সম্পাদকলৈ চিঠি (মনোজ কুমাৰ মহন্ত)

 সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্থায়ী স্মৃতিচিহ্ন:  ৰসৰাজ যাদুঘৰ

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সাহিত্যিক গৰাকী আৰু তেখেতৰ সাহিত্য কৰ্মক সোঁৱৰি গোটেই বৰ্ষটোক উদযাপন কৰিবলৈ ঠিৰাং কৰা হৈছিল৷ সেই মৰ্মে গোটেই অসমজুৰি বিভিন্ন কাৰ্য্যসূচীৰে ভিন ভিন দল সংগঠনসমূহে সাহিত্যৰথীক শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি থকাৰ বাতৰি পাই থকা হৈছে৷ অসমৰ বাহিৰেও দেশ-বিদেশৰ গুণমুগ্ধ অসমীয়াৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচী উলহ-মালহৰে ৰূপায়ণ হোৱাৰ খবৰ আহি আছে৷ এয়া নিশ্চয়কৈ আশাৰ খবৰ যদিও তাৰ পৰ্য্যালোচনা এই লেখাৰ উদ্দেশ্য নহয় বাবে তাক বিস্তৃতভাৱে উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ৷

মনলৈ এই সময়ত এটা প্ৰশ্ন আহিছে যে বেজবৰুৱাদেৱৰ জন্মজয়ন্তী উলহ-মালহৰে পালন কৰা বছৰটোত আমি তেখেতৰ স্মৃতি আৰু কৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে স্থায়ীভাৱে কি কাম হাতত লৈছোঁ? যাৰ দ্বাৰা নৱপ্ৰজন্মই তেখেতক সন্মুখত ৰাখি সদায় কীৰ্ত্তিমান অসমীয়া জনাক মনত ৰাখি আগবাঢ়ি যাব পাৰে! বেজবৰুৱাদেৱৰ লেখনী পুনৰ প্ৰকাশ, কেইজনমান উদ্যোগীৰ প্ৰচেষ্টাত তেখেতৰ লেখাসমূহৰ ইউনিক’ডকৰণৰ প্ৰকল্প(প্ৰশংসনীয় প্ৰচেষ্টা) আৰু প্ৰতিমূৰ্ত্তি উন্মোচনৰ দৰে স্থায়ী কৰ্মৰ বাহিৰে আন স্থায়ী প্ৰচেষ্টা আমাৰ চকুত পৰা নাই৷ সেয়ে এই লেখাৰ উদ্দেশ্য৷ মন কৰিব বেজবৰুৱাদেৱৰ স্মৰণৰ নামত অনুস্থিত আলোচনা চক্ৰ, নাটক, সাংস্কৃতিক সন্ধ্যা,স্মৃতিগ্ৰন্থ প্ৰকাশ, উৎসৰ্গীত আলোচনীত প্ৰকাশিত লেখা-মেলা আদিক ‘স্থায়ী ’ শব্দটোৰ বাহিৰত ৰাখিহে আলোচনা কৰা হৈছে৷

উল্লেখযোগ্য যে অসম সাহিত্য সভাকে ধৰি বেজবৰুৱাদেৱৰ বিভিন্নজন অনুৰাগী দল-সংগঠনৰ আহ্বানত অসম চৰকাৰে সাহিত্যৰথীৰ উৰিষ্যাত থকা সম্বলপুৰৰ বাসভৱনক স্মৃতি গৃহ হিচাপে সংৰক্ষণ কৰিবলৈ আগবাঢ়িছে৷ কিন্তু এখন ভিন্ন ৰাজ্যত আৰু তাতে আইনৰ মেৰপেচত সোমাই পৰা বেজবৰুৱাদেৱৰ গৃহটোৰ সংৰক্ষণ কেতিয়া আৰু কিমান দূৰ সম্ভৱ হয় এতিয়াই ক’ব পৰা নাযায়৷ সেয়ে ইয়াৰ পৰিবৰ্তিত চিন্তা হিচাপে মনলৈ আহিছে অসমৰ মাটিত সুন্দৰ আৰু পৰিকল্পিত চিন্তাৰে সমৃদ্ধ ৰসৰাজৰ নাম আৰু কৰ্মৰ প্ৰতি উৎসৰ্গীত এটি যাদুঘৰ (Museum)ৰ স্থাপন৷ য’ত সংৰক্ষণ কৰি থোৱা হ’ব তেখেতৰ জীৱনত ব্যৱহাৰ হোৱা সামগ্ৰী-সমল,স্মৃতি বিজড়িত ছৱি – কেৱল প্ৰদৰ্শনৰ বাবে, এটা বৃহৎ লাইব্ৰেৰী, অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা সমূহৰ একো একোটা গৱেষণা কেন্দ্ৰ , মূলতঃ বেজবৰুৱাদেৱৰ নিজা ৰচনা সমগ্ৰৰ লগতে সকলো থলুৱা ভাষাৰ সদৃশ্য বিপনী ইত্যাদি৷ অসমৰ যি কোনো এখন মূখ্য চহৰত ৰসৰাজৰ যাদুঘৰ এটা স্থাপনৰ প্ৰকল্প হাতত ল’লে পিছৰ খিনি কাম পৰিকল্পিত ভাৱে আগবঢ়াই নিব পৰা যায়৷ এই গুণি অসমীয়াৰ প্ৰতি ভৱিষ্যতৰ অসমৰ নৱ প্ৰজন্মক আগ্ৰহী আৰু চিৰ পৰিচিত কৰি ৰাখিবলৈ তেনে এটা প্ৰকল্পৰ কাম হাতত লোৱাতো প্ৰয়োজন বুলি ভাৱোঁ৷ অসম চৰকাৰ আৰু অসমীয়া সকলৰ উদ্যোগত পৰ্যটন আৰু ভাষাৰ ওপৰত গৱেষণা কৰিব লগা দেশ বা বিদেশৰ ছাত্ৰ -ছাত্ৰীক লক্ষ্য ৰাখি এনে এটা যাদুঘৰৰ প্ৰতিষ্ঠা বিষয়ে নিশ্চয় গুণি জ্ঞানী সকলে চিন্তা কৰিব পাৰে৷ ই ভৱিষ্যত প্ৰজন্মৰ অসমীয়াৰ মাজত এসময়ত এক ঐকান্তিক প্ৰচেষ্টাৰে অসম আৰু অসমীয়া সাহিত্যক ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰি যোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ কৰ্ম আৰু দেশপ্ৰেম প্ৰচাৰ আৰু প্ৰসাৰৰ স্থায়ী মাধ্যম আৰু তেখেতৰ প্ৰতি এক উৎকৃষ্ট কৃতজ্ঞতা প্ৰকাশৰ মাধ্যম হ’ব পাৰে৷

মনোজ কুমাৰ মহন্ত৷

অসমীয়াত কথা-বতৰা গোট

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments