৰ অৰ্থনীতি প্ৰভাৱান্বিত হ’ব নেকি?

°বৰুৱা: আহ্বান জনাইছে, এয়া ভাল কথা৷ কিন্তু প্ৰথম কথা তেওঁলোক আহিবনে নাহে৷ বিশেষকৈ মই অসমৰ কথা কৈছোঁ দেই৷ আকৌ সেই একেই কথা আহি পৰিল, আন্তঃগাঁঠনি৷ লগতে সুপ্ৰশাসনো খুব জৰুৰী দেই! যিবোৰ ৰাজ্যই সহজে বিনিয়োগ কৰাৰ সুবিধা দিব পাৰে তেওঁলোক তালৈকে গুচি যাব৷ মই ব্যক্তিগতভাৱে বিচাৰোঁ, তেওঁলোক আহক৷ কিন্তু তেওঁলোকে এনে উদ্যোগত হাত নিদিয়ক যিয়ে, পৰিবেশটো দূষিত কৰে৷ ইতিমধ্যে বহুতখিনি দূষিত হৈছে৷ সেইটো যাতে আৰু বাঢ়ি নাযায়৷ তাৰ প্ৰতি আমি মন-কাণ দিয়াটো ভাল৷ গতিকে এইক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ থাকিব লাগিব৷ কি ধৰণৰ উদ্যোগ হ’ব, ক’ত স্থাপন হ’ব, ওচৰে পাজৰে বসতি কেনেকুৱা, উদ্যোগে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব পাৰে নেকি সেইবোৰ কথা বিনিয়োগকাৰীসকলে মন কৰি আহিলে যথেষ্ট ভাল হ’ব৷ নহ’লে মইতো ক’ম, লাগিলে উন্নয়নৰ হাৰ অলপ মন্থৰেই হওঁক৷ কিন্তু পৰিবেশটো দূষিত হ’ব নালাগে৷

সাহিত্য ডট অৰ্গ: ইতিমধ্যে অসমৰ কেইখনমান নগৰ স্মাৰ্ট চিটিলৈ উন্নীত কৰিব বুলি খবৰ ওলাইছে৷ এই পৰিৱৰ্তনে অসমৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰিব বুলি আপুনি ভাবেনে?

°বৰুৱা: ধাৰণা হিচাপে এয়া বেয়া নহয়৷ কিন্তু অসমৰ ক্ষেত্ৰত মই তিনিটামান কথা ক’ব খুজিছোঁ৷ এই যে স্মাৰ্ট চিটিৰ কথা কোৱা হৈছে, স্মাৰ্ট চিটিৰ লগত ওচৰৰ অঞ্চলবোৰৰ উন্নতি হৈছে নে নাই৷ কেৱল সেই নিৰ্দিষ্ট চহৰখনৰ উন্নতি হৈছে নে ওচৰে-পাজৰে থকা ঠাইবোৰৰ উন্নতি হৈছে, সেই বিষয়ে আমি জনাটো জৰুৰী৷ যদি কেৱল স্মাৰ্ট চিটিখনৰহে উন্নতি হয় তেন্তে ই দেখোন এটা অকলশৰীয়া দ্বীপৰ দৰে হৈ পৰিব৷ চাৰিওফালে দৰিদ্ৰতাৰ মহাসাগৰ, মাজত আছে এটা প্ৰাচুৰ্য্যৰ দ্বীপ৷ সেইটো হোৱা উচিত নহয়৷ দ্বিতীয়তে, এই নগৰবোৰত যেন সা-সুবিধাৰ একত্ৰিকৰণটো নহয়৷ এইটো যাতে নহয়, তাৰ প্ৰতি চকু দিয়া দৰকাৰ৷ নহ’লে তেনে অঞ্চললৈ প্ৰবজন আৰম্ভ হ’ব আৰু ই অপকাৰ হে কৰিব৷ তৃতীয়তে স্মাৰ্ট চিটি হওঁক, নগৰীকৰণ হওঁক; হ’ব লাগে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাৰ ফলত আমাৰ থলুৱা ৰাইজে নিজৰ ভেটিৰ মাটি বিক্ৰি কৰি দিব৷ অসমত এতিয়া কিছুমান ঠাইত নগৰীকৰণ হৈছে, য’ত থলুৱা মানুহে নিজৰ মাটি-বাৰী বিক্ৰী কৰি দিছে৷ টকা কিছু পাইছে, কিছুদিনৰ মূৰত সেইখিনি শেষ হৈ যাব৷ যেতিয়া আমি নিজৰ মাটি হেৰুৱাম, তেতিয়া এটা সময়ত গৈ আমি নিজৰ সংস্কৃতিও হেৰুৱাম, ভাষাও হেৰুৱাম৷ গতিকে এই স্মাৰ্ট চিটি, নগৰীকৰণ আদি বিছাৰোঁ, কিন্তু নিয়ন্ত্ৰণটো আমাৰ নিজৰ হাতত ৰাখি৷ পশ্চিমবঙ্গতো নগৰীকৰণ হৈছে৷ কোলকাতাখন বাদ দি বাকী সকলোতে কিন্তু তেওঁলোকৰ নিয়ন্ত্ৰণ আছে৷ আমাৰ ক্ষেত্ৰত কিন্তু নিয়ন্ত্ৰণটো অলপ শিথিল হোৱা যেন মোৰ ভাৱ হয়৷ আৰু অৰ্থনীতিটো বাদ দি, অৰ্থনৈতিক আধাৰটো বাদ দি সাহিত্যচৰ্চা বৰ তাত্বিক হ’ব৷ দেশ এখনৰ সাহিত্য, সংস্কৃতি দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত৷ গতিকে সাহিত্য সভাই এই বিষয়ে অলপ মন কৰা ভাল৷ পলমেই হৈছে আচলতে৷ আবেগ বাদ দি অলপ তত্বগধুৰ চিন্তা কৰা বৰ দৰকাৰ৷

সাহিত্য ডট অৰ্গ: বৰ্তমান অসমৰ উদ্যোগ নীতিৰ ওপৰত আপোনাৰ মতামত কি? অসমত পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপত কি কি খণ্ডত পুঁজিৰ বিনিয়োগ হ’ব পাৰে বা হোৱা উচিত?

° বৰুৱা: ঔদ্যোগিক নীতি এটা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক নীতিও আছে। কিন্তু নীতি থকাটো এটা কথা আৰু উদ্যোগ জগতত আমাৰ যুৱক-যুৱতী নামি যোৱাটো আন এটা কথা। কেতিয়াবা এনেকুৱাও হৈছেগৈ যে কিবা এটা উৎসাহত নামি গৈছে আৰু কিছুদিনৰ পিছত সেইটো বন্ধ হৈ আছে। অসমত ৰুগ্ন উদ্যোগৰ সংখ্যা বহুত বেছি। গতিকে উদ্যোগ এটা খোলাৰ আগতে তাৰ বজাৰ কেনেকুৱা এইবিলাক চাই ল’ব লাগে। তাৰ আগত এটা কথা এই যে আমাৰ ঔদ্যোগিক ক্ষেত্ৰ মানে ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট যেনে, আমাৰ বামুণীমৈদামত আছে বা আন আন ঠাইতো আছে, সেইবিলাকৰ মূল উদ্দেশ্য কি আছিল? মূললক্ষ্যটো আছিল তাত প্ৰথমতে আৰম্ভণি হ’ব, যেনে আমাৰ কঠীয়া পৰাৰ নিচিনা কথা। মূল লক্ষ্যটো আছিল, তাত প্ৰথমতে আৰম্ভ কৰিব আৰু যেতিয়া অকণমান গা কৰিব তেতিয়া তাৰ পৰা ওলাই আহিব আৰু বাহিৰত প্ৰতিযোগিতাত নামি যাব। এতিয়া তাত হৈছে কি— বহুতবোৰ উদ্যোগ তাত আছে কিন্তু ওলাই যোৱা নাই। যেন ওলাই গ’লেই গোটেই সা-সুবিধাৰ পৰা বঞ্চিত হ’ব। তালিকা বহুত আছে এনে উদ্যোগৰ-অসম হাৰ্ডবোৰ্ড, চাইকেল ফেক্টৰী ইত্যাদি। এসময়ত এজনে পাউডাৰ প্ৰস্তুত কৰিব খুজিছিল। কিমান ডাঙৰ ডাঙৰ উদ্যোগপতি আৰু প্ৰতিষ্ঠানে সেয়া উৎপাদন কৰি আছে তেনেস্থলত প্ৰথম প্ৰজন্মৰ একোজন উদ্যোগপতিয়ে তাত বজাৰ ল’ব পাৰিব নে? তেখেতে ভালকৈ অধ্যয়ন কৰি লোৱা নাই কথাটো। তাৰ পিছত কাৰোবাৰ পৰা ঋণ পাব লাগিব কিয়নো নিজৰ মূলধন বৰ কম। ঋণ দিয়া অনুষ্ঠানো আছে কিন্তু সেই অনুষ্ঠানৰ বিপদ হৈছে কাৰণ সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰে যেতিয়া উদ্যোগটো ৰুগ্ন হৈ যাব। ইয়াৰদ্বাৰা বেংকৰ অৱস্থা বেয়া হ’ব, ঔদ্যোগিক নিগমৰ অৱস্থা বেয়া হ’ব। গতিকে কথাটো নিৰ্ভৰ কৰে যিজনে উদ্যোগ স্থাপন কৰিব খোজে তেওঁৰ একাগ্ৰতা, কষ্টসহিষ্ণুতাৰ ওপৰত। ৰাতিটোৰ ভিতৰতে ধনী হৈ যাব নোৱাৰে, সেই কথাটো চাব লাগিব। এনে নহয় যে আমাৰ এনেকুৱা মানুহ নাছিলেই। আগতে আছিল নহয় এতিয়াও আছে আৰু আহিব ধৰিছে। আমি হয়তো তেওঁলোকৰ নাম নাজানো। আগৰ কিছুমান নাম আমি জানো যেনে ভোলানাথ বৰুৱা। আৰু এজন আছিল নন্দেশ্বৰ বৰা। এখেতে ৮৩ বছৰ বয়সত শেষৰ কামটো কৰি থৈ গৈছে গুৱাহাটীৰ গণেশগুৰিস্থিত অম্বৰীশ হোটেল। নগাঁৱৰ অদিতি চিনেমা, কাঠৰ মিল আদি। আন এজন ৰাধা গোবিন্দ বৰুৱা। এওঁলোকৰ জীৱন-কীৰ্তি জানিব লাগে নতুন যুৱক-যুৱতীসকলে। এনেদৰে উৎসাহিত হ’ব লাগে। এওঁলোকে যদি পাৰে আমিও পাৰিম, এই ভাবটো মনলৈ আহিব লাগে। এতিয়া কিন্তু ওলাইছে কিছুসংখ্যক। হোটেল ব্যৱসায়ত ওলাইছে বহুত কেইজন। গতিকে পাৰিব। আন্তঃগাঁথনিৰ উন্নয়নটো কিন্তু মূলকথা।

সাহিত্য ডট অৰ্গ: আপোনাৰ মতে অসমে পৰৱৰ্তী দিনত ল’বলগীয়া তিনিটা প্ৰধানপদক্ষেপ কি কি?

° বৰুৱা: প্ৰথম কথাটো মই ভাবোঁ, এই যে উগ্ৰজাতীয়তাবাদ সেয়া পৰিহাৰ কৰি অসমত যিমানবোৰ সৰু-বৰ জনগোষ্ঠী আছে, সেই জনগোষ্ঠীৰ বিশ্বাস আদায় কৰি লোৱা। তেওঁলোকৰ লগত একেলগে বহি, একেটা কণ্ঠস্বৰত যেন কথাবোৰ ক’ব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ যাতে সৃষ্টি হয়। দ্বিতীয় কথা এই যে বিদেশী প্ৰব্ৰজনৰ সমস্যাটোৰ সমাধান যিমান সোনকালে পৰা যায় উলিয়াব লাগে, এইটো বহুত দিন চোঁচৰাই থকা হৈছে। আৰু তৃতীয়তে, এই বাজেট প্ৰস্তুত কৰাৰ প্ৰণালীটো সলনি কৰিব লাগে। তাৰ বাবে এটা উপায় আছে, ‘শূন্যভিত্তি বাজেট’ বুলি আছে। এইটো অন্ততঃ প্ৰথমতে পৰীক্ষামূলকভাৱে হ’লেও কেইটামান দপ্তৰত কৰকচোন। সেইটোৱে হয়তো আৱণ্টিত ধনৰ সদব্যৱহাৰটো কিছুদূৰ নিশ্চিত কৰিব পাৰে।

সাহিত্য ডট অৰ্গ: অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ অৰ্থনীতিৰ পাঠ্যক্ৰম আৰু দিল্লী স্কুল অৱ ইকনমিক্স আদিৰ দৰে নামী অনুষ্ঠানৰ পাঠ্যক্ৰমৰ মাজত কিবা পাৰ্থক্য আছে নেকি?

° বৰুৱা: আছে। কিন্তু দিল্লী স্কুল অৱ ইকনমিক্স বুলি ক’লে সেয়া স্নাতকোত্তৰ পাঠ্যক্ৰম। আমি যিটো প্ৰভেদ দেখিছোঁ সেইটো একেবাৰে স্নাতক পৰ্য্যায়ৰ পৰাই দেখিছোঁ। স্নাতকে নহয় উচ্চতৰ মাধ্যমিকৰ পৰাই দেখিছোঁ; উচ্চতৰ মাধ্যমিকত যদিওবা প্ৰভেদটো এতিয়া অকণমান কমিছে। কিন্তু প্ৰশ্ন কাকতখনৰ নম্বৰ দিয়া বিষয়টো একে পৰ্য্যায়লৈ আহিলে ভাল হয়। স্নাতক পৰ্য্যায়ত পাৰ্থক্য এতিয়াও আছে যদিও কোনো বিষয়ত ব্যৱধানটো কমিবলৈ আৰম্ভ কৰিছে। একে সময়তে তাক সেই পৰ্য্যায়লৈ নিব নোৱাৰি। পৰ্য্যায়ক্ৰমে নিব লাগিব। সেই পৰ্য্যায় পোৱা মানে তেওঁলোকো আগবাঢ়ি যাব। গতিকে বেছি পলম হ’বও নালাগিব। সেয়ে অলপ বাস্তৱধৰ্মী হৈ উন্নয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। আৰু এটা ডাঙৰ কথা, পাঠ্যক্ৰমখন যেতিয়া উন্নয়ন কৰা হ’ব তেতিয়া এটা কথা মনত ৰাখিলে ভাল হ’ব যে এই পাঠ্যক্ৰমৰ সৈতে বা সামগ্ৰিকভাৱে শিক্ষানুষ্ঠানৰ সৈতে (সেয়া যি পৰ্য্যায়ৰেই শিক্ষানুষ্ঠান নহওক), তাৰ চাৰিওকাষে থকা সমাজখনৰ মাজত এটা যোগসূত্ৰ স্থাপিত হ’ব লাগে। মানে, যেন শিক্ষাটো নিজৰ পথত একধৰণে গৈছে আৰু সমাজখনৰ সমস্যা নিজৰ পথত একধৰণে পৰি আছে— এই যে যোগাযোগটো নাই, যোগসূত্ৰটো যে বিচ্ছিন্ন হৈ যোৱা অৱস্থা এটাৰ হয়, সেইটো হ’ব নালাগে। এই যোগসূত্ৰটো আনিবলৈ চেষ্টা কৰিব লাগে। অৰ্থনীতিৰ পাঠক্ৰম এনেকুৱা হ’ব লাগে, তত্বটো শিকাৰ লগে লগে অন্তত কিছুদূৰলৈ সীমিত পৰ্য্যায়লৈ হ’লেও সেই তত্বটো সেই অঞ্চলত কি ধৰণে প্ৰযোজ্য হৈছে, প্ৰায়োগিক দিশটো লক্ষ্য কৰিলে পাঠ্যক্ৰমখিনিও মনোগ্ৰাহী হ’ব আৰু কামত আহিব। সকলোতে সেয়া নহ’ব কিন্তু যিমান দূৰ পৰা যায় সেয়া কৰিব লাগে। কিন্তু সেয়া অলপ পেছাদাৰী হ’ব লাগিব। এনেই ওপৰা-ওপৰিকৈ কিবা এটা কৰি গ’ল কৰবাত এটা সমীক্ষা চলালে— বছৰৰ মূৰত এদিন এনেকৈ কৰিলে নহ’ব। এনেকুৱা ভুল পশ্চিমবংগত ইতিমধ্যে হৈছে। পশ্চিমবংগত তেওঁলোকে কৰিলে কি, এজন অৰ্থনীতিবিদ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা আহিছিল, তেওঁ কলিকতা বিশ্ববিদ্যালয়লৈ আহিছিল, তাত তেওঁ এনেকুৱা প্ৰশ্ন কাটিলে যে ছাত্ৰ-ছাত্ৰী অবাক। তাত একো প্ৰশ্নত উত্তৰ কৰিব নোৱাৰিলে, হুলস্থূল এটা হৈ গ’ল। পিছত দেখা গ’ল যে সেই প্ৰশ্নকেইটা হুবহু লণ্ডন স্কুল অৱ ইকনমিক্সৰ প্ৰশ্ন। সেয়েহে আমিও ইয়াত পৰ্য্যায়ক্ৰমে যাব লাগিব, ধীৰে-সুস্থিৰে।

সাহিত্য ডট অৰ্গ: মূল্যবৃদ্ধিৰ ওপৰত আপোনাৰ মতামত? ইয়াৰ নিয়ন্ত্ৰণ সম্ভৱ নে? যদি

সম্ভৱ কেনেকৈ? আপুনি কি ভাবে এই সন্দৰ্ভত?

° বৰুৱা: নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। কিদৰে পাৰি? প্ৰথম কথা হৈছে অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী আছে সেইবিলাকৰ উৎপাদন বৃদ্ধি হ’ব লাগিব। আৰু সেই উৎপাদন বৃদ্ধিৰ লগত আমাৰ ৰাজ্যখনৰ কৃষি ব্যৱস্থাও জড়িত হৈ আছে। কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি হ’ব লাগিব। যাতে বাহিৰৰ পৰা অহা আলু, পিঁয়াজৰ ওপৰত আমি নিৰ্ভৰশীল হৈ নাথাকোঁ। বাহিৰৰ পৰা অহা মাছৰ ওপৰত যাতে নিৰ্ভৰ কৰি নাথাকোঁ। আমাৰ ইমান নদী-জান-জুৰি আছে, কিয় নহয়? সেয়ে উৎপাদন বৃদ্ধি কৰিব লাগিব। দ্বিতীয় কথা, উৎপাদন বৃদ্ধি হ’লে নহ’ব তাৰ বিতৰণ ব্যৱস্থাটো ভাল হ’ব লাগিব। উচিত বিতৰণ। তৃতীয়টো কথা হ’ল, আইনৰ প্ৰয়োগ একেবাৰে কঠোৰভাৱে কৰিব পাৰিব লাগিব। অত্যাৱশ্যকীয় সামগ্ৰী আইন এখন আছে। সি কিন্তু বন্দী হৈ আহিছে তাৰ তুলাপাততে। সেইখন কিয় প্ৰয়োগ কৰিব নোৱাৰে? মই জৰুৰীকালীন অৱস্থাৰ সমৰ্থক নহয়দেই! কিন্তু জৰুৰীকালীন অৱস্থাত কি হৈছিল? তেতিয়া মূল্যবৃদ্ধি হোৱা নাছিল কাৰণ আইনৰ কঠোৰ প্ৰয়োগ। “এনেকুৱা কৰিবা এইটো ব্যৱস্থা হ’ব”; আমাৰ ইয়াত কিছুমান ক্ষেত্ৰত গণতন্ত্ৰটো বেছি হৈছে, তাৰ চোকটো বেছি হৈছে। আইন-কানুন আছে, সাধাৰণ মানুহ ৰক্ষা পৰিব কেনেকৈ যদি আইন-কানুনবোৰ প্ৰণয়ন নকৰে ঠিকমতে? এইটো কৰিব লাগে। আৰু এটা কথাআছে। ইয়াত কেৱল অৰ্থনীতি জড়িত হৈ থকা নাই ৰাজনীতিও জড়িত হৈ আছে। চতুৰ্থতে

হ’ল, আমাৰ এই নিৰ্বাচনী সংস্কাৰ সাধন হ’ব লাগে। নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰাৰ ব্যৱস্থাটো অলপ চাব লাগে। বহুত এনেকুৱা প্ৰতিবেদন হৈছে, এইটো কেনেকৈ সংস্কাৰ কৰিব পাৰি কিন্তু ৰূপায়ণ কৰা নাই। ৰূপায়ণ কৰক সেইবোৰ। এইবোৰৰ লগত বহুত ধৰণে মূল্যবৃদ্ধিৰ কথাটো জড়িত হৈ আছে।

সাহিত্য ডট অৰ্গ: অৰ্থনীতি সম্পৰ্কীয় কথা-বতৰা আমি ইয়াতেই সামৰোঁ। পিছৰ প্ৰশ্নটো আমাৰ কুইজৰ লগত জড়িত। আমি সকলোৱে জানোঁ যে অসমত কুইজক জনপ্ৰিয় কৰাত আপোনাৰ অবদান সৰ্বাধিক। আপুনি কুইজৰ প্ৰতি আকৰ্ষিত হ’ল কেনেকৈ? আপোনাৰ ব্যক্তিগত জীৱন আৰু ব্যক্তিগত জীৱনত কুইজৰ প্ৰভাৱ কেনেকুৱা?

° বৰুৱা: অবদান সৰ্বাধিক হয় নে নহয় ক’ব নোৱাৰোঁ। সৰুৰে পৰাই মানে স্কুলীয়া কালৰ পৰা এই সাধাৰণ জ্ঞানৰ প্ৰতি মোৰ এক দুৰ্বলতা। তলৰ শ্ৰেণীত থাকোঁতে মই এনেকুৱাও কিছুমান কাম কৰি দিছিলোঁ— কিছুমান বাতৰি কাটি-কাটি বহীত লগাই থওঁ। ছবি কিছুমানো লগাই থওঁ। তেনেকুৱা কিছুমান অভ্যাস গঢ় লৈ উঠিছিল দুৰ্বলতা থকাৰ কাৰণেই কিজানি। পিছত ভাবিলোঁ এইটো বাটেৰেই আৰু কিছুদূৰ আগবাঢ়ি যাব পৰা হ’ব নেকি!

ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিছে। মই যেতিয়া কৰ্মৰত আছিলোঁ, তেতিয়াও মই চলাই আছিলোঁ। এতিয়াতো আছেই। প্ৰভাৱ এনেকৈ পৰিছে যে সময়ৰ সদব্যৱহাৰ হৈছে। দ্বিতীয়তে, এই যুৱসমাজৰ লগত এক যোগাযোগ মই ৰাখিব পাৰিছোঁ। তাৰ পিছতে এটা বিনোদনৰ আহিলাও হৈছে ই। বৃত্তিগত জীৱনত ই এক পৰিপূৰক হৈছে। মই কিছুমান কথা মোৰ বিষয়টোৰ ক্ষেত্ৰত অধ্যয়ন কৰোঁতে দেখিছিলোঁ তাৰ ওপৰত কিছুমান প্ৰশ্নও হ’ব পাৰে। আৰু সেই প্ৰশ্নবোৰে মোক বৃত্তিটোত সহায় কৰিছে। গতিকে তাৰ পৰা মই লাভান্বিত হৈছোঁ।

সাহিত্য ডট অৰ্গ: কটন থকা সময়ৰ আপোনাৰ এটা ভাল লগা অভিজ্ঞতা আৰু এটা বেয়া লগা অভিজ্ঞতাৰ বিষয়ে জানিব পাৰোঁ নেকি?

° বৰুৱা: প্ৰশ্নটো খুউব ভাল। কিন্তু মোৰ পক্ষে এই প্ৰশ্নটোৰ উত্তৰ দিয়াটো অতি কঠিন। মই এনেকৈ ক’ব খোজোঁ যে কটনত কটোৱা গোটেই সময়খিনি মোৰ কাৰণে এটা অতি মধুৰ সপোন। এটা ভাললগা অভিজ্ঞতা নহয়, গোটেই সময়ছোৱাই মোৰ বাবে ভাললগা অভিজ্ঞতা আৰু আজিও ই মোৰ বাবে প্ৰেৰণাৰ উৎস। এতিয়াও যেতিয়া মোক কটনলৈ কিবা কামত মাতে মই আন কিবা কাম বাদ দি হ’লেও যাওঁ। তালৈ গৈ যেন মই কিবা এটা নতুন শক্তি পাওঁ, এইটো মই সদায় অনুভৱ কৰি আহিছোঁ। আৰু তিতা অভিজ্ঞতা মোৰ দেখোন মনতে নপৰে।

সাহিত্য ডট অৰ্গ: কটন কলেজ বনাম কটন বিশ্ববিদ্যালয়ৰ ভাল-বেয়া দিশটোৰ ওপৰত আপোনাৰ ধাৰণা জানিব পাৰিম নেকি?

° বৰুৱা: মই কিছুদিনৰপৰা এটা চিন্তা কৰি আছোঁ, এটা প্ৰবন্ধ লিখাৰ। প্ৰবন্ধৰ শিতানটোৰ কেইটামান শব্দ মই এজন কবিৰ কবিতাৰ পৰা লৈছোঁ। সেই শব্দকেইটাই মোৰ লিখনীটোৰ যেন ঠিক ভাৱটো প্ৰকাশ কৰিব পাৰিব মই সেই কাৰণেই লৈছোঁ। মইএনেকৈ ভাবিছোঁ যে ‘মূৰত বেণ্ডেজ লৈ এটি সপোন-কটন কলেজ’। এতিয়া এই বেণ্ডেজটো ক’ৰ পৰা আহিল? আঘাতপ্ৰাপ্ত কেনেকৈ হ’ল? কটনৰ যদি ইতিহাসলৈ মন কৰা যায়, বহুত পুৰণি হ’ল। এতিয়া ১১৫ বছৰেই হ’ল। তেতিয়া সেই ইংৰাজ শাসন কালতেই কটন কলেজত স্নাতকোত্তৰ শ্ৰেণী আছিল তিনিটা বিষয়ত-ইংৰাজী, অৰ্থনীতি আৰু উদ্ভিদ বিজ্ঞান। তেতিয়াতো গুৱাহাটী বিশ্ববিদ্যালয় নাই। কলিকতা বিশ্ববিদ্যালয়লৈ যায় আৰু কটনত কিন্তু এই তিনিটা বিষয়ত স্নাতকোত্তৰ শ্ৰেণী আছিল। স্বাধীনোত্তৰ কালত যেতিয়া বিশ্ববিদ্যালয়খন হ’ল শ্ৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments