মা… – গাৰ্গী দাস
(১)
বাৰু কচোন মণি, আলমাৰীটোতে মাৰৰ কটনৰ কাপোৰ এযোৰ আছিল আকাশী নীলা ৰঙৰ …… ক’ৰবাত থলি নেকি? মই ভাৱিছিলো কাপোৰযোৰ দুদিনমানৰ কাৰণে লৈ যাম বুলি৷ …… ঐ ছোৱালী কি ভাৱি আছ’? আলমাৰীটোৰ কাপোৰখিনি নতুন মাৰক দেখুৱাই আজৰি হৈ থকা নাইতো!
হু… মণি এইবাৰ লৰচৰ কৰি বহিল৷ এই সময়ত মাহীয়েকক কিবা এটা উত্তৰ দিয়া মানে মাহীয়েকৰ দহটা কথাৰহে মুখামুখি হ’ব লাগিব৷
এইখিনি সময়ত মণিৰ কাৰো লগতে কথা পতাৰ ইচ্ছা যোৱা নাই৷ কাৰো সৈতে মুখামুখি হোৱাৰ মন যোৱা নাই৷ মামণি ঘূৰি আছে নিজৰ পৃথিৱীত ……৷ মামণিৰ পৃথিৱীত মানুহ আৰু মানুহ৷ ইমানবোৰ মানুহে অহা – যোৱা কৰি আছে তাত৷ কোনোবাই হাঁহিছে…… সেই হাঁহিত তায়ো অংশ লৈছে৷ কোনোবাই কান্দিছে…… দুটোপাল চকুপানী তাইৰো ওলাইছে৷ কোনোবাই তাইৰ মূৰত হাত বুলাইছে …… অন্তৰখন তাইৰ ভৰি উঠিছে৷ সৰু ছোৱালী মামণি৷ নিজৰ পৃথিৱীখন তাই মনতে লৈ ফুৰিছে৷
বয়সনো কিমান হৈছে আমাৰ মামণিৰ৷ ডিগ্ৰী পঢ়িহে আছে৷ কমপ্লিটেই হোৱা নাই৷ নতুন মাহী আয়েকৰ লগত কেনেকৈ থাকিব লাগিব আমিয়েই তাইক শিকাই থৈ যাব লাগিব৷ মাক নোহোৱা ছোৱালী…… কথাখিনি কওঁতেই জেঠায়েকৰ মাতটো থোকাথুকি হ’ল৷ ওচৰৰে খুৰীয়েকে তামোল চোবাই চোবাই ৰৈ ৰৈ সান্তনা দিলে …… আমি থাকোঁতে চিন্তাই নকৰিব বাইদেউ৷ সেইজনীক দিনে – ৰাতিয়ে ঘৰৰ কামত লগাই দিলেই হ’ল নহয়!
সেইজনী মানে? ? মামণিৰ মনত ঝটকা লাগিল৷ নতুন মানুহজনীক এইজনী – সেইজনী বুলি সম্বোধন কৰাটো তাই ভাল নাপালে৷ আলোচনা চলি থাকিল৷ নতুন মানুহজনীয়ে যোগাৰ ধৰা চাহ – তামোল খাই – খাই মানুহ কিজনীয়ে মাহীমাক সম্বন্ধীয় আলোচনাটিত হাজাৰটা কমেণ্ট দি কথাবতৰা আগবঢ়াই নি থাকিল৷ দুপৰীয়াটো আবেলি হ’ল৷ আৱেলিটো গধূলি৷ এটা সময়ত মেল ছিঙিল৷ আৰু শেষত হেবাং মামণিক বুজাই – পৰাই অলপ বুদ্ধি শিকাই দিলো, নহ’লে যে তাইৰ কি গতি হ’লহেঁতেন…… আমিয়েই তাইক উদ্ধাৰ কৰিলো তেনে এক আত্মসন্তুষ্টিৰ ভাৱ মুখত বিৰিঙাই এটা সময়ত জেঠায়েক, মাহীয়েক, খুৰীয়েকহঁতে বিদায় ললে৷
(২)
সন্ধিয়া হ’লেই নিজান নিমাত হৈ থকা মণিহঁতৰ ঘৰখন প্ৰায় এমাহমানৰ পৰা পোহৰ – পোহৰ হৈছে৷ পৰিৱৰ্তনৰ এছাটি বতাহ ধীৰেকৈ বলিছে৷ দুৱাৰ – খিৰিকীত নতুন পৰ্দা ওলমিছে, বেৰত নতুন ৰঙ লাগিছে৷ কলেজলৈ যাবলৈ ওলাই বহুদিনৰ মূৰত আইনাৰ সন্মুখত থিয় হৈ মামণিয়ে এবাৰ ভাৱিছে …… আজি চুলিখিনি অলপ বেলেগকৈ বান্ধি যাঁও নেকি ……৷
কোনোবাই যেন যাদুকৰী স্পৰ্শেৰে মণিহঁতৰ ঘৰখন হাত বুলাই দিছে আৰু ঘৰখন ফুল হৈ ফুলি উঠিছে৷ যেন পোহৰ ফুল এজোপাহে কোনোবাই ঘৰখনত ৰুই দিলে৷
মামণি দোধোৰ – মোধোৰত পৰিছে …… নতুন মানুহজনীক তাই এবাৰ মা বুলি মাতিব খুজিছে অথচ শব্দটো জিভাৰ আগলৈ আহি কৰবাত যেন হেৰাই গৈছে৷
(৩)
মাকক হেৰুওৱাৰ যন্ত্ৰণাক কিছু পৰিমাণে অতিক্ৰম কৰি মামণি সুখী হ’ব খুজিছে৷ পোহৰৰ প্ৰাৰ্থনা বুকুত লৈ ফুৰা মামণিয়ে ঠিকেই বুজিছে তাইৰ পৃথিৱীৰ আপোন মানুহবোৰে; তাইৰ মূৰত হাত বুলাই মাত থোকাথুকি কৰা মানুহবোৰে তাইক যুদ্ধংদেহী ৰূপত চাব খুজিছে৷ সহজভাৱে লব পৰা নাই তাইৰ আৰু নতুন মানুহজনীৰ মাজত লাহে – লাহে গঢ়ি উঠা সৰল – সহজ বন্ধুত্বক৷ তাই যত সহজভাৱে থিয় হৈ আছে, সেই সহজ ভাৱনাক তচনচ কৰি মানুহবোৰে তাইক হানি – খুচি ব্ৰেইন ৱাচ কৰিবলৈ অহৰহ চেষ্টা কৰি গৈছে৷ মাহীমাক আৰু ল’ৰা – ছোৱালীৰ সম্বন্ধ ভাল হ’ব পাৰেনে ক’ৰবাত……? ? মাহীমাক আৰু ল’ৰা – ছোৱালী বন্ধু হ’ব পাৰেনে?
কথাই প্ৰতি চকুপানী উলিওৱা জেঠায়েকে তাইক শিকাবলৈ চেষ্টা কৰিছে …… বুইছ মামণি, তই যে একেবাৰে ফেৰেনচিপ পাতিলি মানুহজনীৰ লগত দেখিবি দুদিনমানৰ পিছত তোক একেবাৰে ঘৰৰ কামকৰা মানুহ কৰি পেলাব৷ সাৱধানে থাকিবি৷ ঘৰত কুটা এগছো নকৰিবি কিন্তুু৷
…… ষ্টাইলিছ মাহীয়েকে চকুত অলপ মেঘ সানি …… এইযেন এইমাত্ৰ এজাক বৰষুণহে আহিব তেনে এটা ভাৱেৰে মামণিক বুজায় —- বুইছ, মাৰৰ আলমাৰীৰ চাৱি কিন্তুু কাকো নিদিবি৷ ইমান যে কাপোৰ আৰু গহণা – গাথৰি আছে! মোৰ চিন্তাই লাগি থাকে কোনোবাই চুৰ কৰি নিয়ে বুলি! বাৰু আচল কথালৈ আহো৷ বাইদেউৰ যে এযোৰ কমলা ৰঙৰ পাটৰ কাপোৰ আছিল, মই নিবলৈ আহিছিলো অ’ …… ওচৰতে বিয়া এখন আছে কাইলৈ৷ তই বেয়া পাবি নেকি বাৰু …৷ মামণিয়ে নীৰৱে হাঁহে৷ তাই জানো নেজানে এবাৰ মাহীয়েকৰ হাতত পৰা কাপোৰ ঘূৰি আহি আলমাৰীত দুনাই নোসোমাই বুলি৷
(৪)
আপোন পৃথিৱীৰ পোহৰ – পোহৰ হৈ থকা মুখবিলাক লাহে – লাহে অন্ধকাৰত হেৰাই গৈছে৷ আন্ধাৰ – পোহৰৰ টনা – আজোৰাৰ শেষত, সকলো প্ৰশ্ন – উত্তৰৰ শেষত মামণিয়ে মাকলৈ মনত পেলায়৷ মাকে শিকোৱা অমোঘ মন্ত্ৰ তাই বাৰে – বাৰে আওৰায় …… “ ওঁম্ অসতো মা সদগময়… তমসো মা জ্যোতিৰ্গময় …”৷
বহুতদিনৰ মূৰত মামণিয়ে নিজৰ ওচৰত এটা প্ৰতিজ্ঞা কৰে৷ নতুন মানুহজনীৰ সৈতে গঢ়ি উঠা বন্ধুত্বক তাই সদায় সবল আৰু দৃঢ় কৰি ৰাখিবলৈ চেষ্টা কৰিব৷ হাঁহি – হাঁহি উপেক্ষা কৰিব বিষবাষ্প বিয়পাই পৰিৱেশৰ মধুৰতা নষ্ট কৰাসকলৰ বেঁকা চাৱনি আৰু মিঠা হাঁহিক৷ এগৰাকী নাৰী হৈ তাই আন এগৰাকী নাৰীৰ বাবে কেৱল মাহীমাক হোৱাৰ কাৰণেই হৃদয়ত ঘৃণাৰ প্ৰাসাদ সাজিব নোৱাৰে৷
মামণিয়ে এটা সিদ্ধান্ত লয়৷ সিহঁতৰ ঘৰখন পোহৰাই তোলা মানুহজনীক তাই অন্তৰেৰে মা বুলি মাতিব৷ হৃদয়ৰ সমস্ত পৱিত্ৰতা আৰু প্ৰাথৰ্নাৰে তাই সেই শব্দটি উচ্চাৰন কৰিব৷ ৷