লোকগীত -(বৰ্ণালী শৰ্মা বৰুৱা)

লোকগীত
বৰ্ণালী শৰ্মা বৰুৱা
এই অসমীয়া লোকগীত বোৰ আমাৰ অসমীয়া লোক সাহিত্যৰ অতি মূল্যৱান সম্পদ বুলি কব পাৰি। সমালোচক সকলৰ আলোচনা অনুসৰি এই গীত সমূহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি- অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক। যিবোৰ লোকগীত অসমীয়া সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত, সেই লোকগীতবোৰকেই অনুষ্ঠানমূলক লোকগীত বোলা হয়। আখ্যানমূলক লোকগীতসমূহৰ বিষয়বস্তু হৈছে কিছুমান কাল্পনিক আখ্যান। এই আখ্যানমূলক লোকগীতবোৰকেই ইংৰাজীত “বেলাড” বুলি কোৱা হয়। সেইদৰে অন্য কিছুমান গীত অসমীয়া সমাজৰ বিভিন্ন বিষয়ৰ লগত জড়িত। অসমীয়া মানুহৰ মাজত প্ৰচলিত নিচুকনি গীত, নাওখেলোৱা গীত, গৰখীয়া গীত আদি। এইবোৰ অসমীয়া বিবিধ বিষয়ক লোকগীত। অসমীয়া অনুষ্ঠানমূলক লোকগীতসমূহ আকৌ কেইবাপ্ৰকাৰৰো হব পাৰে। যেনে-বিহুগীত, আইনাম, বিয়ানাম, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, মহখেদা বা মহোহোগীত আৰু বিবিধ পুজা-পাতলৰ গীত। এইবোৰ লোকগীতৰ ভিতৰত বিহুনাম বিশেষভাৱে উল্লেখযোগ্য। বিহুনামৰ ভিতৰত হুচৰী আৰু বনগীত দুয়োবিধ অন্তৰ্ভুক্ত। অসমীয়া সমাজত অতীজৰে পৰা ব’হাগ বিহু বা ৰঙালী বিহু পালন কৰি অহা হৈছে। এইসময়ত প্ৰকৃতিৰ পৰিৱৰ্ত্তন হয় আৰু কৃষিজীৱি মানুহৰ মন ৰঙেৰে ভৰি পৰে, গতিকে বিহুৰ আনন্দ বা মনৰ ৰঙক সকলোৱে গীতেৰে প্ৰকাশ কৰে। এই ৰঙালী বিহুক উৰ্বৰতা বা প্ৰজননৰ উৎসৱ বুলিও অভিহিত কৰা হয়। সেয়ে কৃষিজীৱি মানুহে এই উৎসৱৰ লগত ৰজিতা খুৱাই প্ৰণয়ৰ গীত ৰচিছিল। সেয়েহে অসমৰ বিহুগীতবোৰৰ প্ৰধান সুৰ হ’ল প্ৰেম বা ভালপোৱাৰ সুৰ। প্ৰণয়ৰ সুৰৰ এই বিহুগীতবোৰৰ কিছু অংশকে বনগীত বুলি কোৱা হয়। আনহাতে ব’হাগ বিহুৰ সময়ত গাঁৱৰ ৰাইজে ঢোল, পেপা, তাল আদি লৈ গৃহস্থৰ মংগল কামনা কৰি ঘৰে ঘৰে গোৱা গীতবোৰকেই হুচৰী বুলি কোৱা হয়। অসমীয়া বিহুগীত সমূহ উল্লেখযোগ্য লোক সাহিত্য। কিয়নো এই গীতবোৰে আমাৰ গ্ৰাম্য জীৱনৰ কৃষক সকলৰ আশা-আকাংক্ষা, আচাৰ-বিচাৰ আদিৰ প্ৰতিফলন ঘটায়। ইয়াৰ উপৰি অসমীয়া সামাজিক জীৱনৰ চিত্ৰ, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু অসমীয়া মানুহৰ ৰুচি-অভিৰুচি, ধৰ্ম-বিশ্বাস আদিও এই গীতবোৰে ফুটাই তোলে। বিহুনামৰ পিছতে আইনাম, সুবচনীৰ গীত, অপেশ্বৰী সবাহৰ গীত, লখিমী সবাহৰ গীত আদি প্ৰায় একে বিভিন্ন অনুষ্ঠানমূলক পৰ্যায়ৰ লোকগীত। এই গীতবোৰতো অসমীয়া লোকসমাজৰ সুন্দৰ অভিব্যক্তি প্ৰকাশিত হৈছে। অসমীয়া বিয়ানামবোৰো অন্য এক প্ৰকাৰৰ অনুষ্ঠানমূলক লোকগীত। অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়, যেনে- পানী তোলোতে, জোৰোণ অহা সময়ত, দৰা আহোতে, সম্প্ৰদানৰ সময়ত, কইনা বিদায় দিওঁতে ইত্যাদিত মহিলা সকলে এই বিয়ানাম গাই তেওঁলোকৰ মনৰ আনন্দ প্ৰকাশ কৰাৰ লগতে অনুষ্ঠানটোও আকৰ্ষণীয় কৰি তোলে। বিয়ানামবোৰ সাধাৰণতে গহীন আৰু সুৰুচিপূৰ্ণ হয় যদিও, তাৰ মাজতে কিছু হাস্য-ৰস যুক্ত কৰি জোৰানাম (যাক নামনি অসমত খিচানাম বুলি কোৱা হয়) গোৱা হয়। এই নামবোৰ সাধাৰণতে দৰাপক্ষ বা কইনাপক্ষৰ কাৰোবাক জোৰা দি গোৱা হয় কাৰণে ইয়াক জোৰানাম বুলি কোৱা হয়।
অসমৰ আন আন অনুষ্ঠানমূলক গীতসমূহৰ ভিতৰত ভেকুলী বিয়াৰ গীত, মহখেদা গীত, উপনয়ন-চূড়াকৰণ আদি শাস্ত্ৰীয় অনুষ্ঠানত গোৱা গীত, বাথৌ পূজাৰ গীত, মনসা পূজাৰ গীত আদি উল্লেখযোগ্য।
অসমৰ আখ্যানমূলক গীতসমূহক সাধাৰণতে তিনিভাগত ভগোৱা হয়। সেয়া হ’ল- বুৰঞ্জীমূলক, কিম্বদন্তিমূলক বা জনশ্ৰুতিমূলক আৰু কাল্পনিক। অসমৰ বুৰঞ্জীমূলক লোকগীত সমূহৰ ভিতৰত বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, নাহৰৰ গীত, জয়মতী কুৱঁৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত আদিয়েই উল্লেখযোগ্য। জনশ্ৰুতিমূলক গীত সমূহৰ ভিতৰত ফুলকোঁৱৰৰ গীত, জানাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, ৰাধিকা শান্তিৰ গীত আদি উল্লেখযোগ্য। সেইদৰে কন্যা বাৰমাহীৰ গীত আৰু মধুমতীৰ গীত কাল্পনিক গীতৰ ভিতৰুৱা।
সেইদৰে বিবিধ লোকগীতৰ ভিতৰত আলোচিত হোৱা আমাৰ সমাজত প্ৰচলিত ৰূপকাত্মক দেহবিচাৰ আৰু টোকাৰী গীতত ৰূপকৰ সহায়ত গীতবোৰৰ মাজেৰে আধ্যাত্মিক তত্ত্ব দাঙি ধৰা হয়। আনহাতে অসমীয়া লোকগীতৰ ভিতৰতে সামৰি লোৱা আজান ফকীৰৰ জিকিৰ আৰু জাৰী সমুহ। জিকিৰ গীত সমূহ হৈছে মাহাত্ম্যসূচক গীত আৰু জাৰীবোৰ হৈছে মৰ্চিয়া বা মহৰমৰ গীত। এই জিকিৰ আৰু জাৰীবোৰৰ সুৰ আৰু সৌন্দৰ্য্যই অসমীয়া সকলো শ্ৰেণীৰ পাঠককে মুগ্ধ কৰে সেই কথা নিসন্দেহে কব পাৰি।
 
 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
suka
4 years ago

Nice.

Anonymous
4 years ago

Nice.

Punu
1 year ago

So nice