শিল্পী লোকনাথ গোস্বামীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

সাহিত্য ডট্‌ অৰ্গ– আপোনাক প্ৰথমতেই আপোনাৰ শৈশৱ, যৌৱন আৰু আপোনাৰ শিক্ষা জীৱনৰ কথা সুধিব বিচাৰিছোঁ।

লোকনাথ গোস্বামী– ভাল পালোঁ, এনেধৰণে এটা যোগ সূত্ৰ স্থাপন কৰাৰ কাৰণে।  সাধাৰণভাৱে মই কিছু কথা ক’বলৈ এনেকুৱা, যে তেজপুৰ অসমৰ সাংস্কৃতিক জগতৰ বিশেষকৈ এক ঐতিহ্যপূৰ্ণ ঠাই।  সাংস্কৃতিক প্ৰাণকেন্দ্ৰ।  এই তেজপুৰৰ কাষৰীয়া এখন গাঁও বেছেৰীয়া, এই গাঁৱতে মই জন্ম হৈছিলোঁ। এই গাঁৱত জন্ম হোৱাৰ কাৰণেই মই দুটা সুবিধা পাইছিলোঁ মোৰ জীৱনত, যিটো লৈ আজি মই অনুভৱ কৰোঁ – এটা হ’ল গ্ৰাম্য জীৱন, গ্ৰাম্য সংস্কৃতি, গ্ৰাম্য মানুহৰ যি সৰলতা তাৰ সৈতে মিলিত থকা সাংস্কৃতিক মেহফিল, চিন্তা ভাৱনাবিলাক এটি সুৰুচিপূৰ্ণ জীৱনত পাইছিলোঁ। সেইসময়তে অতি ওচৰত আছিল এখন আধুনিক সাংস্কৃতিক নগৰী তেজপুৰ। সেই তেজপুৰৰ বাণ-থিয়েটাৰকে ধৰি সামাজিক-সাংস্কৃতিক অনুষ্ঠান বিলাকৰ সৈতে এটি যোগসূত্ৰ হৈছিল। তেতিয়া হয়তো ইমান সচেতন নাছিলোঁ, কিন্তু এই গাঁও আৰু আধুনিক চহৰৰ সাংস্কৃতিক জীৱনৰ কথা-বতৰা বিলাকে আজিৰ জীৱনত কিঞ্চিৎ হ’লেও সহায় কৰা বুলি মই ভাবোঁ, কাৰণ গাঁৱতেই জন্ম গ্ৰহণ কৰিছিলোঁ, গাঁৱতেই শিক্ষা লৈছিলোঁ।  শৈশৱ, যৌৱনৰ এছোৱালৈকে মই গাঁৱতেই পাৰ কৰিছোঁ।

সাহিত্য ডট অৰ্গ – আপুনি আপোনাৰ শিক্ষা জীৱনৰ গোটেইখিনি তেজপুৰতে সমাপ্ত কৰিলে ?

লোকনাথ গোস্বামী – মই তেজপুৰতেই কৰিলোঁ, মই দৰং কলেজৰ পৰা কেমিষ্ট্ৰিত অনাৰ্ছ লৈ বি.এছ.চি পাছ কৰিলোঁ। তাৰ পিছত আচলতে একান্ত কিছুমান ব্যক্তিগত কথা, ঘৰুৱা অসুবিধা বা অন্যান্য কিছুমান কাৰণত উচ্চ শিক্ষা ল’বলৈ যাব নোৱাৰিলোঁ, সেইসময়ত চাকৰি এটা মোৰ খুব প্ৰয়োজন আছিল, গতিকে মই তেজপুৰৰ হাই-ছেকেণ্ডৰী এখন স্কুলত, তেজপুৰ একাডেমী এখন পুৰণি স্কুল, সোমাইছিলোঁ অলপ দিনৰ কাৰণে। তাৰ পিছত অসম ইলেকট্ৰিচিটি ব’ৰ্ডৰ, যি জেনেৰেটিং ষ্টেচন নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন, তাত এটা কেমিষ্ট পোষ্টত, ৰিলেটেড মোৰ বিষয়ৰ সৈতে সম্পৰ্ক আছিল, কেমিষ্ট্ৰি যিহেতু মোৰ বিষয় আছিল, গতিকে মই কেমিষ্ট পোষ্টত নিয়োজিত হৈ নামৰূপলৈ গুচি গ’লোঁ তেজপুৰৰ পৰা।

সাহিত্য ডট্‌ অৰ্গ-প্ৰথমৰ পৰা শেষলৈকে আপুনি নামৰূপতেই চাকৰি কৰি থাকিল নেকি?

লোকনাথ গোস্বামী- একেবাৰে শেষলৈকে নহয়।  মই জেনেৰেলি ষ্টেচনবিলাক ঘুৰিবলৈ এটি সুবিধা পাইছিলোঁ।  নামৰূপত থাকিলোঁ, তাৰ পাছত চন্দ্ৰপুৰ পাৱাৰ ষ্টেচনলৈ আহিলোঁ, তাৰ পাছত ইলেকট্ৰিচিটি বৰ্ডৰ হে’ড অফিচ, বিজুলী ভৱনলৈ গ’লো, আকৌ পদোন্নতি লৈ নামৰূপলৈ গ’লোঁ। সেইধৰণে মই অন্যান্য অফিচ যেনে বঙাইগাঁও, লাকুৱা – এই ঠাইবিলাকলৈ যোৱাৰ সুযোগ পাইছিলোঁ। গতিকে এইটো এটা মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশ বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ।

সাহিত্য ডট্‌ অৰ্গ- আপুনি গান গাবলৈ কেতিয়াৰপৰা আৰম্ভ কৰিলে? এজন সংগীত শিল্পী হোৱাৰ সপোন আছিল নেকি আপোনাৰ?

লোকনাথ গোস্বামী – আমাৰ ঘৰখনৰ পৰিবেশটো ঠিক এনেকুৱা আছিল, উশাহ-নিশাহৰ লগতে স্বাভাৱিকভাৱেই গান আছিল।  আৰু এটা কথা ঠিক এনেকুৱা আছিল, মানুহে মোৰ কণ্ঠটো ভাল বুলি কৈছিল।  মইতো নিজে নাজানো। এটা সময়ত মানে সৰুতে মোক মানুহে কোলাত লৈ ফুৰিছিল আৰু মোক লগ পালেই “ভাইটি গান এটা গোৱাচোন” বুলি কয়। আৰু এই কণ্ঠটো ভাল হোৱা কাৰণেই মই এটা ডাঙৰ সুবিধা পাইছিলোঁ।  মই সেইসময়ত যিবিলাক শিশু-নাটক বা ভাওনা হৈছিল, তাত অভিনয় কৰিবলৈ মোক মাতিছিল। সেই সময়ৰ নাটক-ভাওনাৰ অভিনয়বিলাক অলপ বেলেগ ধৰণৰ আছিল – হৃদয়স্পৰ্শী আছিল, সহজ-সৰল মানুহে অভিনয় উপভোগ কৰিবলৈ আহিছিল।  ক’ৰবাত ভক্ত প্ৰহ্লাদ, ক’ৰবাত একলব্য, ক’ৰবাত ধ্ৰুৱ, ক’ৰবাত অন্ধ মুনি…..এনেধৰণে হৰিশ্চন্দ্ৰ উপাখ্যানবিলাকত সৰুতেই স্তুতি, গান, প্ৰাৰ্থনা কৰিব লাগে, ভজন গাব লাগে আৰু লগতে অভিনয় আছিল।  গতিকে মোৰ জীৱনত অভিনয় আৰু গান দুয়োটা একেলগে আৰম্ভ হৈছিল।

সাহিত্য ডট্‌ অৰ্গ- তাৰ মানে আপুনি অভিনয়ও কৰিছিল?

লোকনাথ গোস্বামী- অভিনয় কৰিছিলোঁ। আচলতে অভিনয়েৰে মোৰ সাংস্কৃতিক জীৱনটো আৰম্ভ হৈছিল।

সাহিত্য ডট অৰ্গ-তাৰ পাছত লাহে লাহে অভিনয়ৰ পৰা আপুনি…

লোকনাথ গোস্বামী- পিছলৈ লাহে লাহে ব্যক্তিগত পঢ়া-শুনাৰ দায়িত্ব বাঢ়িল।  অকণমান পঢ়া-শুনাত ভাল আছিলোঁ বুলি তেতিয়া ঘৰত কৈছিল আৰু।  আমাৰ সময়ত কি হয়, পঢ়া-শুনা ভালকে কৰিলেহে, ভাল কিবা এটা ফলাফল পালেহে চাকৰি-তাকৰি কৰি কিবা এটা কৰাৰ থল আছিল। পঢ়া-শুনা নকৰিলে, চাকৰি নকৰিলে আমি খাম কেনেকৈ? আৰু আমাৰো পাৰিবাৰিক কথাটো এনেকুৱা আছিল যে খেতি-বাতিৰ সৈতে আমাৰ প্ৰত্যক্ষ সম্পৰ্কটো কম। চাকৰি কৰিব লাগিব – এনেকুৱা এটা কথা আছিল। গতিকে পঢ়া-শুনাটোত গুৰুত্ব দিয়া হ’ল, গতিকে ভাবিলোঁ যে সকলোতে খেপিয়াই ফুৰিলে উচিত নহয় বুলি গানতে অলপ বেছি গুৰুত্ব দিলোঁ।

সাহিত্য ডট্‌ অৰ্গ- গোস্বামী ডাঙৰীয়া, আপোনাক ৰাইজে সঙ্গীত শিল্পী বুলি জানিলেও, আপুনি এজন সু-লেখকো।  “সঙ্গীতৰ উত্‍পত্তি আৰু ক্ৰমবিকাশ” বুলি আপুনি এখন পুথিও লিখি উলিয়াইছে। এইখিনিতে কথা এটা সোধোঁ যে যিকোনো ব্যক্তি এজনে নিজকে সঙ্গীত শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ’লে কোন কেইটা বিশেষ দিশৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন। আৰু সেইখিনি গুণ আপুনি ক’ত কেনেকৈ পালে?

লোকনাথ গোস্বামী- প্ৰথম কথা হ’ল যদি কোনোবাই গান গাব খোজে, এটা ভাল কণ্ঠ লাগে। সেই কণ্ঠ প্ৰথম জন্ম-সূত্ৰেই পাব লাগে, তাৰ পাছত সি সাধিত ৰূপ লয়, তাৰ পাছত মানুহে আৰু বেছি উন্নতিৰ পথলৈ নিব পাৰে।  কণ্ঠ এটা লাগেই, গানৰ বাবে কণ্ঠ এটা প্ৰয়োজনীয়। কিন্তু দেখা যায় যে কণ্ঠ থাকিলেই নহ’ব। গানক মই বহু উচ্চ আসন দিও, গান এটা সাংঘাতিক, অতি শক্তিশালী মাধ্যম।  গতিকে গান এটাত যদিও দেখা যায় কেইটামান শব্দ, সুৰৰ কণ্ঠইদি গায়, একে সময়তে এটা গানৰ সৈতে হৃদয় আৰু মগজুৰ এটা সম্পৰ্ক থাকে। এটা অনুভৱী মন লাগিব, একেদৰে চিন্তাশীল চেতনাপ্ৰসূত এটা মন লাগিব। তেতিয়াহ’লে কি হয়, ভাল অনুভৱ এটা প্ৰথম Concept কৰা হয়, আয়ত্ব কৰা হয়, আকৌ তাক এটা নিপোটল কৰি দিয়া হয়, তাক Content তথা ভাল চিন্তা এটা ভৰাই দিয়া হয়। তাৰ পিছত আহিল কাৰিকৰী, যিটো Presentation, যিটো Delivery, যিটো গায়কী – সেই কথা বতৰা বিলাক আহে। গতিকে গান সাংঘাতিক বস্তু বুলিয়েই মই ভাবোঁ।

সাহিত্য ডট্‌ অৰ্গ- আপোনাৰ ঘৰতো, পৰিয়ালতো আপোনাৰ গান গোৱাৰ এটা পৰিবেশ আছিল?

লোকনাথ গোস্বামী- আছিল নহয়, আছিল আৰু আছেও। মোৰ ঘৰখনত, গাঁওখনত। মোৰ ওপজা গাঁওখন মই আজিও কৃতজ্ঞতাৰে সোঁৱৰোঁ। গাঁৱত যেতিয়া এই যে বিহু বতৰত খেল-ধেমালি হয়, দুৰ্গাপূজা, লক্ষ্মীপূজা আদিত নাটক হয়।  আচলতে গাঁও বিলাকত আগতে ভাওনা হয়, বৰসবাহ হয়।  গতিকে ঢোল-পেঁপা, নামঘৰৰ ভোৰতাল, বৰতাল, ভাওনা, খোল-তালৰ গায়ন-বায়ন, সূত্ৰধাৰ – এই গোটেই  কথাবিলাকে এটা সময়ত সহায় কৰিছিল। বাণ-থিয়েটাৰলৈ আমি চাইকেল মাৰি আহোঁ, চাইকেলৰ আগত উঠি আহোঁ। বাণ-থিয়েটাৰতে আমি ফণী শৰ্মাৰ, বিষ্ণু ৰাভা, চন্দ্ৰধৰ গোস্বামীৰ ভোগজৰা, কিয়, চিৰাজ নাটক দেখিবলৈ পাইছিলোঁ। ফণী শৰ্মাৰ অভিনয় দেখিলোঁ, বিষ্ণুৰাভাৰ গান শুনিলোঁ, গতিকে সৌভাগ্য বুলি ভাবোঁ যে আমি এটা পৰিবেশ পাইছিলোঁ যিটোৰ আজি অকণমান অভাৱ।

সাহিত্য ডট্‌ অৰ্গ- গোস্বামী ডাঙৰীয়া, আজিৰ তাৰিখলৈকে আপোনাৰ সম্পূৰ্ণ সৃষ্টি মানে কিমান গান গালে, সুৰ দিলে, লিখিলে তাৰ বিষয়ে আমাক অকণমান জনাব নেকি ?

লোকনাথ গোস্বামী- ঠিক হিচাপ বুলিবলৈ তেনেকুৱা নাই। মই বৰ বেছি গান লেখাও নাই, গোৱাও নাই। আৰু এই খিনিতে মই এটা কথা কৈ থওঁ, আৰম্ভণিতে কথাটো ওলাইছিল, লিখা মেলা কথাতো। একেবাৰে সৰুতে মোৰ  হাবিয়াস আছিল লিখা-মেলা কৰাতো।  আমাৰ গাঁৱৰ এটা পুথিভঁৰাল আছিল, যিটো মই আজি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ, সৰুতেই মই আমাৰ বয়সত পঢ়িব পৰা সমস্ত কিতাপ পঢ়ি শেষ কৰিছিলোঁ। আৰু তেতিয়াই মই ভাবিছিলোঁ আগলৈ মই এজন লেখক হ’ম, তাৰ পাছত কিবা কিবি কাৰণে গান-তান গালোঁ। এতিয়া কিছুদিনৰ পৰা মই লেখা-মেলাত বেছিকৈ গুৰুত্ব দিছোঁ। লিখা-মেলা আৰু গান দুয়োটাই শক্তিশালী মাধ্যম। মই যেতিয়া লিখোঁ, যেতিয়া লেখাসমূহ লৈ মই গাঁৱৰ সাংস্কৃতিক অনুষ্ঠানবিলাক কৰিবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ বা বিভিন্ন ঠাইত যাওঁ তেতিয়া দেখা পাওঁ মানুহে মোৰ বাক্য, শব্দ পৰ্য্যন্ত গুৰুত্ব দিয়ে। তাৰোপৰি কেতিয়াবা দেখোঁ যে কিছুমানে কথা গানেৰে ক’বলৈ বিচাৰে, কিছুমানে কথাৰে। সেইবিলাক লৈ এতিয়ালৈকে মোৰ পোন্ধৰখনমান গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। অকল “সঙ্গীতৰ উৎপত্তি আৰু ক্ৰমবিকাশ”য়েই নহয়, কেইখনমান আলোড়নকাৰী পুথি প্ৰকাশ হৈছে। মই চাৰিখন কিতাপ কৰিছোঁ- তাৰ ভিতৰত “বন্দিত ভূপেনদা,নিন্দিত ভূপেন হাজৰিকা” নামৰ কিতাপখনে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। ভূপেনদাৰ জীৱন কালতেই এই কিতাপ কেইখন প্ৰকাশ হৈ ওলাইছিল। ভূপেন দাৰ জীৱন কালতেই মই কিতাপ চাৰিখন উন্মোচন কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা মই আপোনাক ক’ব খোজোঁ যে ভূপেন দাৰ কোনো জীৱনী নাই। যদিও ভূপেনদাৰ অনুলিখিত কিছু সংকলন হৈছে। সেয়ে মই আমাৰ স্কুল, কলেজত চলিব পৰাকৈ “আমাৰ ভূপেন হাজৰিকাৰ জীৱনৰ গান” বুলি প্ৰস্তুত কৰিছিলোঁ। “বন্দিত ভূপেনদা,নিন্দিত ভূপেন হাজৰিকা”খনত মই লিখিছিলোঁ শিল্পীজনৰ সমস্ত দিশ, তেওঁৰ মতাদৰ্শ, ৰাজনৈতিক চিন্তা-ভাৱনা, সাংস্কৃতিক জীৱন তথা জীৱনৰ যিটো সংগ্ৰাম, তেওঁৰ যি একাডেমিক Qualification, Scholar হিচাপে, intellect হিচাপে। আনহাতে আকৌ এইবোৰ ক’বলৈ যাওঁতে আমাৰ নিচিনা Society এখনত শতকৰা এশভাগেই সঠিক পথত যাব পাৰিব বুলি ভবা নাই। ভূপেনদাৰ জীৱনতো যি চ্যুতি-বিচ্যুতি হৈছে সেইবিলাক ক্ষেত্ৰতো কিছু মই অনুধাৱন কৰিবলৈ চেষ্টা কৰিছোঁ।

সাহিত্য ডট অৰ্গ-শুনিছোঁ আপুনি ৰাজনৈতিক আৰু বিভিন্ন সমাজৰ কাম-কাজৰ লগতো জড়িত।  সঙ্গীত-চৰ্চা, লেখা-মেলা কৰাৰ উপৰিও আজৰি পৰত আপুনি কি কৰে ?

লোকনাথ গোস্বামী-প্ৰথম কথা হ’ল যে মোৰ তেনেকৈ আজৰি সময় নাই।  আনকি মই শুবলৈ যাওঁতেও কিবা Concept এটা আহিলে মই ভাবি থাকোঁ।  তাতোতকৈ ডাঙৰ কথা আজি-কালি মোলৈ লেখা-মেলাৰ তাগিদা আহে, তাৰোপৰি মই আধুনিক অসমীয়া সঙ্গীতৰ ইতিহাস –এইটো এটা অতি typical তথা জটিল বিষয়।  বিষয়টোৰ ওপৰত চিন্তা-চৰ্চা হৈছে।   গতিকে যেতিয়াই মোৰ মন যায় তেতিয়াই আজিৰ পৰা শতাধিক বছৰৰ আগৰ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ,পাৰ্বতী প্ৰসাদৰ পৰা আজিৰ স্তৰলৈ মই সঙ্গীতৰ যিটো ক্ৰমবিকাশ এইটোৰ ওপৰত কিছু অধ্যয়ন কৰিবলৈ চেষ্টা আছোঁ।  তাৰোপৰি গান গাওঁ, অনুষ্ঠানবিলাকলৈ মোক গান গাবলৈ যাওঁ, মাতে। সাহিত্যসভালৈ গৈছিলোঁ, বাৰেচহৰীয়া ভাওনালৈ গৈছিলোঁ, কলিকতাৰ বুক ফেয়াৰলৈ গৈছিলোঁ।

সাহিত্য ডট অৰ্গ- আপুনি বঙালী ভাষাটো গান গাইছে ?

লোকনাথ গোস্বামী- হয়, মই সকলো ধৰণৰ গান গাবলৈ চেষ্টা কৰোঁ। ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰিবলৈ চেষ্টা কৰোঁ, কিমান গাব পাৰোঁ মই নাজানো। গানটো এটা Communicating বিষয়। গানে গানে মানুহৰ মাজত এটা সংযোগ হয়।

সাহিত্য ডট অৰ্গ- আপোনাৰ যিমান খিনি গান শুনিছোঁ তাৰ ভিতৰত “মঘাই বোলে ঢোলৰ মাত”, “আমোল মোল শেৱালীৰ গোন্ধ” এইবিলাক চিৰসেউজ গান।  সৰুতে ৰেডিঅ’ত দিয়া কল্পতৰুৰ প্ৰতিটো অনুষ্ঠানত আপোনাৰ গান এটিৰ বাবে অনুৰোধ শুনিবলৈ পাইছিলোঁ। এইবিলাক গান সকলো সময়তে, সকলো পৰিবেশতে শুনিব পাৰি। ইয়াৰ আঁৰত কিবা আছে নেকি ? মানে গান এটি কেতিয়া জনপ্ৰিয় বা চিৰ-যুগমীয়া হয় বুলি আপুনি ভাবে ?

লোকনাথ গোস্বামী- আচলতে এইটোৰ কোনো সংজ্ঞা দিয়া বা ব্যাখ্যা কৰা বৰ জটিল দেই। কিন্তু কথাতো হ’ল মানে, একোটা বিষয় বস্তুৱে আমাক চুই যায়, যেনে “সোণৰ অসম নালাগে” এইটো বিষয় বস্তু এটা ৰাজনৈতিক সম্পৰ্কৰ লগত জড়িত। হেমাঙ্গ বিশ্বাসৰ সৈতে মোৰ  এটা সম্পৰ্ক হৈছিল। হেমাঙ্গ দাই কৈছে প্ৰথমে চিন্তা কৰা, কাৰ কাৰণে গান গাইছা, কাৰ সন্মুখত তুমি গান গাই আছা।

সাহিত্য ডট অৰ্গ-আপুনি হেমাঙ্গ বিশ্বাসৰ বিষয়ে কিতাপ লেখিছে।

লোকনাথ গোস্বামী-হয়, মই মাটি আৰু মানুহৰ শিল্পী হেমাঙ্গ বিশ্বাস বুলি তেওঁৰ  জীৱন কালতে লিখিছোঁ , তাৰ পাছতো আমাৰ হেমাঙ্গ বিশ্বাস আৰু তেখেতৰ ওপৰত কিতাপ পত্ৰ কৰিছোঁ । তেখেতৰ গানৰ জনসঙ্গী, দ্বিতীয় সংকলন কৰিছোঁ। তেখেতে কৈছিল যে তুমি যেতিয়া গান গাবা, ধৰা মঞ্চত গৈছা, তোমাৰ সন্মুখত লক্ষ লক্ষ মানুহ, তেতিয়া তুমি মানুহ খিনিক তুমি সন্মান জনাব লাগিব, আকৰ্ষণ কৰিব লাগিব যাতে  তেওঁলোকে ঘৰলৈ উভটি যাওঁতে তোমাৰ গানটো গুণ-গুণাই যাব পাৰে। যাওঁতে ভাবি যাব পাৰে যে এই কথাটো বৰ ডাঙৰ কথা কৈছে যে তই বাবি বৰ ঢোল, মই গাম চিফুং মাজতে বাগৰুম্বা। কেলৈনো লাগিছে হিলৈ বৰটোপ? এইযে হিলৈ বৰটোপৰ যেতিয়া আমি বেছি অতপালি দেখোঁ, তেতিয়া মই কৈছিলোঁ হিলৈ বৰটোপতকৈ আমাৰ ঢোলটো বেছি ভাল, ঢোলৰ গৰ্জনটো। মই তেতিয়া ভাবোঁ যে এই গানটো যদি মানুহে গায়, শুনি শুনি, গুণ-গুণাই যায়, ভাবিব,”হয়তো। হিলৈ বৰটোপ কেলেই ? “সোণৰ অসম নালাগে” মানে ভাবিব, হয়তো। সোণৰ অসমতকৈ মাটিৰ অসমেই যেতিয়া যথাস্থানত ৰখা হয়, সেইদৰে “আমোল-মোল শেৱালীৰ গোন্ধ” বুলি কোৱাৰ লগে লগেই গানটোত হীৰুদাৰ কবিতাৰ এটি গান মই কৰিছোঁ। কাৰণ গানৰ মাজত অকল message থাকিব, ৰাজনৈতিক বক্তব্য থাকিব তেনেকুৱা নহয়, গানৰ এটা কালজয়ী আবেদন থাকে, যাতে অকণমান সময়ৰ বাবে হ’লেও মানুহৰ অনুভূতিবিলাক জীপাল কৰি ৰাখে, সুন্দৰ কৰি ৰাখে।  গানৰ সেইটো এটা গুণ, যিটো entertainment বুলি কয় সাধাৰণতে। কিন্তু entertainment টো যাতে অকণমান Creative হয়, তেনেকৈ ভাবোঁ আৰু। আচলতে ভাবোঁ আৰু,কথাবোৰ কিমান শুদ্ধ নাজানো।

সাহিত্য ডট্‌ অৰ্গ-গোস্বামী ডাঙৰীয়া, সঙ্গীতক উপাৰ্জনৰ উত্‍স হিচাপে লোৱাৰ বিষয়ে আপুনি কি কয় ?

লোকনাথ গোস্বামী-এটা কথা আছে যিটো মানুহে মানে নে নামানে ক’ব নোৱাৰোঁ, মোৰ কথা নহয়, ডাঙৰ মানুহে কোৱা কথা। যেতিয়া Culture মানে সংস্কৃতি পণ্য হয়, Commodity হয়।  তেতিয়া ই ইয়াৰ যিটো মূল্যবোধ,ইয়াৰ প্ৰমূল্য ই হেৰুৱায়। এই কাৰণে যেতিয়া professionalism আৰু Commercialism এই দুটা বিষয় তফাৎটো মানুহে জানিব লাগে। মই যেতিয়া গান গাবলৈ যাওঁ, মই গান এটা গাবৰ কাৰণে  হাৰমণিয়ামখন লাগিব, মই এমুঠি  খাব লাগিব, তাৰ কাৰণে মই বিনিময়ত পইচা এটা লোৱা আৰু গান বিক্ৰী কৰি মই মুনাফা লৈ, সেই মুনাফাৰে ব্যৱসায়-বাণিজ্য কৰিম। এইটো এটা Market Oriented –বজাৰমুখী আৰু  এটা হৈছে Society Oriented – জনমুখী।  সঙ্গীতৰ দুটা ধাৰা আছে, এইটো আজিৰ কথা নহয়, সদায়ে আছিল।  মই যিটো People Oriented – জনমুখী, সেইপক্ষত।  এতিয়া কি হৈছে, চব মানুহৰে ইক’লজিকেল Commitment বা Social Commitment নাথাকে। নথকাৰ কাৰণেইটো আজিকালি বিভিন্ন সংস্কৃতিৰ নামত জালিয়াতি,দুৰ্নীতি কিনা-বেচা, বিভিন্ন ধৰণৰ ভ্ৰষ্টাচাৰ আৰু মই দেখিছোঁ। তাহানিতে পল ৰবছনৰ গান গাইছিলোঁ, ভূপেনদাই কৈছিল যে Guitar খন Social Instrument Which can change the Society. কিন্তু এতিয়া মই ভাবোঁ এটা লুণ্ঠনৰ হাথিয়াৰ হৈ পৰিছে Culture এতিয়া। এফালে পৰিৱৰ্তনৰ হাথিয়াৰ বুলি কওঁ আমি, আনহাতে লুণ্ঠনৰ হাথিয়াৰ হৈছে।  কাৰণ Culture টো দেখুৱাই দেখুৱাই মানুহে পইচা লয়।  Culture ৰ নামত বিভিন্ন ব্যৱসায় গোষ্ঠীয়ে পইচা Invest কৰে আৰু সংস্কৃতি মানুহে এতিয়া অশ্বমেধ যজ্ঞৰ নিচিনাকে আক্ৰমণ কৰিবলৈ মানুহ যায়। গতিকে আমি এনেকুৱা এটা Critical অৱস্থাত আছোঁ, মানে societyত। এইটো এটা খুব Critical পিৰিয়ড বুলি মই ভাবোঁ।  গতিকে মই ভাৱো আপুনি এইটো এটা খুব ভাল প্ৰশ্ন কৰিছে। ব্যৱসায়টোত মই বৰ বিশ্বাস নকৰো।

সাহিত্য ডট অৰ্গ- ড০ ভূপেন হাজৰিকাদেৱৰ কথা ওলাইছে।  সেয়ে মই আপোনাক সুধিব বিচাৰোঁ স্বৰ্গীয় ড০ ভূপেন হাজৰিকাদেৱক কিজানি আপুনি খুব ওচৰৰ পৰা পাইছে?

লোকনাথ গোস্বামী-হয়, বহু ওচৰৰ পৰা পাইছোঁ।

সাহিত্য ডট অৰ্গ- দুখনমান কিতাপো আপুনি লিখিছে। গতিকে তেওঁৰ অনুপস্থিত আপোনাৰ অনুভৱ কেনে? বা তেওঁৰ অভাৱ অসমবাসীয়ে পূৰাব পাৰিবনে ?

লোকনাথ গোস্বামী- ভূপেনদাৰ সম্পৰ্কত মই যিবোৰ লিখিছোঁ, বন্দিত-নিন্দিত লিখিছোঁ। এতিয়াও কওঁ যে ভূপেনদা সাংঘাতিক ধৰণৰ গুণী আৰু highly Scholar মানে অতি পণ্ডিত আৰু ৰাজনৈতিকভাৱে বিচক্ষণ, দূৰদৰ্শী আৰু World ৰ ভিতৰতে, সমসাময়িক বিশ্বৰ এজন উল্লেখযোগ্য ব্যক্তি। যদিও আমি আৱেগিকভাৱে তেখেতক কিবা-কিবি কৈ থাকো, ভূপেনদা আচলতে বহু উচ্চ পৰ্যায়ৰ মানুহ।  তেখেত উচ্চ পৰ্যায়ৰ হোৱাৰ কথাও আছিল কিয়নো এটা সময়ত ভূপেনদাই অতি কম বয়সতে, ডেকা বয়সতে ভূপেনদাই গোটেই পৃথিৱীখন ফুৰিছিল।  এই যে কলম্বিয়া university গ’ল, পল ৰবছনৰ দৰে মানুহ পালে। এইদৰে বেনাৰস University লৈ পঢ়িবলৈ গ’ল। তেজপুৰলৈ গৈ তেওঁ জ্যোতিপ্ৰসাদ, ৰাভা, বাণ-থিয়েটাৰ পালে। আমি ভাবোঁ ভূপেনদা বৰ সৌভাগ্যৱান মানুহ আছিল। নীলকান্ত হাজৰিকাও আছিল এজন যথেষ্ট গুণী-জ্ঞানী মানুহ। গতিকে মই ভাবোঁ এজন মানুহৰ নিজৰ টেলেন্ট, নিজৰ প্ৰতিভাৰ লগত তেওঁৰ পাৰিপাৰ্শ্বিক যিটো অৱস্থা, সমাজ জড়িত। পাৰিবাৰিক এটা আন্দোলন পালে তেও ইউনিভাৰ্চিটিৰ পৰা ঘূৰি আহি। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত চাকৰি কৰিছিল। হেলাৰঙে চাকৰিৰ ইস্তফা দি তেওঁ গান গাই খাম বুলি ওলাই গুচি গৈছিল। সেয়ে মোৰ কাৰণে ভূপেন হাজৰিকাৰ subject টো most interesting and very important subject। সেয়ে বাৰে বাৰে মই ভূপেনদাৰ মৃত্যুৰ পাছত মই যিমান বাৰ talk Show ত গৈছোঁ, লিখিছোঁ, মই কৈছোঁ ভূপেনদা, Still a very interesting and important Subject to me। এতিয়ালৈ মই ভূপেনদাৰ 20% ও অধ্যয়ন কৰি শেষ কৰিব পৰা নাই। এটা সময়ত ভূপেনদাই লিখিছিল সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব  ৰংঘৰে মেলিব দুৱাৰ…। চিফুং শব্দটো ভূপেনদাই ইমানেই Appropriate ভাৱে ব্যৱহাৰ কৰি গৈছিল যে আজিও কিজানি আমি অনুভৱ কৰিব পৰা নাই চিফুং শব্দটো ক’ত ব্যৱহাৰ কৰিছিল। ঠিক তেনেকৈ কৈছিল “শুৱনিকৈ অসমীৰে, একতাৰ সূতাবোৰে ল’লেহি মহুৰাতে পাক” – এইযে সূতাবোৰে মহুৰাত পাক লৈছিল মানে কি,সেই সময়ত কাৰ্বি, বড়ো, ৰাভা, নাগা, মিজো, অৰুণাচলী – সকলোৱে, হিন্দু-মুছলমান সকলো মানুহৰ সমাবেশত যে এটা মহুৰাত পাক লৈছিল যি মহুৰাৰ সূতাৰে গামোচা ব’ব, চেলেং-চাদৰ ব’ব। আৰু চেলেঙখনৰ নাম দিছিল চেনেহ-চেলেং। এই যে অনুভৱ, অসমৰ ভূপেনদাক লৈ বহুত কিবা-কিবি জয়ঢোল কোবাই আছে, বহুত গোট ওলাইছে, ভূপেনদাকলৈ কিমানখন গীটাৰ বাজিব, ভূপেনদাৰ গানলৈ কোনে কিমান চাতুৰালি কৰিব, মোৰ দুখ লাগে। ভূপেনদাক লৈ যি ধৰণে ভিতৰত, in depth চিন্তা-চৰ্চা হ’ব লাগিছিল, নাই হোৱা। এইটো ভূপেনদাৰ কাৰণে, আমাৰ জাতিৰ কাৰণে দুখৰ বিষয়। সেইকাৰণে মই এই কথাখিনি ক’লোঁ যাতে এই বাৰ্তাটো মানুহৰ ওচৰলৈ যায়। তথাপি এটা কথা মই যোগ দি থৈ দিওঁ, একেলগে কেইবাখনো ইউনিভাৰ্চিটি, আনকি বাঙ্গালোৰ, পুণে আদিৰ পৰাও কিছু মানুহে মোৰ লগত যোগাযোগ কৰিছে, মোৰ কিতাপবিলাক সংগ্ৰহ কৰিছে। ভূপেন হাজৰিকাৰ যি Political Background, ভূপেন হাজৰিকাৰ যি একাডেমিক কোৱালিফিকেচন, ভূপেন হাজৰিকাৰ জাতিৰ যি mental Broadness, Worldwide তেওঁৰ যিটো Vision আছিল এই গোটেই বিলাক লৈ মানুহে বিভিন্ন দিশৰ ওপৰত research কৰিব বিচাৰিছে। মই research ৰ একো দিব পৰা নাই যদিও এটা Clue দিবলৈ চেষ্টা কৰিছোঁ।  ভূপেনদাৰ ওপৰত বুৰঞ্জী আছে – অসম, ভাৰত, পৃথিৱী বুৰঞ্জী আছে।  এইটো এটা  research টপিক হ’ব পাৰে।

সাহিত্য ডট্‌ অৰ্গ- আপুনি এজন গণশিল্পী।  লোকসঙ্গীতৰ প্ৰতিও আপোনাৰ খুব টান আছে।  লোকসঙ্গীতৰ চৰ্চা বা শ্ৰোতা দিনক দিনে কমি আহিছে বুলি আমি বিভিন্ন কাকতে-আলোচনীয়ে বিভিন্ন জনে লেখা আমি সততে পঢ়িবলৈ পাওঁ। কথাষাৰৰ যুক্তি-যুক্ততা কিমান ?

লোকনাথ গোস্বামী- কথাটো ঠিক এনেকুৱা, প্ৰতিদিনে আমাৰ সমাজখন সলনি হৈ গৈ আছে। একেধৰণে যদি সঙ্গীতৰ কথাও ভবা যায়, লোক জীৱনৰ সৈতে লোক সঙ্গীতৰ সম্পৰ্ক এটা আছে। তেনেকৈ আমাৰ সামন্ত যুগৰ ৰজা, মহাৰজাসকলৰ পৰা জমিদাৰলৈ যদি ভালকৈ ক্লাচ হিচাপত চোৱা যায়, তেওঁলোকৰ লগত এটা তাহানিৰ পৰা ক্লাচিকেল ক্লাচ Culture এটা আছে। এতিয়া মানুহ লাহে লাহে আধুনিকতাৰফালে  গৈছে , লগে লগে কিন্তু আধুনিকতাই মানুহক এটা Culture দিছে। গতিকে Society,সমাজ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিতো এটা পৰিৱৰ্তনৰ সূচনা হৈছে। সেইকাৰণে theoretically মই ভাবোঁ যে আধুনিক যুগত আধুনিক সংস্কৃতিয়েই থাকিব। কাৰণ আধুনিক যুগত আমাৰ দৈনন্দিন আহিলাখিনিও আধুনিক, আমি যদি গাড়ীখনৰ কথা ভাবোঁ, আমাৰ কলমটোৰ কথা ভাবোঁ, আমাৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ কথা ভাবোঁ, আমাৰ চোলাটো-পেণ্টটো, এই সকলো আধুনিক। গতিকে গানটো কিয় আধুনিক নহ’ব? কথাখিনি মই এনেকে ভাবোঁ। কিন্তু আমাৰ সমাজখন যদি একেসময়তে একেলগে আধুনিক হোৱা নাই –এতিয়া যদি আপোনাৰ, নগৰবেৰা, ধেমাজি, গোগামুখ, ডিব্ৰুগড়, গুৱাহাটী,শ্বিলং এতিয়া একে হৈ থকা নাই। ব’ম্বে একে হৈ থকা নাই বা ৰাজস্থানৰ ভিতৰুৱা এখন গাঁও বা কাশ্মীৰ আজি একে হৈ থকা নাই। গতিকে সেই যে Imbalance টো থকাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন উপাদানবিলাক এতিয়াও আছে। আৰু এটা কথা- সংস্কৃতি, লোক সঙ্গীতৰ সৈতে জড়িত যিসকল লোকে বুজি পায় যে সকলো ধৰণৰ সংস্কৃতিৰ একেই Base। যি এইটো উপলব্ধি কৰিব তেওঁ দেখিব POP, ROCK  আদি বিভিন্ন মিউজিকৰ বেচ হৈছে folk। Recently যিমান fusion হৈছে  মই দেখিছোঁ সকলোতে কিন্তু base FOLK। সেয়ে হয়তো FOLK টো Traditionally চৰ্চা নহ’ব , কিন্তু fusion আদি প্ৰক্ৰিয়াৰে FOLK টোৱে আকৌ প্ৰাধান্য পাব। Commercially  তাক যদি কোনোবাই ব্যৱসায়-বাণিজ্য কৰে বেলেগ কথা। কিন্তু creatively আৰু honestly কোনোবাই যদি লোক সঙ্গীতৰ চৰ্চা কৰো বুলি ভাবে, হেমাঙ্গ বিশ্বাসে যিটো কৈছিল যে এটা  দৃষ্টিভংগীৰ দৰকাৰ, লোক সঙ্গীতৰ চৰ্চাৰ বাবে। অন্যহাতে ই  পিছ পৰি ৰৈ যাব,ক’ৰবাৰ বাৰীৰ চুকত।

সাহিত্য ডট্‌ অৰ্গ- এই খিনিতে এটা কথা সুধিব বিচাৰিম, এই যে এতিয়া নতুন চামৰ দুই-এজন শিল্পীয়ে লোক সঙ্গীত দুই-এটা সুৰ সলনি কৰি বিশ্ববাসীৰ ওচৰ চপাবলৈ বা আজিৰ প্ৰজন্মক লোকসঙ্গীতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলাই থকা বুলি দাবী কৰে। ই লোক সঙ্গীতৰ মূল ভেটিত কিবা প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে নেকি ?

লোকনাথ গোস্বামী- হয়, এই সম্পৰ্কে এগৰাকী শিল্পী, এই মুহূৰ্তত নামটো নলওঁ বাৰু। তেওঁৰ গোৱাক লৈ বিতৰ্ক হৈছিল, অসমত বিশেষকৈ। তেওঁ তেতিয়া উত্তৰটো  কৈছিল যে “মই যেতিয়া লোকগীতটো গাওঁ, লোকগীত হিচাপে গাওঁ, অকণো মই তাত সলনি নকৰোঁ, কিন্তু যেতিয়া মই Fusion কৰোঁ তেতিয়া তাক মই লোক সঙ্গীত বুলি নকওঁ, Fusion সঙ্গীত বুলি কও, তেতিয়াহে তাত সলনি হয়।” গতিকে যি সকলে Fusion সঙ্গীতৰ Concept টো নাজানে, তেওঁলোকে ইয়াক গ্ৰহণ কৰিবলৈ অসুবিধা পাব। সেয়ে মই ভাবোঁ এতিয়াও যদি Fusion Music ৰ বিষয়ে ভালকৈ চিন্তা-চৰ্চা হ’লে, যেনেকে ৰবিশংকৰে তেওঁলোকে ভাৰতীয় সঙ্গীতৰ মূল বস্তুক লৈ, বা হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীত দেখা গৈছে যে বিভিন্ন ৱেষ্টাৰ্ণ flavour আদি বিভিন্ন বস্তু সংযোগ কৰিছে।  এইটো বিষয়ত মন্তব্য কৰাত মই অসুবিধা পাইছোঁ কিয়নো বিষয়টো এতিয়াও Experimental হৈয়ে আছে। গতিকে কোনটো অংশক আমি গ্ৰহণ কৰিছোঁ ? কিন্তু তাৰ মাজত এটা কথা ঠিকেই যে ষ্টেজত perform কৰিবলৈ গৈ, দৰ্শকক আকৰ্ষণ কৰিবলৈ গৈ আৰু পইচা ঘটিবলৈ গৈ বিভিন্ন ধৰণে সংস্কৃতিক বিকৃত কৰিছে, এইটোক এক ধৰণৰ Distortion বুলি কোৱা হয়। সেইদৰে আমি Differentiate কৰিব পাৰিব লাগিব, কোনটো ক’ত কি হৈছে।

সাহিত্য ডট্‌ অৰ্গ- আপোনাক ব্যক্তিগত প্ৰশ্ন এটা সুধিছোঁ। আপুনি আপোনাৰ দৈনন্দিন ৰুটিনখনৰ কথা ক’ব নেকি মানে সাধাৰণ দিন এটাত আপুনি কেনেকৈ সময় কটায়?

লোকনাথ গোস্বামী- মোৰ তেনেকৈ বৰ বেছি সাংঘাতিক একো নাই। মই অতি সাধাৰণভাৱেই জীৱন-যাপন কৰোঁ। মোৰ জীৱনৰ কেইটামান কথা মানুহে শুনিলে আচৰিত হ’ব। মই পুৱা অকণমান সোনকালেই শুৱাৰ পৰা উঠোঁ আৰু বয়স অনুপাতে কৰিব লগা দুই-এখন আসন কৰোঁ। তাৰ পাছতে শ্ৰীমতীয়ে অকণমান গৰম পানী কৰি কিবা খাবলৈ দিয়ে। তাৰ পাছত এটা সময়ত ডায়েৰীখন লিখোঁ গোটেই কথাবিলাক ভাবি। তাৰ পাছত ইণ্টাৰনেটত বহি কেইখনমান কাকতৰ হেডলাইন চাওঁ। পাছত চাহ একাপ খাই প্ৰায় দুঘন্টামান লেখা-মেলা কৰোঁ। লেখা-মেলা কৰাৰ পাছত গা-পা ধুই মই Breakfast কৰোঁ আৰু আধাঘন্টা, পোন্ধৰ মিনিট বা পাঁচ মিনিট যি হয় ৰেৱাজ কৰোঁ। মই Regular ৰেৱাজ কৰোঁ, নকৰিলে ঘৰত শ্ৰীমতীয়ে গালি দিয়ে। মোৰ স্কুটাৰ এখন আছে, তাৰ পাছতে মই স্কুটাৰখন লৈ অলপ ওলায় যাওঁ। যিকোনো কাম থাকে, ল’ৰা-ছোৱালী দুটা বাহিৰত থাকে, কেতিয়াবা পইচা পঠিয়াব লাগে, কেতিয়াবা কিবা ৰিচিপ্ট পঠিয়াব লাগে। তাৰোপৰি ডি.টি.পি চেণ্টাৰ, আজিকালি প্ৰায়েই মই মোৰ কাম-কাজ লেখা-মেলা বিলাক ডি.টি.পি কৰাওঁ। কেইবাটাও এনভেলপ , Preserveও কৰোঁ লগতে পেপাৰ-চেপাৰত (কাগজে-পত্ৰই) দিবৰ কাৰণে মই বানান বিলাক চাই-চিটি দিওঁ। এই গোটেই বিলাকৰ শেষত মই ঘৰত শ্ৰীমতীৰ সৈতে ভাত খাওঁ। এঘণ্টামান জিৰণি লওঁ আৰু Evening আকৌ মই কিবা কিবি কামত ওলাই যাওঁ। ওলাই নগ’লে মই পঢ়া-শুনা কৰোঁ, গধূলি অলপ Evening Walk কৰোঁ, হাৰমনিয়ামখন লৈ শ্ৰীমতীৰ সৈতে অলপ গান নহ’লে TV থাকিলে TV অলপ চাওঁ। নহ’লে কেতিয়াবা গান শুনো, খুব গান শুনো। তাৰ পাছত ৰাতি ৰাতি ল’ৰা-ছোৱালী কেইটাৰ লগত কথা পাতোঁ, কোনে কি কৰে দিনটো, ল’ৰাই কি কৰে, ছোৱালীয়ে কি কৰে। ল’ৰাই নতুনকৈ কি মিউজিক কৰিছে, ছোৱালীৰ পঢ়া-শুনা কথা, গানৰ চৰ্চা কৰিছেনে নাই আদি। ৰাতি বিভিন্ন ফ’নকল আহে, মই ৰাতিও ফ’ন switch off নকৰোঁ, ৰাতিও ফ’ন অন হৈয়ে থাকে। মই কথা পাতোঁ, কোনোবাই আমনিদায়ক কথা পাতিলে মই আমনি পোৱা বুলি কৈ দিওঁ। কিন্তু মই কথা পাতোঁ। নিউজ-পেপাৰ বা নিউজ-চেনেল বিলাকেই মোবাইল ফ’নৰ যোগেদি খবৰ খাতি লয়। গতিকে মই ভাবোঁ মোবাইলটোও এটা যোগাযোগৰ ভাল আহিলা, আমনিও লাগে কেতিয়াবা।

সাহিত্য ডট অৰ্গ-আপোনাৰ প্ৰিয় গায়কজন কোন বাৰু?

লোকনাথ গোস্বামী- আচলতে ভূপেন দা মোৰ প্ৰিয় গায়ক। মই তেনেকে ডাঙৰ গায়কৰ গান শুনাও নাই। সৰুৰেপৰা ভূপেন দাৰ গান শুনি আহিছোঁ। ভূপেন দাৰ পাৰফৰমেন্সৰ পৰা আৰম্ভ কৰি ভূপেন দাৰ গান মোৰ বহুত প্ৰিয়। এনেয়েতো মোৰ বহুত প্ৰিয় আছে তাৰ ভিতৰতো ভূপেন দাৰ গান ভাল পাওঁ।

সাহিত্য ডট্‌ অৰ্গ- গোস্বামী ডাঙৰীয়া, বৰগীত গাই আপুনি এখন ৰেকৰ্ড কৰাৰ কথা শুনিছিলোঁ।

লোকনাথ গোস্বামী- নহয় নহয়, বৰগীতবোৰ জংকীয়ে ৰেকৰ্ড কৰিছিল এটা সময়ত। আমি এটা organization ৰ লগত জড়িত আছিলোঁ, এতিয়াও আছে জন সাংস্কৃতিক পৰিষদ। প্ৰথমবাৰৰ কাৰণে ভূপেন দাক আমি সভাপতি কৰি নিছিলোঁ। ভূপেন দাৰ এটা ইম্প’ৰটেন্ট কথা যে তেওঁ কোনো organizationৰ হে’ড হোৱা নাছিল। তেওঁ উৰণীয়া ধৰণৰ মানুহ, চবতে থাকে কিন্তু ক’তো থিতাপি নলয়। কিন্তু আশীৰ দশকত অসমত এটা জটিল সময়ত জন সংস্কৃতিৰ সভাপতি হৈছিল। আৰু সেইখিনি সময়ত আমি কেইটামান কাম কৰিছিলোঁ। বিষ্ণু প্ৰসাদ ৰাভাৰ গীত খিনি সংকলন কৰি কলিকতালৈ গৈ ৰেকৰ্ড কৰিছিলোঁ, বৰগীত অংশ বিশেষ ৰেকৰ্ড কৰিছিলোঁ, অসমৰ বড়ো, ৰাভা, কাৰ্বি, মিচিং, তিৱা আদি বিভিন্ন জাতিৰ গান বিলাক সংগ্ৰহ কৰি ৰেকৰ্ড কৰিছিলোঁ আৰু অনুবাদৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছিলোঁ যাতে এটা কাৰ্বি গান আমি গাব পাৰোঁ বা কাৰ্বি ভাষালৈ অসমীয়া গান এটা অনুবাদ কৰিব পাৰো। এটা আদান-প্ৰদান, এনেধৰনৰ কিছুমান কাম আমি কৰিছিলোঁ তেতিয়া। এতিয়াও চলি আছে।

সাহিত্য ডট্‌ অৰ্গ- সংগীত সাধনাৰ পৰিবেশ এতিয়াও অসমত আছে বুলি আপুনি ভাবে নেকি? অসমৰ সংগীত জগতৰ আটাইতকৈ ভাল দিশ আৰু বেয়া দিশটো কি বাৰু ?

লোকনাথ গোস্বামী- অসমত বহুত সংগীতৰ বহুত উপাদান আছে, চহকী ভঁৰাল আছে। কিন্তু অসমৰ ডাঙৰ কথাটো হ’ল যে অসমৰ মানুহখিনি ঘপককৈ অহা বতৰৰ ঢৌত উটি ভাঁহি যায়। এই ভি.চি.ডি আহিলে, এই কেছেট আহিল, হঠাত্‍ কিবা কিবি stage show আহিল, হঠাত্‍ স্পনচৰশ্বিপ কিবা কিবি আহিল, গতিকে মানুহে কালচাৰটোক ফে’ক কালচাৰ বুলি কয়। আৰু ফে’কটোক লৈ মোৰ আক্ষেপ। গতিকে কি হয় ক্ৰিয়েটিভ কামবোৰ কৰিব নোখোজে, সেয়ে মই গম পাইছোঁ অসমৰ ল’ৰা ছোৱালীবোৰ পঢ়িবলৈ হ’লে মুম্বাই চুম্বাইৰ ফালে, সকলো ক্ষেত্ৰতে গুচি গৈছে। গতিকে দেখা যায় যে ইয়াতে চিনেমা নহয়, চিনেমা খুব কম হয়। ভিচিডিৰ এনেকুৱা হ’ল হঠাত্‍ ভিচিডি ওপৰলৈ গল, তাৰ পিছত পাইৰেচি হ’ল, মানুহ কমি গ’ল আৰু মানুহে গান গাবলৈ দুটামান শিকিয়ে stage লৈ গুচি যায় আৰু কোম্পেনীৰ পৰা লাখ টকা লৈ যায়, ৰাতিটোৰ ভিতৰত লাখ টকা পায়। কিন্তু ৩০ বছৰ ৪০ বছৰ পিছত তেওঁৰ লাহে লাহে কাম শেষ,কামিহাড় বেঁকা হৈ যায়। গান গাব নোৱাৰা হয়, এই কথা তেওলোকে গম নাপায়। ৩০ বছৰ মানলৈহে গান গায় কিন্তু ৯০ বছৰত গান গোৱা, ৮০ বছৰলৈ গান গোৱা ভূপেন দাৰ দৰে মানুহ মই দেখা নাই। এইটো মোৰো হ’ব, মই নিজক বাদ দি কোৱা নাই। সেইকাৰণে মই কওঁ মানুহে সাধনা কৰক, ষাঠি বছৰলৈ সাধনা কৰক তাৰ পিছত গান গাওক, ক’বলৈ মন যায়। আৰু বজাৰকেন্দ্ৰিক ইমান চবেই বেছি নহয়, কিন্তু খাবতো লাগিব। কিমান লাগে খাব? তুমি কেইখন ৰুটি খাবা? দিনটো ৰাতিটোত কেইখন খাবা, কেইখন গাড়ী লাগে তোমাক, কেইটা ফ্লেট লাগে, তোমাৰ কেনেকুৱা ফ্লেটত থাকিব ইচ্ছা। তুমি অহা ঘৰখনৰ অৱস্থা কি আছিল, মই কেতিয়াবা খঙত কৈ দিওঁ। যাৰ চেনিটেৰী লেট্ৰিন এতিয়াও নাই গাঁৱৰ ঘৰত সেইজনীয়ে ইয়াত আই-২০ গাড়ী লৈ গান গাবলৈ যায়। আৰু খুব হেৰি খায়, মোৰ কবলৈ বেয়া লাগে খুব মদ খায়। সেইটো মই অপেনলী কৈ দিছোঁ, সৰু সৰু ল’ৰা-ছোৱালী বোৰে মদ খায়। কিন্তু বোম্বে চোম্বেত গৈ দেখিছোঁ যে মানুহৰ এক মিনিট সময় নাই, ইমান কম্পিটিটিভ আৰু তাত এটা সুৰ কৰিবৰ কাৰণে এটা গান কৰিবৰ কাৰণে মানে সৰ্বভাৰতীয় পৰ্য্যায়ত এখন বজাৰ দখল কৰিবলৈ তাত ৬ মাহ পৰ্য্যন্ত এটা গানত এফোৰ্ট দিয়ে আৰু সেই গানটো কৰিবৰ কাৰণে তাত ১৫-২০ জন মানুহ নিযুক্ত হয়। গান এটা বজাৰত এৰি দিবলৈ বছৰ-ছমাহ সময় লাগে। আমাৰ গানবোৰ আজি কৰি কাইলৈ এৰি দিয়ে। সেইকাৰণে চিনেমা নহয়, চিনেমা নচলে। মানুহবোৰ বুৰ্বক হৈ থকা নাই, মানুহে ভাল চিনেমা চাব। হিন্দী চিনেমা এখন আহে concept এটা লৈ,নতুন concept। “থ্ৰী ইডিয়ট”য়েই হওক,”তাৰে জমিন পৰে”ই হওক মানুহে উৰহ খেদি খেদি উৰহৰ কামোৰতে দেখোন মানুহে ভগা চিনেমাহলত দৌৰি গৈছে চাবলৈ। কিন্তু ইয়াত মানে প্ৰেমৰ বাহিৰে subject এ নাই, এটাই subject-প্ৰেম।

সাহিত্য ডট্‌ অৰ্গ- প্ৰশ্নটো অস্বস্তিকৰ হয় যদিও, বিহুতলীত বিহুৰ বাদে অন্য ধৰণৰ গান বা অন্য ভাষাৰ গান পৰিবেশন কৰিলে বিহু প্ৰচাৰ বা প্ৰসাৰত বাধা আহিব বুলি আপুনি ভাবে নেকি?

লোকনাথ গোস্বামী- এইটো ইতিমধ্যে মই কৰবাত কৈছোঁ, লেখা এটাও লিখিছোঁ। দুই এদিনতে ওলাব, ওলালে মই জনাই দিম বাৰু। মই এনেকুৱা ধৰণৰ, বিহু এতিয়া যিটো পৰ্যায়ত আছে, প্ৰথম কথা বিহুটোৱে নিজকে যদি শুদ্ধ নকৰে, বিহুৰ মঞ্চ খন যদি লেতেৰা হয় তাত আমি জোতা পিন্ধি উঠিম নে খালী ভৰিৰে উঠিম সেইটোৰ আগতে মঞ্চ খন চাফা কৰ। মঞ্চ ছাফা দেখিলে মানুহে জোতা-চেণ্ডেল নিপিন্ধাকে উঠিব। যেতিয়া মাল্টিনেচেনেল কোম্পেনী, ডাঙৰ কোম্পেনীয়ে টকা দি ৫ লাখ-১০ লাখ টকীয়া আৰ্টিষ্টক গান গাবলৈ মাতে, আৰু প্ৰতিজন আৰ্টিষ্ট যেতিয়া নিজৰ কেৰিয়াৰ লৈ concern, তেতিয়া সেই কেৰিয়াৰ মেইনটেইন কৰিবলৈ আৰু টকাখিনি একে ৰাখিবৰ কাৰণে তেওঁ সকলো ধৰণৰ গান গাবলৈ বাধ্য। মই কব পাৰোঁ এইটো নাগাবা সেইটো নাগাবা, মই নাগাওঁ। কিন্তু মই কাকো বাধ্য কৰাব নোৱাৰোঁ। আৰু দ্বিতীয়তে যেতিয়া অলপতে বন্দুকধাৰী অনুষ্ঠানে মানে এইটো সকীয়নী দিলে, কিন্তু মই কৈছোঁ “তোমালোকৰ নৈতিক কি অধিকাৰ আছে?”। যি মানুহ মাৰে, যি মানুহৰ প্ৰমূল্যক গুৰুত্ব দিব নোৱাৰে সি সংগীতৰ প্ৰমূল্য কি দিব? সকলোৰে উৰ্দ্ধত মানুহৰ প্ৰমূল্য আৰু মানুহৰ প্ৰমূল্যক জীপাল কৰি ৰাখিবলৈতো সংগীত, কলা সংস্কৃতি। আৰু কওঁ যে হাহি আৰু সংগীতৰ ভাষা নাই, সংগীতৰো কোনো ভাষা নাই। কিন্তু কথাটো হল ৰুচি, নিৰ্বাচন, স্থান-কাল-পাত্ৰ, এইবিলাকত মই বিশ্বাস কৰোঁ।

সাহিত্য ডট্‌ অৰ্গ- গোস্বামী ডাঙৰীয়া বৰ্তমান আপুনি কি

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

মোৰ ভাল লগা শিল্পীসকলৰ অন্যতম । দুবাৰ তেখেতৰ গাণ ষ্টেজত শুনিছিলো । অসমত অপেচাদাৰী তেখেতৰ দৰে জনমূখী শিল্পীৰ আজি দৰকাৰ । ধন্যবাদ সম্পাদক ডাঙৰীয়া ।

চন্দন গোস্বামী
8 years ago

বৰ ভাল লাগিল , তেখেতে সাৱলীল ভাৱে কথাবোৰ প্ৰকাশ কৰিছে