মাতৃত্বৰ সৌৰভ (সাৰদা শ্ৰেষ্ঠ)

বিনীতালৈ বহু দিন ফোন কৰা নাই। বিনীতা মোৰ বান্ধৱী। আমি দুয়ো নলে-গলে লগা বান্ধৱী। স্কুলীয়া দিনৰে পৰা স্নাতক পৰ্যায়লৈকে আমি দুয়ো সহপাঠী বান্ধুৱী আছিলো। স্নাতকৰ শেষ বৰ্ষত তাইৰ বিয়া হ’ল, তেতিয়াৰ পৰা আমাৰ মাজৰ দূৰত্ব অলপ বাঢ়ি গ’ল যদিও অন্তৰৰ ফালৰ পৰা আমি আজিও অভিন্ন। ফোনটোৱেই আছিল আমাৰ যোগাযোগৰ একমাত্ৰ সাধন। অৱশ্যে প্ৰায়ে তায়েই মোলৈ ফোন কৰে। ব্যস্ততাৰ অজুহাতত মোৰহে তাইলৈ কমকৈ ফোন কৰা হয়। ভালেমান দিন হ’ল তাইৰ পৰা ফোন পোৱা নাই। ফোন কৰোঁ, কৰোঁ বুলিও ময়ো আহৰি পোৱা নাছিলো। একেই অজুহাত,  ব্যস্ততা। আজি জানো কিয় তাইলৈ বৰকৈ মনত পৰি আছে, কি বা খৱৰ তাইৰ ! নাই, আজি যেনে তেনে তাইক ফোন কৰিমেই, ভাবিলো। ৰাতিপুৱাৰ কামবোৰ লৰালৰিকৈ শেষ কৰি গৃহস্থক কামলৈ আৰু বিটুক স্কুললৈ পঠিয়াই যাৱতীয় ঘৰুৱা কাম কিছুমান সামৰি আজৰি হৈ মই বিনীতালৈ ফোন কৰিলো। কেইবাবাৰো ৰিং হৈ হৈ ৰিং বন্ধ হৈ গ’ল। তিনিবাৰমান ফোন কৰিলো, ফোনটো ৰিং হৈ হৈ বন্ধ হৈ যায়।

ৰাতিপুৱা দহবজাৰ পাছত বিটু স্কুলৰ পৰা উভতি নহালৈকে কিছু সময় মই আজৰি হৈ থাকোঁ। ঘৰুৱা ইটো সিটো কামৰ উপৰিও মোৰ নিজৰ বাবেও কিছু সময় উলিয়াই লৈ আলোচনী বা অন্য কিতাপ পত্ৰ পঢ়োঁ। আজিও মোৰ “প্ৰিয় সখী “ হাতত লৈ পঢ়িবলৈ লৈছিলো। এনেতে মোবাইলটোৰ সুৰীয়া ৰিংটোন সশব্দে বাজি উঠিল – “শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে…”। মোবাইলটোত চকু ফুৰালো, মোবাইলটোৰ স্কীনত জিলিকি উঠিল বিনীতাৰ নাম। কিতাপখন সামৰি থৈ আগ্ৰহেৰে মোবাইলটো তুলি লৈ ফোনটো ৰিচিভ কৰিলো – “হেল্লো..এই, তোৰ কি খৱৰ ? ভালনে ? ইমান ফোন কৰি আছোঁ উঠোৱা নাই যে কেলেই ….কি কৰি আছিলি ? খৱৰ বহুদিন পোৱা নাই তোৰ…বৰকৈ মনত পৰি আছে তোলৈ। সেই বাবেই আজৰি হৈয়েই তোলৈ ফোন কৰিছিলো।”
“অ’ ভালেই, মোৰ। মই আমাৰ ওচৰৰ গণেশ মন্দিৰলৈ আহিছিলো। তই ফোন কৰিছিলি, মই মন্দিৰৰ ভিতৰত পূজাত ব্যস্ত আছিলো বাবেই ৰিং হোৱা শুনা নাছিলো। বাহিৰলৈ ওলাই আহি মালৈ ফোন কৰোঁ বুলি মোবাইলটো উলিয়াই চাই তোৰ মিচকল দেখি তোলৈকে ফোন কৰিলো। ভালেইনে তোৰ ?”
তাইৰ প্ৰশ্নৰ উত্তৰ দি ক’লো – “মোৰ ভালেই। তোলৈ বৰকৈ মনত পৰি আছিল, সেইবাবেই ফোন কৰিছিলো। তই যে আজি মন্দিৰলৈ আহিলি, কি আছেনো আজি ? কাৰ সৈতে আহিলি মন্দিৰলৈ ?”
“আজি মোৰ ছোৱালী কুঁহিৰ জন্মদিন। সেই বাবেই তাইৰ নামত মন্দিৰত পূজা দিবলৈ আহিলোঁ, অকলেই আহিছোঁ – তাই ক’লে।
তাইৰ কথা শুনি মই আচৰিত হ’লো। মই জনাত তাইৰ ল’ৰা দুটাহে। ছোৱালী সন্তানতো তাইৰ নাই ! আচৰিত হৈয়েই সুধিলো – “এই, তোৰ ছোৱালীনো ক’ত আছে ? কি কৈছ তই ? কুঁহি কোন ?”
“তই পাহৰিলি নেকি এবছৰ আগতে মোৰ যে ছোৱালী এজনী জন্ম হৈছিল ? তায়েই কুঁহি, আমি তাইৰ নাম কুঁহি ৰাখিছিলো।” – তাইৰ কথাই মোক ভবাই তুলিলে। আজি ভালেমান দিন মই বিনীতাক লগ পোৱা নাই। ছোৱালীজনী জন্ম পোৱা বুলি জানি তাইৰ খৱৰ ল’বলৈ যোৱাৰ কথা ভাবিও যাবলৈ সময় উলিয়াব পৰা নাছিলো। হঠাতে এদিন শুনিলো ছোৱালীজনী ঢুকাল। ছোৱালীজনীৰ মৃত্যুত তাই যথেষ্ট ভাঙি পৰিছিল। নাৰী হোৱাৰ গৌৰৱেৰে তাই গৌৰৱাম্বিত….তাই আশা কৰিছিল তাইৰ দৰেই জীয়ৰী এজনীৰ তাই মাতৃ হ’ব। তাইৰ জীয়ৰীজনী তাইৰ ছাঁ হ’ব। বিধাতাই তাইৰ সেই সুখ কিজানি সহ্য কৰিব পৰা নাছিল। সেয়ে তেনেই কম সময়তেই কাঢ়ি নিছিল তাইৰ জীয়ৰীক। তাইৰ দুখৰ সময়ত তাইৰ কাষত থাকি তাইক কিছু সান্ত্বনা দিওঁ বুলি এদিন সময় উলিয়াই তাইৰ ওচৰত উপস্থিত হৈছিলো। তাৰ পাছত আৰু আমাৰ দেখা সাক্ষাৎ হোৱা নাই। ফোনৰেই দুয়ো মাজে সময়ে সুখ দুখৰ খৱৰ লওঁ। সেয়েহে আজি তাইৰ কথা শুনি মই এইবাৰ আৰু অধিক আচৰিত হ’লো। মোৰ স্মৃতিৰ ভঁৰাললৈ ভুমুকিয়াই চালো – অ’ মই গম পাওঁ। তাইৰ ছোৱালীজনী জন্ম হোৱাৰ এমাহ পাছতেই ঢুকাইছিল। হঠাতে এদিনৰ জ্বৰতে তাইৰ মৃত্যু হৈছিল। তাইৰ বৰ হেঁপাহ আছিল ছোৱালী সন্তানৰ মাতৃ হোৱাৰ। প্ৰথম দুটা সন্তান ল’ৰা হোৱাৰ পিছত তাইৰ ছোৱালী এজনী জন্ম হৈছিল। ছোৱালীজনীৰ মাতৃ হোৱাৰ আনন্দত তাই অধীৰ হৈ পৰিছিল। কিন্তু তাইৰেই দুৰ্ভাগ্য। ছোৱালীজনী এমাহৰেই মাথো আয়ুস লৈ আহিছিল তাইৰ কোলালৈ। তেনেহ’লে এইজনী কোন ?
মোৰ মনৰ জিজ্ঞাসা দূৰ কৰিবলৈ মই তাইক সুধিলো – “তাই এমাহতেই ঢুকুওৱা নাছিল জানো ? তেনেহ’লে তোৰ ছোৱালীৰ জন্মদিন? কথাটো মই বুজা নাই। তই আকৌ ছোৱালী তুলি ল’লি নেকি ? মোক দেখোন তই কেতিয়াও জনোৱাই নাই !” শেষৰ ফালে মোৰ মাতত অভিযোগৰ সুৰ স্পষ্ট হৈ পৰিছিল।
তাই ক’লে – “নাই অ’…মই কোনো ছোৱালী তুলি লোৱা নাই। মোৰ যে ছোৱালীজনী জন্ম হৈছিল, তাই আজি জীয়াই থকা হ’লে এবছৰীয়াই হ’লহেঁতেন। আজিৰ দিনটোতেই তাইৰ জন্ম হৈছিল। সেইবাবেই মই তাইৰ নামত মন্দিৰত পূজা দিবলৈ আহিলো। তাই য’তেই আছে তাতেই সুখেৰে থাকক”।
তাইৰ মাতত নাছিল কোনো বেদনাৰ সুৰ। তাইৰ মাত শুনি মোৰ এনে অনুভব হ’ল, তাইৰ ওচৰত যেন থিয় হৈ আছে তাইৰ অকণমানি এবছৰীয়া জীয়েক আৰু তাই তাইৰ মংগলৰ বাবে মন্দিৰলৈ পূজা দিবলৈ আহিছে। তাইৰ কথাত মই বিস্ময় বিমূঢ় হৈ ঠাইতেই থৰ লাগিলো। তাইৰ মাতৃ হৃদয়ৰ আলোকে মোৰ মাতৃ হৃদয়ক জোকাৰি গ’ল। তাইৰ প্ৰতি শ্ৰদ্ধাত মোৰ মূৰ দোঁ খাই গ’ল। মই তাইক ক’লো – “তোৰ ছোৱালীজনীৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ। তাই যতেই আছে তাতেই সুখেৰে থাকক”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments