বাঁহ-বেতৰ শিল্পী মোহন শইকীয়াৰ উচুপনিৰ অন্তৰালত

বাঁহ-বেতৰ শিল্পী মোহন শইকীয়াৰ উচুপনিৰ অন্তৰালত

চৌষষ্ঠি কলাৰ এটা হ’ল বেত বা আন তৃণৰে আচবাব নিৰ্মাণ বা নতুন আচবাব-পত্ৰৰ উদ্ভাৱন। অসমখনত পৰম্পৰাগতভাৱে ব্যৱহাৰৰ সঁজুলিসমূহ বাঁহ-বেতেৰে নিৰ্মাণ কৰাৰ পৰম্পৰা তাহানিৰেপৰা চলি আছে। কিন্তু এই পৰম্পৰাকে এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে সেই বিশেষ মানুহজনে।

১৯৬০ চনৰ ৩ মাৰ্চ তাৰিখে শিৱসাগৰ জিলাৰ বকতা নেমুগুৰি অঞ্চলৰ নাথ গাঁৱৰ এটা সাধাৰণ পৰিয়ালত মানুহজনৰ জন্ম। জন্মৰ পূৰ্বেই পিতৃ বিয়োগ ঘটা ল’ৰাজনৰ লগতে পৰিয়ালটোৰ কষ্ট কুলাই-পাচিয়ে নধৰা হ’ল। গৰু চৰোৱা, যাৰ-তাৰ ঘৰত কাম কৰি দিয়া এই ল’ৰাজনে তেনেদৰেই নেমুগুৰি নাথগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ওচৰৰে নেমুগুৰি উচ্চ মাধ্যমিক (এতিয়া উচ্চতৰ মাধ্যমিক) বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈ জীৱনত কি কৰিব তাৰে গুণা-গঁথা কৰি থকাৰ মাজতে হেম চেতিয়া নামৰ এজন ব্যক্তিৰ সান্নিধ্য লাভ কৰে আৰু উচ্চ শিক্ষাৰ প্ৰেৰণা পাই ডিব্ৰুগড়স্থিত ডিব্ৰু কলেজত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। কলেজৰ খৰছ উলিয়াবলৈ হোটেলতো কাম কৰিবলৈ বাধ্য হ’ল মানুহজন। কিন্তু তাত তেওঁ জীৱনৰ পথ ধুৱলী-কুঁৱলী দেখি নিজৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব হিচাবে মুলতঃ ভাতমুঠিৰ বাবেই ঘূৰি আহে নিজৰ গাঁৱলৈ। আধৰুৱা শিক্ষা তেওঁৰ বাবে চাকৰি এটা পোৱাৰ ক্ষেত্ৰত সদায় হেঙাৰ হিচাবে থিয় দিলে। গাঁৱত মূলতঃ এজন শ্ৰমিক হিচাবেই মানুহজনে জীয়াই থাকিবৰ বাবে কৰণীয় সকলোবোৰ কৰিলে। ঘৰতে মৌ পালন কৰি জীৱিকাৰ সন্ধান কৰি গ’ল। ১৯৮৪ চনত বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত তেখেতৰ দায়িত্বও বাঢ়িল। লাহে লাহে উৎপাদন তথা আয়ৰ পৰিসৰ বঢ়াবলগীয়া হ’ল। মনলৈ চিন্তা আহিল নিজাকৈ কিবা এটা কৰাৰ। সেই চিন্তাৰে বাঁহ-বেতৰ কামত মনোনিৱেশ কৰে এই লোকজনে। সংগীতৰ প্ৰতি ৰাপ থকাৰ বাবেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ “উজ্বল ভৱিষ্যত”, খুহুটিয়া অনুস্থান “পুতাইলৈ চিঠি” আৰু “বৰ্ণালী” অনুষ্ঠানৰ সৈতে জড়িত হ’বলৈ পালে মানুহজনে। কিন্তু চৈয়দ চাদুল্লা তথা ৰেডিঅ’ অফিচাৰ বিপুল দত্তই দিয়া এই মঞ্চখনো যেন তেওঁৰ বাবে যথেষ্ট নাছিল। সেয়ে সেইফালে পিঠি দি তেখেতে গাঁৱতে কিবা-কিবি কৰাৰ কথা চিন্তা কৰে। এই চিন্তাই গ্ৰাম্য অৰ্থনীতিৰ ব্যৱহাৰিক কিছু দিশ চিন্তা কৰিবলৈ পথ দেখুৱালে। বাঁহ-বেতৰ প্ৰতি আকৰ্ষণ মানুহজনৰ আগৰেপৰা আছিল। প্ৰথমে অকলে বিচনী, খৰাহি তৈয়াৰ কৰা মানুহজনে লাহে লাহে ইয়াৰ বিকাশ ঘটায়। কিছু গৱেষণা কৰি বাঁহেৰে সাজি উলিয়ালে ৰংঘৰ, চেন্দেল, জোতা আৰু বহু কিবাকিবি। এই গৱেষণাবোৰৰ অংশ হিচাবে তেওঁ বাঁহৰ ঢকুৱাত এশখন মান কিতাপ লিখি উলিয়ালে। গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত এই লোকজনে জীৱনৰ সংগ্ৰামখিনি লিখি ৰাখিলে এখন বাঁহৰ কিতাপত। নাম ৰাখিলে “উচুপনিৰ অন্তৰালত”।

জীৱনটো এনেদৰে ঘাট-প্ৰতিঘাটৰ মাজেৰে পাৰ কৰিয়েই তেওঁ গঢ় দিলে “গ্ৰামীণ কেণ এণ্ড বেম্ব’ ক্ৰাফট” নামৰ উদ্যোগটো। অঞ্চলটোৰ ভালেকেইজন লোকক তেওঁ এই উদ্যোগৰ যোগেদি নিজাকৈ কিবা এটা কৰাৰ বাবে বাট দেখুৱাই আহিছে। নতুন চামৰ মাজত গ্ৰাম্য স্ব-নিয়োজনৰ প্ৰেৰণা যোগোৱা এইজন মোহন শইকীয়াৰ মনৰ বুজ লৈ তেখেতৰ সৈতে হোৱা কথোপকথন সাহিত্য ডট্ অৰ্গৰ ৰঙালী বিহুৰ বিশেষ সংখ্যাটিত পাঠক সমাজৰ বাবে আগবঢ়োৱা হৈছে। সাক্ষাৎকাৰ গ্ৰহণ কৰিছে “অসমীয়াত কথা-বতৰা” গোটৰ সদস্য শ্ৰী ভাস্কৰজ্যোতি দাসে। তেখেতক সহযোগ কৰিছে শ্ৰী অমিতাভ মহন্ত আৰু শ্ৰী নৱজিৎ কোঁৱৰে।

সাহিত্য ডট অৰ্গ : নমস্কাৰ ডাঙৰীয়া। আমি সাহিত্য ডট অৰ্গ নামৰ অনলাইন আলোচনীখনৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ।  আজি আমি আপোনাৰ জীৱনৰ লগতে আপোনাৰ কৰ্ম বিষয়ক দুআষাৰমান কথা পাতিম। প্ৰথমে জানিব বিছাৰিম আপুনি এই বাঁহ-বেতৰ জগতখনলৈ কেনেকৈ আহিল?

মোহন শইকীয়া : বাঁহ-বেতৰ এই কামখিনি আমাৰ এই বকতা অঞ্চলটোত প্ৰায় মানুহে কৰে আৰু সৰুতে মই যিখন ঘৰত জন্ম হৈছিলোঁ তাতো সেই বাঁহৰ কামেই কৰে। উপজিয়ে বাঁহৰ সামগ্ৰীৰ লগত সম্পৰ্ক এটা গঢ়ি উঠিছিল। হ’লেও মই প্ৰায় ৯০ চনৰ পৰাই এই কামটোৰ লগত অলপ অলপকৈ জড়িত হৈ পৰিছিলোঁ। তাৰ পাছত ২০০১-২০০২ চন মানৰ পৰা গবেষণামূলকভাবে এই কাম কৰিছিলোঁ। তাৰ পিছত ২০০৪ মানৰ পৰা বণিজ্যিকভাবে এই কাম কৰিছিলোঁ আৰু বৰ্তমান ৰাইজ আৰু চৰকাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান এইবিলাকৰ সহযোগ পোৱাৰ কাৰণে এই কামটো আৰু অকণমান বঢ়াই কেনেকৈ আমাৰ গ্ৰামাঞ্চলৰ ভিতৰুৱা যুবক-যুবতী বা অন্যান্য ব্যক্তিসকল ইয়াৰ যোগেদি উপকৃত হ’ব পাৰে, সেয়াই কম-বেছি পৰিমানে কৰি আছোঁ।

সাহিত্য ডট অৰ্গ : আপুনি প্ৰথমে ইয়াক শিল্প হিচাপে গ্ৰহণ কৰিছিল। কিন্তু কেতিয়াৰ পৰা আপুনি এই শিল্পটোক পেচা হিচাপে লোৱাৰ কথা চিন্তা কৰিলে?

মোহন শইকীয়া : এই শিল্পটোক আনে যাতে পেচা হিচাপে ল’ব পাৰে, সেই ল’ব পৰাৰ কাৰণে ময়োতো ইয়াক এটা পেছা ভিত্তিক ব্যৱস্থাৰূপে প্ৰতিষ্ঠা কৰি দেখুৱাব লাগিব; সেয়ে মই বাণিজ্যিক ধৰণে ঠিক ২০০৪ চন মানৰ পৰা এই কামটো কৰিবলৈ আৰম্ভ কৰিছোঁ। বৰ্তমান ভালেকেইজন ল’ৰাই এই কাম কৰি আছে আৰু চৰকাৰৰ ফালৰ পৰাও সহায়-সহযোগ পাই আছোঁ। তাৰ লগে লগে নেচনেল বেম্বো মিছন আৰু ডি আৰ ডি এ, ডিচট্ৰিক ইণ্ডাষ্ট্ৰিয়েন কমাৰ্ছ চেণ্টাৰ আৰু নাবাৰ্ড ইত্যাদিৰ বিষয়াসকলে আমাৰ কামটোক চৰকাৰীভাবে আগবঢ়াই নিয়াত সহায় কৰিছে। আমাৰ যিসকল ল’ৰা-ছোৱালীৰ এই কামটোৰ প্ৰতি কোনো আগ্ৰহ নাছিল পৰৱৰ্তী সময়ত তেওঁলোকে এই কামখিনি দেখি আকৰ্ষণ অনুভৱ কৰাৰ পাছত এতিয়া কাম শিকিবলৈ আহিছে আৰু তাৰ ফলস্বৰূপে বাণিজ্যিকভাবে এই কামটোৰ গ্ৰাম্যাঞ্চলত প্ৰসাৰ হৈছে বুলি ভাবিব পাৰি।

সাহিত্য ডট অৰ্গ : আপুনি উঠি অহা প্ৰজন্মৰ বহুজনক এই শিল্পলৈ আনিছে৷ এই বিষয়ে আমাক জনাব নেকি?

মোহন শইকীয়া : এক প্ৰকাৰে হয় বুলি ক’ব পাৰি। আমাৰ অসমৰ মানুহৰ কাৰণে বাঁহ বাপতি সাহোন স্বৰূপ। সংগীত জগততো যিবিলাক বাদ্যযন্ত্ৰ আছে- যেনে পেঁপাৰ চুপহীটো, গগণা, বাঁহী, টকা, কাকৈ ইত্যাদিৰ পৰা আৰম্ভ কৰি বাঁহৰ গহনালৈকে হৈছে। তদুপৰি জেওৰা-জপনা, ঘৰ আছেই। গতিকে এইক্ষেত্ৰত আমাৰ সম্ভাৱনীয়তা আছে। এই ক্ষেত্ৰত মানুহে সংঘবদ্ধ হৈ কাম কৰিব পাৰে বা ব্যক্তিগত বা উদ্যোগ হিচাপে কাম কৰিব পাৰে।

সাহিত্য ডট অৰ্গ : আপোনাৰ উল্লেখনীয় সৃষ্টিকৰ্মৰ বিষয়ে আমাক জনাব নেকি?

মোহন শইকীয়া : উল্লেখনীয় সৃষ্টিৰ ভিতৰত মোৰ বাঁহৰ গ্ৰন্থখন। মোৰ প্ৰথম অৱস্থাত এজন ভাল চিকিৎসক হোৱাৰ পৰিকল্পনা আছিল। কিন্তু সৰুতে মা-দেউতা ঢুকুৱাত লোকৰ ঘৰত থাকিবলগীয়া হ’ল। হ’লেও মই জীৱনত কিবা এটা ভাল কাম কৰিবলৈ আকৌ নতুনকৈ হেঁপাহ এটা কৰিলোঁ। প্ৰথমে খেতি কৰিলোঁ, নাৰ্চাৰী কৰিলোঁ, মৌ পালন কৰিলোঁ, কুঁহিয়াৰ খেতি কৰিলোঁ- মেচিন আনিলোঁ, চলালোঁ, এবিঘা মাটিত একঠা মাটিৰ খেতিত কিমান কুইণ্টল হ’ব, এডাল কুঁহিয়াৰ কিমান কেজি হ’ব, কিমান ৰস পাব, ঠিক তেনেদৰে তেওঁ দৈনিক কিমান বেছিলে কিমান উপাৰ্জন হ’ব- এই ধৰণৰ কাম কৰিলোঁ। নাৰ্চাৰী কৰিলোঁ – আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নিয়মীয়া কথক শিল্পী হিচাপে ৯১-৯২ চনৰ পৰা নিমন্ত্ৰন পালোঁ। এনে কাম কৰি থকাৰ মাজতে মই বাঁহৰ পৰা নতুন কিবা এটা কৰিব পাৰি নেকি ভাবিলোঁ। সেইসময়ত বাঁহৰ পৰা এখনহে কিতাপ বনাম বুলি ভাবিছিলোঁ। ভাবোঁতে ভাবোঁতে এদিন সেই ডাঙৰ বাঁহবিধৰ ঢকোৱাবোৰ ৰ’দত মেল খাই থকা দেখিলোঁ। আঘোণ-পুহ মাহৰ কোনোবা এদিন দেখিলোঁ সেই ঢকুৱাবোৰ ৰেডিমেড বৰ্ডৰ দৰে হৈ আছে। তাৰ পৰাই বাঁহৰ কিতাপৰ ধাৰণাটো আহিল। এনেকৈ প্ৰথমে বিচনী সাজিবলৈ ল’লোঁ তাৰপৰা। বিচনীখনত কিবা লিখিবলৈ গৈ দেখো মাৰ্কাৰ পেনেৰে লিখিব পাৰি। এনেদৰে লিখি লিখি ভাবিলোঁ মই কিতাপ এখন বনাও, এখন বনোৱা পাছত ভাবিলোঁ ১০খন বনাও, ১০খন বনোৱাৰ পাছত ভাবিলোঁ যে এশখন আৰামেৰে বনাব পাৰিম। এশখন বাঁহৰ কিতাপ বনোৱাৰ উদ্যোগটো লোৱাৰ পাছত প্ৰচাৰ মাধ্যম আহিল, সাহিত্য সভাৰ মানুহ আহিল। তাৰ পাছত ইয়াতেই নগেন শইকীয়া ছাৰ আহিম বুলি কথা দিলে গ্ৰন্থ উন্মোচনীত, বিভিন্ন কলেজৰ প্ৰবক্তাসকলো আহিল। কিতাপবোৰ বিচাৰিছিল বহুতে, মই নাই দিয়া। মই ঘৰতে এটা সৰু পুথিভঁৰাল কৰিম বা যাদুঘৰ এটা সাজি ৰাইজৰ কাৰণে থৈ যাম। যিটো চাই উত্তৰ-পুৰুষৰ কোনোবা আলহীলোকে বা ল’ৰা-ছোৱালীয়ে যাতে কিবা এটা কাম কৰিব পাৰে। সেই বাঁহৰ কিতাপবোৰৰ পৰা আচলতে প্ৰথমে প্ৰচাৰটো বেছি হ’ল। তাৰ পাছতেই নেচনেল বেম্বো মিছন আহিল, নৰ্থ ইষ্ট বেম্বো মিছন আহিল। এতিয়া অসমৰ বিভিন্ন প্ৰান্তত এই বেম্বো মিছনৰ কামতেই যাবলগীয়া হয় আৰু সেইবিলাকৰ যোগেদি যাওঁতে বিভিন্ন ব্যক্তিক লগ পাওঁ, ল’ৰা-ছোৱালীবোৰ আগ্ৰহী হৈ প্ৰশিক্ষণ ল’বলৈ আহে। সেই সময়তে ‘ডি আই চি চি’ য়ে ‘ডি আৰ ডি এ’ৰ যোগেদি এটা প্ৰেজেক্ট ল’লে। সেইটো হ’ল- নেচনেল ৰুৰেল এণ্ড লাইভলিহুড মিছন, মানে জীৱন-জীবিকা আঁচনি। শিৱসাগৰ জিলাত তেতিয়া মোকেই নিমন্ত্ৰণ কৰি চাৰ্টিফিকেট দিলে। তাতে পাঁচ লাখমান টকাৰ মেছিন দিলে। বৰ্তমান  বিভিন্ন ঠাইলৈ যোৱা যায় এই খিনি লৈ।

সাহিত্য ডট অৰ্গ : এই শিল্প চলাই নিয়াত আপুনি কিবা অসুবিধা পাইছে নেকি?

মোহন শইকীয়া : শিল্পটো চলাবলৈ এটা কথাতে অসুবিধা হয়, এটা ঘৰুৱা উদ্যোগ চলাবলৈ হ’লেও আজিকালিৰ যান্ত্ৰিক পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব- এক নম্বৰ কথা। আৰু দুই নম্বৰ কথা- পুঁজি লাগিব। মই থকা ঘৰটো বাদ দি য’ত মোৰ কৰ্মশালাটো আছে তেনেকুৱা হ’বলৈ হ’লে পুঁজিটো অন্ততঃ পাঁচ লাখমান টকাৰ হ’ব লাগে। সেই পুঁজিটোৰ কাৰণে অলপ অসুবিধা হৈছে।  হ’লেও এটা কাৰণে ভাল লাগে যে যিসকল ল’ৰাই কাম কৰিছে তেওঁলোকে মুঠ বিশ হেজাৰ, ত্ৰিশ হেজাৰ বা পয়ত্ৰিশ হাজাৰ টকা মাহে পাইছে- মোৰ হাতত লাগিলে পাঁচ হেজাৰেই থাকক। সেইটো কাৰণে ভাল লাগে যে আমি ইজনে-সিজনৰ লগত লাগি থকা কাৰণে পাঁচ হেজাৰ বা দহ হেজাৰ পাইছোঁ। সেইটো কাৰণে ভাল লাগিছে।

অসুবিধাৰ ক্ষেত্ৰত কি হয়- আমাৰ যিটো ইলেক্ট্ৰিফিকেচন সেইটো নিয়মীয়া নহয় এক নম্বৰ কথা আৰু দুই নম্বৰ কথা- বজাৰৰ কাৰণে। দিল্লীত যেনেকৈ এখন ৱাশ্বিংটন মাৰ্কেট নামেৰে নিয়মীয়া বজাৰ আছে, আমাৰ অসমত তেনেকুৱা বজাৰ নাই। নতুন প্ৰজন্মই চৰকাৰৰ সহযোগত এই বিষয়ে  নিশ্চয় কিবা এটা আগভাগ ল’ব বুলি ভাবিছোঁ। এতিয়াও আগভাগ ল’বলৈ চেষ্টা কৰিছে যদিও এইটোক যথেষ্ট বুলি ক’ব নোৱাৰি।

সাহিত্য ডট অৰ্গ : কেতিয়াবা মনলৈ ভাব হয় নেকি যে আপুনি এই শিল্পক পেচা হিচাপে লৈ ভুল কৰিলে৷

মোহন শইকীয়া : কোনো কোনো মুহূৰ্ত্তত তথাকথিত যিটো আমাৰ সমাজ ব্যবস্থা, যিটো সামাজিক দৰ্শন আৰু কিছুমান থলুৱা দাৰ্শনিকৰ মন্তব্যৰ কাৰণে বহুতো উদ্যোগী ব্যক্তি বা ল’ৰা-ছোৱালীয়ে ছত্ৰভংগ দিয়ে । যেনে ‘এইবোৰ কাম আজিকালি কৰে নে’, ‘বাঁহৰ কামনো কৰে নে’, ‘ইমান পঢ়া-শুনা কৰিছে, ল’ৰাবিলাকে আমুক কৰিছে তামুক কৰিছে’, ‘কোনে কিনিব এইবিলাকনো’, ‘ইমান পঢ়া-শুনা কৰি এইবোৰ কৰেনে, অন্য কাম কৰিব লাগে’, ‘সহজে পোৱা কাম কৰিব লাগে’ ইত্যাদি। মই বাহিৰৰ দেশৰ প্ৰবন্ধবোৰ পঢ়ি ভাল পাওঁ আৰু বিজ্ঞানৰ অনুষ্ঠানবোৰ চাই ভাল পাওঁ, উদ্ভাবকসকলৰ জীৱনী পঢ়ি ভাল পাওঁ। সেইবোৰ পঢ়ি বুজিছোঁ যে তেওঁলোকে বহু কষ্ট কৰে আৰু অন্য মানুহৰ কথাত ভোল গৈ নিজৰ দৰ্শনটোক পৰিহাৰ নকৰে। মই যি ভাবিছিলোঁ যে ‘এইটো কাম কৰিলে নিশ্চয় কিবা এটা হ’ব’। ভাৰতকে ধৰি অন্য দেশ যেনে চীন, জাপান, ফ্ৰান্স, আমেৰিকা এইবিলাকত দেখিছোঁ যে কংক্ৰীটৰ যিটো ব্যৱস্থা হৈছে, প্লাষ্টিকৰ যিটো ব্যৱস্থা হৈছে সি পৃথিবীৰ ভাৰসাম্যতা নষ্ট কৰিবৰ কাৰণে যথেষ্ট পৰিমানে ইন্ধন যোগাইছে। আধুনিক সভ্যতাৰ বিজ্ঞান-প্ৰযুক্তি আমাক লাগিব, জগতখনক লাগিব কিন্তু প্ৰাকৃতিক জগতখন আমি যদি জীয়াই বা বচাই ৰাখিব নোৱাৰোঁ তেতিয়াহ’লে মানব সভ্যতাটো বিকল হৈ যাব। তাৰ কাৰণে ব্যৱহাৰৰ অনুপযোগী বস্তুবিলাক সংৰক্ষণ কৰিবলৈ যাওঁ তেনেহ’লে তাৰ মাৰ্কেট ভেল্যুটো আমি নেপাওঁ। কিন্তু বাঁহ যদি আমি খেতি হিচাপে কৰোঁ তাৰ দ্বাৰা যথেষ্ট লাভাবান্বিত হ’ব পৰা যায়। লগতে খেতি কৰিলে বাঁহৰ বিভিন্ন ব্যৱহাৰো দেখা যায়। আজিকালি তেলখাদসমূহত বাঁহ লাগে, খহনীয়া প্ৰতিৰোধৰ কাৰণে লাগে, বাঁহৰ পৰা আজিকালি বিভিন্ন সামগ্ৰী প্ৰস্তুত হয় আৰু এই সামগ্ৰীসমূহ বাহিৰত ৰপ্তানি হৈছে। গতিকে মই ভাবোঁ এইধৰণৰ কামবোৰ নকৰি মই যদি তথাকথিত সমাজ ব্যবস্থাৰ দিশে দিশে গৈ থাকিলোঁহেঁতেন কিছু ব্যৱস্থাত তেতিয়া বোধহয় মই আজি এই কষ্টখিনি বা এই কামটো কৰিবলৈ যাওঁতে যিখন সমাজ পাইছোঁ. সেইখন নাপালোঁহেঁতেন। কেতিয়াবা যদিও ভুল কৰিছোঁ যেন লাগে আকৌ এনেকুৱা লাগে যে পৃথিৱীত ইমানবোৰ মহৎ ব্যক্তি আছে, লোক আছে সেইসকলে দেখোন ত্যাগ কৰি কষ্ট কৰি ভাল কামেই কৰি থৈ গৈছে। গতিকে তেওঁলোকেও হয়তো কেতিয়াবা নিজৰ সিদ্ধান্তত ভুল হৈছে বুলি ভাবিছিল, কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকৰ সিদ্ধান্ত কেতিয়াও ভুল নাই হোৱা। হতাশাত কেতিয়াবা ভোগাবলৈ কোনোবাই চেষ্টা কৰোৱাই আচলতে। কিন্তু হতাশাটো মই নিজে দূৰ কৰো পেলাওঁ আৰু যথেষ্ট কাম কৰোঁ।

সাহিত্য ডট অৰ্গ : বৰ্তমান আপোনাৰ প্ৰতিষ্ঠানত কিমানজন লোক কৰ্মৰত?

মোহন শইকীয়া : এতিয়া অস্থায়ীভাবেহে কাম কৰোৱা হয়। ৫জন মানে কাম কৰে। বাকী ৬-৭জনমানে নিজাববীয়াকৈ এটা ইউনিট চলাই আছে। বাহিৰে-ভিতৰে এশৰ পৰা এহেজাৰমান মানুহ উপকৃত হৈছে।

সাহিত্য ডট অৰ্গ : বিভিন্ন চাইনীজ বা বাহিৰৰ সামগ্ৰীয়ে আপোনাৰ সামগ্ৰীৰ বজাৰক ক্ষতিগ্ৰস্থ কৰিছে বুলি আপুনি ভাবে নেকি?

মোহন শইকীয়া : ক্ষতিগ্ৰস্থ নিশ্চয় কৰিছে এইকাৰণে যে চীনৰ যিটো বাঁহৰ সামগ্ৰী, তেওঁলোকৰ যি পদ্ধতি সেই পদ্ধতিটোক মই ভাবোঁ আমাৰ ভাৰতেই নহয় পৃথিবীৰ প্ৰায়বিলাক দেশেই স্বীকাৰ কৰিব লাগিব। চীনে বাঁহৰ ওপৰত যিখিনি কাম কৰিছে সেইখিনি ব্যাপক ধৰণে কৰিছে আৰু চীনে গোটেই বিশ্বতে এখন বহল বেহা পাতিছে। যি বজাৰত আন দেশ তিস্থিব পৰাটো কঠিন।

সাহিত্য ডট অৰ্গ : এই শিল্পৰ ভবিষ্যতক লৈ আপুনি আশাবাদী নে?

মোহন শইকীয়া : ভবিষ্যতক লৈ আশাবাদী এইকাৰণে যে শিক্ষিতৰ হাৰ বাঢিছে, দেশৰ জনসংখ্যা বাঢ়িছে, কিন্তু তাৰ অনুপাতে কৰ্মসংস্থান কমিছে। গান্ধীজীয়ে এসময়ত কৈছিলে যে ঘৰুৱা উদ্যোগটো বন্ধ হৈ গ’লে কোনোবা যদি বৰ্হিৰাষ্ট্ৰ বা নিজৰ দেশতে যদি এডভান্স টেকন’লজিটো বহুল ভাবে প্ৰচলিত হয় তেতিয়াহ’লে জনসাধাৰণৰ কৰ্মসংস্থানটো নাইকিয়া হ’ব। সেইটোকাৰণে এতিয়া মানুহবিলাকে ঘৰুৱা উদ্যোগৰ কথাবোৰ নতুনকৈ ভাবিছে।

আমাৰ ইয়ালৈকে বহুত মানুহ আহে, তেওঁলোকে আমাক যিমান বস্তু বিচাৰে- বাঁহৰ চোফা, ডিভান, দাইনিং – এই বস্তুখিনিয়েই যদি আমি ভালকৈ সজাই দিব খোজাঁ তাতো আমাৰ শিল্পী বা কৰ্মীৰ অভাৱ। এইটো কাৰণে অসমত এনেকুৱা হ’বগৈ যে অমি এই কামটো কৰিবৰ কাৰণেও এটা স্থল, কাম কৰাৰ যিটো সুবিধা, এখন বজাৰ, এটা ঘৰ, ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমি অলপ চিন্তা কৰিব লাগিব।

আগতে যেনেকৈ গুমটি দোকান কৰিয়েই এখন ডাঙৰ ব্যবসায়ী প্ৰতিষ্ঠান কৰিছে, ঠিক এই কামবিলাক কৰি যেতিয়া এখন এখন ৰাজ্যত কোনোবা কোনোবা জিলাভিত্তিক ভাল ভাল কিছুমান উদ্যোগী আগবাঢ়ি এটা উদ্যোগ লৈছে, তেওঁলোকে বিদেশলৈ বস্তু পঠিয়াইছে, নেচনেল লেভেলত মাৰ্কেট কৰিছে, ঘৰৰ পৰা ভালকৈ তাত এস্কপৰ্ট কৰিছে, ইমপৰ্ট কৰিছে, এইবিলাক কৰিবৰ কাৰণে আমাৰ যি জ্ঞান, সেই জ্ঞান আমাৰ কম। বৰ্তমান গাঁও অঞ্চলতো ল’ৰা-ছোৱালী শিক্ষিত হৈছে, তেওঁলোকে অসমীয়া মিডিয়াম বা ইংৰাজী মিডিয়াম লৈ বিশেষ বিষয় এটাত গ্ৰেজুৱেট হৈছে, কিন্তু সমাজখন চলাব পৰাকৈ গ্ৰাম্য-অৰ্থনীতি বা এই যিবিলাক ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে যিখিনি কাম কৰিব লাগে, কষ্ট কৰিব লাগে, ভুগিব লাগে, সেইখিনিৰ কাৰণে আমাৰ শিক্ষিত প্ৰজন্মটোক সেই ক্ষেত্ৰত এটা বিশেষ কোৱালিটি লাগিব যিটোত সমাজখনক বিশ্ববিদ্যালয় হিচাপে লৈ অধ্যয়ন কৰি ল’ব পাৰে। তেতিয়া দেখিব যে সেই মানুহখিনিয়ে ওলাই আহি এখন বজাৰ ধৰিব। তেতিয়াহে আমি সঠিক ৰূপত আগুৱাই যাব পাৰিম।

সাহিত্য ডট অৰ্গ : আপোনাৰ সামগ্ৰী বাহিৰলৈ ৰপ্তানি হয়নে?

মোহন শইকীয়া : বাহিৰৰ দেশৰ মানুহবোৰ আহিলে, প্ৰদৰ্শনীবিলাক হ’লে তেনেকৈ দুই-চাৰিবিধ বস্তু নিয়ে, সৰহকৈ বিচাৰিলে পুঁজিৰ অভাবৰ কাৰণে আমি বিদেশলৈ ৰপ্তানী কৰিব পৰা নাই। সৰু-সুৰা সামগ্ৰী যেনে ফণী, কলম, পেটী, ইত্যাদি বিলাক সামগ্ৰী বিদেশলৈ যোৱাটো বাদেই দিয়ক আমি থলুৱাভাবেই যদি বিক্ৰী কৰিবলৈ বস্তুখিনি প্ৰস্তুত কৰোঁ তেতিয়াও আমাৰ অসুবিধাই হৈ গৈছে।

সাহিত্য ডট অৰ্গ : আপোনাৰ কৰ্মজীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত?

মোহন শইকীয়া : ভাল মুহূৰ্তও আছে। কাম কৰি যেতিয়া অত্যন্ত কষ্ট পোৱা যায়, যেতিয়া কোনোবা মানুহে ঠগে সেইবোৰো একপ্ৰকাৰৰ স্মৰণীয় মুহূৰ্ত বুলি ক’ব পাৰি। এবাৰ এজন মানুহে বিহুৰ দিনতে এখন চকী সাজিবলৈ দিলে। মই সাজিলোঁ। তেওঁ গাড়ীত চকীখন লৈ গ’ল আৰু ক’লে বিহুৰ উৰুকা দিনা বজাৰ হ’ব আৰু মই বজাৰ কৰিব পৰাকৈ পইচা দি যাম। মই বাট চাই আছিলোঁ যে তেওঁ পইচাকেইটা দিব আৰু মই বিহু বজাৰ কৰিম। মানুহজন নাহিল, খবৰ-খাটিও নকৰিলে। মোৰো বিহুৰ বজাৰ কৰা নহ’ল। তেনেকৈয়ে ঠগিছে। তেনেকুৱাকৈয়ে বহু মুহূৰ্ত আছে যেতিয়া ৰাতিপুৱালৈকে কাম কৰিবলগীয়া হৈছে। হ’লেও জীৱনৰ প্ৰতিটো মুহূৰ্ত মানুহৰ কাৰণে গৌৰৱময়। প্ৰতিটো মুহূৰ্তই কাৰোবাৰ কাৰণে আনন্দময়, কাৰোবাৰ বাবে দুখময়। তাৰ মাজতেই আচলতে জীয়াই থকাৰ যিটো সোপান এইটোৱেই আটাইতকৈ গৌৰবময় বুলি ক’ব লাগিব।

সাহিত্য ডট অৰ্গ : আপোনাৰ শিল্পক বিশ্বদৰবাৰলৈ নিবলৈ কিবা প্ৰচেষ্টা আপুনি হাতত লৈছেনে?

মোহন শইকীয়া : মই ব্যক্তিগতভাবে যিখিনি কাম কৰিছোঁ, এই কামখিনি কৰি থকাৰ মাজতেই ইয়াৰ পৰা যিখিনি বস্তু বাহিৰলৈ গৈছে, বাহিৰৰ মানুহ আহিছে, এস্কপ’জাৰ পাইছোঁ, সেইটো কাৰণে মই ভাবিছোঁ ইয়াৰ যিটো দৰ্শন, ইয়াৰ যিটো প্ৰচেচ, এই বাণিজ্যৰ যিটো আমাৰ গ্ৰামাঞ্চলৰ, অসমৰ, বকতাৰ বা শিৱসাগৰৰ বাঁহ শিল্পৰ যি পদ্ধতি তাক ভিতৰৰ পৰা উলিয়াই আনি যিখিনি কৰা হৈছে, সেইখিনি কৰাৰ কাৰণে আজি ফ্ৰান্স, জাপান, অষ্ট্ৰেলিয়া, চীনৰ পৰা বিভিন্ন দেশৰ বিভিন্ন সমাজৰ মানুহ আহিছে, প্ৰবক্তাসকল আহিছে, ছাত্ৰ-ছাত্ৰীসকল আহিছে। ইতিমধ্যে বস্তুটো বিশ্বায়নৰ মাজলৈ গুছি গৈছে। এইখিনি কৰিবলৈ হ’লে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম, তেওঁলোকে এই বিষয়ত ডিগ্ৰী ল’ব পাৰে। ডেৰাডুনত এনেকুৱা ক’ৰ্ছ কৰিব পাৰে, ত্ৰিপুৰাত এনেকুৱা এটা ইনষ্টিটিউট আছে, আহমদাবাদত আছে। উঠি অহা চামৰসকলে যদি গতানুগতিক শিক্ষা পদ্ধতিটোৰে গৈ থকাৰ সলনি এনে শিক্ষা পদ্ধতি গ্ৰহণ কৰে পাছলৈ নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব।

সাহিত্য ডট অৰ্গ : এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ পৰা কেনে ধৰণৰ সহযোগিতা পাইছে?

মোহন শইকীয়া : মই ৰাতিপুৱা ঠাণ্ডা পানী এগিলাচ খায়েই কামত ধৰোঁ, তাৰ পিছত তাতেই চাহকাপ দিয়ে। বাকী ঘৰৰ অন্যান্য কামখিনি ছোৱালী দুজনী আৰু মাকে কৰে। ছোৱালী দুজনীয়ে পঢ়ি আছে আৰু মাকৰ সৰু এটা চাকৰি আছে। তাৰ মাজত মোক অভাব-অসুবিধা নোপোৱাকৈয়ে মোক সহযোগ কৰে কাৰণেই মই এইখিনি কৰিব পাৰিছোঁ।

সাহিত্য ডট অৰ্গ : বিদায় লোৱাৰ আগতে বিহুৰ প্ৰাক-মুহূৰ্তত আপুনি আমাৰ ৰাইজক কি ক’ব৷

মোহন শইকীয়া : অত্যন্ত আনন্দত মতলীয়া হৈ নিজক পাহৰি, নিজৰ সংস্কৃতিক পাহৰি আমি কেৱল আনন্দ উপভোগ কৰিলেই নহ’ব। আনন্দও কৰিব লাগিব আৰু নিজৰ সংস্কৃতিকো জীয়াই ৰাখিব লাগিব। তাৰ মাজত যাতে দুষ্কৃতিয়ে ঠাই নেপায় বা দুষ্কৃতিয়ে আহি আমাৰ আচল সংস্কৃতিক, কৰ্মক ঢাকি থৈ সেই উপৰুৱা সংস্কৃতিকে কৰ্ম-সংস্কৃতি হিচাপে লৈ আমাৰ মানুহখিনি ভোল নেযায় বা বিপথেও যাতে নাযায়। তাৰ কাৰণে মই অকল অসমীয়া জাতিটোকে নহয় আমাৰ অসমীয়া সমাজ, সকলো জাতি-জনগোষ্ঠী, বিশ্বৰ প্ৰত্যেকজন মানুহকে সংস্কৃতি ব্যৱস্থাৰ মাধ্যমেৰে এটা অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ প্ৰত্যেকে বিশ্বখনক সুন্দৰ কৰিবৰ কাৰণে মনটোক নতুনকৈ ধুৱাই-পখলাই থিৰ কৰি ল’ব পাৰে। এই আপাহতে আপোনালোকলৈও মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, শুভেচ্ছা আগবঢ়ালোঁ আৰু অসমীয়া নতুন বৰ্ষই যাতে নতুনৰ প্ৰতিটো ক্ষণকে নতুন ৰূপত ডাঙৰ-দীঘল কৰি বিশ্বায়নৰ ক্ষেত্ৰলৈ আকৌ যাব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
7 years ago

Good article. I wish Xahitya.org’s bright future.