কবিতা, দেউ আৰু প্রাচীৰ পত্রিকা :: ছাত্রাবাসৰ এডোখৰ (৩) :দিগন্ত যাদৱ শৰ্মা

কবিতা, দেউ আৰু প্রাচীৰ পত্রিকা :: ছাত্রাবাসৰ এডোখৰ (৩)

দিগন্ত যাদৱ শৰ্মা

 

 

“বোলো দেউ, কলৈ যায়…”
“দেউ ইমান বেগা-বেগিকে কোনফালে…”
“অ’ দেউ, ডাঙৰবিধে ধৰিলে যেন পাইছোঁ…”
“বোলো দেউ মাটি চুই যাওঁক, মাটি চুই যাওঁক…”

খৰধৰকৈ অসময়ত বিপুল শর্মাক ছাত্রাবাসলৈ যোৱা দেখি আমি সকলোৱে আচৰিত হৈ চিঞৰিবলৈ ধৰিলোঁ। আমি গোটেইকেইটা মানে দহ বাৰজন মানটো হ’মেই। দেউকনৰ দোকানত, কেইজনমান বেঞ্চ খনত বহি আৰু বাকীকেইজন থিয় হৈ আছিলোঁ। এনে সময়ত বিপুল ৰুমলৈ যোৱা বিধৰ নহয় আৰু সি এইমাত্ৰ আহিছিলহে। আমি দুজনমানে বিপুলক ডাঙৰ বিধে ধৰিল যেনহে পাইছিলোঁ।

বিপুলৰ আকৌ ধর্ম-কর্মৰ প্রতি বেছ ৰাপ। আঙুঠি পিন্ধিবলৈও যেন হাতত আঙুলিৰ অভাব। গা-পা ধুই তিতা গামোছাখন পিন্ধি ধূপ এডাল হ’লেওঁ ৰাতিপুৱাৰ ভাগত জ্বলাবই। সেয়ে বিপুলক সকলোৱে ‘দেউ’ নাম দিছে। অতীজৰেপৰা ইমানদিনে একেখন ঘৰৰ নিচিনাকৈ থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰ ভাগ ভাগ হ’বলৈ আগবঢ়াত ধেমালিতে আমাৰ দুজনমানেও ক’লে যে “আমাকো বামুণলেণ্ড লাগিব।” লগে লগে সংগঠন আৰু সচিব প্রধানৰ নাম প্রস্তাব কৰা হৈয়েই গ’ল। মোৰ গাত ব্রাহ্মণৰ ছাপ এটা থকাত মোকো কিবা এটা বিষয় বাব দিলে। সংগঠনটোৰ নামো ঠিক কৰা হ’ল ‘ব্রাহ্মণ ইউনাইটেদ লিবাৰেশ্যন ফ্রন্ট অফ অসম’ চমুকৈ ‘বালফা’। ‘ড্রেচ কোড’ ঠিক হ’ল- পিন্ধনত ধূতি, ওপৰত ৰাম হৰি ওম লিখা থকা চাদৰ। চাদৰৰ তলতে এ.কে. ফর্টি চেভেন জাতীয় অস্ত্ৰ। সচিব প্রধান হ’ব আমাৰ ‘দেউ’ শ্রী যুত বিপুল। যিয়েই নহওঁক এইবোৰ আছিল আমাৰ ছাত্রাবাসৰ ধেমালিৰ নমুনা।

ক্লাচ শেষ কৰি কেতিয়াবাই ৰুম আহি পাইছিলোঁ। অলপ ‘ফ্রেছ’ হৈ আকৌ ওলাই আহিছিলোঁ। বেছি দূৰলৈ যাবলৈ মন নগ’লে ইয়াতে মানে দেউকনৰ দোকানতে আড্ডা দিওঁ। আজিও সেয়ে হ’ল। বিয়লি পাঁচ ছয় বজাৰ ভিতৰত। ক’তনো আৰু সময়ৰ হিচাপ ৰখা হয় তেতিয়া। দেউকনে চাহ বিক্ৰী কৰে, লগত থাকে ‘ক্রিমৰোল’, ‘বন’, ‘বিস্কুট’। মাজে মাজে গজা, সিঙ্গাৰা, ঘুগনী। এইবোৰ সি ঘৰতে তৈয়াৰ কৰি লৈ আহে। বিক্ৰী নোহোৱাকৈ একো বস্তু পৰি নাথাকে, লগে লগে শেষ হৈ যায়। বিপুলো আছিল আমাৰ লগত। দেউকনে চাহৰ বাবে স্টোভ’ত পানী উতলাইছে। আজিৰ স্পেচিয়েল বোলে সিঙ্গাৰা, আহি আছে দেউকনৰ ঘৰৰ পৰা। ওচৰতে ঘৰ, চাহ হোৱা মানে পুতেকে মূৰত তুলি সিঙ্গাৰাৰ টুকুৰিটো লৈ আহি পাবহিয়েই। বিপুল অলপ অন্যমনস্ক হৈ আছে। সি কিবা এটা ভাবি থকা যেন লাগে। চাহ সিঙ্গাৰা সিওঁ খাব, দেউকনক ইতিমধ্যে অর্ডাৰ দি থৈছেই। চাহ খোৱা শেষ হলেওঁ তাক টানি টানিহে লৈ যাব লাগে। আড্ডা মাৰি ভাল পায়। কিন্তু হঠাতে কি হ’ল জানো! তৰানৰা ছিঙি ৰুমলৈহে খোজ ল’লে।

দেউকনেহে ক’লে “মোক দেখোন এইমাত্র কাগজ কলম খুজিছিল, মই নাই বুলি ক’লোঁ”। দেউকনৰ পুতেকে সিঙ্গাৰা লৈ আহিলে। ইতিমধ্যে আমিও চাহ সিঙ্গাৰা খাব লৈছোঁ, দেখিলোঁ পার্থই টানি-টানি বিপুলক আমাৰ ফালে লৈ আহিছে(আনিছে ?)। বিপুলে হাত কোঁচাই পার্থক মাৰিবলৈ লৈছে। পার্থই বাধা দি আছে । প্রথমতে পার্থই হাঁহি আছিল যদিও লাহে লাহে গহীন হৈ পৰিল। আমিও কিছু সময় লক্ষ্য কৰি সঁচাকৈয়ে কিবা ‘চিৰিয়াচ মেটাৰ’ বুলি ভাবিলোঁ। আটাইকেইজনেই সিঁহতৰ ওচৰলৈ আগবাঢ়িলোঁ। সঁচাকৈয়ে কাজিয়া এখন লাগি আছিল । দুয়োটাকে ধমক দি কাজিয়াখন এৰুৱাই দিলোঁ।
“ব’ল হোষ্টেললৈ” -দুয়োটাকে লৈ ছাত্রাবাস পালোঁহি।

“ক’ কি হৈছে তহঁতৰ, লাজ নালাগে এনেকৈ কাজিয়া কৰিবলৈ” আমাৰ মাজৰ এজনে সুধিলে।
বিপুলে নিশ্চুপ হৈ ৰ’ল।
“পার্থ, তয়েই কছোন কিনো এনে ঘটনা হ’ল কাজিয়া কৰিবলৈ” ময়েই সুধিলোঁ।
“তাকেইতো ভাবিছোঁ, কেনেকৈনো কাজিয়াখন লাগিল” পার্থই ক’বলৈ ধৰিলে… “মই হোষ্টেলৰ পৰা তহঁতৰ ফালেই আহি আছিলোঁ, বাটতে তাক দেখি সুধিলোঁ দেউকনৰ দোকানত কিবা স্পেচিয়েল আছে নেকি। সি দেখোন একো নামাতে। আকৌ সুধিলোঁ, সি একো নকয়। মই ভাবিলোঁ ধেমালি কৰিছে বুলি, সেয়ে হাতত ধৰি ক’লোঁ ব’ল ব’ল… চাহ খাই আহোঁ। সি আকৌ মুখৰে একো নকৈ মোৰ পৰা হাতখন এৰুৱাবলৈহে চেষ্টা কৰিলে। একো নোকোৱা দেখি ময়ো কিবা ৰস পাই ধেমালিতে তাক কিবাকিবি ক’বলৈ ল’লোঁ। হঠাতে দেখোন তাৰ খং উঠি আহিল মোৰ ওপৰত।”
অকণমান ৰৈ পার্থই আকৌ ক’লে “তাৰ জীৱনটো বোলে মই শেষ কৰি দিলোঁ, বৰবাদ কৰি দিলোঁ। চিঞৰি চিঞৰি বিপুলে মোৰ লগত এইবোৰ কৈয়ে কাজিয়া কৰি আছিল। মোৰ কাৰণে বোলে ‘পংক্তি’ বোৰ হেৰাই থাকিল তাৰ।”
“মই ইয়াৰ মাথা-মুণ্ড একো বুজি পোৱা নাই। তাৰ পৰা মই একো লোৱাই নাই। ক’তনো তাৰ কি বোলেনে ‘পংক্তি’ বোৰ মোৰ কাৰণে হেৰাই থাকিল। কি ‘পংক্তি’ মই দেখাই নাই। ‘পংক্তি’ মানেনো কি, কোনোবাই কিবা জান’ নেকি। মই হলে নিয়া নাই দেই।” এইবাৰ পার্থই বিপুলৰ ফালে মুখ কৰি কথাখিনি কলে।

কিছু সময় ধৰি বিপুলৰ মুখত মাত বোল নাই। যেতিয়া সি মুখ খুলিলে বেছ কিছুদিনৰ বাবে বিপুল আৰু পার্থৰ কাজিয়াখনে আমাৰ মাজত বৰ ৰগৰৰ সৃষ্টি কৰিছিল। লাজতে বিপুল কেইবাদিনো আমাৰ পৰা পলাই পলাই ফুৰিব ধৰিলে। দেউকনৰ দোকানতো নহা হ’ল।

আমাৰ মহাবিদ্যালয়ৰ এখন প্রাচীৰ পত্রিকা আছে। প্রতিমাহে একোজনক সম্পাদক মনোনীত কৰা হয়। সেইমাহৰ মহাবিদ্যালয়ৰ প্রাচীৰ পত্রিকাৰ সম্পাদক আছিল বিপুলৰ ‘প্রেক্টিকেল’ৰ একে গ্রুপৰে ছন্দামিতা। কেইবাদিনো ধৰি ছন্দামিতাই বিপুলক কবিতা এটা লিখাৰ কথা কৈ আছে। তাৰো ক’বলৈ মন যোৱা নাই যে সি আজিলৈকে কবিতা নালাগে, পাঠ্যক্রমৰ বাহিৰতো এটা শব্দ লিখি পোৱা নাই। কেইবাদিনো ধৰি সি চেষ্টা কৰিছিল কিবা এটা লিখিবলৈ। বেচেৰাৰ মনলৈ যিও দুই এক ‘লাইন’ আহে লিখাৰ পিছতহে গ’ম পায় যে সেইবোৰ সি উচ্চতৰ মাধ্যমিকত পঢ়া নহ’লে স্কুলৰ কোনো এখন পাঠ্যপুথিৰ দুই এটা শাৰী। ছন্দামিতাক বিমুখ কৰিবলৈ মন নগ’ল। তাৰ এটাই চিন্তা কেনেকৈ অন্ততঃ পাঁচ ছয় শাৰীৰ কবিতা এটা লিখিব পৰা যায়।

সেইদিনাখন বোলে হঠাতে দুই এটা শাৰী মনলৈ আহিছিল। পিছলৈ পাহৰি যাব বুলি দেউকনক কাগজ কলমো খুজিছিল। নাই বুলি কোৱাত ছাত্রাবাসলৈ ধাপলি মেলিছিল। পার্থই সকলো গণ্ডগোল লগাই দিছিল । টনাটনিত কবিতাৰ লাইন পাহৰি গৈ পার্থৰ লগত কাজিয়াখন লাগিছিল। পার্থৰ গাত কি দোষ ? সি কিবা জানেনে আমাৰ ‘দেউ’য়ে যে কবি হ’বলৈ প্রথম খোজটো দিবলৈ গৈছিল। বিপুলৰ কবিতা লিখা হ’লনে নাই কব নোৱাৰিলোঁ, কিন্তু সেই মাহৰ প্রাচীৰ পত্রিকাত তাৰ কবিতা প্রকাশ হোৱা নেদেখিলোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক