কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা -(ড° অঞ্জল বৰা)

(কাব্য সাহিত্য বিশেষ)

কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা
-ড° অঞ্জল বৰা
সাহিত্যৰ সকলো বিভাগৰ ভিতৰত কাব্য-সাহিত্যই এক বিশাল ঠাই আগুৰি আছে৷  সাহিত্য সৃষ্টিৰো আৰম্ভণি হৈছিল কাব্য বা কবিতাৰ মাধ্যমেৰেহে৷ কবিতা হৈছে এক স্বতঃস্ফূত অনুভূতি৷ কবিৰ অন্তৰৰ পৰা সেই অনুভূতি শব্দৰ ৰূপত আত্মপ্ৰকাশ লাভ কৰে৷ কবিয়ে নিজৰ সমস্ত মন, আত্মা আৰু অনুভৱক কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে৷ এই প্ৰকাশত কেতিয়াবা স্পষ্টতা নাথাকে৷ থাকে ছাঁ-পোহৰৰ এখন খেল৷ কেতিয়াবা আকৌ বহুতে মনৰ কথাবোৰ সহজে আনৰ বোধগম্য নোহোৱাকৈ প্ৰকাশ কৰিবলৈ প্ৰকাশৰ এটা পথ বিচাৰে৷ সেই মনৰ কথাবোৰ কিছুমান শব্দ, বাক্য, প্ৰতীক, চিত্ৰকল্পৰ সহায়ত উপস্থাপন কৰাৰ চেষ্টা কৰে৷ এই অনুভৱবোৰেও বহুসময়ত কবিতা হিচাপে সাহিত্যত আত্মপ্ৰকাশ কৰে৷ প্ৰকৃততে প্ৰত্যেকজন অনুভূতিশীল মানুহৰ মনতে এজন কবি লুকাই থাকে আৰু সাহিত্যৰ লগত জড়িত প্ৰত্যেকজন মানুহেই জীৱনত এটা হ’লেও কবিতা লিখিবলৈ চেষ্টা কৰে৷ কিন্তু এই সকলো অনুভৱ, অনুভূতি আৰু শব্দৰ ছাঁ-পোহৰৰ খেলকে ‘কবিতা’ বুলিব পাৰিনে? সময়ে সময়ে কবিতাৰো ৰূপ, লক্ষণ সলনি হৈ আহিছে৷ ছন্দোবদ্ধ ৰোমাণ্টিক কবিতাৰ ঠাই আধুনিক কবিতাই দখল কৰিলে৷ আধুনিক কবিতাই উত্তৰ আধুনিকতালৈ গতি কৰিলে৷ কবিতাক লৈ নানা পৰীক্ষা-নিৰীক্ষা হ’বলৈ ধৰিলে৷ কিন্তু সময় আৰু কবিতাৰ আঙ্গিকৰ পৰিৱৰ্তনে কেতিয়াও কবিতা সৃষ্টিত প্ৰভাৱ পেলাব পৰা নাই৷ বৰঞ্চ ক’ব পাৰি ৰোমাণ্টিক যুগৰ কবিতাৰ ছন্দৰ বান্ধোন যি দিনাই কবিতাৰ পৰা আঁতৰি গ’ল সেই দিনাৰ পৰাই কবিতাই অসমীয়া সাহিত্যত অধিক বিস্তাৰ ৰূপতহে প্ৰকাশ লাভ কৰিলে৷ আজি সাহিত্যৰ অন্যান্য দিশত একো নিলিখা এজন ব্যক্তিয়েও জীৱনত এটা কবিতা লিখিবলৈ চেষ্টা কৰে বা লিখি তাক প্ৰকাশ কৰে৷ মনৰ সকলো অনুভৱ কবিতাৰ মাধ্যমেৰেই প্ৰকাশৰ চেষ্টা কৰে৷ কিন্তু বাস্তৱিকতে প্ৰকৃত কবিতা লিখা ইমান সহজনে? আমি ওপৰত কোৱাৰ দৰে মনৰ কথাবোৰ প্ৰকাশ কৰিলেই কবিতা সৃষ্টি হ’ব পাৰেনে? সাহিত্যৰ আন আন মাধ্যমৰে দৰে চেষ্টা কৰি, অধ্যয়ন কৰি কবিতা লিখিব পাৰিনে? নে প্ৰকৃততে স্বতঃস্ফূতভাৱেই এজন মানুহৰ মনত এটা কবিতাৰ জন্ম হয়? এই সকলো প্ৰশ্নৰ উত্তৰ সময়ে সময়ে বিভিন্ন ব্যক্তিয়ে দি আহিছে যদিও কোনো অনুভূতিশীল মানুহকে কোনো যুক্তি আৰু সংজ্ঞাই কবিতা লিখাৰ পৰা আঁতৰাই ৰাখিব পৰা নাই৷ যি সময়তে মানুহে মনৰ তাগিদা অনুভৱ কৰিছে তেতিয়াই কবিতাৰ আশ্ৰয় লৈছে আৰু শব্দৰ মাধ্যমেৰে তাক প্ৰকাশ কৰিছে৷ এনে বহু কবিতাক প্ৰকৃত কবিতাৰ গুণগত মানদণ্ডৰে জুখিব নোৱাৰিলেও কবিৰ আত্মপ্ৰকাশৰ এই তাগিদাক কোনেও বাধা দিব পৰা নাই বা নোৱাৰে৷ কিন্তু পানীৰ বুৰবুৰণিৰ দৰে খন্তেকতে জন্ম হৈ খন্তেকতে মাৰ যোৱা এনে বহু কবিতাই অসমীয়া সাহিত্যক প্ৰত্যক্ষভাৱে একো ক্ষতি নকৰিলেও পৰোক্ষভাৱে বহু ব্যক্তিৰ শ্ৰম, শক্তি, সামৰ্থ আৰু অৰ্থৰ ক্ষতি নকৰাকৈ থকা নাই৷ কাৰণ আৱেগৰ তাগিদাত জন্ম হোৱা এনে কিমান কবি, কবিতা আৰু কবিতা-পুথি সময়ৰ অটল গহ্বৰত নিমজ্জিত হৈছে তাৰ খবৰ সম্ভৱ সাহিত্যৰ ইতিহাসতো লিপিবদ্ধ হৈ থকা নাই৷
 
আধুনিক অসমীয়া কবিতাৰ অন্যতম কবি হীৰেন ভট্টাচাৰ্যই কৈছিল “কবিতা স্বতঃস্ফূত নহয়৷ কবিতা নিৰ্মান কৰিব লাগে৷ এই নিৰ্মানৰ আঁৰত হয়তো আছে একধৰণৰ সংৰচিত স্বতঃস্ফূৰ্ততা (Cultivated Spontaneity)৷” এই বাবেই হয়তো হীৰেন ভট্টাচাৰ্যৰ কবিতাই শত-সহস্ৰ পাঠকৰ মনত সাঁচ বহুৱাব পাৰিছিল৷ একেখিনি কথাকে ১৯২৪ চনত অসম সাহিত্য সভাৰ অভিভাষণত অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী বেজবৰুৱাই অলপ বহলভাৱে কৈছিল “কবি প্ৰতিভাৰ ঘাই কথা মৌলিকতা৷ প্ৰকৃত কবি গতানুগতিকগামী নহয়৷ সাধাৰণ সোঁতত তেওঁ উটি নেযায়৷ বুদ্ধি-কৌশল আৰু ‘কাৰিকৰি’ৰ তেওঁ অপেক্ষা নেৰাখে৷ তেওঁৰ উত্স অন্তৰাত্মাই সহজে অভিনৱতাৰ সৃষ্টি কৰে৷ তেওঁৰ অন্তৰৰ ভুমুকৰ পৰা একো একোটি মূল idea উঠে৷ তাকে তেওঁ সাকাৰ কৰি জগতত আগত ধৰে৷ কবি-প্ৰতিভাৰ ভিতৰত ঐশ্বৰিক শক্তিৰেই খেলা৷ তেওঁৰ এই শক্তি কষ্টসাধ্য নহয়৷ অনায়াসলব্ধ ঈশ্বৰ-প্ৰসাদত তেওঁ নিত্য সিদ্ধ৷ সেইদেখি কয়, “A poet is born and not made” অৰ্থাৎ মেহনত কৰি কোনো কবি হ’ব নোৱাৰে৷, কবিৰ জন্ম হয়৷ চেষ্টা কৰি কোনোবাই কোনো কালত কোনো দেশত নতুন ব্যাস, বাল্মীকি, ছেক্সপীয়েৰ, কালিদাস নাইবা ছ্যেলি, কীটছ, ৱৰ্ডছৱৰ্থ, ছাদি, খচৰু, ওমৰখৈয়াম হোৱাটো কোনোবাই দেখিছে নে (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৫)?” বাস্তৱিকতে কবিতা সম্পৰ্কে বেজবৰুৱাৰ যুক্তি-যুক্ততা আৰু হীৰেন ভট্টাচাৰ্যৰ দৃষ্টিত কবিতাৰ ‘সংৰচিত স্বতঃস্ফূৰ্ততা (Cultivated Spontaneity)’ই একেই অৰ্থ প্ৰকাশ কৰিছে৷ কবিতা সৃষ্টিৰ মূল বস্তু হৈছে কবিৰ স্বতঃস্ফূৰ্ততা৷ মাথো কবিয়ে স্বতঃস্ফূৰ্ত নিৰ্মাণৰ পিছত শব্দচয়ন, প্ৰতীক, চিত্ৰকল্প আদিৰ নতুন সমাহেৰে কবিতাত বহু সময়ত নিৰ্মাণৰ শাৰীলৈ লৈ গৈছে আৰু এই ‘সংৰচিত স্বতঃস্ফূৰ্ততা’ই যি কবিতাত প্ৰকাশিত হৈছে সেই কবিতাই পাঠকৰ মনত সাঁচ বহুৱাব পাৰিছে৷
 
কবি হিচাপে বেজবৰুৱাই নিজকে নিজে কেতিয়াও স্বীকৃতি নিদিলেও বেজবৰুৱা আছিল এজন প্ৰকৃত কবি৷ জেনেৰেল এছেমব্লি কলেজৰ তৃতীয় বাৰ্ষিকত পঢ়ি থকাৰ সময়তে বেজবৰুৱাই ‘কবিতাৰ বৰষুণ’ত পৰাৰ কথা নিজেই উল্লেখ কৰিছে৷ ‘মোৰ জীৱন সোঁৱৰণ’ত উল্লেখ কৰিছে, “মোৰ মনৰ বহল পথাৰখন বাইৰনৰ কবিতাই কোমলালে, শ্যেলিৰ কবিতাই হাল বালে, কীটছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ কবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠীয়াৰটো কথাই নাই, বিহমনা, কোটকোৰা, পথৰুৱা বিহলঙনি আৰু চোৰাতকে আদি কৰি যিহৰে গুটি হওক পৰিলেই, সিয়েই ভৰভৰ কৰি গজি ‘মোক চা’ কৈ উঠিব (পৃ.-৯৭)৷” পঢ়ি থকা সময়ৰ পৰাই বেজবৰুৱাই ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি অনেক কবিতা সৃষ্টি কৰিছিল৷ শেষত ‘নিজৰ ৰচনাবোৰ মোৰ নিজৰে ভাল লাগে’ বুলি একেলগ কৰি কবিতাকেইটা ‘কদমকলি’ (১৯১৩ চন) নাম দি প্ৰকাশ কৰে৷ কদমকলিত মুঠ আঠচল্লিশতা চুটি-দীঘল কবিতা আছে৷ ইয়াৰ পিছত ১৯৬৮ চনত বেজবৰুৱা শতবাৰ্ষিকী উপলক্ষে ‘পদুমকলি’ নামেৰে বেজবৰুৱাৰ অ’ত-ত’ত সিঁচৰতি হৈ থকা সাতাইশটা কবিতাৰ সংগ্ৰহেৰে দ্বিতীয়খন কবিতা পুথি ছপা কৰা হয়৷ বেজবৰুৱাৰ সকলো কবিতাই উচ্চ মানদণ্ডৰ নহ’লেও ‘বীণ-বৰাগী, ‘কবিতা’, ‘ধনবৰ আৰু ৰতনী’, ‘ৰতনীৰ বেজাৰ’ আদি মনোৰম কবিতা অসমীয়া কাব্য সাহিত্যত বিৰল৷ তেওঁৰ ‘মোৰ দেশ’ আৰু ‘অসম সঙ্গীত’ নামৰ কবিতা দুটাৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম সুন্দৰভাৱে প্ৰতিফলিত হৈ উঠিছে৷
 
লক্ষ্মীনাথ বেজবৰুৱা আৰু কৃপাবৰ বৰুৱা একেজন ব্যক্তিৰ এটা সত্তা হ’লেও বহু সময়ত আমি কৃপাবৰ বৰুৱাক এটা ভিন্ন সত্তাৰ ৰূপত আৱিষ্কাৰ কৰোঁ৷ ইয়াৰ কাৰণ হৈছে কৃপাবৰৰ ৰূপত থকা মুক্ত চিন্তা আৰু প্ৰকাশৰ অদম্য সাহসিকতাই বেজবৰুৱা মূল মানুহজনকো কেতিয়াবা অতিক্ৰম কৰি আগবাঢ়ি গৈছিল৷ যাৰ কাৰণেই কৃপাবৰৰ ৰূপত থাকি তেওঁ নিজৰ সাহিত্যকো সমালোচনা কৰাৰ সাহস দেখুৱাব পাৰিছিল৷ অসমীয়া সমাজ জীৱন আৰু মানুহৰ বিভিন্ন দিশৰ নিৰ্মোহ সমালোচনা আমি কৃপাবৰী ৰচনাৰ মাজত দেখা পাওঁ৷ বাস্তৱিকতে ‘কৃপাবৰ বৰুৱা’ৰ ৰূপত আত্মপ্ৰকাশ কৰা ব্যক্তিজনেই আছিল বেজবৰুৱাৰ ভিতৰৰ প্ৰকৃত মানুহজন৷ সেয়ে তেওঁ কৃপাবৰ বৰুৱাৰ ৰূপতে অসমীয়া সমাজ জীৱনৰ লগত জড়িত প্ৰত্যেক বিষয়ৰে নিৰপেক্ষ সমালোচনা আগবঢ়াইছিল৷ এই সমালোচনাৰ পৰা অসমীয়া ‘কবি আৰু কবিতা’ও বাদ পৰা নাছিল৷ বেজবৰুৱাৰ সময় আছিল ৰোমাণ্টিক কবিতাৰ সময় আৰু তেওঁ নিজে আছিল ‘বাঁহী’ কাকতৰ সম্পাদক৷ সেই সময়ত ‘বাঁহী’ কাকতলৈ কবিতাৰ নামত অহা ৰোমাণ্টিক পদ্যৰ অত্যাচাৰৰ প্ৰসঙ্গত তেওঁ কৈছিল যে “লেখাৰু সকলৰ পৰা কবিতাৰ নামত চলাব খোজা ইমান পদ্য প্ৰবন্ধ বা অপ্ৰবন্ধ আহে যে তাক কি কম৷ পুৱা তেওঁ তেওঁৰ ডাক মেলিলেই এবুৰি-আদবুৰি তেনে বস্তুক তেওঁ মুলাকাত দিবলগীয়াত পৰে৷ একো একো দিনা এনে কাৰ্য্যৰ বঢ়াবঢ়ি ইমান হয় যে বেজাইৰ কথা হৈ উঠেগৈ (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৪)৷” বেজবৰুৱাই এই কবি আৰু কবিতাৰ কথাকে কৃপাবৰ বৰুৱাৰ নামত তিনিখন ৰচনাৰ মাধ্যমেৰে প্ৰকাশ কৰিছে৷ আমাৰ আলোচনাৰ বাবে তিনিওখন ৰচনা বেজবৰুৱা-গ্ৰন্থাৱলীৰ দ্বিতীয় খণ্ডৰ পৰা লোৱা হৈছে৷
 
কৃপাবৰ বৰুৱাই তেওঁৰ ‘কবিতা’ (পৃ. ১২৫৩-৫৬) নামৰ ৰচনাখনত কবি আৰু কবিতাৰ এক ব্যঙ্গাত্মক সমালোচনা আগবঢ়াইছে৷ প্ৰথমেই তেওঁ ভাৰতীয় কাব্য-চিন্তাৰে ‘কাব্যং ৰসাত্মকং বাক্যং অৰ্থাৎ ৰসাত্মকং বাক্যং কাব্যং’ বুলি কৈ তেওঁৰ নিজৰ বাক্যও ৰসেৰে পৰিপূৰ্ণ বুলি কৈছে৷ তেওঁৰ মতে কাব্যৰ ৰস ৯টা নহয়৷ ১৮টা৷ মূল ৯টা ৰসৰ উপৰিও ‘পাণৰ ৰস, মাটিকাঁদুৰীৰ ৰস, নেমুটেঙাৰ ৰস, মৌ ৰস প্ৰভৃতি অন্য ৯টা ৰস আছে৷ বেজবৰুৱাই এই নতুন ৰসৰ উদাহৰণ দি কৈছে “কোনো লোকৰ গাত, কোনো সমাজৰ গাত বা কোনো জাতিৰ গাত যদি তুমি ঘা দেখিলা, তেন্তে ততালিকে নেমুটেঙাৰ ৰসত বিদ্ৰূপাত্মক বা ব্যঙ্গসূচক কবিতা খৰাই তাত চটীয়াই দিব পাৰা৷” তেওঁৰ মতে এনে কবিতাৰ ফলত ‘ৰোগীয়ে বৰকৈ চেঙালুটি’ পাৰিব পাৰে৷ কিন্তু “মৌ-ৰসত মাৰি সকলো ৰকমৰ কবিতা সকলোকে সেৱন কৰাব পাৰি৷ ই সৰ্বঢাক৷ বাতৰি-কাকত৷ মাহেকীয়া কাকত যতে ততেই প্ৰাপ্তব্য৷” অৱশ্যে মৌ নাপালে গুৰেৰেও কাম চলাব পাৰি বুলি কৈছে৷ ইয়াৰ পিছতে বেজবৰুৱাই কবিৰ প্ৰকাৰৰ কথা কৈছে৷ তেওঁৰ মতে কবি শাক যত প্ৰকাৰৰ কবিও সিমান প্ৰকাৰৰ৷ এবিধ বন্ধা-কবি, এবিধ ফুল-কবি আৰু আনবিধ ওল-কবি৷ বন্ধা-কবিৰ উদাহৰণ দিবলৈ গৈ তেওঁ বঘাসূৰ বধ, কুলাচলবধ ৰচোঁতা কবিৰ তুলনা কৰিছে৷ এই কবিৰ ভিতৰে পাতহে পাত, মেৰহে মেৰ, তাৰ অন্ত নাই৷ আনহাতে ‘ফুল-কবি’ৰ “আজি এপাহি, কাইলৈ দুপাহি, অত এপাহি তত দুপাহি, আজি এটি কবিতা, কাইলৈ দুটি কবিতা, আজি বাতৰি কাকতত চাৰি ফাকি, কাইলৈ মাহেকীয়া কাকতত বাৰ ফাকি৷ গুৰিৰ ফালে যেই কিবা নহওক ফুলৰ ফালে ঠিকে আছে৷ ইয়ালৈ ভাবিব নেলাগে, চিন্তিব নেলাগে, মুঠেই লেখিবা আৰু ছপাবা৷ বৰবৰুৱাৰ মতে ওল-কবিৰ শ্ৰেণীৰ কবিৰ “ওপৰফালে চোৱা যদি একোটোৱেই নাই৷ কেৱল জুটুলা-পুতুলা; কিন্তু তল মন কৰাঁ গোট কৰি তাৰ লাৰুটো৷ এই বিধৰ বিষয়ে কাকতে-পত্ৰই এফাঁকি কবিতা লেখা দেখা নেযায়; কিন্তু ভিতৰি তেওঁ কবিতাৰ কোঁহটো৷ মস্ত কবি৷ ভইব কবি৷ আকোঁৱালী নোপোৱা কবি৷” শেষত এই শ্ৰেণীৰ কবিৰ প্ৰতি বৰবৰুৱাৰ ‘বৰ ভক্তি, বৰ প্ৰীতি’ থকাৰ কথা কৈ আওপকীয়াকৈ তেওঁ ওল-কবিৰ দৰে কবিৰ কবিতাৰ প্ৰশংসা কৰিছে৷ কৃপাবৰ বৰুৱাৰ নামত আমি তেওঁৰ ৰচনাৱলীৰ মাজত বহুকেইটা কবিতা বিচাৰি পাওঁ৷ এই কবিতাসমূহ মূল কাব্যৰসৰ ভিতৰত নপৰিলেও তেওঁ উল্লেখ কৰা ‘মাটিকাঁদুৰীৰ ৰস, নেমুটেঙাৰ ৰস, মৌ ৰস’ৰ দৰে ৰসাল৷ যাৰ গাতেই সেই কবিতাৰ ৰস পৰিছিল সেইজনেই ‘চেঙালুটি’ নপৰাকৈ থকা নাছিল৷ তেওঁ অসমীয়া জাতীৰ মনত আত্মশুদ্ধিৰ ভাৱ জাগ্ৰত কৰিবলৈ বৰগীত আৰু কীৰ্ত্তনৰ পদৰ আৰ্হিত এনে বহু কবিতা ৰচনা কৰিছিল৷ উদাহৰণ স্বৰূপে-
“উঠা উঠা বাপু        কানীয়া হে
ৰাতি পৰভাত ভৈল৷
উখহা-নয়ন          বুলি ঘনে ঘনে
বৰ আয়ে মাতিবে লৈল৷৷”
(বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৮২)৷
এনে ধৰণৰ কবিতা আৰু নতুন ৰসৰ মাধ্যমেৰে বেজবৰুৱাই খুব সম্ভৱ কবিতাক কেৱল আৱেগ-অনুভূতি আৰু কাব্যৰসৰ মাজতে আৱদ্ধ নাৰাখি বাস্তৱ সমাজখনক জাগ্ৰত কৰি তোলাৰ এক সৱল আৰু সঠিক পদক্ষেপ হিচাপে ব্যৱহাৰ কৰাৰো ইঙ্গিত দিছিল৷
 
বৰবৰুৱাই বিষয়-বস্তুৰ মাজলৈ নগৈ আপোনা ইচ্ছাৰে নিজকে কবি হিচাপে দম্ভালি মৰা ব্যক্তিসকলৰ কাম-কাজ দেখি নিজকে প্ৰশ্ন কৰিছে যে, ‘আজিকালিৰ কবি আপোনগুণে কবি হয় নে বিষয় গুণে কবি হয়?’ সেয়ে তেওঁ কৈছে “অসমত এণ্ট্ৰেন্স পৰীক্ষাৰ লগতে বছৰি বছৰি কবিতাৰ পৰীক্ষা হওক৷ ….. এই পৰীক্ষাত যি যি উত্তীৰ্ণ হয়, তেওঁলোকক যোগ্যতানুসাৰে, কবি-ঢেঁকী, কবি-চুঙা, কবি-টেমা… উপাধি দি চিহ্নিত বা ছাব-মৰা কবি পতা হওক৷ এনে উপাই অৱলম্বন নকৰিলে ধানপুৰীয়া প্ৰকৃত কবি পাতৰ তলতে লুকাব আৰু ফুতে-উৰা মেমেৰা কবি ভোটাতৰা জ্বলাদি জ্বলিব৷” শেষত বজাৰত কবি আৰু কবিতা-পুথিৰ ব্যাপক প্ৰচাৰ দেখি তেওঁ ক’বলৈ বাধ্য হৈছে যে “ বিশেষ সাহিত্য-বজাৰত যদি কিবা সস্তা শাক-পাচলি আছে, তেন্তে সি কবিতাৰ বৰবেঙেনা৷ ভাবিব নেলাগে, চিন্তিব নেলাগে, শ্ৰীদামচন্দ্ৰ বৰুৱাৰ পৰা ভোকেন্দ চন্দ্ৰ কলিতালৈকে সকলো কবিয়ে এপইচা পেলাই দিলেই এজোকা পাবা৷”
 
কৃপাবৰ বৰুৱাৰ কবিতা-চিন্তাৰ আন এক ৰচনা হ’ল ‘বৰবৰুৱাৰ কবিতা-বেদনা’ (পৃ. ১৩৪১-৪৩)৷ গোটেই ৰচনাখন বৰবৰুৱাৰ কবিতা লিখা আৰু এটা সপোনক কেন্দ্ৰ কৰি আগবাঢ়িছে৷ “পুঠি, খলিহা, পোনা, দৰিকণা সকলোৱে কবিতা লিখে৷’ সেয়ে বৰবৰুৱাইও কবিতা লিখিবলৈ আৰম্ভ কৰিলে৷ সেই দিনা ফুটগধুলিৰে পৰা তেওঁ সকলোৰে সৈতে কথা বন্ধ কৰি কবিতা ভাবিবলৈ ধৰিলে৷ ভাবোঁতে ভাবোঁতে বৰবৰুৱাৰ জ্বৰঘামে ঘামিলে৷ কিন্তু কবিতা সৃষ্টি নহ’ল৷ শেষত ভাত-পানি খাই তেওঁ পুনৰ কবিতাৰ কথা ভাবি চিন্তিত হ’ল, কিন্তু কবিতাৰ সলনি তেওঁক টোপনিয়ে হেঁচা মাৰি ধৰিলে৷ তথাপি তেওঁ টোপনি আহিবলৈ নিদি শেষত ‘টোপনি’ৰ বিষয়তে এটা কবিতা লিখিলে৷  কিন্তু কবিতা লিখি থাকোঁতেই তেওঁৰ সঁচাকৈয়ে টোপনি আহিল৷ এবাৰ সাৰ পাই তেওঁ চকু দুটা মোহাৰি আকৌ ‘কবিতাৰ মাকো’ চলাবলৈ ধৰিলে৷ কবিতাৰ পিছৰ কেইশাৰীমান লিখাৰ পিছত আকৌ বৰবৰুৱাৰ চকুত তন্দ্ৰা আহিল আৰু তেওঁ একেবাৰে শুই পৰিল আৰু সপোন দেখিবলৈ ধৰিলে৷ বৰবৰুৱাৰ এই কবিতা-বেদনাৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে আনে কবিতা লিখিছে বুলিয়েই চেষ্টা কৰি, জোৰ কৰি, আনে কবি বোলক এই ভাৱত কবিতা লিখিব নোৱাৰি৷ তেনেদৰে চেষ্টাৰ মাজেৰে লিখা কবিতা বৰবৰুৱাৰ টোপনিৰ তন্দ্ৰাত হোৱা কবিতাৰ দৰে আগ-গুৰি নথকা কবিতাৰ সৃষ্টি হ’ব পাৰে৷ কিন্তু প্ৰকৃত কবিতা হ’ব নোৱাৰে৷ আনহাতে কবিতা কেৱল অচেতন মনৰ পৰাই যে সৃষ্টি নহয়, তাৰ বাবে যে এটা সচেতন, মুক্ত মনৰ প্ৰয়োজন সেই কথাও টোপনিৰ মাধ্যমেৰে বুজাবৰ চেষ্টা কৰিছে যেন লাগে৷
 
কবি আৰু কবিতাৰ বিষয়ে মানুহৰ মনত প্ৰশ্নৰ সীমা সংখ্যা নাই৷ প্ৰকৃত কবিতা আৰু কবিৰ পৰিচয়ক লৈও সময়ে সময়ে নানান মত-বিৰোধ হৈ আহিছে৷ আনহাতে বহু সময়ত অনেক নতুন কবিৰ অত্যাধিক কবিতা প্ৰীতিয়ে পাঠকৰ মনত অত্যাচাৰৰো সৃষ্টি নকৰাকৈ থকা নাই৷ এনে কিছু কথাকে খুহুটীয়া ৰূপত বৰবৰুৱাই তেওঁৰ শিষ্য লম্বাই শৰ্মাৰ লগত কথোপকথন ভঙ্গিত ‘কবি-বিভ্ৰাটৰ ফুৰফুৰণি’ (পৃ. ১৪৭৮-৮১) নামৰ ৰচনাখনত উপস্থাপন কৰিছে৷ আৱগাৰী দাৰোগা মৌলবী দিলৱাৰ ৱালি ছাহাবে কবিতা লিখি আপদ ছপালে, তাতেই কবি-বিভ্ৰাট ঘটিল৷ এই কথা লম্বাই শৰ্মাই আহি বৰবৰুৱাক ক’লেহি৷ বৰবৰুৱাৰ মতে তেওঁ এজন মাতঃবৰ কবি, ডাঙৰ কবি৷ গতিকে তেওঁ দাৰোগা আৰু কবি হৈ থকাত ব্যাঘাট নঘটে৷ কিন্তু লম্বাই শৰ্মাৰ মতে “কবিতা লেখাটো তেওঁৰ বায়ু বেমাৰৰ নিচিনা, … বোলে লেখে লেখক, তাত কাৰো হানি-বিঘিনি নাই৷ কিন্তু তেওঁৰ সেই নৰিয়া নে খোচৰা ব্যাধিটো লোকৰ গাত তেওঁ লগাবলৈ যায় কিয়? বাটৰ বাটৰুৱাক ধৰি তেওঁ তেওঁৰ কবিতা শুনাবলৈ যায় কিয়? এইটো ন্যায়তঃ, ধৰ্ম্মতঃ লোকৰ ওপৰত বলাত্কাৰ নহয় নে?” লম্বাই আকৌ বৰবৰুৱাক কৈছে “ডাঙৰীয়াই জানে দেখি কওঁ যে আজিকালি আমাৰ দেশত মাহেকীয়া কাকত বঢ়াৰ লগে লগে কবিতাৰ এপিডেমিকও বাঢ়ি আহিছে৷ এঙে বোলে মই কবি, বেঙে বোলে মই কবি, আৰু দেখাক দেখি চেঙেও বোলে মই বা কবি নহম কেলৈ?” লম্বাইৰ মতে “কিছুমান কবিৰ কবিতা Still-born হয় অৰ্থাৎ গৰ্ভতে মৰি ওপজে৷ কিছুমানৰ আমাৰ কীৰ্ত্তনত লেখাৰ দৰে দ্বাৰকাত বিপ্ৰপুত্ৰৰ নিচিনাকৈ “ভূমিক ছুইলেক মাত্ৰ প্ৰাণ গৈল টুটি” হয়৷ কিছুমানৰ “যথা পূৰ্ব্বং তথা পৰং”ৰূপে সেই বিপ্ৰৰ পুত্ৰ বোৰৰ দৰে ৯ বাৰ মৰে আৰু বামুণে তাৰ বাবে কৃষ্ণক দায়ী কৰাৰ দৰে, তেওঁলোকে সম্পাদকক দায়ী কৰে৷” অৱশ্যে লম্বাইয়ে এইটো নমনাকৈ থকা নাই যে “কংসই দৈৱকীৰ পুত্ৰবোৰৰ ওপৰত কংসাগিৰি কৰাৰ দৰে কিছুমান সম্পাদকে দুখীয়া কবিৰ কবিতাৰ ওপৰত সম্পাদকগিৰি কৰে৷” লম্বাইৰ দীঘলীয়া কথা শুনাৰ পিছতে আৰু লম্বাইয়ে ‘কবিতা লেখি লোকক ধৰি কবিতা শুনোৱাটো এটা ৰোগ’ বুলি কোৱাত বৰবৰুৱাই কিছু নৰমভাৱে সকলো প্ৰশ্নৰে উত্তৰ দিছে৷ বৰবৰুৱাৰ মতে “ৰোগ নহয়, স্বাভাৱিক-কাণ্ড৷ ফুলগছত ফুল ফুলিলে, গছে সেই ফুলৰ গোন্ধ নিজেও যেনেকৈ উপভোগ কৰে, লোককো শুঙাই সুখী হয়৷  ফুলগছৰ কথাকে নকওঁ, ভেদাইলতাও তাৰ পাতৰ ‘সৌৰভ’ তাৰ কাষেৰে-পাজেৰে অহা যোৱা কৰাজনক নিদি নেৰে৷ …. সেইটো স্বভাৱ কবিৰ নিজস্ব৷ … সি তোমাৰ অনুমতি বা চিৰকতিৰ মুখলৈ চাই বহি থাকিব নোৱাৰে৷” বৰবৰুৱাৰ এই ৰচনাখনত লম্বাই আৰু বৰবৰুৱাৰ মতৰ মাজত স্ববিৰোধৰ চিন ফূটি উঠিছে৷ এই স্ববিৰোধ বৰবৰুৱাৰ স্বাভাৱিক আৰু ইয়াৰ মাজেৰে বৰবৰুৱাৰ কবি আৰু কবিতাৰ প্ৰতি থকা সন্মান আৰু শ্ৰদ্ধা ফূটি উঠিছে৷ বৰবৰুৱাই যেনেকৈ আগৰ ৰচনাকেইখনত অযথা, গাম্ভীৰ্যতাহীন কবি আৰু কবিতাক আসৈ দিয়া নাছিল৷ তেনেকৈ কোনোবাই কবি আৰু কবিতাৰ বিৰুদ্ধে অনাহকত আঙুলি উঠালে বা লেই লেই চেই চেই কৰিলেও তেওঁ হাত সাৱতি বহি থকা নাছিল৷ তেওঁ প্ৰয়োজন হ’লে কবিৰ সমৰ্থনতো থিয় দিছিল৷ সেয়ে ৰচনাখনৰ শেষত তেওঁ কৈছে “কবি কল্কিৰ বৰ ককায়েক (Big Brother )৷ তোমালোকে এনে কবিক আজিকালি যে সন্মান নকৰাহঁকেই তাৰ ওপৰত মকৰ্দমা?” বেজবৰুৱাৰ কবি আৰু কবিতাৰ প্ৰতি আছিল অসীম শ্ৰদ্ধা৷ সেয়ে তেওঁ নিজকো কবিতা সৃষ্টিৰ পৰা আঁতৰাই ৰাখিব পৰা নাছিল৷ তেওঁৰ ‘পুথি সমালোচনা’ বিষয়ক লেখাসমূহৰ মাজত সমসাময়িক কবিসকলৰ বিভিন্ন কবিতা পুথিৰ উৎকৃষ্টতম সমালোচনা আগবঢ়াইছে৷ ভাল কবিতাৰ প্ৰশংসাৰে তেওঁ কবিসকলক যেনেদৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছে সেইদৰে কবিতাৰ শাৰীত নপৰা ৰচনাবোৰক জ্বলাই দি কাঠ-সংস্কাৰ কৰিবলৈও আদেশ নিদিয়াকৈ থকা নাই৷
 
ওপৰৰ ৰচনা তিনিখনত বেজবৰুৱাই ‘কৃপাবৰ বৰুৱাৰ’ নামত কবি আৰু কবিতাক সমালোচনা আৰু ব্যংগৰে ঠকাসৰকা কৰিলেও কলেজীয়া জীৱনত প্ৰেমৰ কবিতা লিখা ভূতে যে বেজবৰুৱাকো লম্ভা নাছিল এনে নহয়৷ জেনেৰেল এছেমব্লি কলেজত পঢ়ি থকাৰ সময়ত কবিতাৰ ভূতে বেজবৰুৱাক এনেকৈ লম্ভিছিল যে তেওঁ ‘শ্ৰীৰঙ্গলাল চট্টোপাধ্যায়’ ছদ্মনামত দুটা প্ৰেমৰ কবিতা লিখি এখন বাংলা কাকতলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু সম্পাদকে ছপা নকৰি পৰামৰ্শ দিছিল যে “… আপুনি নিশ্চয় স্কুল কি কলেজৰ ছাত্ৰ৷ কবিতা লিখিবাৰ বৃথা প্ৰয়াস পৰিত্যাগ কৰিয়া পাঠ্য পুস্তকে মনোযোগ দিলে বাধিক হ’ব (মোৰ জীৱন সোঁৱৰণ, পৃ. ১০১)৷’ সম্পাদকৰ চিঠি পাই বেজবৰুৱা মৰ্মাহত হৈ কবিতা লিখা বাদ দিলেও স্বীকাৰ কৰিবই লাগিব যে পিছলৈ তেওঁ বহুকেইটা কবিতাই অসমীয়া কাব্য-সাহিত্যক চহকী কৰিব পাৰিছিল৷ এই অভিজ্ঞতাৰেই বেজবৰুৱাই পিছত তেওঁৰ ‘বাঁহী’ কাকতলৈ অহা ডেকাল’ৰাবিলাকৰ ‘প্ৰেম কবিতা’বিলাকৰ বিষয়ত কৈছিল “উঠি অহা ‘মন্দকবি যশঃ প্ৰাথী’ ডেকাসকলে কবিতা লিখিবলৈ হেপাহ কৰিছে লেখক৷… কিন্তু এনে অনেক বিষয় আছে, যিবোৰ বিষয়ে তেওঁলোকে লেখিবলৈ চেষ্টা কৰিলে কিছু দূৰ কৃতকাৰ্য্য কিজানি হ’বও পাৰে৷ যেনে (১) অসমৰ অতীত গৌৰৱ কাহিনী, (২) পৰ্ব্বত, বন, উপত্যকা, ঝৰণা, প্ৰকৃতিৰ সৌন্দৰ্য্য, গাঁও-ভূঁই, গাঁৱলীয়া উজু জীৱনৰ কাৰ্য্যকলাপ, সূৰ্য্যৰ উদয়-অস্তৰ অনিৰ্ব্বচনীয় সৌন্দৰ্য্য ইত্যাদি৷ তাকে নকৰি যদি তেওঁলোকে কাৰ আৰ্হি লৈ কব নোৱাৰোঁ কোন গাভৰুৱে তেওঁলোকক নঙলামুখত দেখি বেকাকৈ চাই গ’ল, কোনে তেওঁলোকৰ জলপানত গুৰ অকণমান পেলাই দিওঁতে মিচিকিয়াই হাঁহি মাৰি তেওঁলোকক আধামৰা কৰি থৈ গ’ল, এইবোৰ বখানি কবিতা বুলি পদ্য লেখি নিজৰ সময় আৰু শক্তিৰ অপব্যয় কৰি থাকে, তেন্তে ঠিক কৈছোঁ-ডেকা কালৰ এই শ্ৰেণীৰ কবিতা মই কাঠ-সংস্কাৰ কৰিলোঁ (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৪)৷” এজন নিৰ্ভীক, স্পষ্টবাদী সমালোচক হিচাপে বেজবৰুৱাই ‘কৃপাবৰ বৰুৱা’ৰ ছদ্মনামত কবি আৰু কবিতাৰ বিষয়ে যি কথা উল্লেখ কৰিছে সেই সকলো কথা সময়ৰ লেখেৰে আজি বহু বছৰ পাৰ কৰিলে৷ কিন্তু আজিও প্ৰতি শাৰী কথাই যেন আখৰে আখৰে প্ৰাসঙ্গিক হৈ আছে৷ এইয়াই আছিল বেজবৰুৱাৰ সাহিত্যিক দূৰদৰ্শিতা৷ বেজবৰুৱাই সদায় বাস্তৱ সমাজখনক সংস্কাৰ কৰাৰ মানসেৰেই হাতত কলম তুলি লৈছিল৷ নিজৰ সকলো সৃষ্টি ঘঁহি-মাজি ঠিক কৰিবলৈ সময় নাপালেও সাহিত্যৰ সকলো দিশৰ ক্ষেত্ৰত তেওঁৰ আছিল অগাধ অধ্যয়ন৷ সেয়ে তেওঁ নিজে ভাল কবি নহ’লেও কবিতাৰ সমালোচনা কৰা প্ৰসঙ্গত স্পষ্টভাৱে ক’ব পাৰিছিল “লেখিব নেজানিলেও কবিতাৰ সোৱাদ পোৱাৰ ক্ষমতাফেৰি অলপ অচৰপ মোৰ গাত আছে বুলি স্বীকাৰ কৰিবলৈ মোৰ সাহ আছে (বেজবৰুৱা-গ্ৰন্থাৱলী, পৃ. ১৮৬৪)৷ সাহিত্যৰ ক্ষেত্ৰত থকা এই স্পষ্টবাদিতা, দক্ষতা আৰু নিৰ্ভীকতাই বেজবৰুৱাক অদ্বিতীয় ৰূপত অসমীয়া সাহিত্যৰ ‘সাহিত্যৰথী’ হিচাপে সৰ্বকালৰ বাবে সাহিত্যৰ সু-উচ্চ কলচীত অধিস্থিত কৰি ৰাখিছে৷ এতিয়া আমাৰ কাম মাথো সেই কলচীটোৰ মান ৰক্ষা কৰি তেওঁৰ চিন্তা-চেতনাৰ বাটেৰে নিজক আগবঢ়াই নিয়া৷
 
প্ৰসঙ্গ পুথি :
(১) বেজবৰুৱা, লক্ষ্মীনাথ (২০০৫), মোৰ জীৱন সোঁৱৰণ, বাণী মন্দিৰ, হেদায়েৎপুৰ, গুৱাহাটী-৩
(২) হাজৰিকা, অতুল চন্দ্ৰ (সম্পা) (১৯৭০), বেজবৰুৱাৰ গ্ৰন্থাৱলী (দ্বিতীয় খণ্ড), সাহিত্য প্ৰকাশ, গুৱাহাটী-৩
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক