সানমিহলি পাচলি আৰু আনাৰসৰ লগত মিছা মাছ -(ভাস্কৰ মজুমদাৰ)

সানমিহলি পাচলি আৰু আনাৰসৰ লগত মিছা মাছ

-ভাস্কৰ মজুমদাৰ

xanmiholi-pasoli-aru-anaraxar-lagat-misa-mach_bhaskar-mazumdar
মিছা মাছখিনি অকণমান নিমখ আৰু জলকীয়া গুড়িৰ লগত সামান্য তেলত ভাজক৷ ৪-৫ মিনিট হে ভাজিব৷
পাচলিখিনি ডোখৰাডোখৰকৈ কাটি ল’ব৷ মই আলু, গাজৰ, ফুলকবি, উৰহীৰ গুটি (Lima beans) আৰু মটৰ লৈছোঁ৷ আপোনাৰ ভাললগা যিকোনো পাচলি ল’ব পাৰে৷
আদা আৰু নহৰু আলপ থেতেলি ল’ব৷
এতিয়া কেৰাহীত তেল অলপ ঢালি পাচলিখিনি ভাজক৷ আদা, নহৰু আৰু নিমখ দিব৷ সিজিবলৈ ঢাকনি মাৰি দিব পাৰে৷
এটা বা দুটা বিলাহী আৰু চাৰিভাগৰ এভাগ আনাৰস সৰুকৈ কাটি ল’ব৷ ডাঙৰ পিয়াঁজ এটা ডোখৰাডোখৰকৈ কাটিব৷
৮ মিনিট মান পিছত পিয়াঁজ দিব৷ তাৰ ৫ মিনিট মান পিছত বিলাহী আৰু আনাৰস দিব৷ সেইখিনি অলপ কুমলিলেই হ’ল, গলি যাবলৈ নিদিব৷ ৫ মিনিট মানতে হ’ব৷
এতিয়া ভাজি থোৱা মিছা মাছখিনি মিহলি কৰি দিব৷ ২-৩ মিনিট মান পিছত নমাই থব৷
ওপৰত অলপ জালুক আৰু শুকান জলকীয়া মোহাৰি দিব৷ গুড়ি নহয় কিন্তু, flakes বা crushed.
আৰম্ভণিৰ পৰা শেষলৈ ৩০ মিনিটমান লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!