নাৰীৰ হাতত পুৰুষ নিৰ্যাতিত হয়নে? – ময়ূৰ বৰা

কেইবছৰমান আগতে ‘প্ৰাগ নিউজ’ৰ এটা ‘টক শ্ব’ত নাৰীৰ ন্যায্য অধিকাৰ আৰু পুৰুষপ্ৰধান সমাজত যুগ যুগ ধৰি নাৰীয়ে সন্মুখীন হোৱা তীব্ৰ বঞ্চনাৰ কথা তথ্যসহকাৰে মই উল্লেখ কৰোঁতে প্ৰখ্যাত লেখিকা মাইনী মহন্তই সমৰ্থন জনাইছিল৷ তেওঁ কৈছিল— এজন পুৰুষৰ মুখৰ পৰা এই স্পৰ্শকাতৰ বিষয়টোত সুস্পষ্ট মতামত পোৱা কথাটোৱে আমাৰ সমাজলৈ আশা কঢ়িয়াই আনে৷ সাধ্যানুসৰি চেষ্টা কৰোঁ যদিও মোৰ দৰে নগণ্য ব্যক্তিয়ে সেই ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আনিব পাৰোঁ বুলি নাভাবো৷ অৱশ্যে তেনে ভাৱনাই নিজৰ প্ৰয়াসক দুৰ্বল কৰিবলৈ নিদিয়াটো প্ৰতিজন সচেতন ব্যক্তিৰে দায়িত্ব বুলি মই বিবেচনা কৰোঁ৷ সম্প্ৰতি দুটা বিশেষ কাৰণৰ বাবে মোৰ মনলৈ এনে এটা ভাব আহিছে– আজিৰ সমাজত একাংশ পুৰুষো নাৰীৰ হাতত নিৰ্যাতিত হ’বলৈ আৰম্ভ কৰিছে৷ হয়তো আগতেও হৈছিল, কিন্তু এতিয়া সি বেছি প্ৰকট হৈ উঠিছে৷

কাৰণ দুটালৈ যোৱাৰ আগতে ১৯৯৫ চনত গুৱাহাটীৰ ‘বন্দনা’ ছবিঘৰত চোৱা এখন ইংৰাজী চিনেমালৈ মনত পৰিছে৷ দিল্লীত পঢ়া-শুনা শেষ কৰি গুৱাহাটীৰ নিজৰ ঘৰত থাকি মই সেই সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়া-শুনা কৰি আছিলোঁ৷ মোৰ কলেজীয়া দিনৰে বন্ধু আৰু বৰ্তমান গুৱাহাটীৰ ‘গেটৱে গ্ৰেণ্ডিঅৰ’ হোটেলৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকাই এদিন আমাৰ চানমাৰিস্থিত ঘৰলৈ আহি চিনেমা চাবলৈ লগ ধৰিলে৷ মাইকেল ডগলাছ আৰু ডেমী মুৰ অভিনীত ছবিখনৰ নাম আছিল ‘ডিছক্লজাৰ’৷ সমগ্ৰ চিনেমাখনৰ কাহিনীটো কৰ্মক্ষেত্ৰত যৌন আতিশয্যৰ কথাটোক লৈয়েই নিৰ্মিত৷ চিনেমাখন নিৰ্মাণ কৰা হৈছিল একে নামৰে এখন ইংৰাজী উপন্যাসৰ পৰা৷ কৰ্মক্ষেত্ৰত যৌন আতিশয্যৰ কথাটো ইতিমধ্যে পুৰণি হৈ পৰিছিল৷ সেইপিনৰ পৰা চালে চিনেমাখনৰ কাহিনীটো তেনেই গতানুগতিক, নতুনত্ব একো নাই৷

কিন্তু চিনেমাখনে এটা বিশেষ কাৰণত সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ সেই চাঞ্চল্য যৌনগন্ধী কেতবোৰ দৃশ্যৰ বাবে সৃষ্টি হোৱা নাছিল৷ হলীউডৰ অধিকাংশ ছবিতে তেনে মছলাধৰ্মী উপাদান দেখিবলৈ পোৱা যায়৷ ছবিখনত নায়িকাগৰাকীয়ে নায়কজনৰ ওপৰত যৌন আতিশয্য চলাইছিল৷ নায়িকাগৰাকী আছিল এটা বিশাল ব্যক্তিগত কোম্পানীৰ শীৰ্ষস্থানীয় বিষয়া আৰু নায়কজন আছিল তেওঁৰ তলতীয়া কৰ্মী৷ প্ৰথমাৱস্থাত নায়কজনে থেৰো-গেঁৰো কৰিলেও পাছত নিজৰ সংসাৰৰ কথা ভাবি নায়িকাৰ স্পষ্ট যৌনগন্ধী সঁহাৰিক প্ৰত্যাখ্যান কৰে৷ ইয়াতেই ক্ৰোধিত হৈ নায়িকাই নায়কৰ বিৰুদ্ধে সম্পূৰ্ণ মিছাকৈ যৌন আতিশয্যৰ অভিযোগ আনে৷ ছবিখন কিছু পৰিমাণে ফৰ্মূলাধৰ্মী হলেও ই এটা অত্যন্ত স্পৰ্শকাতৰ আৰু কোনেও মুকলিকৈ ক’ব নিবিচৰা বিষয়ত বহু লোকৰ দৃষ্টি নিবদ্ধ কৰালে৷

এতিয়া আহোঁ মোৰ মনত থকা প্ৰথম কাৰণটোৰ মাজলৈ৷ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষৰ দমনমূলক আৰু আধিপত্যশীল কৰ্তৃত্বৰ কেঁকোৰা চেপাৰ পৰা মুকলি হৈ স্বস্তিৰ নিশ্বাস কাঢ়িবলৈ আৰু নাৰীৰ সুৰক্ষাৰ বাবে এখন শক্তিশালী আইনৰ প্ৰয়োজনীয়তা আছে৷ পুৰুষেই হওক বা নাৰীয়েই হওক, সকলো সচেতন ব্যক্তিয়ে এনে এখন আইনৰ গুৰুত্বক আওকাণ কৰা অনুচিত৷ এইখন আইন অবিহনে বহু নিকৃষ্ট মানসিকতাৰ পুৰুষৰ দপদপনিত নাৰীৰ ন্যায্য অধিকাৰবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ অৱকাশ থাকে৷ আমাৰ সমাজত আজি যৌতুকবিৰোধী আৰু যৌন হিংসাবিৰোধী শক্তিশালী আইন আছে৷ তাৰ বাবে কিছু পৰিমাণে হলেও একাংশ পুৰুষৰ দৌৰাত্ম্য কমিছে৷ কিন্তু সংখ্যাত খুব বেছি নহ’লেও একাংশ নগৰীয়া মহিলাই দুয়োখন আইনৰে অপব্যৱহাৰ কৰি আন এক সামাজিক সমস্যাৰ সৃষ্টি কৰিছে৷ এক কঠোৰ প্ৰতিশোধপৰায়ণতাৰ ভাবে সেইসকল মহিলাৰ মন-মনন এনেকৈ আক্ৰান্ত কৰিছে যে পুৰুষ বুলি ক’লেই যেন তেওঁলোক জাপ মাৰি পৰিব৷ অৱশ্যে যৌতুকবিৰোধী গোচৰত একাংশ সলি-সিয়ান অধিবক্তাৰ (যাৰ একমাত্ৰ উদ্দেশ্য নিজৰ বেংক বেলেঞ্চ বৃদ্ধি কৰা) ভূমিকাও ভয়ংকৰভাৱে ঋণাত্মক৷

মই এনে বহু গোচৰৰ কথা জানো যদিও এটা বিশেষ বিবাহ বিচ্ছেদৰ গোচৰত দুজনমান অধিবক্তাই লোৱা ভূমিকাৰ কথা শুনি মোৰ মনটো ঘৃণাৰে ভৰি পৰিল৷ সংক্ষেপতে ক’বলৈ গ’লে দুটা উচ্চ মধ্যবিত্ত অসমীয়া পৰিয়ালৰ মাজত মিতিৰৰ সম্পৰ্ক স্থাপন হৈছিল তেওঁলোকৰ পুত্ৰকন্যাই কলেজীয়া দিনৰ পৰা কৰা প্ৰেমৰ বাবে৷ দুয়োটা পৰিয়ালেই অভিজাত, কিন্তু লগতে ৰুচিশীলো৷ তেওঁলোকৰ আচৰণ আৰু ব্যৱহাৰ ন ধনীৰ দৰে নহয়৷ কেইবা বছৰীয়া গভীৰ প্ৰেমৰ ফলত তেওঁলোকৰ বিবাহ সম্পন্ন হ’ল সম্পূৰ্ণ সমিলমিলেৰে, সামাজিকভাৱে৷ বিয়াৰ পাছত দৰা-কইনা বিদেশলৈ গ’ল৷ দুৰ্ভাগ্যজনকভাৱে অলপ দিনৰ পাছতে তেওঁলোকৰ মাজত গুৰুতৰ মত পাৰ্থক্যই দেখা দিলে আৰু দুবছৰমানৰ পাছত গুৱাহাটীৰ কৰ্টত ছোৱালীৰ ফালৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আবেদন কৰা হ’ল৷ ছোৱালীজনীয়ে বিবাহ বান্ধোনৰ পৰা মুক্ত হ’ব বিচাৰিছিল আৰু মাহেকীয়া ক্ষতিপূৰণৰ নামত পূৰ্বৰ স্বামীৰ পৰা কিবা এটা পালেই সন্তুষ্ট হ’লহেঁতেন৷ কিন্তু কেইজনমান কুচক্ৰী অধিবক্তাৰ প্ৰৰোচনাত পৰি শেষত ছোৱালীজনীয়ে ল’ৰাজনৰ পৰিয়ালৰ বিৰুদ্ধে এনে কিছু অভিযোগ আনিলে— যিবোৰ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন৷ আমেৰিকান ডলাৰত দৰমহা পোৱা ল’ৰাজনৰ পৰা যিমান পাৰি সিমান টকা সৰকোৱাৰ ধান্দাত অধিবক্তাকেইজনে ‘বৈধ’ উপায় বিচৰাত লাগিল৷ প্ৰথমাৱস্থাত ছোৱালীজনী আৰু তেওঁৰ পৰিয়ালে কিছু দ্বিধাগ্ৰস্ততাত ভুগিছিল যদিও লাহে লাহে তেওঁলোকেও সপোনবোৰ আমেৰিকান ডলাৰত দেখিলে৷ শেষত উপায়হীন হৈ ল’ৰাটোৱে বহু ধনৰ বিনিময়তহে নিজৰ বিবাহ বিচ্ছেদ পাবলৈ সক্ষম হ’ল৷

মই ল’ৰা-ছোৱালী দুয়োটাকে জানো, পৰিয়াল দুটাকো জানো৷ ল’ৰাঘৰৰ প্ৰতি মোৰ কোনো অহেতুক দুৰ্বলতাও নাই৷ কিন্তু মই জানো যে বিবাহ বিচ্ছেদৰ পাছত ল’ৰা-ছোৱালী দুয়ো বন্ধু হিচাপে থাকিব পাৰিলেহেঁতেন আৰু পৰিয়াল দুটায়ো নিজৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ সম্বন্ধ ৰাখিব পাৰিলেহেঁতেন৷ একমাত্ৰ কেইজনমান অৰ্থলোভী অধিবক্তাৰ কূট-কৌশল আৰু তেনেবোৰ আইনৰ মাজত পুৰুষজনৰ পৰিয়ালক হাৰাশাস্তি কৰিব পৰা সুৰুঙাবোৰৰ বাবে বহুতো অনাহূত কথাৰ উদ্ভৱ হ’ল৷ সংখ্যাত খুব বেছি নহ’লেও এনেবোৰ কথাই একাংশ মহিলাৰ মনত এক প্ৰতিশোধপৰায়ণ মনোভাবৰ জন্ম দিয়ে যাৰ বাবে তেওঁলোকে নিজৰ নাক কাটি হলেও সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰে৷

মোৰ মনত থকা দ্বিতীয় কাৰণটোৰ লগত ভাৰত ৰাষ্ট্ৰৰ এটা উদ্ভট সিদ্ধান্ত জড়িত হৈ আছে৷ এখন ৰাষ্ট্ৰৰ বিধি-বিধান সম্পৰ্কীয় মনোভাব যদি ইমান নিকৃষ্ট আৰু স্থূল হয়, তেনেহ’লে সেইখন ৰাষ্ট্ৰৰ বৌদ্ধিক সামৰ্থ্যৰ ওপৰতে প্ৰশ্ন উত্থাপন হয়৷ কিছুবছৰ আগতে গৃহ মন্ত্ৰণালয়ে সিদ্ধান্ত লৈছিল যে যদি কোনো ব্যক্তিক যৌন অপৰাধৰ বাবে চাৰ্জশ্বিট কৰা হয়, তেনেহ’লে তেওঁৰ নামটো ৰাজহুৱাভাৱে ঘোষণা কৰা হ’ব বা ৱেবছাইটত দিয়া হ’ব যাতে লাজ পাই তেওঁ ভৱিষ্যতে তেনে অপৰাধত লিপ্ত হোৱাৰ পৰা বিৰত থাকে৷ যৌন অপৰাধীসকলক নাম ৰাজহুৱা কৰা প্ৰথাটো এতিয়ালৈকে বিশ্বৰ উনৈছখন দেশত আছে৷ কিন্তু প্ৰতিখন দেশতে দোষী সাব্যস্ত হোৱাৰ পাছতহে তেওঁলোকৰ নাম ৰাজহুৱা কৰা হয়৷ কোনো দেশতে গোচৰ নিষ্পত্তি হোৱাৰ আগতে নামবোৰ ৰাজহুৱা কৰা নহয়, কিয়নো তেনে কৰাটোৱে ন্যায়ৰ যিটো স্বাভাৱিক প্ৰক্ৰিয়া তাক থানবান কৰি পেলায়৷ কিন্তু দোষী সাব্যস্ত হোৱাৰ আগতেই ভাৰত ৰাষ্ট্ৰই তেওঁলোকৰ ’name and shame’ নীতিৰ আধাৰত নামবোৰ ৰাজহুৱা কৰিবলৈ লোৱা সিদ্ধান্তটোৰ বাবে সচেতন মহলৰ হাতত কঠোৰভাৱে সমালোচিত হৈছে৷ ৰাষ্ট্ৰৰ টুলুঙা যুক্তিটো হ’ল কৰ্টে কাৰোবাক দোষী সাব্যস্ত নকৰিলে তেতিয়া তেওঁৰ নাম আঁতৰাই দিয়া হ’ব৷ কিন্তু ন্যায়ালয়ে সিদ্ধান্ত ল’বলৈ যিমান বছৰ লগায়, সিমান বছৰ সেই মানুহজন সকলোৰে চকুত যৌন অপৰাধী হিচাপে কুখ্যাত হৈ থাকিব৷ তেওঁৰ পৰিয়ালৰ মানুহ, পত্নী, পুত্ৰকন্যাই এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব প্ৰায় প্ৰতিদিনে৷ সেইবাবেই প্ৰতিজন সচেতন নাগৰিকেই (পুৰুষেই হওক বা মহিলাই হওক) ৰাষ্ট্ৰৰ এই ’name and shame’ নীতিৰ বিৰোধিতা কৰা উচিত৷

শেষত মোৰ নিজৰ মতামতটো পুনৰ স্পষ্ট কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছে৷ একাংশ নাৰীৰ হাতত পুৰুষ নিৰ্যাতিত হোৱা ঘটনাবোৰ সম্প্ৰতি বৃদ্ধি পাইছে যদিও পুৰুষৰ হাতত নাৰী নিৰ্যাতিত হোৱা ঘটনাবোৰৰ তুলনাত ই নগণ্য৷ কিন্তু নগণ্য হ’ল বুলিয়েই সভ্য আৰু সচেতন সমাজে এইক্ষেত্ৰত নিমাতী কইনাৰ ভাও লোৱা কাৰ্য কেৱল অনুচিতেই নহয়, বৰং গৰ্হিতও৷ প্ৰখ্যাত নাৰীবাদী লেখিকা ভাৰ্জিনিয়া উলফে কৈছিল যে নাৰীমুক্তি সংগ্ৰামৰ ইতিহাসতকৈ সেই সংগ্ৰামক পুৰুষসকলে কৰা বিৰোধিতাৰ ইতিহাস বেছি আকৰ্ষণীয়৷ সেই ইতিহাস আকৰ্ষণীয় হলেও তেনে সংগ্ৰামৰ কৌশলী অংশীদাৰ হ’বলৈ মোৰ মনত ধনিষ্ঠামানো আকৰ্ষণ নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক