জেতুকীজনীলৈ – ৰাজীৱ ৰাজখোৱা

কঠীয়া পৰা দিনা….

ঘূৰাই ঘূৰাই হাল বাই বোকা কৰা মাটিডৰাত পিতায়ে কেঁকু জেকু কৈ গোৱৰ এভাৰ আনি সিঁচি দিলেহি৷ আয়ে পুৱাৰ পৰাই কৈ আছে

“বোলো হেৰি শুনিছেনে, একেডৰা মাটিতে প্ৰতিবছৰে সিঁচি থকা বাবে কঠীয়াবোৰ নবঢ়া হৈছে৷ পাৰে যদি অলপ কিবা কিবি দি দিয়ক গৈ৷ আমিহে জানো তুলিবলৈ কিমান কষ্ট৷ কঁকালৰ গাঁঠি ঢিলা হৈ যায়গৈ একেবাৰে..৷ ”

পুৱাই আইৰ বেদনাৰ ভাৰখন সহ্য কৰিব নোৱাৰি পিতায়ে বুঢ়া দেহাৰে গোৱৰ দুভাৰমান বোকা ডৰাত মিহলালেগৈ৷
“বোলে কঠীয়া নাবাহিলেও ক’বলৈকে হ’ব দিছিলি নে? অ’ দিছিলোঁ৷ নেবাহিলে কৰিম কি?”

মৈ খন ওলোটাই খোজবোৰ ভালদৰে মাৰি গৰুহাল মাটিডৰাৰ পৰা ওলিয়াই ললোঁ৷ এইবাৰ মৈ খন যুঁৱলীখনৰ পৰা এৰুৱাই ভৰিৰ খোজবোৰ মাৰিবলৈ মই নিজেই মৈখনৰ টকাটোত ধৰি টানিলোঁ৷ ওখ ঠাইকণত মৈ চিলিঙি খনত মাটি অলপ দি দুবাৰমান বেছিকৈ ঘূৰাই মৈ খন বাহিৰলৈ ওলিয়াই দিলোঁ৷
দুদিনৰ আগতে পানীৰ পৰা তুলি থোৱা টুমবোৰ খুলি গাঁজ ওলোৱা কঠীয়াবোৰ বৰডলা এখনৰ ওপৰত কলপাত পাৰি ওলিয়ালোঁ৷ কঠীয়াবোৰ গাঁজমেলি গৰম হৈ ধোঁৱা বলি আছে৷ সৰু খৰাহী এটাত এখৰাহী দুখৰাহী কৈ লৈ লক্ষী, গুৰুলৈ, গৃহস্থ, চৰাই চিৰিকটি সকলোৰে নামত চাৰিওফালে এচাটি এচাটি চতিয়াই সিঁচিবলৈ আৰম্ভ কৰিলোঁ৷
টুমৰ ভিতৰত ওমাল গঁজালি ওলোৱা কঠীয়াবোৰ চুই চুই মনটো কৰবালৈ উৰি গ’ল৷ পাকঘুৰণি খাই খাই বুকুৰ সেই শুকান পুখুৰিটোত বিহলঙনি গজাৰ দৰে কিছুমান অপচিন্তাই মানসপটত দেও দি যাব ধৰিলে৷

কিমান…? কিমান সযঁতনে টুমাই থৈছিলো বাৰু মৰমবোৰ? বুকুৰ ভিতৰত পোখামেলা কুমলীয়া কঠীয়াৰ গঁজালীবোৰ কিয় আধাতে মৰহাই পেলালোঁ? আই পিতাই বাৰু জগৰীয়া নেকি? কিয় মোৰ আলসুৱা কঠীয়াৰ গঁজালিবোৰ পোখাবলৈ সাৰ পানী নিদিলে?
আৰু মই? ?
মই বাৰু কাপুৰুষ নেকি? নহলে কিয় ককায়েকৰ এষাৰ কথাৰ বাবে জেতুকিক আনৰ হাতত এৰি দিলোঁ? তাই সুখী হ’ব, ধনে জনে ৰজনজনাই থকা ঘৰখনত তাই মৰমৰ সাগৰৰ মাজত উটিভাঁহি ফুৰিব…৷
সুখী নে তাই? আছেনে সুখত?
তাইক সুখী কৰিবলৈ এৰি দি ময়ো সুখত আছোনে?
আছোনে সুখত?
সিদিনা তাইক লগ পাওঁতে হাঁহি হাঁহি যে চকুপানীবোৰ বাৰিষাৰ ঢল বোৱাদি বৈ আহিছিল৷ সেয়া সুখৰে আছিল নে? যি বোৰ হাজাৰ বাধা দিও তাই ধৰি ৰাখিব পৰা নাছিল৷ বুকুৰ ভিতৰৰ অবুজ কোলাহলবোৰ কপাহী কাপোৰবোৰ ভিতৰত যেন গগণ ফালিছিল৷ এধানিমান বুকুখন ফালি চিৰি যেন ওলাই আহিব সাগৰৰ চুনামিৰ দৰে৷ সেয়াই সুখ নেকি?
পিতায়ে চৰাই চিৰিকটি নপৰিবলৈ বাহঁৰ খুটি কেইটামান কাটি আনি মাটিডৰাৰ কাষে কাষে পুতি দিলেহি৷ খুটিবোৰৰ আগত বগা কাগজ এটুকুৰা লগাই দিলে৷ খেৰৰ জুমুঠি এটা মানুহটো নিছিনাকৈ সাঁজি মাটিডৰাৰ সোঁমাজত হাতভৰি মেলাই খুটি এটাৰ ওপৰত ঠিয় কৰাই দিলে৷ তথাপি পাৰিব জানো চৰাইবোৰৰ চকুৰ পৰা বচাব?
হয়তো বাচিব, হয়তো পাৰিলোহেঁতেন ময়ো৷ যৌৱনৰ ভালেকেইটা বসন্ত ইমানবোৰ পাহুৱাল ডেকাৰ চকুৰ আগৰ পৰাটো ময়েই সেই খেৰৰ মুৰ্তিটোৰ দৰে জেতুকিক বচাই ৰাখিছিলোঁ৷
তেন্তে …
সযতনে ৰখীয়া হৈ থকা কঠীয়া ডৰাক আনৰ হাতত ৰুবলৈ এৰি দিলো কিয়?
চিহ…..!
নিজকে নিজক আজি ঘৃণা উপজিছে৷ বুকুৰ ভিতৰত আত্মগ্লানিৰ একুৰা জুই দপ্ দপ্ কৈ জ্বলি উঠিছে৷ নিজৰ পৰাজিত অসহায় অৱস্থাটোৰ পৰা এতিয়াই যেন স্বচক্ষুৰ আগৰ পৰা পলাই গুছি যাম নেদেখা মুলুকলৈ…
গাল মুখবোৰত কিবা এটা বগাই ফুৰা যেন লাগিছে৷ চকুকেইটা, কাণখনত গোটেই তেজবোৰ যেন আহি গোটমাৰিছেহি..! চকুকেইটা ক্ৰমে ধূসৰ হৈ আহিল৷ হাতৰ মুঠিৰ পৰা কিমান জোৰেৰে কঠীয়াবোৰ ওলাই গৈছে কবই নোৱাৰিলোঁ৷

-“ঐ চেনাই, ইমান জোৰেৰে কঠীয়াবোৰ যে সিঁচিচ তই তুলিবি নেকি? বোকাত সোমাই যোৱা কঠীয়া বোৰ তুলিবলৈ কিমান কষ্ট হয় নাজান নেকি? ”

কাৰোবাৰ মাতত সম্বিত ঘূৰি আহিল৷ ঘূৰি চাই দেখিলো সেয়া দেখোন জেতুকি৷ শিল পৰা কপৌৰ দৰে তাইৰ মুখখনলৈ চাই থাকিলো৷

“ঐ ইমানকৈ কি চাই আছ’ সোনকালে ঘৰলৈ আহ মই আজি তোৰ পচন্দৰ পচলা আৰু হাঁহৰ মাংস বনাই থৈছোঁ৷ ব’ল ঘৰলৈ যাওঁ”

অলপ আগতে পৰাজিত সৈনিকৰ দৰে নিজৰ অস্তিত্ব বিলীন কৰিব খোজা কলিজাটোৱে যেন জেতুকিৰ মাতত নৱ প্ৰাণহে পালে৷ জেতুকিৰ হাতৰ হাঁহৰ মাংস খাবলৈ মনটো উচপিচ লগালে৷
খৰখেদাকৈ শেষৰ কঠীয়া কেইটা চতিয়াই কোৰ কটাৰী সামৰি ঘৰলৈ বুলি ৰাওনা হলোঁ৷ বুকুত জেতুকিৰ মৌসনা মাতষাৰ, নাকত তাইৰ বোৱাৰী সাঁজৰ খমখমিয়া গোন্ধটো আৰু বুকুত হেঁপাহৰ মাংসৰ এসাঁজ লগত জেতুকিৰ উষ্ণ সানিধ্য…..৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments