সাংবাদিকৰ যোগ্যতা কোনে নিৰূপণ কৰিব ? -(দেৱব্ৰত গগৈ)

সাংবাদিকৰ যোগ্যতা কোনে নিৰূপণ কৰিব ?
-দেৱব্ৰত গগৈ
প্ৰবীণ মহিলা সাংবাদিক সবিতা গোস্বামীৰ আত্মজীৱনীখনত অসম আন্দোলনৰ বিষয়ে যথেষ্ট পঢ়িবলৈ পাইছিলোঁ। গোস্বামী আন্দোলনটোৰ ভৰপক সময়ত বি.বি.চিৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় প্ৰতিনিধি আছিল। সেই সময়ত বি.চি.চিয়ে অসম আন্দোলনৰ বাতৰিবোৰ যথেষ্ট গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছিল আৰু সেইবাবে সাংবাদিক গৰাকীয়েও কষ্ট কৰি গুৰুত্বপূৰ্ণ বাতৰিবোৰ সংগ্ৰহ কৰি লগে লগে প্ৰেৰণ কৰিছিল। আন্দোলনটো চলি থকা সময়ছোৱাত অসম বা ভাৰতৰ কথা বাদেই সমগ্ৰ পৃথিৱীয়েই তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত সিমান উন্নতি লাভ কৰিব পৰা নাছিল আৰু সেই সীমিত সা-সুবিধাৰ মাজতেই সাংবাদিক গৰাকীয়ে যিমান ক্ষীপ্ৰতাৰে বি.চি.চিক খবৰ যোগান দিছিল সিমান ক্ষীপ্ৰতাৰেই বি.বি.চিয়ে আন্দোলনটোৰ খৱৰবোৰ প্ৰচাৰ কৰিছিল। বি.চি.চিয়ে অসমৰ দৰে ভিতৰুৱা অঞ্চল এটাৰ বাতৰি ততালিকে প্ৰচাৰ কৰা দেখি সেই সময়ৰ আৰক্ষী প্ৰশাসনৰো চকু কপালত উঠিছিল আৰু ইয়াৰ বিষয়ে এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই সাংবাদিক গৰাকীক প্ৰশ্ন কৰিছিল। এই সৰ্ম্পকে সাংবাদিক গৰাকীয়ে আত্মজীৱনীখনত এনেদৰে লিখিছে —“ …. সেই সময়ত বি.বি.চিত কি দৰে ঘটনা এটা ঘটাৰ এঘণ্টাৰ ভিতৰতে বাতৰি প্ৰ্চাৰ হয় তাক লৈ নানা গুজব ওলাইছিল …… আৰম্ভণিতে মই বাতৰি পঠাওঁ বুলি কোনেও নাজনিছিল বাবে ময়ো একো কোৱা নাছিলোঁ। ১৯৮৩ৰ নিৰ্বাচনৰ সময়তহে অনেকে, বিশেষকৈ চৰকাৰী পক্ষই এই কথা গম পাইছিল। সেই সময়ৰ ৰাজ্যিক চোৰাংচোৱা বিভাগৰ আই.জি.পি সমৰ দাসে মোক এবাৰ বাতৰি কিদৰে প্ৰেৰণ কৰোঁ সুধিছিল। আপোনাৰ চোৰাংচোৱা বিভাগে এতিয়াও নজনাটো দুখৰ কথা বুলি কঠোৰভাৱে উত্তৰ দিছিলোঁ। পিছত অৱশ্যে কৈছিলোঁ যে অইন সাংবাদিকে যেতিয়া গম পায়, ময়ো তেতিয়াই গম পাওঁ। কিন্ত বাতৰি কাকতত পিছদিনা ওলায় আৰু বি.বি.চিত প্ৰত্যেক আধা ঘণ্টাৰ মূৰে-মূৰে নিউজ বুলেটিন থাকে বাবে আগতে প্ৰকাশ হয়”।
আজি এইখিনি কথা পঢ়ি আমাৰ হয়টো হাঁহি উঠিছে, কাৰণ উন্নত প্ৰযুক্তি বিদ্যাৰ কৃপাত আমি ডাঁৰৰ বাতৰি ডাঁৰে পোৱাৰ সলনি “লাইভ” পাইছোঁ। আমাক খবৰ কোৱাৰ সলনি আজিকালি খবৰ দেখুৱাইহে। কোনোবা এটা খবৰৰ দাম উঠাৰ পাছতহে আমি সেই খবৰটো পাওঁ। দামী খবৰ বনাম সস্তীয়া খবৰৰ প্ৰতিয়োগিতাত তিষ্ঠিব নোৱাৰি বহুসময়ত কিছুমান প্ৰয়োজনীয় খবৰ আমাৰ অলক্ষিতে নোহোৱা হৈ যায়। সাধাৰণ জনতাৰ লাগতিয়াল খবৰে টি.আৰ.পিৰ কৃপা দৃষ্টি নোপোৱাৰ বাবেই অৰ্ন্তধান হ’বলৈ বাধ্য হয়। এনে অনুভৱ হৈছে লাহে লাহে খবৰ, বাতৰি বা সংবাদ এইবোৰো এক প্ৰকাৰ যেন পণ্য লৈ ৰূপান্তৰিত হৈছে ! গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভটোক কোনে লাহে লাহে পণ্য হবলৈ বাধ্য কৰাইছে সেয়াই আজি চিন্তাৰ কাৰণ হৈ পৰিছে।
কুৰি শতিকাৰ শেহৰ দশকটোতে অসমত এখন বৃহৎ বজাৰ বহিছিল। শিক্ষা-গুৰুৰ বজাৰ। পৰিস্থিতি এনেকুৱা পৰ্য্যায় পাইছিলগৈ যে কোনোবা শিক্ষা বিষয়াৰ ঘৰুৱা ভৃত্যইও হেনো মালিকৰ কৃপাত শিক্ষকৰ চাকৰি লাভ কৰিছিল। ৰাজ্যখনত তেতিয়াই পোখা মেলা এই ৰোগটোৱে এটা সময়ত আমাৰ শিক্ষা ব্যৱস্থাটোকেই সম্পূৰ্ণ ৰুগীয়া কৰি পেলাইছিল। সাধাৰণ মানুহে নিজৰ সন্তানৰ ভৱিষ্যৎ এনেধৰণৰ কিছুমান অৰ্ধ-শিক্ষিত শিক্ষকৰ হাতত এৰি দিবলৈ শংকা কৰিয়েই হয়তো ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ধাপলি মেলিছিল। যেন এক প্ৰকাৰৰ মৌন প্ৰতিবাদৰে এই সকল সচেতন অভিভাৱকে চৰকাৰ আৰু চৰকাৰী শিক্ষা-খণ্ডক এক সকীয়নি দিছিল। চৰকাৰী খণ্ডৰ এই দুখ লগা শিক্ষা ব্যৱস্থা কেৱল অসমতে নহয় ভাৰতৰ আন ৰাজ্যতো চলি আছে আৰু সেয়ে হয়তো কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্ধাৰণকাৰীসকলে এই ধৰণৰ বিশৃংখলতাৰে পূৰ্ণ শিক্ষা ব্যৱস্থাটোক অলপ হলেও নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে। শিক্ষা-ব্যৱস্থাটোৰ মূল অংগকেইটাৰ ভিতৰত অন্যতম হৈছে শিক্ষক। ভাল শিক্ষক অবিহনে ছাত্ৰই উপযুক্ত শিক্ষা নাপায়। যিজন শিক্ষকে নিজৰ নামটোত থকা যুক্তাক্ষৰকেইটাকে ভালকৈ লিখিব নোৱাৰে ( এই যুক্তাক্ষৰ লিখিব নজনা শিক্ষক এজনৰ কথা মই অসমৰ এজন প্ৰাক্তন শিক্ষামন্ত্ৰীৰ পৰা নিজে শুনিছিলোঁ )সেইজন শিক্ষকৰ পৰা কেনেধৰণৰ শিক্ষা আমি আশা কৰিব পাৰোঁ বাৰু? এনেধৰণৰ ল’ৰা-ধেমালিবোৰ আঁতৰ কৰিবলৈকে আজি চৰকাৰে শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা পাতিবলৈ বাধ্য হৈছে। অন্ততঃ এশ শতাংশ নহ’লেও নিজৰ যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত হোৱা কেইহাজাৰমান উপযুক্ত শিক্ষক আমি লাভ কৰিব পাৰিছোঁ। যিসকলৰ দ্বাৰা আমি হয়তো চৰকাৰী শিক্ষাখণ্ডটোক পুনৰ এক বিশ্বাসযোগ্য অৱস্থানত দেখা পাবলৈ আশা কৰিব পাৰোঁ।
কেতিয়াবা মনলৈ প্ৰশ্ন আহে আমালৈ দিনে-নিশাই অহৰহ প্ৰেৰণ কৰি থকা বাতৰিবোৰৰ বিশ্বাসযোগ্যতা কিমান বাৰু? সেই বাতৰিবোৰৰ প্ৰেৰকসকল অৰ্থ্যাৎ সেই সাংবাদিকসকলৰেই নিৰ্দিষ্ট এটা বাতৰি প্ৰেৰণ কৰাৰ ক্ষেত্ৰত কিমান বিশ্বাযোগ্যতা আছে? “পঢ়া-শুনা কৰিলো, চাকৰি নাই, ব্যৱসায় কৰিবলৈ টকা নাই, এনেই বেকাৰী খাটি থকাতকৈ ৰিপোৰ্টাৰৰ কামকেই কৰি থাকো” — এনে এক মানসিকতাপূৰ্ণ সংবাদসেৱীৰে আমাৰ সংবাদজগতখন ভৰি আছেনেকি বাৰু? সংবাদসেৱী মানে কেৱল এটা কলম, এখন ডায়েৰী, নতুবা এটা কেমেৰাৰে সৈতে এডাল মাইক্ৰফোন ডাঙি লৈ ফুৰা এজন ব্যক্তিনেকি? নে কোনোবা উৎসৰ পৰা গোটোৱা বাতৰি এটা ভুলে শুদ্ধই লিখি অফিচলৈ ফেক্স কৰাতেই এজন সংবাদিকৰ দায়িত্ব শেষ হৈ যায়?
আজিৰ তাৰিখত অসমৰ সংবাদ জগতখনত প্ৰচাৰ মাধ্যমৰ বিস্ফোৰণ ঘটিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। এক সীমিত পৰিসৰৰ গ্ৰাহকৰ মাজত একাধিক মাধ্যমৰ ভিৰ হোৱাত আপোনা আপুনি এক অসুস্থ প্ৰতিয়োগিতা আৰম্ভ হৈছে। সেয়ে হয়তো একেটা বাতৰিকেই ভিন্ন প্ৰচাৰ মাধ্যমত ভিন্ন ভিন্ন দৃষ্টিকোণেৰে প্ৰচাৰ কৰা হয়। প্ৰতিটো দৃষ্টিকোণতেই থাকে বহুজনৰ লাভালাভৰ অংক। প্ৰচাৰ মাধ্যমৰ মালিকজনৰ পৰা আৰম্ভ কৰি মালিকক পৃষ্ঠপোষকতা কৰা ৰাজনীতিবিদজনলৈকে, সম্পাদকজনৰ পৰা সাংবাদিকজনলৈকে। এডাল অদৃশ্য সুতাৰে বান্ধ খাই থকা এইসকল বাতৰিৰ আঁৰৰ ব্যক্তিসকলৰ ক্ষুদ্ৰ স্বাৰ্থৰ আগত আমাৰ দৰে সাধাৰণ পাঠক আৰু দৰ্শকসকল হৈ পৰোঁ বিভ্ৰান্ত।
যিকোনো মাধ্যমৰ সংখ্যা বঢ়াৰ লগে লগে মাধ্যমত নিয়োজিত কৰ্মীৰো প্ৰয়োজনীয়তা আহি পৰে, সেয়ে আজিৰ তাৰিখত অসমত সংবাদসেৱীৰ চাহিদা বাঢ়িবলৈ লৈছে। সংবাদজগতখনৰ প্ৰতি আগ্ৰহী নৱ-প্ৰজন্মৰ লোকসকলক সংবাদ-সৰ্ম্পকীয় আনুষ্ঠানিক শিক্ষা দিবলৈ বিশ্ববিদ্যালয়কেইখনৰ স্বীকৃতি প্ৰাপ্ত পাঠ্যক্ৰমৰ উপৰিও, আজি তাৰিখত হঠাতে অসমত বহুসংখ্যক ব্যক্তিগতখণ্ডৰ সংবাদ-শিক্ষাৰ প্ৰতিষ্ঠান আৰম্ভ হৈছে। কিন্ত দেখা গৈছে এইবোৰৰ সৰহ সংখ্যকৰেই আঁৰত আছে প্ৰায় সেই একেখিনি ব্যক্তি, যিসকলে প্ৰথমে সোঁৱে-বাৱে অবাধ ধন ঘটি পাছত সমাজত নিজৰ স্থিতি বজাই ৰাখিবলৈ এখন বাতৰি কাকত বা এটা নিউজ চেনেল খুলি লৈছে। তেনেহ’লে একেবোৰ ব্যক্তিৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এই সংবাদ-শিক্ষাৰ প্ৰতিষ্ঠানবোৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হোৱাকৈ এজন প্ৰকৃত সাংবাদিক গঢ়িব পাৰিবনে নে সাংবাদিকৰ নামত নতুন এচাম মেনেজ মাষ্টৰৰ জন্ম দিব? যিসকলৰ মাজৰে কেইজনমানে ৰাজনীতিবিদৰ লেমটৌ হৈ দুভাৰ্গ্যক্ৰমে কেতিয়াবা তিহাৰ জেলটো সোমাবলগীয়া হবগৈ পাৰে!
এখন বাতৰি কাকত বা এটা টি.ভি চেনেল আৰম্ভ কৰিবলৈ বহুসময়ত আৰ্থিক যোগ্যতাই ক্ৰিয়া কৰে, কিন্তু সাংবাদিকৰ ক্ষেত্ৰত যোগ্যতাৰ মাপকাঠি কি হব লাগে? আনুষ্ঠানিক শিক্ষা, অভিজ্ঞতা এইবোৰৰ উপৰিও এক আনুষ্ঠানিক যোগ্যতাও নিৰূপণ হ’ব লাগে বুলি ভাবো। যিহেতু সমাজৰ হিতৰ বাবেই যোগ্য ব্যক্তিৰে সংবাদ জগতখন ভৰি থাকিব লাগে সেয়ে তেওঁলোকৰ বাবে এক বিশেষ অৰ্হতা থকাটো আজিৰ তাৰিখত বাঞ্চনীয় হৈ পৰিছে আৰু এইক্ষেত্ৰত চৰকাৰৰো এক এৰাব নোৱাৰা দায়িত্ব থাকে। সমাজ আৰু দেশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষাখণ্ডৰ বাবে যেনেকৈ চৰকাৰে যোগ্য ব্যক্তিৰ বাছনিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু কিছুমান মাপকাঠি নিৰূপিত কৰি NET/SLET/SET/TET আদিৰ দৰে ব্যৱস্থাৰ প্ৰৰ্ৱতন কৰিছে ঠিক তেনেদৰে সাংবাদিকসকলৰ বাবেও এক যোগ্যতা নিৰূপণৰ মাপকাঠি প্ৰৱৰ্তন কৰাটো খুবেই জৰুৰী হৈ পৰিছে।
এই বিষয়ত কেইজনমান চিনাকী সাংবাদিক বন্ধুৰ লগত আলোচনা কৰোঁতে তেওঁলোকেও ইয়াৰ গুৰুত্বৰ ওপৰত মন্তব্য কৰিছিল আৰু কৈছিল যে যথেষ্ঠ সংখ্যক সাংবাদিকে সাংবাদিকৰ আনুষ্ঠানিক তথা চৰকাৰী যোগ্যতা নিৰূপণ পদ্ধতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰে যদিও এনে ধৰণৰ প্ৰস্তাৱ প্ৰথমে সংবাদজগতৰ বাহিৰৰ পৰাহে অৰ্থাৎ সচেতন পাঠক আৰু দৰ্শকৰ পৰাহে আহিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!