মিচিং জনগোষ্ঠীয় লোক উৎসৱ প: ৰাগ – কোকিল শইকীয়া

ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাইবিশেষে অতীজৰে পৰা বাস কৰি অহা জনজাতীয় জনগোষ্ঠীসকলৰ ভিতৰত মিচিংসকল অন্যতম৷ বৰ্তমান সময়ত বড়োসকলৰ পিছতেই মিচিংসকলক দ্বিতীয় বৃহৎ জনগোষ্ঠী বুলি জনা যায়৷ মিচিংসকল মংগোলীয় গোষ্ঠীৰ তিব্বতধৰ্মী মূল শাখাৰ অন্তভুৰ্ক্ত৷ মিচিংসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ স্থায়ী বাসিন্দা৷ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ লখিমপুৰ, ধেমাজী, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, মাজুলী, ঢকুৱাখনা, শোণিতপুৰ আদি জিলাত৷
 
মিচিংসকল ঘাইকৈ কৃষিজীৱী৷ কৃষিৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে৷ প: ৰাগ হৈছে আলি আই লৃগাঙৰ পিছতেই মিচিং সমাজৰ অন্যতম এটা প্ৰধান কৃষি উৎসৱ৷ খেতি চপোৱাৰ পিছত উদযাপন কৰা বাবে অসমীয়া ভাষাত ইয়াক নৰাছিগা উৎসৱ বুলিও কয়৷ বিশেষকৈ ডেকা-গাভৰুৰ উদ্যোগত আয়োজন কৰা হয় বাবে কিছুমান অঞ্চলত ইয়াক মৃমবৃৰ-য়া: মে: দনাম অৰ্থাৎ ডেকা-গাভৰুৰ ভোজন বুলিও কোৱা হয়৷
 
প: ৰাগ উৎসৱৰ প্ৰথম দিনটোক ‘ইচা: লঙী’ অৰ্থাৎ আৰম্ভণিৰ দিন বুলি কোৱা হয়৷ সেই দিনাখন মিগম বৰা আৰু বৰ পোৱাৰীক তেওঁলোকযিকোনো এঘৰৰ পৰা ‘গুমৰাগ’ নৃত্যৰ দ্বাৰা আগবঢ়াই অনি দ: ঞি-প: ল (চন্দ্ৰ-সূৰ্য)ক সাক্ষী কৰি প্ৰতিষ্ঠা কৰা হয়৷ তাৰ পাচত ‘মিয়ম য়াম্নাম’ অৰ্থাৎ আলহী-অতিথি আদৰি অনা কাৰ্য কৰা হয়৷ আমন্ত্ৰণ পোৱা গাৱঁৰ ৰাইজে তেওঁলোকৰ গাৱঁৰ ডেকা বৰা আৰু তিৰী বৰাৰ নেতৃত্বত আমন্ত্ৰণ ৰক্ষা কৰে৷ বাটৰ পৰা মৃৰং ঘৰলৈ গুমৰাগ নাচৰ যোগেদি বৰ পোৱাৰী আৰু মিগম বৰাৰ নেত্বৃতত আলহী-অতিথিক আদৰি অনা কাৰ্যটোক ‘মিগম য়াম্ নাম’ বুলি কোৱা হয়৷
 
ইচা: লঙৌৰ মাজৰাতিৰ পৰা ‘প: বৰ’ত আপং ভৰাবলৈ আৰম্ভ কৰে৷ প: বৰ হৈছে, আঠ ফুটৰ পৰা দহ ফুটমান দীঘল, তলফালে জোঙ আৰু ওপৰফালে আঠ ফুটৰ পৰা দহ ফুটমান বহল আপং চেকা এবিধ বাঁহৰ ডাঙৰ সঁজুলি৷ মিগম বৰা আৰু বৰ পোৱাৰীৰ নেতৃত্বত গাঁৱৰ ডেকা গাভৰু আৰু মিনমসকল মিলি গুমৰাগ নৃত্যৰে মৃৰং ঘৰখন পাঁচবাৰ প্ৰদক্ষিণ কৰে৷ তাৰপাচত প: বৰত পানী ঢলা কাৰ্য সম্পন্ন কৰে৷ , যাক কোৱা হয় ‘প: বৰ কাদ্ নাম”৷ পানী ঢলাৰ সময়ত ৰাইজ আৰু মিনমসকলে মিলি সমস্বৰে দ: ঞি-প: ল (চন্দ্ৰ-সূৰ্য), কাৰ্চিং-কাৰ্তাং (সৃষ্টিৰ পালন কৰ্তা পৰম-পুৰুষ-প্ৰকৃতি), গু: মৃন-চ: য়ৃং(গোত্ৰ দেৱতা) আদি দেৱি-দেৱীৰ নাম উচ্চাৰণ কৰে মিনতি জনায়৷
 
যেতিয়া প: বৰৰ পৰা উগ্ৰ পানীয় ৰস সৰকি তলৰ পাত্ৰত পৰে তেতিয়া ‘এ: গ-মান্‌নাম’ অৰ্থাৎ গাহৰি পহু মৰা পৰ্ব আৰম্ভ হয়৷ প: ৰাগ প্ৰথমে ‘এ: নৌ এ: গ’ অৰ্থাৎ চেউৰী গাহৰি উৎসৰ্গা কৰা হয়৷ এ: গ মান্‌নাম্ৰ আগে আগে গাহৰিজনীক পাঁচবাৰ প্ৰদক্ষিণ কৰে৷ তাৰপাছত গাহৰিজনীৰ ঠিক বুকুৰ ফালে কটাৰীৰে ছাল মোটোকাই অলপ ঘূৰণীয়াকৈ কাটি লোৱা হয় আৰু সেই কটা অংশইদি এডাল জোঙা বাঁহ নিক্ষেপ কৰা হয়৷ মিগম বৰাই সোঁহাতে আৰু বৰ পোৱাৰীয়ে বাওঁহাতে বাঁহডাল যেতিয়া গাহৰিৰ বুকু ভেদ কৰি পেটৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া আহত বুকুৱেদি তপত তেজ সিঁচৰতি হৈ যেনি তেনি চিটিকি পৰে আৰু তেতিয়া যন্ত্ৰণাকাতৰ পহুৰ আৰ্ত্তনাদকো অৱৰুদ্ধ কৰি নৃত্যৰত জনতাই আকাশ নিনাদি কাৰ্চৃং-কাত্তাং, দ: ঞি-প: ল আদি অন্যান্য অনিষ্টকাৰী দেৱ-দেৱীৰ নাম উচ্চাৰণ কৰি তেওঁলোকৰ সন্তষ্টিৰ বাবে মিনতি জনায়৷ দুই-তিনিটা পহু সেইদৰে উৎসৰ্গা কৰাৰ পিছত বাকীবোৰ সাধাৰণ উপায়েৰে বধ কৰে৷
 
দ্বিতীয়দিনা গাঁৱৰ জীয়ৰীসকলক ভোজন দিয়ে৷ তৃতীয়দিনা বোৱাৰীসকলক তেওঁলোকৰ ঘৰুৱা কামৰ পৰা ৰেহাই দি সৰু সৰু ল’ৰা-ছোৱালীৰে সৈতে ভোজ-ভাত খুৱায়৷ চতুৰ্থ আৰু পঞ্চমদিনা সাধাৰণ ৰাইজৰ ভোজন চলে৷ বুঢ়া-বুঢ়ীৰ পৰা আৰম্ভ কৰি সৰু সৰু ল’ৰা-ছোৱালীলৈকে যাতে হেঁপাহ পলুৱাই খাবলৈ পায় তাৰ বাবে বিশেষ যত্ন লোৱা হয়৷ প: বৰত তচাকি লোৱা আপং পানী বাদেও যথেষ্ট পৰিমাণৰ পানীয় ‘তা: চুগ’ অৰ্থাৎ সাধাৰণতে ব্যৱহাৰ হোৱা প: বৰৰ নিচিনা এবিধ সৰু সঁজুলিৰে চাকি কলহে কলহে ৰাইজক যোগান ধৰা হয়৷ মাংস ভাত আৰু আপঙেই হ’ল প: ৰাগ উৎসৱৰ উপভোগ্য খাদ্য৷ পঞ্চম দিনাৰ অন্তত গুমৰাগ নাচৰ যোগেদি বৰ পোৱাৰী আৰু মিগম বৰাক তেওঁলোকৰ যিকোনো এঘৰত আগবঢ়াই থয়গৈ৷ সেইদিনা দুয়ো নিজা ববীয়াকৈ গাহৰি এটা মাৰি ৰাইজক ভোজন কৰায় আৰু প: ৰাগ পৰিচালনা কৰোতে যদি কিবা দোষ-ত্ৰুটি হৈছিলে, তাৰ বাবে মাৰ্জনা বিচাৰি ভৱিষ্যতৰ কুশল মংগলৰ বাবে ৰাইজৰ ওচৰত আঠু কাঢ়ি আশীৰ্বাদ লয়৷
 
এই উৎসৱ উদযাপন কৰিবলৈ নিৰ্দিষ্ট তাৰিখ নাই৷ সুবিধা অনুযায়ী বেলেগ বেলেগ গাঁৱে বেলেগ বেলেগ দিনত পালন কৰে৷ এইদৰে এটা প: ৰাগৰ পৰা পাছৰ প: ৰাগটোলৈ আৱৰ্ত কালো নিৰ্দিষ্ট নহয়৷ কোনোৱে পাঁচ বছৰ, কোনো কোনোৱে দহ বা বিছ বছৰ আদি বেলেগ বেলেগ আৱৰ্ত কালত ইয়াক উদযাপন কৰা দেখা যায়৷ একেবাৰে কেতিয়াও প: ৰাগ নপতা গাঁৱো নথকা নহয়৷
আজি-কালি এই উৎসৱ প্ৰায় বিলুপ্ত হৈ আহিছে৷ ইয়াৰ প্ৰধান কাৰণ হ্’ল ব্যয় বহুলতা৷ এখন গাঁৱৰ মিতিৰ-কুটুম, আলহী, জী-জোৱাই সকলোকে সামৰি সন্তোষ হোৱাকৈ খাব দি’বলৈ যথেষ্ট খৰচৰ কথা আহি পৰে৷ পৰিবৰ্তিত জনগাঁথনি আৰু সমাজ ব্যৱস্থাত ইয়াক জীয়াই ৰাখিবলৈ জটিল কৰি তুলিছে৷ আগৰ দৰে সকলো গাঁৱৰ মানু একেখন গাঁৱত একেলগে থকাটো আজি-কালি অসম্ভৱ৷ চাকৰি-বাকৰি, ব্যৱসায় বাণিজ্য আদি অনেক কাৰণত এখন গাঁৱৰ পৰা উঠি গৈ অন্য ঠাইত সংস্থাপন কৰিবলগা হোৱাত এখন গাঁৱে একেলগে গাঁও হিচাবে প: ৰাগ উদযাপন কৰাত যথেষ্টখিনি বাধা আহি পৰিছে৷
—————————————————————–
সহায়ক গ্ৰন্থপঞ্জী:
দাস, ড অংশুমান(স: ): অসমৰ জনগোষ্ঠীয় লোকখাদ্য, প্ৰকাশক: আঁক-বাঁক৷
দত্ত, দ্বীপ & দত্ত হীৰন (স: ): Research Quest, প্ৰকাশক: কিৰণ প্ৰকাশন৷
পেগু, ড নোমল: The Mishings of the Brahmaputra vally, প্ৰকাশক: ড নোমল পেগু৷
কুলি, ডা: জৱাহৰ জ্যোতি: মিচিং সংস্কৃতি, প্ৰকাশক: কৌস্তুভ প্ৰকাশন৷
কুলি, ডা জৱাহৰ জ্যোতি(স): The Misings, প্ৰকাশক: কৌস্তুভ প্ৰকাশন৷
 
■●■
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক