জীৱনটোৰ নিজাকৈ কোনো অৰ্থ নাই – সমিৰণ বৰুৱাৰ সৈতে অতনু ভট্টাচাৰ্যৰ বাৰ্তালাপ (ইউনিক’ডকৰণ- প্ৰাণজ্যোতি নাথ)

অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী সমিৰণ বৰুৱাই স্বকীয় শৈলীৰে প্ৰায় চাৰি দশকজুৰি অসমৰ চিত্ৰশিল্পৰ জগতখন সমৃদ্ধ কৰি ৰখাৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰতো শিল্পৰসিক সমাজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ছবিৰ উপৰি এক ধৰণৰ শক্তিশালী ভাষাৰে তেওঁ ৰচনা কৰিছে কিছু উৎকৃষ্ট গদ্য– ঘাইকৈ চিত্ৰশিল্প সম্পৰ্কীয় প্ৰবন্ধ। তেওঁৰ এটা উল্লেখযোগ্য বৰঙণি হ’ল প্ৰাচীন অসমীয়া পুথিচিত্ৰৰ আলেখ্যন (documentation)
‘অসম ৰাজ্যিক সংগ্ৰহালয়’ৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা এই শিল্পীগৰাকীয়ে সম্প্ৰতি বাস কৰিবলৈ লৈছে শিল্পীৰ স্বপ্ন ভূমি পেৰিছত। ‘বাৰ্তালাপ’ৰ বাবে এই সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ তেওঁৰ গুৱাহাটীৰ কাহিলিপাৰাৰ বাসভৱনত– ২ আৰু ১০ ফেব্ৰুৱাৰীত। বাৰ্তালাপৰ প্ৰথম দিনটোত অংশগ্ৰহণ কৰিছিল কবি বিপুলজ্যোতি শইকীয়াই।

অতনু ভট্টাচাৰ্যঃ আপোনাৰ সৈতে আজি ছবিৰ কথা পাতিম। ছবিৰ সৈতে কিছু আনুষংগিক বিষয় আলোচনা কৰিবলৈ যত্ন কৰিম। অৱশ্যে এই মুহূৰ্তত তৈলচিত্ৰ, পানী ৰং, ম্যুৰাল, প’ট্ৰেইট আদিৰ কথা পাতিবলৈ মন যোৱা নাই। সংস্কৃতিৰ কথাৰে আৰম্ভ কৰোঁ। এই ধৰক আমি আৰু আমাৰ সংস্কৃতি– আমি ক’ত অৱস্থান কৰিছোঁ—

সমিৰণ বৰুৱাঃ ইংৰাজীত এষাৰ কথা আছে– People get the culture they deserve । আৰু সাধাৰণ মানুহৰ সন্মুখত চানেকি কি আছে– টিভিত যি দেখুৱাব সিয়েই নিৰ্ণয় কৰিব বহু কথা। আমি সৰু হৈ থাকোঁতে মা-দেউতাই কৈছিল ভাল মানুহ হ’ব লাগে। এতিয়া ভাল মানুহ হোৱা কথা কোনে কয়? মাক-দেউতাকেও সন্তানক অৰ্থনৈতিকভাৱে সাৰ্থক মানুহ হোৱাটোহে বিচাৰে। Morality ৰ কথাটো একেবাৰেই নাইকিয়া হৈ গ’ল। অৰ্থনৈতিক দিশত মানুহখিনিৰ উন্নতি হৈছে। গাঁৱত আগতে আছিল খেৰৰ ঘৰ, কেইখনমান চাইকেল। এতিয়া ঘৰে ঘৰে মটৰ বাইক হ’ল। কিন্তু এইবোৰৰ সমানে সমাজৰ সাংস্কৃতিক বিকাশটো নহ’ল। বিকাশ কৰাৰ যিটো system , যিটো structure সেইটো নাই। স্কুলৰ শিক্ষা ব্যৱস্থাতো নাই। ক’তোৱেই নাই।

অতনু ভট্টাচাৰ্যঃ এই degradation টো নব্বৈ দশকৰ আৰম্ভণিৰ সময়ৰ পৰা আহিছে বুলি আপুনি ভাবে? বিশ্বায়নৰ প্ৰভাৱ বুলি আপুনি ভাৱে?

সমিৰণ বৰুৱাঃ আশীৰ দশকৰ পৰা এই moral degradation টো বেছি হ’ল।
মাৰ্ক্সে কৈছিল– অৰ্থনীতিটো base আৰু সংস্কৃতিটো superstructure । কিন্তু মই ভাবোঁ base আৰু superstructure বুলি কথা নাই। দুয়োটাই সমানে গুৰুত্বপূৰ্ণ। এটা cultureএ economyটোক বিভিন্ন পথেৰে লৈ যাব পাৰে আৰু তেনেদৰে economyএও culturalটোক বিভিন্ন পথেৰে লৈ যাব পাৰে। ছোভিয়েট ৰাছিয়াৰ economyটো ভাগি গ’ল কাৰণ দেশখনত cultureটো নষ্ট হৈ গৈছিল। Western cultureৰ যিটো প্ৰভাৱ– sex ইত্যাদি– পশ্চিমীয়া দেশৰ এইবোৰে যুৱ-প্ৰজন্মটোক corrupt কৰিলে। চিনেমা, কিতাপ, আলোচনী–সকলোতে sex টোৱেই যেন মূল বস্তু। যুৱ-প্ৰজন্মক corrupt কৰিবলৈ এই sexটো বিভিন্ন শক্তিয়ে বিভিন্ন ধৰণেৰে প্ৰয়োগ কৰি আছে।ইয়াৰ প্ৰভাৱটোৱেই সমাজখনক গ্ৰাস কৰিছে। বাতৰিকাকত, আলোচনী, টিভি আদিত প্ৰচাৰিত বিজ্ঞাপনত চকলেটৰ পৰা আৰম্ভ কৰি ঘৰৰ বেৰত লগোৱা ৰঙৰ মাৰ্কেটিং লৈকে যৌনতাই এতিয়াও প্ৰাধান্য পাই থকা নাই জানো? ঠিক তেনেদৰেই সমাজবাদী দেশবোৰত নৱপ্ৰজন্মক পশ্চিমীয়া লিবাৰেল সমাজ আৰু ৰাজনৈতিক ব্যৱস্থালৈ আকৰ্ষিত কৰাৰ ক্ষেত্ৰতো এই যৌনতাই মুখ্য ভূমিকা লৈছিল।

মই এইটো প্ৰসঙ্গ কিয় আনিলোঁ! ব্ৰিটিছসকল ভাৰতলৈ অহাৰ আগতে sexটো taboo নাছিল। ইউৰোপত দুশ বছৰো হোৱা নাই, ইউৰোপত তেতিয়া sexটো আছিল পাপ। বিপৰীতে আমাৰ কামসূত্ৰ আছিল। তাত যৌনতাৰ স্বাধীন অস্তিত্বক স্বীকাৰ কৰা হৈছিল। যৌন সম্ভোগক artৰ শাৰীত স্থাপন কৰা হৈছিল। ইয়াত perversionৰ কথা নাই। কিন্তু তেওঁলোকৰ দেশত এইটো অৱদমিত হৈ আছিল। গতিকে যেতিয়া আধুনিকতা আহি গ’ল তেতিয়া তেওঁলোকৰ সেইটো এটা obsession হৈ পৰিল। আৰু সেইবোৰ বস্তু আকৌ তাৰ পৰাই re-cycle হৈ ভাৰতবৰ্ষলৈ আহিল। আমাৰ সংস্কৃতিতো যেন ই এটা অংশ হৈ পৰিল।

অতনু ভট্টাচাৰ্যঃ অৰ্থাৎ চিত্ৰশিল্পৰ জগতখনতো এটা বিশাল পৰিৱৰ্তন হৈছে।

সমিৰণ বৰুৱাঃ এতিয়া পৃথিৱীৰ সকলোতকৈ দামী আৰু নামী– তথাকথিত নামী– এগৰাকী চিত্ৰকৰৰ কথা ক’ব খুজিছোঁ। আমেৰিকাৰ জেফ কুন(Jeff Koons ) । বহু মিলিয়ন ডলাৰত তেওঁৰ চিত্ৰ-ভাস্কৰ্য বিক্ৰী হয়। আমোদজনক কথা, তেওঁ নিজে sculpture তৈয়াৰ নকৰে। তেওঁৰ সহকাৰী আছে– sculpture কৰিবলৈ এশজনমান আছে আৰু পেইণ্টিঙৰ বাবে বোধকৰোঁ পঞ্চাছ-ষাঠিজনমান আছে। ২০১৪ৰ নৱেম্বৰৰ পৰা পেৰিছত তেওঁৰ এখন retrospective প্ৰদৰ্শনী আৰম্ভ হৈছিল। ছমাহ মান চলিছিল। তাত তেওঁ নিজৰ পত্নীৰ সৈতে কৰা যৌন সংগমৰ দৃশ্য photographic realism ৰ দৰে বৃহৎ বৃহৎ আকাৰৰ ছবিৰে প্ৰদৰ্শন কৰিছিল। তুমি চাব পাৰা; মোৰ তাত তেনে কেইখনমান ছবি আছে। শিল্পৰ নামত এতিয়া এইবোৰ চলিছে।

অতনু ভট্টাচাৰ্যঃ আপুনি ক’ব খুজিছে যে এইবোৰত ইতিবাচক কথা একোৱেই নাই।

সমিৰণ বৰুৱাঃ তোমাক আৰু এটা কাহিনী কওঁ। আৰ্টিষ্ট এজনৰ কাহিনী। লণ্ডনৰ এজন লেখক। ঔপন্যাসিক। তেওঁ এটা কাম কৰিলে— লণ্ডনৰ Independent বুলি এখন যে বাতৰিকাকত আছে তাৰ নিউয়ৰ্কত থকা এজন সাংবাদিকৰ সৈতে লগ লাগি এটা পৰিকল্পনা কৰিলে–আৰ্টৰ জগতখনত মানুহ কিমান ‘ধাপ্পাবাজ’ হয় সেইটো উন্মোচন কৰিবলৈ। দীঘলীয়া প্ৰচেষ্টা। তেওঁলোকে এজন ভুৱা নামৰ শিল্পী সৃষ্টি কৰিলে– এজন non-existent artist । ঔপন্যাসিকজনে পেৰিছৰ কিছুমান পুৰণি বস্তু বিক্ৰী কৰা দোকানৰ পৰা পুৰণি ফটো সংগ্ৰহ কৰি , সেইবোৰকে ইফাল-সিফাল কৰি সেই ভুৱা শিল্পীজনৰ জীৱনী লিখি উলিয়াই দিলে। এখন কিতাপেই লিখি পেলালে তেওঁৰ শিল্পীজীৱনৰ বিষয়ে। তাৰ পাছত তেওঁ কৰিলে কি– নিউয়ৰ্কত নে ক’ৰবাত জেফ কুনৰ এটা ষ্টুডিঅ’ আছে–তাত কিতাপখন উন্মোচন কৰিলে। কিতাপখনত লিখা হৈছিল যে এই শিল্পীগৰাকী আমেৰিকান expressionismৰ এগৰাকী বিশেষ প্ৰবক্তা–জেকচন পলকৰ সমসাময়িক।তাৰ পাছত যেনিবা তেওঁ পেৰিছলৈ আহিছিল, পিকাছোক লগ পাইছিল, পিকাছোৰ ছবিবোৰ চাই তেওঁ হেনো হতাশ হৈছিল, কিয়নো পিকাছোৰ তুলনাত তেওঁ যেন একোৱেই কৰিব পৰা নাই, গতিকে আমেৰিকাৰ পৰা উভতি গৈ হাডছন নদীত ফেৰীৰ পৰা জঁপিয়াই তেওঁ আত্মহত্যা কৰিলে। অ’, তাৰ আগতে, আত্মহত্যা কৰাৰ আগতে তেওঁৰ যিমান ছবি আছিল সেইবোৰ তেওঁ হেনো পুৰি পেলালে। কেনেবাকৈ বিচাৰি-খোঁচাৰি পোৱা দুখনমান ছবিহে সেই কিতাপখনত দেখুৱাব পৰা গ’ল। লগে লগে হ’ল কি– নিউয়ৰ্কৰ ডাঙৰ ডাঙৰ শিল্পী, মূধাফুটা চিত্ৰ সমালোচকৰ মাজত আলোড়নৰ সৃষ্টি হ’ল। তাত আকৌ ভুৱা শিল্পীজনক লগ পোৱা মানুহো ওলাল। ইমান ডাঙৰ এজন শিল্পী, তাতে আকৌ তেওঁ মৰি গ’ল–তেওঁৰ বিষয়ে নজনাকৈ থকাটো বৰ লাজৰ কথা হ’ব। অথচ মানুহটো fake, সেই নামৰ কোনো মানুহেই নাই।

নিউয়ৰ্কত উন্মোচন কৰাৰ পিছত তেওঁলোকে কিতাপখন লণ্ডনতো উন্মোচন কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু এইবাৰ সফল নহ’ল। Independent কাকতখনৰ correspondent জনে কথাটো ফাদিল কৰি দিলে।

এইবোৰ কথাই বৰ্তমানৰ চিত্ৰশিল্পৰ জগতখনৰ এটা ভয়ংকৰ দিশ উদঙাই দিয়ে– conceptual আৰ্টৰ নামত, freedom of expressionৰ নামত। সাহিত্য আৰু অন্যান্য সংস্কৃতিতো এইবোৰ হৈছে। এইবোৰক এটা ষড়যন্ত্ৰ বুলিব পাৰি।

অতনু ভট্টাচাৰ্যঃ কাৰ বিৰুদ্ধে ষড়যন্ত্ৰ?

সমিৰণ বৰুৱাঃ ষড়যন্ত্ৰই। ইয়াৰ মূল লক্ষ্য আছিল Marxist idea সমাজৰ পৰা নিৰ্মূল কৰা। মই আৰ্টৰ জগতখনৰ কথা কৈছোঁ দেই। সমগ্ৰ ইউৰোপত আমেৰিকান expressionism টোৰ যিটো ধাৰা সেইটো জাপি দিয়াৰ ষড়যন্ত্ৰ চলিছিল। ইয়াত চি আই এ জড়িত আছিল। এগৰাকী ব্ৰিটিছ মহিলাই (Frances Stoner Saunders) পুৰণা নথি-পত্ৰ ঘাটি এখন কিতাপেই লিখি উলিয়াইছিল– Who paid the Piper? তাত আছিল চি আই এই কেনেকৈ আমেৰিকান expressionismৰ ওপৰত মিলিয়ন ডলাৰ খৰচ কৰিছিল।কোৱা হৈছিল যে communist দেশত শিল্পীৰ স্বাধীনতা নাই।

অতনু ভট্টাচাৰ্যঃ এডৱাৰ্ড ছইড (Edward Said)এ এই গ্ৰন্থখনৰ বিষয়ে লিখা এটা টোকাত কৈছিল যে এইখনৰ যোগেদি investigative historyৰ এটা গুৰুত্বপূৰ্ণ কাম হৈছিল। বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়বোৰৰ অভিলেখৰ ক্ষেত্ৰত এই গ্ৰন্থখন আছিল এটা অতিশয় মূল্যৱান বৰঙণি। দ্বিতীয় বিশ্বযুদ্ধৰ কথা ক’বলৈ গৈ জাপানৰ কথা মনত পৰিল। মোৰ ধাৰণা আছিল যে প্ৰাচ্যৰ দেশবোৰৰ ভিতৰত জাপান নিজৰ কলা আৰু সংস্কৃতি সম্পৰ্কে সচেতন। কিন্তু এতিয়া সেই জাপানো আন যিকোনো এখন দেশৰ দৰেই–

সমিৰণ বৰুৱাঃ জাপানতো। তাতো আমেৰিকাৰ influenceটো বহুত বেছি– সেই দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই। এতিয়াও। তেওঁলোকৰ অৰ্থনীতি বহুত পৰিমাণে আমেৰিকাৰ ওপৰতে নিৰ্ভৰশীল। জাপানৰ যিটো elite শ্ৰেণী সেইটো pro-American। আৰু সেই কাৰণেই জাপানৰ নিচিনা দেশৰ পৰা যিবোৰ বস্তু, যি আৰ্ট expect কৰা যায় সেইবোৰ পোৱা নাযায়। আচল বস্তুটো হ’ল সংস্কৃতি। এখন দেশৰ সংস্কৃতিটো যেতিয়ালৈকে সুস্থ ৰূপত থাকিব তেতিয়ালৈকে সমাজখন ঠিকে থাকিব। সংস্কৃতি মানে মই কৈছোঁ, মানুহৰ সৈতে ব্যৱহাৰ, নৈতিকতা, মিছা নমতা,চুৰ নকৰা আদি।

সাংস্কৃতিক ক্ষেত্ৰত এটা ideal সংস্কৃতি আৰু এটা real সংস্কৃতি– এই দুটাৰ মাজত সংঘাত সদায় আছে। কেনেকুৱা হোৱা উচিত আৰু মানুহখিনি আচলতে কেনেকুৱা– এই দুটাৰ মাজত সংঘাত সদায় আছে। কিন্তু কেনেকুৱা হোৱা উচিত সেই সম্পৰ্কে সমাজৰ এটা standard আছিল। এতিয়া সেইটো নাইকিয়া হৈ গৈছে। বজৰুৱা সংস্কৃতিটোৱেই এতিয়া ideal culture হৈ গৈছে।

অতনু ভট্টাচাৰ্যঃ আপুনি কমিউনিষ্ট দেশ আৰু মাৰ্ক্সীয় আদৰ্শৰ বিৰূদ্ধে আমেৰিকাৰ ষড়যন্ত্ৰৰ কথা কৈছে। কিন্তু ইয়াৰ বিপৰীতে ছোভিয়েট ইউনিয়নত ছ’চিয়েলিষ্ট ৰিয়েলিজমেও গা কৰি উঠিছিল। কমিউনিষ্ট দলে বিমূৰ্ত কলাক নিষিদ্ধ কৰিছিল। ১৯৩৪ চনৰ পৰা ছোভিয়েট কলাক শাসক দলৰ বিজ্ঞাপনতহে ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ মূল লক্ষ্য আছিল বেলেগ।

সমিৰণ বৰুৱাঃ সেইটোও মই সমৰ্থন নকৰোঁ। হয়, তেওঁলোকৰ এই ছ’চিয়েলিষ্ট ৰিয়েলিজমৰ নামত চলা এই কাম-কাজবোৰৰো মই বিৰোধিতা কৰোঁ। কিন্তু, তথাপি কওঁ, এই বেয়াটোতকৈ সেই বেয়াটো বেছি মাৰাত্মক।

অতনু ভট্টাচাৰ্যঃ তথাপি মই বিশ্বাস কৰোঁ ক’ৰবাত নহয় ক’ৰবাত ভাল কাম হৈ আছে। বেয়াৰ মাজতো ক’ৰবাত ইতিবাচক কিবা এটা আছে।

সমিৰণ বৰুৱাঃ ইতিবাচক কামো হৈ আছে। দুই ধৰণৰ কথাই চলি আছে। বেছিভাগেই আধুনিক সমসাময়িক(contemporary) ধাৰাটোত কাম কৰি আছে। আৰু কিছুমানে এক ধৰণৰ conceptual আৰ্টৰ কাম কৰি আছে। দৰ্শকে অৱশ্যে conceptual আৰ্টটো তেনেকৈ গ্ৰহণ কৰা নাই। কাকতত ওলায়, কিন্তু মানুহে ভাল নাপায়। Exhibition বোৰত মানুহৰ আগ্ৰহ নেদেখোঁ। উন্মোচনী অনুষ্ঠানৰ দিনা যাব, ককটেলৰ পাৰ্টীত উপস্থিত থাকিব; কিন্তু তাৰ পিছদিনাৰ পৰা তাত তুমি মানুহ নোপোৱা। এইবোৰ মই নিজেই দেখা কথা।

অতনু ভট্টাচাৰ্যঃ চিত্ৰশিল্পৰ পৃথিৱীখনত আপুনি এটা ভয়ংকৰ আৰু অভাৱনীয় পৰিৱৰ্তনৰ কথা কৈ আছিল। আপুনি বোধকৰোঁ conceptual আৰ্টৰ কথা কৈছিল।

সমিৰণ বৰুৱাঃ মই নিজেও conceptual আৰ্টৰ অনুৰাগী নহওঁ। লণ্ডনৰ এজন বিখ্যাত আৰ্টিষ্ট ডেমিয়েন হিৰ্ষ্ট্ (Damien Hirst)। ইংলেণ্ডৰ সকলোতকৈ দামী আৰ্টিষ্ট। তেওঁ এবাৰ কৰিলে কি– এটা ডাঙৰ shark ফৰ্মেলিনত ডুবাই exhibitionত প্ৰদৰ্শন কৰিলে। এবাৰ মানুহৰ লাওখোলা এটাত হীৰাৰ টুকুৰা গুঁজি গুঁজি প্ৰদৰ্শন কৰিলে। মিলিয়ন ডলাৰত বিক্ৰী হৈছে সেইটো। কোনো কোনোৱে কয় যে তেওঁ নিজেই বেলেগৰ হতুৱাই ক্ৰয় কৰিছে।

অতনু ভট্টাচাৰ্যঃ ভুৱা ক্ৰেতা?
সমিৰণ বৰুৱাঃ হয়, ভুৱা ক্ৰেতা। Fake buyer।

অতনু ভট্টাচাৰ্যঃ আপুনিতো এতিয়া পেৰিছতে থাকিবলৈ লৈছে। এতিয়াৰ ফৰাচী চিত্ৰকৰসকলৰ অভিজ্ঞতাবোৰ কেনেকুৱা?

সমিৰণ বৰুৱাঃ দুবছৰমানৰ আগতে মই সভা এখনলৈ গৈছিলোঁ। পেৰিছত। মই ফৰাছী তেনেকৈ বুজি নাপাওঁ। শ্ৰীমতী (এমিলি আৰাগো বৰুৱা) আছিল লগত। তাত পেৰিছৰ কেইবাজনো বক্ষোজ্যেষ্ঠ শিল্পীয়ে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে কৈছিল। তেওঁলোক আটাইকেইজনেই figurative painter । এগৰাকীয়ে সিদিনা কৈছিল যে ইংৰাজী নাজানিলে সমসাময়িক আৰ্টৰ জগতত প্ৰতিষ্ঠা পোৱা টান কথা। তেওঁলোকে অনুভৱ কৰিছিল যে তেওঁলোক উপেক্ষিত; more or less they were ignored by contemporary society।

অতনু ভট্টাচাৰ্যঃ এই প্ৰতিষ্ঠা আৰু উপেক্ষাৰ নিশ্চয় বজাৰৰ চাহিদাৰ দৃষ্টিভংগীৰে—

সমিৰণ বৰুৱাঃ হয়, বজাৰৰ কথাটো জড়িত হৈ আছে। আৰ্টৰ ডাঙৰ মাৰ্কেটখন ক’ত? নিউয়ৰ্ক।পেৰিছত আৰ্টিষ্টজন বহুত ডাঙৰ হ’লেও এতিয়া কাম নাই। তেওঁলোক নিয়ন্ত্ৰিত হ’ব নিউয়ৰ্কৰ ডাঙৰ ডাঙৰ নিলাম কেন্দ্ৰৰ দ্বাৰা। গতিকে দেখাত কিবাকিবি হৈ থাকিলেও সংস্কৃতিৰ ক্ষেত্ৰখনত ইতিবাচক কথা ক’ব পৰাকৈ বৰ বেছি একো নাই। গোটেই পৃথিৱীতেই। অৱশ্যে honest আৰু sincere কিছুমানে কাম কৰি আছে। তেওঁলোকৰ কথা কোনেও নাজানে। এতিয়া আৰ্টৰ হৈছে মাৰ্কেট। ইয়াক মাৰ্কেট বুলি কয়, not art। এইখন চোৱা( Contemporary Art Market নামৰ ফ্ৰান্সৰ পৰা প্ৰকাশিত আলোচনী এখন দেখুৱাই কয়)– latest trend– আমেৰিকাত ৩৩.৭২%, ইউ কেত ২১.১০% , ফ্ৰান্সত ২.৭৯%। এইটো হৈছে আৰ্টৰ বজাৰত এটা বছৰৰ–২০১৩ চনৰ turn over। চীনদেশতো বজাৰখন ভাল। কিন্তু তেওঁলোকে নিজৰ ছবি কিনে। They deal with their own artists। ইফালে জেফ কুনৰ ছবিৰ হিচাপটো চোৱা– auction turn over– maximum hammer price দুই কোটি ছয়ত্ৰিশ লাখ ত্ৰিছ হাজাৰ ইউৰো। এখন চিত্ৰত। এইটো হৈছে এতিয়াৰ ছবিৰ বজাৰৰ কথা।

লণ্ডনৰ সেই ঔপন্যাসিকজনে– যিজনে সেই ভুৱা শিল্পীজন তৈয়াৰ কৰিছিল তেওঁ আক্ষেপেৰে কৈছিল যে আৰ্টৰ জগতত বিখ্যাত হ’ব লাগিলে এতিয়া দুজনমান connoisseur খুবেই প্ৰয়োজন। এতিয়া মডাৰ্ন আৰ্টত ফাঁকিফুকা দি বহু ওপৰলৈ উধাব পাৰি। কিন্তু উপন্যাস এখনত তেনেকৈ নোৱাৰি। সাগৰৰ হাংগৰ বা মাছ এটা ফৰ্মেলিনত ডুবাই যিকোনো মানুহেই দেখুৱাব পাৰে। তাৰ কাৰণে চিত্ৰশিল্পী হ’ব নালাগে।

আগলৈ….

(লেখকৰ অনুমতি সাপেক্ষে ইউনিক’ডকৰণ কৰি অকবৰ পাঠকলৈ আগবাঢ়োৱা হৈছে।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!