মাননীয় শিক্ষামন্ত্ৰীলৈ এখন চিঠি – উজ্জ্বল ফুকন

মাননীয় শিক্ষামন্ত্ৰী,

পোনপ্ৰথমে আপুনি যোগাত্মক চিন্তাধাৰাৰে শিক্ষাব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ বাবে যি প্ৰয়াস কৰিছে তাৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছোঁ৷

মই তেনেই সাধাৰণ নাগৰিক হিচাপে আপোনালৈ দুটামান অনুৰোধ কৰিব বিচাৰিছোঁ৷

১) আপুনি বহুতো নিবনুৱা যুৱক যুৱতীক টেট পৰীক্ষাৰ যোগেদি নিকা পদ্ধতিৰে চাকৰি দিছে৷ তাৰ বাবে আকৌ ধন্যবাদ জনাইছোঁ আপোনাক৷ কিন্তু মোৰবোধেৰে সেইয়া এজন উপযুক্ত শিক্ষক হোৱাৰ প্ৰথম খোজ৷

আপুনি পাৰে যদি তেওঁলোকক শিক্ষা দিব পৰাকৈ যোগ্য কৰি তোলক৷ মোৰ মতে বাছনি পৰীক্ষাত মাৰ্ক বেছি পোৱা এজন ল’ৰা বা এজনী ছোৱালীয়ে বিষয়টো ভালকৈ বুজাব যে পাৰিব তাৰ কোনো নিশ্চয়তা নাই৷

তেন্তে উপায় কি?

প্ৰত্যক বছৰে আমাৰ ৰাজ্যৰ পৰা এক বা ততোধিক শিক্ষকে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পায়৷ মোৰ পৰামৰ্শ হ’ল আমি সেই আদৰ্শ শিক্ষক কেইজনৰ (বা আন কোনো অভিজ্ঞ শিক্ষকৰ) পাঠদানৰ ভিডিঅ কৰিব পাৰো৷ বহু নতুন শিক্ষকৰ কিছুমান বিষয়ত খোকোজা থাকিব পাৰে৷

তেতিয়া এই ভিডিঅবোৰে তেওঁলোকৰ খোকোজা ভঙাত সহায় কৰিব৷ মূল কথা হ’ল শিক্ষাগুৰুৱে শিক্ষাদান কৰাৰ আগতে বিষয়টো ভালকৈ বুজি লোৱাটো অতিশয় প্ৰয়োজনীয়৷

আমি এটা ৱেবচাইট সাজি এই ভিডিঅবোৰ সংৰক্ষণ কৰিব পাৰোঁ৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয়ে ইচ্ছা অনুযায়ী এই ভিডিঅবোৰ চাব পাৰিব৷

২) দ্বিতীয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণহোৱা ছাত্ৰ-ছাত্ৰী সকলক লেপটপ দিয়াৰ আগতে প্ৰত্যেক শিক্ষকক একোটা লেপটপ দিয়ক যাতে তেওঁলোকে এই ভিডিঅবোৰ সহজে চাব পাৰে৷

৩) বিদ্যালয়ৰ মাপকাঠি পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ধাৰণ নকৰিব৷ ইয়াৰ দ্বাৰা নকলৰ প্ৰভাৱ বাঢ়ি যোৱাৰ সম্ভাৱনা বেছি হ’ব৷ কাৰণ বিদ্যালয়ৰ ফলাফল ভাল কৰাৰ নামত বিদ্যালয়ৰ কৰ্মচাৰীয়েও এই ক্ষেত্ৰত উৎসাহ দিয়া নুই কৰিব নোৱাৰি৷

আশা কৰিছোঁ আপুনি কথাখিনি মন কৰিব৷ বাঁহ কুমলীয়া হৈ থাকোতেই ভাজ দিবলৈ ভাল৷ ছাত্ৰ-ছাত্ৰী সকলেও সৰুতে বিষয়বোৰ ভালকৈ আয়ত্ত কৰিলে পৰৱৰ্তী পৰ্যায়ত বহু সুবিধা হ’ব৷

ইতি

এজন সাধাৰণ নাগৰিক

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!