কাৰবিসকলৰ পৰম্পৰাগত আ-অলংকাৰত এভুমুকি- কাচে টেৰণপী

অসমৰ এটা গুৰুত্বপূৰ্ণ জনজাতি কাৰবি।কাৰবিসকলৰ এটা বৈশিষ্ট্যপূৰ্ণ পৰিচিতি আছে। কাৰবিসকলে নিজ হাতে বৈ লোৱা  পিন্ধা কাপোৰসাজতে কেবল এই বৈশিষ্ট্য পৰিস্ফূট নহয়, কাৰবি ৰূপটো পৰিপূৰ্ণভাবে তুলি ধৰিবলৈ তেঁওলোকে তৈয়াৰ কৰে পৰম্পৰাগত অলংকাৰৰ ভূষণো।
কাৰবিসকলৰ আ-অলংকাৰৰ কথা ক’বলৈ হ’লে তেঁওলোকে মানি চলা কিছুমান ৰীতি-নীতিৰ কথাও ক’ব লাগিব।উদাহৰণস্বৰূপে, কাৰবি মহিলাসকলক সাধাৰণতে সোণৰ গহণা পিন্ধিবলৈ অনুমতি দিয়া নহৈছিল, কেৱল পুৰুষসকলেহে স্বৰ্ণালংকাৰ পৰিধান কৰিব পাৰিছিল।মহিলাসকলে পুৰুষৰ তুলনাত অধিক পৰিমাণে অলংকাৰ পৰিধান কৰে বাবে তেঁওলোকৰ গহণাত যথেষ্ট পৰিমাণে ৰূপ ব্যবহাৰ হয়,যিদৰে অন্যান্য ভাৰতীয় সম্প্ৰদায়ৰ লোকে অলংকাৰত সোণৰ ব্যৱহাৰ কৰে। 

কাৰবি মহিলাসকলে ডিঙিত পিন্ধা এপদ বিশিষ্ট ৰূপৰ গহণা হৈছে লেক।ৰূপৰ মুদ্ৰা আৰু ৰঙচঙীয়া মণিৰে লেক তৈয়াৰ কৰা হয়। লেকবোৰক স্থানীয়ভাবে ছেৰ আলেক পংটিং, লেক পেংখাৰা, লেক বংহম, লেক ৱাইকম, লেক জিঞ্জিৰি আদি বিভিন্ন নামেৰে জনা যায়।
কাৰবি পুৰুষসকলে সোণৰ লেক পৰিধান কৰে। পুৰুষে পৰিধান কৰা লেকৰ পৰম্পৰাগত নাম হৈছে লেকৰোৱে, লেকছ’বাই আৰু লেকমান্দুলি। পৰিতাপৰ কথা যে এই গহনাবোৰৰ বেছিভাগেই আজিকালি পাবলৈ নাই।
আন সম্প্ৰদায়ৰ মহিলাৰ দৰে কাৰবি মহিলাইও ব্ৰেচলেট পিন্ধে,ইয়াক ৰই বুলি কোৱা হয়।ৰইও বিভিন্ন প্ৰকাৰৰ আছে—ৰইপেংখাৰা, ৰই কে-এৰ, ৰইকেলক আদি।


মহিলাসকলে কাণত পিন্ধা গহণাক ন’ থেংপি বুলি কোৱা হয়।ন’ থেংপিবোৰৰো বিভিন্ন প্ৰকাৰ আছে— থেংপি আংৰংকাটেংবাই, আংৰংকাংচিম আদি।কাৰ্বি পুৰুষেও কাণত অলংকাৰ পিন্ধে।পুৰুষে কাণত পিন্ধা সোণ বা ৰূপেৰে তৈয়াৰী অলংকাৰক ন’ৰিক বুলি কোৱা হয়।
কাৰবিসকলে আঙুঠিক আৰনান বুলি কয়। কাৰবিসমাজত সাধাৰণতে প্ৰচলিত কিছুমান আঙুঠিৰ নাম হৈছে আৰনান কে-এত, আৰনান কেলক, ৰূপবন্দা, ছেৰবন্দা, ৱকাপাৰদন আৰনান আদি।কাৰবি পুৰোহিতসকলে কেৱল তামৰ আঙুঠিহে পিন্ধে।
কাৰবি পুৰুষ-মহিলা উভয়েই পৰম্পৰাগতভাবে এখন সৰু কটাৰী লগত লৈ ফুৰে।কাৰবি মহিলাই লোৱা কটাৰীখনক ন’কেক বা টাৰি বুলি কোৱা হয়।এই কটাৰীখনত সাধাৰণতে হাতীৰ দাঁত বা ম’হৰ শিঙেৰে নিৰ্মিত হাতল থাকে আৰু ইয়াক মুদ্ৰাৰে সজোৱা হয়।পুৰুষে লোৱা কটাৰীখন মহিলাই লোৱা কটাৰীৰ তুলনাত ডাঙৰ আকাৰৰ।ন’কান্তি নামৰ এই কটাৰীখনতো হাতীৰ দাঁতৰ হাতল থাকে আৰু হাতলডাল ৰূপৰ মুদ্ৰাৰে সজোৱা হয়।
অসমৰ আন জনজাতীয় লোকৰ দৰে কাৰবিসকলেও তামোল-পান খায়। বয়সিয়াল মহিলাসকলে তামোল খুন্দিবলৈ একোটা সৰু খুন্দনা ব্যৱহাৰ কৰে। বেছিভাগ বুঢ়ী মানুহেই লৈ ফুৰা ক’ৱেলংটক নামৰ এই খুন্দনাটোকো  কাৰবি মহিলাৰ এপদ অলংকাৰ বুলিয়েই ক’ব পাৰি। কিছুমান বুঢ়ী মানুহে ৰূপৰ খুন্দনাও  তামোল খুন্দিবলৈ ব্যৱহাৰ কৰে।


চূণ সাঁচি ৰাখিবলৈও ৰূপৰ ব্যৱহাৰ কৰা হয়। কাৰবি মহিলাসকলে ছাইনি হেম নামৰ  ৰূপৰ সৰু বাকচ এটাত  চূণ সাঁচি থয়। তামোল-পাণৰ সৈতে খাবলৈ  চূণ উলিয়াই  আনিব পৰাকৈ কাঁঠি এডালো   লগোৱা থাকে।
পুনৰ উভতি আহিছো কাৰবি আ-অলংকাৰৰ কথালৈ। কাৰবিসকলৰ মাজত অতীজত প্ৰচলিত দুক-কেদুক পৰম্পৰাৰ কথা নকলে বিষয়টো আধৰুৱা হৈ ৰ’ৱ।
দুক-কেন্দুক হৈছে কাৰবি মহিলাৰ কপালৰ পৰা থুতৰিলৈকে টেটু কৰি লোৱা কিছুমান ৰেখা। এই টেটুৰ প্ৰচলন সম্পৰ্কে বিভিন্ন মতবাদ আছে।এনে এক মত অনুসৰি সুন্দৰী কাৰবি মহিলাসকলক আন  জনজাতিৰ আক্ৰমণকাৰীৰ হাতৰ পৰা আঁতৰাই ৰাখিবলৈ এই পন্থা লোৱা হৈছিল।অৱশ্যে লাহে লাহে ই এক ধুনতহে পৰিগণিত হৈছিল যদিও সম্প্ৰতি এই প্ৰথা কাৰবি সমাজৰ পৰা প্ৰায় বিলুপ্ত হৈছে।
দাঁত ক’লা কৰাটো আছিল কাৰবি মহিলাসকলৰ মাজত পুৰণিকালত প্ৰচলিত আন এটা ধুন।এই প্ৰথাটোক ছ’-ইক বুলি কোৱা হৈছিল। দাঁত ক’লা কৰিবলৈ ফাৰ-ইক নামৰ এবিধ গছ পুৰি তাৰ পৰা আঠাজাতীয় ৰস উলিওৱা হৈছিল।এনে কৰিলে দাঁত ভালে থাকে বুলি কাৰবিসকলে বিশ্বাস কৰিছিল।
দাঁত ভালে ৰখাৰ আধুনিক পদ্ধতি ওলোৱাৰ লগে লগে আন বুহু প্ৰথাৰ দৰে কাৰবি সমাজৰ পৰা এই প্ৰথাটোও বিলুপ্ত হৈছে।কাৰবি জনসমাজত প্ৰচলিত বহু পৰম্পৰাগত প্ৰথাত সময়ৰ লগে লগে সেইবোৰৰ ব্যৱহাৰ আৰু প্ৰয়োজন সাপেক্ষে পৰিবৰ্তন ঘটিছে।
এই সকলো উপাদানেই যিহেতু কাৰবি পৰিচয়ক প্ৰতিনিধিত্ব কৰে সেয়ে এই প্ৰথাবোৰৰ ধাৰাবাহিকতা তথা ব্যৱহাৰৰ বাবে কাৰবি সমাজত সজাগতা আৰম্ভ হোৱা দেখা গৈছে।যদিহে এইবোৰ হেৰাই যায় কাৰবি সমাজৰ পৰিচয়ো হেৰাই যাব।এই বোধৰ ওপৰতে নিৰ্ভৰ কৰিছে পৰম্পৰাৰ জীয়াই ৰখাৰ সজাগতাৰ চেতনা ।

ফ’টো: মংগলছিং ৰংফাৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments