বিশিষ্ট গল্পকাৰ কুল শইকীয়াৰ সতে অন্তৰংগ আলাপ

[ সাহিত্য ডট্ অৰ্গৰ সতে অন্তৰংগ আলাপত এইবাৰৰ অতিথি, বৃত্তিত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ( অতিৰিক্ত আৰক্ষী সঞ্চালক-প্ৰধান, অৰ্থনৈতিক অপৰাধ তদন্ত ব্যুৰ’, অসম), বিশিষ্ট গল্পকাৰ কুল শইকীয়া। শইকীয়াদেৱৰ এতিয়ালৈ ১২ খন চুটিগল্প সংকলন প্ৰকাশ হৈছে। ২০০০ চনত তেখেতলৈ সন্মানীয় “কথা” পুৰস্কাৰ আগবঢ়োৱা হয়। অসমৰ স্থানীয় বাতৰি কাকত-আলোচনীৰৰ লগতে ইংৰাজী কাকত-আলোচনীতো শইকীয়াদেৱে নিয়মীয়াকৈ অৰ্থনৈতিক বিকাশৰ পৰা ব্ৰেণ্ড ব্যৱস্থাপনা, শক্তি পৰিকল্পনাৰ পৰা সাহিত্য সমালোচনা, কূটনৈতিক কৌশল আদি বিভিন্ন বিষয়ৰ সম্বন্ধত নিবন্ধ লিখি আহিছে। টাইমছ অৱ ইণ্ডিয়া, দ্যা টেলিগ্ৰাফ, দ্যা আসাম ট্ৰিবিউন আদি কাকতত তেখেতৰ লেখা প্ৰকাশ পাই আহিছে। তেনেকুৱা কিছুমান নিবন্ধ “Energy Resources and Planning in the North East” আদিৰ দৰে সম্পাদিত গ্ৰন্থতো প্ৰকাশ পাইছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) আদিৰ দৰে ভাৰতৰ আগশাৰীৰ ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষানুষ্ঠানে তেখেতক ব্যৱস্থাপনা, বিকাশৰ সামুদায়িক নিৰ্ণয় ব্যৱস্থা আদি বিষয়ত বক্তব্য ৰাখিবলৈ অতিথি বক্তা হিচাপে নিমন্ত্ৰণ কৰি আহিছে। অসমৰ সামগ্ৰিক বিকাশ আৰু সংবৰ্ধন সম্পৰ্কে প্ৰকাশ পোৱা “Assam: Beyond 2000” নামৰ অৱলোকন নথি-প্ৰকল্পৰ তেখেতো এগৰাকী সম্পাদক আছিল। “Assam Police: Through the Years” নামৰ গ্ৰন্থৰ তিনিজনীয়া সম্পাদনা সমিতিৰ এজন হিচাপে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শইকীয়াদেৱ এজন উচ্চ প্ৰশংসিত নাট্যকাৰো। বহু কেইখন গভীৰ চিন্তোদ্দীপক নাটক লিখাৰ উপৰিও তেখেতে দূৰদৰ্শনৰ বাবে দুখন টেলি-ফিল্মৰ চিত্ৰনাট্য লিখি পৰিচালনাও কৰিছে।


তেখেতৰ জন্ম ১৯৫৯ চনত। দিল্লী স্কুল অৱ ইকোন’মিক্সৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰাৰ পিছত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজত কিছুদিন অৰ্থনীতি পঢ়াইছিল। ১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰাৰ আগতে তেখেতে কিছুদিন পৰিকল্পনা আয়োগত ভাৰতীয় অৰ্থনীতি সেৱাৰ বিষয়া হিচাপে আৰু তাৰ পিছত কিছুদিন ভাৰতীয় ৰে’ল যাতায়ত সেৱাৰ বিষয়া হিচাপেও কাম কৰিছিল। তেখেত বৰ্তমান অসম-মেঘালয় কেডাৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক-প্ৰধান পদত অধিষ্ঠিত হৈ আছে। ২০০০-২০০১ চনত তেখেতে আমেৰিকাৰ পেন্সিলভানিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ত সন্মানীয় ফুলব্ৰাইট সভ্য হিচাপে “নেতৃত্ব আৰু ব্যৱস্থাপনা” বিষয়ৰ পাঠ্যক্ৰম আৰু লগতে “সামুদায়িক বিকাশ আৰু সম্পদ-ব্যৱস্থাপনা” বিযয়ত গৱেষণা কাৰ্যক্ৰম সম্পন্ন কৰে। তেখেতে অলপদিনৰ বাবে ৱাশিংটনত বিশ্ব-বেঙ্কৰ পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভিতৰুৱা জনজাতীয় গাঁৱবোৰত চলি থকা সামাজিক বৈষম্য, অৰ্থনৈতিক বিচ্ছিন্নতা আৰু তাৰ ফলত সৃষ্টি হোৱা সন্ত্ৰাসবাদৰ বিপক্ষে ২০০১ চনৰ আগষ্ট মাহত আৰম্ভ কৰা “প্ৰজেক্ট প্ৰহৰী” নামৰ সামুদায়িক বিকাশ আৰু নিৰাপত্তাজনিত প্ৰকল্পৰ দ্বাৰা তেখেতে উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। আৰক্ষী বিভাগত আগবঢ়োৱা চমকপ্ৰদ সেৱাৰ বাবে তেখেতক দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী সেৱা পদকেৰে বিভূষিত কৰা হৈছে। গুৱাহাটী মহানগৰৰ আৰক্ষী প্ৰধান হিচাপে ১৯৯৬ চনৰ জুলাই মাহত তেখেতে নাগৰিক সমিতি নামৰ সাধাৰণ ৰাইজৰ সমিতি গঠন কৰি অসমত সামুদায়িক নিৰাপত্তাৰ নিৰ্দেশক নমুনাৰ সূচনা কৰে।

সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা শইকীয়া দেৱৰ লগত অন্তৰংগ আলাপৰ আঁত কৰিছে মৃণালজ্যোতি গোস্বামীয়ে। সহযোগী মৃদুল কুমাৰ শৰ্মা আৰু দেৱব্ৰত গগৈ। ]

বাণীবদ্ধ বাৰ্তালাপ
প্ৰথম অংশ


দ্বিতীয় অংশ


তৃতীয় অংশ

সা: অ: খুব সৰুতেই আপোনাৰ ”ৰাৱণ হাবিলদাৰ” নামৰ গল্পটো পঢ়িছিলো। সেই সময়ত সেই গল্পটোৱে চুই গৈছিল। সেই গল্পটো লিখিবলৈ আপোনাৰ মনলৈ কেনে ধৰণৰ ভাব আহিছিল?
কু: শ: ভাববিলাক কি ধৰণে আহে ধৰিবই নোৱাৰো নহয়। কিন্তু মই এই ৰাৱণ হাবিলদাৰ গল্পটো লিখি বৰ ভাল পাইছিলো। আচলতে আমি কাৰ বাবে কাম কৰিছো, কোন আমাৰ লক্ষ্য সেই কাৰক বোৰৰ ওপৰতেই গল্প সমূহ নিৰ্ভৰ কৰে। হয়তো ৰাৱণ হাবিলদাৰ গল্পটোত সেই বস্তুবোৰেই দেখুৱাব বিছৰা হৈছিল।

সা: অ: আপোনাৰ গল্পটোৰ যি মানবীয় আবেদন, সেই আবেদনে মোক চুই গৈছিল। যেন সেয়া আমাৰ জীৱনত ঘটি থকা ঘটনাবোৰহে। আপোনাৰ গল্পবোৰ পঢ়িলে মোৰ ভাব হয় যেন আপুনি মাজে মাজে সুঁতি সলায়। যেনে প্ৰথমতে আপুনি গ্ৰাম্য পটভূমিৰ ওপৰত বেছি গল্প লিখিছিল। তাৰ পিছত আমি মন কৰিছো যে আপোনাৰ গল্পবোৰে নগৰীয়া জীৱনলৈ সুঁতি সলাইছে। এয়া সময়ৰ প্ৰভাব নে ইয়াৰ আঁৰত অন্য কিবা কাৰণ আছে।
কু: শ: তুমি মোৰ গল্পবোৰ বৰ ধুনীয়াকৈ পঢ়িছা দেখোন। ইমান গভীৰভাবে পঢ়া মানুহ মই তেনেকৈ পোৱা নাই। হয় প্ৰথম অৱস্থাত মই প্ৰধানকৈ গ্ৰাম্য পটভূমিৰ ওপৰত বেছিকৈ লিখিছিলো। যেনে তীৰ্থ ডেকাৰ গল্প।

সা: অ: ধৰক তীৰ্থ ডেকাৰ নিৰুদ্দেশৰ পিছৰছোৱা, আখৰ মই আৰু অন্যান্য আদিত এই ধাৰাৰ পয়োভৰ দেখা যায়।তাৰ পিছৰ এই পৰিক্ৰমাটো সলনি হৈ গৈছে।
কু: শ: হয় ঠিকেই কৈছা। সেই সময়ত মই গুৱাহাটীত স্থায়ীভাবে থাকিব লোৱা নাই। অ’ত ত’ত ঘুৰি ফুৰিছো, গাৱঁৰ মানুহৰ লগত ঘুৰি ফুৰিছো। মই নিজেও এখন সৰু ঠাইৰ পৰা অহা। গতিকে চাগে এই কথাবোৰৰেই প্ৰভাব মোৰ লেখাবোৰত পৰিছিল। লাহে লাহে জীৱন সলনি হ’ল। নতুন নতুন মানুহ লগ পালো। চহৰীয়া বা মহানগৰীৰ জীৱনত কাম কৰাৰ অভিজ্ঞতা হ’ল।

সা: অ: ভাষাৰ ক্ষেত্ৰতো একেই কথাখিনি ক’ব পাৰি। প্ৰথমতে আপোনাৰ লেখাবোৰত লোকভাষাৰ প্ৰভাব দেখিছিলো।কিন্তু সাম্প্ৰতিক সময়ত আপোনাৰ লেখাত ইংৰাজী শব্দ, বাক্যৰ প্ৰয়োগ দেখা যায়। এয়াও চাগে আপোনাৰ জীৱন পৰিক্ৰমাৰ পৰিবৰ্তনৰেই ফল।
কু:শ: ঠিকেই। আগৰ গল্পবোৰত গাঁৱৰ কথা লিখোতে তাৰে ভাষা, আদব কায়দাবোৰৰ প্ৰভাব পৰিছিল। তাৰ পিছত চহৰৰ পটভূমিত আহিলো। যদিও গাঁৱৰ মানুহবোৰেই চহৰত আহি থাকিবলৈ ল’লে, তাৰ মাজতো নগৰীয়া আৱহাৱাটো বদলি হৈ গৈছে। ক’ব লাগিব সেইবোৰ কাৰণেই ভাষা, কথোপকথনৰ ভঙ্গী, পৰিবেশ সকলোখিনিয়েই বদলি হৈ গ’ল। উপস্থাপন শৈলী বদলি গৈছে। মোক বহুতে কয় যে মোৰ লিখনিত ক’মাৰ পয়োভৰ বেছি, বাক্যবোৰ দীঘল দীঘল হয়। কিছুমান বাক্য আধৰুৱাকৈ ৰৈ যায় বুলি কয়।

সা: অ: এয়া যে আপুনি ক’লে কিছুমান বাক্য আধৰুৱাকৈ ৰৈ যায়, এয়া কিহৰ প্ৰভাব বাৰু? মনৰ মাজত ঘটি থকা ঘটনাটোৰ বাবে, নে সময়ৰ প্ৰভাব, নে আপোনাৰ চাকৰি জীৱনৰ ধৰণৰ বাবে। যিহেতু আপোনাৰ চাকৰিটো অলপ বেলেগ ধৰণৰ।
কু:শ: আচলতে কথা বোৰ তেনে নহয়। ধৰা আমি যে এতিয়া কথা পাতি আছো, যদিও তুমি মোৰ সৈতে কথা পাতি আছো, আমি সকলোৱে কিন্তু নিজা নিজা দুনিয়াত আছো। হয়তো তুমি ভাবি আছা যে মই আজি ৰাতি দহটাৰ আগত যেনে তেনে ঘৰ পাবই লাগিব। আচলতে এই ধৰাত সকলোৱে এক নিজস্ব জগতত বিচৰণ কৰি থাকে, আৰু আমাৰ ভাববোৰ সদায় আধৰুৱা। আমাৰ মনবোৰ আচলতে বৰ অস্থিৰ।

সা: অ: সাম্প্ৰতিক সময়ত মানুহৰ এই অস্থিৰতা ভাবটো বেছি হোৱা বুলি আপুনি ভাবে নেকি?
কু:শ: ঠিক তেনেকৈ ক’ব নোৱাৰো। ইয়াত মই অস্থিৰতা মানে অশান্তি বুলি বুজাব খোজা নাই। আচলতে আমি ইমান বিভিন্ন প্ৰকাৰৰ চিন্তা কৰো যে কোনোটোৱেই সম্পূৰ্ণকৈ আমাৰ মনলৈ নাহে। আচলতে মোৰ লেখাৰ ক্ষেত্ৰটো তেনেকুৱাই হয়। ইমান কথা ভাবো, কিন্তু লিখাৰ ক্ষেত্ৰত দুটামান বাক্যহে ওলাই আহে। কেতিয়াবা হয়তো শব্দৰ অভাবো এক কাৰণ হ’ব পাৰে।
বহু বছৰ আগতে মই ‘মন’ নামেৰে এটা গল্প লিখিছিলো। আচলতে মানুহৰ মনটো ক’ত থাকে, এয়াই আছিল গল্পটোৰ মূল থীম। আজিকালি বিজ্ঞানৰ ভাষাত কোৱা হয় মগজুৱে সকলোৱে কাম কাজ নিৰ্ধাৰণ কৰে। গল্পটো বিদেশত থকা এজন ডেকা ল’ৰাৰ জীৱনক লৈ। তেখেতৰ মাক-দেউতাক লগতে থাকে। তেঁওলোকে সদায় নিজৰ ঘৰলৈ ঘুৰি যাব বিছাৰে, নিজৰ ঘৰৰ কথা কৈ থাকে।এদিন দেউতাকৰ মগজুৰ কিবা এক অপাৰেচন কৰিব লগা হ’ল। তেতিয়া ল’ৰাজনে ভাবিলে যদি তেওঁ যদি দেউতাকৰ ব্ৰেইন ট্ৰেন্সপ্লান্ট কৰি এজন সেই দেশৰ মানুহৰ মগজু দেউতাকৰ তাতে সংস্থাপিত কৰিব পাৰে তেতিয়া দেউতাকে হয়তো নিজৰ দেশৰ কথা পাহৰি যাব আৰু পুনৰ দেশলৈ ঘুৰি যোৱাৰ কথা নক’ব। যথাসময়ত অপাৰেচন হ’ল আৰু সেই দেশৰ এজনৰ মগজু দেউতাকৰ তাতে সংস্হাপিত হ’ল। জ্ঞান পাই দেউতাকে কবলৈ কৰিলে যে তেঁওৰ সাগৰৰ জোৱাৰ ভাল লাগে, চাৰ্ফিং কৰি ভাল লাগে। মুঠতে তেওঁ সকলোবোৰ সেই দেশৰ কথা ক’বলৈ আৰম্ভ কৰিলে। দেউতাকৰ এই নতুন ব্যৱহাৰত পুতেক যথেষ্ঠ আনন্দিত হ’ল। এটা অপাৰেচনে দেউতাকৰ মনটোৱেই বদলাই দিলে। মানুহৰ মনটোৱে কিহৰ ওপৰত ভিত্তি কৰি কাম কৰে তাকে বিশ্ববাসীক জনাবলৈ পুতেক জনে লগে লগে এখন প্ৰেছ মীট পাতিলে। এইফালে মাক গৰাকীয়ে এই কাৰ্য্যত যথেষ্ঠ দুখ পালে। মগজুৰ সলনিৰ লগে লগে দুয়োৰে ইমান বছৰৰ স্মৃতি বোৰ নোহোৱা হৈ গ’ল। তেতিয়া তেওঁৰ স্বামীয়ে তেওঁক মাতি ক’লে, ‘ তুমি একো চিন্তা নকৰিবা, মই একো পাহৰিব পৰা নাই, মগজুটো বদলাই দিলে । কেনেকৈ পাহৰি যাম মোৰ পুৰণা স্মৃতি বোৰ। কেৱল আমাৰ পুত্ৰৰ সুখ দেখিবলৈহে মই সকলো পাহৰি যোৱাৰ ভাও ধৰিছো।

সা: অ: আপুনি ক’লে যে আপুনি এখন সৰু ঠাইৰ পৰা অহা। আপুনি ভাবেনে আপুনি এজন লেখক হোৱাৰ যি প্ৰক্ৰিয়া সেই ক্ষেত্ৰত আপোনাৰ সেই গাঁৱৰ পৰিবেশ, পৰিস্থিতি আদিয়ে আপোনাক গঢ় দিয়া বুলি আপুনি ভাবেনে?
কু:শ: তেনেকুৱা ভাব নিশ্চয়কৈ হয় কাৰণ আমাৰ চাৰিওফালে ঘটি যোৱা বিভিন্ন ঘটনাৰ ওপৰত ভিত্তি কৰিয়েই আমি লিখো।কেৱল সেয়াই নহয়, আমি ফেণ্টাছীৰ ওপৰত ভিত্তি কৰিও লিখো। সেইবোৰো আমাৰ গল্পৰ ভিত্তি হ’ব পাৰে।গতিকে মই ভাবো যে তুমি কোৱা কথাটো নোহোৱা নহয়। সেই পৰিবেশটোৱে নিশ্চিতভাবে প্ৰভাব পেলাইছিল। যেনে ধৰা এটা সৰু কথা কৈছো, আমি পঞ্চম-ষষ্ঠ মান মানত থাকোতে সদায় আবেলি স্কুল চুটিৰ পিছত কেইজনমান লগ লাগি ওলাই যাও। আমি প্ৰত্যেকেই এখন কিতাপৰ এটা এটা পেৰেগ্ৰাফ পঢ়ি আহিব লাগিব, আহি আমি তাতে আলোচনা কৰিব লাগিব। তেতিয়াই আমি লগ লাগি ‘ৰঙিয়া চেমনীয়া সাহিত্য চৰা’ নামেৰে এটা অনুষ্ঠান খুলিছিলো। প্ৰত্যেক শনিবাৰে স্কুল চুটিৰ আমি ত্ৰিশ জন মান গোট খাইছিলো, তাত আমি প্ৰত্যেকেই নিজে লিখা গল্প, কবিতা পাঠ কৰিব লাগিছিল। আৰু পাঠ কৰি উঠি আমি কব লাগিছিল আমি কিয় সেইটো লিখিলো আৰু তাৰ দ্বাৰা আমি কি বুজাব বিচাৰিছো। তেনেকুৱা এক পৰিবেশত আমি ডাঙৰ হৈছিলো। মই যেতিয়া দিল্লীত পঢ়ো, তেতিয়া ইয়াৰ শততম বৈঠকখনত ভাগ ল’বলৈ মই দিল্লীৰ পৰা আহিছিলো।

সা: অ: এই যে ক’লে আপোনালোকে গল্পৰ আঁৰৰ কথাবোৰ কৈছিল, এতিয়া কেতিয়াবা ভাব হয়নে যে আপুনি গল্পৰ আঁৰৰ কথাবোৰ কোৱা উচিত বা ক’ব লাগিছিল?
কু:শ: বৰ সুন্দৰ কথা ক’লা। আচলতে কথাবোৰ এনেকুৱা হয় যে নাটক এখনৰ গ্ৰীণ ৰুমৰ কথাবোৰ বেছি ইন্টাৰেষ্টিং। ধৰা কোনোবাৰ চাহ কাপ ঠাণ্ডা, কোনোবাই চিংৰা খাবলৈ নাপালে।গ্ৰীণ ৰুমৰ পৰিবেশটোৱেই আচলতে লিখকৰ মনৰ ভিতৰখন। কেতিয়াবা ভাব হয় গ্ৰীণ ৰুমৰ সেই ভিতৰখন কৈ দিব পৰা যায় নেকি। আকৌ ভাব হয় গ্ৰীণ ৰুমৰ কথাখিনি কৈ দিলে গ্ৰীণৰুমটো সেই গ্ৰীণৰুম হৈ নাথাকিব নেকি। তথাপি ক’ব লাগিব বহু সময়ত এটা গল্পৰ জন্ম কাহিনী গল্পটোত্কৈও ডাঙৰ হৈ পৰে। কালি মোক এজন ব্যক্তিয়ে ফোন কৰিছিল। তেওঁ মোৰ ‘কেনে আছা’ নামৰ গল্প এটা পঢ়ি ভাল পায় ফোন কৰিছিল।তেওঁ মোক গল্পটোৰ আঁৰৰ কাহিনী সোধা নাই, মই নিজেই তেওঁক ক’লো। মই এটা কাৰ্টুন দেখিছিলো, তাৰ ওপৰত মই লিখিছিলো। চমুকৈ কাহিনীটো কৈছো। মানে এহাল বয়্সস্থ দম্পত্তীৰ কথা। তেওঁলোকে সদায় পাৰ্ক এখনলৈ প্ৰাতঃ ভ্ৰমণলৈ যায়। তাত পুখুৰী আদি আছে। বিভিন্ন পৰিভ্ৰমী চৰাই তালৈ আহে। ৩৬,০০০ কিলমিটাৰ দূৰৰ পৰা আহে। এই বয়সিয়াল দম্পত্তীহালৰ লাহে লাহে এই চৰাইজাকবোৰৰ সৈতে আত্মীয়তা গঢ়ি উঠিল। প্ৰতি বছৰে এই একেই পৰিভ্ৰমী চৰাইজাক বোৰ আহে। গতিকে তেওঁলোকে চৰাইবোৰৰ নাম দি লৈছিল, যেনে ইনা, মিনা ইত্যাদি। তেওঁলোকে সেই নামেৰে মাতিলে চৰাইবোৰ ওছৰ চাপি আহে।এইবাৰ কি হ’ল, সেই বয়্সীয়া মানুহ্জন যোৱা দহদিন ধৰি পাৰ্কলৈ যোৱা নাই।তেতিয়া তেখেতৰ ঘৰুৱা কাম বন কৰা মানুহজনে ভাবিলে যে আজি মই চাৰক জগাই মেলি হ’লেও পাৰ্কলৈ পঠিয়াই দিম। আচলতে দহদিন পুৰ্বে তেখেতৰ পত্নীৰ মৃত্যু ঘটিছিল আগতে দুয়ো সদায় একেলগে গৈছিল। এতিয়া পত্নীৰ মৃত্যুৰ দুখত তেওঁ তালৈ যোৱা নাই। লগুৱা জনে ৰাতিপুৱা তেওঁক জগাবলৈ গৈ দেখিলে যে বুঢ়া মানুহজন গায়ে মুৰে কম্বল লৈ আছে, তেওঁৰ টোপনি অহা নাই। কোঠাটোৰ খিৰিকী খন খোলা। আৰু গোটেই কোঠাটো সেই পৰিভ্ৰমী চৰাইবোৰেৰে ভৰ্তি। ইনা নামৰ চৰাইজনীয়ে কৈ আছে, ‘আপুনি কেলেই উঠা নাই? আপুনি যাব লাগে নহয় আমাৰ লগত। আপুনি যায় বাবেহে আমি ইমান দূৰৰ পৰা আহো। আপোনাৰ দেশত আমি আপোনালোকক চাবলৈহে আহো।আপুনি আহে বাবেহে আমি আহো, যদি আপুনি নাহে তেন্তে অহা বছৰৰ পৰা আমি আৰু নাহো।’
ইয়াতেই গল্পটো অন্ত পৰে। ধৰিব পাৰিছানে?

সা:অ: অতীজলৈ ঘূৰি যোৱাৰ প্ৰৱণতা নেকি বাৰু এইটো?
কু:শ: বহুত বেছি মোৰ নিজৰেই।

সা:অ: তাকেই ভাবিছোঁ। আপোনাৰ গল্পৰ কাহিনীটো শুনি মোৰ এনে লাগিল যেন অতীজলৈ ঘূৰি যোৱাৰ যিটো প্ৰৱণতা থাকে আমাৰ, যে পুৰণি দিনৰ যিবোৰ সম্পৰ্ক সেইবোৰ আজিৰ দিনৰ যান্ত্ৰিক দিনৰ সভ্যতাই ঘূণে ধৰাইছে আৰু আমাক ইজনৰ পৰা সিজনক বিছিন্ন কৰি পেলাইছে। আজিৰ সময়ত মানুহে মানুহক মাৰি পেলাবলৈ একেবাৰে সহজ হৈ পৰিছে। সেইবাবেই ক’ব নোৱাৰাকৈ সেই জীৱ-জন্তু বিলাকৰ মাজত আমি নিজকে বিচাৰি পাওঁ বা পুৰণি দিনৰ কাহিনীবোৰ আজিৰ পটভূমিত পেলাই আপুনি লিখে যেন মোৰ ভাৱ হ’ল।
কু:শ: একদম ঠিকেই কৈছা। কিন্তু মোৰ মনলৈ এই ভাৱটো আহে হঠাতে এটা কাৰ্টুন দেখি। কাৰ্টুন এটাত দেখিছোঁ মানুহ এজন শুই আছে আৰু তেওঁৰ চাৰিওফালে চৰাই এজাক উৰি আছে। তুমি কোৱা কথাটো হয়, মোৰ প্ৰত্যেকটো গল্পত তুমি যদি চোৱা মেইন Protagonist বা Character জনে Is living in the past. মানে প্ৰত্যেকটো মুহূৰ্ত্ততে সি অতীততে থাকে। আকৌ Suddenly he comes back. সেইকাৰণেই মোৰ কোনোটো গল্পত কোনো দেশ বা বিদেশৰ নাম নাই। কোনো সময়ৰ কথা নাই। Time আৰু Spaceৰ কোনো উল্লেখ নাই।

সা:অ: আপুনি জানি বুজিয়েই কৰে নে এনেকুৱা?
কু:শ: মই জানি বুজিয়েই কৰোঁ। এইকাৰণেই কৰোঁ Time বা Space দিয়াৰ লগে লগে আমাৰ Thought Process টো অলপ Limited হৈ যায়। উদাহৰণ স্বৰূপে এই চৰাইৰ গল্পটোৰ কথাই ধৰা, মই ভাবো যে যদি মই কোনো দেশ বা কোনো ঠাইৰ কথা কৈ দিও তেতিয়াহ’লে এই Thought Process টো অলপ হ’লেও কাটি যায়। বহুত গল্প মই বিদেশৰ পটভূমিতেই লিখিছোঁ যদিও ক’তো দেশখন কি সেইটো লিখা নাই।

সা:অ: নাটকৰ কথা কৈছিল। গ্ৰীণ ৰূমৰ কথা! গোবৰ্ধন! শ্ৰীৰাম চেণ্টাৰত গোবৰ্ধন নাটকখন কৰাৰ উপৰিও আন কেইবাখনো নাটক কৰিছিল। আৰু শেহতীয়া ভাৱে আপোনাৰ “মহাপ্ৰলয়লৈ মাথো এঘণ্টা এইখন নাটকো! নাটক লিখাৰ প্ৰক্ৰিয়াটো বা নাটক লিখিবলৈ আপোনাৰ কিয় মন গ’ল?
কু:শ: স্কুলত ষষ্ঠ-সপ্তমমানত থাকোতেই নাটক লিখিবলৈ আৰম্ভ কৰিছিলোঁ। এই নাটকৰ কৃষ্টিটোৱেই বৰ ধুনীয়া লাগে। গল্প এটা লিখিলে আমি নিজৰ মনৰ ভিতৰতে চাব লাগিব পঢ়ুৱৈ হিচাপে। এতিয়া নাটক এখন লিখাৰ লগতে দেখুৱাই দিছো যে এনেকুৱা হ’ব। ধৰিব পাৰিছানে কথাটো! নাটকত Visual Impactটো বৰ সুন্দৰকৈ আনি দিব পাৰি।

সা:অ: মামনি ৰয়ছম গোস্বামী বাইদেউৰ সান্নিধ্য লাভ কৰিছিল আপুনি।
কু:শ: অ’ বাইদেউক পাইছিলো। ভালকৈয়ে পাইছো বাইদেউক বহু বছৰ। ১৯৭৬ বা ১৯৭৭ তেনেকুৱা ধৰণৰ সময়তেই।

সা:অ: কেনে অনুভৱ হৈছিল। এতিয়া বাইদেউ নাই আমাৰ মাজত। এতিয়া বাইদেউ নাইকিয়া হোৱাৰ অনুভৱটো বা বাইদেউৰ অৱৰ্তমানত আপোনাৰ সাহিত্য চৰ্চা কৰাৰ পৰিক্ৰমাৰ অনুভৱটো কেনে?
কু:শ: বাইদেৱে পঢ়াইছিলে আচলতে মোক দিল্লী বিশ্ববিদ্যালয়ত। তাত আমি পঢ়ি থাকোতে অসমীয়া বিষয়টো বাইদেৱে পঢ়াইছিলে আমাক। পঢ়োৱা শিক্ষক হোৱাৰ উপৰিও বাইদেউৰ যি সান্নিধ্য পাইছিলো বা বাইদেৱে যি ধৰণেৰে Encourage কৰে সেইটো বৰ ভাল লাগে। বাইদেউৰ লিখা মেলাৰ উপৰিও শিশু সুলভ মন এটা আছিল। অকৃত্ৰিম মন এটা। কেতিয়াবা বাইদেৱে ফোন কৰি ক’ব “কুল আহাচোন বিৰাট ডাঙৰ কথা এটা আছে”। মইয়ো পটাপট যাম আৰু তাৰপাছত বাইদেৱে ক’ব “তোমাৰ লগত আচলতে বহুদিন কথা পতা নাই যে সেইকাৰণে মাতিছো আকৌ”। আকৌ সুধিব, “তুমি ডি এচ পি কেতিয়া প্ৰমোচন পাবা?” তেতিয়া মই ইতিমধ্যে ডি আই জি। বাইদেউক তেতিয়া মই কওঁ ডি আই জিটো অলপ পাছতহে হয়। বাইদেৱে কয়, ”অ’, হয়নেকি, হবদিয়া৷ বৰ ভাল কথা”৷ বাইদেউৰ ঘৰত কোনোবা মানুহ বহি থাকিলেও চিনাকি কৰাই দিব, “এইজন কুল শইকীয়া পুলিচৰ ডাঙৰ অফিচাৰ দেই, তেওঁ ইন্সপেক্টৰ হয়।“

সা:অ: সময়, মানে Time Management আপুনি কি ধৰণে কৰে। এই চাকৰি,লেখা আৰু বিভিন্ন সামাজিক কাম-কাজ!
কু:শ: তুমি কোৱা এই কথাষাৰ বহুতেই সোধে। এই চাকৰি জীৱনটোতটোত ব্যস্ত থকাৰ পাছতো মই এটাই দেখা পাওঁ যে আচলতে সময়টো এটা ইমান ইলাষ্টিক বস্তু যে পৃথিৱীত যদি তুমি চোৱা, উদাহৰণস্বৰূপে উইনষ্টন চাৰ্চিল, তেওঁটো এখন ৱৰ্ল্ডৱাৰ চলাইছিল আৰু তেৱেঁই আকৌ নোবেল বঁটা পাইছিল সাহিত্যত। World Historyৰ ওপৰত তেওঁ যিমান লিখিছে ইমান বঢ়িয়াকৈ! তেওঁতো এখন দেশৰ প্ৰধানমন্ত্ৰী হৈ এখন World War চলোৱা মানুহ! তেওঁ ক’ত সময় পালে? জৱাহৰলাল নেহৰুৱে ইমান ডাঙৰ ডাঙৰ কিতাপ লিখিবলৈ ইমান সময় ক’ত পালে? গতিকে মই ভাবোঁ সময়টো আচলতে সকলোৰে কাৰণে সমানেই থাকে। তাৰ মাজত সময় পোৱাই যায়, সময় পাবই।

সা:অ: এটা কথা কোৱা যায়, ব্যস্ত মানুহৰ সময়ৰ অভাৱ নাই। যি মানুহ এলেহুৱা তাৰ সময়ৰ বৰ অভাৱ।
কু:শ: এনেকুৱাই হয়। মই যেতিয়া বেছি ব্যস্ত পদত আছিলো তেতিয়া মই বেছি লিখিছিলো।

সা:অ: মোৰ আচলতে ভাৱ হয় মাজে মাজে, যি সকলে লিখা-মেলা কৰি থাকে তেখেতসকলক চাওঁ যেতিয়া ব্যস্ত থকা যায় তেতিয়া আন বেলেগ কামবোৰো হৈ থাকে। আৰু যেতিয়া একো কাম নাথাকে, আলস্যই জুমুতি দি ধৰে৷
কু:শ: হয়। Damage Brain হয় তেতিয়া।

সা:অ: Project প্ৰহৰী! এই প্ৰকল্পটোৰ লগত আপুনি জড়িত। ইয়াৰ লগত কেনেকৈ জড়িত হৈ পৰিল বা এই প্ৰকল্পটোৰ বিষয়ে অকণমান ক’ব নেকি?
কু:শ: মই ২০০০চনৰ পৰা ২০০১ চনলৈকে আমেৰিকাত আছিলো। তাতে মই Developmental Program এটাৰ ওপৰত অধ্যয়ন কৰি আছিলো। যেনে ধৰা এই যে Change Agent যাৰ দ্বাৰা সমাজ এখনত পৰিৱৰ্তন আনিব পৰা যায় বা সামাজিক উন্নয়ন কেনেকৈ কৰিব পাৰি সেইটোৰ ওপৰত মই এটা Research Paper লিখিছিলো। তাৰপাছত মই যেতিয়া বিশ্ব বেংকত কাম কৰো তেতিয়া সেই মডেলটোৰ আৰু Develop কৰো। তাৰপাছত Washingtonৰ পৰা আহি যেতিয়া কোকৰাঝাৰত ডি আই জি হ’লো, তেতিয়া পুৰণি কেচবিলাক চাওঁতে দেখা পাইছিলো যে এইটো এলেকাত ডাইনী হত্যাৰ ওপৰত বহুত কেচ হৈছে। দেখা পাইছিলো যে এইবিলাক কেচ য’ত মানুহে খোলাকৈ কৈছে যে আমি মাৰিছো। কিন্তু গোটেই অপৰাধটো এনেকুৱা লাগিল যে, তাৰ বৈশিষ্ট্য এনেকুৱা যে গাঁৱৰ প্ৰায়বোৰ মানুহ লগ লাগি যি সিদ্ধান্ত লৈছে যে যি ডাইনী আছে তাক আমি মাৰিম। তাৰপাছত তেওঁলোক লগ হৈ মিটিং আদি পাতি লগ হৈ মানুহ গৰাকী বা মানুহজনীক হত্যা কৰে বা খেদি পঠালে। আটাইতকৈ ডাঙৰ কথাটো হ’ল ইয়াত তেওঁলোকৰ যিটো সামুহিক শক্তি, মানে গোটেই গাওঁখনৰ মানুহ লগ হৈ পৰিছে। কিন্তু কামটো যিটো কৰিবলৈ ওলাইছে সেইটো এটা অপৰাধ। তেতিয়া মই ভাবিলো এই সামুহিক শক্তি কিবা ভাল কামত লগাব পাৰি নেকি! গোটেই প্ৰহৰী প্ৰকল্পটোৰ মূল কথাটোৱেই সেইটো, কেনেকৈ আমি Destructive শক্তি বিলাকক ভাল কামলৈ লৈ যাব পাৰো।

সা:অ: এইখিনিতে মনত পৰিলে কথা এটা। মাজতে মই ফেচবুকত আপডেট এটা দিছিলো, যে শক্তিৰ ধ্বংস নহয়, ৰূপান্তৰ হে হয়। সেই শক্তিটোক যোগাত্মক দিশত কি ধৰণেৰে লৈ যাব পাৰি সেইটোহে আচল কথা।
কু:শ: যেতিয়া মই গম পাইছিলো যে মই যোৱাৰ আগতেই থাইকাগুড়ি বোলা গাওঁখনৰ পাঁচজনকৈ মানুহ মাৰিছিল আৰু গাওঁখনৰ মানুহখিনি বিৰাট সুখী। তেতিয়া মই গম পাইছিলো যে যদি মই তেওঁলোকক কওঁ যে তোমালোকে মানুহ নামাৰিবা তেতিয়া তেওঁলোকে কেতিয়াও বিশ্বাস নকৰে। এই যে বিশ্বাস এটা Tradition, Custom হিচাপে চলি আহিছে সেইটো মই একেদিনাই বন্ধ কৰিব নোৱাৰো। গতিকে তেওঁলোকৰ এই বিশ্বাস টোৰ পৰা যিখিনি ধ্বংসাত্মক কাম হৈছে সেইখিনি আমি বদলাই দিব পাৰো নেকি! প্ৰহৰীৰ মুখ্য উদেশ্যই হ’ল এইটো। প্ৰহৰীৰ প্ৰ মানে প্ৰগতি, হ মানে হকে, ৰী মানে ৰাইজ! প্ৰগতিৰ হকে ৰাইজ, People for Progress! তাত কোনোদিনেই ক’ব বিচৰা নাছিলো যে ডাইনী হত্যা নকৰিবা, আমুকটো নকৰিবা! Negative নাই তাত। নকৰিবাটো আচলতে তেওঁলোকে ঠিৰাং কৰিব লাগিব এটা সময়ত যে কৰিব নালাগে এইটো কাম। যেতিয়া গাঁওৰ মানুহখিনি নিজেই এই উন্নয়নমূলক কাম-কাজত নিয়োজিত হ’ব তেতিয়া তেওঁলোকে নিজেই গম পাব যে এইবিলাক তেওঁলোকে কি কাম কৰি আহিছিলে আগতে। ওলোটা ফালৰ পৰা আচলতে তেওঁলোকক বুজোৱা হৈছে। উন্নয়নৰ ফালৰ পৰা গৈ বিচাৰি লোৱা যায় আচল পথটো। আমি আচলতে ওপৰৰ পৰা Spoon Feeding নকৰাই তলৰ পৰা কৰিবলৈ Approach কৰিছিলো। আমি কোনো এক পইচাও খৰচ কোনো গাঁৱত নকৰিলো। তেওঁলোকৰ গাঁৱত যি Resource আছে সেইখিনিৰেই কাম কৰিব। বিভিন্ন চৰকাৰী আঁচনি ব্যৱহাৰ কৰি Empowerment কৰা হ’ব। তুমি জানি আচৰিত হ’বা যে এগৰাকী তিৰোতাই গাঁও এখনৰ ভিতৰৰ পৰা পোষ্টেল পি চি অ’ এটাৰ পৰা মোলৈ ফোন কৰিছে। ২০০৬ চন মানৰ কথা। সেই সময়ত মোবাইল ফোন তেনেকৈ গাঁৱলৈ অহাই নাই। ফোন কৰি মোক নিজৰ চিনাকি দি কৈছে যে Central Governmentৰ এটা Scheme আছে Textile Industriesৰ কাৰণে, সেইটো আমি কেনেকৈ পাব পাৰো! এইয়াহে Empowerment। দুটা কথাত মোৰ ভাল লাগিল। প্ৰথম তেওঁ জানিব খুজিছে কথাটো যে ইয়াৰ দ্বাৰা কিবা সুবিধা পাব পাৰি নেকি। দুই নম্বৰ কথাটো হ’ল আই জি পি এজনক ইমান ৰাতিপুৱাই যি কোনো মানুহেই ফোন কৰিবলৈ ভাল নাপাব, সংকোচ কৰিব। কিন্তু এইগৰাকী তিৰোতাই কৈছে, তেওঁ কিয় ফোন নকৰিব! এই Empowerment টো যেতিয়াই আহিব তেতিয়াই তুমি গম পাবা যে সেইখন গাঁৱত পৰিবৰ্তন বা Transformation অৱশ্যম্ভাৱী। মোৰ মূল উদ্দেশ্যই আছিল এইটো।

সা:অ: এই যে পৰিৱৰ্তনৰ কথা ক’লে, মোৰ এটা কথা মনলৈ আহিছে। আপুনি আই আই এম বা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আদিত ভাষণ দিবলৈ যায়। তাতে সেই শিক্ষানুষ্ঠানবোৰৰ যি Infrastructure তাৰ তুলনাত অসমৰ শিক্ষানুষ্ঠানৰ Infrastructure বহুখিনি কম। পৰিৱৰ্তন আহিছে যদিও বহু সময় লাগিছে। আপোনাৰ কি ধাৰণা?
কু:শ: আচলতে নহয়। পৰিৱৰ্তন আহোতে বিলম্ব হৈছে যদি ল’ৰা-ছোৱালীবোৰ বাহিৰলৈ ওলাই গৈ পৰিৱৰ্তনটোক সাৱটি লৈছে। তোমালোকৰ নিচিনা ল’ৰা-ছোৱালীবিলাকেই ইমান সুন্দৰ কাম এটা কৰি আছা তাৰ ফলত তো তোমালোকে একো ৰেভিনিউ পোৱা নাই। মানসিক শান্তি এটাহে পাইছা। ৰাইজৰ কাৰণে কাম কৰাৰ যি মানসিক শান্তি সেই শান্তিটো তোমালোকক এইবিলাক কামেহে দিছে। এই মানসিক শান্তিৰ কাৰণেইতো তুমি ইমান দুৰৰ অৰুণাচলৰ পৰা গাড়ী চলাই আহিছা! তাৰ কাৰণে কি পইচা পাবা তুমি? বৰঞ্চ নিজৰ পকেটৰ পৰাহে যাব। এইটোৱেই পৰিৱৰ্তন। সূৰ্যটো আমাৰ ফালে নাহিলেও নিজেই সূৰ্য বিচাৰি যোৱাৰ নিচিনা। এইটো বৰ ডাঙৰ Trend.

সা:অ: আজিৰ যুৱ প্ৰজন্মই পৰিৱৰ্তনৰ কাৰণে নিজেই বাট বিচাৰি লৈছে।
কু:শ: হয়। নিজেই বিচাৰি লৈছে। বহুতে কয় যে ইমান ল’ৰা-ছোৱালী বাহিৰত পঢ়িবলৈ গুচি যোৱাটো আমাৰ লোকচান। কিন্তু বিশ্বৰ নিজৰ প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ, জীয়াই থাকিবলৈ নিজকে প্ৰস্তুত কৰিবই লাগিব। নিজকে যোগ্য কৰি তুলিব লাগিব। সেইটো কিন্তু আমাৰ ল’ৰা-ছোৱালী বিলাকে নিজেই আজুৰি ল’ব জানিছে।

সা:অ: এইটো নিশ্চয় যোগাত্মক দিশ।
কু:শ: একদম। মোৰ মাজে মাজে ভাব হয় কেতিয়াবা এই Economics এই হওক, Political Science এই হওক বা যিকোনো Social Science বা Science বা বিজ্ঞানতেই হওক আমাৰ অসমীয়া ল’ৰা-ছোৱালীয়ে ভাল কৰিলে আমাৰ অঞ্চলটোৰ নাম হয়। ধৰা আমাৰ ইয়াৰে কোনোবা এজন গৈ দিল্লী বিশ্ববিদ্যালয় বা বাহিৰৰ কোনোবা বিশ্ববিদ্যালয়ত আছেগৈ, সেইটো আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা। বৰ ভাল লগা সাংঘাতিক কথা।

সা:অ: আজিৰ যুৱ প্ৰজন্মই এটা ভাল দিশত গতি কৰি আছে।
কু:শ: তাতেও কেইটামান ল’ৰা-ছোৱালীয়ে বেয়া কাম কৰিবই। অপৰাধ কৰিব বা কিবা বদমাচি কাম কৰিব। এইটোৰ সংখ্যাটো একদম কম। সেহঁতৰ বেছি প্ৰচাৰ হয় কাৰণেই আমি ভাবো কিজানি গোটেই প্ৰজন্মটোৱেই নষ্ট হোৱা বুলি। এইটো একদম ভুল কথা। দুই-চাৰিটা ল’ৰা-ছোৱালীয়ে ক’ৰবাত কিবা বদমাচি কৰিলেই এনেকুৱা ধৰণেৰে প্ৰচাৰ হয় যে তাৰফলত আমি গোটেই প্ৰজন্মটোকেই দোষ দিবলৈ ধৰোঁ।

সা:অ: আজিকালি Visual Media বোৰেও এই কথাবোৰেই বেছিকৈ দেখুৱায়।
কু:শ: হয়। এই কথাটো লৈ মই প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাতে লিখিছিলো, আমি কি চাব বিচাৰো বুলি। তাতেই লিখিছিলো নৰৱেত কেনেকৈ সলনি হৈছে অমুকত কেনেকৈ সলনি হৈছে। আমেৰিকাৰ দেনভাৰত যে গুলিয়াগুলি হৈছিল তাৰ গাঁৱৰ মানুহখিনিয়ে গৈ যিজন ল’ৰাই গুলিয়াইছিল তাৰ ফটো নুলিয়াবলৈ Mediaত অনুৰোধ কৰিছেগৈ। কাৰণ তাৰ ফটো ওলালে বেলেগ কোনোবাও অনুপ্ৰাণিত হ’ব পাৰে। গতিকে টিভিত তাৰ ফটো নুলিয়ালে। কম ডাঙৰ কথানে! কিন্তু আমাৰ ইয়াত চাব নোখোজা কথাবোৰহে দেখা পোৱা যায়।

সা:অ: হয় হয়। বেছিকৈহে কয়। কালিৰ কোনোবা এটা টিভি চেনেলত নিজেই দেখিছো হামৰেণত ঢুকোৱা পুলিচ অফিচাৰ এজনৰ লগৰ জনক সুধিছে যে আপোনাৰ কি অনুভৱ হৈছে। আচলতে সেই সময়ত এনেধৰণৰ প্ৰশ্ন সোধাৰ কোনো যুক্তিয়েই নাই।
কু:শ: মানুহৰ দুখটোক Public Broadcast লৈ লৈ যোৱাটো উচিত নহয়। Media Ethics নহয় এইটো।

সা:অ: আপোনাৰ বাৰু মনত এনেকুৱা ভাব আছে নেকি যে বহু বছৰ আগতে একোটা গল্প অথবা নাটকৰ কথা ভাবি থৈছিলে কিন্তু লিখিব পৰা নাই?
কু:শ: তেনেকুৱা দেখোন মনত নপৰে৷ যিটো মনত আহে প্ৰায় লিখিছোৱেই মানুহৰ তাগিদাত৷ যাৰ ফলত মনত যি আহে লিখাই যায়৷ কিন্তু তুমি কোৱা কথাটো সঁচা যে বহুত ক্ষেত্ৰত এনেকুৱা কিছুমান গল্পৰ কাহিনী মনলৈ আহে, অথবা চিন্তা কৰি থকা যায়৷ সেইবোৰ আকৌ পাহৰাও যায়, কেতিয়াবা আকৌ হঠাৎ নিশা মনলৈ আহে সেই কাহিনীবোৰ আৰু পিছদিনা পুৱা লিখি পেলোৱা যায় গল্পটো৷ তেনেকৈ অসন্তুষ্টিৰ ভাব এটা মনত থাকিয়েই যায় সকলো গল্পতেই যে সেইটো আৰু অলপ ভালদৰে লিখিব পৰা গ’লহেঁতেন!
সা:অ: এইটোৱে আপোনাক আচলতে লেখক হিচাপে জীয়াই ৰাখিছে৷ নহ’লেতো আপোনাৰ অন্বেষণেই শেষ হৈ যাব৷
কু:শ: হয়, তুমি ঠিক কথাই কৈছা৷ Journey is important than destination, গন্তব্যস্থান পোৱাৰ পাচত আৰু কোনো মূল্য নাথাকে৷ গতিকে এই লেখা-মেলাৰ যাত্ৰাটোৱেই ম‍ই ভাল পাওঁ৷

সা:অ: এই যে আপুনি লিখে, ইতিমধ্যেই আপুনি কৈছে যে ভাব এটা মনত গেৰাই থয় আৰু পাছত তাক গল্পৰ আকাৰ দিবলৈ চেষ্টা কৰে৷ গতিকে আমাৰ প্ৰশ্নটো হ’ল যে আপুনি তেনেকৈ লিখিব বিচাৰে! নে সম্পূৰ্ণ গল্প এটা ভাবি তাক পাচত কাগজত টুকি ৰাখিলে ৷ ইয়াৰ কোনটো পদ্ধতিৰে আপুনি লিখে?
কু:শ: হয়, মোৰ লিখাৰ পদ্ধতিটো ঠিক তেনেকুৱাই৷ ম‍ই প্ৰথমে গল্প এটা সম্পূৰ্ণকৈ ভাবি লওঁ আৰু পাছত তাক লিখি পেলাওঁ৷ কিন্তু এই ভাবোতে সময়ৰ প্ৰয়োজন হয় বহুত, গল্পটোক এটা আকৃতি দিবলৈকে ভালেখিনি সময়ৰ প্ৰয়োজন৷ সেইটো বিভিন্ন আকৃতিৰে ভাবি ভাবি সম্পূৰ্ণকৈ ভাবিবলৈ সময় লাগে, কিন্তু তাৰ পাছত যেতিয়া মানসিকভাৱে এটা আকৃতিত আহে তাৰ পাছত লিখোতে বেছি সময়ৰ প্ৰয়োজন নহয়৷

সা:অ: আপোনাৰ কেতিয়াবা এনেকুৱাও হয় নেকি? যে গল্প এটা লিখিলে, কিন্তু সেইটো লিখাৰ পাছত মনঃপুত নোহোৱাৰ বাবে পুনৰ লিখে!
কু:শ: তুমি এইটো বহুত ভাল প্ৰশ্ন কৰিলা৷ আচলতে তেনেকুৱা আজিলৈকে এবাৰ নে দুবাৰ হে হৈছে৷ গল্প এটা লিখি হোৱা পাছত পুনৰ লিখোতে দেখিলো সেইটো বেলেগে এটা গল্পহে হ’লগৈ৷ আজিলৈকে ম‍ই গল্প এটা দুবাৰ নিলিখো, যি কাগজ হাতত পৰিলে তাতেই লিখি দিওঁ, সেয়ে কেতিয়াবা ফটা কাগজটো লিখি দিওঁ৷ ইয়াৰ ফলত প্ৰেছৰ মানুহখিনিৰ খং উঠে৷ কেতিয়াও কপি নকৰো৷ এবাৰেই কপি কৰিছিলো আৰু পাছত দেখিলো এইটো দেখোন বেলেগ গল্প এটা হৈ গ’ল আৰু সেয়ে বেলেগ গল্প এটাকেই লিখি দিলো৷
সা:অ: কেতিয়াবা এনেকুৱাও হৈছে নেকি যে দুটা গল্প একেধৰণৰ যেন অনুভৱ হৈছে নেকি?
কু:শ: হয়, তেনে বহুতবাৰ হৈছে৷ কেতিয়াবা এটা গল্প লিখাৰ পাছত গম পাওঁ যে একেধৰণৰ গল্প এটা আগতেও ম‍ই লিখিছিলো, প্ৰায় একেধৰণৰ চিন্তাৰেই৷
সা:অ: অৰ্থাৎ কিছুমান স্থায়ী চিন্তা আপোনাৰ মন-মগজুত বাস কৰে আৰু ঘূৰিপকি সেইবোৰে প্ৰকাশৰ বাট বিচাৰে৷
কু:শ: হয়, তুমি চাবাচোন , প্ৰায়লোকৰেই এনেকুৱা হয়৷ ধৰাহওক এযোৰ নতুন চোলা-পেণ্ট কিনিব গৈছো আৰু এটা ৰঙৰ চোলা পচণ্ড কৰি ভাবিলো যে এইটো এইবাৰ এটা নতুন ৰঙৰ চোলা ল’লো৷ কিন্তু ঘৰলৈ উভতি আহি দেখা যায় যে ঠিক তেনেকুৱা চোলা মোৰ আগতেও কিনি থোৱা আছে ঘৰত৷ ইয়াৰ অৰ্থ এইটো যে ম‍ই বিশেষকৈ কেইটামান ৰঙেই ভাল পাওঁ৷ ঠিক তেনেকৈ গল্প বিলাকৰো সেই বিশেষ চিন্তাধাৰাবোৰহে মনত থাকে যাৰ ফলত অলপমান ব্যতিক্ৰমী হ’লেও কিছুমান গল্পৰ চিন্তাধাৰা প্ৰায় একেই হয়৷

সা: অ: গল্পৰ ৰং বুলিলে আপুনি কি বুজাব! গল্পত ৰং বিচাৰে নে কেতিয়াবা?
কু:শ: গল্পৰ ৰং মানে?
সা: অ: যেনে ধৰক ম‍ই নাটক এখন লিখিলে কেতিয়াবা, নাটকৰ প্লটটো ৰঙত আহি থাকে৷ ঠিক তেনেকৈ গল্পৰ কাহিনীবোৰো ৰং ত দেখে নেকি?
কু:শ: ৰং ঠিক নহয়, কিন্তু গল্প এটা চিন্তা কৰোতে মোৰ মনলৈ কিছুমান ভঙ্গিমা মনলৈ আহে৷ নাটকত যিদৰে ব্যক্তিকেন্দ্ৰিক প্ৰভাৱ এটা পৰে, যেনে ধৰক কোনো এজন বিশেষ ব্যক্তিৰ কেন্দ্ৰ কৰি নাটক এখন লিখা হয়৷ কিন্তু গল্প এটা সেই প্ৰভাৱটো সিমান নপৰে বুলি ম‍ই ভাবো৷

সা:অ: হয়, ব্যক্তিকেন্দ্ৰিক এই প্ৰভাৱৰ কথাতো এটা বেলেগ প্ৰশ্ন হ’ব কিন্তু ম‍ই সুধিব বিচাৰিছো যে গল্প এটা লিখোতে কোনোবা এটা বিশেষ ৰঙৰ কথা মনলৈ আহে নেকি? যেনে ধৰক ৰঙা, নীলা, হালধীয়া ইত্যাদি বিভিন্ন ৰঙে আমাৰ মনৰ ভাববোৰ বুজায়, ঠিক সেই ধৰণে গল্পবোৰ লিখোতে অথবা চিন্তা কৰোতে তেনে ধৰণৰ ৰঙৰ চিন্তাবোৰ মনলৈ আহে নেকি বাৰু কেতিয়াবা?
কু:শ: মোৰ মনলৈ তেনেকুৱা ভাব নাহে৷ মোৰ মনত বিশৃংখল ভাবে কথাবোৰ আহে, কাহিনীবোৰ ভাবি উলিয়াই তাক যুগুতাই এটা আকৃতি দিয়া বৰ কষ্টকৰ কাম এটা৷

সা:অ: আজিৰ সভ্যতা অথবা আপোনাৰ চাকৰীয়া জীৱনে এই বিশৃংখলতাত প্ৰভাৱ পেলায় নেকি ?
কু:শ: তেনেকুৱা নহয় বোধহয়! ম‍ই মানুহজনেই তেনেকুৱা৷
কু:শ: সৌৰভ চলিহাৰ লগত কথা পাতি আগতে মই খুব ভাল পাইছিলো৷ তেওঁৰ দেহাৱসান ঘটাৰ কেইদিনমান আগতেও লগ পাইছিলো তেওঁক৷ ঘৰৰ বাৰাণ্ডাতেই দুয়ো বহি কথা পাতিছিলো, তেওঁ নিজেই চাহ কৰি আনিছিল দুয়োলৈ আৰু আমি মুঢ়াত বহি কথা পাতো৷ তেওঁ খুব চাৰমিনাৰ চিগাৰেট খাইছিল সেইটো সময়ত৷ বহু ঘণ্টা আমি কথা পাতিছিলো, ভাল লাগিছিল৷ বিজ্ঞানৰ কথা ওলায়, ৰসায়নবিদ নিল ব’ৰৰ সৈতে কথা হোৱা লোক আছিল চলিহা৷ তেওঁৰ গল্পবোৰ লক্ষ্য কৰিলে বুজিবা যে বিভিন্ন ধৰণৰ প্লট থাকে তেওঁৰ গল্পত৷ যেনে সেই ’এহাত ডাবা’ গল্পটো, ডবাখনক লৈ চাৰিওপিনে ঘূৰি ফুৰিছে তেওঁ গল্পটোত৷ মানে এটা একক চিন্তাধাৰাৰ লিখনিত বৰ এটা সুখ নাপাওঁ ম‍ই৷ সেয়ে ক’ৰবাত ম‍ই পঢ়ুৱালে এই ধৰণৰ কথাবোৰহে পঢ়ুৱাওঁ, যেনে ’সৃজনশীলতা’৷

সা:অ: আপোনাৰ গল্পবিলাক যেতিয়া ম‍ই পঢ়ো তেতিয়া ম‍ই সেই ৰং বোৰ কল্পনা কৰো৷ আগতে আপোনাৰ গাঁৱৰ বিষয়ে লিখা গল্প বিলাক পঢ়িলে ৰিণিকি ৰিণিকি মনলৈ আহে এটা ধূসৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক